Friday 11 January 2019

দিল্লীৰ ফেণ্টাছী আৰু কিমান দিনলৈ ?

ৰাজনৈতিক ভাৱে এই সময় অস্বস্তিকৰ । যি সময়ক আমি হতাশাৰ নাম দি ফালৰি কাটি আহিব নোৱাৰোঁ । শূণ্যতাৰ নাম দি হাত সাৱটি বহি থাকিব নোৱাৰোঁ । এনে সময়ত প্ৰতিজন জ্যেষ্ঠ মানুহৰ মুখবোৰে পাৰ হৈ অহা দিনবোৰৰ সমাধি লৈ ফুৰা যেন লাগে । দেউতাই কৈছিল এটা প্ৰজন্মই অসম আন্দোলন কৰা বাবে আজি তহঁতে নিজৰ পৰিচয় বুলি কিবা এটা হ'লেও পাইছ । অথচ সেই একেজন মানুহেই মোহভংগ হৈ  ফোনত হুমনিয়াহ কাঢ়ে । এই কেইদিন স্কুলৰ পৰা উভতি অহা উজানবজাৰ গাৰ্লছৰ ছোৱালীবোৰ দেখি মনলৈ বাৰে বাৰে একেটা প্ৰশ্নই আহে আজিকালি চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ত অৰ্থনৈতিক ভাৱে পিছপৰা পৰিয়ালৰ ল'ৰা ছোৱালীৰ বাহিৰে আন কোননো পঢ়ে ! বাইদেউৰ হ'বলগীয়া সন্তানৰ খবৰ পাই তাইক দিবলৈ কেঁচুৱাৰ ফটো কিনোতে এনে কিয় লাগে এই দিনবোৰ, কঙাল মনবোৰে এটা কথা বাৰে বাৰে চিঞৰি আছে নেতৃত্বই প্ৰজন্মৰ আত্ম বিশ্বাস দৃঢ় কৰিব পৰা নাই । নতুনৰ স্বপ্ন কঢ়িয়াব পৰা নাই । জেষ্ঠজনৰ আশ্বাসক সন্মান দিব পৰা নাই । অথচ সিহঁতক লৈ প্ৰতিটো পৰিয়ালে ঘৰৰ আটাইতকৈ মেধাৱী সন্তানটোৰ পৰা কৰা আশাৰ দৰে কতবোৰ আশা সাৱটি আৰ্শীবাদ কৰিছিল ! 

এই হতাশাৰ দিনবোৰতো ভাল খবৰ অসমৰ উঠি অহা প্ৰজন্মই বুজি উঠিছে জাতীয়তাবাদৰ প্ৰয়োজনীয়তা । ৰাজ্যখনৰ মূল শিক্ষানুষ্ঠানসমূহত শিপাবলৈ ধৰা হিন্দুত্ববাদৰ ৰঙত ছাত্ৰ সমাজ ইতিমধ্যে অসন্তুষ্ট । উল্লেখযোগ্য যে কোনো এখন দেশৰ ৰাজনীতি ছাত্ৰ সমাজক অসন্তুষ্ট কৰি চলিব নোৱাৰে । হিন্দুত্ববাদৰ নামত চলা ফেচীবাদৰ ৰাজনীতিৰ স্বাভাৱিকৰণ মানেই ভাষিক আঞ্চলিক জাতীয়তাবাদ সংকটত পৰা । এই কথা নতুন প্ৰজন্মই হাড়ে হিমজুৱে উপলব্ধি নকৰা হ'লে এবিভিপিৰ নেতৃত্বত জয়ী হোৱা কলেজৰ ছাত্ৰ একতা সভাইও নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰাজনৈতিক বিৰোধিতা নকৰিলে হয় । ধৰ্মীয় মেৰুকৰণক জোৰ জবৰদস্তি ব্যৱহাৰ কৰাৰ ফলত ইতিমধ্যে জিন্নাই ভূগি থৈছে । মোদী, অমিত শ্বাহেও জিন্নাৰ ফৰ্মূলাহে প্ৰয়োগ কৰিছে আৰু তাৰ প্ৰাৰম্ভিক পৰীক্ষা অসমত কৰিব খুজিছে । 

