Wednesday 19 December 2018

ধোঁৱাৰ চহৰ, আত্মঘাতী ধূলি আৰু অৱসাদ কুঁৱলী



সেয়া আছিল বেগাই যোৱা সময়ৰ টিকনিত টিকটিকীয়াকৈ উৰি থকা দুফালে গুঁঠা বেণীৰ ৰঙা ফিটা দুডালে কঢ়িয়াই ফুৰা কাহিনী । অলপ কোমল,  অলপ ফিৰফিৰীয়া । অথচ বাৰে বাৰে সংকেতধৰ্মী হৈ জগাই তোলা পানী খোৱা ছুটিৰ ঘণ্টাৰ দৰে তীক্ষ্ণ শব্দৰ তজবজীয়া কাহিনী ।

সেই কাহিনীত পাকঘূৰণি খাই টোপনিহীনতাত ভূগি থকা জয়িতাই পুৰণি ব্লেংকেটখনৰ ক'ভাৰ এৰুৱাই বিচনাত থৈছিল । আৰু চাৰ্টৰ বুটাম খোলাৰ দৰে নিজকে খুলি কাহিনীৰ সমুখত ৰাখিছিল ।

কাহিনীনো কি?

কেতিয়াবা পিছ চোতালৰ শাকনিৰ পৰা জুতিমালাহঁতৰ ঘৰলৈ একেবাৰতে জঁপিয়াই পাৰ হ'ব পৰা সৰু জপনাখনৰ দৰে নিমাখিত এটা বৰ্গ । কেতিয়াবা হাইস্কুলৰ প্ৰেয়াৰৰ শেষত মহৎ লোকৰ বাণী কোৱা সেই আয়তাকাৰ বাৰাণ্ডাখন । কেতিয়াবা আকৌ ৰিপু বুক ষ্টলত পত্ৰবন্ধুৰ শেহতীয়া চিঠিখন সংগ্ৰহ কৰিবলৈ আহি এনেয়ে কাৰোবাৰ বাবে অপেক্ষা কৰি থকাৰ মুদ এটা লৈ গজগজাই থিয় হৈ থকা কাষৰ চন্দন গছজোপাৰ গুৰিটোৰ দৰে একোটা আত্মীয় বৃত্ত ।

ইয়াতকৈ সৰল গতিৰে কাহিনী জানো আগুৱাব পাৰে !

জয়িতা ভীষণ ৰোমান্টিক নহয় ।
তাই খঙাল । বদমেজাজী ।
অথচ প্ৰেক্টিকেলো নহয় ।

ছেপ্টেম্বৰ যাওঁ যাওঁ কৰি থাকোঁতেই তাইৰ এনে লাগে কলেজৰ পৰা উভতি অহা বাটটোত সদায় দেখা ছবি কিছুমান শীত অহাৰ অজুহাত লৈ নোহোৱা হৈছে । নহ'লেবা কালি দেখা ছবিবোৰেই আজি একোটা ভিন্ন গেট আপ লৈ তাইৰ সমুখলৈ আহিছে । তথাপি বাটটোলৈ তাইৰ কিবা এক মোহ উপজিছে । মোহ মানে ঠিক প্ৰেম নহয় । প্ৰেম আৱেগিক মানুহে নকৰে । প্ৰেম কৰে প্ৰেক্টিকেল হবলৈ গৈ থকা মানুহে । ডাববোৰ ফালি থকা দৃশ্যটোকো কলেজৰ গেটৰ পৰা দেখিলে প্ৰেম যেন লাগে জয়িতাৰ । কঠিনতাবোৰ কাটি কোমল শাহবোৰ পছন্দ কৰিছা । সিমানেইটো ! প্ৰেম সৰল,  জীৱন জটিল । প্ৰেম চৌৰাচিয়াৰ বাঁহীৰ সুৰ । জীৱন নীলমনি ফুকনৰ কবিতাৰ আঁহ । বাইনেৰী । জহি খহি যোৱা হোষ্টেলৰ পুৰণি বিল্ডিঙৰ স্মৃতিকাতৰতা,  নহ'লেবা বন্ধু মহলৰ আড্ডাত শেষৰটো পেগ লৈ গালি পৰা আশাবাদ । দহ হাজাৰ টকাৰ মাহিলী দৰমহাত উম লোৱা ভাড়াঘৰ,  শ্ৰেণীত মন্ত্ৰমুগ্ধ চকুবোৰৰ পোত যোৱা হতাশা । বাইনেৰীবোৰ ঋতুৰ দৰে বিলাস নহয় ।



এই কথা ভাবি থাকোতেই জয়িতাই বাছ ষ্টপত ঘটনাক্ৰমে লগ পায় অনুব্ৰতক - ইউনিভাৰ্ছিটিৰ ছাত্ৰ নেতা অনুব্ৰতক ।

অনুব্ৰতে ছাত্ৰ নেতাৰ সুৰেৰে জয়িতাক কিবাকিবি বুজাব খোজে । আশীটা ভোটত নীলোৎপল কেনেকৈ হাৰিল,  শেষ ৰাতিৰ খেলত কেনেকৈ কোন মেনেজ হ'ল সেই একেবাৰেই কথা । জয়িতাই হা না একো নকয় । তাইৰ মনোযোগবিহীন মুখখনত বিৰক্ত হৈ অনুব্ৰতক নিজৰ গন্তব্যৰ বাছত উঠে ।

বাছৰ ভাড়া বাঢ়িছে । চিলিণ্ডাৰো । জয়িতাই হাতৰ ঘড়ীত সময় চাবলৈ লৈ দেখে কেতিয়াবাই বন্ধ । ৰাস্তাৰ সিটো পাৰে অমৰা বেচা ল'ৰাটোৱে অমৰাৰ বাকলি গুচাই নিদিষ্ট জোখত ফালিছে । জয়িতাৰ সমুখেৰে পাৰ হৈ যোৱা দুজন বুদ্ধজীৱি চেহেৰাৰ মানুহে অসমীয়া চিনেমাৰ ভৱিষ্যতৰ কথা আলোচনা কৰি পানদোকানৰ আগত চিগাৰেট ফুকিছে । চিগাৰেটৰ ধোঁৱাত মানুহ দুজনৰ চকু এঙাৰ বৰণীয়া হৈ পৰিছে । তাৰ পৰা দুখোজ আগত ৰৈ থকা কলেজীয়া গাভৰুৰ ওঁঠৰ মেট লিপষ্টিকৰ লগত মানুহ দুজনৰ চকুৰ ৰঙে এক নতুন বাইনেৰীৰ কথা ক'বলৈ আৰম্ভ কৰিছে । দহ তাৰিখে নয়নাৰ বিয়া । তাই একেটা মেচেজকে বাৰে বাৰে হোৱাটচ্ এপত পঠিয়াই আছে । এইবোৰ ভাবি থাকোতে অনুব্ৰতে জয়িতাক কি ক'লে তাইৰ মন দিয়াই নহ'ল ।
মন নিদিয়া বহুতো কথাই উদ্দেশ্যবিহীনভাৱে বাটৰুৱাক লগ দিয়ে মাজে মাজে । জয়িতাৰ ক'লিগ পৰিমল বৰুৱাৰ ঘৰলৈ নতুনকৈ কাম কৰিবলৈ অহা ল'ৰাটো হেৰাল কালি । আজি দ্বিতীয় দিন বুলি এফ আই আৰ দিবলৈ অহা বৰুৱাই গাড়ী পাৰ্ক কৰি ৰাস্তা পাৰ হ'ব খোজোতেই উজুটি খাই পৰিল  । আঁঠুত সামান্য দুখ পাইছে । সামান্য বুলি তেওঁহে কৈছে । বাৰে বাৰে কপালৰ জেপৰ পৰা ৰুমাল উলিয়াই তেওঁ কপালৰ ঘাম মোহাৰিচে । ল'ৰাটো মাইনৰ । কেচ ৰেজিষ্টাৰ কৰালে শিশু শ্ৰমিক ৰখাৰ অপৰাধত কলেজৰ শিক্ষক হিচাপে দণ্ডনীয় । নকৰালেও উপায় নাই । পৰিবাৰৰ ঘৰৰ ওচৰৰ পৰা অনা । ( তাতে আকৌ মিচেছ বৰুৱাৰ ককায়েক নতুনকৈ আৰ্ৱিভাৱ হোৱা গৰু মুক্তি দলৰ নেতা)  । কথাবোৰ চিন্তা কৰি পৰিমল বৰুৱাই খৰকৈ ৰাস্তাটো পাৰ হয় আৰু থানাৰ সমুখত ৰৈ কুৰ্তাৰ পকেটত ৰুমালখন বিচাৰে  । ৰাস্তাৰ এই পাৰে পৰি ৰোৱা পৰিমল বৰুৱাৰ ৰুমালৰ ওপৰেৰে তেতিয়াই পাৰ হৈ যায় নীলা পাৰিৰ চাদৰ পিন্ধা অংগনবাদী কৰ্মীসকলৰ এটা আকৰ্ষণবিহীন সমদল । যাৰ কণ্ঠ সেমেকা,  কপালৰ সেওঁতা বহল । ওঁঠ শুকান,  বুকু অপুষ্টিকৰ । যাৰ মূৰত ছাতি নাই,  ধূলিৰ পৰা বাচিবলৈ নাকত নাই ৰুমাল । যাৰ বাবে শীত আৰু উষ্ণতাৰ মাজৰ বাইনেৰীৰ কোনো অৰ্থ নাই ।

****
ষ্টপেজবোৰে,  চিটিবাছবোৰে কোনো যাত্ৰীৰ নাম নোসোধে । নিবিচাৰে কাৰোৰে আধাৰ লিংক,  পৰিচয় পত্ৰ । জন্মৰ সময় অথবা স্থান । এজাক নাম নজনা মানুহ পাৰ হৈ যোৱাৰ দৰেই ষ্টপেজবোৰক পিছ পেলাই গৈ থাকে চিটিবাছবোৰ । এই চহৰৰ ৰেপিড ফায়াৰ ৰাউণ্ডত আণ্ডাজতে দি পেলোৱা একোটা ফিকা নপৰা উত্তৰৰ দৰে গৈ থকা চিটিবাছবোৰলৈকে মানুহবোৰ ৰৈ থাকে ।

জয়িতা পাৰ হৈ যায় হস্ত ৰেখাৰে ভৱিষ্য চাব পৰা লেৰেলা - চেপেটা - মলিয়ন জ্যোতিষীজনৰ কাষেৰে,  এ পি এছ চিৰ গাইড বুক দৰ দাম কৰি থকা এহাল ল'ৰা ছোৱালীৰ আগেৰে,  চিচাৰ বাউলত ওপঙি থকা ৰঙীন পানীৰ মাছবোৰলৈ সহানুভূতিৰে চাই চাই গ্ৰাহকলৈ অপেক্ষা কৰা গুহাৰ দৰে চকুবোৰৰ কাহিনীৰ মাজেৰে তাই পাৰ হৈ গৈ থাকে । পাৰ হৈ গৈ থকাই এই চহৰৰ প্ৰলোভিত আৰু প্ৰাথমিক চৰ্ত । পাৰ হৈ গ'লেই আত্মঘাতী নোহোৱাকৈ থাকিব পাৰি । পাৰ হৈ গ'লেই পিছে পিছে আহি থকাজনতকৈ দুখোজ আগুৱাই থাকিব পাৰি । এনেকৈ পাৰ হৈ গৈ থাকোঁতে তাই ৰক্তাভক লগ পায় । তাইৰ হাতত ৰজনীগন্ধাৰ পুলি,  তাৰ হাতত ক'ৰ্টৰ ফাইল ।




আজিকালি মানে উকীল । কিহৰ ? ডিভোৰ্চৰ । এই বুলি কৈয়ে ৰক্তাভে হাহেঁ । হাঁহিলে তাক ভাল নেদেখি । নতুন খবৰ ?  বিয়া পাতিলো । আগৰ প্ৰেয়সীকে নে ?  অ' । কিন্তু বিয়াৰ আগতে খুব বেয়াকৈ জণ্ডিচ হৈছিল । বহুদিন হস্পিটেলত পৰি থাকিলো । এইটো কথা ৰক্তাভে কিয় ক'লে ? নহয়,  বিয়াৰ কথাটো নহয় । এই যে তাৰ জণ্ডিচ হৈছিল,  বৰ বেয়াকৈ ভূগিলে বেমাৰটোত  । সেই কথাটো কিয় ক'লে সি জয়িতাক ? ৰক্তাভে জয়িতাক প্ৰেমৰ প্ৰস্তাৱ দিয়া নাছিল  । তাইৰ লগত কিছু সময় কটাব বিচাৰিছিল । জয়িতা মান্তি নহ'ল  । সময় কটোৱাৰ অৰ্থ প্ৰেম নহয় বুলি জানিও জয়িতা মান্তি নহ'ল । সেই ৰক্তাভ ফাইনেলী পুৰণি প্ৰেয়সীৰ লগতে বিয়া পাতি এতিয়া ডিভোৰ্চৰ কেছ কৰা উকীল  । কিন্তু সি জয়িতাক জণ্ডিচত ভোগাৰ কথাটো কিয় ক'লে ?  বিচাৰিছিল নেকি সি জয়িতাই তাৰ খবৰ ৰখাটো ? নে এনেই ক'লে  -  তাইৰ আগত কথাটো কৈ তাইক জুখিবলৈকে ?

জয়িতাক বাই বুলি কৈ ৰক্তাভে খন্তেক তাইৰ হাতৰ পুলিটোলৈ চায়  । সি যেন তাইক কিবা এটা সুধিব খোজে  । 'খিৰিকীৰ কাষত ৰুবলৈ আনিছো ।'  ৰক্তাভক এই কথা জয়িতাই কিয় কয়  ?  সেয়া ৰক্তাভৰ বাহিৰে কাৰোৰে বুজাৰ সামৰ্থ্য নাই  ।

*****

ওপৰৰ ফ্লৰত কোনোবাই ধেৰুৱা ৰান্ধিছে । গোন্ধটোৱে তল ওপৰ কৰি বতাহক শীতৰ শুভেচ্ছা এটা জনাইছে । আৰু জয়িতাক মিলন দাইটিহঁতৰ খুঁটিৰ দিনবোৰলৈ টানিবলৈ আৰম্ভ কৰিছে ।

মিলন দাইটিহঁতৰ কেঁচা পাকঘৰটোৰ সমকোণীয় খিৰিকীখনেৰে কেঁচা খৰীৰ কজলা ধোঁৱাবোৰ গোমোৰা মাৰি ওলাই আহিছে আৰু বাহিৰৰ কুঁৱলীত চাৰ্কল ৰঙৰ পেইণ্টিং এখনৰ দৰে বৰণ লৈছে । সেই ৰঙে জয়িতাৰ পুৰণি হাফ চুৱেটাৰৰ উৱলি যোৱা ঊলবোৰত ওলমি ওলমি তাইক জোকাই আছে প্ৰহ্লাদলৈ । 'মই গান্ধীজীৰ দৰে
হ' ম, সদায় সত্য কথা ক'ম ' বুলি ৰাউচি জুৰি প্ৰহ্লাদে কুঁৱলীৰ সমানে সমানে গোটেই চুবুৰীটোকে জগাই আছে ।

প্ৰহ্লাদৰ এই ৰাউচিবোৰৰ বাবেইতো জয়িতাই পুৱাই শোৱাপাটী এৰিব লগা হয় । নহ' লে মাকৰ সেই খেচখেচনিবোৰ - চা প্ৰহ্লাদক চা,  ইমান গোঁসাই হেন ল'ৰাটো,  শ্ৰেণীত সদায় প্ৰথম । আৰু তই ডাংকাটী,  মাৰৰ মূৰৰ চুলিসোপা পকালি ।  গাত লখিমীৰ চিন চাব নাই । চোতালখন সাৰোতেও ফাঁকি,  টলৌ টলৌকৈ আৰ তাৰ বাৰীত সোমাই পিতপিতাই ঘূৰি ফুৰাৰ বাহিৰে আৰু কিডাল কৰিছ !  তাতকৈ যদি ল'ৰাই হ'লি হয়  ।

বিদ্যা শপত,  মাকৰ এই গালিবোৰ শুনি শুনি প্ৰহ্লাদক কেতিয়াবা এসেকা দিবৰ মন যায় জয়িতাৰ  । কিন্তু সি তাইৰ ফালে যেনেকৈহে চায় ,  তাৰ মণিছালৰ গুটি হেন চকুহাললৈ মৰম লাগি যায়  জয়িতাৰ । সমনীয়া দুই এটাই সিহঁতক জোকায় । স্কুলৰ পৰা উভতাৰ বাটত  । জুতিমালাহঁতৰ ধান বন্ধা  মিলত । লেচেৰি বুটলি সন্ধিয়া বৰ নামঘৰৰ সমুখেৰে বুঢ়া ডাঙৰীয়াৰ ভয়ত খৰ খোজেৰে ঘৰমুৱা হওঁতেও । কিন্তু তাৰ পিছতো বাৰীৰ আটাইতকৈ পকা মধুৰীটো জয়িতাই প্ৰহ্লাদকে দিয়ে  । জয়িতাৰ তোলনি বিয়াৰ সৰু ৰভাখনৰ একেবাৰে শেষত লুচি ভাজিৰ লোভত বহি থকা বিপুল,  কমলহঁতৰ মাজত তাই প্ৰহ্লাদকো বিচাৰি ফুৰে । 'কিন্তু ইহঁতৰ দৰে প্ৰহ্লাদৰো যদি দাড়ি নোলায় !  ভালেই হ' ল সি নাহিল ! ' দুলৰীৰ আৰ্চিখনত কলপাত কাটি দিয়া কপালৰ বিশেষ ফোঁটটো চাই জয়িতাই নিজকে আশ্বাসো দিবলৈ নাপাহৰে ।



আশ্বাস সৰল - সবিনয়ৰে দিব পাৰি  । কিন্তু প্ৰতিশ্ৰুতি ইমান সৰল নহয় । ইয়াক বেছি দিনলৈ চোঁচৰাই বগৰাই লৈ ফুৰিব নোৱাৰি । ওপৰৰ ফ্লৰৰ পৰা ভেণ্টলেটৰেৰে জয়িতাৰ কোঠালৈ সোমাই অহা ধেৰুৱা শাকৰ গোন্ধটো হেৰাই যায়  । যিদৰে মিলন দাইটিহঁতৰ বহাত বহি প্ৰহ্লাদে জয়িতাৰ হাতত ধৰি ফুলিবলৈ ধৰা সৰিয়হবোৰলৈ চাই দিয়া প্ৰতিশ্ৰুতিও হেৰাই যায় । নিমজ হৈ যায় ক্লাছ নাইনৰ ডেক্সত কম্পাছ কাঁটাৰে কাটি কাটি লিখা 'পি প্লাছ জে' ৰ খহটা দাগবোৰ  । ঠিক বুঢ়ী দিহিঙৰ বয়সত পমিবলৈ ধৰা কুঁৱলীৰ দৰে হেৰাই যায় সেই সখীয়তী দিনবোৰ  । সেই কুঁৱলীত নিঃশ্বাসে এৰি দিয়া উথপথপ ভাঁপবোৰ বয়স সন্ধিৰ পোছাকত দুৰ্গা পূজাৰ মেলাৰ পৰা কিনা চেণ্টৰ গোন্ধৰ দৰে ক'ত বা হেৰাই যায় !

জয়িতাৰ কোঠালৈ এনেকুৱা সময়তে শীত এজাক সোমাই আহে  । এই যে কাহিনীবোৰ অহা যোৱা কৰি থাকে,  তাৰেই গইনা লৈ শীতৰ সান্নিধ্য এটা তাইৰ বিচনাখনত,  কিতাপৰ ৰেকডালত, পুৰণি ব্লেংকেটখনৰ কঠোৰ হৈ পৰা নোমবোৰত খন্তেক জিৰাবলৈ যো-জা কৰে  । পাৰ হৈ যোৱা কাহিনীবোৰে জ্যামিতিবিহীনভাৱে তাইৰ দৰে অলৌ টলৌ ঘূৰি ফুৰা মানুহৰ জিৰণিলৈ অলপ আলস্য আনে  । ঘৰৰ পৰা অনা চাহপাত দি কৰা চাহকাপ লৈ জয়িতা পাহাৰখনৰ মুখামুখিকৈ বহে । পাহাৰখন নীলা,  পোহৰবোৰ হালধীয়া । অথচ এই বাইনেৰীবোৰ পাহাৰখনৰ বাবে যেন বহুদিনৰ মূৰত লগ পোৱা পুৰণি প্ৰেয়সীহে  ।

জয়িতাই কোঠাটোৰ কিতাপবোৰ নতুনকৈ সজায়  । খিৰিকী আৰু দুৱাৰৰ পৰ্দাবোৰ সলনি কৰে । এচট্ৰেটোৰ ছাইখিনি ডাষ্টবিনত পেলায়  । দেৱালৰ পুৰণি ফটোবোৰৰ ধূলিৰ চামনি মোহাৰে । এই চহৰৰ ইমানবোৰ অৰ্ধ সত্যৰ পাছতো তাই চহৰৰ প্ৰেমত পৰে । বেলকনিৰ ফুল ফুলা টাব দুটা আজিৰ ৰাতিটোৰ বাবেই কোঠাটোৰ চুক দুটাত সজাবলৈ আনে  । আইনাৰ সমুখত ৰৈ চকুত ডাঠকৈ কাজল আঁকে । ( 'কাজল নলগোৱা ছোৱালীবোৰ গাখীৰ নিদিয়া চাহৰ দৰে',  অন্তৰীপৰ কতাষাৰলৈ মনত পেলাই তাই হাঁহেও) । পাৰ হৈ যোৱা কাহিনীবোৰে বেগাই যোৱা প্ৰতিজন যাত্ৰীকে কোনো এক লহমাত পুনৰাবৃত্তিৰ চিকাৰ কৰে । গৈ থকাৰ বাটেই পুনৰাবৃত্তিৰ বাট  । গৈ থকাৰ বাটেই উভতি অহাৰ বাটো । মাথোঁ তাৰ নাম বেলেগ বেলেগ । সংগী নহ'লেবা সোঁৱৰণি বেলেগ বেলেগ । অথচ গৈ থকাজন আৰু উভতি অহাজন মুখামুখি হোৱা কাহিনীটো একেই ।

কোঠাটোৰ একমাত্ৰ আৰ্চিখন চচমা নিপিন্ধা জয়িতাৰ চকুত ধোঁৱা ধোঁৱা হৈ পৰে । চচমাৰে চালে আকৌ সেই একেই আৰ্চিত তাই দেখা পায় ধূলি । আৰু সেই ধূলিৰ চামনি মোহাৰি জয়িতা য'ত ডুব যায়,  সেয়াচোন বাইনেৰীবোৰ খেদি খেদি মুখামুখিকৈ বহা শীতৰ অনাবৃত কুঁৱলী ।

আধা গোঁঠা মাফলাৰখন তাই আকৌ উলিয়াই লয় । মাফলাৰখন ৰঙীন আৰু মসৃণ । বাইনেৰীবিহীন  ।

জয়িতাৰ দুহাতেৰে মৃ্ৰ্দু উম এজাক বিয়পি যায় । ৰাতিলৈ অন্তৰীপৰ গাত লগাই তাই সেইখনৰ জোখ ল'ব আকৌ এবাৰ  ।




