Tuesday 12 May 2020

মৰমৰ ছাত্ৰ ছাত্ৰীসকল


তোমালোকৰ সৈতে আজি কিছু কথা ভগাই ল'বলৈ আজি আহিছো । ৰাতিপুৱা আজিকালি প্ৰায়ে মই সাৰ পাওঁ ককা আৰু নাতি ল'ৰাৰ কথোপকথনত । নাতিটোৱে চুটি চুটি বাক্যৰে কথা ক'ব শিকিছে বাবেই তাৰ কথাবোৰ শুনি থকাৰ লোভত মই বিছনাৰ পৰা উঠি আহো । তেওঁলোক দুয়োজনৰ কথা শুনি থাকিলে এনে লাগে চৌপাশে কোনো দুৰ্যোগৰ ভয় নাই । নাই কোনো অহেতুক চিন্তা। অৱসাদ । অথবা মনৰ ভিতৰত জমা কৰি ৰখা লকডাউনৰ অস্বস্তিও। 

তোমালোকেও বহুদিন দেখা নাই কলেজ চৌহদ । কেণ্টিনৰ আড্ডাত ওলোৱা নাই শেহতীয়া ক্ৰাছৰ খবৰ । প্ৰফাইল ফটো তোলাত আগৰ দৰে চখ নাই । ফুৰিবলৈ যোৱাৰ কোনো নতুন প্লেন বনোৱা হোৱা নাই। আনকি টিকটকটো আগৰ দৰে active নাই । মনৰ ভিতৰতে লৈ ফুৰিছা এটাই শংকা কেতিয়া আগৰ দিনবোৰ ঘূৰি আহিব ? 

বহুতেই হয়তো ঘৰৰ বাৰাণ্ডাত বহি হতাশ মনে পদূলিলৈ চাইছা । 'কা আৰু ক'ৰনা পোৱা দুৰ্ভগীয়া চেমিষ্টাৰ আমি' বুলি লগ সংগবোৰৰ লগত চেণ্টি ফালিছা । পঢ়া শুনাত বিশেষ মন বহা নাই। এচাইনমেণ্ট, অনলাইন ক্লাছ এইবোৰ বোজাৰ দৰে লগা হৈছে। Stress বাঢ়িছে । তেনেস্থলত তোমালোকৰ মনলৈ অহা প্ৰশ্নটো হৈছে শ্ৰেণীকোঠাৰ বাহিৰত কেনেকৈ পঢ়িবা?

মোৰ মনলৈও একে সময়তে কেইটামান প্ৰশ্ন আহিছে। চিলেবাচৰ সৈতে সম্পৰ্কিত যিকোনো এটা বিষয় যিহেতু এটা মাত্ৰ ক্লিকতে তোমাৰ ম'বাইল/লেপটপৰ স্ক্ৰীনত উপলব্ধ ; তেনেস্থলত তোমালোকক মই কি পঢ়োৱা উচিত? কেনেকৈ পঢ়োৱা উচিত? কিয় পঢ়োৱা উচিত? 

মোৰ বাবে জটিল এই প্ৰশ্নটো ককা আৰু নাতি ল'ৰাই সহজ কৰি তুলিলে । দুয়োজনে বাৰাণ্ডাত বহি ৰাস্তালৈ চাই থাকোঁতে নাতি ল'ৰাই ৰাস্তাৰে যোৱা প্ৰতিজন মানুহৰে আচৰণ, নাম সোধে ককাকক । আৰু পিছদিনা সেই নামবোৰৰ পুনৰাবৃত্তি কৰে - সৌৱা মাছ বেপাঈ (বেপাৰী) । ব-ই-অ-লি (বৰিয়লি) আনিছে । মা-স-ক পিন্ধিছে চোৱা ককা । নহ'লে বেমাৰ হ'ব । ককা, বঅখুন বঅখুন (বৰষুণ) । নাতি ল'ৰাই ককাকৰ পৰা বাহিৰৰ পৃথিৱীখন চাবলৈ শিকিছে । 

