Saturday 27 June 2020

অনলাইন শিক্ষা শ্ৰেণীকোঠাৰ বিকল্প হ’ব পাৰেনে?

“Ma’am you are not audible”
মেম আপোনাৰ মাত শুনি পোৱা নাই - #অনলাইন ক্লাছৰ মাজে মাজে শুনা এই বাক্যশাৰীৰ প্ৰত্যক্ষ কাৰণ মোবাইল নেটৱৰ্কৰ বিসংগতি হ’ব পাৰে ৷ কিন্তু তাৰ পৰোক্ষ কাৰণবোৰ বৰ্তমান সময়ত তাতোকৈও বেছি প্ৰাসংগিক বিষয় ৷ লকডাউনৰ সময়ছোৱাত যদিও #অনলাইন শিক্ষাৰ প্ৰসংগ বাৰে বাৰে উত্থাপন হৈছে কিন্তু আমি জানো যে অনলাইন শিক্ষা শ্ৰেণীকোঠাৰ শিক্ষাৰ একমাত্ৰ বিকল্প হ’ব নোৱাৰে ৷ এই সম্পৰ্কীয় বিভিন্ন সমালোচনা বেলেগ বেলেগ মাধ্যমত হৈ আছে ৷ বহুতৰে মনলৈ শংকাও আহিছে যে এই বছৰটো অথলে যাব নেকি? এই প্ৰশ্নৰ উত্তৰ এটা শব্দত পোৱাটো কঠিন ৷ কিন্তু ইয়াৰ এক বিস্তৃত আলোচনাই আমাক শিক্ষা সম্পৰ্কীয় কিছু কথা বুজি পোৱাত সহায় কৰিব ৷এজন শিক্ষক হিচাপে এই প্ৰশ্নৰ মুখামুখি হওতে কিছুমান বিষয়ৰ প্ৰতি গুৰুত্ব আৰোপ কৰাটো জৰুৰী হৈ পৰে ৷ ছাত্ৰ-ছাত্ৰীৰ মন:স্তত্ব, #অনলাইন শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁলোকৰ পৰ্যাপ্ত সা-সুবিধা ( যেনে- স্মাৰ্ট ফোন, ডাটা, ম’বাইল নেটৱৰ্ক, ঘৰুৱা পৰিৱেশ), বিষয়বস্তুৰ পৰ্যায়ক্ৰমিক পৰিৱেশন, এঘণ্টা বা তাতোকৈও বেছি সময় অনলাইন কৈ থাকিব পৰা পৰিস্থিতি ইত্য়াদি ৷ এই আটাইবোৰ দিশৰ প্ৰয়োজনীয়তা আৰু প্ৰভাৱ নিম্ন শ্ৰেণীৰ পৰা উচ্চ শ্ৰেণীলৈকে বেলেগ বেলেগ ৷ তদুপৰি একোটা শ্ৰেণীৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ মুষ্টিমেয় এচামেহে যেতিয়া অনলাইন শিক্ষা গ্ৰহন কৰিব পাৰে, তেতিয়া শিক্ষকজনো বিপাঙত পৰে ৷ ৷ তেওঁ দিয়া শিক্ষা ‘Ethical’ হৈছে জানো ? #অনলাইন শিক্ষাৰ পৰা বাদ পৰাসকলৰ প্ৰতি ন্যায় কৰা হৈছে জানো ?
এই সময়ছোৱাত বহুতো পিতৃ-মাতৃ নিজৰ সন্তানৰ আনুষ্ঠানিক শিক্ষাক লৈ চিন্তিত ৷ তেওঁলোকৰ বহুতেই হয়তো নিজৰ সন্তানক যিমান পাৰি ‘ৰাইমচ’ শিকাইচে ৷ ম’বাইলৰ বেলেগ বেলেগ এপত নানা ভিডিঅ’ৰ সহায়ত বাহিৰৰ পৃথিৱীৰ জ্ঞান দিবলৈ যত্ন কৰিছে ৷ কিন্তু ইয়াৰ পাছতো শিশুৰ বোধ আৰু সংবেদনে বাহিৰৰ পৃথিৱীখনৰ সৈতে সমতা স্থাপন কৰিব নোৱাৰে যদিহে প্ৰকৃতিৰ সৈতে শিশুৰ কোনো প্ৰত্যক্ষ চিনা-পৰিচয় নহয় ৷