Tuesday 18 December 2018

তিনিজন জুনিয়ৰ কবিৰ কবিতা আৰু তিনিটা অভিন্ন বাট



এই চহৰে মানুহক যিমানেই নিসংগ কৰে,  সিমানেই নিসংগতাক উপভোগ কৰিবলৈ একোটা আমেজভৰা সুযোগ আনে । এনে আমেজ ঠিক বেগৰ পৰা উলিয়াই অনা পুৰণি হাফ চুৱেটাৰৰ দৰে । যিমানেই পুৰণি,  সিমানেই উমাল সান্নিধ্য । । এনে আমেজৰ সৈতে মিলাই combo কৰিব পৰা উপাদান কফি নহৈ যদি কবিতা হয়,  তাত বোধকৰোঁ আচৰিত হ'বলগীয়া একো নাই ।

তিনিজন জুনিয়ৰ কবিৰ ( বয়সতহে জুনিয়ৰ,  কবিতা চৰ্চাত চিনিয়ৰ) তিনিটা কবিতাই পুৰণি স্কটচৰ দৰে সন্ধিয়াটো উমান কৰি তোলোতে বাৰে বাৰে অনুভৱ কৰা তীক্ষ্ণতাটো হৈছে তেওঁলোকৰ কবিতাই তুলি ধৰা সৰলতা আৰু সেই সৰলতাৰ প্ৰতি থকা প্ৰকাশভংগীৰ honesty,  সততা । এই সততা অচিনাকি ঠাইত চিগাৰেট জ্বলাওঁতে কাষতে থিয় হৈ থকাজনে নিজৰ জেপ খুচৰি দিয়াশলাই বিচাৰি নোপোৱাত নিজৰটো আগবঢ়াই দিয়াৰ দৰে সততা । ইয়াত কোনো থিয়ৰি নাই,  নাই কোনো নিয়মমাফিক আৱেগো। সেয়েতো honesty নামৰ চৰিত্ৰটোৰ উপস্থিতিৰ বাবে এই তিনিওজন জুনিয়ৰ কবিৰ কবিতাই ধৰি ৰখা মেজাজ ওপৰে ওপৰে পঢ়ি এৰি থৈ যাব নোৱাৰি ।

অম্লান দেউৰীৰ 'ৰাৱণ' তেনেকুৱা এক মেজাজপূৰ্ণ কবিতা । 'সৰল ৰাৱণ' আৰু একে সময়তে 'জটিল সমাজ' ৰ পৰিণতিবোৰৰ মূলভাৱৰ পৰিৱৰ্তে সেইবোৰক যেনেকৈয়ে আছে, তেনেকৈয়ে তুলি ধৰাৰ চিত্ৰায়ন । ৰাৱণ কোনো মহান চৰিত্ৰ নহয় কবিতাটোত । সেইটোৱে কবিতাটোৰ বৈশিষ্ট্য হোৱা হ'লে ৰৈ যাব পৰা গ'লহেঁতেন । কিন্তু কবিতাটোৱে,  ৰাৱণে দেখুৱাই থকা twist টো আজিৰ তাৰিখত গাওঁবোৰৰ প্ৰতিটো পদূলিৰে twist  ।

"ৰাৱণে গৰু চৰায়
বিয়া সবাহৰ খুঁটাটো ৰাৱণে পোতে "

ভাল মাৰ্কচিটৰ বোজাৰে চহৰলৈ গুচি যোৱা ডেকাবোৰ গাঁৱলৈ উভতি নাযায় । চহৰৰ চাকনৈয়াত ৰৈ যায়,  জহি যায়,  পৰিভ্ৰমী হৈ যায় । গাঁৱৰ সবাহ,  বিয়াত খুঁটা পোতা ল'ৰাবোৰ,  মেট্ৰিক ফেইল ডেকাবোৰ,  মুখত এমোকোৰা হাঁহি লৈয়ে চুবুৰী একোটা ৰখি থকা যুৱকবোৰ গাঁৱৰ গাভৰুৰ দৃষ্টিত  হিৰ' নহয়,  ৰাম নহয় । সিহঁত হৈ পৰে ৰাৱণ । এইটো কোনো ৰহস্য নহয়,  নহয় কোনো মেজিকো । ৰাৱণ নামৰ ভিলেইনবোৰক পোহৰলৈ আনি ৰামক চোৱাৰ এক বাস্তৱহে এয়া ।

"ফাকুৱাৰ ৰঙ বুলি ৰাধাৰ বুকু চুব খোজা
চহৰৰ ডেকাক পহুখেদা দিছিল ৰাৱণে অকলে
অথচ ৰাৱণৰ প্ৰেম নাই "

' ৰাৱণৰ প্ৰেম নাই '

এই এটা মাত্ৰ শাৰীতে কবিতাটো ৰৈ যাব পাৰিলহেঁতেন । কিন্তু কবিয়ে সেইটো কৰা নাই । ৰাৱণ কবিতাটোত বিমূৰ্ত নহয় । ৰাৱণ এখন সমাজ,  এখন গাওঁ,  এজাক সমাগমৰ পিছফালে নিৰৱ হৈও গুমগুমাই থকা একোটা ৰিয়েলিটী,  বাস্তৱ । এই বাস্তৱক চাবলৈ কোনো চাকিৰ পোহৰ,  লাইটৰ জাকজমকতাৰ দৰকাৰ নাই । কবিৰ দৃষ্টিত সেয়ে ৰাৱণৰ বৰ্ণনা একেবাৰে স্পষ্ট ।


'দশমী পূজাৰ দিনা
টকা তিনিশ এক আৰু তামোল পাণ
নামঘৰত থাপি ৰাৱণ হেৰাল'

ৰাৱণ হেৰাল নে ৰাৱণক হেৰাবলৈ বাধ্য কৰোৱা হ'ল,  এনেকুৱা এক dichotomy ত কবিতাটো ৰৈ গৈছে । সলনি হোৱা দিনবোৰে,  গোলকৰ পৰা গোলকীকৰণ হোৱা সময়বোৰত অৱক্ষয় ঘটা মূল্যবোধে মানুহৰ মনত জন্ম দিয়া অহেতুক দ্বন্দ্ববোৰে তাল মিলাব নোৱাৰি ফুৱাই থকা নিজৰে থেতেলা খোৱা ঘা ডোখৰৰ বাহিৰে আৰুনো কি দিব পাৰে!  জানকী পেহীৰ জীয়েক তাৰ মাজত এনে এক এক্স ৰে য'ৰ পৰা  ঘৰবোৰৰ ভিতৰত সংকুচিত হৈ পৰা মনবোৰ দেখা পোৱা যায় । যিবোৰ মন 'ক' মানত হাতৰ আখৰ লিখোতে পোৱা বাক্যশাৰী ' মানুহৰ মন বিশাল' ৰ সম্পূৰ্ণ বিপৰীত ।  ৰাৱণৰ মাজেৰে কবিয়ে দি যোৱা নেৰেটিভ বুটাম খোলা সমাজ ব্যৱস্থাৰ জাত - বৈষম্যৰ খেলখনৰ প্ৰতি আঙুলি তোলা এক তপত প্ৰশ্ন ।
****

প্ৰাঞ্জল তালুকদাৰৰ 'টোপনি বা ভালপোৱা বিষয়ক'  কবিতাই দেখুওৱা সদৃশ অথবা ফেন্টাছীৰ বাটলৈ যাওঁতে এনে লাগিল উভতনি মাজে মাজে এক প্ৰলোভন,  মাজে মাজে আকৌ বিলাস । অৱশ্যে কবিতাটোত প্ৰলোভন অথবা বিলাস দুয়োটাই এটা আনটোৰ 'সদৃশ'  । কবিৰ দৃষ্টিত এৰাএৰিৰ আত্মকথা সামাজিকত দেখাৰ দৰে সদৃশ । মৃত্যু আৰু টোপনি,  টোপনি আৰু বিচ্ছেদ এইবোৰৰ মাজৰ সাদৃশ্যৰ ধাৰণাটো প্ৰাঞ্জলৰ বাবে একে হৈ পৰাটো ন-শিকাৰু এজনে জীৱনক তিলতিলকৈ সাৱটি মৃত্যুক আৰ্চিত চাই থকাৰ দৰে কথা । শুনিবলৈ সৰল,  পঢ়িবলৈ সহজ,  সামৰি ল'বলৈ আটাইতকৈ কঠোৰ কথা । সেয়ে প্ৰাঞ্জলৰ চিন্তনত সাৰ পাই উঠা এনে অনুভৱ এক স্পৰ্ধাৰে নামান্তৰ ।


"পৰহি মণিষহঁতৰ ঘৰৰ ওচৰৰ পুখুৰীত পৰি
সৰু ল'ৰা এটা মৰিল ।
সিদিনা তাৰ মাক শুব পৰা নাছিল
আৰু কালি চিলমিল টোপনিতে তেওঁ হেনো দেখিছিল
মৰা মাছৰ দৰে এযোৰ ঢেলা চকু ।

ঠিক তেনেকুৱা দুটা চকু তুমিও দেখিছিলা নেকি
যিদিনা আমাৰ এৰাএৰি হৈছিল
সপোনত! "

ইমান আইৰণিৰ পাছতো প্ৰাঞ্জলে কবিতাত ফেন্টাছীৰ কথা ক'ব পাৰিছে । বাইনেৰীত ৰৈ যোৱা নাই । বিচ্ছেদৰ স্বভাৱক চাকি চাই সময়ক কৰমৰ্দন জনোৱাৰ ফেণ্টাচী এই সময়ৰ কেইজন প্ৰেমিকৰ হাত ঘড়ীত থাকে ! কোনো প্ৰেমিক কেৱল প্ৰেয়সীৰ প্ৰেমিক হ'ব নোৱাৰে যদিহে তেওঁ ৰঙাৰ প্ৰেমিক নহয় । কোনো প্ৰেয়সী কোনো প্ৰেমিকৰ প্ৰেয়সী হ'ব নোৱাৰে যদিহে তেওঁ ভালপোৱাৰ ৰং ৰঙা কিয় সেই কথা নুবুজে । কথাটো ঠিক অভ্যাস আৰু অধিকাৰ দৰে । গুলজাৰে ক'বৰ দৰে মানুহে অধিকাৰো পাহৰি পেলায়,  নাপাহৰে কেৱল অভ্যাস । প্ৰেম তেন্তে ফেন্টাছীৰ অভ্যাস নেকি?  হ'ব পাৰে । নহ'লেনো প্ৰাঞ্জলে এনেকৈ কয়নে  -

"হয়তো এনেকুৱা এটা পৰিস্থিতিতে এজন অন্ধ কবিয়ে
প্ৰেমিকাক সুধিছিল,
তেজৰ ৰং কেনেকুৱা?
: ৰঙা

ৰঙা ৰং কেনেকুৱা?
আমাৰ ভালপোৱা যেনেকুৱা"
*****


কোকিল শইকীয়াৰ মনলৈ 'শুই থকা চহৰখনক জগাই দিয়াৰ কথা'  আহোঁতে,  দিনবোৰৰ কুশল বাৰ্তাৰ ভুৱা বিজ্ঞাপন ছপাই থকা ৰাজনীতিৰ অন্তৰ্দ্বন্দত আমিও ভূগি আছিলোঁ । আত্মজাহৰ প্ৰতি আমাৰ বিৰাগ,  বাস্তৱলৈ পিঠি নিদি 'ৰঙা'  মেঘৰ সৈতে আমাৰ যুক্তি-তৰ্ক-বিতৰ্ক-প্ৰতিবাদ এইবোৰত কেৱল ৰোমান্টিকতাই নাছিল । আছিল এক স্থিতিও- সমাজ নামৰ স্থিতি  । কোকিলৰ কবিতাই কোৱাৰ দৰে আমিও ক'ব খুজিছিলো - 'কোনে সহ্য কৰে ইমান অন্তৰ্দ্বন্দ ?'

অথচ তাৰ ঠিক পাছতেই কবিয়ে যেতিয়া ক'লে -

'শুই থকা চহৰখনক শুবলৈ দিয়া
কৰ্ষণ কৰা ভূমিৰ যাতনা'

তেতিয়া আমাৰ বাবে এই অন্তৰ্দ্বন্দৰ পুৰণি কাহিনীবোৰ rhetoric একোটা হৈ ধৰফৰাই উঠিল । এখন শুই থকা চহৰত জাগি থকা মানুহ কোনবোৰ? যি সময়ত অফিচত উপস্থিত,  যি জাতিধ্বংসী এখন বিধেয়কৰ নামত দিয়া অসম বন্ধৰ দিনটোতো? য'ত মহিলা মহিলাৰ বাবে সংৰক্ষিত আসনত বহি কাষৰ পুৰুষ আসনৰ চকুযোৰৰ দ্বাৰা বিবস্ত্ৰা? য'ত  নিজৰ ভূগোলক চিনাকি কৰি দিয়াৰ পৰিৱৰ্তে জোৰজবৰদস্তি শিশুবোৰৰ মুখত দেশপ্ৰেমৰ কোৰাছ উচ্চাৰিত?  নে জাগি থকা মানুহ সেইবোৰ যিসকলে 'ঘড়ীৰ কাঁইট ছিঙি আনি'  সময়ক সন্মান কৰিছে,  য'ত 'জননীৰ জৰায়ুত পাঠ কৰা বীৰ্যৰ আদি কথাত'  উপজা শিশুবোৰে 'চহৰখনৰ সোঁহাতত ধৰি নদীমুখী পদ্য এটা মাতিছে' ।


ইয়াৰ পাছত আৰু শুই থকা চহৰখনক জগোৱাৰ স্পৃহাক কোনো নাম দিব নোৱাৰিবনে ইতিহাসে?  এই প্ৰশ্নৰ উত্তৰক লৈ কোকিল শইকীয়াৰ কবিতাত কোনো পৰীক্ষা নিৰীক্ষা,  নিৰ্মাণৰ জোৰ জবৰদস্তি নাই । গভীৰ জীৱন উপলব্ধিৰ শৃংখলাৰ অবিহনে কোকিলৰ কবিতাত 'মই বৰ'  ভাৱ নাই । এনে শৃংখলাই বহন কৰা সম্ভৱনা এটা প্ৰজন্মৰ সম্ভাৱনা । কোকিল শইকীয়াৰ কবিতা সেয়ে কেৱল কবিৰ কবিতা নহয় । এইবোৰ দৰাচলতে এটা প্ৰজন্মই স্মৃতি বিভ্ৰমত বিচাৰি ফুৰা,  অৱচেতনভাৱে চেতনৰ চৰ্চা কৰা সঞ্চালনৰ কবিতা ।

একেটা কবিতাতে চহৰখনক শুবলৈ দি জগাবলৈ কোৱা কৌশল চমৎকাৰৰ পৰিৱৰ্তে এক বাস্তৱসন্মত পৰিপক্কতাৰ নাম বুলি ক'ব পাৰি যদিহে কোকিল শ্ল'গানধৰ্মীতাৰ মোহ এৰি কবিতাক শিল্পৰ শাৰীলৈ উন্নীত কৰিব পাৰে। শেহতীয়াকৈ সেয়ে কোকিল শইকীয়াৰ একে নামৰ কবিতা সংকলনৰ কবিতাবোৰে জীৱনক লৈ যি এক প্ৰত্যাহ্বানৰ মোকাবিলা কৰিছে,  তাত চহৰ নিজেই এক বাজি । হাৰি অথবা জিকিও বাজিত মূৰ দোৱাবলগীয়া কোনো অপচন নাই । আছে মাথোঁ ধোঁৱাৰ মাজতো,  আন্ধাৰ গলিতো,  নিৰুত্তাপৰ দিনবোৰত কঁপি কঁপিও জীৱনক লৈ ৰচি থকা বাট একোটাৰ পূৰ্ব প্ৰস্তুতি ।


Saturday 25 August 2018

দুৰ্যোগ প্ৰাকৃতিক নে ৰাজনৈতিক ?


দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতীয় উপ মহাদেশৰ আটাইতকৈ লেখতলবলগীয়া ভৌগোলিক বিষয় । গ্ৰীষ্মকালৰ শেষৰ ফালে ভাৰত মহাসাগৰত সৃষ্টি হোৱা উচ্চ চাপৰ ফলত বতাহ নিম্ন চাপৰ ভূখণ্ডলৈ বলিবলৈ আৰম্ভ কৰে । এয়াই দক্ষিণ পশ্চিম মৌচুমী বতাহ । মূলতঃ জলমণ্ডল আৰু স্থলমণ্ডলৰ উষ্ণতাৰ পাৰ্থক্যৰ বাবেই দক্ষিণ পশ্চিম মৌচুমী বতাহৰ সৃষ্টি হয় । ইয়াৰ দুটা অংশ আছে - এটাই বংগোপ সাগৰৰ ফালেদি ভাৰতত প্রৱেশ কৰে আৰু আনটোৱে আৰৱ সাগৰৰ দিশেৰে সোমাই থৰ মৰুভূমিৰ নিম্ন চাপৰ অঞ্চলটোলৈ গতি কৰে । উল্লেখযোগ্য যে দ্বিতীয় অংশটো প্ৰথমটোতকৈ তিনিগুণে বেছি শক্তিশালী ।
উপৰা উপৰিকৈ চাবলৈ গ'লে উপৰোক্ত তথ্যৰ চৰিত্ৰ ভৌগোলিক । কিন্তু বাস্তৱ অৰ্থত ভাৰতীয় উপ মহাদেশৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক চৰিত্ৰৰ মূল নিৰ্ণায়ক হৈছে মৌচুমী বতাহ । মৌচুমী বতাহৰ অবিহনে কৃষিভিত্তিক দেশখনত বৰষুণৰ আশা কৰাটো যিদৰে অযুক্তিকৰ, ঠিক সেইদৰেই কৃষকৰ অবিহনে এই দেশৰ ৰাজনীতিৰ মেজাজ নিৰ্ণয় কৰাটোৱো অবাস্তব ।
দক্ষিণ পশ্চিম মৌচুমী বতাহৰ ফলতে কেৰেলাত পূৰ্বৰ তুলনাত ১১ শতাংশ বৰষুণৰ পৰিমাণ বাঢ়িছে । ৰাজ্যখনৰ ৩৫ খন জিলাৰ ৪২ টা বান্ধত ভৰন ক্ষমতাতকৈ অধিক পানী জমা হোৱাৰ ফলত একে সময়তে বেছি ভাগ বান্ধৰ পানী মুকলি কৰি দিয়া হৈছে । বিগত ২৫ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইদ্দুকি বান্ধৰ ৫ খন গেট একেলগে খুলি দিয়া হৈছে । অত্যধিক বৰষুণ আৰু বান্ধৰ পানীৰ কবলত কেৰেলাত হোৱা বানপানীত প্ৰায় ১ মিলিয়ন মানুহ ক্ষতিগ্ৰস্ত হৈছে । ২৭৭০ টা ৰিলিফ কেম্পত থকা ১০.৪০ লাখ মানুহৰ দায়িত্ব আৰু গৃহহীন হোৱাসকলৰ পুনৰ সংস্থাপনৰ প্ৰশ্নই ইতিমধ্যে দেশৰ ৰাজনীতিত বহুতো প্ৰশ্নবোধকৰ জন্ম দিছে । ( যদিও আমি 'অটল' নামাকৰণৰ তালিকা বৃদ্ধিতে ব্যস্ত হৈ আছো) ।
দুৰ্যোগ প্ৰশমনৰ প্ৰত্যাহ্বানবোৰ, বিশেষকৈ বানাক্ৰান্ত অঞ্চলৰ সমস্যাবোৰ অসমৰ জনসাধাৰণৰ বাবে কোনো নতুন বিষয় নহয় । দুৰ্যোগ শংকা বহন আৰু দুৰ্যোগৰ সৈতে সহাৱস্থানত অসমীয়া জনগণ এক দীঘলীয়া সময় ধৰি ভুক্তভোগী হৈ আহিছে । এই গোটেই সময়ছোৱাত আটাইতকৈ প্ৰয়োজনীয় প্ৰশ্নটো হৈছে পুনৰ সংস্থাপনৰ । কাৰণ এটা দুৰ্যোগে কেৱল এজন মানুহক বিপদত নেপেলায় । ইয়াৰ ফলত একোটা প্ৰজন্মই আৰ্থিক, মানসিকভাৱে দুৰ্যোগ শংকা (risk) বহন কৰিবলগীয়া হয় । এই শংকা অসমৰ বিভিন্ন ঠাই যেনে মাতমৰা, মাজুলী, লাহৰীঘাট, যমুনা মুখ, দক্ষিণ শালমৰা ইত্যাদি ঠাইৰ দৈনন্দিন জীৱন পৰিচয় ।
কেৰেলাৰ বানপানীৰ লক্ষ্যণীয় দিশটো হৈছে পশ্চিম ঘাটৰ পাৰিৱেশিক ভাৱে স্পৰ্শকাতৰ অঞ্চলৰ গুৰুত্বক আওকাণ কৰা বিষয়টো । গাদগিল কমিটিয়ে ঘোষণা কৰা পশ্চিম ঘাটৰ পাৰিৱেশিক স্পৰ্শকাতৰতাক কৰা অৱহেলাই তৃতীয় বিশ্বৰ দুৰ্যোগ সংক্ৰান্তীয় Political ecology ৰ প্ৰশ্নক আকৌ এবাৰ উদঙাই দেখুৱাইছে । কমিটিৰ সভাপতি মাধৱ গাদগিলৰ মত অনুসৰি কেৰেলা চৰকাৰে উপযুক্ত পৰিৱেশ সংক্ৰান্তীয় আঁচনি প্ৰয়োগৰ ক্ষেত্ৰত বিফল হোৱাটোৱে এই দুৰ্যোগৰ মূল কাৰণ আৰু সেয়ে এই দুৰ্যোগ প্ৰাকৃতিক হোৱাৰ পৰিৱৰ্তে বহু পৰিমাণে মানৱসৃষ্ট ।
শেহতীয়াকৈ তৃতীয় বিশ্বৰ দেশসমূহত দুৰ্যোগ শংকা প্ৰশমন আৰু দুৰ্যোগৰ সৈতে সহাৱস্থান সৃষ্টিক লৈ চৰকাৰী আৰু বেচৰকাৰী স্তৰত নানা উচ্চ পৰ্যায়ৰ আলোচনা আৰু আঁচনিৰ পৰিকল্পনা হৈ আছে । কিন্তু দুৰ্যোগৰ প্ৰকৃত কাৰণসমূহৰ যথাযথ আলোচনা আৰু প্ৰকৃতিৰ সৈতে সহাৱস্থানত চৰকাৰ ৰাজনৈতিকভাৱে বিফল হৈছে । সেয়া অসমৰে বানপানী হওঁক বা কেৰেলাৰ, দুয়োখন ৰাজ্যৰ ক্ষেত্ৰতে বৃহৎ নদীবান্ধৰ পানী এৰি দিয়াৰ ফলত বানপানীৰ অৱস্থা নিয়ন্ত্ৰণহীন হৈ পৰিছে । তাৰ সমান্তৰাল ভাৱে জনগণৰ মাজত পৰিৱেশ আৰু উন্নয়নক লৈ নানানটা প্ৰশ্ন উত্থাপন হৈছে । কেৰেলা চৰকাৰে উচ্চতম ন্যায়ালয়ত দিয়া মত অনুসৰি তামিলনাডু চৰকাৰে মুল্লাপেৰিয়াৰ বান্ধৰ পৰা একেসময়তে পানী এৰি দিয়াৰ ফলতো বানপানীৰ মাত্ৰা বাঢ়িছে । বৃহৎ বান্ধৰ পানী এৰাৰ সমস্যা দক্ষিণ ভাৰতৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ এক অতি স্পৰ্শকাতৰ সমস্যা যাক লৈ এতিয়ালৈকে কোনো স্থায়ী সমাধান ওলোৱা নাই ।
কোনো সন্দেহ নাই যে ওপৰোক্ত আটাইবোৰ বিষয়ক বাদ দি মৌচুমী বতাহৰ দৰে প্ৰাকৃতিক প্ৰক্ৰিয়াক দুৰ্যোগ সৃষ্টিৰ উৎস হিচাপে জগৰীয়া কৰি প্ৰধান সেৱক আৰু তেওঁৰ সাংগোপাংগোসকল অস্হি ভগোৱা আৰু উটোৱাত ব্যস্ত হৈ আছে । কেৰেলাৰ ক্ষেত্ৰত যিদৰে পশ্চিম ঘাটৰ পাৰিৱেশিকভাৱে স্পৰ্শকাতৰ অঞ্চলত উন্নয়নৰ নামত চলা বৃহৎ নদীবান্ধ আৰু নিৰ্মাণ কাৰ্য্যই দুৰ্যোগ শংকাৰ পৰিমাণ বৃদ্ধি কৰিছে । ঠিক সেইদৰে অসমৰ প্ৰেক্ষাপটতো মন্ত্ৰী, আমোলা, ঠিকাদাৰৰ ইচাৰাত নিৰ্মাণ হোৱা মথাউৰি, সেইবোৰৰ কম আয়ুস, বহিঃৰাজ্যৰ বান্ধে এৰি দিয়া পানী তাকো কোনো আগজাননী নিদিয়াকৈ আদিবোৰে ভৌগোলিক চক্ৰবোৰক তথা পৰিৱেশৰ চৰিত্ৰক প্ৰাকৃতিকৰ পৰা ৰাজনৈতিকলৈ পৰিৱৰ্তিত কৰিছে । প্ৰতি বছৰে অসমত হোৱা বানপানী, স্থানান্তৰিত লোকৰ সমুখত জাউৰিয়ে জাউৰিয়ে প্ৰতিশ্ৰুতি, ভোট বেংকৰ প্ৰতিযোগিতাই অসমৰ বানপানীৰ চৰিত্ৰকো ভিন ভিন দৃষ্টিকোণেৰে চাবলৈ বাধ্য কৰিছে । পৰিৱেশকেন্দ্ৰিক আঁচনিসমূহ যদি কেৱল চৰকাৰী ফাইল, কাগজে পত্ৰই সোমাই থাকে আৰু বাস্তৱ পৰিসৰত উন্নয়নৰ নামত বৃহৎ নদীবান্ধ, ৰিজৰ্ট, হোটেলৰ চমকতে ৰৈ যায়, তেন্তে এই কথাত কোনো সন্দেহ নাই যে চৰকাৰে প্ৰকৃতি/ পৰিৱেশকো ৰাজনৈতিক উপাদান হিচাপে ব্যৱহাৰ কৰি আহিছে । এই সময় সেয়ে কেৰেলাক অত্যধিক গুৰুত্ব দিয়া বুলি আখেজ পতাৰ সময় নহয়, এই সময় দৰাচলতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰে পৰিৱেশৰ গুৰুত্ব বুজি দুৰ্যোগৰ প্ৰকৃত কাৰণ ফঁহিয়াই চোৱাৰ সময় । নহ'লে হাইব্রীড ৰাজনীতিৰ অংশ হৈ পৰা পৰিৱেশমূলক দুৰ্যোগ শংকা দূৰ কৰাটো আমাৰ বাবে হৈ পৰিব এক এৰাব নোৱাৰা ধাৰাবাহিক প্ৰত্যাহ্বানস্বৰূপ ।

