Monday, 28 September 2026

বিদ্যালয় শিক্ষাত দুৰ্যোগ ব্যৱস্থাপনা

 বিদ্যালয় শিক্ষাত দুৰ্যোগ ব্যৱস্থাপনা

ড• জুৰি বৰুৱা 

শেহতীয়াকৈ নিম্ন হিমালয় অঞ্চলত হোৱা প্ৰাকৃতিক দুৰ্যোগে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কে কিছু কথা নতুনকৈ ভাবিবলৈ বাধ‍্য কৰিছে। কাৰণ সামগ্ৰিকভাৱে এই গোটেই অঞ্চলটোৰ বিদ‍্যালয় স্থাপত্যত দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিভাষা একেবাৰে নিম্নমানৰ। প্ৰাকৃতিক দুৰ্যোগে হওক অথবা মানৱসৃষ্ট ঘটনাই সৃষ্টি কৰা দুৰ্যোগ—এইবোৰে বয়সৰ কোনো ভেদাভেদ নামানে। এনে পৰিস্থিতিত শিশু আৰু কিশোৰ-কিশোৰীসকলেই আটাইতকৈ স্পৰ্শকাতৰ। কাৰণ বহু সময়ত তেওঁলোকৰ নিজকে সুৰক্ষিত কৰা আৰু আনক সহায় কৰাৰ বাবে প্ৰয়োজনীয় জ্ঞান, দক্ষতা আৰু মানসিক স্থিৰতা নাথাকে। এনে অসুৰক্ষিত অৱস্থাই প্ৰমাণ কৰে যে বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা শিক্ষা পাঠ্যক্ৰমৰ কোনো গৌণ সংযোজন নহয় । বৰং সামগ্ৰিক শিক্ষাৰ এক অত্যাৱশ্যকীয় আৰু অনিবাৰ্য অংশ। বিদ্যালয় শিক্ষাৰ জৰিয়তে দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ অৰ্থাৎ প্ৰস্তুতিৰ এক সংস্কৃতি গঢ়ি তুলিব পাৰি।যি শ্ৰেণীকোঠাৰ বাহিৰতো ছাত্ৰ-ছাত্ৰীক আত্মবিশ্বাসী কৰি তুলিব পাৰে। তাৰোপৰি প্ৰতিদিনে দীঘলীয়া সময়ৰ বাবে বিদ্যালয়ত বৃহৎ সংখ্যক শিশু একেলগে থাকে। সেয়েহে দুৰ্যোগৰ সময়ত বিদ্যালয় এক উল্লেখযোগ্য বিপদৰ স্থান হোৱাৰ লগতে দুৰ্যোগৰ বাবে প্ৰস্তুতিৰ জ্ঞান প্ৰচাৰৰ এক অতুলনীয় মাধ্যমো।

বানপানী, ভূমিকম্প বা অগ্নিকাণ্ডৰ সময়ত কেনেদৰে সঠিকভাৱে সঁহাৰি দিব লাগে সেই কথা শিকা এটা শিশুৱে সেই জ্ঞান ঘৰলৈ লৈ যোৱাৰ সম্ভাৱনা অধিক। তেওঁ পিতৃ-মাতৃ, ভাই-ভনী আৰু ওচৰ-চুবুৰীয়াৰ সৈতে সেই জ্ঞান ভাগ-বতৰা কৰিব পাৰে, যিসকলে হয়তো আন কোনো মাধ্যমৰ জৰিয়তে এনে প্ৰশিক্ষণ লাভ নকৰিবও পাৰে। এইদৰে বিদ্যালয়ৰ দুৰ্যোগ শিক্ষা এক আহিলা হিচাপে কাম কৰি শিশুৰ জৰিয়তে সম্পূৰ্ণ পৰিয়াল আৰু সমাজলৈ প্ৰস্তুতিৰ বাৰ্তা লৈ যায়।

ভাৰতৰ দৰে দেশত, য’ত বিভিন্ন অঞ্চল বিভিন্ন ধৰণৰ দুৰ্যোগৰ আশংকাৰে ভৰা—যেনে অসম আৰু বিহাৰৰ নদী-ভিত্তিক বানপানী, হিমালয় অঞ্চলৰ ভূমিকম্পৰ আশংকা আৰু পূব তথা পশ্চিম উপকূলৰ ঘূৰ্ণীবতাহ—তেনে পৰিস্থিতিত অঞ্চলভিত্তিক দুৰ্যোগ শিক্ষাৰপ্ৰয়োজনীয়তা বিশেষভাৱে গুৰুত্বপূৰ্ণ। অৱশ‍্যে দেশখনৰ ভৌগোলিক আৰু জলবায়ুগত বৈচিত্ৰ্যৰ বাবে সকলো অঞ্চলৰ বাবে একে ধৰণৰ পদ্ধতি উপযোগী নহয়। বিদ্যালয়সমূহে নিজৰ শিক্ষাৰ্থীসকলৰ বাবে প্ৰাসংগিক স্থানীয় বিপদসমূহৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্যোগ শিক্ষাৰ পাঠ্যক্ৰম স্থানীয়ভাৱে প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।



বিদ্যালয়ভিত্তিক দুৰ্যোগ শিক্ষাৰ মূল উপাদানসমূহ

বিদ্যালয়ত ফলপ্ৰসূ দুৰ্যোগ ব্যৱস্থাপনা শিক্ষা কেইবাটাও পৰস্পৰ-সংযুক্ত উপাদানৰ ওপৰত নিৰ্ভৰশীল। প্ৰথমটো হৈছে বিপদ সম্পৰ্কীয় সজাগতা। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলক তেওঁলোকৰ অঞ্চলত সংঘটিত হোৱাৰ সম্ভাৱনা থকা বিভিন্ন ধৰণৰ দুৰ্যোগৰ বিষয়ে পৰিচয় কৰাই দিব পাৰি। ইয়াত দুৰ্যোগৰ কাৰণ, সতৰ্কবাণীৰ সংকেত আৰু সাধাৰণতে কেনে ধৰণে দুৰ্যোগ সংঘটিত হয় সেই বিষয়ে বুজোৱাটো জৰুৰী। 

দ্বিতীয়তে, আৰ্হি অনুশীলন আৰু অনুকৰণমূলক অনুশীলন। উদাহৰণস্বৰূপে- ভূমিকম্পৰ সময়ত ব্যৱহৃত সুপৰিচিত ‘Drop, Cover and Hold’ পদ্ধতি বা অগ্নিকাণ্ডৰ সময়ত নিৰাপদে বাহিৰলৈ ওলাই যোৱাৰ অনুশীলনৰ দৰে ব্যৱহাৰিক অনুশীলনে তাত্ত্বিক জ্ঞানক বাস্তৱ পৰিস্থিতিত ব্যৱহাৰ কৰিব পৰা দক্ষতালৈ ৰূপান্তৰ কৰে। সেইদৰে বানপানীৰ পূৰ্বে চলোৱা প্ৰস্তুতি অথবা বানৰ সময়ত লোৱা সাৱধনতাই সংকটৰ সময়ত মানসিক চাপৰ মাজতো শিক্ষাৰ্থীয়ে এই অনুশীলনৰ জৰিয়তে শিকা প্ৰতিক্ৰিয়া স্বাভাৱিকভাৱে প্ৰয়োগ কৰিব পাৰে।

তৃতীয়তে, প্ৰাথমিক চিকিৎসা আৰু মৌলিক জীৱন-সহায়ক প্ৰশিক্ষণ। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে দুৰ্যোগৰ তাৎক্ষণিক পৰৱৰ্তী সময়ত পেছাদাৰী উদ্ধাৰকাৰী দল উপস্থিত হোৱাৰ আগতেই নিজকে আৰু আনক সহায় কৰিব পৰা ব্যৱহাৰিক দক্ষতা আহৰণ কৰে।

চতুৰ্থতে, বিদ্যালয়ৰ দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা। আদৰ্শভাৱে শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ অংশগ্ৰহণেৰে প্ৰস্তুত কৰা এনে পৰিকল্পনাত নিৰাপদে বাহিৰলৈ ওলাই যোৱাৰ পথ, সমবেত হোৱাৰ স্থান, বিভিন্ন ব্যক্তি বা গোটৰ দায়িত্ব আৰু কৰ্তব্য, লগতে পিতৃ-মাতৃৰ সৈতে যোগাযোগৰ স্পষ্ট নিয়ম নিৰ্ধাৰণ কৰা উচিত।

পঞ্চমতে, মানসিক-সামাজিক প্ৰস্তুতি। এই দিশটো প্ৰায়ে উপেক্ষা কৰা হয় যদিও ইয়াৰ গুৰুত্ব যথেষ্ট  বেছি। দুৰ্যোগে মানুহৰ মনত দীৰ্ঘস্থায়ী মানসিক আঘাত সৃষ্টি কৰিব পাৰে। সেয়েহে শিক্ষাৰ্থী আৰু শিক্ষকসকলক মানসিক আঘাতৰ প্ৰতিক্ৰিয়া আৰু আৱেগিক সহায়ৰ বিষয়ে মৌলিক জ্ঞান প্ৰদান কৰিলে বিদ্যালয়সমূহে কেৱল দুৰ্যোগৰ সময়ত জীৱন ৰক্ষা কৰাই নহয়, পৰৱৰ্তী পুনৰুদ্ধাৰ প্ৰক্ৰিয়াতো সহায় কৰিব পাৰে।

উল্লেখযোগ‍্য যে দুৰ্যোগ ব্যৱস্থাপনা শিক্ষা ফলপ্ৰসূ কৰিবলৈ ইয়াক মাজে-সময়ে অনুষ্ঠিত সজাগতা অভিযান বা এককালীন কৰ্মশালাৰ মাজতে সীমাবদ্ধ ৰাখিব নোৱাৰি। ভূগোল, বিজ্ঞান আৰু সমাজবিজ্ঞান আদি বিষয়ৰ নিয়মীয়া পাঠ্যক্ৰমৰ সৈতে ইয়াক সংযুক্ত কৰিব লাগিব। তেতিয়াহে বিপদ, অসুৰক্ষিততা আৰু বিপদৰ আশংকাৰ দৰে ধাৰণাসমূহ পৃথক তথ্য হিচাপে নহয়, এক সংহত পদ্ধতিৰে উঠি অহা প্ৰজন্মক শিকাব পৰা যাব। পাঠ্যক্ৰম আৰু প্ৰতিষ্ঠানগত সংযোগ বৰ্তমান প্ৰেক্ষাপটত অসমৰ গ্ৰাম‍্য আৰু নগৰ অঞ্চলৰ বিদ‍্যালয় শিক্ষাৰ বাবে অতি প্ৰাসংগিক। 

ভাৰতৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (National Disaster Management Authority) আৰু কেইবাখনো ৰাজ্যৰ শিক্ষা ব’ৰ্ডে এই দিশত পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু বিদ্যালয়ৰ পাঠ্যক্ৰমত দুৰ্যোগ ব্যৱস্থাপনাক বিষয় বা একক হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে যদিও বিভিন্ন ৰাজ্য আৰু বিদ্যালয়ৰ মাজত ইয়াৰ বাস্তৱায়ন সমান নহয়। এই ক্ষেত্ৰত শেহতীয়া উজনি অসমৰ বানত বিধ্বস্ত বিদ‍্যালয়সমূহৰ দুৰৱস্থাই বহু কথা প্ৰমাণ কৰে। 

কোনো সন্দেহ নাই যে পাঠ্যক্ৰমৰ বিষয়বস্তুৰ সমানেই প্ৰতিষ্ঠানগত দায়বদ্ধতাও গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে, বিদ্যালয়সমূহত এজন নিৰ্দিষ্ট দুৰ্যোগ ব্যৱস্থাপনা সমন্বয়ক, নিয়মীয়াকৈ পৰীক্ষা আৰু উন্নীত কৰা অগ্নিনিৰ্বাপক যন্ত্ৰ, স্পষ্টভাৱে চিহ্নিত বাহিৰলৈ ওলাই যোৱাৰ পথ আৰু সময়ে সময়ে কোনো আগজাননী নিদিয়াকৈ কৰা অনুশীলন থকা উচিত। কেৱল পূৰ্বনিৰ্ধাৰিত আৰু অনুমান কৰিব পৰা অনুশীলনৰ ওপৰত নিৰ্ভৰ নকৰি বাস্তৱ পৰিস্থিতিত বিদ্যালয়ৰ প্ৰস্তুতি পৰীক্ষা কৰা অতি প্ৰয়োজন। এই ক্ষেত্ৰত শিক্ষকৰ প্ৰশিক্ষণো সমানেই গুৰুত্বপূৰ্ণ। কাৰণ দুৰ্যোগৰ সময়ত বিদ্যালয়ৰ ভিতৰত শিক্ষকসকলেই প্ৰায়ে প্ৰথম সঁহাৰিদাতা হিচাপে কাম কৰে। তেওঁলোকৰ আত্মবিশ্বাস আৰু দক্ষতাই জৰুৰী পৰিস্থিতিত শিক্ষাৰ্থীসকলে কিমান শান্ত আৰু ফলপ্ৰসূভাৱে সঁহাৰি জনাব তাক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে।

দুৰ্যোগ ব্যৱস্থাপনা শিক্ষাৰ মূল্য কেৱল তাৎক্ষণিকভাৱে জীৱন ৰক্ষা কৰাৰ দক্ষতাৰ মাজতে সীমাবদ্ধ নহয়। ইয়াৰ উদ্দেশ‍্য দীৰ্ঘম্যাদী স্থিতিস্থাপকতা গঢ়ি তোলা। ই শিক্ষাৰ্থীসকলৰ মাজত প্ৰস্তুতি, বিপদৰ প্ৰতি সজাগতা আৰু নাগৰিক দায়বদ্ধতাৰ এক মানসিকতা গঢ়ি তোলে, যি তেওঁলোক প্ৰাপ্তবয়স্ক হোৱাৰ পিছতো তেওঁলোকৰ সৈতে ৰৈ যায়। যিসকল শিশুৱে আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা, নিৰাপদ নিৰ্মাণ পদ্ধতি আৰু সমাজভিত্তিক দুৰ্যোগ মোকাবিলা ব্যৱস্থাৰ গুৰুত্ব বুজি ডাঙৰ হয়, তেওঁলোক ভৱিষ্যতে নিজৰ সমাজত দুৰ্যোগৰ আশংকা হ্ৰাস কৰাৰ প্ৰচেষ্টাত সহায় কৰা আৰু নেতৃত্ব দিয়াৰ ক্ষেত্ৰত অধিক আগ্ৰহী আৰু সক্ষম হোৱাৰ সম্ভাৱনা থাকে। এনে অৰ্থত বিদ্যালয়ভিত্তিক দুৰ্যোগ শিক্ষা কেৱল ব্যক্তিগত সুৰক্ষাৰ বাবে কৰা বিনিয়োগ নহয়; ই সমগ্ৰ সমাজৰ দীৰ্ঘম্যাদী স্থিতিস্থাপকতাৰ বাবেও এক গুৰুত্বপূৰ্ণ বিনিয়োগ।

উল্লেখযোগ‍্য যে জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত এনে শিক্ষাৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে। জলবায়ু পৰিৱৰ্তনে বিশ্বৰ বহু অঞ্চলত বানপানী, তাপপ্ৰবাহ আৰু ঘূৰ্ণীবতাহৰ দৰে বিপদৰ সঘনতা আৰু তীব্ৰতা বৃদ্ধি কৰিছে। বিপদৰ পৰিৱৰ্তিত পৰিৱেশত পৰৱৰ্তী প্ৰজন্মক কেৱল দুৰ্যোগৰ পৰা বাচি থাকিবলৈ নহয়, বৰং ইয়াৰ অন্তৰ্নিহিত কাৰণসমূহ—যেনে পৰিৱেশৰ অৱক্ষয় আৰু অস্থায়ী তথা বহনক্ষমতাহীন উন্নয়ন—বুজিবলৈও সক্ষম কৰি তুলিব লাগিব। লগতে অধিক স্থিতিস্থাপক আৰু পৰিৱেশ-সংবেদনশীল সমাজ গঢ়ি তোলাত তেওঁলোকক অৰ্থপূৰ্ণভাৱে অংশগ্ৰহণৰ সুযোগ দিব লাগিব।

