Saturday 26 September 2020

ছোৱালী কলেজ আজিও প্ৰাসংগিক নে ?

  

এদিন এগৰাকী ছাত্ৰীৰ মুখত শুনিলো ছোৱালী কলেজবোৰৰ বৰ্তমান প্ৰাসংগিকতা আছে বুলি আপুনি ভাবেনে ? এই প্ৰশ্নই মোক নব্বৈ দশকৰ এটা বিবাহ সম্পৰ্কীয় বিজ্ঞাপনৰ চৰ্তৰ কথা মনত পেলাই দিছিল ৷ চৰ্তটো আছিল – “Girls from JNU, LSR and Miranda House need not apply” I এই এটা চৰ্তই সেই সময়ৰ ছোৱালী শিক্ষাৰ প্ৰতি থকা ধাৰণা সম্পৰ্কে আপোনাক জোকাৰি যাব পাৰে ৷ মোৰ ছাত্ৰী গৰাকীৰ প্ৰশ্নটোৰ উত্তৰ সেয়ে এটা মাত্ৰ শব্দৰে দিয়াটো মোৰ বাবে যথেষ্ট নাছিল ৷ 

 ইতিহাসে কয় একৈশ শতিকাত আমাৰ দেশত যিবোৰ স্বাধীন আৰু মুক্ত চিন্তাৰ অনুষ্ঠান আৰম্ভ হৈছিল তাৰ ভিতৰত মহিলা কলেজবোৰৰ স্থান আটাইতকৈ উল্লেখনীয় ৷ এনি বেচান্ত, ইচাবেলা থবাৰ্ন, ডৰথি দি লা হে- এওঁলোকে দেখা সপোনটোৰ আগ্ৰহতে ভাৰতত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিল ছোৱালী শিক্ষানুষ্ঠান ৷ সেয়াও মিছনেৰীসকলৰ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য় সফল কৰাৰ স্বাৰ্থত ৷ 

গুণাভিৰাম বৰুৱাৰ জী ‘স্বৰ্ণলতা’ক আধাৰ কৰি ৰচিত একে নামৰ উপন্য়াসত যেতিয়া স্বৰ্ণলতা কলিকতাৰ বেথুন কলেজৰ ছাত্ৰী হৈছিল, উপন্য়াসখন পঢ়ি থাকোতে আমাৰ মনলৈও এক স্বস্তি আহিছিল ৷ বামুণৰ ঘৰৰ জীক বাৰ-তেৰ বছৰতে বিয়া দিয়াৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে নিজৰ জীক শিক্ষিত কৰাৰ সাহস কৰিছিল গুণাভিৰাম বৰুৱা আৰু তেওঁৰ পত্নী বিষ্ণুপ্ৰিয়া দেৱীয়ে ৷ তিলোত্তমা মিশ্ৰই লিখা উপন্য়াসখনৰ পাতৰ পৰাই এই কথা বুজিব পাৰি –

“গুণাভিৰামে ‘অৰুনোদই’ৰ পাঠকসকলক বুজাবলৈ চেষ্টা কৰিছিল যে ছোৱালীক পঢ়িবলৈ নিদিয়া কু-প্ৰথাটোৰ অচিৰে অন্ত পেলাব নোৱাৰিলে অসম দেশৰ কেতিয়াও উন্নতি নহয় ৷” 

আনন্দৰাম বৰুৱা, গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা – এই তিনিওজনে ‘অৰুনোদই’,  ‘জোনাকী’, ‘বাঁহী’, ‘আসাম বন্ধু’ ত ছোৱালী শিক্ষাক লৈ যথেষ্ট আলোচনা কৰিছিল ৷ যাৰ বাবে তেওঁলোকে সমাজৰ লাঞ্চনাও ভূগিছিল ৷ ১৯০৪ চনত জোনাকীত প্ৰকাশিত এক প্ৰবন্ধত কোৱা হৈছিল যে “ইতিহাসে দেখুৱাই গৈছে পৃথিৱীৰ কোনো সভ্য়তাৰ বিকাশ মহিলাৰ অবিহনে সম্ভৱ হোৱা নাই… শিক্ষিত মাতৃৰ শিশুৰহে ভৱিষ্য়ত থাকে, অশিক্ষিত মাতৃৰ শিশুক শিক্ষিত কৰাটো কষ্টকৰ ৷” 

যদিওবা উক্ত আলোচনীবোৰত ছোৱালী শিক্ষাৰ প্ৰসংগ বেছিভাগ পুৰুষে উত্থাপন কৰিছিল, কিন্তু বেছিভাগৰে ছোৱালী শিক্ষা প্ৰচাৰৰ উদ্দেশ্য়ৰ আঁৰত আছিল শিক্ষিত পুৰুষৰ বাবে উপযুক্ত জীৱন সংগী গঢ়ি তোলা ৷ এনে কাৰণতে জোনাকীত ফণীন্দ্ৰনাথ গগৈয়ে লিখিছিল –“যদিও মই ছোৱালী শিক্ষাৰ সপক্ষে, কিন্তু বৰ্তমানৰ শিক্ষা ব্য়ৱস্থাটোক মই সমৰ্থন নকৰো ৷ ছোৱালীয়ে যদি পুৰুষৰ সমানে সমানে বি.এ, এম.এ পাছ কৰে তেন্তে তেওঁলোক স্বামীৰ প্ৰতিযোগীহে হ’ব ৷ ছোৱালীক পুৰুষৰ দৰে শিক্ষাৰ প্ৰয়োজন নাই, কাৰণ তেনে শিক্ষাই ভালতকৈ বেছি বেয়াহে কৰিব ৷” 



এই চিন্তাসমুহ পাৰ কৰি ছোৱালীক মিছনেৰী স্কুললৈ পঠোৱা অথবা বেথুন কলেজৰ হোষ্টেলত ৰখা ইমানো সহজ নাছিল উচ্চ মধ্য়বিত্তীয় শিক্ষিত উদাৰ অসমীয়াৰ বাবে ৷ কিন্তু তেওঁলোকে যদি তাহানিৰ দিনতে এই কামটো নকৰিলেহেঁতেন, তেন্তে আজিৰ তাৰিখত ছোৱালী শিক্ষাৰ কথা ইমান মুকলিকৈ পাতিবলৈ আমি এখন মঞ্চ নাপালোহেঁতেন ৷ 

১৯ শতিকাতে ভাৰতত ছোৱালী শিক্ষাৰ অধিকাৰৰ সমৰ্থনত এক আন্দোলন আৰম্ভ হৈছিল ৷বিশেষকৈ বিধৱা বিবাহৰ সপক্ষে কৰা আন্দোলন, বাল্য় বিবাহৰ বিপক্ষে হোৱা আন্দোলন তথা স্বাধীনতা সংগ্ৰামত মহিলাৰ অংশগ্ৰহনে ছোৱালী শিক্ষাৰো গুৰুত্ব বঢ়াবলৈ ধৰিছিল ৷ তাৰ ফলতে কলিকতাত ১৮৭৯ চনত স্থাপন হৈছিল দেশৰ প্ৰথমখন ছোৱালী শিক্ষানুষ্ঠান ৷ প্ৰতিষ্ঠাপক জন বেথুনৰ নামেৰে উক্ত কলেজৰ নাম হৈছিল ‘বেথুন কলেজ’ ৷ বেথুন কলেজে আৰম্ভ কৰিছিল ছোৱালী শিক্ষাৰ এক এতিহাসিক আৰু বৈপ্লৱিক যাত্ৰা ৷ কিন্তু তাতো সকলো ধৰ্মৰ, সকলো শ্ৰেণীৰ প্ৰতিনিধিৰ যোগদান সম্ভৱপৰ হোৱা নাছিল ৷ সহজে গ্ৰহণযোগ্য় নহ’লেও বেথুন কলেজৰ আৰম্ভণিয়ে ঠায়ে ঠায়ে নতুন চিন্তাৰ জন্ম দিছিল ৷ নতুন চিন্তাই দিছিল নতুন সাহস আৰু নতুন আলোচনাৰ উৎসও ৷ বেথুন কলেজৰ পৰাই শিক্ষা লাভ কৰা কাদম্বৰী গাংগুলী আছিল সমগ্ৰ দক্ষিণ এছিয়াৰ প্ৰথম গৰাকী মহিলা চিকিৎসক ৷ এই কলেজৰ পৰাই শিক্ষা লাভ কৰা চন্দ্ৰামুখী বসু আছিল দক্ষিণ এছিয়াৰ ভিতৰতে স্নাতক পৰ্যায়ৰ দায়িত্বভাৰ গ্ৰহণ কৰা প্ৰথম গৰাকী অধ্য়ক্ষ ৷ এই বেথুন কলেজৰ সৈতে অসমৰ ছোৱালী শিক্ষাৰো এক সম্পৰ্ক আছিল ৷ ১৮৮২ চনত হান্টাৰ কমিচনে অসমতো উচ্চ শিক্ষাৰ বাবে কিছু পৰিমাণৰ বৃত্তিৰ যোগান ধৰিছিল ৷ যদিওবা তাৰ বিপৰীতে প্ৰাথমিক বিদ্য়ালয় উত্তীৰ্ণ হোৱা ছাত্ৰীৰ সংখ্য়া আছিল নগন্য় ৷ ১৮৮৮ চনত নগাওঁৰ পৰা এগৰাকী ছাত্ৰীয়ে প্ৰাথমিক শিক্ষাত মেধাৰে উত্তীৰ্ণ হৈ মাহিলি ২০ টকা ছাত্ৰ বৃত্তিৰে বেথুনত পঢ়াৰ বাবে নিৰ্বাচিত হৈছিল ৷ 

ইয়াৰ পাছৰ পৰাই মিছনেৰীসকলৰ উদ্য়োগতে সমগ্ৰ দেশতে ছোৱালী শিক্ষাক লৈ এক সচেতনতাৰ প্ৰসাৰ হৈছিল ৷ কিন্তু তাৰ আঁৰত দেশৰ এক শ্ৰেণীৰ মানুহৰ ছোৱালী শিক্ষাৰ প্ৰয়োজনতাৰ প্ৰতি এক দৃঢ় সমৰ্থন আছিল ৷ লক্ষ্ণৌৰ আমিনবাদৰ এটা সৰু কোঠাত ইচাবেলাই আৰম্ভ কৰিছিল ছোৱালী শিক্ষাৰ এখন বিদ্য়ালয় ৷ ১৮৮৬ চনত এই সৰু বিদ্য়ালয়খন পৰিণত হৈছিল এখন কলেজলৈ ৷ নাম ইচাবেলা থব্ৰান কলেজ ৷ ইচাবেলাৰ আদৰ্শ অনুসৰণ কৰি চেন্নাইত ডৰ’থি দি লা হাই দেশৰ তৃতীয়খন ছোৱালী শিক্ষানুষ্ঠানৰ জন্ম দিছিল – কুইনচ মেৰিজ কলেজ ৷ এই কলেজেই পাছলৈ মাদ্ৰাজ ছোৱালী কলেজ হিচাপে পৰিচিতি লাভ কৰে ৷ 

দেশত ছোৱালী শিক্ষাৰ আঁত ধৰা আন এগৰাকী প্ৰমুখ্য় ব্য়ক্তি আছিল এনি বেচান্ত ৷  ১৯২৪ চনত তেখেতৰ অনুৰোধতে দিল্লীত আৰম্ভ হয় প্ৰথমখন ছোৱালী কলেজ – ইন্দ্ৰপ্ৰস্থ ছোৱালী কলেজ ৷ দিল্লী বিশ্ববিদ্য়ালয়ে অতি সোনকালে এই কলেজক নিজৰ ভিতৰুৱা কৰে ৷ আজিৰ তাৰিখত দিল্লী বিশ্ববিদ্য়ালয়ৰ অধীনত ২২ খন ছোৱালী কলেজ আছে ৷ উল্লেখযোগ্য় যে ছোৱালী কলেজবোৰৰ  জন্মৰ উদ্দেশ্য় শাৰীৰিক তথা সামাজিকভাৱে পুৰুষৰ পৰা দুৰুত্ব বজাই ৰাখি শিক্ষা প্ৰদান কৰাটো নাছিল ৷ ছোৱালী কলেজ স্থাপনৰ মুখ্য় লক্ষ্য়ই আছিল প্ৰান্তীয় হৈ ৰৈ যোৱা এটা শ্ৰেণীক শিক্ষা লাভৰ সকলো সুবিধাৰে পৰিপূৰ্ণ কৰা ৷ 

১৯৩৬ চনলৈকে অসমত কোনো ছোৱালী কলেজ নাছিল যদিওবা ১৯০১ চনত নামনিত কটন কলেজ আৰু উজনিত ১৯৩০ চনত জগন্নাথ বৰুৱা কলেজ (আৰম্ভণিতে এই কলেজৰ নাম উজনি অসম কলেজ আছিল) আৰম্ভ হৈছিল  ৷ ১৯৩৬ চনত প্ৰথমখন ছোৱালী কলেজ স্থাপন হয় শ্বিলঙত ৷ ১৯৪০-১৯৪১ ৰ ভিতৰত আন তিনিখন ছোৱালী কলেজ – চেইন্ত মেৰী কলেজ, সন্দিকৈ ছোৱালী কলেজ, আৰু চিলেট ছোৱালী কলেজ স্থাপন হোৱাটো অসমৰ ইতিহাসৰ এক বৈপ্লৱিক পৰিক্ৰমা ৷ উল্লেখযোগ্য় যে এই সময়ছোৱাত কোনো ছোৱালী কলেজ নথকাত ১৯২৯ চনত প্ৰথমগৰাকী ছোৱালীৰ এডমিচন হয় কটন কলেজত ৷ নাম সুজাতা ৰয় ৷  কটন কলেজত ১৯৩১-৩২ চনৰ ছয়গৰাকী ছাত্ৰীৰ পৰা ১৯৩২-৩৩ চনত আঠ গৰাকীলৈ বৃদ্ধি পোৱাটোৱে বুজাই যে সেই সময়ত ছোৱালী শিক্ষাৰ জোৱাৰ কেনেকৈ বলিছিল ৷ কিন্তু কটন কলেজ কৰ্তৃপক্ষ তেতিয়াও কোনো ছাত্ৰী নিবাস স্থাপন কৰাৰ প্ৰতি সচেতন নাছিল যাৰ বাবে দূৰৈৰ ছাত্ৰীসকলৰ বাবে ইয়াত শিক্ষা লাভ কৰাটো তেতিয়াও ইমান সহজ নাছিল ৷ এই সমস্য়াটো সেই সময়ৰ পানবজাৰ ছোৱালী স্কুলৰ অধ্য়ক্ষা ৰাজাবালা দাসে হাড়ে-হিমজুৱে উপলব্ধি কৰিছিল ৷ তেওঁৰ আত্মজীৱনী ‘তিনিকুৰি দহ বছৰৰ স্মৃতি’ৰ পৰা গম পোৱা যায় কেনেকৈ ৰাজাবালা দাসে গুৱাহাটীত এখন ছোৱালী কলেজ স্থাপন কৰাৰ সপোন দেখাৰ সাহস কৰিছিল ৷ প্ৰথমতে সেই কলেজৰ ক্লাছবোৰ পানবজাৰ ছোৱালী স্কুলতে আৰম্ভ কৰা হৈছিল ৷ পাছলৈ কলেজৰ বাবে ৰাজাবালা দাসে মাটি পাইছিল ৷ আৰু এনেকৈয়ে গুৱাহাটীৰ মাজ মজিয়াত আৰম্ভ হৈছিল সন্দিকৈ ছোৱালী কলেজ যি ১৯৫৪ চনলৈকে কলিকতা বিশ্ববিদ্য়ালয়ৰ অধীনত আছিল ৷ 