টোকা : অসমৰ শেহতীয়া বানপানীৰ ফটো । উৎস ইণ্টাৰনেট । 

Tuesday 14 August 2018

যুদ্ধভূমিৰ কবি - সমীৰ তাঁতি



পুৰণি 'বুধবাৰ'ৰ পাত লুটিয়াই আছিলোঁ । উদ্দেশ্য আছিল বেলেগ । কিন্তু পাতবোৰে প্ৰিয় কবিৰ       'দিনলিপি'ত ৰৈ যাবলৈ বাধ্য কৰিলে । যাৰ কবিতাই সমাজ আৰু ৰাজনীতিৰ বহল পাঠবোৰলৈ আকৰ্ষিত কৰে,  তাকো কোনো থিয়'ৰি,  কোনো শ্লগানধৰ্মীতা নোহোৱাকৈয়ে । যাৰ কবিতাই মুক্তি আৰু শ্ৰমৰ প্ৰায়োগিক অৰ্থক সফলভাৱে বোধগম্য কৰায় আৰু নিজৰ নিজৰ স্থিতিৰ পৰা সমাজখনক কবিতাৰ চকুৰে চোৱাত উৎসাহিত কৰে,  তেওঁৰ গদ্য পঢ়ি শিহৰিত নহ'মনে !
যুদ্ধভূমিৰ কবিক লগ পালোঁ 'বুধবাৰৰ' দিনলিপিত ।

"এতিয়া কথাই প্ৰতি 'মূলসুঁতি'ৰ কথা কোৱা হয় ।  মূলসুঁতিৰ অৰ্থ কি কেৱল ইটোৱে সিটোৰ পাছে পাছে গৈ থকা গৰু ম'হৰ জাক?  মূলসুঁতিৰ মূল কোনটো?  সোঁতেই বা কাৰ ? সাধাৰণ খাটি খোৱা মানুহৰ বাবে 'মূলসুঁতি'ৰ তাৎপৰ্য ব্যাখ্যাৰে বা প্ৰয়োজন ক'ত ? নে ইও একপ্রকাৰৰ কৌশল ?  বুৰ্জোৱা বিজ্ঞাপনৰ চমৎকাৰ । অৰ্থাৎ যি বাটত কোনো প্ৰতিবাদ,  সংগ্ৰামী চিন্তা বা প্ৰতিৰোধ আন্দোলনৰ ভয় নাই,  সেই বাটেদি নিৰ্বোধ ভেড়াৰ দৰে সকলো প্ৰকাৰৰ শাসন,  শোষণ,  অন্যায়,  অত্যাচাৰ মানি অন্ধবিশ্বাসকে মূলধন কৰি লৈ গৈ থাকিব পাৰি । কোনো সুকীয়া জাতিসত্তা বা সুকীয়া সাংস্কৃতিক পৰিচয়ৰ প্ৰয়োজন নাই । সৰ্বত্ৰ কেৱল এটাই ভাষা,  এটাই সংস্কৃতি । মূলসুঁতিৰ দুইপাৰ । মূলসুঁতিত থাকিলেহে হেনো সুখ,  সমৃদ্ধি বৃদ্ধি পাব । চমৎকাৰ যুক্তি । "

 উৎস : বুধবাৰ,  ৬ নবেম্বৰ,  ১৯৯১,  পৃষ্ঠা ৭

সমীৰ তাঁতিৰ 'যুদ্ধভূমিৰ কবিতা'ই সমাজ জীৱনৰ কঠোৰ আৰু নিৰ্মম সত্যবোৰৰ মুখামুখি হোৱাৰ সাহস দিয়ে । 'যুদ্ধভূমিৰ কবিতাৰ প্ৰথম প্ৰকাশ ১৯৮৫ চনত । কিন্তু সংকলনখনৰ মাজেৰে প্ৰকাশিত ঐতিহাসিক দ্বন্দ্ববোৰৰ বাস্তৱিক ভিত্তি আজি পৰ্যন্ত একেই আছে । বোধকৰোঁ খুব কম সংখ্যক কবিয়ে কবিতাক মাধ্যম কৰি বিশ্বজনীন শোষণ আৰু মুক্তিৰ কথাবোৰ ক'ব পাৰিছে । তাৰ ভিতৰত সমীৰ তাঁতিৰ কবিতাবোৰো কেতিয়াবা অন্নবিহীন মানুহৰ বাবে এসাঁজ ভাতৰ দাম,  কেতিয়াবা চালিবিহীন ৰাতিবোৰৰ বাবে তম্বুৰ আশ্ৰয় ।

সমীৰ তাঁতিৰ কবিতাৰ মূল মাধ্যম time আৰু space । ১৯৯১ চনৰ ৩ জুলাই । 'দিনলিপি'ৰ পৃষ্ঠাত তেওঁ লিখিছে -

" একো একোটা শক্তিশালী ৰাষ্ট্ৰ বা সাম্ৰাজ্যৰ আঁৰত যি নিসংগতাবোধ বিৰাজ কৰে,  সি শোষিত জনসাধাৰণৰ সঞ্চিত বেদনাৰ প্ৰতিধ্বনি । নীৰৱতাৰ মাজেদি জিলিকি উঠা এই নিসংগতাবোধৰ পৰাই উঠি আহে জয় কৰাৰ বাসনা বা প্ৰতিৰোধৰ ক্ষমতা । গ্ৰীকসকলৰ বাবে নিৰ্জনতা আছিল ৰাষ্ট্ৰৰ পৰা নিৰ্বাসিত জীৱনৰ অসহনীয় মানসিক যন্ত্ৰণা আৰু আধুনিক যুগত শোষিত মানুহৰ বাবে স্বাধীন দেশো প্ৰবাসী জীৱনৰ নিসংগতাবোধৰ দৰে । সেই বাবে নিৰ্জনতা কাহানিও বন্ধ্যা নহয় ।"

নিৰ্জনতাক লৈ কবিৰ কোনো আক্ষেপ নাই । বৰঞ্চ আছে এক ৰৌদ্ৰজ্জ্বল উৎসাহ আৰু আশা । সেয়ে তেওঁৰ কবিতায়ো কঢ়িয়াই ফুৰে সেই একেই জয়ৰ প্ৰত্যাশা  -

সূৰ্য্যয়ো পঢ়িছিল তোমাৰ কবিতা । কাৰখানাৰ কাষেদি যাওঁতে ৰাতিপুৱাই ক'লে
শ্ৰমিকবোৰেও শুনিলে তোমাৰ কথা
মোৰ শিল্পীসকলে হেনো আঁকিব এখন ছবি তোমাৰ ভাষাৰে
তুমি যে কৈছিলা - জয় কৰিব লাগিব মৰণৰ অনন্ত নিৰৱতাক
( জোনাক ৰাতি তোমাক খোজ কাঢ়ি যোৱা দেখিছোঁ)

সমীৰ তাঁতিৰ শব্দবোৰক সময়ে স্বাধীন পৰিভাষাৰ মৰ্যদা প্ৰদান কৰিছে । এজন কবিয়ে সময়ৰ বুৰ্জোৱা একনায়কত্ব চিনিব নোৱাৰিলে,  বিশ্বাসঘাটক দৃশ্যবোৰক বুজিব নোৱাৰিলে কবিতাক জীৱনৰ উৎস কৰিব নোৱাৰে । সেয়ে তেওঁৰ কবিতাত এককেন্দ্ৰিক মূলভাৱৰ পৰিৱৰ্তে বহুধাবিভক্ত rhetoric বোৰৰ প্ৰাধান্য মনকৰিবলগীয়া । ১৯৯১ চনৰ ১৯ জুনত তেওঁৰ দিনলিপি পঢ়িলেই এই কথাৰ গভীৰতা বুজি পাব পাৰি -
" শাসকগোষ্ঠী আৰু সমাজৰ সুবিধাবাদী শ্ৰেণীয়ে সমাজৰ ক্ষোভ বা খণ্ডিত বিদ্ৰোহত চিৰকালেই বিচ্ছিন্নতাবাদী আন্দোলন নাইবা বিদেশী ৰাষ্ট্ৰৰ চক্ৰান্তৰ ভয়ংকৰ ৰূপ দেখে । আৰু তাকে সজাই পৰাই একোখন দেশৰ চৰকাৰী সংবাদজগত আৰু প্ৰচাৰ মাধ্যমে বহুলভাৱে প্ৰকাশ কৰে । ফলস্বৰূপে এখন দেশৰে একোটা অঞ্চলৰ নৈৰাশ্যই মানুহক সময়ৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে,  বৰং সুদৃঢ় কৰি তোলে আত্মবিশ্বাসৰ অহমিকা আৰু বিদ্ৰোহী ভাৱনাৰ ভেটিক ।"

এনে কাৰণতে সমীৰ তাঁতিৰ কবিতা মুখস্হ নকৰাকৈয়ে মনত থাকি যায় -

মন গ'লে এটা ৰাতিৰ ভিতৰতে বহু হাজাৰ লোকক হত্যা কৰিব পাৰি
আৰু ৰাতিৰ ভিতৰতে আয়োজন কৰিব পাৰি এক সুন্দৰ শোকসভা

সচৰাচৰ আমাৰ দেশত এইটোৱে সবাতোকৈ জনপ্ৰিয় গণতান্ত্ৰিক পদ্ধতি
( ভিৱাণ্ডি)

' কাক বোলে কবিতা যদিহে সি দেশ আৰু মানুহক বিপদৰ পৰা ৰক্ষা কৰিব নোৱাৰে ।'
চোছোৱাচ মিউচে কোৱা এই কথাই সমীৰ তাঁতিৰ 'দিনলিপি'কো উৎসাহিত কৰিছে । ১৬ অক্টোবৰ,  ১৯৯১ চনৰ দিনলিপিয়ে সেয়ে কৈছে নৈৰাশ্য আৰু নৈৰাজ্যৰ দিনবোৰত কবিতা আৰু সংগীতে দিয়া সাহসৰ কথা । সমীৰ তাঁতিৰ কবিতাও দুৰ্যোগৰ দিনৰ সেই পথবোৰৰ দৰেই হৈ পৰিছে যি পিয়াহত আৰ্তজনক এটা নিজৰাৰ সন্ধান দিব পাৰে  - ধ্বংসৰ পথৰ পৰা উভতি অহাজনক  মুক্তিৰ বাট এছোৱাৰ সন্ধান দিব পাৰে । তেওঁৰ কবিতা সেয়ে কেৱল সদ্যস্নাতা অনুভৱৰ বুৰবুৰণি নহয়,  বৰঞ্চ ঘৰ্মাক্ত হাত ভৰিয়ে জীপাল দিয়া নিৰাপত্তাহে । 'উখৰুলৰ ৰাতি'বোৰক লৈ কবি যিদৰে কঁপিছে, ' খাদ্যৰ অভাৱত মৰা শিশুবোৰ'ক লৈও তৃতীয় বিশ্বৰ অন্ধকাৰত জাঁপ দিছে । 'পাছপৰ্ট বিহীন মহান আন্তজার্তিকতা'ক লৈ সেই একেজন কবিয়ে সুঁৱৰিছে দীন কলিতাক ।

কোনো সন্দেহ নাই যে সমীৰ তাঁতিৰ কবিতা কেৱল সৌন্দৰ্য্যৰে আৱৰি থকা ৰসঘন বৰ্ণনাৰ কাব্যপ্ৰেম নহয় । তেওঁৰ কবিতাই নিপীড়িতসকলৰ চকুত চকু থৈ যুঁজাৰু সৈনিকলৈ পাঠকক ৰূপান্তৰিত কৰিব পাৰে । দেহত আইনৰ পোছাক পিন্ধা,  হাতত ৰাইফল লোৱা,  ৰাইজৰ নেতা হৈ ৰাইজলৈ পিঠি দিয়া,  মুখত শান্তিৰ বাণী লৈ মূলসুঁতিৰ কথা কোৱা মুখবোৰক চিনিবলৈ সমীৰ তাঁতিৰ কবিতাই যথেষ্ট । কাৰণ তেওঁৰ কবিতাই যিমান পোহৰ পোহে,  সিমানেই জালি বন্ধা অন্ধকাৰকো চোৱাৰ দুঃসাহস কৰে ।

প্ৰকাশ : মনৰ খবৰ,  জুলাই,  ২০১৮

Tuesday 19 June 2018

ভাৰ্চুৱেল বিপ্লৱী বনাম বিষ্ণু ৰাভাৰ আদৰ্শ



বিশ্বৰ কোনো জাতিৰে ৰাজনৈতিক ইতিহাস সাংস্কৃতিক বিকাশৰ অবিহনে পূৰ্ণ নহয় । একোটা প্ৰজন্মৰ পৰা উত্তৰ প্ৰজন্মৰ বিকাশৰ বাবে এক গভীৰ আৰু সংগঠিত সাংস্কৃতিক গতিশীলতা লাগে । সাংস্কৃতিক গভীৰতাৰ অবিহনে জনগোষ্ঠীয় চেতনাসমূহৰ স্বাভাৱিক আদান - প্ৰদান সম্ভৱপৰ নহয় । শেহতীয়াকৈ অসমত ঘটি থকা ঘটনাসমূহে এফালে যেনেকৈ জনগোষ্ঠীসমূহৰ মাজৰ দূৰত্ব বৃদ্ধিৰ প্ৰশ্ন তুলিছে । আনহাতে তেনে দূৰত্বৰ অন্তৰালত গঢ় লৈ উঠা ঠেক,  সংকীৰ্ণ ৰাজনীতিৰ সমালোচক লৈও নাগৰিক সমাজ চিন্তিত হৈছে । এনে চিন্তাবোৰে বাৰম্বাৰ সম্প্ৰীতিৰ ভাৰ্চুৱেল শ্লগানসমূহৰ অপাৰগতা প্ৰকাশ কৰি বিষ্ণু ৰাভাৰ আদৰ্শলৈ আমাক টানি লৈ গৈছে ।

পাহাৰ - ভৈয়ামৰ ইতিহাসত অসমৰ যিকেইজন ব্যক্তিৰ নাম সজোৰে উত্থাপন কৰা হয়,  তাৰ ভিতৰত বিষ্ণু ৰাভাৰ নাম পোন প্ৰথমে স্মৰণীয় । তেওঁৰ সাম্যবাদী আদৰ্শৰ বহুতো দস্তাবেজ গ্লবেলাইজ দুনিয়াৰ পুঁজিবাদী দৌৰত মানি ল'বলৈ কষ্টকৰ হ'লেও,  ৰাভাৰ সাংস্কৃতিক চেতনাৰে বিপ্লৱৰ প্ৰাসংগিকতাক কোনেও নুই কৰিব নোৱাৰে । সেই কথা বুজিবলৈ নখাট গাঁৱত পঞ্চায়ত কৰ্মীসকলৰ সৈতে হোৱা সভাত ৰাভাই দিয়া ভাষণেই যথেষ্ট -

"প্ৰথম পৰ্যায়ত বিপ্লৱীসকলে শ্ৰেণীবিভেদ,  জাতিবিভেদ, ধৰ্মবিভেদ,  সাৰশূন্য জাতি-দম্ভ আদি সকলোবিলাক কুসংস্কাৰ মনৰ পৰা দলিয়াই পেলাব পৰা অৱস্থালৈ আহিব পাৰিব লাগিব । নিজক সংস্কাৰ কৰাৰ পাছত সমাজ সংস্কাৰ কৰিব পৰা জনহে প্ৰকৃত বিপ্লৱী । কেৱল বিপ্লৱী স্বৰৰ গীত ৰচনা কৰি,  গীত গাই,  কবিতা লিখি,  নাট লিখি আৰু সাহিত্য ৰচনা কৰিয়েই বিপ্লৱী হ'ব নোৱাৰে । সেইদৰে হোৱা হ'লে পৃথিৱীখন বিপ্লৱৰ ঢৌত উটি - বুৰি ফুৰিলেহেঁতেন । ভৱিষ্যতে এইখন দেশত অনেক ভুৱা বিপ্লৱীৰ সৃষ্টি হ'ব । সেইসকলক চিনি উলিয়াবৰ বাবে এই আন্দোলনে সকলোকে শিকনি দিব ।"
                                  (উৎস: বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ,  প্ৰথম খণ্ড,  পৃষ্ঠা শ)

বিষ্ণু ৰাভাই কৈ যোৱা এই কথা আজিৰ তাৰিখতো ইমান প্ৰযোজ্য । দিনে দিনে বাঢ়ি যোৱা ৰাস্তাৰ বিপ্লৱী,  দিনে ৰাতিয়ে বাঢ়ি যোৱা ভাৰ্চুৱেল বিপ্লৱীৰ প্ৰয়োভৰ আৰু তেৰাসবৰ ৰাজনৈতিক ভেকোঁভাওনা দেখি ৰাভালৈ মনত নেপেলাই থাকিব নোৱাৰি ।

ৰাভাৰ ৰাজনৈতিক বিচক্ষণতাৰ মূল উৎস আছিল প্ৰতিটো জনগোষ্ঠীয় আৱেগ আৰু কৃষ্টিক সন্মান জনাব পৰা বিশালতা । ১৯৪৮ চনৰ ১৯/২০ ডিচেম্বৰত নগা পাহাৰৰ মোককচাঙত অনুষ্ঠিত নগা ছাত্ৰ সন্মিলনীত ৰাভাই গাইছিল -

"জাগিব লাগিব তই কছাৰী মিকিৰ
খাছী ৰাভা গাৰো মিৰি কুকী নগাবীৰ
খামটি মিচিমি আৱৰ লালুং লুচাই
চিংফৌ চিংটেং মণিপুৰী টাই
তিপৰা ডিমাছা অকা ডফলা ককাই
চুতীয়া দেউৰী টোটলা কোঁচ হাজং কছাৰী
জাগিব লাগিব তই জাগ
লচোন আগভাগ... ।"

আজিৰ তাৰিখত যেতিয়া আমি কোন অসমীয়া বুলি প্ৰশ্ন কৰি এজনে আনজনলৈ চাই আছো আৰু একে সময়তে বিদেশী চিনাক্তকৰণতো ব্যস্ত হৈছো - সেই সময়ত ৰাভাই দেখুৱাব বিচৰা 'সমিলমিল'ৰ অৰ্থ বুজি পোৱাটো কাৰোৰে পক্ষে সহজ নহয় । 'ট্ৰাইবেল'বোৰ অসমীয়া নহয় বুলি বৰফলাৰে চচিয়েল মিডিয়াত লিখোঁতে অথবা অসমীয়া সত্তাক উগ্ৰ জাতীয়তাবাদী সমীকৰণৰ আওঁতালৈ আনোতে আমি কিন্তু ৰাভাই দেখুওৱা সাংস্কৃতিক বিকাশৰ বাটটোলৈ মূৰ কৰি থকা নাই । ৰাভাই অসমীয়া কৃষ্টি-সংকৃষ্টিক ব্ৰহ্মপুত্ৰৰ বিশালতাৰ সৈতে তুলনা কৰিছিল যাৰ বাস্তৱতা আজিৰ প্ৰজন্মৰ বাবে ক্ষমতাৰ খোৱা- কামোৰা,  স্বায়ত্ত শাসনৰ দাবী,  আত্ম নিয়ন্ত্ৰণৰ দফাতে সীমাৱদ্ধ । ৰাভাই দেখুৱাব বিচৰা সাংস্কৃতিক বিশালতাৰ প্ৰকৃত ছবি এতিয়া উত্তৰ আধুনিক বিজ্ঞাপনলব্ধ আয়োজনতে সীমাৱদ্ধ । এনে আয়োজনৰ নাম কেতিয়াবা Ethnic food festival নহ'লেবা Ethnic celebration যিবোৰ জনগোষ্ঠীয় নৃত্যৰে আৰম্ভ হৈ পোৰা গাহৰি,  সাঁজ,  আপঙ,  জুডিম্বাৰ আপ্যায়নতে শেষ । Ethnicity ৰ নামত চলিত এই চৰ্চাবোৰে কিমান দূৰলৈ সাংস্কৃতিক চেতনা প্ৰবাহৰ বাট ৰচে সেয়া এক অন্য প্ৰসংগ । কিন্তু এই প্ৰসংগক আমি যিমানেই অৱহেলা কৰোঁ,  সিমানেই জাতীয় প্ৰশ্নবোৰকো অৱহেলা কৰা হয় - যিবোৰৰ ওপৰত ভিত্তি কৰিয়ে আমি অসমীয়াত্বৰ সংজ্ঞা বিচাৰি ফুৰিছোঁ ।