এই ক্ষেত্ৰত জাপানৰ দৰে দেশত দুৰ্যোগ ব‍্যৱস্থাপনাক লৈ সজাগতা মন কৰিবলগীয়া। জাপানৰ কামাইশি চহৰ । চুনামিৰ দীঘলীয়া ইতিহাস থকা এখন উপকূলীয় অঞ্চল। ইয়াৰ বিদ্যালয়সমূহে ২০১১ চনৰ আগতেই বছৰ বছৰ ধৰি চুনামিলৈ সাজু হোৱাৰ শিক্ষাক নিয়মীয়া শিক্ষণৰ অংশ হিচাপে অন্তৰ্ভূক্ত কৰিছিল। শিশুসকলক তিনিটা পথপ্ৰদৰ্শক নীতি শিকোৱা হৈছিল যি পাছলৈ আন্তৰ্জাতিকভাৱে "কামাইশিৰ অলৌকিক ঘটনা" নামেৰে পৰিচিত হৈ পৰে। প্ৰথম, চৰকাৰী বিপদ মানচিত্ৰক নিৰ্বিচাৰে বিশ্বাস নকৰিবা, কিয়নো প্ৰকৃত ঘটনা আগতীয়াকৈ অনুমান কৰা পৰিস্থিতিতকৈও বেছি ভয়াৱহ হ'ব পাৰে;  দ্বিতীয়, নিৰ্দিষ্ট, মুখস্থ কৰা প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰ নকৰি প্ৰতিটো পৰিস্থিতিত নিজৰ শ্ৰেষ্ঠতম প্ৰচেষ্টা চলাব পৰাকৈ সবল হ’বা ; আৰু তৃতীয়, আটাইতকৈ আগতে নিজক স্থানান্তৰিত কৰিবা, যাতে এজনৰ কাৰ্যই আন সকলোকে, আনকি ডাঙৰ মানুহকো, অনুসৰণ কৰিবলৈ প্ৰেৰণা দিয়ে। উল্লেখযোগ‍্য যে 

২০১১ চনৰ মাৰ্চ মাহত গ্ৰেট ইষ্ট জাপান ভূমিকম্প আৰু তাৰ পাছত অহা চুনামিৰ দুৰ্যোগ বিশ্বৰ বাবেই ভয়লগা। কিন্তু কামাইশি হিগাশি জুনিয়ৰ হাইস্কুলৰ শিক্ষাৰ্থীসকলে, চৰকাৰী সতৰ্কবাণী অহাৰ আগতেই বিপদ অনুভৱ কৰি, নিজক ওখ ঠাইলৈ স্থানান্তৰিত হ'কৰিবলৈ সক্ষম হয়। ওচৰৰ প্ৰাথমিক বিদ্যালয়ৰ শিশুসকল, যিসকলৰ একেবাৰে সৰু আছিল, তেওঁলোকক ডাঙৰ শিক্ষাৰ্থীসকলে পথ দেখুৱাইছিল । তেওঁলোকক শাৰীৰিকভাৱেও সহায় কৰিছিল ডাঙৰ শিক্ষাৰ্থীসকলে। এই বিদ্যালয়সমূহৰ প্ৰায় গোটেই শিক্ষাৰ্থী দল জীৱিত হৈ ৰৈছিল যদিও চুনামিয়ে তেওঁলোকৰ চাৰিওফালে থকা চহৰখন ধ্বংস কৰি পেলাইছিল আৰু ওচৰে-পাজৰে বহুতো মানুহৰ প্ৰাণ কাঢ়িছিল। এই ফলাফল সম্ভৱ হোৱাৰ কাৰণ কোনো নাটকীয় অনুশীলন নহয়। বৰঞ্চ বছৰ বছৰ ধৰি চলা, স্থানীয়ভাৱে ভিত্তি কৰা দুর্যোগ শিক্ষা, যিয়ে বাৰংবাৰ কৰা ব্যৱহাৰিক স্থানান্তৰণ অনুশীলন, ভূমিকম্প আৰু চুনামিৰ কাৰ্যপ্ৰণালীৰ ওপৰত বিজ্ঞান শিক্ষা, আৰু যান্ত্ৰিক পালনতকৈ বিবেচনাশক্তি আৰু নিজৰ পৰা কাম কৰাৰ প্ৰৱণতাক গুৰুত্ব দিছিল। তাৰোপৰি বিদ্যালয়সমূহে স্থানীয় চৰকাৰ আৰু সমাজ সংগঠনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল; যাতে দুর্যোগৰ বাবে সাজু হৈ থকাটো শ্ৰেণীকোঠাৰ ভিতৰতে সীমাবদ্ধ এক পৃথক বিষয় নহৈ গোটেই বিদ্যালয় তথা জিলাৰ সাধাৰণ দায়িত্ব বুলি উপলব্ধি কৰিব পৰা যায়। তাৰ পিছৰ বছৰসমূহত, কামাইশিৰ অভিজ্ঞতাই জাপানৰ বিদ্যালয়ভিত্তিক দুর্যোগ সহনশীলতা শিক্ষাৰ ৰাষ্ট্ৰীয় নিৰ্দেশনাসমূহক প্ৰভাৱিত কৰিছে ।

কামাইশিৰ এই ঘটনাটোৰ পৰা আন ঠাইৰ শিক্ষা ব্যৱস্থাৰ বাবে বিশেষভাৱে প্ৰাসংগিক দুটা শিক্ষা পোৱা যায়। প্ৰথমতে, দুর্যোগ শিক্ষা তেতিয়াহে আটাইতকৈ ফলপ্ৰসূ হয় যেতিয়া ই শব্দৰে মনত ৰখা নিৰ্দিষ্ট নিৰ্দেশনাৰ সংহতিতকৈ অনিশ্চয়তাৰ মাজত শিক্ষাৰ্থীৰ স্বতন্ত্ৰ বিবেচনাশক্তি গঢ়ি তোলে। দ্বিতীয়তে, এনে শিক্ষাক কেইবাটাও বৰ্ষ আৰু কেইবাটাও বিষয়ৰ মাজেৰে বিদ্যালয়ৰ সাধাৰণ ছন্দৰ ভিতৰত সোমাই দিয়া; যাতে বিক্ষিপ্ত, একে বাৰৰ সজাগতা কাৰ্যসূচীতকৈ অধিক স্থায়ী ফলাফল পোৱা যায়। এই দুয়োটাৰ গুৰুত্ব অসমৰ দুর্যোগপ্ৰৱণ অঞ্চলসমূহকে ধৰি অন্য ঠাইৰ বিদ্যালয়সমূহত দুর্যোগ ব্যৱস্থাপনাৰ পাঠ্যক্ৰমক শক্তিশালী কৰাৰ বাবে কিমান প্ৰয়োজনীয় সেয়া উপলব্ধি কৰাৰ সময় আহি পৰিছে। 

এই ক্ষেত্ৰত নেপালৰ বিদ্যালয়ত শিক্ষকে লোৱা দূৰদৰ্শীতাও অন‍্যতম। নেপাল ভাৰত-ইউৰেছিয়া টেকটনিক প্লেটৰ সীমাৰেখাত অৱস্থিত হোৱাৰ বাবে ভূমিকম্পৰ প্ৰতি অত্যন্ত সংবেদনশীল এখন দেশ। ১৯৩৪ চনৰ বিধ্বংসী ভূমিকম্পৰ পৰা শিক্ষা লৈ, নেপালৰ অ-চৰকাৰী সংগঠন নেচনেল ছ'চাইটি ফৰ আৰ্থক্ৱেক টেকন'লজি (NSET)-এ ১৯৯৩ চনতে ভূমিকম্প সুৰক্ষাৰ ক্ষেত্ৰত কাম আৰম্ভ কৰিছিল। এই দূৰদৰ্শীতাৰ ফলতেই স্কুল আৰ্থক্ৱেক ছেফটি প্ৰগ্ৰাম (School Earthquake Safety Program) নামৰ এক উদ্যোগৰ জন্ম হয়, য'ত শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক ভূমিকম্প সাজু হোৱাৰ প্ৰশিক্ষণ দিয়াৰ লগতে স্থানীয় ৰাজমিস্ত্ৰীসকলকো ভূমিকম্প-প্ৰতিৰোধী নিৰ্মাণ কৌশল শিকোৱা হৈছিল।

শিক্ষকসকলৰ এই আগতীয়া উদ্যোগবোৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ আছিল। কিয়নো সেই সময়ত নেপালৰ আনুষ্ঠানিক পাঠ্যক্ৰমত ভূমিকম্প সম্পৰ্কীয় কোনো বিষয় সন্নিবিষ্ট কৰা হোৱা নাছিল। বহু বিদ্যালয়ত শিক্ষকসকলে নিজৰ পৰাই উদ্যোগ লৈ ছাত্ৰ-ছাত্ৰীক "ড্ৰপ, কভাৰ, এণ্ড হ'ল্ড" আৰু নিৰাপদ স্থানান্তৰণৰ অনুশীলন কৰোৱাইছিল। লগতে স্কুল গৃহৰ দুৰ্বলতাবোৰো চিনাক্ত কৰিছিল। এনে দূৰদৰ্শী শিক্ষকৰ প্ৰচেষ্টাৰ ফলতেই কিছুমান বিদ্যালয় ভৱন ভূমিকম্পৰ আগতেই সংস্কাৰ কৰা হৈছিল, যদিও এই কামৰ পৰিসৰ গোটেই দেশত সীমিত আছিল।

২০১৫ চনৰ ২৫ এপ্ৰিলত ৭.৮ মাত্ৰাৰ গোৰ্খা ভূমিকম্পই প্ৰায় ৯,০০০ মানুহৰ প্ৰাণ কাঢ়িছিল । ৭,০০০তকৈও অধিক বিদ্যালয় ভৱন সম্পূৰ্ণ ধ্বংস কৰি পেলাইছিল। প্ৰায় ৩০,০০০ শ্ৰেণীকোঠা ক্ষতিগ্ৰস্ত হৈছিল। ভূমিকম্পটো শনিবাৰে দিনৰ ভাগত হৈছিল। শণিবাৰ নেপালত বিদ্যালয় বন্ধ থকা একমাত্ৰ দিন হোৱা হেতুকে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰাণ ৰক্ষা পাইছিল। কিন্তু এই আকস্মিক সৌভাগ্যৰ বাহিৰেও, যিবোৰ বিদ্যালয়ত পূৰ্বতে NSET-ৰ প্ৰশিক্ষণ আৰু সংস্কাৰ কাম হৈছিল, সেইবোৰত ক্ষতিৰ পৰিমাণ তুলনামূলকভাৱে কম আছিল।

ভূমিকম্পৰ পিছত শিক্ষকসকলৰ দূৰদৰ্শীতা আৰু গুৰুত্ব আৰু বেছি স্পষ্ট হৈ পৰিল। বহু শিক্ষকে নিজে আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো ছাত্ৰ-ছাত্ৰীৰ মানসিক আঘাত কমাবলৈ পাঁচ ঘণ্টাৰ পৰামৰ্শদানৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশ ল'লে আৰু বিদ্যালয়সমূহে অস্থায়ী শিক্ষণ কেন্দ্ৰ স্থাপন কৰি পঠন-পাঠন অব্যাহত ৰাখিলে। এই অভিজ্ঞতাই নেপাল চৰকাৰক পাঠ্যক্ৰমত দুর্যোগ বিপদ হ্ৰাস (DRR) শিক্ষা অন্তৰ্ভুক্ত কৰিবলৈ আৰু "সেছমল'জি এট স্কুল ইন নেপাল (SASIN)" আৰু "স্কুল আৰ্থক্ৱেক ছেফটি প্ৰগ্ৰাম"ৰ দৰে উদ্যোগ সম্প্ৰসাৰণ কৰিবলৈ প্ৰেৰণা দিছিল।

নেপালৰ এই কেচ ষ্টাডিয়ে এটা গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে। আনুষ্ঠানিক নীতি বা পাঠ্যক্ৰম প্ৰণয়নৰ বাবে অপেক্ষা নকৰাকৈ, বিদ্যালয় স্তৰত শিক্ষকৰ ব্যক্তিগত দূৰদৰ্শীতা আৰু উদ্যোগেই দুর্যোগ সাজুকৈ থকাৰ প্ৰথম আৰু আটাইতকৈ প্ৰভাৱশালী স্তৰ হ'ব পাৰে। জাপানৰ কামাইশিৰ দৰেই, নেপালৰ ক্ষেত্ৰতো দেখা যায় যে দীৰ্ঘম্যাদী, স্থানীয় পৰ্যায়ৰ প্ৰচেষ্টা, যদিও তাৎক্ষণিকভাৱে বিশাল নহয়, দুর্যোগৰ সময়ত আৰু তাৰ পিছত সমাজৰ সহনশীলতা নিৰ্মাণত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তীৰেই প্ৰমাণ ২০২৬ চনৰ ত্ৰিশূলী উপত্যকাৰ বানৰ পৰা ৰক্ষা পৰা এখন বিদ‍্যালয়ৰ শিক্ষাৰ্থী। পুৱা নুৱাকোট জিলাৰ ত্ৰিশূলী বজাৰত থকা ত্ৰিভুৱন ত্ৰিশূলী মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজেন্দ্ৰ দাৱাদী নিজৰ শ্ৰেণীকোঠাত থকা সময়তেই বিদ্যালয়ৰ হিচাপৰক্ষকে খবৰ লৈ দৌৰি আহিছিল যে নেপালৰ ত্ৰিশূলী উপত্যকাৰ মাজেৰে বানপানীয়ে ঘৰ-দুৱাৰ, দলং আৰু গোটেই গাঁও ভাঙি-চুৰি লৈ গৈ আছে। প্ৰায় একে সময়তে এগৰাকী শিক্ষকেও ফোনযোগে পৃথক এক সতৰ্কবাণী পাইছিল, আৰু ইয়াৰ পিছতে এগৰাকী অভিভাৱকে তেওঁৰ সন্তানক লৈ যাবলৈ আহি পালেহি। অৱশ‍্যে বিপদটো তেতিয়ালৈকে চৰকাৰীভাৱে নিশ্চিত হোৱা নাছিল। কিন্তু দাৱাদীৰ হাতত সময় বৰ কম আছিল।

তেওঁ নিশ্চিততাৰ বাবে আৰু কাৰোলৈকে অপেক্ষা কৰা নাছিল। তেওঁ বিদ্যালয়ৰ ঘণ্টা বজাই ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলক ভৱনৰ পৰা ওলাই ওখ ঠাইলৈ যাবলৈ আদেশ দিয়ে। ছাত্ৰ-ছাত্ৰীৰ পিছে পিছে পাহাৰৰ ওপৰলৈ উঠি যোৱাৰ সময়তে তেওঁৰ পিছফালে বানপানী বাঢ়ি আহিছিল। পাহাৰৰ সেই সুৰক্ষিত ঠাইৰ পৰাই তেওঁ চাই আছিল যে যিখন বিদ্যালয়ত তেওঁ নিজে পঢ়িছিল আৰু বছৰ বছৰ ধৰি পঢ়িাইছিল, সেইখন বানপানী, বোকা আৰু শিলগুটিৰ তলত সম্পূৰ্ণৰূপে হেৰাই গ'ল।

দাৱাদীৰ এই দূৰদৰ্শীতা নিজৰ পৰিসৰৰ বাহিৰলৈও বিস্তৃত হয়। তেতিয়াও প্ৰায় ৭০০ ছাত্ৰ-ছাত্ৰী বাছযোগে বিদ্যালয়লৈ আহি আছিল। তেওঁ সকলোকে ফোন কৰি উভতি যাবলৈ কয়। এখন বাছৰ চালকৰ বাহিৰে বাকী সকলোৱে তেওঁৰ কথা মানিলে, আৰু সেই এখন বাছে এখন দলঙৰ ওপৰেদি পাৰ হৈ যোৱাৰ ঠিক মুহূৰ্ত্ততে দলংখন ভাঙি পৰিল। মুঠতে, তেওঁৰ এই সিদ্ধান্তৰ বাবেই কমেও ৯০০ ছাত্ৰ-ছাত্ৰীৰ প্ৰাণ ৰক্ষা পাইছিল, যিটো বিপৰ্যয়ত নেপাল আৰু চীনত মুঠতে ৯০০তকৈও অধিক মানুহৰ মৃত্যু হৈছিল । ৪,৭০০তকৈও অধিক মানুহ নিখোঁজ হৈ আছিল। দাৱাদীয়ে নিজে বীৰ আখ্যা লাভ কৰাটো প্ৰত্যাখ্যান কৰি কেৱল ক'লে যে সেই মুহূৰ্তত যিকোনো মানুহেই এনে কৰিলেহেঁতেন।