উজনি অসমতো শিক্ষাৰ গুৰুত্ব বহু আগৰ পৰাই বুজি উঠাৰ পৰিৱেশ ৰচনা হৈছিল ৷ ১৮৭২ চনতে কলিকতাৰ প্ৰেচিডেন্সী কলেজৰ পৰা স্নাতক হোৱা জগন্নাথ বৰুৱা আছিল উজনি অসমৰ প্ৰথমজন স্নাতক ডিগ্ৰী লাভ কৰা ব্য়ক্তি ৷ মুৰুলীধৰ বৰুৱাই ককাক জগন্নাত বৰুৱাৰ পৰা লাভ কৰা সম্পত্তিতে আৰম্ভ কৰা হৈছিল উজনি অসমৰ প্ৰথমখন কলেজ ৷ যি পাছলৈ ১৯৩৮ চনত জগন্নাথ বৰুৱা কলেজ হিচাপে পৰিচিতি লাভ কৰিছিল ৷ এই কলেজেই উজনিত ছোৱালী শিক্ষাৰ প্ৰসংগৰ কথা চিন্তা কৰিবলৈ বৌদ্ধিক মহলক সচেতন কৰিছিল ৷ এক দীঘলীয়া পৰ্যায় অতিক্ৰম কৰি ১৯৫৫ চনত ৰায়বাহাদুৰ দেৱীচৰণ বৰুৱাৰ চাৰিজন পুত্ৰই স্বৰ্গীয় পিতৃৰ নামত আৰম্ভ কৰিছিল উজনি অসমৰ প্ৰথমখন ছোৱালী কলেজ – দেৱী চৰণ বৰুৱা ছোৱালী কলেজ ৷ আৰম্ভণিতে এই কলেজৰ ছাত্ৰীৰ সংখ্য়া আছিল লেখতল’বলগীয়া -৫৬ গৰাকী ৷ 

কিন্তু তাৰ পাছতো ছোৱালী কলেজত অধ্য়য়নৰত ছাত্ৰীয়ে যেতিয়া আনৰ পৰা শুনিবলগীয়া হয় – গোটেই কেম্পাছটোত দিনৰ দিনটো ছোৱালী দেখি তুমি ব’ৰ নোহোৱানে? অথবা আজিৰ তাৰিখত অকল ছোৱালীৰ লগত পঢ়িবানে ? তেতিয়াই আমাৰ সমাজখনৰ অন্য় এক নেৰেটিভ সমুখলৈ আহে য’ত ছোৱালী কলেজৰ ছাত্ৰীক এক টেবুলৈ পৰিণত কৰাৰ অহৰ্নিশে প্ৰচেষ্টা চলে ৷ এখন কলেজৰ কেম্পাচ, সামাজিক আনকি একাডেমিক প্ৰেক্ষাপটত ই এক ডাঙৰ প্ৰশ্ন ৷ যিটো পুৰুষতান্ত্ৰিক সমাজ একোখনেই সৃষ্টি কৰে আৰু প্ৰচাৰো কৰে ৷  

এতিয়া উভতি যাওঁ আহক আমাৰ লেখাৰ আৰম্ভণিতে উল্লেখ কৰা নব্বৈ দশকৰ সেই মেট্ৰিম’নিয়েল বিজ্ঞাপনলৈ ৷ কিয় এইধৰণৰ বিজ্ঞাপনক সেই সময়ৰ উচ্চ শিক্ষিত সমাজে প্ৰাধান্য় দিছিল ? যাতে এনে শিক্ষানুষ্ঠানৰ পৰা শিক্ষা লাভ কৰা ছা্ত্ৰীৰ প্ৰশ্ন কৰিব পৰা ক্ষমতা, অন্য়ায়ৰ বিপক্ষে কৰিব পৰা প্ৰতিবাদ, পুৰুষতন্ত্ৰৰ বিপক্ষে ঠিয় হ’ব পৰা সাহস নোহোৱা কৰিব পৰা যায় ৷ যদিও সেই সময়ৰ বহু মেট্ৰিমনিয়েল বিজ্ঞাপনে শিক্ষিত বোৱাৰী বিচাৰিছিল, কিন্তু তাৰ লগতে এনে ধৰণৰ কাঢ়া চৰ্তাৱলী সংযোজন কৰি দিছিল ৷ অৰ্থাৎ এনে বোৱাৰীৰ সপক্ষেহে সেই সমাজ আছিল, যি সন্তানৰ শিক্ষাত গুৰুত্ব দিব পাৰে, সামাজিক অনুষ্ঠানত স্বামীৰ সৈতে সভা শুৱনি কৰিব পাৰে ৷ কিন্তু শেষ মতামত দিব পৰা অধিকাৰ তেওঁৰ নাথাকে ৷  

তেন্তে কিয় আজিৰ তাৰিখতো ছোৱালী কলেজৰ গুৰুত্ব আৰু প্ৰাধান্য় বেছি ? ছোৱালী কলেজে আজিও এনে এচাম আত্ম-বিশ্বাসী, নেতৃত্ব ল’ব পৰা ছাত্ৰীৰ জন্ম দি আহিছে যি বিশ্ববিদ্য়ালয় পৰ্যায়ত বৃহত্তৰ সমাজৰ প্ৰতি থকা দায়িত্বৰ প্ৰতি সচেতন হৈছে ৷ ছোৱালী কলেজৰ কেম্পাছে ছাত্ৰীক সমাজখনৰ পৰা দূৰত্বত ৰাখি শিক্ষা প্ৰদান কৰা নাই ৷ বৰঞ্চ সমাজখনে পৃথক কৰি ৰখা সিদ্ধান্তসমুহৰ প্ৰতি প্ৰশ্ন কৰিবলৈ সাহস দিছে ৷ সেই বাবেই ছোৱালী কলেজৰ স্পেচটো বৃহত্তৰ সমাজৰ পৰা পৃথক বুলি ভবাটো যুক্তিহীন ৷ ছোৱালী কলেজৰ কেম্পাচ মানেই সেয়ে কেৱল সৰস্বতী পূজাৰ উখল-মাখল নহয় ৷ ছোৱালী কলেজৰ ছাত্ৰী মানেই সহানুভূতি আৰু অনুকম্পাত ৰৈ কাৰোবালৈ চাই থকা মুখ নহয় ৷ ছোৱালী কলেজে আজিও এচাম ছাত্ৰীৰ হীনমন্য়তা আৰু পৰিচয়ৰ সংকটহীনতা নোহোৱা কৰাৰ দৰে নিৰৱ আন্দোলনৰ প্ৰতিনিধিত্ব কৰি আহিছে যাৰ বাবে এচাম ছাত্ৰীয়ে আমাৰ সমাজখনৰ সমুখত খোজ কঢ়াৰ জোখাৰে নিজক শক্তিশালী কৰিব পাৰিছে ৷ কেৱল ল’ৰাৰ লগত এটা কেম্পাচ অথবা এটা শ্ৰেণী কোঠা ভগাই ল’লেই সমাজ একোখন পুৰুষতন্ত্ৰৰ পৰা স্বাধীন হৈ নাযায় ৷ যেতিয়ালৈকে সমাজৰ চিন্তন আৰু চেতনাত নাৰীৰ সমান মতামত আৰু সিদ্ধান্ত লোৱাৰ অধিকাৰ নাথাকে, যেতিয়ালৈকে মুখ খুলিব পৰা সামাজিক স্পেচবোৰ খালী হৈ পৰি থকা দেখিও হীনমন্য়তা আৰু সাহসৰ অভাৱত ৰৈ যায়; অন্তত: তেতিয়ালৈকে ছোৱালী শিক্ষাৰ গুৰুত্ব বিজ্ঞাপনকেন্দ্ৰিক হৈয়ে পৰি থাকিব ৷ পশ্চিমীয়া নাৰীবাদী আন্দোলনসমূহতকৈ আমাৰ নিজৰ ঠাইত সৌ তাহানিতে ছোৱালী শিক্ষাৰ বাবে হোৱা উক্ত আন্দোলনসমূহ কোনো কাৰণতে উলাই কৰাৰ বিষয় নহয় ৷ এই কথাটো বুজাৰ সময়ো এয়াই ৷ নহ’লে অৰুনোদইৰ পাতত গুণাভিৰাম বৰুৱাই লিখা কথাষাৰৰ তাৎপৰ্য আমাৰ কাৰোৱে মনত পেলোৱাৰ সাহস নহ’ব ৷

 

খঞ্জৰ-ই-ইস্ক

কুকাৰৰ হুইছেল আৰু বাউল । নিৰ্দোষীৰ চকু আৰু দালানৰ লকডাউন । অস্বস্তিত ভোগা কুলিৰ মাত । দাৱতবিহীন ঈদ । আৰু এই দীঘল বাটত খঞ্জৰ এখন হৈ বাঢ়ি অহা নিৰৱতা। চাৰা দুনিয়া যেনিবা কিনিয়ে পেলালা কিবা লাভ হ'ব বুলি ঘোষণা কৰিব পাৰিবা?
এই কথা আজি পদ্মাৰ মনলৈ কিয় আহে তাই নিজেও ধৰিব নোৱাৰে । তাইৰ চকু এতিয়াও ম'বাইল টাৱাৰৰ পাছফালে গলি যোৱা সূৰ্যাস্তত । টাৱাৰটোৰ খুঁটাবোৰৰ মাজেৰে দেখা সূৰ্যটোক কাটি ডোখৰ ডোখৰ হোৱা যেন লাগিছে পদ্মাৰ। তথাপি বিৰামহীন চেতনাৰে ক্ৰমশঃ সৰু হৈ গৈ আছে সূৰ্যটোৰ সুমথিৰা পোহৰ ।
গোটেই চাদখনলৈ পদ্মাই এবাৰ চায় । আকাশলৈ মুখ কৰি থকা চাদখন মুকলি যদিও ইয়াৰ ওপৰত জঁট লাগি থকা ৰছীবোৰত আৰ-তাৰ কাপোৰ । বতাহত কাৰোবাৰ কাপোৰ চাদৰ ওপৰতে গৃহহীন মানুহৰ দৰে পৰি আছে । কিছুমানত ক্লিপ লগোৱাৰ পাছতো চুঁচৰি গৈ গৰাকীবিহীন শৰীৰৰ দৰে ৰছীডালৰ একেবাৰে শেষ বিন্দুত থূপ খাইছেগৈ । অলপ আগলৈকে নানা আকাৰৰ কাপোৰবোৰৰ ওপৰত টাৱাৰটোৰ আকাশলংঘী ছাঁ পৰি আছিল । এতিয়া ছাঁটো চুটি হৈ পৰিছে । চুটি ছাঁটোৱে পদ্মাক কিবা এটা ইংগিত দিবলৈ আৰম্ভ কৰিছে । এই গলিবোৰৰ কাহিনীত ওখ টাৱাৰটোৰ চুটি ছাঁটো পদ্মাৰ উচ্চতাৰ সৈতে মিলি পৰিছে । আৰু পদ্মাক যেন ছাঁটোৱে সুধিব খুজিছে -'কেনে আছা?'
ম'বাইল টাৱাৰটোত বহি থকা কাউৰী এজাক তেতিয়াই ধপধপাই উৰি গুছি যায় । পদ্মা চক খাই উঠে ।
এই গলিত চক খোৱাটো কোনো নতুন কথা নহয় । প্ৰথমবাৰ যেতিয়া তাই এই গলিত ভৰি দিছিলহি তেতিয়াও তাই চকেই খাইছিল । তাইৰ কপালত জুম বন্ধা আঁচবোৰলৈ চাই ৰুবীনা আপাই সুধিছিল
- তই পাৰ্ট টাইম নে ফুল টাইম?
পদ্মাই ৰুবীনা আপাৰ প্ৰশ্নৰ উত্তৰ তেতিয়ালৈ একো বুজিয়ে পোৱা নাছিল। তাই কেৱল পুৰণি উৱলি যোৱা ইমাৰতখানাটোৰ পাছফালে ওখ হৈ থকা টাৱাৰটোলৈ চাইছিল।
- ফুল টাইম যদি কান্দিবলৈ, চিঞৰিবলৈ ওপৰৰ চাদখন আছে । মৰিবলৈ গোটেই ইমাৰতখানা ।