' ইতিহাসৰ ডাঙৰ গুণ পৰিৱৰ্তন ' - এই কথা সজোৰে কোৱা বিষ্ণু ৰাভাই সংগ্ৰামৰ প্ৰকৃত প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল । ইয়াৰ মূলতে আছিল ৰাইজৰ মাজতে ৰাইজৰ এজন হৈ থাকিব পৰা গুণ । সেয়ে তেওঁ কৈছিল -'  মাৰ্ক্সবাদ লেনিনবাদে মোৰ চঞ্চল,  অস্থিৰ শিল্পী জীৱনলৈ আনি দিছে সাগৰ সংগমৰ পূৰ্ণতা আৰু গভীৰতা ' । ৰাভাৰ সাংস্কৃতিক বিপ্লৱৰ যথাৰ্থতা আজিৰ তাৰিখতো প্ৰাসংগিক এই কাৰণেই যে তেওঁ ইয়াৰ মাধ্যমেৰে গণমুক্তিৰ বাট মুকলি কৰাৰ দুঃসাহস কৰিছিল । সেই একেজন ৰাভাই ১৯৬৭ চনত তেজপুৰৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে জয়ী হৈ কৈছিল  ' I'm more an artist than a communist' (Source : Commission Paper book party pages,  pp. 202 & 204) । বিষ্ণু ৰাভাই নিজৰ শিল্পী সত্তাক ৰাজনৈতিক ধাৰাৰ উপযোগী কৰি গঢ়িব পাৰিছিল তেওঁৰ বিশাল জনমুখী দৃষ্টিকোণৰ বাবে । যি দৃষ্টিকোণ আজিৰ তাৰিখত ভাৰ্চুৱেলী উপলব্ধ,  অথচ বাস্তৱত অন্তঃসাৰশূন্য।

এনে অন্তঃসাৰশূন্যতাই জাতীয় আৱেগবোৰক মুহূৰ্তে মুহূৰ্তে 'কনফিউজড'  কৰে । এনে দ্বিধাহীনতা বৰ্তমান প্ৰজন্মৰ একোটা স্বাভাৱিক চৰিত্ৰ যেন হৈ পৰিছে  আৰু একে কাৰণতে ৰাজপথৰ আন্দোলনৰ প্ৰতি মানুহৰ আস্থা কমি আহিছে । জনতা আৰু নেতা সংযোগহীনতাত ভূগিছে । বিষ্ণু ৰাভাই আৰম্ভ কৰা কৃষক বিদ্ৰোহত 'নাঙল যাৰ মাটি তাৰ' বুলি সোচচাৰ কৰি উঠা জাতিৰ উত্তৰ প্ৰজন্মই ভূমিৰ অধিকাৰক লৈ সজাগ হ'বলৈ কিমান দূৰলৈ পাৰিছে ? মাটি জাতীয় পৰিচয়ৰ পৰা বহিৰাগত লুণ্ঠনলৈ পৰিৱৰ্তিত হৈছে । ৰাষ্ট্ৰই সম্পদৰ ওপৰত একচেতিয়া অধিকাৰ সাব্যস্ত কৰি পুঁজিপতিৰ হাতত সম্পত্তি গতাই আছে । এনেকুৱা সময়ত কেৱল ৰাজপথৰ আস্ফালনেই শেষ যুঁজ নহয় । ভাষিক,  সাংস্কৃতিক,  অৰ্থনৈতিক স্তৰৰ যুঁজখনৰ  বাবে যি বৌদ্ধিক,  আইনী সচেতনতাৰ আমাক প্ৰয়োজন তাৰ এক দীৰ্ঘায়ু কছৰতৰ প্ৰাসংগিকতা সেয়ে দিনে দিনে বাঢ়ি আহিছে । যাতে জ্যোতি,  বিষ্ণুৰ পৰিৱৰ্তে কোনো দীনদয়ালৰ উৎপত্তিত জাতীয় ঐক্যৰ হানি নহয় । যাতে এডভানটেজ আচামৰ নামত আদৰি অনা বিকাশে কৃষকৰ নাঙল ভাঙি,  ভৰিৰ তলৰ মাটি ৰামদেৱৰ নামত দুনাই হস্তান্তৰ কৰিব নোৱাৰে । যাতে শংকৰ মাধৱ আজান ফকীৰে প্ৰতিষ্ঠা কৰা মিলাপ্ৰীতিৰ চানেকিত কোনেও ধৰ্মৰ মোহৰ মাৰি গৰু খোৱা-নোখোৱাৰ বিভাজনেৰে,  নদী-ভূমি পূজাৰে আমাক সোপাধৰাৰ ভয় দেখুৱাব নোৱাৰে ।

বিষ্ণু ৰাভাৰ প্ৰগতিশীল আদৰ্শক কেৱল প্ৰতীকবাদতে আৱদ্ধ কৰাৰ পৰিৱর্তে,  সেই আদৰ্শৰ কাৰ্য্যকৰী,  বস্তুনিষ্ঠ বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আজিৰ প্ৰজন্মই স্বীকাৰ কৰক । চকুৰ ক'লা কাপোৰ খুলি বিষ্ণু ৰাভাক চিনি পাওঁ আহক ।

Wednesday 16 May 2018

' জুইখেল' - কবিতা কাৰ বাবে?


কবিতা সম্পৰ্কে আমাৰ মনোভাৱ অত্যন্ত সৰল । আমি কবিতাত গৱেষণাৰ দৰে থিয়’ৰি নিবিচাৰো । অৱশ্যে এয়া আমাৰ ব্যক্তিগত মতামত । কিন্তু তাৰ অৰ্থ এইটো নহয় যে কবিতা গৱেষণা নহয় । কবিতাত কাহিনীৰ পৰিৰ্ৱতে আমি বিচাৰি ফুৰো এক সৰলীকৃত জাগতিক উপলব্ধি । এই উপলব্ধিয়ে কাহিনীৰ দৰে পৰিধি মানি নচলে । বৰঞ্চ পৰিধিৰ ঊৰ্ধলৈ গৈ পাঠকক সত্যৰ সৈতে মুখামুখি কৰায় ।

উত্তৰ আধুনিক জটিল প্ৰেক্ষাপটত পৰিধিক চেৰাই,  আৱেগক ৰাজনৈতিক ভাৱে প্ৰকাশ কৰাটো কবিতাৰ বাবে এক গধুৰ প্ৰত্যাহ্বান । কিন্তু এনে প্ৰত্যাহ্বানবোৰকো উত্তৰ পূৰ্বাঞ্চলৰ বহুতো কবিয়ে নিজৰ কবিতাৰ মাধ্যমেৰে তুলি ধৰাৰ দুঃসাহস কৰি আছে । এনে দুঃসাহসবোৰৰ সাহিত্যিক মূল্যৰ লগতে ঐতিহাসিক মূল্যও যথেষ্ট বেছি । বৰ্ণালী বৰগোহাঁইৰ 'জুইখেল'  তেনে কিছু ঐতিহাসিক স্বীকাৰোক্তিৰ শক্তিশালী কাব্যপাঠ ।


মায়া এঞ্জেলোৰ কবিতাৰ মাজেৰে প্ৰকাশ পোৱা নাৰীবাদৰ সুদূৰপ্রসাৰীতা বৰ্ণালী বৰগোহাঁইৰ কবিতাৰো এক প্ৰায়োগিক সত্য । পাৰ্থক্য মাথোঁ ইমানেই যে বৰগোহাঁইৰ কবিতাই ধৰি ৰখা নাৰীবাদৰ যথাৰ্থতাই বহল পৰিসৰলৈ যাবলৈ আৰু কিছু কঠোৰ সন্ধানক খামুচি ধৰিব লাগিব । অৱশ্যে ইতিমধ্যে তেওঁৰ কবিতাই তৃতীয় বিশ্বৰ নাৰী সমাজৰ সেই ফচল বিচাৰি পাইছে । সেয়ে  তেওঁ ক'ব পাৰিছে -

পানীৰ কোনো ৰং নাথাকে নাৰীৰ দৰে
নে নাৰীৰ কোনো ৰং নাথাকে পানীৰ দৰে

পানী আৰু নাৰীৰ এই তুলনা কবিৰ ব্যক্তিগত প্ৰতীকৰ পৰা সামাজিক প্ৰশ্নবোধকলৈ পৰিণত হৈছে । এনে সৰল ব্যাখ্যাৰ জটিল অভিধাৰণাৰে উত্তৰ আধুনিক নাৰী সমাজ সদায়ে জৰ্জৰিত । কিন্তু ইয়াক কবিয়ে কেৱল যন্ত্ৰণাৰ নাম দিব খোজা নাই । 'নাৰী' শীৰ্ষক কবিতাটোৰ অন্য এটা স্তৱকে সেয়ে কৈছে-

মই নাৰী
তিনিটা কালৰ জন্মদাত্ৰী
মই ফল্গু হৈ সৰো
ধোঁৱা হৈ উৰো
কেনেকৈ তুমি মোৰ নাম দিলা পাটীৰ তিৰোতা

এই প্ৰতিবাদী আস্ফালনৰ বাবেই বৰ্ণালী বৰগোহাঁইৰ কবিতাই সাধাৰণ যেন লগা অৰ্থকো ন শক্তি আৰু সম্ভাৱনাৰে মূৰ্ত কৰি তুলিব পাৰিছে । কবিয়ে পাতনিৰ একেষাৰতে লিখিছে,  'মই নিজকে কবি বুলি বিশ্বাস কৰোঁ । সেই বাবেই কবিতা লিখোঁ ।'  কবিৰ এই আত্মবিশ্বাস তেওঁৰ কবিতাৰো আত্মবিশ্বাস হৈ ধৰা দিছে । আমাৰ দৃষ্টিত সেয়ে কবিৰ কবিতাত পৰীক্ষা -  নিৰীক্ষাতকৈ আত্মীয়তা আৰু একাত্মতা বেছি । সেয়ে তেওঁ ক'ব পাৰিছে,  'কবিতাবোৰক কেতিয়াও গৱেষণাগাৰত তুলি দিয়া নাই । শব্দৰ শাৰীবোৰক টুকুৰা টুকুৰকৈ কাটি চোৱা নাই । চাব নোৱাৰোঁ । কাৰণ কলিজাৰ তেজেৰে কবিতাবোৰক জীয়াইছোঁ।' কবিৰ এই স্বীকাৰোক্তিয়ে ঠিক লীৱিচৰ কথা এষাৰিলৈ মনত পেলাই দিয়ে,  words in poetry invite us not to 'to think about' and judge,  but to 'feel into' or 'became' to receive complex experience that is given in words.

'জুইখেল'ৰ অধিকাংশ কবিতাতে সেয়ে পাঠকে বিচাৰি পাব পাৰে সেই জাগতিক স্বীকাৰোক্তিবোৰ -  যিবোৰক বাহ্যিকভাৱে আমি কেৱল স্পষ্টীকৰণ বুলি ভুল কৰি থাকো । কবিৰ কল্পনাত বাহ্যিকতা হৈ উঠিছে আভ্যন্তৰীণ বাস্তৱবাদী আৰ্হি -

মই কল্পনা কৰোঁ
বাস্তৱৰ মাটিত গজি উঠা সপোন

মই বিচাৰোঁ

মোৰ মাজত এনে একো নাথাকক
যি কেৱল মোৰ
          - আন্ধাৰবোৰ পোহৰাই তোলা

কবিৰ এই পৰিভাষা যে বাস্তৱিক প্ৰভাৱৰ পৰা বিচ্ছিন্ন নহয়,  সেই কথা প্ৰমাণিত হৈছে তেওঁ ব্যক্তিতন্ত্ৰৰ পৰা সামাজিকলৈ গৈ থকা বাটটোৰ মাজেৰে । এনে স্বগতোক্তিয়ে সমাজ সমালোচনাৰো দৃষ্টান্ত দাঙি ধৰে । উল্লেখযোগ্য যে উত্তৰ আধুনিক সময়ে কোনো স্বীকাৰোক্তিকে কেৱল কৰোঁতাজনৰ ব্যক্তিগত সত্তাৰ অংশীদাৰীত্বত বন্দী নকৰে । এনে ক্ষুৰধাৰ ভূমিকাৰ বাবে এনে সময়ৰ অৱস্থানক লৈ কবিৰ যি চেতনা সেয়া বোধকৰোঁ প্ৰতিজন নাগৰিক জীৱনৰে চৰম ট্ৰেজেডী । উপৰুৱা বাস্তৱৰ পৰিৱৰ্তে বৰ্ণালী বৰগোহাঁইৰ কবিতাত ফুটি উঠা এই প্ৰস্তাৱনাই জীৱনৰ পুনৰ আৱিষ্কাৰৰ একোটা বাট মুকলি কৰিছে । যি বাটৰ পিছত আমি আটায়ে দৌৰো- কিন্তু যি বাটৰ কোনো খোদিত উপলব্ধিক মধ্যবিত্তীয় ভংগিমাৰ ঊৰ্ধলৈ গৈ চাবলৈ ৰাজী নহওঁ। এনে কস্ম'পলিটান চেতনাৰ নিৰ্মোহ বিশ্লেষণে বৰ্ণালী বৰগোহাঁইৰ কবিতাক কাৰুণ্যৰ বিপৰীতে জীৱন দৰ্শনৰ গভীৰ আয়তনলৈ পৰিণত কৰিছে ।

সংকলনখনৰ শেষৰটো কবিতা 'জুইখেল' জটিল ৰাজনৈতিক জীৱনৰ অন্তৰ্দ্বন্দ্বত ঠন ধৰি উঠা এক প্ৰভাৱশালী অৱতাৰণা । পুঁজিবাদী ৰাষ্ট্ৰব্যৱস্হাত 'খেল' ৰ প্ৰসংগ সেই পুৰাতন ধাৰণাৰে এক নব্য গঠিত ৰূপ - য'ত কোন কেতিয়া কাৰ চিকাৰ আৰু কোন কেতিয়া দৰ্শক তাক নিৰ্ধাৰণ কৰাটো খুবেই কষ্টকৰ । কিন্তু ' উশাহৰ বিৰুদ্ধে উশাহৰ যুদ্ধ'  চলোৱা এই 'জুইখেল'ৰ ইমেজবোৰ পাঠকৰ বাবে অতি চিনাকি । ইয়াৰ মাজত কবিৰ কৃতিত্ব ইয়াতেই যে তেওঁৰ পৰিভাষাই 'নাটক' আৰু 'জুইখেল'ৰ  পাৰ্থক্যক একেটা কবিতাতে তুলি ধৰিবলৈ সক্ষম হৈছে  -

মই জানো
পুৰি যোৱা মানেই ছাই নহয়
মই জানো
জুইবোৰ নিজৰ গাত নলগালৈকে
মানুহবোৰে তাক জুইখেল বুলিয়ে কয়
            - জুইখেল

জুই এক পুৰাতন ইমেজ হোৱা স্বত্বেও ইয়াৰ থলুৱা ভাবাৰ্থত মূৰ্ত হৈ উঠা বহিঃপ্ৰকাশে কবিতাটোক এক প্ৰতিবাদী গতিশীলতা প্ৰদান কৰিছে । জ্বলি যোৱা মানুহ এজনৰ শৰীৰৰ প্ৰত্যক্ষদৰ্শী এখন চহৰে আচলতে কিহৰ উত্তৰ দিব পাৰে?  ক্ষমতাৰ নে শাসকীয় নেতাসুলভ কূটনীতিৰ?  এনে প্ৰশ্নবোৰ পুঁজিবাদী ৰাষ্ট্ৰই নিজৰ সপক্ষে ঘনাই ব্যৱহাৰ কৰা সময়ত সাহিত্যৰ ভূমিকাৰ প্ৰতিও প্ৰশ্ন উত্থাপন হয় ।

সাহিত্যই আচলতে কাৰ কথা কোৱা উচিত? কাৰ পক্ষ লোৱা উচিত? কাৰ বিৰুদ্ধে গৰ্জন কৰা উচিত?  কোনো সন্দেহ নাই যে বৰ্ণালী বৰগোহাঁইৰ কবিতাই সেই প্ৰশ্নৰ উত্তৰ ইতিমধ্যে বিচাৰি পাইছে । তেওঁ কোৱাৰ দৰে তেওঁ য'ত আছে কবিতাবোৰো তাতেই আছে । এই যে কবিতা আৰু তেওঁ পৃথক নহয় - তাতেই ৰাজনৈতিক বিচক্ষণতাৰে সাহিত্য অনুশীলনৰ মূল অৰ্থ খোদিত হৈ আছে ।


প্ৰকাশ : মনৰ খবৰ,  মে',  ২০১৮


Wednesday 18 April 2018

পানী সৰল হ'ব নোখোজা খোজবোৰ

এই কাহিনী আপোনাৰ নহ’বও পাৰে। অথচ এই কাহিনীক আপুনি বা মই কোনেও এৰাই চলিব নোৱাৰো।

ৰে’লৰ গতি আৰু ৰে’লে পিছ পেলাই থৈ অহা ছবিবোৰৰ গতিৰ মাজত এক তীব্ৰ পাৰ্থক্য আছে। পাৰ হৈ অহা নৰাভৰ্তি পথাৰ, জুম বন্ধা ষ্টেছন, আকৌ হাবি, শূন্য ষ্টেছন, মাজে মাজে টিলা, গলিয়মান মেঘ, গেটত অপেক্ষাৰত দুই-তিনিচকীয়া গাড়ী, হেলমেট পিন্ধা-নিপিন্ধা আৰোহী, ডাঙৰ ষ্টেছনবোৰত কম হৈ পৰা ৰে’লৰ গতি আৰু তাৰ মাজতেই ধূসৰিত এই মুখবোৰ! কিছুমানত আঁচোৰ, কিছুমানত ৰং। কিছুমানত ভাবহীনতা, কিছুমানত অপেক্ষা। কিছুমানত যন্ত্ৰণা, কিছুমানত প্ৰৱঞ্চনা।

সেয়ে কৈছো এই কাহিনী আপোনাৰ নহ’বও পাৰে। কিন্তু এই কাহিনীৰে পাৰ হৈ যাওঁতে মুখবোৰৰ সমুখত জিৰাওঁতে, টাইমপাছ কৰোঁতে, অথবা অনৰ্থক ৰৈ যাওঁতে আপুনি বা মই উপেক্ষা নকৰা বহুতো কাহিনীৰ সৈতে খুন্দা খাব পাৰো।

প্ৰতীক ৰৈ থাকিব বুলি মই আশা কৰা নাছিলো। পৰহি সি জেলৰ পৰা ওলাইছে। তাৰ দেউতাকৰ শ্ৰাদ্ধৰ একমাহো হোৱা নাই চাগৈ। তাক আহিম বুলি মেছেজ এটা কৰাৰ বাহিৰে আমন্ত্ৰণ জনোৱাৰ উত্সাহ মোৰ মনত নাছিল। কিন্তু এটা কথা মই জানিছিলোঁ জেলৰ পৰা ওলোৱাৰ পাছতো প্ৰতীক ঘৰত সোমাই থকা মানুহ নহয়। সি নিশ্চয় কোনো নতুন কাৰ্যসূচী লৈছে।

প্ৰতীক ৰৈ আছিল। বৰঞ্চ সি ষ্টেছনৰ পৰা বিপৰীত দিশে আহি থকা মই স্পষ্ট ধৰিব পাৰিছিলোঁ। তাৰ ক’লা পৰা মুখত ৰ’দজাক থুপ খাইছিল। তথাপি সি হাঁহিয়ে আছিল। প্ৰতীকৰ হাঁহিৰ ব্যাখ্যা কৰা জটিল। মই আশা কৰাৰ দৰে সেয়া কোনো ৰাজনীতিকৰ হাঁহি নহয়। তাৰ হাঁহিত এতিয়াও হেৰাই থাকিবলৈ ভালপোৱা—মানুহৰ মাজতে থাকিবলৈ ভালপোৱা ৰ’দ এজাক আছে।

এনেকুৱা ৰ’দ সাধাৰণতে নোহোৱা হৈ যায় পাছলৈ। মানুহৰ ভিৰৰ মাজৰ পৰা ওলাই মানুহৰ সমুখত কথা কোৱা নায়কবোৰ এদিন নিজৰ অজ্ঞাতেই অতীত একোটাৰ নায়ক হৈ পৰে। তেনে অতীত কোনো ফ্ৰেমৰ ভিতৰলৈ নাহে। মানুহে তেনে অতীতক বৰ বেছি মনত পেলাব  নোৱাৰে। প্ৰতীকক দেখিলে এনে লাগে সি সহজে অতীত নহ’ব। তাৰ ঘামত তিতা ছাৰ্ট, জধলা চুলি, ক’লা পৰা হাতৰ আঙুলি, তাৰ মুখৰ এই ৰ’দাল হাঁহিয়ে তাক সহজে অতীত হ’বলৈ নিদিব।

অতীতক লৈ আমাৰ কোনো দুৰ্ঘোৰ আপত্তি নাথাকে যদিহে সেই অতীতে সম্ভৱনাৰ সকলো অৱকাশ সামৰি এক সুদীৰ্ঘ যাত্ৰাৰ পথ মুকলি কৰে। যি যাত্ৰাত কেতিয়াবা আমি বাটৰুৱা হওঁ। ভাগৰুৱাও হওঁ। তাৰ পাছতো—বহুতো অস্থিৰ দিন বিশৃংখল ৰাতি ভূগি অহাৰ পিছতো আমি ক’ব পাৰো এই বাট ভুল নাছিল।

প্ৰতীক এতিয়াও—আজিৰ তাৰিখতো—মোৰ সমুখত ৰৈ থকাৰ মুহূৰ্ততো এই মতত অটল। ইয়াতকৈ ভাললগা কথা আৰু কি হ’ব পাৰে!