এই ঘটনাটোৱে কামাইশি আৰু ২০১৫ৰ আগৰ নেপালৰ উদাহৰণসমূহে দিয়া একেটা শিক্ষাকেই দৃঢ় কৰে। দুর্যোগৰ বাবে সাজু হোৱাটো কেৱল আগতীয়াকৈ অনুশীলন কৰা মাধ‍্যমৰ মাজতে সীমাবদ্ধ নহয়; ই আধা-নিশ্চিত বা অসম্পূৰ্ণ তথ্যৰ ওপৰতো দ্ৰুত আৰু দৃঢ় সিদ্ধান্ত ল'বলৈ প্ৰশিক্ষিত এক সহজাত প্ৰৱৃত্তিও। কিয়নো হঠাৎ হোৱা বানপানীৰ দৰে দুর্যোগত চৰকাৰী নিশ্চিতকৰণৰ বাবে অপেক্ষা কৰিলেও প্ৰাণহানি হ'ব পাৰে।

এনে প্ৰেক্ষাপটত দুৰ্যোগ ব্যৱস্থাপনা বছৰত কেৱল এটা সজাগতা দিৱসৰ মাজত সীমাবদ্ধ কৰি ৰখা উচিত নহয়। অসমৰ দৰে ৰাজ‍্যত বিদ্যালয় শিক্ষাত ইয়াক এক কেন্দ্ৰীয় আৰু স্থায়ী স্থান দিয়াটো এতিয়া অতি জৰুৰী। বিপদভিত্তিক জ্ঞান, ব্যৱহাৰিক অনুশীলন, প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ, মানসিক-সামাজিক সহায় আৰু শক্তিশালী প্ৰতিষ্ঠানগত দায়বদ্ধতাক একেলগে সংযুক্ত কৰিলেহে বিদ্যালয়সমূহে নিজকে কেৱল বিপদৰ সম্ভাৱনাপূৰ্ণ স্থান হিচাপে নহয়, প্ৰস্তুতি আৰু সুৰক্ষাৰ কেন্দ্ৰ হিচাপে ৰূপান্তৰিত কৰিব পাৰিব। শেহতীয়াকৈ উজনি অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানবিধ্বস্ত বিদ‍্যালয়সমূহৰ আন্তঃগাঁথনিৰ লগতে দুৰ্যোগ ব‍্যৱস্থাপনাৰ সৈতে জড়িত প্ৰস্তুতি আৰু সুৰক্ষাৰ প্ৰশ্নও অতি প্ৰাসংগিক বিষয় হিচাপে ধৰা দিছে । 


Friday, 10 October 2025

উঠা জাগা আৰু জগোৱা

 নাজিৰা। ৰঙালী কেছেট হাউচ। থাক থাক কৈ সজাই থোৱা কেছেটবোৰ কিছুপৰলৈ ৰ লাগি চাই থাকো। কেছেট চোৱাৰ অজুহাতত আমি আচলতে নতুন সুৰ, কথা, সংগীতৰ কলিবোৰত মজো। গানৰ সমানে আমাৰ মনবোৰতো যেন পাখি গজে। জাকি মাৰি গৈ কৌতূহলৰ সকলো খিৰিকী খুলিব খোজে। নাজিৰা নামৰ সৰু টাউনখনৰ ঋতুবোৰক জাৰি-জোকাৰি গতিময় কৰে কেছেটত বাজি ৰোৱা কণ্ঠই। নাম যাৰ জুবিন গাৰ্গ। 


জুবিন গাৰ্গক অৱশ‍্যে তাৰ আগতেই আমি শুনিছো। ঘৰৰ কেছেট প্লেয়াৰত। অনামিকা, মুক্তি, শিশু, যন্ত্ৰৰ A side , B side উৰাই ঘূৰাই শুনিছো। এটা নীলা চ‍্যুটকেছৰ ভিতৰত সৰু খুড়াই বেছ সজতনে ৰখা কেছেটবোৰ তেওঁৰ বাবে এক অমূল‍্য সম্পদ। খুড়া ঘৰত নাথাকিলে সেয়ে কেছেট প্লেয়াৰত ফঁচি কোনো কেছেটৰে যাতে বিজুতি নঘটে তাৰ প্ৰতি ল’ব লগা হয় বিশেষ সাৱধনতা। ইমানৰ পাছতো ৰীল ফঁচে। তাৰ পাছতেই আৰম্ভ হয় ৰীল ঠিক কৰাৰ ধৈৰ্য‍্য পৰীক্ষা।  



নব্বৈ দশকৰ গ্ৰাম‍্য নিম্ন মধ‍্যবিত্ত পৰিয়লবোৰৰ বাবে এই ধৈৰ্য‍্য পৰীক্ষা কেৱল কেছেটৰ ৰীল ঠিক কৰোৱাতে সীমাৱদ্ধ নাছিল। এনে পৰিয়ালবোৰৰ কামিহাড় ভাঙি তেতিয়ালৈ বহুতো ধুমুহা ৰু ৰুৱাই পাৰ হৈ গৈছিল। নব্বৈ দশকৰ অপাৰেচন ৰাইনো, বজৰংগে গ্ৰাম‍্য সমাজ, প্ৰান্তীয় সৰু সৰু টাউনবোৰৰ উখল-মাখল, সৰল ব‍্যস্ততাকে শুহি লৈ গৈছিল। মানুহৰ মনত আছিল অহেতুক এক ভয়- ইয়াৰ পাছত কি ? ইয়াৰ পাছত হেৰুৱাবলৈ অথবা পাবলৈনো কি আছে? হেৰুৱাবলৈ অথবা উভতাই পাবলৈ সপোনৰ বাহিৰে মানুহৰ জীৱনত আৰু একো নাথাকে । সপোন একধৰণৰ বিমূৰ্ত ধাৰণা । প্ৰতিটো জাতিৰ বাবে বিমূৰ্ত ধাৰণাক পাৰ্থিৱ কৰিবলৈ প্ৰয়োজন হয় মাতৰ। শব্দৰ। ঝংকাৰৰ। তাতোকৈও সহজকৈ ক’বলৈ গ’লে আশাৰ। 


বোধকৰো খুড়াৰ নীলা সৰু সেই বাকচটোৰ কেছেটবোৰত, কেছেট প্লেয়াৰত বাজি উঠা সেই কণ্ঠত আছে এক আশা - 

“আশা মোৰ আশা

এখনি সৰৱ নৈ

সেই আশা মোৰ আশা

আহিছে ৰাঙলি হৈ

মোৰ গানৰ

বহু যুগৰ সুখ দুখৰ চিনাকি লৈ” 

 জুবিন গাৰ্গৰ কণ্ঠই, কথাই, সুৰে আমাক একোটা কাৰণ দিলে । জীৱনৰ প্ৰেমত পৰিবলৈ। মানুহৰ মাজত মানুহৰ হৈ থাকিবলৈ। গুপ্তহত‍্যা, ছালফা, অসম বন্ধ এই শব্দবোৰ পাহৰি আমি গুণগুণালো অন‍্য কিছু শব্দ- ‘মোৰ গানত আছে অনামিকা মায়া’, 'মেঘৰ বৰণ/ৰ’দৰ বৰণ/তুনি কোন/দূৰ’, ‘বেদনা বেদনা মোৰ ভালপোৱা/তোমাক হেৰুৱাই পাথৰ হোৱা’,  'তুমি চুলেই যে বসন্ত, ধুমুহাও যে প্ৰশান্ত', 'বহুদিন হ'ল সৰু বোপাৰ মুখ দেখা নাই/চেনেহীৰ আকাশত আজি জোন-তৰা নাই', ‘তোমাক দেখা পালে সপোন জাগি উঠে/ বুকুখনি হয় তাজমহল’ ।




দোবাল পিতা বৰষুণত পানী পতাৰ পৰা বাগৰি অহা পানী টুকুতে, কলৰ পাৰত ইউনিফৰ্ম ঠুকুচোতে, ধুমুহাত ট্ৰেন্সফৰ্মাৰ বেয়া হৈ সপ্তাহৰ পাছত সপ্তাহ কাৰেণ্ট নাহোতে আমি গুণগুণাই থাকিলো সেই কলিবোৰ। গাঁৱৰ ডেকাই এ পি এচ চিৰ মেইনচ লিখি, মোটা অংকৰ টকা যোগাৰ কৰিব নোৱাৰি, টিউচন চেণ্টাৰ খুলিলে । খুলিলে বয়লাৰ ফ্ৰাম। তাত জুবিন গাৰ্গৰ গান বাজিল। খুলিলে গেলামালৰ দোকান । তাতো জুবিন গাৰ্গৰ গানেই বাজিল। জুবিন গাৰ্গৰ গান গাই গাই চলালে অটো। ভেন্চাৰ স্কুলতো খাটি ভাগৰি নপৰিল কাৰণ ৰাতি বিচনাত পৰি কেছেট প্লেয়াৰত ‘মায়াবিনী’ শুনিলে। কিন্তু আলফালৈ নগ’ল। হতাশ নহ’ল। বিশ্বাস নেহেৰুৱালে। জীৱনক জীৱন বুলি যুঁজিলে। গানৰ কথাৰেই নিজেই নিজক ক’লে- ‘উঠা জাগা আৰু জগোৱা।’ 


অসমৰ পৰা দূৰৈত দিল্লী বিশ্ববিদ‍্যালয়ত পঢ়িবলৈ গৈ নতুনকৈ সেই গানবোৰ শুনি এনে লাগিল এইবোৰ কেৱল গান নহয়। এই গানৰ কলি আৰু সুৰবোৰে আমাৰ কৈশোৰ যৌৱনক এনেকৈ সী পেলাইছে য’ত আৱেগ আৰু অনুৰণনৰ মাজৰ সীমাৰেখাডাল ক্ৰমশঃ ধুঁৱলী কুঁৱলী হৈ পৰিছে। জুবিন গাৰ্গৰ একাংশ গানৰ গভীৰত প্ৰত‍্যাশাৰ সমানে আছে একধৰণৰ শূণ‍্যতা। ফ্ৰিডৰিখ নিৎসে কোৱাৰ দৰে  একধৰণৰ nothingness । পৰম্পৰাগত ব‍্যৱস্থা, মূল‍্যবোধ, দমনৰ বিৰুদ্ধে একধৰণৰ প্ৰতিবাদ আৰু প্ৰতিৰোধ। কিন্তু এই প্ৰতিবাদ আৰু প্ৰতিৰোধ আস্ফালনৰ দৰে নহয়, ইয়াৰ এক সুৰীয়া আৱেদন আছে। এনে কাৰণতে জীৱনৰ শেষ ইণ্টাৰভিউত জুবিন গাৰ্গে ৰীতা চৌধুৰীক নিৎসেৰ nothingness পঢ়িছেনে সোধোতে বৰ আচৰিত লগা নাছিল।  শূণ‍্যতাক তেওঁ নস‍্যাৎ নাই কৰা  বৰঞ্চ বিশ্বাস কৰিছে । মানুহৰ সত্তা আৰু চেতনাত সকলো পোৱাৰ পাছতো একধৰণৰ nothingness থাকে। কিন্তু জুবিন গাৰ্গে এই কথা কোন কাহানিবাই বুজি উঠিছে যে সৃষ্টিশীলতাৰ বাবে শূণ‍্যতা যিমান জৰুৰী আত্ম-অতিক্ৰমৰ বাবেও নিজকে ভাঙি গঢ়ি মুক্ত হোৱাটো জৰুৰী। সেয়ে তেওঁ ক’লে বিশ্বাস কৰিব পাৰি -“মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। ময়ে কাঞ্চনজংঘা।” 


জুবিন গাৰ্গৰ সৃষ্টিয়ে এক দৰ্শন দিলে বুলি তেওঁৰ মৃৰ্ত‍্যুত প্ৰমাণিত হ’ল। এক সৃষ্টিশীল গণমুখী দৰ্শন। জাত, ধৰ্ম, ভাষা, শ্ৰেণী, লিংগ নিৰ্বিশেষে মানুহ হিচাপে মানুহৰ প্ৰতি আস্থাৱান হৈ থকাৰ দৰ্শন। সকলো ৰাজনীতি, বিতৰ্কৰ ঊৰ্ধত গায়ক জুবিন গাৰ্গ শিল্পীলৈ পৰিণত হ’ল, মানুহৰ শিল্পী মানুহৰ বাবে । তেওঁৰ অকাল মৃৰ্ত‍্যুয়ে  সেয়ে শিকাই গ’ল সমাজত ন ন আদৰ্শ আহিব, যাব। কিন্তু যি জাতিৰ জীৱনক লৈ, সৃষ্টিক লৈ কোনো দৰ্শন নাই তেনে জাতিৰ বাবে শিল্প পাপৰৰ দৰে সেমেকি যায়। তেনে জাতিৰ ঘৰে বাহিৰে ভয় আৰু নিৰাশাই ঘনাই অহা যোৱা কৰে। তাৰপৰা বাচিবলৈকে মানুহক মাত  লাগে। লাগে ভয়হীনতা । শূণ‍্যৰ পৰা উঠি আহিব পৰা আশা। ‘এই মায়াৰ ধৰাত’ আশাৰ বাহৰিনো আছে কি ! সপোনৰ বাহিৰেনো সাৰে থাকে কি ! জুবিন গাৰ্গৰ গানৰ কথাৰে - 


“তোমাৰো যি সপোন


আমাৰো সপোন


সপোনেৰে চিলোৱা উদৰ


দুখন হাতৰ মুঠিত


একেই সমান মাটি


সাজিবলে একেই কবৰ" 


Friday, 4 April 2025

মাৰফৎ ফাগুন




তাই যিমান পাৰে চেষ্টা কৰিলে জালনাৰ সৰু সৰু বিন্ধাবোৰেৰে সিপাৰত ৰৈ থকা আগন্তুকক চিনাৰ। ওহো ভালকৈ মনিব নোৱাৰি। তেখেতৰ মুখত মাস্ক।  

আগন্তুকেও জালনাৰ ইপাৰৰ পৰা তাইৰ মুখখন স্পষ্টকৈ দেখা নাপালে। তেওঁ মাস্কখন খুলিলে আৰু ক'লে-


তুমি হয়তো মোক নিচিনিবা। কলেজৰ পৰা দায়িত্ব দিয়া হৈছে মোক। কৰ্টে তোমাক পৰীক্ষাত বহাৰ অনুমতি দিছে। কিন্তু ইয়াৰ পৰাই। 


তাৰপাছত খন্তেক নিৰৱতা। এনে নিৰৱতাৰ সৈতে  মোকাবিলা কৰিব পাৰিব বুলিয়েই তাকেই ইয়ালৈ পঠোৱা হৈছে। 


-  মই কিতাপবোৰ আনিছো। তোমাৰ নোটছো আছে। পৰীক্ষা থকাকেইদিন নিদিষ্ট সময়ত ইয়ালৈ আহিম।  তুমি মাত্ৰ এইকেইদিন পঢ়া। 


শেষৰ কথাষাৰ কওঁতে তাৰ মাতষাৰ সৰু হৈ গ'ল। সি ধৰিব পাৰিছে এই ঠাইত এনে কথা পতাৰ পৰিৱেশ নাই। কিন্তু এজনী বিশ বছৰীয়া ছাত্ৰীৰ সৈতে জেলৰ পৰিৱেশত হোৱা মুখামুখিত কেনে কথা পাতিব সেই সম্পৰ্কীয় আগতীয়া স্ক্ৰিপ্ট তাৰ ওচৰত নাই। এইবাৰ সি জালনাৰ আৰু অলপ কাষ চাপি আহিল। সিপাৰে তাইও । 




- এই যে জালনাখন, এইখন মনত উপজিবলৈ নিদিবা।


সি উচ্ছাসেৰে ক'লে। বিনিময়ত তাই একো কোৱাৰ সুযোগ নাপালে। 'টাইম শেষ হৈছে' -কনষ্টেবলৰ গলগলীয়া কণ্ঠই জালনাখন কঁপাই যাওঁতে প্ৰতীকে ধৰিব পাৰিলে তাই আচলতে তালৈ ঘূৰি চালে। এবাৰ? অ' এবাৰেই। কিন্তু অচিনাকিৰ দৰে নহয়। উদ্দেশ্যবিহীন ভাৱে নহয়। সিহঁতৰ মাজৰ এই বেৰা অস্পষ্ট হোৱাৰ বাবে নহয়। বৰঞ্চ কিবা এক আশ্বাসতহে তাই ঘূৰি চালে তালৈ। চহৰখনৰ মূল কেন্দ্ৰত থকা পুৰণি, একমাত্ৰ কলেজখনত নতুনকৈ যোগদান কৰা ইতিহাসৰ প্ৰবক্তা প্ৰতীক বৰুৱালৈ। 