কথাষাৰ কৈয়ে ৰুবিনা আপাই চাদলৈ উঠি যোৱা পুৰণি চিৰিটোলৈ মুখ কৰিছিল । পদ্মাই তেতিয়াই বুজিছিল এই ইমাৰতখানা চলি থাকে ইচাৰাত । মুখৰ কথাত বা আৱেগত নহয় ।
ইমাৰতখানাৰ ছাদৰ পৰা সেইদিনা প্ৰথম সূৰ্যাস্ত দেখিছিল পদ্মাই । এই ম'বাইল টাৱাৰে কাটি-কুটি আঁচোৰ লগোৱা সেই সূৰ্যাস্তৰ বাবেই পদ্মাই চোৱা নাছিল চাদৰ পৰা মাটিলৈ কিমান দূৰ । তাৰপাছতো কোনোদিনে তাই চাদৰ পৰা হাউলি চোৱা নাই তললৈ। মনৰ ভিতৰতে পদ্মাই হিচাপ কৰি লৈছিল চাদৰ পৰা মাটিত পৰাতকৈ ইমাৰতখানাত মৰাটো ভাল ।
এই ছাদেই পদ্মাক অত দিনে সামৰি ৰাখিছিল । এই চাদৰ পৰাই পদ্মাই গলিৰ ডাচবিন খুচৰি থকা কুকুৰ বোৰৰ কাজিয়া দেখিছিল । এই চাদেই গলিৰ ৰেণ্ডীক মাৰপিত কৰি তৰা-নৰা চিঙি পলোৱা বহুতো কুট্টাক পদ্মাৰ মুখামুখি কৰাইছিল। এই চাদতে ওখ হৈ এদিন পদ্মাই এটা নতুন আলীকো দেখিছিল ।
শেষ ৰাতিও কিছুমান কুকাৰে হুইছেল মাৰিছিল। কৰবাৰ পৰা বাউলৰ সুৰ ভাঁহি আহিছিল ।
ৰেণ্ডীখানাৰ দালালি বাদ দি আলীয়ে ম'বাইল ৰিপায়েৰিঙৰ দোকান খুলিছিল । য'ত ম'বাইল আছিল কম । বেছি আছিল ম'বাইলৰ সৈতে 'চিপকি' থকা হৰেক ৰকমৰ চাইনিজ মাল । কোনোবা কাবুলীৰ পৰা ধাৰে লোৱা টকা ঘূৰাই নিদিয়াৰ বাবে এদিন আলীৰ দোকান চূৰমাৰ কৰি থৈ গৈছিল গুন্দাই। আলী ক'ৰবাত পলাল । সকলোৱে তাৰ দোকান ভঙাৰ দৃশ্য লাইভ চালে । ৰাতি চাদত অকলে বহি থকা পদ্মাই দেখিলে আলীয়ে ডাচবিনত জুম বন্ধা কুকুৰবোৰৰ সৈতে কথা পাতিছে । পেকেটত অনা মাংস সি কুকুৰৰ সৈতে ভগাই খাইছে।
- চাল্লা, জন্নত লাগে সবকে । চাইনিজ মাল কি মাল নহয় ? এই জহন্নামত চাইনিজ মালেই বেচিব লাগিব । নে কি কৱ?
কুকুৰবোৰক উদ্দেশ্য কৰি আলীয়ে সোধে । সি নিজৰ বটলটোৱো কুকুৰকেইটাৰ ফালে আগবঢ়াই দিয়ে । তাৰ পাছত সি কুকুৰবোৰৰ গাত হাত বুলাই গাবলৈ ধৰে
- ৰাজা ব'লা ৰাত হে, ৰাণী ব'লি ৰাত হে, মন্ত্ৰী ব'লা ৰাত হে, চন্ত্ৰী ব'লা ৰাত হে, য়ে সুবহ সুবহ কী বাত হ্যে ।*
আলীৰ খঙবোৰে এই গলিত শেষ ৰাতিৰ এটা ঝটকা দি থৈ যায় । চাদৰ পৰা পদ্মা নামি আহে । আলীৰ প্ৰতি পদ্মাৰ কোনো দৰদ নাই । আলীয়ে এদিন তাইক বচাইছিল ৰেলৰ আগত পৰি মৰাৰ পৰা । বহু সময় একো কথা সুধিও পদ্মাৰ মুখৰ পৰা মাত উলিয়াব নোৱাৰি আলীয়ে লৈ আনিছিল তাইক ইমাৰতখানালৈ । কৈছিল একো নাপালেও দুবেলা দুসাঁজ খাবলৈ পাবি । পদ্মাক আনি দিয়াৰ বিনিময়ত ৰুবিনা আপাই আলীক নতুন হালধীয়া নোট এখন দিছিল । আলীয়ে খন্তেক নোটখন পৰীক্ষা কৰিছিল।
- নতুন নোট আহিছে মাৰ্কেটত দুশ টকাৰ ।
ৰুবীনা আপাই আলীৰ ফালে নোচোৱাকৈয়ে কৈছিল।
আলীয়ে নোটখন লোৱা নাছিল । পদ্মা আৰু আলীৰ মাজত এটাই মিলি থকা কাহিনী আছিল । নোটবন্দীৰ বাবেই আলীৰ বেৱাৰিছ ধাণ্ডাটো ডুবিছিল । ম'বাইল ৰিপায়েৰিঙৰ ধাণ্ডা । পদ্মাৰো পাৰ্চৰ নোটবোৰ সেই ৰাতিলৈ অচল হৈ গৈছিল । নবৌয়েক ককায়েকৰ গালি গালাজৰ সহ্যৰ সীমা পাৰ কৰি পদ্মা পলাই আহিছিল গোবিন্দৰ লগত । বাটতে সোণাৰীৰ দোকানত মাকে এৰি যোৱা কেৰুযোৰ সলাই পোৱা টকা চল্লিশ হাজাৰ । দহ হাজাৰ টকা ডাইৰেক্টৰক দিলেই সৰু সুৰা এটা ৰ'ল পাব ছিৰিয়েলত । গোবিন্দই তেনেকৈয়ে কৈছিল । এটা ৰাতি ল'জত কটাই পানীৰ বটল আনিবলৈ গৈ গোবিন্দ গায়ব। গোবিন্দ ডায়ৰেক্টৰৰ ওচৰলৈ যোৱাৰ কথা আছিল দুদিন পাছত । হঠাতে সি কিয় গুছি গ'ল ? নম্বৰো ন'ট ৰিচেবল । হাজাৰ কাকুতি মিনতি কৰাৰ পাছতো ল'জৰ মেনেজাৰে পদ্মাক উলিয়াই দিছিল গতিয়াই গতিয়াই । পানীৰ বটল এটা কিনিবলৈ লৈ পদ্মাই যেতিয়া বেগত হাত ভৰাই তেতিয়াহে তাইৰ হুচ ঘূৰি আহে । বেগৰ ভিতৰৰ টকাও গায়ব । পদ্মাই ৰৈ যোৱা এশ টকাটো দোকানীলৈ আগবঢ়াই দিয়ে । দোকানীয়ে নোটখন ঘূৰাই দিয়ে ।

-এই নোট এতিয়া আৰু নচলে ।
-মানে?
-ইমান বুজাই থাকিবলৈ মোৰ সময় নাই।
ডিঙিৰ পিয়াহ ডিঙিতে লৈ পদ্মা ঘূৰি থাকে এই চহৰৰ নাম নজনা পদ পথেৰে । এই চহৰ তেতিয়াও পদ্মাৰ বাবে হীৰাৰ দৰে । হীৰা তাই কোনোদিনে দেখা পোৱা নাছিল। চুই পোৱা নাছিল। এই চহৰলৈ আহিবলৈ কত যে কৌশল কৰিলে তাই। দুই এবাৰ ককায়েকৰ আগত ধৰা পৰি বৌয়েকৰ চৰ ভুকুও খালে । কিন্তু ঘৰলৈ ঘূৰি যোৱাৰ ৰাস্তা এই চহৰে পোহৰাব নোৱাৰিলে। ৰেল লাইনতে অৱশ হৈ বহি পৰিল তাই । বৌয়েকে হয়তো ভালেই পাইছে তাই গুছি অহাৰ বাবে । ককায়েকো বাচি যাব আজিৰ পৰা ঘৰৰ এটা প্ৰাণীৰ ৰেচনৰ কথা চিন্তা নকৰাকৈ । কিবা ভাবি নিজৰ কমদামী চাইনিজ ফোনটোকে লিৰিকি বিদাৰি থাকিল পদ্মাই । আৰু আহি থকা ৰেলখনৰ ফালে মুখ কৰি চিৰিটোতে বহি পৰিল ।
ৰেলখন আহি গাৰ ওপৰেৰে পাৰ হৈ যাব লওঁতেই কোনোবাই পাছফালৰ পৰা পদ্মাক গবা মাৰি ধৰিলে । তাইৰ ফোনটো গুৰি কৰি ৰেলখন উকিয়াই উকিয়াই দূৰ হৈ গ'ল ।
পদ্মাক ৰেলৰ আগত পৰাৰ পৰা বচাই কাহিনীত হিৰ' হয় আলী । দ্বিতীয়বাৰ ৰুবীনা আপাই দিয়া নতুন নোট নলৈ দানবীৰো হয় আলী।
- বিকিবলৈ অহা নাই । কেইদিনমান ৰাখক তাইক। খোৱাৰ খৰছ মই দিম ।
পদ্মাৰ ফালে চাই আলী গুছি যায় ।
ৰুবিনা আপাই পুৰণি নোটেৰে কোনো কাষ্টমাৰক সোমাব দিয়া নাছিল ইমাৰতখানাত । এটা কাষ্টমাৰৰ মুখলৈ এদিন ৰুবিনা আপাই পাঁচশ টকাৰ পুৰণি নোটখন জোৰকৈয়ে দলিয়াই দিছিল । ।
- এইবোৰেৰে ভোট কিনগৈ যা। ৰেণ্ডী লাগে যদি চিকনা নোট আনিবি ।
ৰুবিনা আপাৰ খঙ একেবাৰে ওচৰৰ পৰা দেখা পাইছিল সেইদিনা পদ্মাই । কাষ্টমাৰে এবাৰ পদ্মালৈ অনুকম্পাৰে চাইছিল । অনুকম্পাত কি থাকে? সামান্য অনুৰোধ? কিছু সহানুভূতি? ভালপোৱাৰ এখন চামনি? প্ৰতিশ্ৰুতিবিহীন একোটা জবাব? থাকে কি? পদ্মাই ইয়াৰ উত্তৰ পোৱাৰ আগতেই তাইক বৈঠকখানালৈ টানি লৈ গৈছিল ৰুবিনা আপাই ।
- কাষ্টমাৰৰ লগত প্ৰেম কৰে ? চাল্লা গম পোৱা নাই? ইয়াত গাৰ মঙহৰ দাম থাকে। জজবাতৰ নহয় ।
পদ্মাই তাৰ আগলৈকে ৰুবিনা আপাৰ মুখে মুখে কোনো জবাব দিয়া নাছিল । কিন্তু সেইদিনা নিজেই নজনাকৈ তাইৰ মুখ খোল খাই গ'ল ।
- আপুনি মানুহ হ'বই নোৱাৰে । ক'চাই হয় । এখন নোটৰ বাবে তাক সোমাব নিদিলে । কিন্তু সিটো ৰেগুলাৰ কাষ্টমাৰ । আৰু সি কোনো দিনে মোৰ গাত হাত দিয়া নাই । ইমান লম্পট সি নহয় ।
- এইবোৰ কথা মোদীক কবি । নোট বন্ধ কৰিছে কোনোবাই আৰু লোকচান চাল্লা মোৰ বিজনেছৰ ।
কথাখিনি কৈয়ে ৰুবিনা আপাই ফুলৰ টাবটোৰ ওপৰতে পিকাই দিয়ে । যাওঁতে কেৱল হাড়িয়াক শুনাই থৈ যায়
- আজি পদ্মাৰ ভাত বন্ধ। চাল্লা গাত হাত নিদিয়া কাষ্টমাৰক ইমান দিনে খুচ কৰি আছিল ।
গাত হাত নিদিয়া কাষ্টমাৰৰ নাম পদ্মাই সোধা নাছিল । পদ্মাৰো নাম জানো জানিছিল সি ? মাজে মাজে তাক দুনিয়াৰ হৰেক ঝামেলাৰ পৰা পলাই ফুৰা মুচাফিৰ যেন লাগিছিল । মাজে মাজে ড্ৰাগ ডিলাৰ । মাজে মাজে খুফিয়া এজেণ্ট । কিন্তু কোন আছিল সি? সেয়াতো পদ্মাই সোধাই নাছিল । কোঠাত সোমাই সি চকু মুদি পৰি আছিল । যেন বহু দিন শুৱা নাই । যেন বহু দীঘল বাট বাটকুৰি বাই খন্তেক মুহুদি কৰিবলৈ ইয়াত আহি ৰৈছেহি । পদ্মাই সেয়ে নিজেই আৰম্ভ কৰিছিল ।
- ইয়াত কাষ্টমাৰে টোপনিয়াবলৈ নাহে ।
সি এবাৰ চকু মেলি চাইছিল পদ্মালৈ । আকৌ চকু জপাই কৈছিল
- শুই থাকা । এই দুনিয়াত টোপনিৰে কোনো ধৰ্ম নাই। নাই কোনো জাত, কোনো কয়ামত । টোপনিৰ দৰে অপাপী আন কোনো নাই ।