কোনো সন্দেহ নাই যে অসমীয়াকে ধৰি অন্যান্য জনজাতীয় ভাষাসমূহৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব নোৱাৰাটো ভাৰত ৰাষ্ট্ৰৰ বিফলতা । কাৰণ অসমীয়া জাতীয়তাবাদো তামিল জাতীয়তাবাদৰ দৰে ধৰ্মৰ পৰিৱৰ্তে ভাষাৰ সৈতে জড়িত । যেতিয়া লৈকে ভাৰত ৰাষ্ট্ৰৰ দমন নীতি উত্তৰ পূৰ্বাঞ্চলত চলি থাকিব তেতিয়া লৈকে এইবোৰ কথা অসমৰ লগতে আনবোৰ ৰাজ্যৰ প্ৰজন্মৰ পাছত প্ৰজন্মই উত্থাপন কৰিয়ে থাকিব । উল্লেখযোগ্য যে এইবোৰ প্ৰশ্ন কেৱল গেৰিলা যুঁজত বিশ্বাসী সংগঠনবোৰৰে প্ৰশ্ন নহয় । গতিকে মুকলি আকাশৰ তলত স্বাধীন অসমৰ প্ৰশ্ন উঠিলেই আলফাক সমৰ্থন কৰা নুবুজায় । সমগ্ৰ দক্ষিণ পূব এছিয়াৰ ইতিহাস ঔপনিৱেশিক শাসনৰ ইতিহাস । ব্ৰিটিছে নিৰ্ধাৰণ কৰি যোৱা সীমাতে ই শেষ হৈ যোৱা নাই আৰু নহয়ো । কাৰণ এই সমগ্ৰ অঞ্চলৰ ৰাজনৈতিক আৰু ভৌগোলিক ইতিহাসৰ jigsaw puzzle টো এতিয়াও অমিলকৈ ইটো সিটোৰ লগত লাগি আছে । 

আজিৰ প্ৰজন্মৰ প্ৰতিবাদ সেয়ে এক অন্যতম উল্লেখযোগ্য প্ৰতিবাদ । ( মধ্যবিত্তীয় অসমীয়াই আকৌ এটা আন্দোলনৰ বোজা ল'বলৈ অপাৰগ বাবেই বাৰে বাৰে শ্ৰেণী বৰ্জনৰ সিদ্ধান্ত উঠাই ল'বলৈ আহ্বান যিমানেই নজনাৱক কিয় । ) যি প্ৰজন্ম অসম আন্দোলনৰ স্মৃতি বিভ্ৰম আৰু সামৰিক অত্যাচাৰৰ আশংকাত জন্ম হৈছে , মধ্যবিত্তীয় সপোন কঢ়িয়াই চাকৰিৰ শাৰীত থিয় হৈছে, চিষ্টেমত বিৰক্ত হৈ আন্দোলনত বহিছে, ৰাস্তালৈ ওলাই আহিছে, প্ৰশ্ন কৰিছে, আকৌ তাৰ মাজৰ পৰাই যদি কোনোবা সশস্ত্ৰ সংগ্ৰামৰ দিশে বাট বুলিছে, তেন্তে সেয়া কাৰ বিফলতা? ৰাষ্ট্ৰৰে নহয় জানো ?

অসমীয়া জাতিক সেয়ে কেৱল আৱেগিক জাতি বুলি ক'লেই সমস্যা সমাধান হৈ নাযায় । অথবা আন্দোলনত লাগি থকাতকৈ অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিলেই মূল প্ৰশ্নবোৰ তল নপৰে । মনত ৰখা ভাল যে ৰাজনৈতিক সিদ্ধান্তইহে অৰ্থনৈতিক এজেণ্ডা নিৰ্মাণ কৰে । এনে কাৰণতে দিল্লীৰ প্ৰভূত্বৰ প্ৰত্যাহ্বান জনাবলৈ অসমৰ আজিৰ প্ৰজন্মই কিছুমান নতুন ষ্ট্ৰেটেজি নিৰ্মাণৰ এয়াই উপযুক্ত সময় । 

অসমীয়া জাতীয়তাবাদ সময়ে সময়ে আগলৈও নতুন প্ৰত্যাহ্বানৰ মুখামুখি হ'ব । যদিও জাতীয় প্ৰশ্নবোৰ একেই থাকিব আৰু সেইবোৰ উঠি অহা প্ৰজন্মই উত্থাপন কৰিব লাগিব । তেনেদৰে দিল্লীৰ সমুখত এটা উত্তৰো কিন্তু একেই থাকিব - '' খাবলৈ নাপাই মৰিলেও আমি অন্ততঃ ধৰ্মৰ কানি নাখাওঁ ।"