সৌ সিদিনালৈকে এই ছোৱালীজনীক প্ৰতীকে চিনি নাপায়। চিনি নাপায় চাগৈ তাইক কলেজৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে। চিনি নাপায় হয়তো তাইৰ নিজৰে বিভাগৰ বহুতো শিক্ষাৰ্থীয়ে।  তাইৰ বিভাগৰ বাহিৰে আন বিভাগৰ অধ্যাপক অধ্যাপিকাই তাইক চিনাৰ প্ৰশ্নই নুঠে। বৰ চকুত পৰাকৈ তাইক কোনেও চিনাই নাই তেতিয়ালৈকে। কোনো কোনোৱে ক'লে বৰ নিমাখিত ছোৱালী। এই বয়সৰ ল'ৰা-ছোৱালীৰ মনত থৌকি-বাথৌ কৰা আনন্দ তাইৰ মুখত চিনা টান। ক্লাছৰ পৰা লেব, লেবৰ পৰা লাইব্ৰেৰী - ইয়াৰ মাজতেই থাকে। ঘৰ চহৰখনৰ নাতিদূৰৈত থকা নদীৰ সুঁতিটোৰ সিপাৰে। সেয়ে প্ৰাইভেট হোষ্টেলেই অস্থায়ী ঠিকনা। 


তাৰপৰাও এতিয়া উলিয়াই দিয়া হৈছে। বাহিৰ কৰি দিয়া হৈছে তাইৰ কাপোৰ আৰু কিতাপ থকা বেগ দুটা। দুয়োটা বেগেই আৰক্ষীয়ে নিৰীক্ষণ কৰিছে থানাত তন্ন তন্নকৈ। আৰক্ষীৰ ভাষ্য কাপোৰবোৰ অলাগতিয়াল। কিন্তু কিতাপবোৰ হেনো সন্দেহজনক। 


কি আছে কিতাপৰ বেগটোত? সব কবিতাৰ কিতাপ। কবিতাৰ? অ' কবিতা। কাৰ কবিতা? হীৰু দাৰ কবিতা, নীলমণি ফুকনৰ কবিতা, সমীৰ তাঁতীৰ কবিতা, নীলিম কুমাৰৰ কবিতা। আৰু?


আৰু কি? 

এইবোৰ পঢ়ি পঢ়ি মগজু নষ্ট। কবিতা পঢ়াৰ বাবেই আৰু কোনোবা গ্ৰেপ্তাৰ হয় নেকি?


আৰে ভাই, কবিতা পঢ়াৰ বাবে গ্ৰেপ্তাৰ হোৱা নাই। লিখাৰ বাবেহে হৈছে। এই ফুলকুমলীয়া ছোৱালীয়ে আকৌ হেনো দেশপ্ৰেমৰ কবিতা লিখে ! লিখে হেনো বিদ্ৰোহ কৰাৰ কথাও ! 


ক'ত লিখে?


আৰুনো ক'ত লিখিব। সামাজিক মাধ্যমত লিখিছে।  হাতে হাতে ম'বাইল, ইণ্টাৰনেট। সব ৰসাতলে গৈছে। 


জেলৰ পৰা ওলাই আহি যিজোপা গছৰ ছাঁত ৰৈ প্ৰতীকে জ্বলাব খুজিছিল এটা চিগাৰেট,  তাৰেই তলত দুই কনষ্টেবলৰ কথোপকথন শুনি সি ৰৈ গ'ল। 


যিদৰে বহু বছৰৰ আগতে সি ৰৈ গৈছিল বিশ্ববিদ্যালয়ৰ মূল গেটত। ৰুদ্ৰক দেখি। অ' সেই ৰুদ্ৰই। সকলো নিয়ম ভাঙিবলৈ সদায়ে উদ্বাউল হৈ থকা ৰুদ্ৰ। 


 হাতত হাত কেৰিয়া, আউল বাউল চুলি, জধলা চোলা, কোটৰত সোমোৱা চকু লৈ সি পৰীক্ষাত বহিবলৈ আহিল। পুলিচ ভানত উঠি। ভাগ্য ভাল বিশ্ববিদ্যালয়ৰ কেম্পাছতে পৰীক্ষাত বহাৰ অনুমতি পালে। 


ওহো ৰুদ্ৰই কবিতা লিখা নাছিল। পঢ়িছিল  যদিও লিখা যে নাছিল সেয়া খাটাঙ । দেশপ্ৰেমিক বুলিও নিজক জহোৱা নাছিল। কোনোবো ছোৱালীক সি প্ৰেম নিবেদন কৰিছিল জানো? মনত নাই । তথাপিও সি আছিল প্ৰেমিক। এই দুনিয়াৰ সকলো বান্ধোনৰ পৰা মুকলি প্ৰেমিক।  


সেই ৰাতি বিশ্ববিদ্যালয় মেট্ৰ ষ্টেচনৰ গেটৰ পৰা অহা ফোনটো পায়ে প্ৰতীক হাজিৰ হ'লগৈ থানাত। লক আপত ৰুদ্ৰ। দেখাত খঙাল । লক আপৰ ভিতৰৰ পৰাও সি গালি পাৰি আছে - পুলিচক। মাজে মাজে ষ্টেতক। ইণ্ডিয়ান ষ্টেতক।


-পৰিস্থিতি ইমানলৈ নগ'লহেঁতেন যদিহে ৰাস্তাত পুলিচে ধৰোতেই চ'ৰি ক'লহেঁতেন। আৰু এতিয়া এইবোৰ কি বকি আছ? 


-কিয় ক'ম মই চ'ৰি ? গোটেই নৰ্থ ইষ্ট জংগলী বুলি গালি দি আছিল পুলিচে আৰু কোবাই আছিল ল'ৰা দুটাক।


-আৰে তোকতো গালি দিয়া নাছিল,  দিছিল চাগৈ কাৰোবাক।  তই মাজত গৈ কিয় সোমাব লাগে? 


-গাত নালাগিব? 


-তোৰ সব কথাই কিয় গাত লাগে ? এইবোৰ কৰিবলৈ ঘৰৰ মানুহে ইয়ালৈ পঠোৱা নাছিল তোক। 


ৰুদ্ৰইও জানে এইবোৰ কৰিবলৈ সি ইয়ালৈ অহা নাই। কিন্তু ইয়াত সি বিভ্ৰান্ত। কথাবোৰ তাৰ গাত লাগে। 

বহুত কথা । কিতাপৰ কথাতকৈ দিন দুনিয়াৰ কথা বেছিকৈ তাৰ গাত লাগে। সকলো মানুহক সমান কৰিবলৈ তাৰ মন যায়। 'এই প্ৰভু আৰু শিষ্য নহয়, মানুহ মানুহ হিচাপে সমান হোৱাটো মই বিচাৰো।' 


'তই পাগল হৈছ। তোক ট্ৰিটমেন্টৰ দৰকাৰ।' 


ৰুদ্ৰৰ এই পাগলামিবোৰ তাক সেই ৰাতি লক আপতে এৰি আহোতে বৰকৈ মনত পৰিল প্ৰতীকৰ । ৰুদ্ৰই কল্পনা কৰা কথাবোৰ জানো কেৱল পাগলামি? নে হতাশা? নে দায়িত্বৰ পৰা পলায়ন? নে এনেকুৱা এখন দুনিয়া সকলোৱে বিচাৰে, সকলোৰে বাবে সমান এখন দুনিয়া? মাত্ৰ মুখ খুলি ৰুদ্ৰৰ দৰে নকয়? কোনেও ঠিৰাঙ কৰিব নোৱাৰা এক দূৰত্বত ৰুদ্ৰ ৰৈ যায়। 


ফাইনেল পৰীক্ষা দিবলৈ আহোতে ৰুদ্ৰৰ হাত কেৰিয়া খুলি দিয়াৰ সেই দৃশ্য দেখি প্ৰতীক বহু সময় ৰৈ আছিল। সেই হাতেৰে ৰুদ্ৰই মাউথগেন বজাইছিল।  সেই হাতেৰেই প্ৰতীকৰ বেগ ডাঙি ট্ৰেইনত উঠাইছিল।  সেই হাতেৰে জ্বৰত ভ্ৰম বকা প্ৰতীকৰ কপালত ঠাণ্ডা কাপোৰৰ পতি দিছিল। 


সেই দুখন হাতত হাত কেৰিয়া সহাটো প্ৰতীকৰ বাবে অসহ্যকৰ আছিল। তাতকৈ ৰুদ্ৰই কবিতা পঢ়া বা লিখা হ'লেই ভাল আছিল ! দেশপ্ৰেমিক বুলি জহাই ছাত্ৰ নেতা হোৱা হ'লেনো কি লোকচান আছিল! কোনোবা ছোৱালীৰ প্ৰেমত পৰি জংগী প্ৰেমিক হোৱা হ'লেতো কথাই নাছিল! কিন্তু ৰুদ্ৰই এইবোৰ একো কৰা নাছিল।  মাত্ৰ পুলিচে কোবোৱা দুটা অচিনাকি মণিপুৰী ল'ৰাক গৈ বচাইছিল।  সেই বাবেই সেই ৰাতি লক আপত বন্দী সি। তাৰপাছত কোনোবা বিধায়কৰ পুতেকৰ আগত বাপেকৰ কেলেংকাৰীৰ লিষ্ট এখন গাই শুনাইছিল। অলপ মাৰামাৰিত অংশ লৈ আকৌ পুলিচ থানাত।  থানালৈ যোৱা এই কাৰবাৰ চলি থকাৰ বাবেই তাৰ সংগ বাদ দিছিল বহুতেই। এসময়ত প্ৰতীকেও। 


এনেকৈয়ে পাৰ হৈ যায় কতনা ৰাতি। আৰু হঠাত পঢ়া এৰি নিৰুদ্দেশ সি । কোনোবাই কয় ঘৰলৈ উভতিল।  কোনোবাই কয় তিহাৰত। কাৰোবাৰ মতে পগলা ফাটেকত। 


তাৰপাছৰ পৰা ৰুদ্ৰ হেৰাল। 

হেৰাল মানে হেৰালেই। প্ৰতীকে নিবিচাৰে এই ছোৱালীজনী তেনেকৈ হেৰাই যাৱক। তাইৰ যৌৱন এই অন্ধকাৰৰ বাবে নহয়। মুকলি আকাশৰ বাবে। নিৰৱতাৰ বাবে নহয়। শব্দৰ বাবে। হেৰাই যোৱা মানুহলৈহে প্ৰতীকৰ ভয় লাগে, পাগল মানুহলৈ নহয়। এই ছোৱালীজনীৰ ওচৰলৈ অহাৰ কাৰণো সেয়াই। 


সামাজিক মাধ্যমত মানুহৰ ছোৱালীজনীক লৈ উৎসুকতা আৰু আলোচনা আৰম্ভ হ'ল সেই ৰাতিৰ পৰা। বহু বছৰৰ মূৰত ৰুদ্ৰলৈ তাৰ মনত পৰা ৰাতিৰ পৰাই। এনেকৈ এটা কবিতা লিখাৰ বাবেই এজনী কলেজত পঢ়ি থকা ছোৱালীক ৰাষ্ট্ৰদ্ৰোহত গ্ৰেপ্তাৰ কৰা কাৰ্যত গৰিহনা দিলে মানুহে । 


ছোৱালীজনীৰ সেই মুখখন, জালনাৰ মাজেৰে অস্পষ্ট সেই মুখখন, প্ৰতীকক ৰাতি ৰাতি শুবলৈ নিদিয়া সেই অনুজ্জ্বল মুখখন । সেই অন্ধকাৰ ৰাতিবোৰে তাইৰ চকুৰ টোপনিবোৰৰ দৰে কুটি কুটি খাইছে নেকি তাইৰ 

উশাহবোৰ? অতদিনে মন গহনত জাপি জাপি ৰখা স্বপ্নবোৰ? বয়সে অনা সৰল অভিমানবোৰ? যিবোৰ নহ'লে যৌৱনৰ কোনো নাম দিব নোৱাৰি। 


কেইবা ৰাতিও চক খাই টোপনিৰ পৰা উঠি বেলকনিত চিগাৰেট হুপোতে প্ৰতীকে পাহৰিব খুজিছে এই সৰু চহৰখনত ঘটা ঘটনাবোৰ। নতুন বন্ধুবোৰৰ লগত ঘূৰিছে। টেক্স আৰু ইনক্ৰিমেন্টৰ কথা পাতিছে। নতুন চিনেমাৰ কথা উলিয়াইছে। ফ্লেটৰ দৰ দামৰ কথাও আলোচনা হৈছে। চেচনেল, ফাইনেল পৰীক্ষাৰ বহী চাইছে। বিভাগৰ ল'ৰা-ছোৱালীক লৈ পিকনিক গৈছে। ফেচবুকত নতুনকৈ চিনাকি হোৱা ছোৱালীজনীৰ প্ৰফাইল খুলি চাইছে। তাইও তাৰ কলেজৰ অধ্যাপকৰ চাকৰি দেখি লগাতকৈ অলপ বেছিয়ে তাৰ খবৰ ৰাখিছে। 


এইবোৰৰ মাজত ৰুদ্ৰ অথবা জালনাৰ সিপাৰৰ সেই ছোৱালীজনীৰ মুখখন সি পাহৰিয়ে গৈছে। 

সেই ছোৱালীজনী চাগৈ তেতিয়ালৈ কলেজৰ পৰা ওলাল। তাইৰ বিষয়ে কলেজত আৰু বিশেষ কোনো আলোচনা নহ'ল।

এনেকুৱা এটা বতাহত নাচি থকা ফাগুনৰ দুপৰীয়া  প্ৰতীক সুঁতিটোৰ সিপাৰলে গ'ল। উদ্দেশ্য হাবিখন চোৱা । কেমেৰাত ফটো তোলা। হাবিলৈ গৈ থকা লুঙলুঙীয়া ফাগুনীয়া বাট। বাটে বাটে শুকান ওখ বনবোৰ। মানুহৰ খোজে বনবোৰ মাৰি আঁচ এডালৰ দৰে বাট এটা আঁকি থৈছে। 

শুকান বনবোৰৰ শেষত শাৰী শাৰী শিমলু। তাৰেই ৰঙত জ্বলো জ্বলো আকাশ।  বতাহত পকা বগৰীৰ লুভীয়া গোন্ধ।  বাটত তাৰ সোৱাদ লৈ প্ৰতীক আৰু তাৰ দুজন বন্ধু আগুৱাইছে। 

বগৰীৰ গছবোৰ য'ত শেষ হৈছে তাতেই আৰম্ভ গাওঁ। চোতালত কোনোৱে মাহৰ মৰণা মাৰিছে। কোনোৱে উড়ালত খুন্দিছে শুকান বগৰী। কাৰোবাৰ চোতালত সৰি পৰা শিমলুৰ ফুলবোৰ চাদৰৰ বুটা যেন লাগিছে।

ডাৰত ওলমি আছে শালৰ পৰা অলপ আগতে কটা পেনক। চাঙত শুই আছে নতুনকৈ জগা কুকুৰ পোৱালী। 


মাজে মাজে সিহঁত পিছ পৰিছে। মাজে মাজে পিছপৰাৰ  ভাও লৈ একান্ত মনে গাওঁখন চাইছে।


গাওঁ শেষ হোৱাৰ পাছত আৰম্ভ ঝাওবন। খহি পৰা গৰাটোৰ কাষতে সাজি থকা নাওখনৰ ওচৰত সিহঁত ৰ'ল। নাৱত উঠি পালেও নাও সজাৰ দৃশ্য স্বচক্ষে দেখা নাই। সিহঁতে প্ৰকাণ্ড হাত নাওখন চুই চালে। ফটো ল'লে।  


- আৰু বহু দূৰ বাট আছে ডেকা ল'ৰাহঁত। সোনকালে যোৱা। বেলি ডুবাৰ আগে আগে ঘূৰিবা। হাতী ওলাই নহ'লে মাজে সময়ে। 