বাহিৰত তেতিয়া বৰষুণ দিছিল । খোলা খিৰিকীৰে পদ্মাই চাদত মেলি থোৱা কাপোৰবোৰ তিতি থকাও দেখিছিল । তাৰপাছতো সেইবোৰ আনিবলৈ খৰখেদা কৰা নাছিল । জীৱনত প্ৰথম পদ্মাই শান্ত-সমাহিত হৈ থকা এজন পুৰুষৰ মুখ দেখিছিল । যাৰ চকু আছিল জাগি থাকোতে লাল । আৰু টোপনিত খালত উপঙি থকা দুটা পুঠিমাছৰ দৰে । তাকে চাই চাই পদ্মা শুই পৰিছিল সঁচাকৈয়ে বহু দিনৰ মূৰত ।
টোপনিত পদ্মাই সেইদিনা আলীকে দেখিছিল। কেইদিনমান ৰাখক বুলি কৈ যোৱা আলী বহু দিনলৈ উভতি অহা নাছিল । ৰুবিনা আপাৰ মুখত পদ্মাই শুনিছিল আলীৰ জেল হৈছে। কিমান দিনলৈ তাৰ কোনো হিচাপ পদ্মাক কোনোৱে দিব পৰা নাছিল। আলীয়ে তাইক উদ্ধাৰ কৰাৰ কথা জুমলা আছিল নেকি? সি যদি তাইক বেচিবলৈকে ইয়ালৈ আনিছিল তাৰ হিচাব কিয় এৰি গৈছিল ?
টোপনিত সেইবোৰ প্ৰশ্নৰ উত্তৰ পোৱা নাছিল পদ্মাই।
- যদি বিশ্বাস নাছিল, কিয় পলাই আহিছিলা তাৰ লগত ?
কাষ্টমাৰৰ এই পোনপটীয়া প্ৰশ্নৰ উত্তৰ বিচাৰিয়ে ইমানবোৰ ৰাতি ছাদতে পাত পাত কৰিছিল পদ্মাই । পদ্মাই নাজানে গোবিন্দই তাইক ব্যৱহাৰ কৰিছিল নে তাই তাক ? টিকটক ভিডিঅ' বনাইছিল পদ্মাই । হিন্দী চিনেমাৰ গানত, ডায়লগত । 'হম একবাৰ জিতে হ্যে, একবাৰ মৰতে হ্যে, সাদী ভী একবাৰ হৌতি হ্যে' । শ্বাহৰুখ খানৰ ডায়লগত লিপচ দি বনোৱা ভিডিঅ'। মিনিটে মিনিটে মেচেজ । তাৰপাছত চেয়াৰ । চেলিব্ৰিটী চেলিব্ৰিটী ভাৱ । তাৰ আচিলাতে গোবিন্দৰ লগত চিনাকি। প্ৰথম চিনাকিতে গোবিন্দই দিয়া ফোন নম্বৰ । পদ্মাৰ এনে লাগিছিল আন কোনেও নাজানিলেও গোবিন্দই জানিছিল টিকটকাৰ পদ্মাৰ মনৰ খবৰ ।
- মনৰ খবৰ বুজি পোৱা জনেই জানো বিশ্বাসৰ যোগ্য নহয় ?
- কোনে কৈছিল এই কথা তোমাক ?
- চিনেমাবোৰত ডাঙৰ ডাঙৰ হিৰ'বোৰে তাকেই কয়চোন !
কাষ্টমাৰে ৰুক্ষ হাঁহিৰে পদ্মাৰ পৰা মুখ ঘূৰাই খিৰিকীৰ ফালে । টিকটক কৰিবলৈ লোৱাৰ পৰা পদ্মাৰ দুনিয়াখন দুভাগ হৈ গৈছিল । এভাগ দুনিয়াত তাই আছিল একেবাৰে অৰ্থহীন । ঘৰৰ মানুহৰ বাবে অপ্ৰয়োজনীয় কোনো এক অৱস্থিতি । অথচ তাৰ বিপৰীতে টিকটকৰ দুনিয়াত তাইও আনৰ দৰে চমৎকাৰ ।
এই চমৎকাৰ কথাই সোঁৱৰাই দিছিল গোবিন্দই পদ্মাক । 'বহুত ভৱিষ্যত আছে তোমাৰ।'
- ভৱিষ্যত? সেইটো আক' কি ?
গোবিন্দৰ হিৰ'ৰ দৰে মাতত 'ভৱিষ্যতো' পদ্মাৰ বাবে ৰাজকীয় হৈ পৰিছিল । গোবিন্দই বুজিছিল পদ্মাই টোপ গিলিছে ।
- চহৰলৈ ব'লা । তোমাৰ ভৱিষ্যত তাতহে ।
পদ্মাই নিথৰ হৈ শুনিছিল গোবিন্দৰ কথাবোৰ । আৰু ভঙা আইনাৰ সমুখতে নিজকে নতুন ৰূপত আৱিষ্কাৰ কৰিছিল । সন্ধিয়াৰ চিৰিয়েলবোৰত নিজৰে অভিনয়ৰ কথা ভাবি ভাবি পদ্মা গুছি গৈছিল সেই দূৰত্বলৈ য'ৰ পৰা উভতি আহিবলৈ মানুহক বহুত সময় লাগে ।
কাষ্টমাৰৰ আগত পদ্মাই কোৱা নাছিল আলীয়ে তাইক খামুচি ধৰি ৰেলৰ সমুখৰ পৰা বচাওতেহে তাই উভতি আহিছিল এই সময়লৈ ।
ৰাস্তাৰে পাৰ হৈ গ'লে জেলৰ পৰা ওলোৱা আলীয়ে পদ্মাৰ ফালে চায় । আলীৰ জামিন ল'বলৈ মজুত টকা ৰুবীনা আপাৰ হাতত পদ্মাই দিছিল । নৰকৰ মানুহে হেনো নৰকৰ আপদালো কৰিব লাগে । এই কথা ইমাৰতখানাৰ ধাণ্ডাৰ প্ৰথম চৰ্ত আছিল । পদ্মাইও তাকেই অনুসৰণ কৰিছিল । কিন্তু আলীৰ মুখামুখি হৈ নিজকে ভাগ ভাগ কৰাৰ দুনিয়াত ব্যস্ত হ'বলৈ পদ্মাৰ মন যোৱা নাছিল । তাৰপাছতো পদ্মাই ইমাৰতখানাৰ চৰ্তক অনুসৰণ কৰাৰ দৰে আলীয়েও পদ্মাকে অনুসৰণ কৰিছিল ৰাস্তাত।
- কাষ্টমাৰৰ কথাত ভোল নাযাবি পদ্মা । সব দিলেও নিজৰ কাহিনী নিদিবি । সব লৈ যাব তোৰ ।
খঙতে আলীৰ গালৈ পদ্মাই নিজৰ বেগটো মাৰি পঠিয়ায় । আৰু প্ৰচণ্ড ঘৃণাত আলীৰ গালৈ থোৱাই দিয়ে ।
- কিয় বচাইছিলি তই মোক সেইদিনা ? মৰি যোৱাই ভাল আছিল মই ।
আলীয়ে পদ্মাৰ বেগটো ৰাস্তাৰ পৰা বুটলি দিয়ে । মুখত পৰা থুইখিনি মোহাৰি সি কয়
- বাচি থাকিবি । তেতিয়াহে দুনিয়াৰ দৰ্দ দেখিবি । মৰি গ'লে নিজেই এক দৰ্দ হৈ অশান্তিত চাটি ফুটি কৰি মৰিবি । বাচি বাচি মৰ। মৰি মৰি জী থকাতকৈ।
পদ্মাই আলীৰ ফালে মূৰ তুলি চায় । ই ক'ৰ পৰা আয়ত্ত কৰিলে এই কথাবোৰ ? চাইনিজ মাল বেচা, গলিৰ ম'বাইল ৰিপেয়েৰিঙ কৰা, ৰেণ্ডীৰ দালালি বাদ দিয়া আলীয়ে পদ্মাকো বাট এৰি দিয়ে ।
বহু এৰি দিয়া বাটলৈ কেতিয়াবা মানুহে ঘূৰি চাবলগীয়া হয় । আকৌ এবাৰ পিছল খাই নপৰিবলৈকে । আকৌ এবাৰ নিজৰে মুখামুখি নহ'বলৈকে । নহ'লেনো সেইদিনা আলীক মাফ কৰি দিয়ে নে !
-বচ, ইমানেই তোমাৰ কাহিনী ?
পদ্মাই খিৰিকীৰ পৰা মুখ আঁতৰাই কাষ্টমাৰলৈ চায় । যেন কাষ্টমাৰে বৰ ৰস বিচাৰি নাপায় তাইৰ কাহিনীত ।
- বাকী মচলা লগাই ল'ব আপুনি নিজেই ।
এই ইমাৰতখানাই পদ্মাক অতদিনে শিকাইছে কোনো কাহিনীয়ে এজনৰ ওচৰত ৰৈ নাথাকে । কাহিনীও দিন আৰু ৰাতিৰ দৰে পৰিভ্ৰমী । কাহিনীও মানুহৰ আৱেগৰ দৰে বেচিজিল । এই চহৰৰ চাবৱেত শুইও ভূকিবলৈ নাপাহৰা কুকুৰৰ দৰে সৰু-সুৰা কাহিনীও অতি সিয়ান ।
এনে বহু সিয়ান কাহিনী শুনি মাস্ক পিন্ধোতে কেতিয়াও আমাৰ মনলৈ নাহে অকলে অকলে এনেকৈ মৰোতে মানুহ কাতৰ হয়নে ? কাতৰ হোৱা মানুহে ধুনীয়া দেখেনে ৰাতিপুৱাৰ খিৰিকী ? গধূলিৰ আকাশ? সন্ধিয়া শিশুৰ কোলাহল? জীৱন কেনে এক ধাপ্পাবাজি বুলি কৈ হাঁহি হাঁহি বাগৰি পৰেনে ? আকাশলৈ মূৰ তুলি নিজকে সাৱটি কান্দেনে ? মানুহে মানুহকে ভাল পায়, মানুহকে খঙ কৰে । এই কথাটোকে চৰম সত্য বুলি পতিয়ন যায় নে? নে ইয়াৰ মাজতো কিবা এক খৰখৰণি থাকে। একেবাৰে শুকান আৰু আতিথ্যহীন ! একেবাৰে ক্ষীণ আৰু চলাচলবিহীন ! মিছা কথা, মিছা কথা মৌলিক প্ৰয়োজন যে কেৱল তিনিটা ।
এই কথা ক'বলৈ লৈও ৰৈ যায় পদ্মা । তাই খিৰিকীখন জপাই দিয়ে ।
নোটবন্দীয়ে পদ্মাৰ ঠিকনা সলাইছিল । আলীৰ বিজনেছ ডুবাইছিল । এই ইমাৰতখানাতো এক শাস্তি প্ৰদান কৰিছিল । তাৰপাছতো এই চহৰ হীৰাৰ দৰে চিকমিকাই আছিল । পদ্মাই সন্ধিয়াৰ চাদৰ পৰা অকলে অকলে সাক্ষী হৈছিল এই চহৰক শুহি নিয়া এজাক চকু চাট মৰা পোহৰৰ । মানুহে হেৰুৱাই থকাৰ ক্ষোভত পাহৰিয়ে পেলাই পাবলগীয়াও বহু কিবাকিবি আছে । কেতিয়াবা সেইবোৰ পোহৰ হৈ আহে, কেতিয়াবা লকডাউনৰ খঞ্জৰ একোখন হৈ ।
নোটবন্দীৰ পাছৰ চাৰিটা বছৰত সেই খঞ্জৰখনকো ইমাৰতখানাৰ চৰ্তই সামৰি ৰাখিছিল অ'ত ত'ত । আৰ্থেৰাইটিজ হৈ ৰুবীনা আপা ওপৰৰ কোঠাটোৰ পৰা তললৈ আহিছিল । হাড়িয়াই ইমাৰতখানাৰ ঝুমকাক পলুৱাই নি পুলিচৰ হাতত ধৰা পৰিছিল । ঝুমকা উভতি আহিছিল । হাড়িয়াৰ জেল হৈছিল । যি আলীয়ে ৰেলৰ সমুখৰ পৰা পদ্মাক তুলি আনিছিল, সেই আলী মৰিছিল ৰেলৰ চিৰিত বহি কুকুৰক মাংস খোৱাই থাকোতে ।
- চাল্লা , তকদিৰেও বেইমানি কৰে ।
ৰুবীনা আপাই আলীক মৰ্গত চিনাক্ত কৰি আহি বৈঠকখানাত সোমোৱা নাছিল । গোটেই ৰাতি চাদৰ পৰা সেই নিশা পদ্মাই ম'বাইল টাৱাৰত ওলমি থকা জোনটো চাই আছিল । শেষ ৰাতিলৈ অলপ অলপ বৰষুণ হৈছিল। বতাহত ৰছীত ওলমি থকা ক্লিপবোৰ নাচি উঠিছিল ।
কোন আছিল আলী পদ্মাৰ বাবে ? পাপী নে ত্ৰাণকৰ্তা ? যাৰ বাবে পদ্মাৰ চকুত নামমাত্ৰ চকুপানীও নাছিল । নামবিহীন কাষ্টমাৰৰ কথালৈ সেই ৰাতি পদ্মাৰ আকৌ মনত পৰিছিল - একমাত্ৰ টোপনিৰে কোনো ধৰ্ম নাই । টোপনিৰ দৰে অপাপী কোনো নাই। কোনো জাত, কোনো কয়ামত।
ইমাৰতখানাত বেছিভাগ কাষ্টমাৰেই কমিবলৈ ধৰিছিল । নতুন ভাইৰাছে খৰকৈ ৰাজত্ব চলোৱা এই চহৰখনো উচাত মাৰি সলনি হৈ ক'ত যে ৰৈ গৈছিল - সেই প্ৰশ্নৰ উত্তৰো পদ্মাক কোনেও দিব পৰা নাছিল । ৰুবীনা আপাই মুখত পানী ভৰাই কোঠাবোৰলৈ বেলেগ বেলেগ কাষ্টমাৰ পঠোৱা পুৰণি দৃশ্য আগৰ দৰে দৈনন্দিন হৈ ৰৈ নগৈছিল । আঠুৰ বিষত ৰুবীনা আপাৰ মুখৰ যন্ত্ৰনাও স্পষ্ট হৈ পৰিছিল । পদ্মাৰ এনে লাগিছিল সেয়া কেৱল আঠুৰ বিষৰ যন্ত্ৰণা নাছিল । সত্যৰো থাকে নিজা একোটা খোচ । এই দুনিয়াত এই কথাকে মানুহে পাহৰিব নোখোজে জানো ?
পদ্মাই দূৰৈৰ পৰাই ৰুবীনা আপাৰ নিৰ্বাসন চায় ।
টিকটক বন্ধ হোৱাৰ খবৰ, মানুহৰ কবৰ খন্দাৰ খবৰ, ৰুবীনা আপাৰ যন্ত্ৰণাৰে ভৰা নিৰ্বাসনৰ খবৰ আটাইবোৰ একেলগ হৈ ম'বাইল টাৱাৰটোৰ সূৰ্যাস্তত খহিবলৈ ধৰে ।
ইমাৰতখানালৈ এনেদৰে এদিন এটা শ্বুটিংৰ প্ৰস্তাৱ আহে । দীঘল চুলিৰে চকুত ক'লা চচমা পিন্ধি এজন পুৰুষ । তেওঁৰ পিছে পিছে আন দুজন মুখত মাস্ক লগোৱা ষ্টাইলিছ যুৱক । তেওঁলোকক ৰুবীনা আপাই কেৱল বৈঠকখানাৰ শ্বুটিংৰ অনুমতি দিয়ে । ওপৰ মহলত প্ৰৱেশ নিষেধ । মাত্ৰ এটা শ্ব'টৰ শ্বুটিং । গতিকে মান্তি হয় ৰুবীনা আপা । 'ৰেণ্ডীয়ে চলাব নোৱাৰিলে এনেকৈয়ে চলিব লাগিব ।' ৰুবীনা আপাই এডভান্স লৈ টিমটোক কয় ।
মাৰোৱাৰী পট্টিৰ পাছফালৰ এই গলিত কেনেকৈ এই ইমাৰতখানা আৰম্ভ হৈছিল তাৰ সঠিক উৎস কোনেও নাজানে। কোনোৱে কয় ৰুবীনা আপা কাথিহাৰৰ পৰা ট্ৰাক ড্ৰাইভাৰৰ লগত পলাই আহি এই ব্যৱসায় আৰম্ভ কৰিছিল । কোনোৱে কয় ৰুবীনা আপা আহিছিল ঢাকাৰ পৰা কাৰোবাৰ ৰক্ষিতা হৈয়ে । কিন্তু এই ইমাৰতখানালৈ তেওঁ অহাৰ কোনো সঠিক কাহিনী কোনেও নাজানে । কিয়?
ৰুবীনা আপাই সেই কাহিনী আজিলৈকে কাকো কোৱাই নাই নেকি? নিজৰ প্ৰতি নহয়, নিজৰ কাহিনীৰ প্ৰতিহে সুৰক্ষা থাকে নেকি মানুহৰ? তাতো কি একেই ঠগ, একেই স্বাৰ্থ, একেই ঘৃণা নেকি? নে ক'ৰবাত আছে এক প্ৰেমো ?
এদিন সুধিছিল এই প্ৰশ্ন পদ্মাই ৰুবীনা আপাক ।
ৰৈ ৰৈ ৰুবীনা আপাই কৈছিল
- অ' আছে । মহব্বত আছে । এই ইমাৰতখানাৰ বাবে মহব্বত আছে । এই ইমাৰতখানা বেলেগৰ বাবে ৰেণ্ডীখানা । মোৰ বাবে ইবাদত । যদি মৰিবৰ সময়ত কষ্ট হয়, সেই কাহিনী তোকেই ক'ম ।
সেই ৰুবীনা আপাই চলাব নোৱাৰি এই ইমাৰতখানা আজি অনুমতি দিছে শ্বুটিংৰ বাবে ।
খিৰিকীৰে পদ্মাই উভতি যোৱা টিমটোলৈ চাই থাকে ।
- কি বনাব? চিনেমা? নে ছিৰিয়েল?
- কিবা চিৰিজ বনাব হেনো?
- অহ্ সেইটো কি?
- দীঘলীয়া কাহিনী। এটা এটাকৈ কয় হেনো ।
- বাঃহ ।
- কাহিনী কি?
- এজনী গাঁৱৰ ছোৱালী। টিকটক কৰি চহৰলৈ আহে । এক্টিং কৰিবলৈ । কিন্তু কোনোবাই তাইক মৰাৰ পৰা বচাই পোৱাইহি এই ইমাৰতখানা ।
- তাৰপাছত?
- তাৰপাছত নাজানো ।
পদ্মা চক খাই উঠে । ছিৰিয়েলৰ নায়িকা হ'বলৈ আহি কাহিনীৰ নায়িকা হিচাবে নিজকে পাই পদ্মা চক খাই উঠে । পদ্মাই আলীৰ আগত কোনো দিনেই নিজৰ কাহিনীৰ মুখ মেলা নাছিল। আলীকেই তাই অতদিনে কৰিছিল ঘৃণা। তাইৰ এই কাহিনী এজন পুৰুষেই জানিছিল। যাক তাই নিজৰ টোপনিও দি দিছিল। দিছিল এখন বুকুৰ সকলো পাৰ ভঙা হুমনিয়াহ । কোন আছিল সেই পুৰুষ প্ৰেমিক নে কাষ্টমাৰ?
সেই ৰাতি পদ্মাই টোপনিত দেখে কিছুমান গোল গোল বলৰ গাত এসোপামান জোঙ গজিছে । সেইবোৰ এজনৰ নিশাহেৰে আন এজনৰ উশাহলৈ সোমাই গৈছে । শ্বুটিং চলি থকা ইমাৰতখানাৰ বৈঠকৰ খিৰিকী খুলি জোঙ থকা বলবোৰ ৰুবীনা আপাৰ কোঠালৈ জাক পাতি উৰি গৈছে। আৰু মাস্কবিহীন ৰুবীনা আপাই অলপ অলপ কাঁহিবলৈ ধৰিছে । এই সপোনত পদ্মাই চক নাখায় ।
*গৌৰখ পাণ্ডে