--তেন্তে আপুনি আকৌ আহিল আমাৰ ঠাইলৈ!
--অ’—হঠাতে—একো পৰিকল্পনা, উদ্দেশ্য নথকাকৈয়ে।
--ভালেই হ’ল, আপোনালোকক মাজে মাজে লগ পাই থাকিলে আচলতে কিবা এটা ভাল লাগে।
--কথাটো আচলতে ওলোটাকৈও শুদ্ধ।
--হা....হা...।
প্ৰতীকে হাঁহি হাঁহি বাইক ষ্টাৰ্ট কৰে। ষ্টেছনৰ পৰা মূল ৰাষ্টাত উঠোতে সি কয়
—চাব, গা গোন্ধাব পাৰে। ধুবলৈ আজি সময়ে পোৱা নাই।

এই আনতকৈ বেলেগ ল’ৰাটো হঠাতে মোৰ সমুখত তেনেই সৰল, নিমাখিত হৈ পৰে। গোটেই বাটতো সি মূৰ জোকাৰি, বাটৰুৱাক মাতি মাতি গৈ থাকে। বাইকেৰে পাৰ হৈ অহা মুখবোৰত প্ৰতীকৰ প্ৰতি সমীহ দেখি মই আচৰিত নহওঁ। মাজে মাজে সি বাইক ৰখায়। নবৌ, পেহীদেউ, বৰমা বুলি কৈ বহুতৰ লগতে সি মোৰ চমু চিনাকি এটা দিয়ে আৰু তেওঁলোকৰ খা-খবৰ সোধে। পাছফালৰ পৰা প্ৰতীকৰ মুখখন নেদেখিলেও মই অনুভৱ কৰোঁ মুখখনে কেমেৰাৰ দৰে আনবোৰ মুখক ফ্ৰেমত লৈ গৈ আছে। এই যে লৈ গৈ আছে—তাত ফেন্টাচীতকৈ বেছি আছে এক দায়িত্বশীলতা।

সেই কথাই প্ৰতীকক বেছি গহীন কৰি তুলিছে। বোধহয় গহীন বুলি ক’লে ভুল হ’ব। প্ৰতীক সচেতন হৈছে। তাৰ অসচেতন মনতো মানুহবোৰৰ মুখবোৰ একোটা চিম্ফনী হৈ বাজি আছে।

--এই যে মানুহবোৰে চিনি পাই তোমাক—তুমিও সকলোকে পোৱা—কেতিয়াবা তেওঁলোকক ঠগি থকা যেন লাগেনে নাই?

মোৰ প্ৰশ্নত প্ৰতীক বিব্ৰত নহয়। সি বাইকৰ স্পীড সামান্য কমাই দিয়ে। মোৰ এনে লাগে প্ৰতীকৰ ওচৰত পূৰ্বনিৰ্ধাৰিত একো উত্তৰ নাই। কিন্তু সি প্ৰশ্নটো পাই বেছ সুখী।

--আচল কথা কি জানে—তেওঁলোকক ঠগিব পৰাকৈ শক্তিশালী আমি আজিও হোৱা নাই। সেয়ে চাগৈ তেওঁলোকৰ কন্ঠ আৰু আমাৰ আন্দোলনৰ মাজত কোনো পাৰ্থক্য নাই। কিন্তু গাঁৱৰ মানুহবোৰ এতিয়া হতাশ, হতাশ এই কাৰণে নহয় যে তেওঁলোকক আমি একো দিব পৰা নাই। বৰঞ্চ হতাশ এইকাৰণেহে যে তেওঁলোক হাড়ে-হিমজুৱে আমাৰ লগত থাকিব পৰা নাই। অভাৱে বহু সময়ত খাটিখোৱা মানুহক শোষকৰ ভৰিৰ তলত বেছি সময় থাকিবলৈ বাধ্য কৰে। এই বাধ্য-বাধকতাই আমাৰ আৰু তেওঁলোকৰ মাজৰ দূৰত্ব।

প্ৰতীকক আৰু প্ৰশ্ন সুধিবলৈ মন নগ’ল। মই জানো ইয়াৰ পাছত আৰু বহুতো কথাই সি নিজে নিজে ক’ব। প্ৰতীকৰ সমুখত শ্ৰোতা হ’বলৈ ভাল। সি কেৱল বৰ্ণনা নিদিয়ে। তাৰ বৰ্ণনাৰ বেকগ্ৰাউণ্ডত আড্ডাৰ দৰে কাৰবাৰ এটা চলে। এটা পঞ্চভূজ হৈ সি বিভিন্ন দিশৰ পৰা একেটা পৰিস্থিতিক চাব জানে। তাৰ পাছত সিদ্ধান্ত আপোনাৰ—আপুনি বা মই কোনটো স্থিতিক শুদ্ধ বুলি ভাবে।
প্ৰতীকক শুনিবলৈ ভাল। চহৰৰ নামী কলেজ, ইউনিভাৰ্চিটিৰ মধ্যবিত্তীয় থিয়’ৰিটিকেল পৰীক্ষাবোৰৰ অবিহনেই সি মানুহৰ মাজৰ এক কন্ঠ। এই কন্ঠৰ বেচ্ একেবাৰে সৰল।

                                                   ********

হোষ্টেললৈ সোমাই যোৱা বাটচ’ৰাটোত বেলেগ বেলেগ ডিজাইনৰ ছেল্ফি ফ্ৰেমবোৰ দেখি জঁপিয়াই পৰা পখিলাবোৰলৈ মোৰ আৰু অনিৰ্বাণৰ অতিৰিক্ত মনোযোগ জন্মিল। আমি চিগাৰেট টানি টানি পখিলাবোৰৰ চকু আৰু মুখৰ অভিব্যক্তি পঢ়িবলৈ আৰম্ভ কৰিলোঁ।

আচলতে আজিৰ দিনটোত চিগাৰেট হুপি হুপি পখিলা চোৱাৰ বাহিৰে আমাৰ বিশেষ কামো নাছিল। আমি জানিছিলো আমাক চোৱা প্ৰজন্মৰ পৰা আমি কেতিয়াবাই আঁতৰি আহিছোঁ। অনিৰ্বাণৰ মলিয়ন পোছাক, হাৱাই ছেণ্ডেল আৰু মোৰ দীঘল দাড়ি, জধলা চুলি চাবলৈ আমাৰ প্ৰেমিকা দুজনীয়ে আজিৰ দিনটোত অমান্তি হ’ব। পখিলাবোৰ তাতকৈও দূৰৰ অসম্ভৱ একোটা আৱৰণ।

জয়িতাই ৰাস্তাটো পাৰ হৈয়ে হোষ্টেলৰ গেটখনলৈ চোৱাৰ পৰিৱৰ্তে পাণ দোকানখনলৈ চালে আৰু আমাক দেখিয়ে জোঁৰকৈ হাঁহিবলৈ ধৰিলে। আমি দুয়োটা অলপ সচেতন হ’লো। তাই আমাক কামোৰাৰ পৰিৱৰ্তে আমি তাইক এটা আক্ৰমণ দিয়া ভাল।

--ছোৱালীবোৰ দুইপ্ৰকাৰে জুমৰ মাজত বিখ্যাত। এক, অত্যাধিক মেকআপ, জাকজমকতাৰে। দুই, একেবাৰে সাধাৰণ, দৈনন্দিন অৱতাৰেৰে। তুমি আজি দ্বিতীয় শ্ৰেণীটো নিৰ্বাচন কৰিলা মানে।
অনিৰ্বাণৰ টিপ্পনীত জয়িতা ইমান আচৰিত নহ’ল। তাই যেন এই আক্ৰমণ আশা কৰি আহিছিলেই। সেই একেই কায়দাত সমুখৰ চুলিখিনি তাই পাছলৈ নিলে আৰু ক’লে—ব’ল যুদ্ধত নামো।
জয়িতা, অনিৰ্বাণ আৰু মোৰ মাজত আটাইতকৈ কম কথা কোৱা মানুহটো হৈছো মই। জয়িতাই যিমান উচ্চ স্বৰত কথা কয়, সিমান উচ্চ স্বৰত হাঁহেও। তাইৰ বাবে হোষ্টেলৰ ভিতৰত আমি বৰ বেছি বিপদত নপৰিলেও, বিৰক্তও নহওঁ। তাতোকৈও ডাঙৰ কথা তাই লগত থাকিলে পখিলাবোৰৰ সৈতে পোনপটীয়া মুখামুখি হোৱাৰ সম্ভাৱনা অধিক । জয়িতা, অনিৰ্বাণ আৰু মই—আমি কোনো ভাল কেৰিয়াৰৰ অংশীদাৰ হোৱা নাই আজি পৰ্যন্ত।(যদিও আমাৰ মোটা নম্বৰৰ লেমিনেশ্যনযুক্ত মাৰ্কচিট ফাইলত সোমাই আছে)। কিন্তু কলেজীয়া দিনৰ স্মৃতিকাতৰতাত ৰৈ আমি আজিও হোষ্টেলৰ সৰস্বতী পূজা বাদ দিব পৰা নাই।

--আচ্চা এই সৰস্বতী নামৰ ধাৰণাটো ইমান পপুলাৰ কিয়?

অনিৰ্বাণে দলিয়াই দিয়া প্ৰশ্নটোৰ উত্তৰ দিবলৈ মই কোনোপধ্যেই আগ্ৰহী নহয়। মোৰ ঢাণ্ডা গধূলিৰ বাবে কিবা এটা মেনেজ কৰিব পাৰি নেকি। মোৰ ঢাণ্ডাটোত  অনিৰ্বাণৰো সমান অংশীদাৰিত্ব আছে। এটা পৰ্যায়ৰ পাছত এই ঢাণ্ডাটোক লৈ সিয়ো মাথা মাৰিব।

-আমি কি কৰিছিলোঁ জান’ আগতে—সৰস্বতী হেৰাব বুলি ৰাজহাঁহ নাখাইছিলোঁ। অথচ আমাৰ বৰদেউতাৰ ঘৰৰ পাছ চোতাল ৰাজহাঁহৰ গুৰে উপচি আছিল। আমাৰ বাৰীৰ ঢাপৰ কাষৰ বৰ পুখুৰীটোত সৰস্বতী নোহোৱাকৈয়ে ৰাজহাঁহ চৰি আছিল। সৰস্বতীৰ বাবে কিবা ধৰ্মীয় আবেগ থকাৰ পৰিৱৰ্তে আমি আছিলোঁ ৰাজহাঁহ নামৰ প্ৰাণীটোৰহে ভক্ত। এতিয়া মনত পৰিলে বৰদেউতাহঁতৰ পিছচোতাললৈ মনত পৰে। এবাৰ কি হ’ল শুন—
জয়িতাই আৰম্ভ কৰিলে যেতিয়া পখিলাবোৰ কমাৰ্চিয়েল এড হৈ পৰিল হঠাত্।

-কি হ’ল?

-আমাৰ গাঁৱৰ এটা বামুণ আছিল—বিখ্যাত নহয়—কিন্তু অখ্যাত হ’লেও পপুলাৰ আছিল। মানে আমি পপুলাৰ কৰিছিলোঁ তাক। সি ৰে’ল লাইন পাৰ হৈ পথাৰৰ মাজেৰে চমু বাট বিচাৰি বিচাৰি বৰদেউতাহঁতৰ পাছচোতাল পালেহি। গোটেই ৰাজহাঁহখোপাই এই অচিনাকি অৱতাৰক দেখি একেলগে চিঞৰিবলৈ ধৰিলে। ইফালে তেতিয়া ৰাজহাঁহৰ পাছফালে পোৱালিবোৰৰ একোটা জবৰদস্ত সমদল। মায়ে কচু বুটলি থকাৰ পৰা আন্দাজতে চিঞৰিলে বৰটোকোলা, বৰটোকোলা...। আমাক আৰু কোনে পায়—চিধাই চাপৰ জপনাখন জঁপিয়াই বৰদেউতাহঁতৰ পাছ চোতাললৈ দৌৰিলোঁ। আমাৰ হুলস্থূলত বামুণ কিংকৰ্তব্যবিমূঢ়। চুৰিয়া চম্ভালিবলৈ যাওঁতে ৰাজহাঁহৰ গুত পিছলি যি অৱস্থা! বামুণ তাৰ পাছতে পপুলাৰ হৈ গ’ল।

-মানে?

-মানে সেই বামুণেই আমাৰ গাঁৱৰ স্কুলত সৰস্বতী পূজাৰ মন্ত্ৰ মাতিছিল। আমি গোটেই লগৰবোৰক পৰিস্থিতিটোৰ বৰ্ণনা দিলোঁ—বোলো বামুণে ৰাজহাঁহৰ বিষ্ঠা খালে। সৰস্বতীক ইমান নিষ্ঠাৰে  পূজা বামুণ আৰু ক’ত পাবা।

-কে...!!

মোৰ মুখেৰে ওলাই আহিব খোজা বিশেষণটোত ব্ৰেক মাৰিব লগা হ’ল ত্বৰিত গতিৰে আগুৱাই অহা এজনী পখিলাই জয়িতাক মতা দেখি।

পখিলাজনী সম্পৰ্কে কোনে চমুটোকা নিদিয়াকৈয়ে এক অৰ্থপূৰ্ণ হাঁহি মাৰি পখিলাজনীৰ লগত জয়িতা উঠি গল’। যিমান পাৰি সিমান দক্ষতাৰে পখিলাজনীৰ সমানে সমানে তায়ো ছেল্ফি ফ্ৰেমৰ পাছফালে ৰ’ল। ফ্ৰেমৰ বাহিৰৰ পৰা পখিলাজনীয়ে ছেল্ফি ল’লে।

ছেল্ফি ফ্ৰেমবোৰ দ্বিধাগ্ৰস্ত সময়ৰ চিত্কাৰ হৈ ভাহি উঠিল মোৰ সমুখত। এই চিত্কাৰ কাৰ বাবে? এই চিত্কাৰ শুনিব পৰাকৈ পখিলাবোৰ সাজুনে? এই ৰুগ্ন সময়ৰ দীঘলীয়া পুঁজিবাদী অংকত একো একোটা ছেল্ফি তত্ক্ষণাত্ একো একোখন ডিজিটেল আত্মজীৱনী হৈ পৰিল।

-পখিলাবোৰ বেছিদিন নাথাকে।

অনিৰ্বাণে উদ্দেশ্যবিহীনভাৱে কথাষাৰ ক’লে। কাক ক’লে—কিয় ক’লে বুজা টান! তাৰ কথাবোৰ কেতিয়াবা কেইবাটাও অৰ্থৰ সমূহীয়া প্ৰতিধ্বনি হৈ পৰে। সমুখৰজনে নিজৰমতে একোটা অৰ্থ নিৰ্বাচন কৰি ল’ব পাৰে। মন গ’লে আটাইবোৰকে গ্ৰহণ নকৰাকৈও থাকিব পাৰে।

-এনেও পখিলা বেছিদিন নাথাকে।

প্ৰতিধ্বনিৰ দৰে মইও অনিৰ্বাণৰ কথাকে আওঁৰালো আৰু ছেল্ফি জ’নটোৰ জুমবোৰৰ পৰা বিচ্ছিন্ন হৈ পৰা মুখবোৰ পঢ়িবলৈ ধৰিলোঁ। ৰং ভৰ্তি মুখবোৰে লৈ ফুৰা কাহিনীবোৰ আৰু সিহঁতৰ ছেল্ফিবোৰত প্ৰমাণিত কৰিবলৈ বিচৰা প্ৰবৃত্তিবোৰৰ মাজত অনিৰ্বাণৰ দৰে ময়ো একোটা পাৰ্থক্য বিচাৰি পালোঁ।

আৰু এনেকৈয়ে কি গাওঁ—কি চহৰ সকলোতে ছেল্ফিৰূপী ডিজিটেল আত্মজীৱনীবোৰ বাঢ়িবলৈ ধৰে। বাঢ়িবলৈ ধৰে সেইবোৰৰ দৰ্শক। দিনে দিনে কথাতকৈ ছেল্ফিবোৰ মানুহৰ অধিক বিশ্বাসী হৈ উঠে। মানুহে ছেল্ফিৰে কৈ থকা কাহিনীবোৰ বহু সময়ত বাস্তৱৰ সৈতে নিমিলে—নিমিলে সেইবোৰৰ পোহৰ এন্ধাৰ। নিমিলে চকুৰ ভাষা, ওঁঠৰ আচৰণো। তথাপি নাৰ্চিচাছৰ দৰে ছেল্ফিবোৰ পৰিণত হয় একোটা পৰিক্ৰমাত। নিজৰ পৰা নিজতে মজি থকা চকুবোৰৰ গৰাকী পখিলাবোৰ ঘূৰি থাকে সেই নিৰ্মোহ পৰিক্ৰমাত।

যেন ক’তো একো হোৱাই নাই।
যেন ক’তো কোনো ৰোৱাই নাই।
যেন ইয়াৰ পৰা আগলৈ আৰু কোনো বাটেই নাই।
ইমান নিচা আৰু যেন একোতে নাই।

     ********
খবৰটো মোলৈ আহিল চহৰৰ পৰা । মই তেতিয়া কোলাহলৰ পৰা বহু দূৰৈত ।  মই যে ইয়াত আছোঁ সেয়া প্ৰতীকৰ বাহিৰে আন কোনেও নাজানে ।  জয়িতাই ফ’ন কৰি খবৰটো দিলে মোক ।
দুদিন আগত প্ৰতীকক লগ পাইছিলোঁ । সিয়ে মোক সীমান্তৰ এই গাঁওখনত থৈ গৈছিল । থকাৰ ব্যৱস্থাও সিয়ে কৰি দিছিলদুদিনৰ ফিল্ড ৱৰ্ক এটা কৰিব লাগেকিন্তু আহিয়ে ভাবিছিলোঁ কেইদিনমান বেছিকৈ থাকি যাওঁ ইয়াত
-       আপোনালৈ কালিৰ পৰা ফোন কৰি আছোঁ কিন্তু লগা নাই
-       অ নেটৱৰ্ক নোপোৱা ঠাইত আছিলোঁ আজি ওলাই আহিছোঁ বাবেহে....
-       আপুনি প্ৰতীকৰ খবৰ এটা লব সি টাউনৰ চিভিলত আছে
-       চিভিলত ?
-       সেইবোৰ ফেচবুক খুলিলেই গম পাব
        

চুমুৰ পৰা নামিয়ে মই মোবাইল  ডাটা অন কৰিলোঁফেচবুক নামৰ নেটৱৰ্কটো যিমানে অমান্য কৰিলেও ঘূৰি ঘূৰি আকৌ সেইটোলৈকে উভতি আহিব লগা হয়জয়িতাই কোৱাৰ দৰেই প্ৰতীকহঁতৰ প্ৰতিবাদ আৰু আৰক্ষীৰ বৰ্বৰতা ভৰা ভিডিঅ'টো ফেচবুকত ঘনাই ঘূৰিবলৈ ধৰিলে।  তাৰ সমান্তৰালভাৱে প্ৰতীকৰ ভাষ্যখিনি দুখনকৈ নিয়মীয়া কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পালে দুদিন ধৰি উত্তপ্ত ফেচবুক আৰু প্ৰতীকৰ তপত শব্দবোৰে চলি থকা ব্যৱস্থাটোৰ বহু কথা ভাবিবলৈ বাধ্য কৰিলে
       

 মোৰ সন্মুখৰ বাটটো হঠাত এখন ট্ৰাকে উৰুৱাই থৈ যোৱা ধূলিৰে ভৰি পৰিলধূলিবোৰত  বৰ বেছি সৌন্দৰ্য নাথাকেধূলিবোৰত  বৰ বেছি নতুনত্বও নাথাকেতথাপি শীতে আমন্ত্ৰণ জনোৱা ধূলি আৰু গধুৰ গধুৰ বাটবোৰৰ মাজত এটা নীৰৱ বুজাবুজি চলে  এই বুজাবুজি প্ৰতিজন গৈ থকা বাটৰুৱাই বুজেএই বুজাবুজিলৈ প্ৰতিজন প্ৰতিযোগীয়ে সচেতনতাৰে অপেক্ষা কৰেএই বুজাবুজিত এক তথ্য গধুৰ ৰাজনীতি থাকেসেয়ে হয়তো ধূলিত কোনো সৌন্দৰ্য নথকাৰ পাছতো আমি ধূলিভৰ্তি বাটৰ ফ্ৰেমটোক বৰ বেছি অশুৱনি নেদেখো
        
ধূলিভৰ্তি বাট এটাৰে আগুৱাই গৈ থাকোঁতে সেইদিনা প্ৰতীকেও মোক এনেকুৱা কিছুমান কথাই কৈছিল

-       আপুনি ভাবিবও নোৱাৰে জেলৰ ভিতৰত কি চলি আছে

-       মানে ?

পুৰণি গোচৰ এটাৰ অজুহাতত প্ৰতীক আকৌ এবাৰ স্থানীয় প্ৰতিপত্তিশালী নেতাৰ ষড়যন্ত্ৰৰ বলি হৈছিলদেউতাকৰ শ্ৰাদ্ধৰ পিছদিনাই তাৰ হাতত হেণ্ডকাপ লগাই লৈ যোৱা দৃশ্যটোত প্ৰতীক নিজে সিমান আচৰিত হোৱা নাছিলসি বুজিছিল সংগঠনৰ মূল নেতাক বন্দীশালত ৰাখি সিহঁতৰ দৰে কেডাৰৰ ওপৰতো এক কঠোৰতাৰ অনুশীলন ইতিমধ্যে আৰম্ভ কৰা হৈছে
এই আৰম্ভণি আজিৰ নহয়এই আৰম্ভণিৰ আঁৰত ভীতিগ্ৰস্ততাৰ এক দীঘলীয়া পাশাখেল ৰচি থকা হৈছেপ্ৰতীক এই পাশা খেলৰে অন্যতম চিকাৰ

-       জেলৰ ভিতৰতো বাগানৰ চাহাব চাহাবেই চাহাবৰ বাবে ৰাজ আতিথ্য চাহাবৰ বাবে মিনাৰেল ৱাটাৰ পাঠা মাংস মোটা চাউলৰ ভাত

প্ৰতীক ৰৈ যায়ধূলিবোৰ আমাৰ চকুৱে-মুখে লিপিট খাই পৰেপ্ৰতীকে নোকোৱা বহু কথা ধূলিবোৰে কয়

বোনাছৰ টকাৰ বাবে শ্ৰমিকৰ বুকুত ঢিপঢিপ উত্তেজনা - প্ৰাপ্য বিচাৰি প্ৰতিবাদ কৰাৰ মাজতো বিষন্ন হৈ পৰা চকুবোৰ - দাগ লগা আঙুলিবোৰ- মঙহীন বুকুবোৰএইবোৰো  মিলি ধূলিত যায় ৰদত শুকাই যায়বৰষুণত ভিজি যায়

চাহাবে চাহাবৰ কাম কৰেকম্পিউটাৰত টকাৰ লেনদেন কৰেঅকচনত চাহ বেচে ওপৰৱালাইশ্ৰমিকৰ শৰীৰত তেতিয়াও গুলী ফচি থাকে
-       ডাক্তৰে কি কয় জানেতেজত মিলি যাব গুলী, লেট্ৰিনত ওলাই যাব গুলী এতিয়া আপুনিয়ে কওঁক আপুনি কাৰ পক্ষ লব ? সংগঠন কৰক বা নকৰক, সময় আৰু পৰিস্থিতিয়ে আপোনাক বা মোক শ্ৰমিকৰ  পক্ষ বলৈকে বাধ্য নকৰিবনে ?