নাৱৰ বাঢ়ৈৰ কথাত সিহঁতৰ খোজ এইবাৰ খৰ হ'ল। বাকী ৰোৱা বাটত আৰু বা কতনা বন মৰিছে। কতনা শিমলু ফুলিছে। কতনা নতুন খোজে নতুন বাটৰ আঁচ আঁকি থৈছে। ফাগুনৰ বতৰতে হেনো এই আঁচবোৰৰ জন্ম হয়। কোনোৱে কয় নিজে নিজে হয়। ওহো বিশ্বাস নহয়। বনবোৰত কোনোবাই প্ৰথম খোজ নিদিলে এই আঁচবোৰৰ জন্ম নহয় ।


এনেকুৱা বাটবোৰক অনুসৰণ কৰিয়ে হাবিখনলৈ মানুহ আহে এনে বতৰত। নৈ পাৰ হৈ খোজ কঢ়াৰ বাহিৰে হাবিলৈ যোৱাৰ আন কোনো বাট নাই। খোজ কাঢ়ি এনে বাটেৰে আগুৱালে মানুহে অকল খোজেই কাঢ়েনে? মনৰ ভিতৰখনতোচোন ভুমুকিয়াবলৈ আৰম্ভ কৰে। 


প্ৰতি বছৰে হেনো এই বাটটো সলনি হয়। নদীৰ ঘাটটো সলনি হোৱাৰ দৰে। ইয়াৰ মানুহে ভাবে ফাগুনেই বাট দেখুৱাই সুঁতিটোক, এই গাওঁখনক, সিহঁতৰ দৰে বাটৰুৱাক।


- শিমলুবোৰ শেষ হোৱা তিনি আলিটোতে ৰৈ থাকিব ছোৱালীজনী। তায়ে আপোনালোকক আগৰ বাটটো দেখুৱাব। গাঁৱৰে ছোৱালী । অলপ পঢ়া শুনা জনা। 


- এই বুলিয়ে কৈছিল কালি ফোনত হাবিখনৰ দ্বায়িত্ব লোৱা ল'ৰাজনে । 


ছোৱালীজনীক সিহঁতে দূৰৈৰ পৰাই দেখা পালে। কিন্তু তাইৰ ওচৰ চপাত প্ৰতীকৰ এনে লাগিল এই ছোৱালীজনীক সি আগতে কৰবাত দেখিছে। কিছু বছৰৰ আগতে। কলেজত? ক্লাছত? বাছ ষ্টপেজত? ফেচবুকত? ক'ত সঠিককৈ সি মনত পেলাব পৰা নাই। 


ছোৱালীজনী এইবাৰ সিহঁততকৈ আগত। সিহঁত তাইৰ পাছত। 


-আৰু কিমান দূৰ আছে? 


কিছু দূৰ যোৱাৰ পাছত প্ৰতীকে পাছৰ পৰাই ছোৱালীজনীক সুধিলে। 


তাইৰ খোজ এইবাৰ আগতকৈ ধীৰ হ'ল। অলপমান আগুৱাই তাই ৰৈ গ'ল । আৰু সিহঁতৰ ফালে ঘূৰি চালে। 


- ছাৰ, আপুনিও কিয় শুনিব বিচাৰিছে সেই কথা ?


- মানে? কোনটো কথা?


- আৰু বেছি দূৰ নাই, পামেই আৰু ...এই জাতীয় কথা ?

ছাৰ, এই বাটত কোনো জালনা নাই, গোটেইখন স্পষ্ট -





ৰৈ থকাৰ পাছতো প্ৰতীকৰ এনে লাগিছে সি গৈ আছে। হাবিৰ ভিতৰলৈ নহয়, নিজৰ মনৰ গভীৰলৈ। ইমান গভীৰলৈ কিমান দূৰ সি নাজানে। ওহো একেবাৰে নাজানে। মাত্ৰ সি জানে তাৰ স্বাধীন মানুহলৈ ভয় নালাগে, ভয় লাগে হেৰাই যোৱা মানুহলৈ। 


 


 

Sunday, 19 January 2025

জামনগৰৰ বিলাস আৰু গজৰাজৰ বিদায়


উপনিৱেশকতাবাদৰ এক চৰিত্ৰ হৈছে ইয়াৰ জৰিয়তে প্ৰাকৃতিক সম্পদবোৰো এক মুষ্টিমেয় শ্ৰেণীৰ হাতত সীমাৱদ্ধ হৈ পৰে। শেহতীয়াকৈ আমাৰ দেশতো এনে এক আৰৱপতি শ্ৰেণীৰ আধিপত্য তুংগত উঠিছে যে দেশৰ ২২৮ মিলিয়ন দৰিদ্ৰ লোকৰ সমুখত তেওঁলোক চূড়ান্ত শক্তিশালী। তেওঁলোকৰ নামেই 'দ্যা আম্বানি' । ইচ্ছা কৰিলেই তেওঁলোকৰ বাবে জামনগৰৰ সামৰিক এয়াৰপৰ্টকো এটা পৰ্যায়ৰ বাবে ঘোষণা কৰা হয় আন্তঃৰাষ্ট্ৰীয় হিচাবে। মিনিটে মিনিটে সামাজিক মাধ্যমত অনন্ত আম্বানীৰ বিয়াৰ পূৰ্ব আয়োজনৰ সকলো তথ্যই ৰাইজে পাই থাকে। দেশৰ প্ৰায় সকলোবোৰ নিউজ চেনেলতে অনন্ত আম্বানীৰ ইণ্টাৰভিউ বাজে । হাতী উদ্ধাৰ চেণ্টাৰৰ পৰা দিয়া তেনে এটা ইণ্টাৰভিউত অনন্ত আম্বানীয়ে বিৱৰণ দিয়ে কিয়, কেনেকৈ দাঁতবিহীন হাতীবোৰৰ বাবে প্ৰস্তুত কৰা হৈছে খিচিৰি। দেখাত অতি মানৱদৰদী কাৰবাৰ। গ্ৰেণ্ড চেলিব্ৰেচন। আৰ্তজনৰ সমুখত পৰিৱেশন কৰে 'অন্ন সেৱা'। ইমানবোৰ আয়োজনৰ প্ৰয়োজন কিয় ? কাৰণ আৰৱপতি,  প্ৰভাৱশালী শ্ৰেণীটোৰ বাবে কেৱল ক্ষমতাত থকাটোৱে, বিলাসী হোৱাটোৱে শেষ কথা নহয়।  সেই ক্ষমতাক জনতাই মান্যতা প্ৰদান কৰিব পৰাকৈ এক ৰাজকীয়, সম্ভ্ৰান্ত, ঐতিহ্যৰ বুনিয়াদ ৰচনা কৰাটোৱো দৰকাৰ; যাতে তেনে শ্ৰেণীৰ আধিপত্যবাদী স্থান দীৰ্ঘম্যাদী হয়। ইয়াৰ অন্তৰালত একধৰণৰ ৰাজনীতি আছে। আধিপত্যবাদীৰ ঐতিহ্য দীঘলীয়া হ'লেহে তেওঁলোকে পৰিৱেশন কৰাবোৰক জনতাই বিশ্বাস কৰিবলৈ লয় আৰু সমাজৰ অন্য সত্যবোৰ তাৰ সমুখত হৈ পৰে একেবাৰে সাধাৰণ। এখন গণতান্ত্ৰিক দেশত এই ছবি জনতাৰ বাবে অনাগত অনিশ্চিত ভৱিষ্যতৰ এক ইংগিত।  





সংলাপেৰে ৰাজনীতি চলিলেও, অৰ্থনীতি নচলে


উপনিৱেশিক ইংৰাজ শাসনৰ বিদায়ৰ পিছত দেশৰ অৰ্থনৈতিক ধাৰাক সমাজবাদী চিন্তাৰে আৰম্ভ কৰা হৈছিল। ইয়াৰ গুৰি ধৰিছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে । ১৯২৯ চনৰ পৰা বিশ্বব্যাপী আৰম্ভ হোৱা মন্দাৱস্থা , ঔপনিৱেশিকতাৰ ফলত জনম হোৱা দৰিদ্ৰতা, ঔদ্যোগীকৰণৰ অভাৱ আৰু দুৰ্ভিক্ষ - এই আটাইবোৰ প্ৰত্যাহ্বানৰ সমুখত সমাজবাদী ধাৰণাই আছিল সেই সময়ছোৱাৰ একমাত্ৰ সম্বল । উক্ত সময়ছোৱাত উদ্যোগপতিসকলৰ মাজতো সমাজবাদী চিন্তাধাৰা জনপ্ৰিয় আছিল । ১৯৮০ চনত সোঁপন্থী ভাৰতীয় জনতা পাৰ্টি প্ৰতিষ্ঠা হোৱাৰ সময়তো ইয়াৰ সংবিধানে উল্লেখ কৰিছিল  “সমাজবাদৰ নীতি” ৰ কথা। তাৰোপৰি বলিউডৰ চিনেমাতো খলনায়ক হিচাপে চিনাক্ত কৰা হৈছিল পুঁজিবাদীক আৰু হিৰো হিচাপে পৰিচিত হৈছিল শ্ৰমিক শ্ৰেণীৰ প্ৰতিনিধি। 'নমক হাৰাম', 'দীৱাৰ', 'কালা পত্থৰ' আদিত অমিতাভ বচ্চন, শশী কাপুৰৰ সেই সংলাপবোৰ কোনে পাহৰিব পাৰে ! 


কিন্তু সংলাপেৰে ৰাজনীতি চলিলেও, অৰ্থনীতি নচলে।   

১৯৭০ চনৰ শেষৰ ফালে ৰাজহুৱা বিনিয়োগ হ্ৰাস পোৱাৰ লগে লগে সমাজবাদী ধাৰণাৰ জনপ্ৰিয়তা শিথিল হ'বলৈ ধৰে। তাৰ বিপৰীতে আশী আৰু নব্বৈৰ দশকত ভাৰতে “ব্যক্তিগত খণ্ডৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণ”ৰ ওপৰত কঠোৰ মনোনিৱেশ কৰে।ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে 'নতুন পুঁজিপতি' শীৰ্ষক নতুন একোটা উদ্যোগিক শ্ৰেণীৰ জন্ম হয় যি নিৰ্বাচিত ৰাজনীতিবিদসকলৰ সৈতে ঘনিষ্ঠতাৰে কাম কৰিবলৈ ধৰে। এয়াই ক্ৰ’নি পুঁজিবাদৰ আত্মপ্ৰকাশ।  


 ২০১৪ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তেতিয়াৰ গৱৰ্ণৰ ৰঘুৰাম ৰাজনে এই প্ৰসংগত এক উল্লেখযোগ্য মন্তব্য কৰিছিল- 


" দৰিদ্ৰ জনতাৰ পৃষ্ঠপোষকতা কৰিবলৈ এজন ধূৰ্ত ৰাজনীতিবিদক প্ৰয়োজন হয় উদ্যোগপতিৰ ধনৰ। দুৰ্নীতিগ্ৰস্ত উদ্যোগপতিক সস্তাতে ৰাজহুৱা সম্পদ আৰু ঠিকা লাভ কৰিবলৈ আকৌ সেই ধূৰ্ত ৰাজনীতিবিদজনৰ সমৰ্থনৰ প্ৰয়োজন। সেইদৰে ৰাজনীতিবিদজনক দৰিদ্ৰ আৰু অভাৱগ্ৰস্তৰ ভোটৰ প্ৰয়োজন। এই নিৰ্ভৰশীলতাৰ অংক একধৰণৰ চক্ৰত এনেকৈ বান্ধ খাই থাকে যে ইয়াৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হয় সাধাৰণ জনতা আৰু ক্ষমতা  তথা পুঁজিৰে লাভান্বিত হয় ৰাজনীতিবিদ আৰু উদ্যোগপতি।"


এই প্ৰক্ৰিয়া ইমান ঊৰ্ধগামী হ'বলৈ ধৰে যে আজিৰ তাৰিখত দেশৰ এটা মুষ্টিমেয় শ্ৰেণীৰ আধিপত্যত দেশৰ মুঠ সম্পদৰ আধাতকৈও অধিক সম্পদৰ ক্ষমতা কেন্দ্ৰীভূত হৈ আছে। তাৰেই বহিঃপ্ৰকাশ জামনগৰলৈ অসমৰ পৰা এম্বুলেন্সত লৈ যোৱা হাতীৰ সেই হৃদয়বিদাৰক ফটো। উন্নত চিকিৎসাৰ নামত নিজৰ ঘৰ, পৰিস্থিতিতন্ত্ৰৰ পৰা গুজৰাটলৈ সৰবৰাহ হোৱা হাতীয়ে আমাৰ সমুখত বন্যপ্ৰাণী সংৰক্ষণৰ এক জটিল ছবি পোহৰলৈ আনিছে। 


হাতীৰ সৰবৰাহ, ব্যক্তিগত চিৰিয়াখানা, ব্যক্তিগত সম্পদ


গুজৰাটৰ জামনগৰ শোধনাগাৰ কমপ্লেক্সৰ সেউজ বেল্টৰ ভিতৰত ৩,০০০ একৰ ভূমিক সামৰি আম্বানী গ্ৰূপে নাম দিয়ে বনতাৰা আৰু ইয়াতে আৰম্ভ কৰে হাতী উদ্ধাৰ চেণ্টাৰ। ই পৰিচালিত হয় ৰাধা কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাস নামৰ এটা ট্ৰাষ্টৰ দ্বাৰা। মিডিয়াই অৱশ্যেই বনতাৰাক প্ৰক্ষেপ কৰে আম্বানীৰ নুমলীয়া পুত্ৰ অনন্ত আম্বানীৰ জীৱ জন্তুৰ প্ৰতি থকা সহানুভূতিৰ কেন্দ্ৰ হিচাপে। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত অনন্ত আম্বানীয়ে দাবী কৰিছিল যে ৰাধা কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাসত এতিয়া ২০০ৰো অধিক হাতীক উদ্ধাৰ কৰি সুৰক্ষিত কৰা হৈছে। উল্লেখযোগ্য যে এই হাতীবোৰৰ অধিকাংশই অৰুণাচল প্ৰদেশ, অসম আৰু ত্ৰিপুৰাৰ পৰা উক্ত ট্ৰাষ্টৰ অধীনলৈ নিয়া হৈছে বুলি সংবাদ মাধ্যমত ইতিমধ্যে প্ৰকাশ পাইছে। 


অতি পৰিতাপৰ বিষয় যে, ২০২১ চনত বন্যপ্ৰাণী (সুৰক্ষা) আইন সংশোধনে এনেধৰণৰ ব্যক্তিগত চিৰিয়াখানা সৃষ্টিৰ অনুমতি সুলভ কৰাৰ লগতে হাতীৰ দৰে বিলুপ্তপ্ৰায় বন্য প্ৰজাতি ধৰা আৰু পৰিৱহণ কৰাৰ বাট মুকলি কৰে। লেখক আৰু পৰিৱেশ সংৰক্ষণবিদ প্ৰেৰণা সিং বিন্দ্ৰাই এই ক্ষেত্ৰত কয় যে উক্ত আইনখনে পূৰ্বে সংৰক্ষিত প্ৰজাতিৰ বাণিজ্যিক লেনদেনৰ অনুমতি স্পষ্টভাৱে অস্বীকাৰ কৰিছিল। কিন্তু এতিয়া সংশোধনীৰ জৰিয়তে “জীৱিত বন্দী হাতীক নিষেধাজ্ঞাৰ পৰা বাদ দিয়া হৈছে, যাৰ ফলত হাতীৰ বাণিজ্যিক বিক্ৰী আৰু ক্ৰয়ৰ ন ন সুৰুঙাৰ জন্ম হৈছে।। আনকি হাতী ব্যৱসায়িক সামগ্ৰী হিচাপেহে পৰিগণিত হৈছে ।" 