Tuesday 8 September 2020

'গঙা চিলনীৰ পাখি' - পুনৰ পঠন

এখন উপন্যাসৰ বিষয়ে লিখাৰ আগতে মোৰ মনলৈ আহিছে এই প্ৰশ্ন- আমি কিয় পঢ়ো আৰু কোনবোৰ কিতাপ পঢ়ো? গেলিলিঅ'ৱে কৈছিল 'কিতাপ পঢ়াটো চুপাৰ হিউমেনৰ দৰে শক্তি পোৱা এক কাৰবাৰ।' কাফকাৰ মতে, 'কিতাপ আমাৰ বাবে এখন হিমশীতল সাগৰত লৈ ফুৰা এখন কুঠাৰৰ দৰে।' কাৰ্ল চাগানে কৈছিল, 'কিতাপে মানুহক এক ধৰণৰ যাদু প্ৰদৰ্শন কৰাৰ দক্ষতা প্ৰদান কৰে।' এই ক্ষেত্ৰত নীল গেইমনৰ ব্যাখ্যা আটাইতকৈ কাব্যময়ী । মানুহে কিতাপ কিয় পঢ়ে বুলি সোধা প্ৰশ্নৰ উত্তৰো গেইমনে এক প্ৰশ্নৰে দিছিল- 'Why our future depends on Literature, Reading and Daydreaming?' 


সাৰ্থক উপন্যাস এখনৰ ব্যাখ্যা কেনে হোৱা উচিত তাক লৈ উত্তৰ- আধুনিক সাহিত্যৰ কোনো একমাত্ৰিক বিশ্লেষণ নাই । সমালোচকে যি ব্যাখ্যাই নিদিয়ক কিয় সাধাৰণ পাঠকে যে সাৰ্থক উপন্যাস এখনৰ কাহিনী মনত বহু দিনলৈ কঢ়িয়াই লৈ ফুৰে সেই কথা সঁচা । কিন্তু তাতোকৈও ডাঙৰ কথা হৈছে তেনে উপন্যাসৰ কাহিনীত এক ধৰণৰ ঐতিহাসিক ভিত্তি থাকে । যাৰ বাবে সলনি হোৱা সমাজ ব্যৱস্থাইও সেই কাহিনীক মচি পেলাব নোৱাৰে । বৰঞ্চ সমাজৰ তৰপে তৰপে তেনে কাহিনী বেলেগ বেলেগ ৰূপত সোমাই থাকে আৰু সামান্য ইফাল-সিফাল কৰি চাব খুজিলেই আমি তাক দেখা পাওঁ । 

ড° লক্ষ্মীনন্দন বৰাৰ 'গঙা চিলনীৰ পাখি' তেনে এখন উপন্যাস। 


'গঙা চিলনীৰ পাখি' প্ৰথম প্ৰকাশ পাইছিল ১৯৬৩ চনত । কিন্তু উপন্যাসখনৰ মূল প্ৰটাগনিষ্ট বাসন্তী আৰু ধনঞ্জয়ক মোৰ ইমান পুৰণি যেন নালাগিল । কিছুমান কিতাপ বয়সতকৈ আগতে পঢ়াৰ বাবে দেউতাৰ গালি খাইছিলো এটা সময়ত । স্কুলীয়া দিনত লুকাই চুৰকৈ উপন্যাস পঢ়াৰ আৱেদন আছিল ভিন্ন । তেতিয়া 'গঙা চিলনীৰ পাখি' প্ৰিয় উপন্যাস আছিল। কিন্তু কিতাপখনৰ পুনৰ পঠনে মোক সমাজৰ এটা নতুন synthesis ৰ কাষ চপাই আনিছে ।

গেইমনে কৈছিল, 'এখন সাৰ্থক উপন্যাসে তোমাক এখন বেলেগ জগতৰ সৈতে চিনাকি কৰাই দিয়ে । ই তোমাক অন্য এখন ঠাইলৈ লৈ যায় য'লৈ তুমি কোনোদিনে যোৱা নাই। যেতিয়া তুমি এখন বেলেগ জগতৰ সৈতে চিনাকি হ'বা তেতিয়া তুমি তোমাৰ দুনিয়াখনৰ সৈতে বহুতো অমিল দেখা পাবা । আৰু এই অমিল দেখাটো ভাল কথা । কাৰণ তেতিয়াহে মানুহে নিজৰ জগত সলনি আৰু উন্নত কৰিব পাৰে।'

গেইমনৰ মতক সমৰ্থন জনাব নোৱাৰিলো । কাৰণ 'গঙা চিলনীৰ পাখি' ৰ পুনৰ পঠনে মোক বুজালে যে এই চিষ্টেম বোলা চক্ৰটো সলনি হোৱা নাই। সলনি যদি কিবা হৈছে তেন্তে সেয়া চৰিত্ৰ আৰু ঘটনা। 'গঙা চিলনীৰ পাখি'ত সোণাইপৰীয়া জীৱনলৈ যি পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তনত আমিও জী আছো । ভূগিছো । সহ্য কৰিছো । আৰু কেতিয়াবা প্ৰতিবাদৰ আস্ফালনো হৈছে আমাৰ মাজৰ পৰাই। কিন্তু কাৰ বিৰুদ্ধে হৈছে এই প্ৰতিবাদ ? হয়তোবা কোনো নেতা বিশেষ। কোনো বিশেষ আদৰ্শৰ দলৰ বিৰুদ্ধে। কিন্তু চিষ্টেমৰ বিৰুদ্ধাচৰণ কৰিব পৰাকৈ আমাৰ ওচৰত কোনো সৰলীকৃত সমীকৰণ নাই। যিদৰে নাছিল ভোগৰামৰ হাততো । তাৰ কথা বৰ্ণাবলৈ গৈ সেয়ে লেখকে কৈছে - 

"ভোগৰামেও ন-কৈ উদ্ভৱ হোৱা পৰিস্থিতিত নিজকে খাপ খুৱাবলৈ চেষ্টা কৰিছে । কিন্তু দিনে দিনে সি উপায়হীন হৈ পৰিছে । ভোগৰামৰ বাপেকে তালৈ বেছি মাটি-বাৰী ৰাখি থৈ যোৱা নাই । মাথো কেইহালিচামান । তাৰ কাৰণে পি বাপেকক ভুলতো দোষ নিদিয়ে । তেওঁলোকৰ দিনত মাটি বহুমূলীয়া বস্তু নাছিল।" 

মাটিৰ প্ৰশ্ন অসমীয়া উপন্যাসৰ এক বিশেষ অৰ্থবহ প্ৰসংগ । জাতিগত পৰিচয়ৰ সংকটৰ দিনত মাটিৰ মালিকীস্বত্ব আৰু অধিকাৰক লৈ যি এক বিতৰ্ক আৰু বিবাদৰ সৃষ্টি হৈছে, সেয়া এদিনতে জন্ম হোৱা নাই । তাৰ দীঘলীয়া ইতিহাস অসমীয়া উপন্যাসৰ এক জটিল পৰিক্ৰমা হৈ ৰৈ গৈছে । তাৰ সমান্তৰালকৈ 'গঙা চিলনীৰ পাখি'ত বাঢ়ি অহা বহিৰাগত বজাৰকেন্দ্ৰিক আগ্ৰাসনকো ভোগৰামে তুলি ধৰিছে । সেয়ে সি দলঙ ঘাটত ৰৈ সলনি হোৱা সোণাইপৰীয়া সমাজখনক চাইছে । 

"সোণাইৰ ওপৰেদি ঠায়ে ঠায়ে বাঁহৰ দলং হ'ল । ইপাৰ-সিপাৰ এক হৈ পৰিল । দেওৰা, পাভচিলা আৰু বিহুমন পথাৰত ম'হৰ যুঁজ হ'ল । বাওধান-শালিধানৰ দীঘল দীঘল নৰাই হালধীয়া আৰু উৰুঙা উৰুঙা কৰা বহল বহল পথাৰবোৰ লোক-সমাগমে ফুলাম কৰি তুলিলে। লগে লগে আৰম্ভ হ'ল ভোটৰ যুঁজ ।" 

ভোটৰ যুঁজে সোণাইৰ পাৰলৈ অনা আবতৰীয়া বসন্তত অসন্তুষ্ট ভোগৰামেই পাছলৈ এই চিষ্টেমৰ বশৱৰ্তী হৈছে । অথচ সেই ভোগৰাম বিয়াল্লিছত বিদেশী কাপোৰ বৰ্জন কৰিবলৈ মানুহক বুজাই ফুৰা ভলন্টিয়াৰ আছিল। যিদৰে আমাৰ চকুৰ সমুখতে  কতজনে চিষ্টেমৰ বিৰুদ্ধাচৰণ কৰিও হাৰ মানিছে এই ভোগ সৰ্বস্ব দুনিয়াত। ভোগৰামক পৰিস্থিতিয়ে খলনায়কত পৰিণত কৰিলেও বহুতো মুখা পিন্ধা খলনায়ক সোণাইৰ পাৰত,আনকি আমাৰ চৌপাশে চলি আছে । 

ভোগৰামৰ বশ্যতা স্বীকাৰ, ধনঞ্জয়ৰ সততাৰ বাট আৰু বাসন্তীৰ নীতি - ইয়াৰ মাজত কোনটো আটাইতকৈ ডাঙৰ? এই প্ৰশ্নৰ একধৰণৰ নেৰেটিভত উপন্যাসখন ৰৈ যোৱা নাই। "বাকচ হ'ল কল্পতৰু। ৰাইজৰ গুছিব বৰ-সৰু।" এই ধৰণৰ শ্লগানে ভোগৰাম, ধনঞ্জয়, বাসন্তীৰ জীৱনক সুৰক্ষিত কৰিব পৰা নাই। তাৰ বিপৰীতে তেওঁলোকৰ জীৱন হৈ পৰিছে আগতকৈও জটিল। ঘটনাবহুল। আৰু ক'ৰবাত অনিয়ন্ত্ৰিতও। এনে নিয়ন্ত্ৰণহীন পৰিঘটনা আজিৰ তাৰিখতো সত্য। এনে কাৰণতে যেতিয়া "গণতন্ত্ৰ শব্দটো ভোগৰামৰ কাণত অচিন সুৰেৰে বাজি উঠে" তেতিয়া পাঠক হিচাপে আমি আচৰিত নহওঁ। হুমনিয়াহ নাকাঢ়ো । কাৰণ আমাৰ কাণতো একে সময়তে একেই সুৰ বাজি উঠে । একেই অবিশ্বাস আৰু প্ৰতাৰণাৰ সুৰ । 

সেই ভোগৰামে ধনঞ্জয়ৰ চৰিত্ৰ সৎ বুলি জানিও তাৰ জাতৰ প্ৰতি প্ৰশ্ন উঠায়। ভোগৰামে বন্ধুত্ব পাহৰে। নীতি পাহৰে । পাহৰে মানুহৰ মাজত মানুহ হিচাপে থকা বিবেচনাও। ক্ষমতাৰ চকুৰে ভোগৰামে বাসন্তী আৰু ধনঞ্জয়ৰ প্ৰেম দেখা নাপায় । দেখা পায় একধৰণৰ স্বাৰ্থপৰতা । সৰল সোণাইপৰীয়া জীৱন কিদৰে ভোগবাদৰ দিশে গতি কৰে তাৰেই পৰিণতিত ৰৈ যায় বাসন্তী আৰু ধনঞ্জয়ৰ প্ৰেম। যি বাসন্তীয়ে ভোগৰামে চাই দিয়া দৰাৰ আগত মুখ নেদেখুৱাবলৈ জেদ ধৰি কয়, "সেইবুলি ছোৱালীৰ নিজা মত এটা নাই?" সেই একেই বাসন্তীয়ে সোণাইৰ অপযশৰ কথা ভাবি শেষ ৰাতি ধনঞ্জয়লৈ পলাই যাব নোৱাৰে। সেই পুৰণি বাসন্তী আজিৰ দিনৰ বহু নাৰী । যি ৰৈ যায় পুৰুষতান্ত্ৰিক দমনত। যি ৰৈ যায় নিজা মতৰ বিপক্ষে থকা সমাজ ব্যৱস্থাৰ আক্ৰমণত । পৰিতাপৰ গ্লানিৰ ভৰ লৈও যি ৰৈ থাকে কোনো ওজৰ আপত্তি নকৰাকৈয়ে । কিন্তু প্ৰশ্ন হয় এই পুৰুষতন্ত্ৰৰ গুৰি ধৰে কোনে ? কেৱল ভোগৰামৰ দৰে পুৰুষে? ওহো, এই পুৰুষতন্ত্ৰ চলাই নিয়ে বাসন্তীৰ মাকৰ দৰে একোগৰাকী বয়সস্থ সমাজ ভীৰু তিৰোতাই। যি জীয়ৰী কালত চলে পিতৃৰ মতে, বোৱাৰী কালত স্বামীৰ ভাষ্য আখৰে আখৰে পালন কৰে আৰু বৃদ্ধ জীৱনত হাৰ মানে নিজৰ পুত্ৰৰে ওচৰত । 

