কবিতা সম্পৰ্কে আমাৰ মনোভাৱ অত্যন্ত সৰল । আমি কবিতাত গৱেষণাৰ দৰে থিয়’ৰি নিবিচাৰো । অৱশ্যে এয়া আমাৰ ব্যক্তিগত মতামত । কিন্তু তাৰ অৰ্থ এইটো নহয় যে কবিতা গৱেষণা নহয় । কবিতাত কাহিনীৰ পৰিৰ্ৱতে আমি বিচাৰি ফুৰো এক সৰলীকৃত জাগতিক উপলব্ধি । এই উপলব্ধিয়ে কাহিনীৰ দৰে পৰিধি মানি নচলে । বৰঞ্চ পৰিধিৰ ঊৰ্ধলৈ গৈ পাঠকক সত্যৰ সৈতে মুখামুখি কৰায় ।
উত্তৰ আধুনিক জটিল প্ৰেক্ষাপটত পৰিধিক চেৰাই, আৱেগক ৰাজনৈতিক ভাৱে প্ৰকাশ কৰাটো কবিতাৰ বাবে এক গধুৰ প্ৰত্যাহ্বান । কিন্তু এনে প্ৰত্যাহ্বানবোৰকো উত্তৰ পূৰ্বাঞ্চলৰ বহুতো কবিয়ে নিজৰ কবিতাৰ মাধ্যমেৰে তুলি ধৰাৰ দুঃসাহস কৰি আছে । এনে দুঃসাহসবোৰৰ সাহিত্যিক মূল্যৰ লগতে ঐতিহাসিক মূল্যও যথেষ্ট বেছি । বৰ্ণালী বৰগোহাঁইৰ 'জুইখেল' তেনে কিছু ঐতিহাসিক স্বীকাৰোক্তিৰ শক্তিশালী কাব্যপাঠ ।
মায়া এঞ্জেলোৰ কবিতাৰ মাজেৰে প্ৰকাশ পোৱা নাৰীবাদৰ সুদূৰপ্রসাৰীতা বৰ্ণালী বৰগোহাঁইৰ কবিতাৰো এক প্ৰায়োগিক সত্য । পাৰ্থক্য মাথোঁ ইমানেই যে বৰগোহাঁইৰ কবিতাই ধৰি ৰখা নাৰীবাদৰ যথাৰ্থতাই বহল পৰিসৰলৈ যাবলৈ আৰু কিছু কঠোৰ সন্ধানক খামুচি ধৰিব লাগিব । অৱশ্যে ইতিমধ্যে তেওঁৰ কবিতাই তৃতীয় বিশ্বৰ নাৰী সমাজৰ সেই ফচল বিচাৰি পাইছে । সেয়ে তেওঁ ক'ব পাৰিছে -
পানীৰ কোনো ৰং নাথাকে নাৰীৰ দৰে
নে নাৰীৰ কোনো ৰং নাথাকে পানীৰ দৰে
পানী আৰু নাৰীৰ এই তুলনা কবিৰ ব্যক্তিগত প্ৰতীকৰ পৰা সামাজিক প্ৰশ্নবোধকলৈ পৰিণত হৈছে । এনে সৰল ব্যাখ্যাৰ জটিল অভিধাৰণাৰে উত্তৰ আধুনিক নাৰী সমাজ সদায়ে জৰ্জৰিত । কিন্তু ইয়াক কবিয়ে কেৱল যন্ত্ৰণাৰ নাম দিব খোজা নাই । 'নাৰী' শীৰ্ষক কবিতাটোৰ অন্য এটা স্তৱকে সেয়ে কৈছে-
মই নাৰী
তিনিটা কালৰ জন্মদাত্ৰী
মই ফল্গু হৈ সৰো
ধোঁৱা হৈ উৰো
কেনেকৈ তুমি মোৰ নাম দিলা পাটীৰ তিৰোতা