এতিয়া প্ৰশ্ন হয়, উত্তৰ পূৰ্বাঞ্চলৰ দৰে উপযুক্ত পৰিস্থিতি তন্ত্ৰৰ পৰা এই হাতীবোৰক পশ্চিম গুজৰাটৰ দৰে শুকান, ঔদ্যোগিক বেল্টলৈ নি উদ্ধাৰ কৰা বুলি উত্থাপন কৰা দাবী কিমান দূৰলৈ যুক্তিসংগত? ইতিহাসবিদ ৰামচন্দ্ৰ গুহাই এইক্ষেত্ৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে । তেওঁ সুধিছে, হাতী সংৰক্ষণৰ বাবে এই সমান্তৰাল নিয়ন্ত্ৰণ ব্যৱস্থা কিয় সৃষ্টি কৰা হ'ল? নিজে বিচৰা ধৰণৰ প্ৰাকৃতিক বাসস্থানত বসবাস কৰিবলৈ সুবিধা কৰি দিয়াৰ বিপৰীতে আৰু ৰাজ্যৰ বন বিভাগৰ সৈতে সমিলমিলেৰে কাম কৰাৰ পৰিৱৰ্তে ব্যক্তিগত চিৰিয়াখানা নিৰ্মাণ কিমান প্ৰাসংগিক? নে ই অৰ্থনৈতিক ভাৱে চূড়ান্ত শক্তিশালী শ্ৰেণীটোৰ এক মাত্ৰ বিলাস ? নে সঁচাকৈয়ে উত্তৰ পূৰ্বাঞ্চলত, অসমত পশু চিকিৎসা সেৱাৰ অৱস্থা অনুন্নত? গজৰাজৰ বিদায় মূহুৰ্তৰ ছবিয়ে এনে বহু প্ৰশ্ন মনলৈ আনিছে , যিবোৰ দিনে দিনে আগতকৈও প্ৰাসংগিক হ'বলৈ ধৰিছে ।


Thursday, 2 January 2025

সাবিত্ৰী বাই ফুলে

 ঘৰৰ পৰা বিদ্যালয়লৈ যোৱাৰ বাটত সাবিত্ৰীবায়ে শুনিব লগা হয় হাজাৰ গালি। তেওঁৰ গাত গোবৰ চটিয়াই দিয়া হয় । দলিয়াই মৰা হয় শিল। তাৰপাছতো সাবিত্ৰীবায়ে প্ৰতিদিনে সেই একেই বাটেৰে মূৰ তুলি যায়। লগত লৈ যায় এখন অতিৰিক্ত পৰিস্কাৰ শাৰী। শ্ৰেণীকোঠাত ছোৱালীবোৰক যাতে পৰিস্কাৰ পোছাকেৰে শিক্ষাদান কৰিব পাৰে। সাবিত্ৰীবাই ফুলেৰ প্ৰতিদিনৰ এই প্ৰতিৰোধ ইমান সহজ নহয়। কিন্তু কিছুমান কাহিনী এনেকৈয়ে আৰম্ভ হয়- যিসকলে সমাজ জীৱনৰ কথা ভাবে , নিজৰ লগতে আনকো পোহৰ কৰাৰ সাহ কৰে, আনৰ বাবেও স্বপ্ন দেখে । অৱশ্যেই এই কাম সাবিত্ৰীবাই ফুলেই অকলে কৰা নাছিল। তেওঁক সাহ দিছিল তেওঁৰ স্বামী জ্যোতিবা ফুলেই। 


জ্যোতিবা ফুলেৰ লিখনিয়ে ব্ৰাহ্মণীয় পিতৃতান্ত্ৰিকতাক সমালোচনা কৰে মুকলিকৈ। উল্লেখযোগ্য যে সকলো মহিলাই পুৰুষতান্ত্ৰিক সমাজৰ দমনৰ বলি হয়। কিন্তু নিম্ন বৰ্ণৰ মহিলাসকলৰ ক্ষেত্ৰত এই গাঁথনিগত হিংসা চৰম পৰ্যায়ৰ।  নিম্ন বৰ্ণৰ নাৰী কেৱল তেওঁলোকৰ নিজৰ জাতিৰ পুৰুষৰ শোষণ, দমনৰ বলি নহয়। বৰঞ্চ উচ্চ বৰ্ণৰ পুৰুষ আৰু নাৰী উভয়ৰে দমনৰে বলি হয়। শ্যাম বেনাগলৰ ছবি 'অংকুৰ' তেনে এক দমনৰে সাহসী প্ৰতিফলন। 



সামাজিকভাৱে পিছপৰা মালি সম্প্ৰদায়ৰ জী  সাবিত্ৰীবাই । নিম্ন জাতৰ জী। ন বছৰ বয়সতে জ্যোতিবাৰ সৈতে বৈবাহিক সম্বন্ধত বান্ধ খায়। সেই সময়ছোৱাত সাবিত্ৰীবাইৰ দৰেই নিৰক্ষৰ বহুতো কিশোৰী কম বয়সতে কাৰোবাৰ পত্নী হয়। কিছু বছৰ নহওঁতেই বিধৱাও হয়। সৌভাগ্যক্ৰমে, জ্যোতিবাইৰ মনত সামাজিক অসমতা দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰতি আছিল গভীৰ বিশ্বাস । সেয়ে পত্নীক পঢ়িবলৈ আৰু লিখিবলৈ শিকোৱাত তেওঁ অলপো কুণ্ঠাবোধ কৰা নাছিল।  প্ৰথমে এই কাম আৰম্ভ হয় ঘৰতে। কিন্তু তাতো পৰিয়ালৰ মানুহৰ ঘোৰ আপত্তি। তাৰপাছত পথাৰেই হৈ পৰে পঢ়াশালি।  পথাৰত কৰ্মৰত জ্যোতিবাৰ বাবে দুপৰীয়াৰ আহাৰ দিবলৈ গৈ সাবিত্ৰীবাই প্ৰথম শিকে আখৰ । দেশ স্বাধীন হোৱাৰ বহু বছৰৰ আগতে এই আলোড়ন আৰম্ভ হয় পথাৰতে। 


হিন্দু ধৰ্মত হোৱা মহিলাৰ শোষণ, উৎপীড়নৰ বিৰুদ্ধে সৰৱ হয় জ্যোতিবা ফুলে। শিক্ষা নাই, সন্মান নাই, নিজৰ জীৱনৰ সিদ্ধান্ত লোৱাৰ কোনো অধিকাৰ নাই- এনে বহুতো নাৰীক চকুৰ সমুখতে দেখি তেওঁৰ মনত অলেখ প্ৰশ্নই ভীৰ কৰিবলৈ ধৰে। এই কথাবোৰ আলোচনা কৰাৰ একমাত্ৰ সংগী তেওঁৰ পত্নী 

সাবিত্ৰীবাই। 


 লাহে লাহে স্বামী জ্যোতিবাৰ কথাবোৰে সাবিত্ৰীবাইৰ অন্তৰতো এক নতুন স্বপ্নৰ জন্ম দিয়ে। তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰে যে জাতপাতৰ চাৰিসীমা মোহাৰিবলৈ মহিলাই শিক্ষাৰ সুযোগ পাবই লাগিব।  সাবিত্ৰীবাইৰ আগ্ৰহ দেখি জ্যোতিবাই তেওঁক পুনেৰ এটা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ভৰ্তি কৰে। ১৯৪৮ চন। প্ৰশিক্ষণ লৈ সাবিত্ৰীবাই পুনেৰ মহাৰৱাড়াত ছোৱালী শিক্ষাৰ আৰম্ভণি কৰে।  উল্লেখযোগ্য যে সাবিত্ৰীবাইক আনুষ্ঠানিকভাৱে ভাৰতৰ প্ৰথম মহিলা শিক্ষয়িত্ৰী হিচাপে স্বীকৃতি দিয়া হয়। 


 কিন্তু এই যাত্ৰা ইমানো সহজ নাছিল। পৰিয়ালৰ সকলো বান্ধোন ছিঙি এহাল দম্পতীয়ে নাৰীক শিক্ষিত কৰিবলৈ যি জোৱাৰ আৰম্ভ কৰে সেই বাটত অজস্ৰ প্ৰত্যাহ্বান।  ভিডে ৱাডাত এনেকৈয়ে আৰম্ভ হয় ১৮৪৮ চনত প্ৰথমখন নাৰী শিক্ষাৰ বিদ্যালয়। মাত্ৰ ন জনী ছাত্ৰীৰ পৰা আৰম্ভ হোৱা এই বিদ্যালয়ে নিম্ন বৰ্ণৰ ছোৱালীৰ বাবে জন্ম দিয়ে অন্য এক বাট। 


এই বিদ্যালয়সমূহত অস্পৃশ্য সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলৰ নামভৰ্তিৰ ফলত গোঁড়া উচ্চ বৰ্ণৰ হিন্দুসকল ক্ষুব্ধ হয়।  তেওঁলোকে এই বিদ্যালয়বোৰ বন্ধ কৰিবলৈ প্ৰথমতে সাবিত্ৰীবাইৰ বিষয়ে উৰাবাতৰি বিয়পায় । যেনে- শিক্ষিত নাৰীৰ স্বামীৰ অকালতে মৃত্যু হয়, শিক্ষিত নাৰীয়ে অজ্ঞাত পুৰুষলৈ চিঠি লিখিবলৈ আৰম্ভ কৰে ইত্যাদি ইত্যাদি। 


সকলো ৰাজহুৱা ভণ্ডামিৰ বিৰুদ্ধে যুঁজি সাবিত্ৰীবাই ফুলে ৰক্ষণশীল সমাজ ব্যৱস্থাৰ সমুখত কিছু নতুন প্ৰশ্ন মুকলি কৰে। পৰিয়ালৰ দ্বাৰা অপমানিত হোৱাৰ পাছত এই দম্পতীহালক ঠাই দিয়ে এজন ঘনিষ্ঠ বন্ধু উছমান শ্বেখ আৰু তেওঁৰ পৰিয়ালে । পাছলৈ তেওঁৰ ভগ্নী ফাতিমা বেগম শ্বেখো সাবিত্ৰীবাইৰ আন্দোলনৰ অংশ হৈ পৰে। ইতিহাসত ফাতিমা ভাৰতৰ প্ৰথম মুছলমান মহিলা শিক্ষক হিচাপে পৰিচিত হয়। 


সামাজিক অসমতা দূৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰা, নাৰী শিক্ষাক এক জাগৰণলৈ পৰিণত কৰা, বাল্য বিবাহৰ বিৰুদ্ধে জোৰদাৰ আৱাজ তোলা সাবিত্ৰীবাইৰ প্ৰতি সন্মান জনাই ৩ জানুৱাৰী দিনটোক নাৰী শিক্ষকৰ দিন হিচাপে উদযাপন কৰা হয়। এই কাহিনীবোৰ কৈ থকাটো জৰুৰী, পাতি থকাটো জৰুৰী। যাতে যদি কাহানিবা পাঠ্যপুথি অথবা ইতিহাসৰ পাতৰ পৰা নোহোৱা কৰি পেলোৱা হয়, এইবোৰ যাতে আমাৰ মন গহনত ৰৈ যায়। এইবোৰে যাতে আমাক সোঁৱৰাই যায় নাৰী শিক্ষাৰ আলোড়ন এদিনতে সম্ভৱ হোৱা নাছিল।  তাৰ আঁৰত আছিল বহু সাধাৰণ মানুহ, যি অসাধাৰণ কাম কৰিছিল।  

 


 

Wednesday, 1 January 2025

প্ৰেমময় হৈ জী থাকিবলৈকে...


(মোৰ সকলো ছাত্ৰীৰ হাতত নতুন বছৰৰ ওলগ আৰু মৰমেৰে)

সমাজ, ব্যক্তিগত, ৰাজনৈতিক - বিগত বছৰটোত এই তিনিওটা দিশৰ পৰাই আঁতৰি অহা প্ৰত্যাহ্বানমূলক হৈ পৰিল। ২০২৪ চনত অভিলেখ সংখ্যক দেশে নতুন চৰকাৰ নিৰ্বাচনৰ বাবে ভোটদান কৰিলে । আৰম্ভ হ'ল একনায়কত্ববাদৰ এক নতুন চৰিত্ৰৰ শাসকশ্ৰেণীৰ দপদপনি। আমেৰিকাত ড’নাল্ড ট্ৰাম্পৰ বিজয়ৰ পৰিসৰ আৰু গ্ৰেইট ব্ৰিটেইনত কেইৰ ষ্টাৰমাৰৰ বিজয়ে বিশ্ব ৰাজনীতিৰ গতি সলালে। এফালে ছিৰিয়াৰ বাছাৰ আল আছাদ আৰু আনফালে বাংলাদেশৰ শ্বেইখ হাছিনাৰ দৰে দীৰ্ঘদিনীয়া শাসন ব্যৱস্থাৰ তীব্ৰ পতনেও সামগ্ৰিকভাৱে ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ শাসকৰ অন্য মুখ খুলিলে। ইয়াৰ ভিতৰত আটাইতকৈ ভয়াৱহ হৈ পৰিল ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধ। গাজাত এ আইৰ সহায়ত ইজৰাইলে আৰম্ভ কৰা যুদ্ধই প্ৰযুক্তিৰ চৰম ব্যৱহাৰ যে এটা পক্ষৰ বাবে কিমান শক্তিশালী আৰু আন এটা পক্ষৰ বাবে কিমান ভয়ংকৰ - তাৰ এখন অস্থিৰ ছবি মুকলি কৰিলে। তাৰেই বহিঃপ্ৰকাশ পোৱা যায় 'যুদ্ধভূমিৰ কবিতা'ত এনেকৈ- 


                     ফটোৰ উৎস-  ইণ্টাৰনেট 

"আৰফত, ৱাচিংটনৰ মানুহেও বিচাৰে-এই এটাই মাথোঁ নাম আৰু এটাই মাথোঁ শব্দ/ মস্কোৰ মানুহেও বিচাৰে-এই এটাই মাথোঁ নাম আৰু এটাই মাথোঁ শব্দ/ বেইজিঙৰ মানুহেও বিচাৰে-এই এটাই মাথোঁ নাম আৰু এটাই মাথোঁ শব্দ/শুনা বেইৰুটেও ভালপায়-শান্তিপ্রিয় মানুহ আৰু মানুহৰ মহত্তম সৃষ্টি/ বেইৰুটেও ভালপায়-আপোচহীন কবি আৰু কবিতাৰ বলিষ্ঠ শাৰী/ বেইৰুটেও ভালপায় - চিৰমুক্ত পখী আৰু বৃক্ষৰ মিলাপ্ৰীতি।"


স্বাধীনতাৰ নামতে কতনা গৃহহীন মানুহ, স্বাধীনতাৰ নামতে কতনা অনাথ শিশু, স্বাধীনতাৰ নামতে গৃহহীন, দেশহীন মানুহৰ দীঘল তালিকা, স্বাধীনতাৰ নামতে 

মৃত শিশুৰ কবৰৰ লানি লানি শাৰী । 


মণিপুৰ জ্বলিল। ৰিলিফ কেম্প বাঢ়িল, স্কুল কমিল, কমিল স্বাস্থ্যসেৱা, বাঢ়িল মানুহৰ মানুহৰ প্ৰতি সন্দেহ, ঘৃণা আৰু প্ৰতিশোধৰ দাবানল। এইবোৰৰ মাজত লালনটপত ৰিলিফ কেম্পৰ এটি শিশুৰ প্ৰিয় খেল কি বুলি সোধা প্ৰশ্নৰ উত্তৰ শুনি কিছু সময়লৈ ৰৈ গ'লো - "পাবজি, পাবজিৰ পৰাই ভঙা ভঙা হিন্দী শিকিছো, অলপ হিন্দী জানো বাবেই মাহঁতে ইফালে সিফালে যাবলৈ দিবলৈ ভয় নকৰে।"


ভাষাৰ আধিপত্যত দেশৰ সীমান্তৰ এটি শিশুৰ মনস্তত্বৰ এই ফিল্টাৰবিহীন স্বীকাৰোক্তিৰ গাঢ় সত্যটো স্বীকাৰ কৰা বেছ কঠিন কাৰবাৰ। কিন্তু ভাষাৰ ভৱিষ্যতক লৈ মনত বহুতো প্ৰশ্নৰ ভঙা পতা চলি থাকিল। অসমীয়া পৰীক্ষাত বহি থকা এগৰাকী শিক্ষাৰ্থীয়ে ক'লে- "অসমীয়া লিখিব নোৱাৰি, তাতকৈ হিন্দী লোৱা হ'লেই ভাল আছিল।" বিগত কিছু বছৰত পৰীক্ষাৰ বহী চাওঁতে ভুল উত্তৰৰ বাবে শিক্ষাৰ্থীজনৰ প্ৰতি চিন্তিত হোৱা নাই, হুমুনিয়াহ কাঢ়িছো অজস্ৰ ভুল বানান আৰু বাক্যৰ অপৰিমিত গঠনত। নিজৰ ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব নজনা এটা প্ৰজন্ম যাৰ ছদ্মনাম 'জেন জি'ৰ এই বাস্তৱক ধ্ৰুপদী ভাষাৰ সন্মানেও কিমান বচাব পাৰিব তাক লৈ অজস্ৰ সন্দেহ। ভাষাৰ অবিহনে কেৱল ৰাজনৈতিক চৰিত্ৰৰে কোনো জাতি জী থাকিব নোৱাৰে । এনে পীড়া বহন কৰি কোনো সাহিত্যও মানুহৰ গভীৰলৈ যাব নোৱাৰে। 