তোমালোক যি বিষয়ৰে ছাত্ৰ ছাত্ৰী হ'লেও বাহিৰৰ পৃথিৱীখন চাবলৈ শিকা । মানুহ আৰু মানুহৰ সৈতে জড়িত ঘটনা প্ৰৱাহৰ পৰা বহু কথা শিকিব পাৰি । COVOID-19 ৰ বাবে আমাৰ জীৱন-যাতায়ত, আড্ডাৰ বিষয়, দৈনন্দিন খাদ্যৰ জুতি, ঘৰৰ ভিতৰৰ পৰিৱেশ, বাহিৰৰ বিৱৰণ সলনি হৈছে নেকি? এইবোৰে তোমাৰ মনত কি প্ৰভাৱ পেলাইছে ? যাৰ বাবে নকৰা কাম এটাও তোমাৰ ভাল লগা হৈছে । ফেচবুক, টিকটকত কিছুমান নতুন কাম দেখুৱাবলৈ আগ‌্ৰহ উপজিছে । কি ক'লা? ইতিমধ্যে তোমাৰ মনলৈ বহু কথা আহিছে? মাত্ৰ সেইবোৰ লিখাৰ এলাহ যদি তোমাৰ ফোনৰ ৰেকৰ্ডাৰটো অন কৰা । আৰু তাতে সেইবোৰ ৰেকৰ্ড কৰা । লকডাউনত নিজেই নিজকে দিয়া উপহাৰ বুলি ভাবি লোৱা । বহু দিনৰ মূৰত সেইবোৰ নিজেই শুনিবাচোন । তাৰ পৰা নতুন বহু কথা ওলাব । যিবোৰক matured কথা যেন লাগিব। আৰু যিবোৰ এদিন তুমিয়েই ভাবিছিলা যেন তোমাৰ মুঠেই অনুভৱ নহ'ব । 

এই যে তোমালোকৰ অনলাইন ক্লাছবোৰ এইবোৰৰ বাবে অস্বস্তিত পৰিলেও এইবোৰে তোমালোকক বহুত কাৰণত সহায় কৰিব আগলৈ । আজিকালিৰ দুনিয়াত মাৰ্কচতকৈও Adaptive performance ৰ ওপৰত গুৰুত্ব দিয়া হয় । তুমি কিমান সাৱলীলভাৱে, আত্মবিশ্বাসেৰে আনৰ সমুখত জটিল বিষয় এটা সহজকৈ উপস্থাপন কৰিছা, তাকে অনুকূল কাৰ্যক্ষমতা বুলি কোৱা হয় । এটা এচাইনমেণ্ট লিখোতে তাত তোমাৰ নিজস্বতা কিমান আছে, লিখাৰ ষ্টাইল কেনেকৈ উন্নত কৰিছা- এনেধৰণৰ কথাবোৰে আন একো নহ'লেও তোমালোকক ভৱিষ্যতে এটা নতুন চাকৰিৰ বাবে আৱেদন কৰাত সহায় কৰিব । তুমি শিকিবা যিকোনো এটা অনলাইন এপ ব্যৱহাৰ কৰোঁতে কেনেকৈ কথা ক'ব লাগে। কম সময়ত কেনেকৈ বিষয়টোৰ সৈতে জড়িত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ কেইটা উপস্থাপন কৰিব লাগে । ই তোমাক যিকোনো ইণ্টাৰভিউৰ মুখামুখি হোৱাত সহায় কৰিব। 

তুমি নিজেই পৰিস্থিতিৰ অনুকূল আৰু প্ৰতিকূলে কি আছে সেইধৰণৰ চিন্তাধাৰা এটা develop কৰিবলৈ সক্ষম হ'বা । যি তোমাক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰিব। কিয় উন্নত দেশসমূহত স্বাস্থ্য খণ্ড ধৰাশয়ী হৈছে? কিয় শ্ৰমিকে ব্লেকত কিনা চাইকেলেৰে শ শ কিঃমিঃ বাটকুৰি বাই ঘৰলৈ উভতি আহিছে? কিয় বিশ্বৰ বিভিন্ন প্ৰান্তত উন্নয়নৰ অৰ্থ সলনি হ'বলৈ ধৰিছে ? কিয় সৰু সৰু কথাতে সুখী হৈ থকাটো বাঞ্চনীয় হৈ পৰিছে? কিয় পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে আত্মীয়তা বিনা কাৰণতে ৰখাৰ দিন আহি পৰিছে? কিয় পৰিয়ালত তোমাৰ প্ৰয়োজনীয়তা আৰু দায়িত্ব তুমি বুজি পোৱা হৈছা? 