প্ৰতীক ধূলিবোৰৰ মাজতো স্পষ্ট আছিল। ঠিক সময় আৰু ৰহস্যৰ মাজৰ চিনিব পৰা-নোৱৰা খেলটো হৈ ধূলিবোৰ উৰি আছিল। প্ৰতীকৰ কথাবোৰত ফুটি উঠা ৰুক্ষতা দিনে দিনে জটিল হৈ উঠা নেতাগিৰিতকৈও বেছি আছিল অধিকাৰৰ আস্ফালনৰ দৰে। এনে আস্ফালন উপন্যাসত পঢ়িবলৈ ভাল, চিনেমাত চাবলৈ ভাল, আড্ডাত উৰুৱাই দিবলৈয়ো ভাল। কিন্তু এনে আস্ফালনৰ সমুখত সময় আৰু ৰহস্যৰ মাজৰ পাৰ্থক্যটো চিনি উঠাৰ পাছতো টিকি থকা ইমানে সহজ নহয়।
প্ৰতীকহঁত তেতিয়াও টিকি আছিল। জেলৰ পৰা ওলায়ে প্ৰতীক আৰু বহুকেইজন গৈছিল বাগিচালৈ। লেবাৰ লাইনৰ শ্ৰমিকৰ ওচৰত তেতিয়ালৈকে কোনো চৰকাৰী প্ৰতিনিধি, দল-সংগঠনৰ বাৰ্তাবাহক উপস্থিত হোৱা নাছিলশ্ৰমিকৰ কঠিন মুখবোৰ তেতিয়াও আছিল ধূলিময়কিন্তু ধূলিত মিহলি নোহোৱা কাঠিন্যই প্ৰতীকক এক সিদ্ধান্ত লোৱাত সহায় কৰিছিলসেয়ে সি কৈছি
-       কাইলৈ আমি চহৰৰ মাজমজিয়াত প্ৰতিবাদ কৰিম আজি যদি এইসকল শ্ৰমিকৰ হৈ কথা নকওঁ তেন্তে আমি কেনেকৈ নিজকে খেতিয়কৰ সন্তান বুলি কম !

        প্ৰতীকক লগ পোৱাৰ আগলৈকে মানুহৰ কথাবোৰ বাৰে বাৰে দোহাৰি থকাৰ কামোৰটোৰ পৰা মই কেতিয়াবাই অব্যহতি লৈছিলোঁনিজৰ মাজতে নিজে মৰি মৰি যি বাটত হতাশাগ্ৰস্ত হৈছিলোঁ, সেই বাটৰ সময়েই এদিন মোলৈ ইমানবোৰ ৰহস্য কঢ়িয়াই আনিব মই ভবাও নাছিলোঁ

        প্ৰতীকহঁতে তাৰ পাছতো হাঁহি আছিলমোক পিঠিৰ দাগবোৰ দেখুৱাইছিলসিহঁত দাগবোৰৰ দৰে কঠোৰ আছিল এই সময়ো তাৰ পাছতোসময়ৰ এই আতিশয্যৰ কোনো কাৰুকাৰ্যখচিত ব্যাখ্যা নথকাৰ পাছতো হাঁহি থকা প্ৰতীক আৰু দিগন্তহঁতৰ চকুবোৰে ধাৰাসাৰ কথা কৈ আছিল
                                

                                         ...........................





     এই কাহিনীত মই আহি সোমোৱাৰ কোনো আগতীয়া পৰিকল্পনা নাছিলজয়িতা আছিল এই কাহিনীৰ অন্যতম মাধ্যম

        মাধ্যমৰ অবিহনে বহু কথোপকথন আধৰুৱা হৈ ৰয়মাধ্যমে এনেকুৱা এক পুৰণি কৌশল, যাক পাৰ কৰিয়ে যাত্ৰাৰ আচল উদ্দেশ্য বুজিব পাৰিনহলেবা পুৰণি উদ্দেশ্যকে আকৌ সোঁৱৰি লব পাৰি

        জয়িতাৰ সৈতে মোৰ হয়তো প্ৰেম হোৱা নাছিলআচলতে আমি দুয়োজনেই এজনে আনজনৰ প্ৰেমত নপৰিবলৈ সকলো সময়তে সচেতন আছিলোঁআমি বিচাৰিছিলোঁ হৈ থকা ঘটনাবোৰকে উত্স কৰি একোটা দীঘলীয়া বাৰ্তালাপ চলাই থাকিবলৈ কিন্তু কেতিয়াবা কোনো এক বাৰ্তালাপৰ সুৰুঙাত আমি এজনে আনজনক পঢ়িবলৈও চেষ্টা কৰিছিলোঁজয়িতা যিমানেই সংবেদনশীল আছিল, মই সিমানেই প্ৰেকটিকেলপ্ৰেকটিকেল আৰু মেচিয়ৰডএই দুয়োটা ভ্ংগীমাই মোক জয়িতাৰ প্ৰতি থকা দুৰ্বলতা দেখুওৱাত বাধাৰ সৃষ্টি কৰিছিলমই যিমানেই নিজৰ মেচিয়ৰড লেভেলত ধীৰ হৈ আছিলোঁ, জয়িতই সিমানেই এক দূৰত্বত অৱস্থান কৰিছিল

        মাজে মাজে ইচ্ছা কৰিয়ে মই জয়িতা  সৈতে কথা নপতাকৈ আছিলোঁইচ্ছা কৰিয়ে তাইক মনত নেপেলাবলৈ বিভিন্ন কৌশল অনুসৰণ কৰিছিলোঁকিন্তু ঘটনাবোৰেই এনেকুৱা আছিল যে নিবিচৰাকৈয়ে জয়িতা মোৰ লগত সংলগ্ন হৈ পৰিছিল

এই সংলগ্নতাৰ নাম মই প্ৰেম বুলি ডাঠি কব পৰা নাছিলোঁহয়তোবা মোৰ সিমান সাহসেই নাছিলজয়িতাই ঠিকেই কৈছিলপ্ৰেমত পৰিবলৈ সাহস লাগেআজিকালি মানুহে প্ৰেম কৰাৰ গতেই ইমান ভাবে যে প্ৰেম কৰা নহয়গৈ, পচন্দহে কৰা হয়

        জয়িতাই কথাবোৰ পোনপটীয়াকৈ কব পাৰেতাই কথাবোৰত ভ্ৰম হৈ ঘূৰি নুফুৰেতা মোৰ দৰে কনফিউজড্ নহয়চঞ্চলতাৰ মাজতো জয়িতাৰ এই স্পষ্টবাদিতাই মোক মোৰ গহীন ৰূপটোৰ আগতে পৰাজিত কৰি পেলায়

-       আপুনি প্ৰতীকহঁতৰ কথাবোৰ লিখোতে সিহঁতক অত্যাধিক সমৰ্থন কৰাৰ দৰে কিবা এটা ফুটি উঠিছে

-       কৰিছোঁ বাবেইতো লিখিছোঁ

জয়িতাৰ ক্ষোভ ভৰ্তি কথাৰ ময়ো তীক্ষ্নভাৱে উত্তৰ দিলোঁ

-       কিয় কৰিছে ? কাৰণ আপুনি সিহঁতক চিভিলত পৰি থকা দেখি আহিলে, সিহঁতৰ পিঠিৰ দাগবোৰ দেখিলে, সিহঁতৰ প্ৰতি অলপ আৱেগ অনুভৱ কৰিলেসেইবাবেই অকল সেইবাবেই সিহঁতৰ সমৰ্থনত আপুনি আৱেগ বিহ্বলভাৱে এই বাতৰি লিখিব নেকি?

-       নহয় বাতৰিত মই একো লিখা নাই মই লিখা কথাবোৰ প্ৰতীকহঁতৰে কথা অলপ আৱেগ আছেকিন্তু যন্ত্ৰণাওতো আছে

-       তাৰ মাজতো সিহঁতৰ ৰাজনৈতিক স্থিতিটো দেখুওৱা জৰুৰী নহলে সিহঁত চ কলড নেতাগিৰি কৰা হিৰো হৈ ৰৈ যাব  আৰু হিৰো বেছিদিন নাথাকে হিৰো সলনি হয় চিনেমাও সলনি হয়, কাহিনী অথবা ডায়লগ যদিও একে থাকে

-       কেতিয়াবা কিছুমান স্থিতি দেখুৱালৈ একেবাৰে সাধাৰণ আৰু সৰল প্ৰত্যাহ্বান দিব লগা হয় প্ৰতীকহঁতকো সৰল অথচ সুস্থিৰ হিচাপে দেখুওৱাটো জৰুৰী তাৰ খাতিৰত আমিও কিছুমান অৱস্থান লৈছোঁ

-       কিন্তু এইবোৰ অৱস্থানচোন খন্তেকীয়া !

        মই জানিছিলোঁ জয়িতাই এনে এক কথা উলিয়াবলৈকে এই বাৰ্তালাপৰ আৰম্ভণি কৰিছেসেয়া ক'লো

-       এই মুহূৰ্তত আমি আটায়ে লৈ থকা অৱস্থানবোৰ খন্তেকীয়া

জয়িতাই একো নকলেতাই খঙো নকৰিলেপ্ৰতিবাদবিহীনভাৱে তাই যে এই কথা মানি লোৱা নাই, সেয়া ময়ো জানোকিন্তু খন্তেক ৰৈ তাই কি উত্তৰ দিব তাৰ আগতীয়া অনুমান কৰাৰ চেষ্টা মই নকৰিলোঁকিছুমান সময় আৰু ৰুক্ষতাত মৌনতা এক ডাঙৰ সুৰংগ হৈ উঠে যাৰ মাজেৰেই সোমাই পোহৰ পাব পাৰি

        জয়িতা মোৰ বাবে সুৰংগৰ শেষত লগ পোৱা পোহৰ হৈ পৰিছিলজয়িতাই মোতকৈ কম দূৰত্বৰ পৰা প্ৰতীকহঁতক দেখা পাইছিলতাই সিহঁতক যিমানে ওচৰৰ পৰা দেখিছিল সিমানেই অস্পষ্ট এক স্বীকাৰোক্তি অস্থিৰ হৈ পৰিছিলএই অস্পষ্টতা গোটেই প্ৰজন্মটোৰে স্বাভাৱিক লক্ষণ আছিলসিহঁতে মন গলেই বাওঁপন্থী হৈ মাত মাতিছিল, মন গলেই জাতীয়তাবাদী হৈ ৰাস্তালৈ আহিছিলঅৱশ্যে সিহঁত নিজৰ অস্পষ্টতাৰ মাজতো ৰৈ যোৱা নাছিল 

        জয়িতাই এই কথাবোৰ মোতকৈ ভালকৈ বুজিছিলমই ঘৰখনৰ পৰা স্বাৱলম্বী হোৱাৰ ব্যাখ্যা দিছিলোঁ তাই কৈছিল যে পুঁজিবাদে সেই ব্যৱস্থা কাহানিবাই নস্যাত্ কৰিছে
-       আপুনি নিজৰ ঘৰখন সবল কৰিব পাৰিব কিন্তু বজাৰখন নিয়ন্ত্ৰণ নকৰালৈকে আপোনাৰ স্বাৱলম্বী ঘৰখন প্ৰকৃত অৰ্থত স্বাৱলম্বী হব নোৱাৰে

-       তেন্তে সকলো ৰাস্তালৈ ওলাই আহিব নেকি? ৰাস্তালৈ কিমান আন্দোলন আহিল আৰু গ'ল, ল জানো সমস্যাৰ সমাধান ?

-       কেৱল ৰাস্তাৰ আন্দোলনে সমস্যাৰ সমাধান কৰিব বুলি আশা কৰি থকা নাই আমি কিন্তু ৰাস্তাৰ আন্দোলনৰ সমান্তৰালভাৱে এক নীৰৱ আন্দোলনো আমাক লাগিব ঠিক আপুনি কোৱা ঘৰখনৰ স্বাৱলম্বিতাৰ দৰে প্ৰক্ৰিয়াটো

        জয়িতাই ইচ্ছা কৰিয়ে প্ৰতীকহঁতক পোনপটীয়াকৈ, কেৱল ৰাস্তাত ৰৈ যাবলৈ সমৰ্থন দিয়া নাছিলতাই সিহঁতৰ হৈ থাকিবলৈকে সিহঁতক সমলোচনাও কৰিছিলনেতাৰ মোহাচ্ছন্ন মেজিকৰ পৰিৱৰ্তে তাই বিচাৰিছিল কেডাৰবোৰ আৰু সবল হওঁকসিহঁতৰ মাজৰ পৰা নতুন নতুন নেতা ওলাই অহাৰ অনুশীলন আৰম্ভ হওঁক
এটা অস্থিৰ প্ৰজন্মৰ মাজতো মই এক স্থিৰ কন্ঠ শুনিবলৈ পাইছিলোঁ। এই কন্ঠত ক্ষণস্থায়ী মেজিক নাছিল সঁচাকিন্তু মেজিকৰ পাছত ৰৈ যোৱা শিহৰণৰ দৰে এক প্ৰাত্যহিকতা আছিল।
এনে প্ৰাত্যহিকতাৰ সংকেত তেনেই উলাই কৰিব পৰা বিধৰ নাছিল। সময়ৰ তীক্ষ্ন, গধুৰ অৱলোকন আৰু সস্তীয়া, সহজলভ্য মোহাচ্ছন্নতাৰ মাজ পাৰ্থক্যত এই সংকেত আছিল বেছ অৰ্থবহ
        ইমানবোৰ বিতৰ্কৰ পাছতো জয়িতাৰ পৰা চকু আঁতৰাই আনিব পৰা নাছিলোঁকি আছিল তাইৰ চকুত ? এনেকুৱা কাহিনী গধুৰ চকু মই বহু বিৰতিৰ পাছত লগ পাইছিলোঁজয়িতাৰ ৰঙভৰা ওঁঠৰ পৰিৱৰ্তে তাইৰ চকু আছিল একেবাৰে শান্তএই শান্ত পৰিভাষাই তাইৰ বিষয়ে ধাৰণা লোৱাত সহায় কৰিছিলএনে লাগিছিল তাইৰ বাহ্যিকতা এক আধুনিক আৱৰণহেতাইৰ চঞ্চলতা এক মেহনতলদ্ধ কৌশলহেআচলতে জয়িতা ভিতৰি এক মৰা মানুহ

মোৰ দৰে মোৰ দৰে এক মৰা মানুহ
জয়িতাৰ চকুৰ পৰা মই চকু আঁতৰাই আনিছিলোঁ পঢ়িছিলনে তাই মোৰো চকু, এই কথা বুজাৰ আগতেই মই আঁতৰি আহিছিলোঁ তাইৰ পৰা

                              ........................

জয়িতাই ওঁঠত ৰংবোৰ সানি বহু সময় নিজৰ প্ৰতিবিম্বকে চাই আছিল আইনাত
আইনাখন পুৰণি হৈছে নে জয়িতা নিজেই সেই কথা বুজাৰ বাবে তাইৰ কৌতুহল যে একপ্ৰকাৰৰ পাগলামি তাত কোনো সন্দেহ নাইকিন্তু তাকেই কৰিবলৈ গৈ ওঁঠত ৰংবোৰৰ প্ৰলেপ কিছু বেছিকৈয়ে সনা হল

চুটি চুলিখিনি তাই অলপ পিছফালে নিলে আৰু ৰবৰেৰে টানকৈ বান্ধিলেসৰুতে এই কামটো মাকে বৰ কায়দাৰে, খুব কম সময়তে কৰি দিছিলতেতিয়া জয়িতাৰ চুলি দীঘল আছিলসেই কেঁকোৰা চুলিত বেণী গুঁঠি ৰঙা ৰবৰেৰে আগতো বান্ধি দিয়াৰ পাছতে জয়িতা দৌৰ মাৰিছিল ৰেল আলিৰ টিলাটোলৈটিলাটো জয়িতাৰ নিজৰ আছিলএকেবাৰে নিজৰটিলাটোত শুই শুই জয়িতাই পাৰ হৈ যোৱা ৰেলবোৰৰ কঁপনি অনুভৱ কৰিছিলকঁপিছিল জয়িতাই পিন্ধা ফ্ৰীল থকা ফ্ৰক, তাইৰ কপালৰ কাষৰ কেঁকোৰা চুলিবোৰ, ৰেল আলিৰ কাষৰ বনগুটিবোৰৰেলৰ কঁপনি আৰু জয়িতাৰ বুকুৰ কঁপনি এক হৈ যাওঁতে জয়িতাৰ এনে লাগিছিল তাই এখন বেলেগ দুনিয়ালৈ গৈ আছেসেইখন দুনিয়াত সৱ বস্তুৱে কঁপি থাকেকঁপি কঁপিও স্থিৰ হৈ থাকেটিলাটো জয়িতাৰ বাবে আছিল যাদুৰ দৰে এক বাস্তৱ

তাৰ পৰা তাই বহুতো দৃশ্যই দেখিছিলদেখিছিল দৈন্যতাত সিহঁতৰ ঘৰৰ পাছফালৰ সাঁচিগছৰ হাবিখন কমি যোৱাদেখিছিল পানীপতাৰে সৰকি অহা পানীয়ে কেঁচা মাটিৰ মজিয়াখনত খান্দি পেলোৱা -  পানীবোৰ মজিয়াত নপৰিবলৈ মাকে গামলাটো পাতি দিওঁতে মাকৰ শুকান, অপুষ্টিকৰ বুকুখনো জয়িতাই দেখিছিল
পাছদিনা জয়িতাই খেৰৰ জুমুঠিৰে ৰঙা মাটিৰ মজিয়াখন মচিছিলখেৰৰ জুমুঠিৰ দাগটো মজিয়াখনত অৰ্ধবৃত্তৰ দৰে বাঢ়ি বাঢ়ি গৈ আছিলদেউতাক তেতিয়াও অহা নাছিলআহিছিল দেউতাকে পঠোৱা পোষ্টকাৰ্ডৰ ফটোবোৰ ফটোবোৰৰ পিছফালে দেউতাকে জয়িতা আৰু ভনীয়েকৰ নাম লিখি দিছিল

        একেখন পোষ্টকাৰ্ডকে জয়িতাহঁতে কিমানবাৰ যে চাইছিল আৰু বাঁহৰ বেৰৰ ফাঁকত গুঁজি ৰাখিছিল

        আইনাখন চাই চাই জয়িতাই এইবোৰ কথালৈ উভতি গৈ আছিলহঠাত্ তাইৰ এনে লাগিলে তাই পুৰণি হৈছেপুৰণি হৈছে তাইৰ চখ, তাইৰ আচৰণ, তাইৰ আৱেগ, তাইৰ পুনৰাবৃত্তিবোৰোবান্ধি ৰখা চুলিখিনি তাই খুলি দিলে আৰু ওঁঠৰ ৰংবোৰো মোহাৰি পেলালে
শৈশৱৰ সেই টিলাটোৰ দৰে যাদু যেন এক বাস্তৱ বিচাৰি ফুৰোঁতেই নিজক যে কিমান সলনি কৰা হলকেঁকোৰা চুলিবোৰ পোন কৰা হল, গাঁতত সোমোৱা চকুবোৰক কাজল সানি অন্ধকাৰ সুৰংগ কৰা হল, নিদ্ৰাহীন ৰতিবোৰক ধোঁৱা দৰে উৰুৱাই ফুৰা হল

        তাৰপাছতো সেই টিলাটোৰ দৰে যাদু আৰু বাস্তৱৰ কঁপনি কতো নাই কিয় ? কথাবোৰ ভাবি ভাবি জয়িতাই চুলিবোৰ খেলিমেলি কৰি পেলায়বাহিৰত সাজি লোৱা চঞ্চলতাৰ এই কবচৰ মাজত জয়িতাই নিজৰে মৰা ৰূপটো দেখি চঁক খাই উঠে