এই প্ৰতিবাদী আস্ফালনৰ বাবেই বৰ্ণালী বৰগোহাঁইৰ কবিতাই সাধাৰণ যেন লগা অৰ্থকো ন শক্তি আৰু সম্ভাৱনাৰে মূৰ্ত কৰি তুলিব পাৰিছে । কবিয়ে পাতনিৰ একেষাৰতে লিখিছে, 'মই নিজকে কবি বুলি বিশ্বাস কৰোঁ । সেই বাবেই কবিতা লিখোঁ ।' কবিৰ এই আত্মবিশ্বাস তেওঁৰ কবিতাৰো আত্মবিশ্বাস হৈ ধৰা দিছে । আমাৰ দৃষ্টিত সেয়ে কবিৰ কবিতাত পৰীক্ষা - নিৰীক্ষাতকৈ আত্মীয়তা আৰু একাত্মতা বেছি । সেয়ে তেওঁ ক'ব পাৰিছে, 'কবিতাবোৰক কেতিয়াও গৱেষণাগাৰত তুলি দিয়া নাই । শব্দৰ শাৰীবোৰক টুকুৰা টুকুৰকৈ কাটি চোৱা নাই । চাব নোৱাৰোঁ । কাৰণ কলিজাৰ তেজেৰে কবিতাবোৰক জীয়াইছোঁ।' কবিৰ এই স্বীকাৰোক্তিয়ে ঠিক লীৱিচৰ কথা এষাৰিলৈ মনত পেলাই দিয়ে, words in poetry invite us not to 'to think about' and judge, but to 'feel into' or 'became' to receive complex experience that is given in words.
'জুইখেল'ৰ অধিকাংশ কবিতাতে সেয়ে পাঠকে বিচাৰি পাব পাৰে সেই জাগতিক স্বীকাৰোক্তিবোৰ - যিবোৰক বাহ্যিকভাৱে আমি কেৱল স্পষ্টীকৰণ বুলি ভুল কৰি থাকো । কবিৰ কল্পনাত বাহ্যিকতা হৈ উঠিছে আভ্যন্তৰীণ বাস্তৱবাদী আৰ্হি -
মই কল্পনা কৰোঁ
বাস্তৱৰ মাটিত গজি উঠা সপোন
মই বিচাৰোঁ
মোৰ মাজত এনে একো নাথাকক
যি কেৱল মোৰ
- আন্ধাৰবোৰ পোহৰাই তোলা
কবিৰ এই পৰিভাষা যে বাস্তৱিক প্ৰভাৱৰ পৰা বিচ্ছিন্ন নহয়, সেই কথা প্ৰমাণিত হৈছে তেওঁ ব্যক্তিতন্ত্ৰৰ পৰা সামাজিকলৈ গৈ থকা বাটটোৰ মাজেৰে । এনে স্বগতোক্তিয়ে সমাজ সমালোচনাৰো দৃষ্টান্ত দাঙি ধৰে । উল্লেখযোগ্য যে উত্তৰ আধুনিক সময়ে কোনো স্বীকাৰোক্তিকে কেৱল কৰোঁতাজনৰ ব্যক্তিগত সত্তাৰ অংশীদাৰীত্বত বন্দী নকৰে । এনে ক্ষুৰধাৰ ভূমিকাৰ বাবে এনে সময়ৰ অৱস্থানক লৈ কবিৰ যি চেতনা সেয়া বোধকৰোঁ প্ৰতিজন নাগৰিক জীৱনৰে চৰম ট্ৰেজেডী । উপৰুৱা বাস্তৱৰ পৰিৱৰ্তে বৰ্ণালী বৰগোহাঁইৰ কবিতাত ফুটি উঠা এই প্ৰস্তাৱনাই জীৱনৰ পুনৰ আৱিষ্কাৰৰ একোটা বাট মুকলি