এই সত্যবোৰ পাৰ কৰি মানুহ হিচাপে মানুহৰ মুখামুখি হোৱাৰ সাহস গোটাব পাৰে সৃষ্টিশীল মানুহেহে। যি প্ৰকৃতিৰ বুকুত জিৰাবলৈ শিকে । যি ভয় নকৰাকৈ গান, কবিতা, কাহিনী, ছবিৰ সৌন্দৰ্য্যক বহন কৰে। যি ভয় নোখোৱাকৈ প্ৰেমময় হৈ জী থকাৰ কলা আয়ত্ব কৰে। নীলমণি ফুকনৰ কবিতাৰ ভাষাৰে - "ভয় খালে চাবা, মিছা হৈ যাব/এতিয়াও নিশা আছে/সূর্যই কথা ক'ব/সূর্যই এটা/আমাক উত্তৰ দিব।" (সূর্য হেনো নামি আহে এই নদীয়েদি) 





Sunday, 22 December 2024

এক্টিভিষ্ট, গণতন্ত্ৰ আৰু নাৰী - অৰুণা ৰয়ৰ কথাৰে

 ১৯৭৫ চন। ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰা অব্যাহতি লয় #অৰুণাৰয়ে আৰু দিল্লীৰ পৰা ৰাওনা হয় ৰাজস্থানৰ তিলনীয়া গাঁৱলৈ। উদ্দেশ্য SWARC অৰ্থাত Social Work and Research Centre ত যোগদান কৰা। অৰুণা ৰয়ৰ পৰিচয় তাৰ আগলৈকে আছিল আই এছ অফিচাৰ। ১৯৬৮ চনৰ কেডাৰ। প্ৰথম পোষ্টিং তামিলনাডুত। তাৰ পাছত পণ্ডিচেৰী আৰু দিল্লীত । দিল্লীৰ পৰা তিলোনীয়ালৈ দূৰত্ব ৩৬০ কিঃমিঃ। এই দূৰত্বতে সলনি হৈছিল অৰুণা ৰয়ৰ জীৱন।


 স্বাচ্ছন্দ্যপূৰ্ণ জীৱনক বাদ নিদিবলৈ বহুতেই কোৱাৰ পাছতো ৰয়ে নিজৰ বেগ বান্ধে। ৰিজাৰ্ভেচন নোহোৱাকৈ ভিৰ ভৰ্তি এটা ৰেলৰ ডবাত কোনোমতে বহিবলৈ ঠাই উলিয়ায়।  তেওঁ জানে আজমিৰ জিলাৰ কিশানগঞ্জ তহচিলৰ ভিতৰুৱা গাওঁ তিলোনীয়াত নাই পাইপত অহা পানী। নাই ইলেকট্ৰিচিটিৰ সুবিধা। থাকিবলৈ শীত তাপ নিয়ন্ত্ৰিত কোঠা। শুবলৈ আৰামী বিচনা। এটা অব্যৱহৃত টিবি চেন'টেৰিয়ামৰ কেম্পাছ আছে। তাতেই আৰম্ভ হ'ব SWARC ৰ কাম। ৰেলৰ উকি আৰু পেচেঞ্জাৰৰ কোলাহলৰ মাজত অৰুণা ৰয়ৰ নিজৰ সৈতে এটা কমিটমেণ্ট হয় । এটা চিৰিয়াচ কমিটমেণ্ট। 


প্ৰশ্ন হয়, কেৰিয়াৰ গ্ৰাফ ওপৰলৈ গৈ থকা সময়ত এনে কি ঘটনাই তেওঁক বাধ্য কৰিছিল দেশৰ আটাইতকৈ প্ৰভাৱশালী প্ৰফেচনটো বাদ দিবলৈ ? ক্ষমতাৰ সৰ্বোচ্চ পৰ্যায়ৰ পৰা নামি তৃণমূল পৰ্যায়ৰ কৰ্মীৰ সৈতে কাম কৰিবলৈ?এই প্ৰশ্নৰ উত্তৰ পাবলৈ তেওঁৰ আত্মজীৱনী The Personal is Political ৰ  ভিতৰলৈ সোমাবই লাগিব। আজিৰ তাৰিখত অৰুনা ৰয় ৰ চিনাকি আৰ টি আই এক্টিভিষ্ট, ট্ৰেড ইউনিয়ন কৰ্মী, মেগেচেচে পুৰস্কাৰ দ্বাৰা সন্মানিত, নেচনেল ফেডাৰেচন অৱ ইণ্ডিয়ান উইমেনৰ সভানেত্ৰী, মজদুৰ কিষাণ শক্তি সংগঠনৰ প্ৰতিষ্ঠাপক । এই পৰিচয়বোৰৰ আঁৰৰ ঘটনাবোৰহে গুৰুত্বপূৰ্ণ।  যিবোৰে অকল তেওঁৰ জীৱনক নহয় বৰঞ্চ ভাৰতীয় সমাজৰ এছোৱা জলন্ত সময়ক বুজি পোৱাৰ সুযোগ দিয়ে। 


উক্ত আত্মজীৱনীখন নতুন প্ৰজন্মৰ সেইসকল সংগঠক, ৰাজনৈতিক নেতা, কৰ্মীৰ বাবে এক পথ প্ৰদৰ্শক স্বৰূপ যি স্থায়ী ব্যৱস্থা একোটাৰ বৈষম্যক বুজিবলৈ আগ্ৰহী। তেনে বৈষম্যৰ পৰিৱৰ্তনৰ বাবে প্ৰত্যাহ্বান ল'ব পৰাকৈ সাহসী। সমাজ এখনত নেতৃত্বৰ সমান্তৰালকৈ কিয় সামাজিক বিপ্লৱৰ প্ৰয়োজন তাক বুজিবলৈ অৰুণা ৰয়ৰ কাষ চপাটো জৰুৰী। এজন প্ৰভাৱিত নেতাতকৈও বেছি প্ৰয়োজন এজন সংবেদনশীল,  দায়বদ্ধ সমাজ কৰ্মীৰ। তেনে কৰ্মীয়েহে সমাজত সংগঠিত প্ৰতিৰোধৰ প্ৰয়োজ


নীয়তা উপলব্ধি কৰিব পাৰে। সামাজিক ন্যায় সম্পৰ্কে গভীৰ অন্তৰ্দৃষ্টি নাথাকিলেও এজন নেতা হ'ব পাৰি, কিন্তু এজন এক্টিভিষ্ট হ'বলৈ তাতকৈও ঊৰ্ধত গৈ মানুহৰ মাজত কাম কৰিব লাগিব। 


'দ্যা পাৰচনেল ইজ পলিটিকেল' শ্ল'গানটো ১৯৬০ চনত আৰম্ভ হোৱা নাৰীবাদী আন্দোলনৰ দ্বিতীয় ঢৌৰ জনপ্ৰিয় শ্ল'গান। ব্যক্তিগত জীৱনৰ পৰিধিৰ ভিতৰত আমি মুখামুখি হোৱা সত্যবোৰ সামাজিক স্তৰৰ বৃহত্তৰ ধাৰাৰ সৈতে সাঙোৰ খোৱা। তাকেই বুজাবলৈ উক্ত শ্ল'গানৰ নামেৰেই আত্মজীৱনীখন।  সত্য কি এই কথা বুজি পোৱাটো যিমানেই জৰুৰী সিমানেই জটিল তাক আনক বুজোৱাটো। সেয়ে সত্যক সমুখলৈ অনাজনৰ এক গভীৰ দায়িত্ব থাকে। প্ৰান্তীয়, ক্ষমতাহীন মানুহৰ বহুতো সত্য ইতিহাসেও বহুসময়ত ধৰি ৰাখিব নোৱাৰে। ধৰি ৰাখিব নোখোজে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেনে সত্যবোৰ নোহোৱা হৈ যায়। কৰ্পূৰৰ দৰে উৰি যায়। গীত, কবিতা, লোককথা, মৌখিক ইতিহাসে সেইবোৰক সামৰি ৰাখে। প্ৰজন্মৰ পাছত প্ৰজন্মলৈ বহন কৰে। তেনে সত্যৰে পুনৰ কথন  "দ্যা পাৰচনেল ইজ পলিটিকেল"।  


বেউৰা গাওঁ। দৰিদ্ৰতা অভ্যাস হৈ গৈছে গাওঁবাসীৰ বাবে। দলিত সম্প্ৰদায়ৰ লোকৰ বসতি। সৰু এটুকুৰা মাটিতে একোটা বৃহত পৰিয়াল । তেওঁলোকৰ মাজতে ৰয়ৰ প্ৰথম কাম আৰম্ভ।  মাটিৰ যে প্ৰয়োজন পৰিয়ালবোৰক সেয়া নিশ্চিত।  নতুন আঁচনিৰ অধীনত পৰিয়ালবোৰক এটুকুৰা নতুন প্লট দিয়াৰ বাবে অনুমোদন জনাবলৈ গাওঁবাসীক জাগ্ৰত কৰে ৰয়ে। ডিচিৰ লগতো আলোচনা আৰম্ভ হয়। ডিচিয়ে অনুমতি দিয়ে নতুন মাটিৰ পট্টাৰ বাবে। এশ পৰিয়ালে তাৰ বাবে এশ টকাকৈ জমা দিয়াৰ সিদ্ধান্ত লোৱা হয় পট্টাৰ বাবে।  তাৰ পাছতেই আৰম্ভ আচল সংঘাত।  সকলো সুকলমে হৈ যোৱাৰ পাছতো পট্টাৰ বাবে দিয়া টকা ঘূৰাই বিচাৰিলে পৰিয়ালবোৰে। ইয়াৰ কাৰণ আছিল উচ্চ জাতৰ দলিত পৰিয়ালবোৰৰ ওপৰত থকা প্ৰেচাৰ। এই অভিজ্ঞতা নতুন নাছিল অৰুণা ৰয়ৰ বাবে। আই এচ বিষয়া হিচাপে কৰ্মৰত অৱস্থাত জাত বৈষম্যৰ স্বৰূপ তেওঁ ওচৰৰ পৰাই দেখিছিল।  মাত্ৰ পাৰ্থক্য আছিল তেতিয়া মানুহৰ মাজৰ পৰা সমস্যাবোৰৰ মুখামুখি হোৱা নাছিল,  হৈছিল ওপৰৰ পৰা। কাগজ, ফাইলৰ পৰা বাহিৰ ওলাই ৰয়ে অনুভৱ কৰে জীৱন আৰু সংগ্ৰামৰ মাজত ব্যৱধান নাই। সংগ্ৰামেই জীৱন,  জীৱনেই কাম। কিন্তু আই এচ বিষয়া হোৱাৰ ট্ৰেইনিঙত তাৰ বিপৰীত ছবি এখনৰ প্ৰতিহে আকৰ্ষিত কৰা হয়। অৰুণা ৰয়ে উল্লেখ কৰিছে এক পুৰুষতান্ত্রিক আৰু উপনিৱেশিক ব্যৱস্থাৰে চলে এই গোটেই প্ৰক্ৰিয়াটো। যাৰ ফলত এগৰাকী উচ্চ পদবীধাৰী প্ৰশাসনিক বিষয়া আৰু সাধাৰণ জনগণৰ মাজত বৰ বিশেষ সুদূৰপ্ৰসাৰী সম্পৰ্ক গঢ় লৈ নুঠে। কিয়? কাৰণ ব্যুৰক্ৰেছীৰ কাম ক্ষমতাত অধিষ্ঠিত সকলৰ ক্ষমতা বজাই ৰখা, বিশ্বাসৰ সম্পৰ্ক ৰচনা কৰা নহয়। যিমানেই  বিশ্বাসৰ পৰিৱৰ্তে সন্দেহ আৰু সংঘাত থাকিব, সিমানেই লাভান্বিত হ'ব নেতা। 


 তেন্তে এক্টিভিষ্টৰ সংজ্ঞা কি ? 


অৰুণা ৰয়ৰ মতে যি ব্যক্তি মতাদৰ্শগত দৃষ্টিভংগীৰে পৰিচালিত আৰু সামাজিক ভাৱে জাগ্ৰত তেওঁক আমি এক্টিভিষ্ট বুলি ক'ব পাৰো। এক্টিভিজিম অথবা সক্ৰিয়তা হৈছে একধৰণৰ প্ৰতিৰোধ ক্ষমতা। ৰাজনৈতিক ভাৱে সক্ৰিয় আৰু সজাগ হোৱা মানে এইটো নহয় যে তেওঁ কোনো দলীয় কৰ্মী হ'ব লাগিব।  ৰাজনৈতিক ভাৱে সক্ৰিয় হোৱাৰ অৰ্থ হৈছে ব্যক্তিগত নেৰেটিভবোৰৰ সামাজিক অৰ্থ বিচাৰি পোৱাটো। ৰয়ে উল্লেখ কৰিছে যে এজন এক্টিভিষ্টৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে চিনিক হোৱাৰ পৰিৱৰ্তে বেয়াতকৈও বেয়া সময়ত আশাবাদী হৈ থাকিব পৰাটো, মানুহৰ ওপৰত বিশ্বাস ৰাখিব পৰাটো আৰু তাতোকৈও ডাঙৰ কথা নিজে সংবেদনশীল হৈ থাকিব পৰাটো। এই কথাকে তেওঁ সহজকৈ বুজাবলৈ আওৰাইছে ব্ৰেখটৰ সেই কবিতা- In the dark times/will there also be singing?/ yes, there will also be singing/about the dark times.