ইয়াৰ বাবে শিশুক ম’বাইলৰ পৰিৱৰ্তে চৌপাশৰ পৰিৱেশৰ প্ৰতি সংবেদনশীল কৰি তোলাটো অতি প্ৰয়োজনীয় ৷ ধৰি লওক আপুনি মাছৰ বেপাৰীৰ পৰা মাছ কিনোতে নিজৰ সন্তানকো বেপাৰীয়ে অনা মাছৰ নামবোৰৰ সৈতে চিনাকি কৰাই দিব পাৰে ৷ আপোনাৰ বাৰীত অথবা বেলকনিত থকা গছত, ফুলত পানী দিয়াৰ চলেৰে সেইবোৰৰো নাম শুনালে ৷ বৰষুণ কেনেকুৱা চুই চাবলৈ দিলে ৷ বতাহত কেনেকৈ গছৰ পাত লৰে, গছৰ পৰা কেনেকৈ ফুল সৰে, ৰাতিপুৱা কোনবোৰ চৰাইৰ মাত শুনি, গধূলি আকাশৰ বৰণ কিয় হেঙুলীয়া হয়, পুখুৰীৰ পানীত শিলগুটি দলিয়ালে কিয় ঘূৰণীয়া বৃত্তবোৰৰ সৃষ্টি হয় ৷ এইবোৰ শিশুক শিকাবৰ বাবে আপোনাক কোনো প্ৰি-স্কুলৰ প্ৰয়োজন নাই ৷ প্ৰয়োজন নাই ম’বাইল এপৰো ৷ আপোনাৰ সন্তানৰ কৌতূহল নিজেই শিক্ষাৰ এক মাধ্যম ৷
উচ্চ শিক্ষাৰ প্ৰসংগ অৱশ্যে নিম্ন শিক্ষাতকৈ বহুত বেলেগ ৷ উচ্চ শিক্ষাদান পদ্ধতিত এনে কাৰণতে ক্ৰান্তিক শিক্ষাদান (critical pedagogy) পদ্ধতিৰ প্ৰয়োজন হয় ৷ এই পদ্ধতিত ক্ৰান্তিক বিচাৰশক্তি (critical thinking), সংযোগ (communication), সহযোগ (collaboration), আৰু সৃজনশীলতা(creativity)ৰ প্ৰয়োজন হয় ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় শিক্ষা সংস্থাই এই চাৰিটা “ C” ক একবিংশ শতিকাৰ বিপ্লৱ বুলি উল্লেখ কৰিছে ৷ কিন্তু #অনলাইন শিক্ষাই কিমান পৰিমানে এই ক্ৰান্তিক শিক্ষাদান পদ্ধতি সফল কৰিব পাৰে সেয়া সন্দেহজনক ৷ যিহেতু ভাৰতৰ দৰে উন্নয়নশীল দেশত শিক্ষাদান পদ্ধতিক শ্ৰেণীকোঠাৰ ভিতৰতে সীমাৱদ্ধ কৰি ৰখা হয় ৷ গতানুগতিক আৰু নতুনত্ববিহীন শিক্ষাদানে ছাত্ৰ–ছাত্ৰীকো কেৱল ৭৫% উপস্থিতিলৈকে বান্ধি ৰাখিব পাৰে ৷ তাৰপাছত তেওঁলোকেও শ্ৰেণীকোঠাৰ প্ৰয়োজনীয়তালৈ এক অৰ্থত পিঠি দিয়ে ৷ বহু শিক্ষানুষ্ঠানত আন্ত:গাঠনিৰ অভাৱতো ছাত্ৰ – ছাত্ৰীক বিকল্প মাধ্যম ( যেনে- চিনেমা , ডকুমেন্টৰী প্ৰদৰ্শন ) আদিবোৰলৈ আকৰ্ষিত কৰিব পৰা নাযায় ৷ এনে পৰিপ্ৰেক্ষিতত ক্ৰান্তিক বিচাৰশক্তি অৰ্থাৎ ক্ৰিটিকেল থিংকিঙ(critical thinking) ৰ প্ৰসংগটো খালী হৈ ৰৈ যায় ৷ আৰু ছাত্ৰ সমাজো আত্মকেন্দ্ৰিক হৈয়ে আগবাঢ়ে ৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোত এটা শ্ৰেণীৰ আগৰফালে থকা ছাত্ৰ – ছাত্ৰীসকলৰ সাফল্যক শিক্ষকে নিজৰ সাফল্য বুলি ভাৱে ৷ আনহাতে ,শেষৰফালে বহাসকল এই গোটেই পৰিকাঠামোটোত বাদ পৰি যায় ৷ একেই সমস্যা #অনলাইন শিক্ষাৰ ক্ষেত্ৰতো হয় ৷ অনলাইন শিক্ষাইও সমাজৰ আৰ্থিকভাৱে সক্ষম শ্ৰেণীটোৰ ছাত্ৰ সমাজকহে উপকৃত কৰে ৷ যিসকলৰ হাতত সহজতে এনড্ৰইড স্মাৰ্টফোন উপলব্ধ হয় ৷ ইয়াৰ বিষম প্ৰভাৱ পৰে যেতিয়া আৰ্থিক দিশত পাছপৰা ছাত্ৰ এজনৰ কম দামী , তুলনামূলকভাবে কম জিবিৰ মোবাইলত #অনলাইন শিক্ষাগ্ৰহণৰ বাবে এপ ডাউনলোডত স্পেছৰ অভাৱ হয় ৷ এই প্ৰক্ৰিয়াটো চলি থাকে এটা এপ আন- ইনষ্টল কৰি আন এটা এপ ডাউনলোড কৰাৰ মাজেৰে ৷ কিন্তু বাস্তবিক অৰ্থত এনে শিক্ষাই ছাত্ৰ – ছাত্ৰীৰ মনস্তত্বক চুব নোৱাৰেগৈ ৷ তাৰ ফলত একাংশ ছাত্ৰ – ছাত্ৰীৰ মনত হতাশাৰ সৃষ্টি হয় ৷ মাক দেউতাকক নতুন এটা মোবাইল ফোনৰ বাবে হেচাঁ দিবলৈ ধৰে ৷ এনেকৈয়ে এটা সময়ত ভাবিবলৈ আৰম্ভ কৰে যে নিজৰ শিক্ষাগ্ৰহনৰ অসুবিধাৰ বাবে পৰিয়ালৰ আৰ্থিক অৱস্থাই দায়ী ৷