কৰিছে । যি বাটৰ পিছত আমি আটায়ে দৌৰো- কিন্তু যি বাটৰ কোনো খোদিত উপলব্ধিক মধ্যবিত্তীয় ভংগিমাৰ ঊৰ্ধলৈ গৈ চাবলৈ ৰাজী নহওঁ। এনে কস্ম'পলিটান চেতনাৰ নিৰ্মোহ বিশ্লেষণে বৰ্ণালী বৰগোহাঁইৰ কবিতাক কাৰুণ্যৰ বিপৰীতে জীৱন দৰ্শনৰ গভীৰ আয়তনলৈ পৰিণত কৰিছে ।
সংকলনখনৰ শেষৰটো কবিতা 'জুইখেল' জটিল ৰাজনৈতিক জীৱনৰ অন্তৰ্দ্বন্দ্বত ঠন ধৰি উঠা এক প্ৰভাৱশালী অৱতাৰণা । পুঁজিবাদী ৰাষ্ট্ৰব্যৱস্হাত 'খেল' ৰ প্ৰসংগ সেই পুৰাতন ধাৰণাৰে এক নব্য গঠিত ৰূপ - য'ত কোন কেতিয়া কাৰ চিকাৰ আৰু কোন কেতিয়া দৰ্শক তাক নিৰ্ধাৰণ কৰাটো খুবেই কষ্টকৰ । কিন্তু ' উশাহৰ বিৰুদ্ধে উশাহৰ যুদ্ধ' চলোৱা এই 'জুইখেল'ৰ ইমেজবোৰ পাঠকৰ বাবে অতি চিনাকি । ইয়াৰ মাজত কবিৰ কৃতিত্ব ইয়াতেই যে তেওঁৰ পৰিভাষাই 'নাটক' আৰু 'জুইখেল'ৰ পাৰ্থক্যক একেটা কবিতাতে তুলি ধৰিবলৈ সক্ষম হৈছে -
মই জানো
পুৰি যোৱা মানেই ছাই নহয়
মই জানো
জুইবোৰ নিজৰ গাত নলগালৈকে
মানুহবোৰে তাক জুইখেল বুলিয়ে কয়
- জুইখেল
জুই এক পুৰাতন ইমেজ হোৱা স্বত্বেও ইয়াৰ থলুৱা ভাবাৰ্থত মূৰ্ত হৈ উঠা বহিঃপ্ৰকাশে কবিতাটোক এক প্ৰতিবাদী গতিশীলতা প্ৰদান কৰিছে । জ্বলি যোৱা মানুহ এজনৰ শৰীৰৰ প্ৰত্যক্ষদৰ্শী এখন চহৰে আচলতে কিহৰ উত্তৰ দিব পাৰে? ক্ষমতাৰ নে শাসকীয় নেতাসুলভ কূটনীতিৰ? এনে প্ৰশ্নবোৰ পুঁজিবাদী ৰাষ্ট্ৰই নিজৰ সপক্ষে ঘনাই ব্যৱহাৰ কৰা সময়ত সাহিত্যৰ ভূমিকাৰ প্ৰতিও প্ৰশ্ন উত্থাপন হয় ।
সাহিত্যই আচলতে কাৰ কথা কোৱা উচিত? কাৰ পক্ষ লোৱা উচিত? কাৰ বিৰুদ্ধে গৰ্জন কৰা উচিত? কোনো সন্দেহ নাই যে বৰ্ণালী বৰগোহাঁইৰ কবিতাই সেই প্ৰশ্নৰ উত্তৰ ইতিমধ্যে বিচাৰি পাইছে । তেওঁ কোৱাৰ দৰে তেওঁ য'ত আছে কবিতাবোৰো তাতেই আছে । এই যে কবিতা আৰু তেওঁ পৃথক নহয় - তাতেই ৰাজনৈতিক বিচক্ষণতাৰে সাহিত্য অনুশীলনৰ মূল অৰ্থ খোদিত হৈ আছে ।
প্ৰকাশ : মনৰ খবৰ, মে', ২০১৮