                                        .....................
জয়িতাই দূৰৰ পৰাই মানুহৰ দীঘলীয়া মিছিলটোক চাই আছিল বিদেশীক অসমত স্বদেশী কৰিবলৈ দিয়া নহহালধীয়া বেনাৰত লিখা ৰঙা আখৰবোৰ ট টকৈ জিলিকিছিল চহৰৰ ব্যস্ত ৰাজপথতআৰু তাৰ পাছৰ পৰাই দীঘলীয়া সমদলৰ মুখবোৰ একো একোটা বোধগম্য চমুটোকা হৈ আগুৱাই আহি আছিল সমুখলৈ
মুখবোৰ বিভিন্ন ৰঙৰ সমাহাৰ হৈ পৰিছিল কাৰোবাৰ চকুত আছিল শংকা কাৰোবাৰ প্ৰশ্ন কোনোবাই যদি কৌতুহল কঢ়িয়াই ফুৰিছিল - কোনোৱে অপেক্ষা কিছুমানৰ মুখত আছিল শ্চৰ্য, কিছুমানৰ ৰুক্ষতা কিছুমান মুখ উপলব্ধিৰ একোটা জাগৰণ হৈ পৰিছিল সেইবোৰ মুখে মিছিলৰ অৰ্থ হয়তো বুজিছিল বুজিছিল বাবেই তেওঁলোকৰ মনোযোগ ছিল নেতাৰ কণ্ঠ মুখাবোৰ চাই,  সেন্দুৰ নহ'লেবা দীঘল দাড়িবোৰ চিনাক্ত কৰি,  মূৰৰ গামোচা অথবা টুপীক সংকেত হিচাপে লৈ তেওঁলোকৰ ধৰ্ম, জাত, ভাষা নিৰ্ধাৰণ কৰা সিমানো জটিল নাছিল
হাজাৰজনৰ সমালোচনা বিৰোধীতা, অসমৰ্থন, বিতৰ্কৰ পাছতো এই মানুহখিনিৰ মঞ্চক এতিয়া কোনেও  অস্বীকাৰ কৰিব নোৱাৰে নোৱাৰে বাবেই যে ই এক পথ ইতিমধ্যে ৰচনা কৰিছে কথাটো ঠিক তেনেকুৱা নহয় নেতাৰ ভাষণত যিমানেই আপোচবিহীন, নতুন সমাজৰ স্বপ্ন কঢ়িয়াই ফুৰা নতুন ধৰণৰ আন্দোলনৰ আৱাজ উত্থাপিত হৈছে- সিমানেই মিছিলত সোমাই থকা মুখবোৰক পাঠ কৰা জটিল হৈ পৰিছে
জয়িতাই একান্তভাৱে নেতাৰ ভাষণৰ লগে লগে হাত চাপৰি বজোৱা মুখবোৰলৈ চাই আছে তাইৰ বাবে চাপৰিবোৰ একোটাহত ঐকান্তিক প্ৰক্ৰিয়াৰ অৰ্থবহ সংকেত হৈ পৰিছেএই সংকেতলৈকে শক্তিশালী পক্ষই  ভয় কৰে ই সংকেতকে নোহোৱা কৰিবলৈ হাজাৰটা বেৰিকোড সাজে এই সংকে বিয়পি নাযাবলৈ শাসকে আৰম্ভ কৰে স্বদেশৰ জয়জয় ময়ময় বাৰ্তাবাহিনীৰ মুখপত্ৰ
ৰাতিলৈ চহৰখন নীলা আৰু বগাৰ সমাহাৰত চিকমিকিয়া তপোবনলৈ পৰিণত হয় চহৰ বোৰৰ দেৱালবোৰৰ প্ৰতিবাদ ৰু শ্লোগান মোহাৰি সেইবোৰত আঁকি পেলোৱা হয় জাতীয় সংস্কৃতি, চাহবাগান, গঁড়, কামাখ্যা মন্দিৰৰ ছবি দিনৰ ভাৰাক্ৰান্ত চহৰখন ৰাতি হৈ উঠে অভাৱবিহীন, প্ৰতিবাদ বিহীন অথচ আকৰ্ষণৰ অভ্যাসত অশৰীৰী হৈ উঠা এক লোড়ন পুৱতি নিশাই সাৰ পাই গ্ৰীণ টি খোৱা, মেদবহুলতাৰ বিপক্ষে কচৰত্ কৰা চহৰৰ শিক্ষিত মধ্যবিত্তসকলে ৰাতিপুৱা ক্লীন মহানগৰীৰ ফটো দিয়ে ছ'চিয়েল মিডিয়াত। ইতিহাস প্ৰসিদ্ধ পুখুৰীৰ ওপৰৰ আকাশখন ভিন্নৰঙী ছাতিৰ সমাহাৰ দুলি থকা বেবিলনৰ শিহৰন হৈ উঠে তেওঁলোকৰ বাবে ৷ তেওঁলোকে পাহৰি পেলায় এইখিনিতে সৌ সিদিনাখন বানে খেদা এজাক মানুহে চৰকাৰৰ ওচৰত পুনৰ সংস্হাপনৰ বাবে মাটি অলপ বিচাৰিছিল ৷ তেওঁলোকে পাহৰি পেলায় এই পুখুৰীৰ পাৰতে অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে এচামে চিঞৰিছিল ৷ এচামে হাত তালি মাৰিছিল ৷ তেওঁলোকে চেলফি উঠে পঠপদৰ দেৱালত অঁকা চাহ বাগিছাৰ নিখুঁত পেইণ্টিঙৰ সৈতে ৷ অথচ তেওঁলোকে পাহৰি পেলায় সৌ সিদিনা বোনাচৰ পইচা বিচৰা লেবাৰে গুলি খাইছিল চাহাবৰ ৷ সেই গুলি তেজত লৈয়ে টিভিত নিজৰ ভাষ্য উজাৰিছিল ৷ তেওঁলোকে ফটো উঠে ৱাকিং জনৰ বাবে পৰিষ্কৃত ৰাষ্টাৰ তীক্ষ্ন আলকাতাৰাৰ কঠিন আচ্ছাদনৰ ওপৰত বহি ৷ অথচ তেওঁলোকে পাহৰি পেলায় কিছুদিন আগত লেবাৰৰ হৈ মাত মতা আৰু বাগিচাৰ চাহৰ বিৰোধিতা কৰাসকল এনে এক ৰাস্তাতে গুৰুলা গুৰুলকৈ পিতা হৈছিল৷ সেই ফেচিষ্ট কাৰবাৰ বিৰোধিতা কৰি চহৰবোৰেও 'চিয়েল মিডিয়াত আপডেট দিছিল৷ তেওঁলোকে মজি উঠে চহৰৰ ধাৰাবাহিক উৎসৱ আৱৰ এটাৰ পাছত এটা নতুন উৎসৱে তেওঁলোকক কৰি তোলে নিচাগ্ৰস্ত ৷ দিনৰ সতেজ আৰু ৰাতিৰ আবেদনময়ী চহৰখনে খন্তেকতে ঢাকি পেলায় সকলো অভাৱী ভ্ৰান্তি আৰু অকথিত আক্ৰমক ৷ ইমান আশ্চৰ্য আৰু বৈভ উৎৱৰ মাজত কাৰো সময় নহয় প্ৰান্তীয় মুখবোৰলৈ এবাৰ ঘূৰি চাবলৈ --- সেই মুখবোৰ নিজৰ মুখত আঁৰি ল'বলৈ
                                        ...............................

ইয়াৰ পাছতো কিবা কবলৈ বাকী থাকে বুলি মই ভবা নাছিলোঁ  নভবা, কোনো দিনে আশা নকৰা কিমান যে কথা প্ৰতিদিনে খবৰ হৈ চৰি ফুৰিছিল চৌপাশত ৷ কেতিয়াবা খবৰবোৰৰ মাজত মোৰ নিজকে অজ্ঞাত কনো পৰকীয় খবৰ যেন লাগিছিল -- যাৰ খবৰ কোনেও ৰখা নাছিল৷ দুই প্ৰকাৰৰ খবৰেই টিকি থাকে-  একেবোৰ সস্তীয়া অথবা একেবাৰে দামী৷
মই কোনো এটা খবৰৰে পুৰ্নগঠিত আয়তন আয়ত্ব কৰা নাছিলোঁ ৷ প্ৰতীকহঁতৰ লগত যোগাযোগ কমিছিল মোৰ - খবৰৰ দৌৰে সিহঁতৰ পৰা মোক আঁতৰাই কোনোবা দুৰত্বলৈ লৈ গৈ আছিল ৷ আন্দোলন-প্ৰতিবাদ-আলোচনা - নিৰ্বাচনী অং, হিচাপ নিকাচ -পিছফালৰ চৰ্তসুলভ কাহিনীবোৰ কেতিয়াও বতাহত উৰি আছিল ৷
এনেকৈয়ে এদিন মদৰ আড্ডাত ঐতিহাসিক ৰোমাঞ্চৰ কথা ওলাইছিল ৷ এটা প্ৰজন্মই সশস্ত্ৰ সংগ্ৰামৰ ৰক্তাক্ত স্মৃতিবোৰলৈ মাজে মাজে উভতি চাইছিল ৷ বৃহ ছাত্ৰ সংগঠনটোৰ আদৰ্শৰ মেৰুদণ্ডডালক লৈ যাবতীয় প্ৰশ্ন কিছুমান তুলিছিল ৷ কৃষক নেতাৰ নিপুনতাকো সমালোচনা কৰিছিল ৷ এয়া কেৱল এটা প্ৰজন্মৰ ঐতিহাসিক ৰোমান্স আছিল বুলি মানি লৈ পেটো গিলিব খোজা নাছিলো ৷ 
বোধয় এইটো কাৰতে এইটো প্ৰজন্মক একেবাৰে সস্তীয়া যেন লগা নাছিল ৷ একেবাৰে দামী হৈ পৰাম্পৰগত সংঘাতবোৰক দাঙি ধৰিব বুলি পতিয়ন যাব পৰা নাছিলোঁ ৷ দোধোৰ-মোধোৰ স্হিতিবোৰৰ মাজতে এটা প্ৰজন্ম প্ৰেমত পৰিছিল - মৈথুনৰ পাছত প্ৰেমহীনতাৰে বিপন্ন হৈছিল - মাৰ্কশ্বিতবোৰৰ ল্যেমিনেশ্যনত সিহঁতৰ বিশ্বাস কমিছিল - গধূলি হলে নিচাসক্ত হৈ বেবেৰিবাং ধোঁৱাবোৰ সামৰিছিল ৷ প্ৰত্যদৰ্শীসকলে কেৱল ধোঁৱাবোৰ দেখিছিল৷ ধোঁৱাবোৰক নিজৰ নিজৰ ধৰণে বাখ্যা কৰিছিল - তিৰস্কাৰ কৰিছিল - ধনাত্মক ঋনাত্মক ধাৰণাত অন্তৰ্ভুক্ত কৰিছিল - সেয়াও কেৱল নিজ নিজ ইচ্ছাৰে ৷ কিন্তু এই ইচ্ছা অথবা চইছবোৰৰ পাছতো ধোঁৱাবোৰৰ মাজত কিছুমান যন্ত্ৰনাকাতৰ মুখ আছিল ৷ হাজাৰ যান্ত্ৰিকীকৰ পাছতো মুখবোৰত জাপ জাপ আৱেগ আছিল ৷
বহুপৰ বোন্দাপৰ লগাৰ পাছতো কেম্পাচৰ গেট খোলাৰ আশংকা দেখা নাপাই মই উভতি আহিছিলো ৷ কিয় নাজানো কালিৰে পৰা চচিয়েল মিডিয়াত বাৰে বাৰে ঘুৰি থকা মুখকেইখন সাধাৰ চকুবোৰে মোলৈ আঙুলি টোৱাই ৰৈ থকা যেন লাগিছিল ৷ সুন্দৰবড়ীৰ মোৰ সেই প্ৰিয় গলিটো -য়িতা থকা হোষ্টেলৰ সেই বিশেষ গলিটোৰ পাৰে পাৰে বিয়পি পৰা ওখ ঢেঁকীয়াবোৰক বৰ বিবৰ্ণ যেন লাগিছিল সিদিনা
গাড়ীখনক ৰখাবলৈ মই ইংগিত দিছিলো ড্ৰাইভাৰক৷ চিগাৰেটৰ ধোঁৱাবোৰ এৰি ঢেঁকীয়াবোৰলৈ চাই থাকোতে মোৰ এনে লাগিছিল এইখিনিতে অৰ্নিবানৰ মুখেৰে  এটা কবিতা শুনিম
'খৰকৈ নাওবাবা
তেহে উঠিব লহৰ
সৌ প্ৰান্তত বহু আকাংশিত চহৰ
খৰকৈ নাওবাবা
শব্দৰ শৃখল ভাঙি'
-কাৰ আছিল এই কবিতা?
-ৰাজেন্দ্ৰ কুমাৰ শৰ্মাৰ ৷
য়িতাৰ কণ্ঠত কবিৰ নাম শুনি অলপ ঈৰ্ষাণ্বিত হৈছিলো ৷ কিন্তু তাইৰ ভ্ৰুৰ মাজৰ সেই কিঞ্চিত আভাখিনিৰ অৰ্থই একে সময়তে এক শিহৰ এৰি থৈ গৈছিল মোৰ চকুত ৷ এই ঢেঁকীয়াডৰাই সেই শিহৰজাকলৈ মনত পেলাই দিয়ে ৷ মনত পেলাই দিয়ে ধোঁৱাৰ মাজতে উৰি থকিও অনিৰ্বানে এৰি দিয়া কন্ঠস্বৰলৈ ৷ সেই কন্ঠস্বৰত ইমান নিৰ্জনতা আছিল-- ঠিক যেন কনোবা নাতিশীতোষ্ণ অৰণ্যৰ শীতল ৰাতিৰ ব্ৰেক্গ্ৰাউণ্ড মিউজিকহে অতবোৰ নিৰ্জনতাৰ পাছতো অনিৰ্বাণক আওকাণ কৰিব পৰা সাহস কোনো কোলাহলে কৰিব পৰা নাছিল তুচ্ছ ঘটনাৰো অন্তৰ্নিহিত ব্যাখ্যা দিব পৰা স্পৰ্ধা অনিৰ্বাণৰ কন্ঠত আছিল
এনে কণ্ঠক কোলাহলৰ নিচাত মগ্ন চহৰে কেতিয়াবাই পিছ পেলাই থৈ আহিছে বোধহয় তেনে কাৰণতে তথাকথিত আগশাৰীৰ কলেজৰ মধ্যবিত্তীয় যুৱচামে ডিঙিত পিন্ধি 'ব লগা হৈছে উদণ্ড নামৰ বিশেষণ- বিশৃংখল নামৰ বিশেষণীয় বিশেষণো
-       কিন্তু এই বিশৃংখলতাৰ আঁৰৰ সামাজিক কাৰণবোৰৰ অন্তৰ্নিহিত অৰ্থ চাব পৰাকৈ আমি একোজন অনিৰ্বাণ হ'ব পৰা নাই
জয়িতাই কালি মেছেজত কৈছিল এই কথা মেছেজটো পঢ়ি থাকোঁতে তাইৰ কণ্ঠটোও শুনি থকা যেন লাগিছিল সামান্যতমো সৃষ্টিশীলতা নথকা চিলেবাছবোৰে যেতিয়া মগজুক শ্ৰেণীৰ উপস্থিতিৰ হাৰৰ ভিত্তিত প্ৰথম, দ্বিতীয়, তৃতীয় বুলি নামাকৰণ কৰে- তেতিয়া সেইবোৰ মগজুক কেনেকৈ তুমি সামাজিক বুলি ঘোষণা কৰিবা সেইবোৰ মগজু কেতিয়াবাই মেচিন হৈছে বিছনাৰ বীৰ্য আৰু নিবনুৱাৰ শাৰী দুয়োটা নিমিলা অনুপাত হৈ সেই মেচিনবোৰক নিয়ন্ত্ৰণ কৰিছে মেচিনে নীতি শিক্ষা মানি লৈ কাম কৰিব বুলি এই কোলাহলৰ চহৰেহে বিশ্বাস কৰে- নিৰ্জনতাৰ আলাপে এই মেচিনবোৰক এতিয়া আৰু নিচুকাব নোৱাৰে
ইঞ্জিনীয়াৰিং কলেজৰ মেচিন হ'বলৈ অনাগ্ৰহ প্ৰকাশ কৰি অনিৰ্বাণ কেতিয়া হেৰাই গ'ল আমি ততেই ধৰিব নোৱাৰিলোঁ বিলখনৰ কুঁৱলীৰ দৰে ৰহস্য গধুৰ আৱৰণ এখন হৈ অনিৰ্বাণ কোনো চুক্তি নকৰাকৈ হেৰাই গ' জয়িতাই তাক বিচাৰি নাপালে বিচাৰি নাপালোঁমই সি কবি নহ' নেতা নহ' এটা লেলিহান চিমফনী হৈ মাথোঁবাজি থাকিল আমাৰ বুকুৰ নিৰ্জনতাত
'কেতিয়াবা মই হেৰাই যাম' বুলি কোনো হুংকাৰ নিদিয়াকৈয়ে কোনো দেৱালত কন্ঠস্বৰৰ প্ৰতিধ্বনি এৰি নিয়িয়াকৈয়ে, অনিৰ্বাণ যোৱাৰ খবৰ এই চহৰে নাৰাখিলে, নুবুজিলে সুন্দৰবড়ীৰ ঢেঁকীয়াৰ মৃদু কম্পন এটাই মোৰ গাত জিকাৰ এটা এৰি গ'- হেৰাই যোৱা মানুহক বিচাৰি গ'লে জিকাৰৰ বাহিৰে আৰুনো কি পোৱা যায় !


.................
প্ৰতীকহঁতৰ কথাবোৰ- সিহঁতৰ মাজতে ৰৈ যোৱাটো সেই সময়ৰ বহুতো বাৰ্তাবাহকে বিচৰা নাছিল সিহঁতৰ নেতাজনক লৈ যিবোৰ প্ৰশ্ন উত্থাপিত হৈছিল- সেইবোৰৰ আঁৰত বাৰ্তাবাহক
সকলৰ একো একোটা স্বঘোষিত যুক্তি আছিল কিছুমান যুক্তিয়ে জাতীয়তাবাদৰ কথা কৈছিল- কিছুমানে বিচ্ছিন্নতাবাদৰ বিচ্ছিন্নতাবাদক কৈ এই সময়ৰ কোনো পোনপটীয়া ব্যাখ্যা নাছিল ইতিমধ্যে বিচ্ছিন্ন জনজাতীয় সত্তাবোৰৰ দুৰ্বলতাৰ সুযোগ লৈয়ে পাহাৰ-ভৈয়ামে হিন্দুত্ববাদৰ একৰঙী ফাকু বিয়পি পৰিছিল ঐশ্বৰ্যৰ গৰাকী শ্ৰেণী আৰু শ্ৰমিকৰ শ্ৰেণীৰ মাজত থকা আত্মবিচ্ছিন্নতাও আছিল তাৰ বাবে জগৰীয়া ঐশ্বৰ্যই শ্ৰেণীক সন্তুষ্টিৰ অধিকাৰী কৰিছিল আনহাতে আন এটা শ্ৰেণী আছিল তেতিয়াও বৈষম্যৰ বলি
এই দীঘলীয়া প্ৰতীকবাদৰ খেলখনক অসমৰ উত্তৰসুৰীয়ে কেনেদৰে গ্ৰহণ কৰিব, তাক লৈ 
সন্দেহৰ অৱকাশ থকাটো কোনো অস্বাভাৱিক নহয় কিন্তু উত্তৰসুৰী মানেটো কেৱল নগৰীয়া মধ্যবিত্তৰ আস্ফালন নহয়
বাগানলৈ সোমোৱাত মোক সহায় কৰিছিল প্ৰতীকহঁতে সিহঁতৰ সংগঠনৰ ল'ৰাবোৰ মোৰ পাছে পাছে বহু সময়লৈ ঘূৰি ফুৰিছিল এইখন বাগনৰে চাহাব দুজনে জে'লৰ আতিথ্য ভোগ কৰি উভতি আহিছে নিজৰ সাম্ৰাজ্যলৈ তেওঁলোক কোনোজনেই কথা পতাৰ আগ্ৰহ প্ৰকাশ 
নকৰিলে এটা ঘটনাতে ইমান সময় লাগি থকাৰ আগ্ৰহ তেওঁলোকৰ নাই তেওঁলোক ব্যস্ত নতুন বজাৰৰ সন্ধানত, নতুন প্ৰক্ৰিয়াৰ বাছ-বিচাৰত, নতুন উৎপাদনৰ অংকত
মোৰো ইয়ালৈ অহাৰ কোনো নতুন চখ জন্মা নাছিল কিন্তু ভিতৰুৱা সূত্ৰৰ পৰা মই গম পাইছিলোঁ কালি ইয়াত এজনী মুছলিম লেবাৰক ধৰ্ষণ কৰি হত্যা কৰা হৈছে অৱশ্যে আজি 
বাগানত সকলোবোৰ একেদৰেই লি আছে ঘটনাটো সম্পৰ্কে কোনেও মাত মতা নাই লেবাৰৰ লগত,  সংগঠনৰ নেতাৰ লগতো কথা পতাৰ কোনো পৰিৱেশ আজি ইয়াত নাই
-       আপুনি মিছাতেই নিজৰ সময় নষ্ট কৰিছে৷
কথাষাৰ শুনি পাছলৈ ঘূৰি চালোঁ এজন খীণ ল'ৰাই ম'বাইল টিপি মোলৈ নোচোৱাকৈয়ে 
কথাষাৰৰ পুনৰাবৃত্তি কৰিলে ! ইতিমধ্যে প্ৰতীকহতঁক মই যাবলৈ দিছিলোঁ ! সিহঁত থাকিলে যে কোনেও মোৰ লগত কথা নাপাতিব সেই কথা ময়ো বুজিছিলো৷
'ৰাজনলৈ চাই মই হাঁহিলো আৰু তেওঁৰ পৰিচয় বিচাৰিলোঁ! তেওঁ নিজেই ক'লে
-       আহক,আপোনাক মই মূল ৰাস্তালৈকে আগবঢ়াই দিওঁ!
'ত অনুসন্ধান বাবে আছিল ইমানবোৰ বিষয়, তাৰ পৰাই মই কিয় উভতি আহিঁছিলো সেই 
কথাত আজিও আচৰিত হওঁ 'ৰাজনক দেখিয়ে বুজিছিলোঁ তাৰ বয়স আঠাইশৰ পৰা ত্ৰিশৰ ভিতৰত হ'সি মোৰ আগ্ৰহ দেখি কাণৰ পৰা হেডফ'নডাল এৰুৱাই থৈছিল
চাহ শিল্পৰ থলুৱা অৰ্থনীতিৰ লগত একোৱে সম্পৰ্ক নাছিল আধুনিক শিল্পৰ অন্তৰ্গত হ'লেও চাহ শিল্পই সমাজ পৰিবৰ্তনত কোনো অংশ লোৱা নাছিল কাৰণ ? কাৰণ এই শিল্পৰ প্ৰাথমিক চৰিত্ৰই আছিল সামন্তীয় বাগানৰ মালিক,মেনেজাৰ,কৰ্মচাৰীৰ লগত শ্ৰমিকৰ সম্পৰ্ক আচলতে সেই প্ৰভু-দাসৰ দৰেই এতিয়াও সেই সম্পৰ্কৰ সাংঘাতিক সলনি হোৱা নাই ।  বৰঞ্চ আগতকৈও অধিক জটিলহে হৈছে ।  এই জটিলতাৰ সৈতে আগন্তকে ব্যৱহাৰ কৰা ম'বাইল,কাণত লগাই থোৱা হেড'ফোনৰো এক সম্পৰ্ক আছেউপনিৱেশীকতাবাদৰ সাম্ৰাজ্যস্বৰূপে বাগানে পুজিঁবাদৰ এক অভিজাত কেন্দ্ৰ হিচাপে কাৰ্যক্ষম কৰিছে নিজকে ৷
দূৰ-দূৰলৈ সেউজীয়া বিয়পি থকাৰ পাছতো মই আগন্তকৰ চকুত তেনেকুৱা একোৱে বিচাৰি নাপালোঁ
-       তেন্তে,কালিৰ ঘটনাটো কিমান দূৰ সচাঁ ?
-       কোনটো ঘটনা? ইয়াত নিতৌ ঘটনা ঘটে চাহেব সকলোলৈকে নোসোমাব
-       ঘটনাবোৰ বাহিৰৰ মানুহে জনাটো জৰুৰী
-       ঘটনাবোৰ বাহিৰৰ মানুহৰ ইচাৰাতে কৰা হয়
-       নুবুজিলো ।
-        আপোনালোকে লিখা-পঢ়া কৰিও বহুত কথা নুবুজে
অৰ্থ-সামন্তীয় চৰিত্ৰৰ শিৰিষ গছবোৰ ঠিক তেতিয়াই কপিঁ উঠিল ।  যেন এক সংকেতহে গছবোৰ গছবোৰৰ তলত ছাঁ লৈ থকা চাহগছবোৰ সেই কঁপনিৰে এক অহংকাৰ এই অহংকাৰত কোন সচাঁ-কোন মিছা জনাটো কষ্টকৰ
-       মজদুৰে এইবোৰ কথাক সমৰ্থন কৰিছে নেকি তেন্তে?
-       ইয়াত সমৰ্থন কোনেও কাকো নকৰে৷ ইয়াত সমৰ্থন আদায় কৰা হয় জোৰ কৰি লোৱা 
হয়
-       কিন্তু আপুনি এতিয়াও ঘটনাটোৰ কথা নক'লে
আগন্তকে একো উত্তৰ নিদিলে হাত এখন দাঙি তেওঁ মেজিকখন ৰখালে আৰু কাণত আকৌ হেড'ফন লগালেএক উপনিৱেশিক আৱাজ কৰি মেজিকৰ দুৱাৰখন বন্ধ হ'

আগন্তকে যেন নোকোৱাকৈয়ে বহুতো কথাই কৈ গ'