এই হতাশাৰ মোকাবিলা কৰাটো এগৰাকী শিক্ষকৰ বাবে যথেষ্ঠ কঠিন ৷ কাৰণ ,এগৰাকী শিক্ষক বেছিভাগ সময়তে কেৱল শিক্ষকহে হ’ব পাৰে ৷ মনোবৈজ্ঞানিক বা কাউন্সিলৰ নহয় ৷ এজন শিক্ষকেও নিজৰ কেৰিয়াৰৰ কথাই বেছিকৈ ভাবে৷ যাৰ বাবে শিক্ষক আৰু ছাত্ৰৰ মাজত সংযোগ(communication) থাকিলেও সহযোগ(collaboration) খুব কমেইহে থাকে ৷ যাৰ বাবে ছাত্ৰ – ছাত্ৰীৰ সৃজনশীলতাক বহু সময়ত শিক্ষকে ধৰা পেলাব নোৱাৰে ৷লকডাউন , চৌপাশৰ হতাশাজনক পৰিস্থিতি ,পৰিয়ালৰ উপাৰ্জন ,ঘৰুৱা পৰিৱেশৰ সংবেদনশীলতা , নতুন প্ৰজন্ম হিচাপে সাময়িক ঘটনাপ্ৰবাহৰ প্ৰতি হতাশা , খঙ ,ক্ষোভ – এইবোৰৰ মাজত #অনলাইন শিক্ষা শ্ৰেণীকোঠাৰ বাহিৰৰ শিক্ষাৰ একমাত্ৰ বিকল্প হিচাপে পৰিগণিত হোৱাত বহু পৰিমানে বিফল৷ তাৰ পৰিৱৰ্তে এই সময়ছোৱাত উচ্চ শিক্ষা গ্ৰহন কৰি থকাসকলে ( কলেজ আৰু বিশ্ববিদ্যালয়ক সামৰি ) নিজৰ সৃজনীশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰক ৷ সৃজনীশীলতা মানে কেৱল গান , নাচ বা কবিতা নহয় ৷ বৰশী টোপাব জনাটোও এক কলা ৷ গছ ৰোৱাটোও এক সৃজনীশীলতা ৷ বয়সতকৈ সৰুজনক নজনা কথাটো শিকোৱাটোও এক আত্মীয়তা৷ কোনোদিনে পাকঘৰত সোমাই নোপোৱাজনে কিবা এটা ৰান্ধি ঘৰৰ সকলোৰে লগত ভগাই খোৱাটোও একপ্ৰকাৰৰ সৃজনশীল কাম ৷ ৰাতিপুৱা বাতৰি কাকতখন পঢ়াটোও এটা সজাগতা ৷ পিতৃ- মাতৃক বেংকলৈ লৈ যোৱা , তেওঁলোকৰ প্ৰয়োজনীয় দৰৱ আগতীয়াকৈ যোগাৰ কৰি ৰখাটোও জীৱনৰ সৈতে থকা অন্য এক সহযোগিতা ৷
বিংশ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী দাৰ্শনিক , মনোবৈজ্ঞানিক আৰু শিক্ষা সংস্কাৰক জ’ন ডিউৰীয়ে কৈছিল – শিক্ষা কেৱল ‘কোৱা ‘ আৰু 'কৈ শেষ কৰা' প্ৰক্ৰিয়া নহয় ৷ ই এক গতিশীল আৰু গঠনমূলক সামাজিক প্ৰক্ৰিয়া ৷ এই দুৰ্যোগৰ দিনত শিক্ষাক গতিশীল আৰু গঠনমূলক কৰি তুলিবলৈ শ্বেয়াৰিঙ অৰ্থাৎ ভাগ – বতৰা কৰাটো অতি প্ৰয়োজনীয় ৷ সমাজ তৰিৎ গতিত সলনি হৈছে ৷ সলনি হৈছে সামাজিক সমস্যাবোৰো ৷ এইবোৰৰ সৈতে আমাৰ সংযোগ আৰু সহযোগিতা কেনেধৰনৰ হ’ব – তাৰ ওপৰতেই নিৰ্ভৰ কৰিছে ক্ৰান্তিক বিচাৰশক্তি অথবা ক্ৰিটিকেল থিংকিঙ(critical thinking) প্ৰসংগ আৰু গুৰুত্ব ৷