সেয়ে 'গঙা চিলনীৰ পাখি'ক নাৰীবাদী দৃষ্টিভংগীৰে পঢ়িবলৈ ল'লে নিজৰ সমাজখনকে আৰ্চীত চাই থকাৰ দৰে লাগে । যি সমাজে নাৰীক সাহসী কৰিব নোৱাৰে, আশ্ৰয়ৰ নামত দিনে দিনে কৰি তোলে ভীৰু আৰু দুৰ্বল তেনে সমাজত ৰৈ পাৰ হৈ যোৱা ইতিহাস পঢ়াতো কষ্টকৰ । তাতোকৈও কষ্টকৰ তেনে সমাজৰ হৈ মূৰ ডাঙি ৰৈ থকাটো । 'গঙা চিলনীৰ পাখি' সেয়ে কেৱল বাসন্তীয়ে পাব নোৱাৰা প্ৰেমৰ আধৰুৱা স্বগতোক্তি নহয় । কিয় লেখকে বাসন্তীৰ মাধ্যমত এখন সমাজক তুলি ধৰিলে? কিয় 'গঙা চিলনীৰ পাখি' পঢ়ি থাকোতে বাসন্তীলৈ পাঠকৰ সমবেদনা নোপোজে ? তাৰ বিপৰীতে সমাজ ব্যৱস্থাৰ পুৰুষতান্ত্ৰিক চৰিত্ৰটোৰ মুকলি অহংকাৰলৈ একপ্ৰকাৰৰ ঘৃণাৰ উদ্গীৰণ হয় । লেখকৰ আধুনিক মননে সমাজখনক পঢ়িবলৈ যে এগৰাকী নাৰীহে উৎকৃষ্ট সেই কথা বুজাই দিছে । এনে কাৰণতে হাজাৰ দুৰ্যোগ আৰু যাতনাৰ পাছতো বাসন্তী পৰিত্যক্ত হৈ ৰৈ যোৱা নাই। বাসন্তীয়ে ক্ষমা কৰি দিছে ভোগৰাম, মনোহৰ, আনকি ধনঞ্জয়কো । কিন্তু বাসন্তীয়ে নিৰৱে দুৱাৰত শলখা লগোৱা কথাটোৱে বুজাইছে যে তাই ক্ষমা কৰি দিয়া নাই একোটা ব্যৱস্থাক । সেই ব্যৱস্থাই নাৰীক দিব নোৱাৰা সন্মানক । 

লকডাউনে আনি দিয়া পুনৰ পঠনৰ সংযোগে মোক আকৌ এবাৰ শিকালে উপন্যাসে মানুহৰ মন সলনি কৰিব পাৰে আৰু এক সামাজিক আন্দোলনৰ সূচনা কৰিব পাৰে। সমাজ একোখনে নিজৰ প্ৰকৃত ৰূপ এখন উপন্যাসৰ মাজেৰে দেখে । য'ত সমাজৰ সিদ্ধান্ত বুজিবলৈ আপোনাক কোনো ডাঙৰ থিয়'ৰিৰ প্ৰয়োজন নাই । এখন সাৰ্থক উপন্যাসে আপোনাক দেখুৱাব পাৰে সমাজৰ চিন্তাতকৈ আপোনাৰ চেতনা কিমান পৃথক । গেইমনে কোৱাৰ দৰে পৃথক হোৱাটো অথবা দেখাটো কোনো বেয়া কথা নিশ্চয় নহয়। 

ফিটা চিঙা হাৱাই চেণ্ডেলযোৰ আৰু এটা শেষ নোহোৱা গল্প

 


এই যাত্ৰা বৰ আমোদজনক নহ'বও পাৰে । অথচ এই যাত্ৰাতে আমি সহস্ৰবাৰ চিঞৰো। এই যাত্ৰা গৈ থকা মানুহৰ ভৰিৰ ঘামেৰে ভিজি থাকে। এই যাত্ৰাত কোনো চৰ্তৰ প্ৰতিলিপি নাই । এই এটা মাত্ৰ যাত্ৰাৰে আমি কেঁচা মাটিৰ বাটৰ পৰা শিলগুটি দিয়া ৰাস্তালৈ উঠো। এযোৰ হাৱাই চেণ্ডেলৰ পৰা এযোৰ জোতালৈ গৈ থকা এই বাটটোৰ গল্প বহুতৰে বাবে একঘেয়ামী। বহুতৰ বাবে নিজকে নতুনকৈ বিচাৰি পোৱাৰ দৰে একধৰণৰ খৰখৰণি । 

এই সময়ত আপুনি হয়তো নিউজ চেনেলটো খুলি কোনোবা আচাৰ্যৰ উপদেশ বাণী শুনিছে। কফিৰ ধোঁৱাত উপঙি সন্তানক কনভেণ্ট নে ডনবক্সত পঢ়াব তাৰে সাৰাংশ এটাত উপনীত হৈছে। নহ'লেবা বাওঁপন্থী চৰ্বীৰে ভগাই লৈছে ডণাল্ড ট্ৰাম্পৰ বিজয়ৰ খবৰ । টিভিত তেতিয়া বিগ বছ চিজন ১০ চাই ফেচবুকত সচেতন নাগৰিকৰ পাঠ পঢ়োৱা বহুজনৰ সদ্য ব‌্যস্ত আঙুলিৰ জোৰ । আন একো নহ'লেও ট্ৰেণ্ডৰ ইচ্ছু এটা এনেকৈ ষ্টেটাচবিহীনভাৱে এৰি দিব নোৱাৰি। 

বি:দ্ৰ: এই কাহিনীৰ সৈতে কোনো জীৱিত অথবা মৃত ব্যক্তিৰ কোনো প্ৰত্যক্ষ অথবা পৰোক্ষ সংযোগ নাই। 

সংযোগ হেৰাই যায়। সংযোগনো কি? মাজে মাজে আহে। মাজে মাজে নোহোৱা হৈ যায়। গাঁৱৰ ইলেকট্ৰিচিটিৰ দৰে। কিন্তু কিছুমান বস্তু নেহেৰায়। এই ধৰক গাঁৱৰ চতিয়নাজোপাৰ বাউলি গোন্ধে অঁকাই-পকাই সুৰ তোলা দোতৰাখন। সৰুমনে ভলুকাৰ বাৰীৰ পৰা চুৰ কৰি আনি বেচা বাঁহ গাজ ভৰাই ৰখা হৰলিক্সৰ বটলটো খোলোতে নাকত লগা গোন্ধ। বাচাহঁতৰ পুৰণিকলীয়া মিলটোত ওলমি থকা মকৰা জালৰ মাজৰে সোমাই অহা হেমন্তৰ এচেৰেঙা ৰ'দ । সেই ৰ'দত মিলৰ ফিটা টানি শালি ধান কুটিবলৈ লৈ উৎপলে গোৱা বিহু ফাঁকি 'অ' ৰঙামণি নাযাবি পাহৰি।' 

ৰঙামণিৰ বিয়া হৈ যায়। খনিকৰ গাঁৱৰ পৰা ৰজাপুললৈ যাওঁতে পোৱা নিৰ্জন দলঙখনত সন্ধিয়া সিহঁতক একেলগে দেখা পোৱাৰ পাছতে ৰঙামণিৰ বিয়া খাটাং কৰি পেলোৱা হয়। গাঁৱত আপেক্ষিকতাবাদৰ আকাল নাই। আধি খেতি কৰি সন্ধিয়া ৰহি অকণ ধৰা উৎপলতকৈ টেটৰ মাষ্টৰেই ভাল। দলঙৰ কাষৰ আঁহতজোপাৰ তলত ডিঙিলৈকে সেই সোপা গিলি উৎপল পৰি থাকে । ৰঙামণিক গাওঁখনে পাহৰি পেলায় । পাহৰিব নোৱাৰে উৎপলক। তাৰ মাতটোক। বিহু গীতবোৰক । 

বাচাহঁতৰ মিল তেতিয়াও চলে। ফিটাডাল চিঙিলে সি ঘৈণীয়েকক গালিও পাৰে- 'মাৰে-বাপেৰে পুৰণি মিলটোহে জীয়েকৰ ডিঙিত বান্ধি দিলে।' উৎপলহঁতৰ কেঁচা পৰ্টিকত ওলমি থাকে ষ্টেপলাৰ পিনেৰে গুঠি ৰখা পুৰণি গ্ৰীটিংছ কাৰ্ড। এটা চুকত বিষ্ণু ৰাভাৰ ফটো আৰু আনটো চুকত উৎপলৰ ভনীয়েকে এম্ব্ৰডায়েৰী কৰা টেবুল ক্লথৰ তলত ঘৰখনৰ একমাত্ৰ অভিজাত সম্পত্তি হাৰমনিয়ামখন।

এমাহমানৰ পাছত মিলটো আকৌ ঘৰঘৰাই বাজে। দলনিৰ পৰা নোদোকা হাঁহবোৰ সন্ধিয়া ডবাৰ মাত শুনি ঘৰলৈ উভতে । জাতি বাঁহজোপা যিখিনিত হাওলি পৰিছে সেইখিনিত মাজে মাজে হাঁহ একোটা হেৰায় । কোনোৱে কয় হেঁপাই নিয়ে । কোনোৱে আকৌ সৰুমনৰ নাম লয়। সংযোগ নেহেৰায় । হেৰাই সংযোগবোৰ ঘটোৱাৰ সুযোগকণ । 

বিঃদ্ৰঃ এই কাহিনীৰ সৈতে জড়িত জীৱিত অথবা মৃত ব্যক্তিসকলৰ লগত এতিয়াও বহুতৰে সংযোগ আছে। 

এনেকৈয়ে গল্প এটা আৰম্ভ হোৱা হ'লে ভাল আছিল। কিন্তু গল্পবোৰ কোৱা যিমান সহজ সিমানে সহজ পাহৰি পেলোৱাও । প্ৰতিটো যাত্ৰাৰ সহযাত্ৰী হৈ গল্পবোৰ বাগৰি ফুৰে এখন মুখৰ পৰা আন এখন মুখলৈ। পুলটোত মাছৰ পুনিবোৰ বুৰ মৰালৈকে এই যাত্ৰা চলি থাকে। যদিও টিভিৰ পৰ্দাত উখল-মাখল লাগে বুৰ্জোৱা বুদ্ধিজীৱী চিন্তাৰ। নহ'লেবা সেই একেই আফচোচ কত' দিন হ'ল ৰেডিঅ'ৰ চেনেল পকাই মুকুংচুঙৰ ষ্টেচনৰ পৰা ডিলানৰ মাতে খামুচি ধৰা নাই ঢেঁকীয়াত বাগৰি ফুৰা জোনাকী পৰুৱাবোৰ । সেই মাতত বিট মিলাই চিঞৰি থকা জিলিবোৰে জগাই তোলা নাই ফাঁচী জালত ফচি থকা ঢোঁৰা সাপটো। 

বিঃদ্ৰঃ গল্প আৰম্ভ

ইমানো সহজ নহয়। কেৰম ব'ৰ্ডৰ গুটিৰ চলাচলত খটখটাই থকা সন্ধিয়াটোত কৰবাৰ পৰা প্ৰতিধ্বনি হৈ ভাঁহি আহে সেই বাক্য- ইমানো সহজ নহয়। ফিডেল কাষ্ট্ৰোৰ মৃত্যুৰ বাতৰিটোৰ ওজন তাৰ বাবে অধিক হৈ পৰে। শেষৰখন নাও ঘাট পোৱাৰ আগতেই আৰু দুটা ডাঙৰি আনি পোৱাবহি লাগিব। কিন্তু কাষ্ট্ৰো? কাষ্ট্ৰোক এনেকৈ এৰি দিব পাৰি নেকি?

মণিহাৰি দোকানৰ সমুখৰ চালিখনত গৰম তেলত পকৰীবোৰ উপঙিবলৈ ধৰে । আজিকালি চালিখনৰ তলত ৰেডিঅ' নাবাজে। দুজনমানৰ হাতে হাতে ম'বাইল আৰু তাকেই কেন্দ্ৰ কৰি একো একোটা জবৰদস্ত আলোচনা। কাষ্ট্ৰোৰ মৃত্যুৰ খবৰো এনেকৈ আহে। 

গোবিন্দৰ ল'ৰাহঁতক ক'বলৈ মন যায় ৰেডিঅ'ত শুনা কাষ্ট্ৰোৰ ভাষণৰ সেই পুনৰাবৃত্তি- 'I joined the people।' পুলিচ ষ্টেচনৰ পৰা টনা আঁজোৰা কৰি অনা বন্দুকটো যেতিয়া জনতাৰ ঠেলা-হেঁচাত ভাঙি পৰে, তেতিয়াই কাষ্ট্ৰোৰ সমুখত এটা নতুন বাট মুকলি হয়। মানুহৰ বাবেহে নিজৰ জীৱনটো সেই কথা কাষ্ট্ৰোই বুজি উঠে। কোন ধনী, কোন দুখীয়াতকৈ কোন কেনেকৈ ধনী, কেনেকৈ দুখীয়া সেয়া নুবুজিলে মানুহৰ হৈ মাত মাতিব নোৱাৰি । এই কথাই কাষ্ট্ৰোই কৈছিল । গোবিন্দই ডাঙৰিটো আকৌ কান্ধত লয়। পকৰীবোৰ ৰঙা হ'বলৈ আৰম্ভ কৰোঁতেই দূৰৈত জিলিকি উঠে শেষৰখন নাও। আজি দুটা ডাঙৰি কমকৈ কঢ়োৱাৰ বাবে গোবিন্দৰ আক্ষেপ নহয়। গোবিন্দৰ বিৰিয়াৰ চেও যিমানেই বাঢ়ে, নিয়ম ভাঙি কুঁৱলীৰ চাদৰ এখনে সিমানেই দিচাঙক মেৰিয়াই ধৰে। 






আৰু এনেকৈয়ে দিচাঙৰ পাৰৰ গাওঁ এখনত কাষ্ট্ৰোৰ  বাবে খন্তেকলৈ হ'লেও কোনোবা ৰৈ যায়। গোবিন্দই নাৱত উঠিয়ে সিপাৰৰ গাওঁখনলৈ চায়। সদায় চোৱা গাওঁখন আকৌ এবাৰ তাৰ চকুত তুঁহজুই একুৰা হৈ জ্বলি উঠে। সেই একেই তিন পট্টিৰে কঁপি থকা ধানৰ মিলৰ সন্ধিয়া। স্কুলৰ মধ্যাহ্ন ভোজনৰ সৈতে খাহী মাংসৰে কোনোবা মাষ্টৰে পুতেকৰ জন্মদিনৰ বাবে দিয়া ভোজ। চাঙঘৰৰ তলত বেঙুনীয়া মেখেলাত তোলা সৰিয়ঁহ ফুল। নহ'লেবা টিপচাকিৰ পোহৰত মেলি লোৱা ভূচিত্ৰাৱলীত আঁক-বাঁক হোৱা মেপবোৰ। ইয়াত কাষ্ট্ৰো নাই। অথচ এতিয়াও কাষ্ট্ৰোৰ কথা ভাবি দুটা ডাঙৰি কমকৈ কঢ়িওৱা কোনোবা আছে।

সৰি পৰা আঁহতৰ পাতবোৰত বতাহ লাগি খৰখৰীয়া শব্দ একোটা হয়। পূৰণৰ বৰ নেওঁতাৰ সুৰ যিমানেই বাঢ়ে, চাঙঘৰৰ ভিতৰত সিমানেই টিপচাকিৰ পোহৰবোৰ নাচিবলৈ ধৰে। এই নাচোনেও কিছুমান বাট মুকলি কৰে। আগতে গোবিন্দই এনেকৈয়ে ভাবিছিল কথাবোৰ। আজিকালি কথাবোৰ হেনো সলনি হৈছে। নোট আৰু বাটবোৰৰ দৰেই। চহকী বাটবোৰত গোবিন্দৰ বিৰিয়া আৰু তমালৰ গুৰুত্ব নাই। বি এ পাছ গোবিন্দই সেয়ে আজিকালি তুঁহজুইতকৈ বনজুই ভালপায়। প্ৰতিদিনে পাৰ হোৱা দিচাঙখনক সি বহু কথা কয়। দূৰৈৰ পৰা চালে এনে লাগে সোণালী গাঁৱৰ বাট নোহোৱা চাপৰিটোতো কাষ্ট্ৰো সাৰে থাকে । সাৰে থাকে দৌৰত হেৰাই নোযোৱা গোবিন্দৰ দৰে কিছু মেহনতী প্ৰত্যয় । 