বহুতো বুদ্ধিজীৱিয়ে কোৱাৰ দৰে ৰয়ে আশাবাদী হৈ থাকিব পৰাটোক ইউটোপীয়াৰ দৃষ্টিভংগীৰে চোৱা নাই। এডুৱাৰ্ডু গেলেনিওৰ কথাকে আওৰাই ৰয়ে কৈছে-" ইউটোপীয়া আকাশৰ সীমাত। মই দুখোজ আগুৱাই গ'লে ইউটোপীয়াও দুখোজ আগবাঢ়ি যায়। মই যিমানেই  খোজ কাঢ়িলেও কাহানিও ইউটোপীয়াৰ ওচৰ চাপিব নোৱাৰিম। গতিকে  ইউটোপীয়াতকৈও ডাঙৰ কথা হৈছে খোজ কাঢ়ি থকাটো।"  বহু সময়ত সমতাৰ পক্ষে, গণতন্ত্ৰৰ পক্ষে মাত মতাসকলকে  আক্ৰমণাত্মক বুলি প্ৰতিপন্ন কৰাৰ ষড়যন্ত্ৰ চলে। ৰয়ৰ মত অনুসৰি প্ৰত্যাহ্বানৰ বিৰুদ্ধে খোজ কাঢ়িবলৈ প্ৰয়োজন হয় দীঘলীয়া ধৈৰ্য্য আৰু সাহসৰ। ইয়াৰ এটা ব্লু প্ৰিণ্ট থকাটো বাঞ্চনীয়। 


এই ক্ষেত্ৰত নাৰী কৰ্মীসকল মনৰ ভাৱ প্ৰকাশ কৰিব পৰাকৈ আৰু যুক্তিসহ নিজৰ মত উপস্থাপন কৰিব পৰাকৈ সবল আৰু স্বাধীন হোৱাটো জৰুৰী।

এগৰাকী নাৰীৰ সমুখলৈ সতকাই অহা প্ৰশ্নটো হৈছে তেওঁ কেনেকৈ পৰিয়াল আৰু আন সংগ্ৰামবোৰৰ মাজত ভাৰসাম্য স্থাপন কৰে।  ৰয়ৰ আত্মজীৱনীত পৰিয়াল আৰু এক্টিভিজিমৰ সৈতে নাৰীৰ এখন স্পষ্ট ছবি দেখা পোৱা যায়। ধৰ্ণাত বহি থকা অৱস্থাতো এগৰাকী নাৰী কৰ্মীৰ মনত পৰে নিজৰ ঘৰলৈ, সন্তানলৈ। নাৰীৰ বাবে পৰিয়াল, ৰাজনৈতিক সক্ৰিয়তা, সমাজৰ মাজত ভাৰসাম্য ৰাখি আগবঢ়া ইমান সহজ নহয়। এগৰাকী নাৰীৰো বিভিন্ন পৰিচয় থাকে। তেওঁ দলিত, আদিবাসী, দৰিদ্ৰ,  কম শিক্ষিত হ'ব পাৰে। এই আটাইবোৰ পৰিচয় নাৰী গৰাকীৰ ৰাজনৈতিক পৰিচয় । 


নাটুকি, ভূৰিয়াৰ দৰে প্ৰান্তীয় অঞ্চলবোৰত ঘূৰি ফুৰোতে অৰুণা ৰয়ে উপলব্ধি কৰে যে গ্ৰাম্য আৰু শ্ৰমজীৱি মহিলাৰ বাবে অসমতাৰ সৈতে জড়িত প্ৰথম আৰু শেষ বিষয়টো হৈছে ভোক আৰু শ্ৰম। তেওঁলোকৰ মাজলৈ সোমাই ৰয়ে মৰ্মে মৰ্মে অনুভৱ কৰে যে লিংগ অসমতা এক গুৰুত্বপূৰ্ণ দিশ। কিন্তু তাতোকৈও ভয়াবহ হৈছে শ্ৰেণী আৰু জাত বৈষম্য। জাত, লিংগ আৰু শ্ৰেণী এই তিনিটা গ্ৰামাঞ্চলৰ অপ্ৰতিৰোধ্য হেঙাৰ হিচাপে দেখা দিয়ে ৰয়ৰ সমুখত। এই তিনিটাক বুজাটো সমাজত চলি থকা ক্ষমতাৰ শ্ৰেণীবিভাজনক বুজাৰ দৰে। বৈষম্য কি, দমনৰ চৰিত্ৰ কেনে সেয়া প্ৰান্তীয়ত্বৰ বলি হোৱা মহিলাই সকলোতকৈ ভালকৈ বুজে। ফলস্বৰূপে এইসকল মহিলাৰ পৰাই আৰম্ভ হয় প্ৰতিৰোধৰ প্ৰথম সংগ্ৰাম।  ৰয়ে উল্লেখ কৰিছে #MGNREGA  আৰু #RTI বিল পাছ হোৱাৰ ক্ষেত্ৰত গ্ৰাম্য মহিলাৰে আছিল অভূতপূৰ্ব অৱদান। যাক কেতিয়াও স্বীকৃতি দিয়া নাই দেশৰ ইতিহাসে। 


১৯৭০ চন। তিলোনীয়া আৰু হাড়মৰাৰ মাজত খোজকাঢ়ি ৰয় উপস্থিত হৈছিল ৰেগাৰ সম্প্ৰদায়ৰ মাজত।  ৰেগাৰসকল হাড়মৰাৰ শিল্পী যি পৰম্পৰাগত ভাৱে চামৰা শুকোৱা, তাৰ পৰা বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি জীৱন নিৰ্বাহ কৰে। সমাজত তেওঁলোকৰ পৰিচয় নিম্ন জাতি যাৰ ঘৰত পানী, অন্ন গ্ৰহণ কৰা উচ্চ জাতৰ বাবে নিষিদ্ধ।  জাতিগত সীমা থকাৰ পাছতো তেওঁলোকৰ লগত খাদ্য আৰু পানী খোৱাৰ সীমা মনা নাই ৰয়ে। ব্ৰাহ্মণ আৰু ৰাজপুতৰ ঘৰত অৱশ্যেই ৰয়ৰ প্ৰৱেশ একেবাৰে সীমিত।  আনকি ব্ৰাহ্মণৰ ঘৰত পানী খাওঁতে ৰয়ৰ কাপটোত আঠ ইঞ্চি ওপৰৰ পৰা বাকী দিয়া হৈছে পানী। 


এই মৰুভূমিত পানী, তাকো  আঠ ইঞ্চি ওপৰৰ পৰা ! 

মৰুভূমিৰ এক সৌন্দৰ্য্য থাকিলেও ইয়াত জীৱন নিৰ্বাহ কৰা মানুহৰ সংগ্ৰাম কল্পনাৰো অগোচৰো। মজুৰিৰ বাবে দাবী মৰুভূমিৰ আশে পাশে জীৱন নিৰ্বাহ কৰা মানুহৰ বাবে জীৱন আৰু মৃত্যুৰ সমকক্ষ। ১৯৮৭ চনৰ কথা। অৰুণা ৰয় আৰু তেওঁলোকৰ কৰ্মী দেৱদুংগীলৈ আহে। তাতেই জন্ম মজদুৰ কিষাণ শক্তি সংঘৰ। উল্লেখযোগ্য যে উক্ত অঞ্চলটোত কোনো শাক পাচলিৰ খেতি কৰা সম্ভৱ নহয়। গোটেই গাওঁখনে আধাপেটিৰে টোপনি যায়।  দুই সাঁজ সাধাৰণ খাদ্যৰে দৈনন্দিন জীৱন-  এসাঁজ ৰাতিপুৱা আৰু গধূলি এসাঁজ।


এনেকুৱা দিনৰে কথা । মেডিচিন বিচাৰি পাপায়া নামৰ গাঁৱৰে ছোৱালীজনী আহি পায় মজদুৰ কিষাণ শক্তি সংঘৰ অফিচ । ৰয়ৰ ওচৰত সাধাৰণ ফ্ৰাষ্ট এইড আৰু হোমিওপেথিৰ কেইটামান ঔষধৰ বাহিৰে আন একো নাই।  তাৰেই কাম চলাব লাগিব।  তাৰপাছৰ পৰা পাপায়াৰ ঘনাই আগমণ। সাধাৰণতে সেই সময়ত যেতিয়া অফিচৰ সকলো খাবলৈ বহে। পানীৰ সৈতে ৰুটি আৰু জলকীয়াৰ চাটনিৰে দুসাঁজ কোনোমতে খাবলৈ পোৱা ছোৱালীজনীৰ বাবে দাইলৰ গোন্ধো হৈ পৰে ভোক নিবাৰণৰে ঔষধ।  কিন্তু পাপায়াক খাবলৈ জোৰ কৰিলেও কোনোদিনেই সন্মত নহয়। সদায় তাইৰ একেই উত্তৰ- মই অলপ আগতে খালো নহয় । 


পাপায়াৰ দৰে তেনে বহু পৰিয়ালৰে শেষ আশ্বাস মজদুৰ শক্তি অথবা মজদুৰ মণ্ডী। মণ্ডীৰ হৰ্তা কৰ্তাসকল আহে, স্বাস্থ্যৱান কেইজনমানক বাচি হাজিৰাৰ বাবে লৈ যায়। তেনে অৱস্থাত কোনোমতে জীয়াই থকা মানুহখিনিক লাগে নিয়োগৰ এক গেৰাণ্টি। সেই উদ্দেশ্যেই মজদুৰ কিষাণ শক্তি সংগঠনে আৰম্ভ কৰে অন্য এক যাত্ৰা, নাম যাৰ - Delivery Systems of Government Poverty Alleviation Programmes. 


ইয়াৰ মুখ্য উদ্দেশ্য আছিল কেনেধৰণৰ অৰ্থনৈতিক প্ৰয়োজন লাগে তাক বাচি উলিওৱা আৰু শ্ৰমৰ এক নিৰ্দিষ্ট মজুৰি নিৰ্ধাৰণ কৰা। এয়াতো আমাৰ সাংবিধানিক অধিকাৰ। এইখিনি সময়তে ১৯৯১ চনত Times of India Group য়ে ৰয়ক প্ৰদান কৰে এক লাখ টকাৰ ফেলশ্বিপ।  যাৰ সহায়ত Living With Dignity and Social Justice শীর্ষক কাম আৰম্ভ কৰে ৰয়ে। এম জি এন ৰেগাও এনেকৈয়ে আৰম্ভ হয় । কোনো সন্দেহ নাই যে এম জি এন ৰেগায়ে এক বৃহৎ জনসংখ্যাক ভোকাতুৰ আৰু নিয়োগহীনতাৰ পৰা বচালে। ৰাজস্থানতে ২০২০-২১ চনৰ ভিতৰত ৭৪.৩  পৰিয়াল আৰু ১.৪ কোটি মানুহে কাম পালে ইয়াৰ অধীনত। অথচ তাৰ ক্ৰেডিট ল'বলৈ গৈ মোডীয়ে ক'লে ২০১৫ চনত পাৰ্লিয়ামেণ্টত "#MGNREGA চলি থাকিব, ই কংগ্ৰেছৰ বিফলতাৰ উদাহৰণ।" ৰাজস্থানৰ গাঁৱে গাঁৱে আৰম্ভ হোৱা দুটা দাবী- আৰ টি আই আৰু 

#MGNREGA য়ে এটা কাম কৰিবলৈ সক্ষম হয়।  ই জাত, ধৰ্ম,  লিংগৰ দৰে পৰিচয়ৰ ঊৰ্ধত গণতন্ত্ৰত অধিকাৰ সাব্যস্ত কৰাৰ বাট মুকলি কৰে। কিন্তু আছিল জানো এনে বাট মুকলি কৰাৰ বাবে লোৱা বাট ইমান সহজে পাৰ কৰা ? 


এইবোৰৰ মাজতে ৰয়ৰ মুখামুখি ভাৰতীয় একাংশ উচ্চ পদস্থ বিষয়াৰ সৈতে, দিল্লীৰ এক সংগীতানুষ্ঠানত। 

উক্ত অনুষ্ঠানতে সেই সময়ৰ ইলেকচন কমিচনাৰে ৰয়ক সুধিছিল "তুমি ইয়াত কিয়?" ৰয়ে কয় "যেতিয়া মই ধৰ্ণা আৰু প্ৰতিবাদত নবহো, তেতিয়া মই আপোনালোকৰ দৰে গান শুনো ।" এই প্ৰসংগত ৰয়ে এজন এক্টিভিষ্টৰ সংজ্ঞা দিছে এনেকৈ - "এজন প্ৰকৃত এক্টিভিষ্টে গণতান্ত্ৰাতিক আৰু মানৱীয় অধিকাৰৰ পক্ষে মানুহৰ কণ্ঠ হৈ থিয় দিয়ে। তেওঁলোকে ঘটনা, পৰিস্থিতিবোৰক দৈনন্দিন জীৱন ধাৰাৰ সমুখলৈ আনে, যিবোৰ জনপ্ৰিয় মাধ্যম যেনে সংবাদ মাধ্যমতো বহু সময়ত অৱহেলিত হৈ ৰয়।" 


কিন্তু এক্টিভিষ্ট সম্পৰ্কে ৰয়ে কোৱা বহুতো কথা আজিৰ তাৰিখত কিমান দূৰ প্ৰযোজ্য তাক লৈও বিতৰ্কৰ থল আছে। কাৰণ আমাৰ চকুৰ সন্মুখত বহুতো এক্টিভিষ্ট নেতালৈ পৰিণত হ'ল।  ভোটৰ অংকই তেওঁলোকৰ শেষ পৰিচয় আৰু ই ভি এমৰ বুটামেই শেষ ভৱিষ্যত । ইয়াৰ বাবে দুৰ্ভগীয়া আমি নে তেওঁলোক নিজেই সেই কথা ঠিৰাঙ কৰা জটিল। ৰয়ে 

কৈছে এজন এক্টিভিষ্টৰ কণ্ঠৰ গুৰুত্ব এই কাৰণেই বেছি কাৰণ তেওঁলোকে নিজৰ সামাজিক আৰ্থিক স্থান গঢ়াতকৈও বেছি জনমত গঠন কৰাতহে মন দিয়ে। আছে নে তেনে এক্টিভিষ্ট আমাৰ চৌপাশে আজি ? ৰয়ৰ মতে তেওঁলোক ৰাষ্ট্ৰ আৰু ব্যক্তিৰ মাজৰ সম্পৰ্ক অৱদমিত হোৱাৰ প্ৰতি চিন্তিত হয়। সঁচাকৈ আমাৰ বাবে নে নিজৰ চকীখনৰ বাবে চিন্তিত আজিৰ একাংশ চিউড' এক্টিভিষ্ট? ৰয়ে লিখিছে এক্টিভিষ্টে ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰৰ অপব্যৱহাৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰে। এৰা কৰিছে বহুতে আমাৰ সমুখতে, কিন্তু তেওঁলোকো চোন পাকচক্ৰত বিভ্ৰান্ত,  সেই বাবেই জনগণৰ পৰা ক্ৰমাগত  বিচ্ছিন্ন ! ৰয়ৰ মতে এক্টিভিষ্টৰ কাম হেনো প্ৰশ্ন কৰা, বিশ্লেষণ কৰা। প্ৰশ্ন কৰাজনৰ নাম কমি আহিছে, বাঢ়ি আহিছে বুজাবুজি ! অৰুণা ৰয়ৰ ভাষাত শক্তি হেৰুৱাৰ ভয়ত থকাজন এক্টিভিষ্ট নহয়, নেতাহে। আমাৰ চৌপাশে কত যে নেতা, কিমাননো এনে মানুহৰ নাম জানো আমি যি বাস্তৱত নামৰ ঊৰ্ধত গৈ মানুহৰ কথা কয় প্ৰভাৱশালী  পক্ষৰ আগত । 


তেন্তে শাসক সলালেই জানো গণতন্ত্ৰ ৰক্ষা পৰিব? সত্য এয়াই যে সত্যৰ অবিহনে ভৱিষ্যতৰ ডিজাইন সম্ভৱ নহয়। তাতোকৈও ডাঙৰ সত্য post truth,  post ideology ৰ দুনিয়াত ভাল এক্টিভিষ্টৰ আশা কৰিব পাৰিনে ? বেয়াতকৈও বেয়া সময় নাহিলে ভাল সময়ৰ স্বপ্ন অৰ্থহীন । নতুন প্ৰজন্মই ৰীলৰ বাহিৰৰ ৰিয়েল দুনিয়াখনত সোমালে বুজি পাব সেইবোৰ কথা যিবোৰক চিলেবাচত অন্তৰ্ভুক্ত কৰা নহয়, কোনো প্ৰশ্ন কাকতত সোধাও নহয়, অথচ যিবোৰে সমাজৰ অভ্যন্তৰত এক ভেকুৱাম সৃষ্টি কৰিছে যাৰ বলি হৈছে সাধাৰণ মানুহ। যিবোৰ দেখাত কোনো পৰিয়ালৰ ব্যক্তিগত সমস্যা, অথচ একে সময়তে ৰাজনৈতিক কথা। সেই বাবেইতো দ্যা পাৰচনেল ইজ পলিটিকেল। 


সেই বাবেই লাউ তুজোৰ কথাকে অৰুণা ৰয়ে আকৌ আওৰাইছে - ভাল এক্টিভিষ্ট হ'ব খুজিছা যদি 


"মানুহৰ ওচৰলৈ যোৱা। তেওঁলোকৰ সৈতে থাকা। তেওঁলোকৰ পৰা শিকা। তেওঁলোকৰ প্ৰেমত পৰা। তেওঁলোকে কি জানে তাকেই বুজিবলৈ যত্ন কৰা। তেওঁলোকৰ যি আছে তাকেই মজবুত কৰা। কিন্তু এই কাম শেষ হ'লে, নিজকে শ্ৰেষ্ঠ নেতা বুলি জাহিৰ কৰাৰ পৰিৱৰ্তে, তেওঁলোকৰ কণ্ঠৰ সৈতে এই কথা আওৰোৱা- আমি আমাৰ বাবে এই কাম সম্ভৱ কৰিলো।"


আছে নে এনে এক্টিভিষ্ট আমাৰ চৌপাশে ? যি এজন নিস্বাৰ্থ প্ৰেমিক অথবা প্ৰেয়সীৰ দৰে আমাৰ কথা ভাবে ? আমাৰ কথাৰে আঁকে সেই ভৱিষ্য য'ত তেওঁলোকৰ খোজ আছে, নাই মাথো নাম? অথচ সেই কথাৰ বাবে কোনো ভ্ৰুক্ষেপ নাই, যদি কিবা আছে সেয়া নিজৰ আৰু সমাজৰ বাবে কিছু উমৈহতীয়া স্বপ্ন... 


***