সেয়া ২০১৩ চনৰ কথা চাহ শ্ৰমিক আৰু আদিবাসী জনগোষ্ঠীৰ মাজত এটা নতুন সংগঠনৰ নাম উচ্চাৰিত হৈছিল যোৰহাট জিলাৰ তিতাবৰৰ বোকাহোলা চাহ বাগিচাৰ প্ৰাংগনৰ সেই 
উত্তাপ প্ৰতীকহঁতে আজিও পাহৰা নাই সংগ্ৰামী কৰ্মসূচী আৰু খচৰাৰে শ্ৰমিকসকলক পুৰণি সংগ্ৰামখনৰে নতুন অধ্যায় এটা মুকলি কৰিবলৈ আগবঢ়াই দিয়া হৈছিল গেজেপ মৰা গৰমৰ মাজতো ঘামত তিতি থকা মুখবোৰে আকৌ পঢ়িছিল প্ৰভূত পৰিবৰ্তনৰ সেই প্ৰতিলিপি ৷ এই সংগ্ৰামী সংগঠনটোৰ জন্মৰ ফলত চাহ শ্ৰমিকৰ সকলো সংগঠনৰে গুৰুত্ব বাঢ়ি যোৱাৰ 
আৱাজ উঠিছিল মঞ্চত বাগানৰ চাহেব পক্ষৰ বাবে এয়া আছিল এক তাৎক্ষনিক প্ৰত্যাহৱান,যাৰ বাবে সাজু হোৱাৰ কোনো আগতীয়া পৰিকল্পনা তেওঁলোকৰ হাতত মজুত নাছিল

শ্ৰমিক সকলক আকৌ এবাৰ সোৱৰাই দিয়া হৈছিল তেওঁলোকৰ প্ৰধান সমস্যা মাটিৰ ওপৰত অধিকাৰ লাইনত বসবাস কৰা শ্ৰমিকে বাগানৰ মাজৰ দ হোলা মাটিত নিজৰ স্বত্ব ৰখাৰ দাবীও উত্থাপিত হৈছিল চাহ মজদুৰ সংঘৰ দৰে দুমুখীয়া স্হিতি গ্ৰহন কৰি কেতিয়াবা চাহাবৰ লগত আকৌ কেতিয়াবা শাসকৰ লগত বুজাবুজি কৰা চাৰিত্ৰীক বৈশিষ্ট্য নসাৎ কৰাৰ সাহস সেই মুখবোৰে ধৰি ৰাখিছিল আদিবাসী জনতাৰ কণ্ঠ আৰু গাৰ ৰঙতে ইমান তীক্ষ্ণতা খোদিত হৈ আছিল যে তাৰ পৰা প্ৰতীকহঁত বিছিন্ন হ'ব পৰা নাছিল

সাংগঠনিক কচৰৎবোৰে এ সময়তে সিহঁতক কঠোৰ আৰু  কৌশল কৰি তুলিছিল সিহঁতে বুজিছিল ৰাজনীতি পানীৰ দৰেই সৰল-যি পাত্ৰতে থোৱা তাৰেই আকৃতি ল'কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে উচিত পাত্ৰটো বাছি লোৱা পাত্ৰ নিৰ্বাচনেই জনগণৰ মনত বিভ্ৰান্তি আৰু চমকৰ আমদানি কৰে বিভ্ৰান্তিত হেৰাই, চমকত মোহাচন্ন হৈ সঠিক পাত্ৰৰ সাক্ষাৎ পাম বুলি আগুৱাই গৈ থকাটো এক হ্ৰস্বকালীন বিনোদহে, দিক্‌ নিৰ্ণায়ক দৃঢ়তা নহয়

চাহ গছত কলম দিয়া, তীক্ষ্ণ সূক্ষ্মতাৰে পাত ছিঙা, অলপো শোঁত মোচ নোখোৱাকৈ কলঘৰলৈ পাতবোৰ চালান দিয়া, মেচিনত পাতবোৰ উঠোৱা,ৰঙৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ উষ্ণতাত সেইবোৰ শুকোৱা-ইমানবোৰ কামৰ মাজতো মজদুৰ মুখবোৰে বাগিচাৰ লাইনৰ, চাহগছৰ চালানৰ, কলঘৰৰ কৰ্কশ আৱাজৰ মেজাজ বুলিছিলএই মেজাজে এক নৈৰাজ্যৰ হিম শীতল নিয়ন্ত্ৰণলৈ সকলোকে লৈ গৈ আছিলশ্ৰমিক শ্ৰমিকেই, সেই কথাটোত ইয়াৰ 
আগলৈকে কাৰো আপত্তি নাছিল ওখ চাহ গছবোৰৰ মাজত আটায়ে একেলগে নিজৰ টিফিন খুলিছিল ৰঙা ৰুটিবোৰ ভগাইছিল ভগাইছিল পুঠিমাছৰ মছমছীয়া সোৱাদ, তিতা কেৰেলাৰ মিঠা সোৱাদো কোনেও কাকো ধৰ্মৰ কথা কোৱা নাছিল, কোনেও কাৰো কপালৰ পৰিচয় পত্ৰক বাৰে বাৰে প্ৰশ্নৰ আওতালৈ অনা নাছিল৷ আনকি ৰাতিবোৰ শিৰিষ গছৰ ফাঁকত ফচি শৰীৰৰ নাম লওঁতে কোনেও পুৱতি নিশাক বাদ-বিবাদ অসহায়তাৰে থকা সৰকা কৰা নাছিল। তেন্তে ৰুবিনাৰ পাত ছিঙা হাতক বান্ধি কোনে তাইৰ বুকুত লিখিছিল ৰামৰ নাম? 
এয়াতো কোনো অধিবাস্তৱ দুৰ্ঘটনা নাছিল।

        শিৰিষ গছবোৰে সকলো দেখিছিল—বাংলোৰ ওখ ওখ দেৱালবোৰে যিবোৰ দেখাৰ প্ৰমাণ দিবলৈ কোনো দিনে ৰাজী হোৱা নাছিল। হিন্দু-মুছলমানৰ ভাগ ভাগ চালানে যেতিয়া পাতবোৰ ছিঙিছিল—তেতিয়া প্ৰতি খন হাতেই পুৰণি গল্পবোৰৰ নতুন আঁচোৰ দেখিও আৰ্তনাদ কৰা নাছিল।

        - এই যে বস্তাৰ এপ্ৰনখন দেখিছে—এইখনত চাহগছৰ পোক খোৱা পোকবোৰ লাগি ধৰে। পোক মাৰিবলৈ যদিও কীটনাশক ঔষধ দিয়া হয়, এই পোকবোৰে এপ্ৰনখনৰ জৰিয়তেই এখন চালানৰ পৰা আন এখন চালানলৈ চলাচল কৰে।
- আচৰিত !
এদিন এই কথা জয়িতাই কৈছিল মোক।
- আচৰিত কিয় ?
- এপ্ৰনখনৰ কথা কৈছোঁ।
- মানে ?
- এনেকুৱা একো একোখন এপ্ৰন আমাৰ ব্যৱস্থাবোৰতো আছে। আমি গম নোপোৱাকৈয়ে নিজৰ সুৰক্ষাৰ বাবে লোৱা এপ্ৰনখনে কিমান যে পিৰপিৰণি এটা অঞ্চলৰ পৰা আন এটা 
অঞ্চললৈ লৈ গৈ আছে।
        মোৰ কথাত জয়িতা কিন্তু আচৰিত নহল। তাই কাণত পিন্ধি থকা দীঘল আফগানি 
ইয়াৰিংযোৰ সামান্য কঁপিল। কিছুমান কঁপনিক বতাহ নে হতাশ নিৰ্ধাৰণ কৰা জটিল। জটিলতাবোৰ যিমানে পুৰণি হয়—সিমানে সেইবোৰে ভাৰাক্ৰান্ত কৰিব পৰা স্পৰ্ধা বাঢ়ি যায়—বাঢ়ি যায় সেইবোৰক ভাঙি পোলোৱাৰ অসচেতন কৌশলবোৰো।


....................
এই চহৰৰ খালী চিটি বাছত উঠি জয়িতা উদ্দেশ্যবিহীনভাৱে গৈ আছিল উপকন্ঠৰ এটা ঠিকনালৈ। অনিৰ্বাণ হেৰাই যোৱাৰ পিছতো তাৰ মাৰ সৈতে থকা সম্পৰ্ক জয়িতাই আজিও শেষ কৰিব পৰা নাই। বহুত মন থকা সত্ত্বেও একমাত্ৰ অনিৰ্বাণৰ মাকৰ অনুৰোধত জয়িতা এইবাৰ বিহুত গাঁৱলৈ যোৱা নাই।
        চহৰৰ কেন্দ্ৰৰ কোলাহলৰ ভূমিকা এই উপকন্ঠৰ নীৰৱতাত নাই। যদিও ওখ ওখ বিল্ডিংবোৰ বাঢ়ি গৈছে তাৰ মাজতে বিস্তাৰিত দোধোৰ-মোধোৰ টিলা আৰু সেউজীয়াবোৰে অঞ্চলটোক এক নিৰ্বিকাৰ স্থিৰচিত্ৰলৈ পৰিণত কৰিছে। যেন ইয়াত কোনো বিৰক্তি নাই—নাই কোনো পাপবোধ—কোনো অতিৰিক্ত বিনোদনধৰ্মী বিলাসিতাও। তথাপি কোনো কোনো 
প্ৰকাণ্ড গেটৰ অহংকাৰে মনত পেলাই দিছে এক মধ্যবিত্তীয় ভাঙনিলৈ। যিমানবাৰেই জয়িতাই এই গলিবোৰলৈ আহিছে সিমানেই এই ভাঙনিৰ এক নিদাৰুণ স্থবিৰতাত ৰৈ অনিৰ্বাণলৈ উভতি যাব বিচাৰিছে।
        উত্সৱৰ বতৰত খালী হৈ পৰে এই চহৰৰ হোষ্টেল, পিজি। ভাড়াঘৰৰ দুৱাৰবোৰতো তলাবোৰে পালন কৰে নিজৰ দায়িত্ব। শূন্যতাই সাৱটি ধৰে বাছ ষ্টপেজবোৰক, কিতাপৰ গলিবোৰক। 
           ফুটপাথৰ খোজবোৰো হিচাপ কৰিব পৰাকৈ ক্ষিণ হৈ পৰে। তথাপিও এই চহৰৰ বিহুৱে সেই 
          পূৰাতন, গ্ৰাম্য চিত্ৰশৈলী উপহাৰ দিব নোৱাৰে যাক গাঁৱৰ নিমাষিত চুবুৰীবোৰে পুহি ৰাখে। চহৰৰ বহাগ হৈ উঠে ঠিক এক বিবৃতিৰ দৰে। এক জটিল আধুনিক প্ৰেক্ষাপটত বুজিব নোৱাৰাকৈ এই বিবৃতি দুলি থাকে হৰ্ডিংৰ চেলবোৰত।
        পঞ্চাশৰ দশকত বিহু পৰিণত হৈছিল জাতীয় উত্সৱত তাৰ আগলৈকে বিহু অসমীয়া সমাজৰ 
           সকলো স্তৰৰ মানুহে মান্যতা প্ৰদান কৰিব পৰাকৈ সাজু হৈ উঠা নাছিল। অনিৰ্বাণে স্কুল 
       মেগাজিনত লিখা পুৰণি লেখা এটা মেলি লৈছিল জয়িতাই। তাৰ সৰু কোঠাতো এতিয়াও মাকে আগৰ দৰেই ৰাখিবলৈ চেষ্টা কৰিছে। অনিৰ্বাণৰ লগত বিহুৰ বিষয়ে কোনো কথাই পতা হোৱা নাছিল জয়িতাৰ। সেয়েহে লেখাটো পায় আচৰিত হোৱাৰ লগতে আনন্দিতও হৈছিল তাই।

        বিহু মানেই জানো কেৱল বিহু গীত বা বিহু নাচ? জাতিটোক বাৰে বাৰে টুকুৰিয়াই চোৱাৰ এক 
             উত্সাহ হৈছে বিহু। কিন্তু বিহু এতিয়া জাগি থাকিবলৈ শিকোৱাৰ সলনি নিমগ্ন হবলৈ চলোৱা 
        আয়োজন হৈ পৰিছে। এক অৰ্থত কৰিশ্মাৰ পাছত দৌৰি থাকিবলৈ হুকুম দিয়া আটাইবোৰ 
     মাধ্যমৰ লগতে বিহুকো পুঁজিবাদী উদ্বোধকলৈ ৰূপান্তৰিত কৰা হৈছে। গাঁৱৰ চকলৈকে মোবাইলৰ ৰিচাৰ্জ কাৰ্ড দোকানত উপলব্ধ হোৱাত অসুবিধা নাই—মফচলীয়া চহৰবোৰত মূৰ দাঙি উঠা 
       চপিং মলক লৈ অসুবিধা নাই। মবাইলত বাজি উঠা হিন্দী গানবোৰৰ অনৰ্থক কোলাহলত 
        অসুবিধা নাই। তেন্তে বিহুৰ সামান্য পৰিৱৰ্তনক এচামৰ অসুবিধা কিয়? এই সৰল প্ৰশ্নৰ দীৰ্ঘায়ু 
      উত্তৰ শুনিবলৈ উত্তৰ প্ৰজন্মৰ প্ৰতিযোগী সকলৰ  হাততেই বা কিমান সময় !

        অনিৰ্বাণে কোৱা কথাবোৰৰ মূল ভাৱ আজিও ইমান প্ৰযোজ্য। কি যে এক অদৃশ্য আৰু অচিনাক্ত সূত্ৰধাৰাৰ ইচাৰাত উঠা-নমা কৰি আছে এই প্ৰজন্ম। বজাৰে মুনাফাৰহে সৃষ্টি কৰে। উত্সৱ সৃষ্টি কৰে সংস্কৃতিয়ে
        এইবোৰ কথা কৈ কৈ অনিৰ্বাণ হেৰাই গল। সি নায়ক নহল। নহল বিপ্লৱী অথবা প্ৰতিশোধী। এইবোৰ কথা হৈ গৈ অনিৰ্বাণ হেৰাই গল। তাক লৈ জয়িতাৰ কলমেৰে কোনো কাহিনী ৰৈ নগল। কোনো দিনেই তাক ভালপাওঁ বুলি কোৱা নহল। তাৰ পাছতো সি যে জয়িতাৰ চকুৱে মুখে, বুকুৱে, তেজে এনেকৈ বিয়পি গল— এনেকৈ সী গ’ল তাইক যে প্ৰতিটো দোকমোকালিতে তাই শুনা পালে তাৰেই খোজৰ সিৰসিৰণি

জয়িতাই চাহ কাপ আধা খোৱা কৰিয়েই অনিৰ্বাণৰ মাকৰ পৰা বিদায় লয়। বাটত মানুহবোৰে তাইক বেছি মনোযোগেৰে চোৱা যেন লাগে। তাই অস্বস্ত্বিত ভূগে। উত্সৱৰ আগত চহৰখনৰ নিমাওঁ-মাওঁ পৰিৱেশৰ প্ৰকাশ বিমুখ আচৰণ জয়িতা কি়ঞ্চিত আচৰিত হয়। তাইৰ নিজৰ ওপৰতে এক সন্দেহ উপজে। চিৰাচৰিত নিয়মৰ প্ৰত্যাদৰ্শী হৈও তাই বুজে যে কৰবাত তাই ধৰা পৰিছে। হয়তো স্বভাৱগত আত্মমগ্নতাই তাইক নিজৰ ওচৰতে পৰাজিত কৰিছে।
- কিমান আৰু তালৈ অপেক্ষা কৰিবা?
...........
        অনিৰ্বাণৰ মাকে কেতিয়াবা এই প্ৰশ্ন কৰিব জয়িতাই ভৱাই নাছিল। তাৰ পাছত বহু সময় নি-ৰ-ৱ-তা। ইমানেই নিৰৱতা যে কোঠাটোৰ দেৱাল ঘড়ীটোৰ কাটাৰ শব্দই আছিল তাত এক অলংঘনীয় সংকেত।
-       তোমাৰ জীৱনটো তাৰ অপেক্ষাত শেষ হৈ যাওঁক, আমি সেয়া নিবিচাৰোঁ জয়িতা। নতুন হোৱা। বাটবোৰ তোমালোকৰ বাবেই ৰৈ আছে।
        জয়িতাই মূৰ তুলি ঘড়ীটোলৈ চাইছিল। ঘড়ীবোৰো সংবেদনশীল হব পাৰে সেয়ে সেই কথা ভাবিয়ে চোৱা নাছিল তাই ইমান দিনে
        আচলতে কোন ৰৈছিল ? কোন হেৰাই গৈছিল? হেৰাই যোৱাৰ বিৰণ দিবলৈ কোনে ইমান সংহত বাটত জিৰাইছিল?
        ইমান সাজোন-কাঁচোনৰ কৌশল—ইমান সুনিপুণ—ভ্ৰমাত্মক আৱৰণৰ পাছতো জয়িতা ধৰা পৰিছিল। চিটি বাছৰ পিছদুৱাৰে দি উঠি জয়িতা শেষ চিটত বহিছিল। বহুদিনৰ মূৰত তাই আকৌ যাদুহীনতাত ভূগিছিল। জয়িতাই বিচাৰি ফুৰা নিলা চৰাই—তাই খেদি ফুৰা বৰ্ষাৰণ্য—তাই ধৰিব বিচৰা উৰণীয়া তৰা—সেইবোৰো অনিৰ্বাণৰ দৰে একো একোটা কল্পনাপ্ৰসূত 
আকস্মিক যোগাযোগহে আছিল।

......................
প্ৰতিটো আকস্মিক যোগাযোগে কিছুমান সুযোগ আৰু সম্ভাৱনা আনে।  মাথো সেইবোৰত 
পতিয়ন যাবলৈ কিছু সময় আৰু নাটকীয় সংঘাত লাগে। মই নাজানো জয়িতাই এইবোৰ কিমান বুজে?
        বোধ কৰোঁ এই কথা অনিৰ্বাণেও বুজা নাছিল। নাছিল বাবেই ইমান সম্ভাৱনা আৰু উত্সাহমুখী গাঢ়তাৰ পাছতো, কাকো একো নজনোৱাকৈ হেৰাই গৈছিল সি। তাক লৈ জয়িতা বা মই কোনোৱেই ট্ৰেজেদিত ভোগা নাছিলোঁ। আমাৰ প্ৰতিটো আকস্মিক সংযোগ আছিল ঘৰুৱা 
        বহীৰ শেষ পৃষ্ঠাত অনুন্নত আখৰেৰে লিখা সৰলীকৃত স্তৱকতে। যাক আমি দীঘলীয়া কৰাৰ সাহস কোনোদিনেই কৰিব পৰা নাছিলোঁ।
        এই প্ৰজন্মৰ মাজত এনে বহুতো টুকুৰা-টুকুৰা উভতি নহাৰ কাহিনী প্ৰতিদিনে জমা হৈছিল। 
        আমাৰ সামান্য অমনোযোগিতাৰ মাজেৰে তেনে কাহিনীৰ অৱক্ষেপেৰে কিমান সংবেদনশীল 
       ঘড়ীও চাগৈ নিজৰ মাজতেই বন্দী হৈ ৰৈ গৈছিল। প্ৰতীকক আমি চাই থাকোতে অনিৰ্বাণৰ কাহিনী আছিল সেই ঘড়ীৰ টিক-টিক শব্দৰ দৰে।
        চিটি বাছৰ পৰা নামি ঘটনাক্ৰমে মোকে যে জয়িতাই লগ পাব সেই কথা আমি কোনেও আশা 
       কৰা নাছিলোঁদুকাপ চাহ লৈ বাছষ্টপৰ কাষৰ চাহ দোকানখনত আমি এনেয়ে বহিছিলো আৰু দুয়োজনে গোপনে আশা কৰিছিলো প্ৰতীকহঁত যাতে নেহেৰায় । এই পুঁজিবাদী বিভ্ৰমৰ মাজত সিহঁতে যাতে বাটৰ ওপৰত বিশ্বাস হেৰুৱাই নিজৰ মাজতেই নেহেৰায় । এখন ভাৰাক্ৰান্ত 
         চহৰে উত্তৰসুৰী প্ৰজন্মক লৈ আকৌ মহিয়ান হব খুজিছিল। সেয়াও আমাৰ—আপোনালোকৰ অভিযানসুলভ, কৌতুহলী চকুৰ সন্মুখতে। অথচ আমি সিহঁতৰ মেজাজবোৰক লৈ কোনোদিনে মনোযোগী হোৱা নাছিলোঁ। কাৰণ পিছলৈ  ঘূৰি চাই চাই দৌৰিবলৈ আমি কোনোদিনে সাজু হোৱা নাছিলোঁ।

        অনিৰ্বাণৰ সেই মুক্তিজৰ্জৰ কন্ঠ—জয়িতাৰ আনুষ্ঠানিক গাম্ভীৰ্য্য আৰু প্ৰতীকৰ শৃংখলিত সম্ভেদবোৰত মই এক সুযোগ দেখিবলৈ  পাইছিলো। এই সংযোগত কোনো আস্বাদন নাই—আছে 
      উত্কন্ঠা। প্ৰজন্মৰ পাছত প্ৰজন্মলৈ বাগৰি অহা হুলাহুল আৰু হতাশাৰ পাছতো নিজকে বাৰে বাৰে খুলি চোৱাৰ এক দুৰ্বাৰ, নিৰৱিচ্ছিন্ন উত্কন্ঠা। সেয়েহে হয়তো কোনো প্ৰতিশ্ৰুতি নিদিয়াকৈ হেৰাই যোৱাৰ পাছতো জয়িতাই অনিৰ্বাণক বিচাৰি হাবাথুৰি খোৱা নাই—সেয়ে হয়তো ইমানবোৰ বিবৃতি আৰু বিতৰ্কৰ পাছতো প্ৰতীকে আঙুলি উঠাই কব পাৰিছে শ্ৰমিকৰ 
           লগত থকাতো যদি ভুল—তেনে ভুল বাৰে বাৰে সি কৰিব বুলি—আৰু সেয়ে হয়তো মইও 
          নিৰপেক্ষ নোহোৱাকৈয়ে এটা পক্ষৰ হৈ দূৰৰ পৰাই সকলোকে চাব পাৰিছোঁ।
        অনিৰ্বাণ—জয়িতা অথবা প্ৰতীক—কোনোৱে মধ্যবিত্তীয় বিষাদ বিতৰণত মোহাচ্ছন্ন হোৱা নাই। কোনোৱে গৈ থকা বাটৰ পৰা উভতি অহা নাই। কথাবোৰ ভাবি ভাবি ফুটপাথেৰে জয়িতাৰ লগত সমান বেগেৰে বাট বোলোতে এনে লাগিছে উভতি অহাৰ বাট ইমানো সৰল নহয়—যিমান সৰল আৰু বিষাদহীন এই ধূলি।
        এই ধূলিয়ে এটা প্ৰজন্মক উত্ভ্ৰান্তৰ দৰে নিজৰ বাটবোৰ বাছি লোৱাত বেছিদিন বাধা দি ৰাখিব নোৱাৰে। বাটবোৰে চিনি পোৱা ৰিডম—আৰু ৰিডমত গৈ থকা খোজবোৰ ইমান সমজে পানী সৰল হব নোৱাৰে।
        
         
           ৰাস্তাটো পাৰ হওঁতে জয়িতাই মোলৈ এবাৰ ঘূৰি চালে।
এনেয়ে।
 এই কাহিনীৰ তাইও যে এক চৰিত্ৰ সেয়াও নুবুজাকৈয়ে।
   
  ...........................................................................................