বিঃদ্ৰঃ সকলো গল্প সৰলৰৈখিক নহয়। 

লংকা ষ্টেচনত এজুম মানুহ লৈ গুৱাহাটীমুখী ট্ৰেইনৰ বাবে অপেক্ষা কৰে বিতু সোণোৱালে। প্লেটফৰ্মৰ পৰা সামান্য দূৰত্বত থকা বেঞ্চখন যিখন ইতিমধ্যে চৰাইৰ আতিথ্যৰে বগা হৈ পৰিছে, সেইখনতে নিজস্ব ভংগিমাৰে পৰি থাকে বিতু সোণোৱাল। মাজে মাজে সি গুৱাহাটীৰ বন্ধুবোৰলৈ ফোন লগাই। বন্ধুবোৰৰ পৰা সি অচল নোটবোৰৰ খবৰ পায় । কোনো কোনোৱে এ টি এমৰ দীঘল শাৰীৰো সুদীৰ্ঘ বৰ্ণনা দিয়ে। বেঞ্চখনক পহৰা দিয়া বগৰীজোপাৰ মাজেৰে সৰকি অহা জোনৰ পোহৰ দেখি কিছু আচৰিত হয় বিতু সোণোৱাল। জোনো ইমান ধুনীয়া হ'ব পাৰে সেই কথা বহু দিনৰ মূৰত তাৰ মনলৈ আহে। 

জোনৰ পোহৰৰ পৰা প্লেটফৰ্মৰ হালধীয়া পোহৰলৈকে চকু যায় তাৰ। হিন্দু-মুছলমানৰ পৰিচয় নেদেখুৱাকৈ মানুহবোৰ যেতিয়া অদল-বদল কৰি বেঞ্চবোৰত বহে, দৃশ্যটো বৰ অৰ্থবহ হৈ ধৰা দিয়ে বিতু সোণোৱালৰ চকুত। হিন্দু বাংলাদেশীৰ বিৰোধিতা কৰি ওলাই অহা এই খাটিখোৱা মানুহখিনিৰ ধৈৰ্য দেখি খন্তেকলৈ ৰৈ যায় বিতু সোণোৱাল। জুমটো গৰম কৰি ৰখা দুই এজন বয়োজেষ্ঠৰ কথাই বিতু সোণোৱালকো ভাবিবলৈ বাধ্য কৰায় কিতাপৰ থিয়'ৰিতকৈ মানুহৰ মতামত বহুত ওপৰত। এওঁলোক ওলাই আহিছে নিজৰ চৌকাটোৰ বাবে । নিজৰ ভেঁটিটোৰ বাবে। ওলাই আহিছে নিজৰ নামত থকা মাটি কেইবিঘা বানত উটি যোৱাৰ পাছত কি কৰিব তাৰ উত্তৰ বিচাৰি। ৰাজনীতিৰ অংকত সময় নষ্ট কৰিবলৈ এওঁলোকৰ সময় ক'ত ! এই যে উৎপলহঁতৰ ভঁৰালটো ভঙাৰ বাবে পৰ্টিকতে ৰঞ্জিত ধানবোৰ থ'ব লগা হৈছে। এই যে গোবিন্দই ক্লাছ এইট নাইনতে স্কুল এৰা ল'ৰাবোৰক তিন পট্টিৰ সলনি ধনী-দুখীয়া শ্ৰেণীৰ ব্যাখ্যা শুনাইছে । এই যে ৰঙা বেঞ্চখন বগা হৈ যোৱা স্বত্ত্বেও বিতু সোণোৱালৰ বহিবলৈ কোনো কুণ্ঠাবোধ হোৱা নাই, তাৰ সকলোৰে আঁৰত সেই এটাই সাঁথৰ। যাৰ সহজ উত্তৰ সেই চৌকাটো, সেই ভঁৰালটো, সেই বানত উটি যোৱা মাটি কেইডৰা নহ'লেবা দূৰৈৰ পৰাই চকু চাট মাৰি ধৰা একুৰা বনজুই যি মানুহক টোপনিৰ পৰা জগাব পাৰে। জগাব পাৰে এনেদৰেই চলি থাকিব পৰা নিচাৰ পৰাও। বিতু সোণোৱালে মূৰৰ ওপৰৰ আকাশলৈ চাই নিজেই নিজকে কয় 'বহু দিনৰ বিৰতিৰ মূৰত জোনাকৰ পোহৰত এজুম মানুহ দেখিলো।'

বিঃদ্ৰঃ এটা টেলিফোনিক বাৰ্তালাপৰ চমুটোকা ।

"তিয়াশীৰ জুইৰ পাছত মানুহৰ মন মৰি গৈছে। কিয় মৰি গৈছে ঘৰে ঘৰে সোমালেই বুজি পাব। তাৰপাছত বানত বুৰ যোৱা ভেঁটি, কাৰ্বিৰ সৈতে কাজিয়া, খেতি-মাটিবোৰৰ বিভাজন, সেইবোৰ ধেই কথা। সব শুনালে আজি আৰু প্ৰসাদ বিলাব নোৱাৰিম।" 

ৰতন দাইটিৰ সৈতে কথা-বতৰা শুনি এগৰাকী আয়তী নিজেই আগবাঢ়ি আহে। দাইটিয়ে মুখত গামোছা বান্ধি বিলনীয়াৰ দায়িত্ব ল'বলৈ নামঘৰত সোমায়। 

"আগৰ দৰে ডেকাবোৰ নাই। বেছিভাগেই এতিয়া কাম বিচাৰি কেৰেলা, গুজৰাট পালেগৈ। কামনো কি ! কেতিয়াবা হোম গাৰ্ড। কেতিয়াবা পেৰেগন চেণ্ডেল ফেক্টৰীত দিন হাজিৰা। বেছিভাগেই মেট্ৰিক ফেইল। ল'ৰাহঁতক আগতে কৈছিলো বোলো গাঁৱতে খেতি-বাতি কৰ। মিছাতে দূৰলৈ কিয় যাব লাগে? কিন্তু নাই, লগৰবোৰ গ'ল যেতিয়া গাঁৱতনো অকলে কি কৰিব! স্কুল আধাতে এৰি কাম বিচাৰি গুছি যায়। দুবছৰ মানৰ বিৰতিৰ পাছত আকৌ উভতি আহে। দুটা প্ৰকাণ্ড এয়াৰ বেগত পৰিয়ালৰ মানুহৰ বাবে বয়-বস্তু আনে। কিছু দিন চলিব পৰাকৈ দুই এপইচা থাকে। তাৰ পাছত আকৌ সেই একেই কাহিনী। হতাশা। মদাহী। ঘৰবোৰত কাজিয়া। সেয়ে বহুতে বিচাৰে ল'ৰাহঁত দূৰৈতে থাকক। বিচাৰি চাৱক গাঁৱত ডেকা ল'ৰা পাই নেকি? ছোৱালীবোৰৰো একেই দশা। এইট নাইনতে পলাই যোৱা বিয়া। মাজে মাজে ভাবো নামঘৰটোনো কাৰ বাবে যদিহে ৰাইজেই নাথাকে!" 

আয়তী গৰাকীয়ে একে উশাহতে কথাখিনি কৈ তামোল খোৱা মুখখন মোহাৰি লয় চাদৰৰ আঁচলেৰে। তেওঁৰ কথাবোৰে বৰলৰ দৰে কামুৰিবলৈ ধৰে চৌপাশক। গাঁৱৰ এনে বহু কাহিনী এনেদৰে আমাৰ চকুৰ সমুখতে চলাচল কৰি থাকে। এই চলাচল এদিন একঘেয়ামী হয়। আৰু এদিন স্বাভাৱিক। সেয়ে হয়তো একেবোৰ গল্পৰে পুনৰাবৃত্তি ঘটে। মাজে মাজে এনে লাগে শিলগুটি দিয়া ৰাস্তাৰে খোজ কাঢ়োতে চিঙা হাৱাই চেণ্ডেলযোৰ নিজেই এক প্ৰতীক। ভৱিষ্যতৰ আলকাতৰা দিয়া ৰাস্তাত ভোল নাযাবলৈ দিয়া এক সকীয়নি। কপিলী নহ'লেবা দিচাঙৰ পাৰে পাৰে খোজ কাঢ়োতে বাৰে বাৰে মোৰ ফিটা চিঙা হাৱাই চেণ্ডেলযোৰলৈশ। মনত পৰে গল্প নোহোৱা কাহিনীবোৰলৈ। ৰতন দাইটিৰ হুমনিয়াহ বাচাহঁতৰ মিলৰ শব্দত তল পৰে । পকা ধানবোৰ হাওলিবলৈ ধৰে। সেনাৰ উৎপাতত উৎপলে ভনীয়েকৰ বিয়াৰ তাৰিখ পিছুৱাই দিবলৈ বাধ্য হয় । খুন্দনাত আধা খুন্দা তামোল এৰি ফুলমতী আইতাই খৰকৈ মৰণাৰ উখুন মাৰে। ৰবাব টেঙাৰে কঠিয়াতলিত ফুটবল খেলা ল'ৰাহঁত জুপুকা মাৰি পিৰালিত বহি থাকে। কোনে জানে কাক কেতিয়া আৰ্মীয়ে স্কুল চৌহদলৈ মাতে। 

সেনাৰ কনভয়ৰ আগে আগে দুলি দুলি গৈ থকা ডাঙৰিবোৰে গাঁওবোৰৰ আন এক বিৱৰণ দিবলৈ আৰম্ভ কৰে। এই বিৱৰণত গল্পৰ দৰে কাহিনী নাই। কাহিনীৰ দৰে চৰিত্ৰও নাই । চৰিত্ৰৰ দৰে কথোপকথন নাই। এই বিৱৰণ কেৱল বিৱৰণ। কেতিয়াবা নঙলা মুখৰ। কেতিয়াবা ভঁৰালৰ গাতে আওজাই থোৱা ৰাঁচকেইখনৰ। কেতিয়াবা পিছ চোতালৰ জুইকুৰাত উতলি থকা কেটলিটোক আগুৰি থকা পৰিয়ালটোৰ। কেতিয়াবা আকৌ তিনি আলিৰ কেৰম ব'ৰ্ডত বেছিকৈ ঢালি দিয়া বৰিক গুচাবলৈ জোৰকৈ মৰা হাত চাপৰিৰ। 

প্ৰিয় পাঠক, ইয়াৰ মাজৰ গল্পটো বিচাৰি লোৱাৰ দায়িত্ব আপোনাৰ। 

বিঃদ্ৰঃ এই গল্পৰ কোনো সামৰণি নাই। 


ছাইবৰণীয়া

 

মুখৰ ওপৰত পৰি থকা কিতাপখন আঁতৰাই খপজপকৈ উঠিল পাৰমিতা। পঢ়ি থাকোতেই কেতিয়ানো টোপনি গৈছিল খবৰ নাছিল তাইৰ। বৰষুণৰ ঝৰঝৰ শব্দই গোটেই মানুহজনীকে কোবাই থৈ গ'ল । টিঙৰ বৰষুণৰ শব্দত কিবা এক অনামী মোহ আছে। বহুদিন এই শব্দ শুনা নাছিল পাৰমিতাই। চহৰৰ বাঢ়ি অহা শূণ্যতা আৰু কমি অহা আবুৰতাৰ সৈতে এই শব্দ একেবাৰে অসংযোজনীয় । সমুখৰ খিৰিকীৰে দেখা গ'ল দূৰৈৰ পাহাৰত ওলমি থকা ডাৱৰবোৰ । দুপৰীয়া গুলছন আহিছিল আৰু চহৰৰ এমূৰৰ এই সৰু কোঠাটো পাৰমিতাৰ বাবে যোগাৰ কৰি থৈ গৈছিল। ডাৱৰৰ বাবে ফ্লাইট এক ঘণ্টা পলমকৈ চলিছিল। সেয়ে আহি পাই লগ কৰিম বুলি ভাবি থকা মানুহ গৰাকীৰ সৈতে আজি আৰু দেখাদেখি নহ'ল তাইৰ । বৰষুণৰ টোপালবোৰ খোলা খিৰিকীৰে সোমাই পাৰমিতাৰ মুখত পৰিল। এই পাহাৰীয়া চহৰ পাৰমিতাৰ বাবে একেবাৰে নতুন। হয়তো বৰষুণৰ বাবেই চহৰখনক একেবাৰে উদাসীন আৰু অস্পষ্ট যেন লগা হৈছে। অথচ এই চহৰে কতবোৰ ইতিহাস পুহিছে। এই চহৰে বাৰুদক যিদৰে চিনে । সেইদৰে নাঙঠ হৈ আছাম পুলিচ ৰেপ আচ বুলি চিঞৰিবলৈও সাহস কৰে । এই চহৰে বহু নাৰীৰ মুখ কঠোৰ কৰে।  সেই নাৰী কেতিয়াবা কাৰোবাৰ মাতৃ, কেতিয়াবা কাৰোবাৰ ভগ্নী, কেতিয়াবা কাৰোবাৰ পত্নী। কেতিয়াবা এক দীঘলীয়া অনশন চলাই থকা মৌন প্ৰতিবাদী । 


পিছদিনা চাৰিখন দেৱালৰ মাজত বন্দী এই প্ৰতিবাদীক দেখোতে পাৰমিতাই চহৰখনৰ দুঃসাহসৰ অনুমান কৰিব পাৰে। কিবা এক শিহৰণত তাই লগত যোৱা গুলছনৰ হাতখনকে খামুচি ধৰে। কেইবাটাও দীঘলীয়া অধ্যায়ৰ পাছতহে এই নাৰীক লগ পোৱাৰ অনুমতি লাভ কৰিছে পাৰমিতাই। এই ক্ষেত্ৰত সহায় কৰিছে তাইৰ এসময়ৰ বিশ্ববিদ্যালয়ৰ বন্ধু গুলছনে। 

চিকিউৰটিয়ে গিজগিজাই থকা ইম্ফলৰ বাটবোৰ চাই চাই কেতিয়ানো পাৰমিতাই জৱাহৰলাল নেহৰু হস্পিটেলৰ দীঘল ক'ৰিডৰটোত সোমাল গমেই নাপালে। গ্ৰীলৰ তলা খোলাৰ শব্দত গোটেই ক'ৰিডৰটো বিকট চিঞৰত কঁপি উঠিল। হস্পিটেলৰ শান্ত পৰিৱেশ যদিও ক'ৰবাত যেন বেলেগ শৰ্মিলাৰ কোঠালৈ লৈ যোৱা এই ক'ৰিডৰৰ নিৰৱতা। অনুমতি পত্ৰ আকৌ এবাৰ খুঁটি-নাটি মাৰি চোৱা হ'ল । বেগত লৈ যোৱা ডায়েৰীখনো তন্ন তন্নকৈ মেলি চোৱা হ'ল । সমুখৰ হোৱাইট বৰ্ডখনত লিখি থোৱা ৰোগীৰ নাম আৰু ডিচাৰ্জৰ তাৰিখৰ ওপৰেদি চকু গ'ল পাৰমিতাৰ। বৰ্ডখনৰ একেবাৰে ওপৰত শৰ্মিলাৰ নাম। এডমিতৰ তাৰিখ আছে, ডিচাৰ্জৰ নাই। 










আধা খোলা খিৰিকীৰে ইম্ফলৰ আকাশত চকু শৰ্মিলাৰ । কিন্তু এই খিৰিকীৰে দূৰৈৰ পাহাৰবোৰ নমনি । বাহিৰৰ বৰষুণৰ এচাৰকণিও ভিতৰত আহি নপৰেহি। কিছু কিতাপ আৰু পুতলাই আগুৰি থকা মানুহজনীলৈ পাৰমিতাৰ এক মায়া উপজিল। তাইৰ সমুখত কেঁকুৰা চুলিৰ চল্লিশ বছৰীয়া এক মানৱ অধিকাৰ কৰ্মী যাৰ নাকেৰে ষোল্ল মিলিমিটাৰ এডাল পাইপ ভৰাই দিয়া হৈছে। পোন্ধৰ ইঞ্চি তললৈ সোমাই যোৱা সেই পাইপসহঃ শৰ্মিলাই পাৰমিতাৰ প্ৰশ্নবোৰৰ চুটিকৈ উত্তৰ দিলে। 

এসময়ত সিহঁতৰ নিৰ্ধাৰিত সময় শেষ হোৱাৰ ইংগিত দি গ'ল এজন জোৱানে। কি ক'লে পাৰমিতাৰ আগত শৰ্মিলাই? 

এটা সহজ, সৰল জীৱনৰ সপক্ষে থকাৰ কথা। 
শিশুৰ স্বাধীন হাঁহিবোৰৰ কথা। 
বাৰুদৰ পৰিৱৰ্তে সত্যাগ্ৰহৰ কথা। 

এনেকুৱা মানুহো আজিৰ এই জটিল দুনিয়াত তিষ্ঠি  থাকেনে? 

উভতি আহোঁতে গুলছনে ক'লে যিমানে অশান্ত অঞ্চলৰ ম‌্যাদ বঢ়োৱা হৈছে সিমানেই সাধাৰণ মানুহৰ যাতনা বাঢ়ি গৈছে। বাঢ়ি গৈছে মানুহৰ মাজত অবিশ্বাস আৰু প্ৰতাৰণাৰ চৰিত্ৰ। ডেকাবোৰে খঙতে ম্যানমাৰ পাইছেগৈ। প্ৰশিক্ষণ লৈছে মিলিটেৰীৰ । কিন্তু নাৰী আৰু অবুজ শিশুবোৰ ! সিহঁতি ক'ত যাব? সিহঁতৰ বাবে নিজৰে জন্মভূমি আজি পঢ়ি শেষ কৰিব নোৱাৰা গধূৰ ইতিহাস। 

গুলছনেও জানে পাৰমিতাই এইবোৰ লিখালিখি কৰি একো কৰিব নোৱাৰে। এটা দায়িত্ব লৈ আহিছে। সেইটো শেষ কৰি তাইও পাহৰি যাব এই চহৰৰ উদাসীনতাক। তথাপি তাৰ মুখেৰে ওলাই আহিল কথাবোৰ। 

পাৰমিতাই এয়াৰপৰ্টত সোমোৱাৰ আগেয়ে এবাৰ সাৱটি ধৰে গুলছনক। সৌজন্যতাত। সমবেদনাত নহয়। 

- একেই আমাৰ মূৰৰ ওপৰেদি পাৰ হৈ যোৱা আকাশখন। মাত্ৰ মাটিৰ পৰা চালে বেলেগ বেলেগ দেখি। 

সেয়াই আছিল পাৰমিতাই গুলছনক কোৱা শেষ কথা।
                                  ***

ভোজপুৰী গানৰ সুৰবোৰ গলিটোত খাপ খাব পৰা নাছিল। সন্ধিয়াৰ এই সময়খিনিত শংকৰৰ দোকানখনৰ পৰা এনেকুৱা গান ভাঁহি অহাটো এই গলিটোৰ এক ৰুটিন হৈ পৰিছে। অন্ততঃ যোৱা দুই সপ্তাহত পাৰমিতাই আশ্ৰয় লোৱা বান্ধৱী প্ৰিয়ংকাৰ বাবে লাহে লাহে এই গান একধৰণৰ নিৰ্দেশৰ দৰে হৈ পৰিছে। এইখিনি সময়তে তাই দুকাপ কফি কৰে আৰু ঠিক তেতিয়াই প্ৰিয়ংকা আহি পায় । তাইৰ মুখত কিন্তু শংকৰৰ প্ৰতি একধৰণৰ অসন্তুষ্টি লাগিয়ে আহে।

- কি সোপা যে বজাই থাকে। কিমান কৈছো ভলিউম কমাবলৈ । নাই কোনো কাণসাৰেই নাই। যেন বিহাৰহে এইখন। 

- সিটো সেই বুলিয়ে ভাবি ল'ব । 

- কিয় ভাবিব? দিম কিয় ভাবিবলৈ তাক তেনেকৈ?

- নিজৰ পৰিয়াল, পৰিচয় এৰি থৈ ইয়াত ধোবাৰ কাম কৰিছে। ইয়াত তাৰ নিজৰ ঠাইৰ দৰে পৰিৱেশ নাই। সন্মানো নাই। চাগৈ মাজে মাজে গানৰ মাজেৰেই উভতি যায় নিজৰ গাঁৱলৈ । 

- তই ইমান মানৱতাবাদী কেতিয়াৰ পৰা হ'লি ? 

- যেতিয়াৰ পৰা তই ৰেচিষ্ট হ'বলৈ শিকিলি।

পাৰমিতাই কথাষাৰ কৈয়ে জোৰকৈ হাঁহি দিয়ে । এন জি অ'ৰ একঘেয়ামী কামত বিৰক্ত হৈ প্ৰিয়ংকা যুঁজিবলৈ আৰম্ভ কৰিছে নিজৰ ভিতৰৰ যুঁজখনত । 

- হৈছে কি তোৰ?

- এনেকৈ কাম কৰিব নোৱাৰি । মানুহৰ মাজত কাম কৰাৰ নামত মইচোন তেওঁলোকৰ গোপনীয় তথ্যবোৰহে যোগান ধৰি আছো অফিচত ।

- অ' সেইটোৱেই তোৰ কাম । 

- নহয়, এইটো মোৰ ব্যক্তিগত আদৰ্শৰ বাহিৰত। মই আগতে গম পোৱা নাছিলো যে এইবোৰ তথ্য বাহিৰত বিক্ৰী হয় । 

পাৰমিতাই বুজিলে প্ৰিয়ংকা যুঁজি আছে নিজৰেই লগত । কিন্তু এই যুঁজ ক'ত নাই ! সকলো মানুহে প্ৰফেচনেল হওঁতে এনেকুৱা এখন যুঁজ নিজৰ লগত কৰে । কেতিয়াবা নিজৰ লগত হাৰে । কেতিয়াবা এটা কাম বাদ দি আন এটা কামত সোমাই আকৌ পুৰণি যুঁজখনকে নতুন ধৰণে আৰম্ভ কৰে। 

- এনেধৰণৰ কাম মই কৰিব নোৱাৰো। লাগিলে ইয়াৰ ভোজপুৰী গানকে শুনি শুনি মৰিম। 


এইখিনি কথা যোৱা দুসপ্তাহত পাৰমিতাৰ মুখস্থ হৈ গৈছে। প্ৰিয়ংকাক তাই একো উপদেশ দিবলৈ আগ্ৰহী নহয় এই ক্ষেত্ৰত । তাই জানে এন জি অ'ত কাম কৰা অন্তৰীপৰ প্ৰতি প্ৰিয়ংকা দুৰ্বল হৈছে। আৰু এই দুৰ্বলতাৰ খাতিৰত কৰি থকা কামটোতকৈ মানুহটোৰ ভিতৰলৈহে তাই বেছি সোমাই গৈছে। তেন্তে বুজাবুজি কোনে কৰিছে ? পাৰমিতাৰ ক'বলৈ মন যায় প্ৰিয়ংকাক- এনে বুজাবুজিত কোনো কাৰো হ'ব নোৱাৰে। কাৰোবাৰ হ'বলৈ নিজক চিনি পোৱাটো জৰুৰী। যিটো হয়তো কোনো মানুহেই বুজাবুজিৰ মাধ্যমত কৰিব নোৱাৰে। 

পাৰমিতাই কাইলৈৰ গন্তব্যৰ বাবে বেগত কাপোৰবোৰ সামৰে। 

- তোৰ লগত মইও যাব পৰা হ'লে !

- ব'ল, তোক কোনে ৰখাই থৈছে। 

প্ৰিয়ংকাই সেমেকা হাঁহি এটা লৈ বাথৰুমত সোমায়।

                              ***

যি ঠাইত নাওখন ৰৈছেহি তাৰ পৰাই আৰম্ভ হৈছে  চাপৰিবোৰ । পানীৰ সোঁত এইখিনিতে বাঢ়িছে। তাৰ সমান্তৰালকৈ ঘাটটোক কেন্দ্ৰ কৰি একধৰণৰ চিঞৰ বাখৰ বাঢ়ি আহিছে। ধূলিয়ৰি বাটটো পাৰ কৰাই নিবলৈ কেইখনমান জীপগাড়ী । কাষৰ চিটত ধূলিৰ বাবেই কোনো বহিব নোখোজে। সেয়ে ঘণ্টাৰ পাছত ঘণ্টা ৰৈ আছে জীপবোৰ। যাত্ৰীবোৰো বিৰক্ত হৈছে। তাকে লৈ চমু কাজিয়া। কথাৰ তৰ্কাতৰ্কি। 



পাৰমিতাক উদ্দেশ্য কৰি কেইবাখনো জীপৰ ড্ৰাইভাৰ আগুৱাই আহিল । আটাইৰে একেই খোৱা-কামোৰা। 

- বাইদেউ আহক, আমাৰ জীপত মাজৰ চিট পাব ।

পাৰমিতা ৰৈ যায়। সমুখৰ কলমৌডৰাৰ ফুলবোৰ বতাহত হালি-জালি উঠে। পাতত লাগি থকা বালিবোৰ ৰ'দতে চিকমিক কৰে । শৈশৱত কলমৌৰ মাজে মাজে পাৰমিতাই সোণপৰুৱা বিচৰাৰ খেল খেলিছিল। যাৰ হাতত আটাইতকৈ ধুনীয়া সোণপৰুৱা তায়ে হয় ৰাণী। কেতিয়াও পাৰমিতাৰ হাতত পৰা নাছিল সকলোতকৈ শুৱনি সোণপৰুৱা। সেয়ে তাই হৈছিল খেলৰ ৰজা। ৰজা হৈয়ে তাইৰ ভাল লাগে । গিৰিপ-গাৰাপ খোজেৰে পাৰমিতা নদীৰ কাষৰ শিলটোত বহে। তাৰপাছত আৰম্ভ হয় ৰাজকাৰ্য। আৰু তেনেকুৱা এক খেলৰ মাজতে আলফা মামা আহিছে বুলি শুনি পাৰমিতা ৰাজকাৰ্য এৰি দৌৰে ঘৰলৈ। 

যোৱা মাহত মিণ্টু মামা ঢুকাল। ছালফা হোৱাৰ পাছতে মদ খোৱাটো বাঢ়িছিল। ঘৰৰ কাৰো হাক-বাচন মনা নাছিল। মৰাৰ সময়ত এবাৰ পাৰমিতাক চাব খুজিছিল। কিন্তু তাই আহি পাব নোৱাৰিলে।

সেই মিণ্টু মামাই কৈছিল নদীক বুজা সহজ নহয়। তাতোকৈ ডাঙৰ কথা নদীপৰীয়া মানুহৰ আৱেগ আৰু আদৰ্শ একাকাৰ কৰাটো। আত্মসমৰ্পন কৰাৰ আগলৈকে মিণ্টু মামাৰ কথা মনত পেলাই প্ৰতিটো উৎসৱৰ নিশা পাৰমিতাৰ মাক উচুপিছিল। কিন্তু আত্মসমৰ্পন কৰাৰ খবৰ পোৱাৰ দিনা মাকৰ মুখ আছিল গহীন । ভাতৰ পাতত বহিও অন্যমনস্ক হৈ থকা মাকক জোকাৰি দিওঁতে তেওঁ কৈছিল - বুইছ মিতা, তোৰ মোমায়েৰ শ্বহীদ হোৱা হ'লে আজি মই মূৰ তুলি থাকিব পাৰিলোহেঁতেন !

মানুহক মূৰ তুলি থাকিবলৈও লাগে আন মানুহৰ স্বাভিমান। আন মানুহৰ চৰম ত্যাগ। এই কথা বুজি পাবলৈ পাৰমিতাৰ বহু বছৰ লাগিল। এই নদীয়ে এনেকুৱা কত বছৰ বোৱাই লৈ গৈ বালিত পুতি পেলালে । বোধকৰোঁ সেই বাবেই মানুহে যুঁজৰ কাৰণ এটা বিচাৰি ফুৰে । বিচাৰি ফুৰে মানুহৰ পৰা মানুহৰ মাজলৈকে গৈ থকাৰ নিৰৱিচ্ছিন্ন বাট এটা । এই ঘাট পাওঁতেই তাই ফেচবুকত খবৰ পাইছিল গুলছনৰ অপহৰণৰ। সেয়াই তাৰ সৈতে শেষ সাক্ষাৎ বুলি জনা হ'লে পাৰমিতাই কিছু কথা খুলাখুলিকৈ ক'লেহেঁতেন। কিছু নিজৰ কথা । দুজন বন্ধুৱে ভগাই ল'ব পৰা কিছু অমিল হৈও মিলি যোৱা কথা । সেই সুযোগ দুনাই নাহিব । অলপ আগতে প্ৰিয়ংকাইও মেচেজ দিছে- 'তোক ফোনত পোৱা নাই। শংকৰক কোনোবাই বৰ বেয়াকৈ ৰাস্তাতে কোবালে। বহুত তেজ গৈছে। মই হস্পিটেল আনিছো ।' পাৰমিতাই ৰিপ্লাইত প্ৰিয়ংকাক মানৱতাবাদী বুলি জোকাব পৰা নাই। তাই মাত্ৰ ম'বাইলত টাইপ কৰিলে- 'ঘৰ পাই ফোন কৰিম।'

 বতাহ লাগি পাৰমিতাৰ চুটি চুলিবোৰ আউল বাউল হৈ পৰে । চান গ্লাছযোৰ পিন্ধি লয় তাই আৰু ড্ৰাইভাৰক কয়- ব'লক মই কাষৰ চিটতে বহিম । 

ধূলিয়ৰি বাটটোত তাই দেখা পোৱা দূৰত্বলৈ এটাই ৰং বিয়পি পৰে - ছাইবৰণীয়া ।