অ' জীৱন perfect হৈ থকা নাই। জটিল হৈছে। কিন্তু এই জটিলতাও অস্বাভাৱিক নহয় । 

আৰু এইবোৰ সামৰি সুতৰি তুমি কাইলৈ যেতিয়া ৰাতিপুৱাৰ খিৰিকী খুলি আইনাত নিজকে প্ৰথমবাৰ চাবা, তেতিয়া তোমাৰ সৰু কোঠাটো, তোমাৰ আপোন পৰিয়ালটো, তোমাৰ চৌপাশ, তুমি আবেলিপৰত বহা বাৰাণ্ডাখন/বেলকনিটো, তোমাৰ ভাৰ্চুৱেল ফেমেলি, তোমাৰ অনলাইন ক্লাছ, এচাইনমেণ্ট তোমাৰ বাবে হৈ পৰিব এক নতুন আত্মীয়তাৰ কাৰণ । যাক হয়তো তুমি ইমান দিনে তোমাৰ বন্ধু বুলি ভবাই নাছিলা ! 

কুশলে থাকা। 
১২/০৫/২০২০

Sunday 10 May 2020

আহক এজনে আনজনৰ খবৰ ৰাখোঁ

হঠাতে যেন সকলো সলনি হৈ গ'ল । ৰাস্তা । পদপথ । মন্দিৰ-মছজিদৰ প্ৰাৰ্থনা সভা । অফিচ কাছাৰীৰ নীতি নিয়ম । এজনে আনজনৰ সৈতে পাতি থকা কথাবোৰ । আনকি মনৰ ভিতৰত লুকাই থকা অনিশ্চয়তাবোৰো । খবৰ আহিল ঘৰমুৱা মানুহৰ মিছিলৰ । ঘৰলৈ আহিবলৈ নোপোৱাত কৰা আত্মহত্যাৰ । ৰেলৰ চিৰিত ভাগৰত টোপনি যোৱা শ্ৰমিকৰ কটা শৰীৰৰ কাষত পৰি থকা গোল ৰুটিৰ । বন্ধ হৈ যোৱা কামবোৰৰ ।

ইণ্টাৰনেটৰ স্পীডতকৈও খৰকৈ বাঢ়ি অহা খবৰবোৰক ক'বৰ মন যায়-

"I can't think about that right now. If I do, I'll go crazy. I'll think about that tomorrow. 
               - Margaret Mitchell, Gone with the Wind. 


খবৰ লোৱা নহ'ল নতুনকৈ উঠি অহা কিশোৰ কিশোৰীৰ পৃথিৱীখনৰ প্ৰতি থকা অপাৰ কৌতূহলৰ । শিশুবোৰক উমলাই ৰখা মাকৰ চকুহালৰ । ঘৰলৈ শুদা হাতে উভতি নহা দেউতাকজনৰ । নতুনকৈ জীৱনৰ প্ৰেমত পৰা জাক জাক জাক যৌৱনৰ । একেটা জীৱনতে একেলগে শ্বহীদ আৰু ভাইৰাছ দেখা ককা আইতাৰ । 

মূৰৰ ওপৰৰ আকাশখনলৈ চাই চাই আমি পাহৰি পেলালো কেলেণ্ডাৰৰ তাৰিখ । বিশেষ দেওবাৰ। তললৈ মূৰ কৰি খোজ দিয়া কিছু বাটৰুৱাক চাই থাকোঁতে মনত পৰিল Walt Whitman ৰ সেই কবিতা-

You road I enter upon and look around, I believe you are not all that is here, I believe that much unseen is also here. 

                         - Song of the Open Road 

সকলো সলনি হোৱাৰ পাছতো মানুহ জীয়াই থাকে এক দুৰ্দান্ত আশাত । পাৰ হৈ যোৱা বহুতো দুৰ্যোগ, দুৰ্ভিক্ষৰ পাছতো মানৱ জাতি বাচি ৰৈছে আশাৰ বাবেই । সেয়ে হয়তো আওৰাও আমি আশাবাদৰ কবিতা- 

“Hope” is the thing with feathers -
That perches in the soul -
And sings the tune without the words -
And never stops - at all -
               - "Hope" is the thing with feathers, Emily Dickinson 

কিন্তু মানুহ অকলে আশাবাদী হ'ব পাৰে জানো? আশাৰ বেলি এটাৰ পোহৰত সাৰ পাবলৈ মানুহক লাগে অন্য মানুহ। পৰিয়াল। বন্ধু। আত্মীয়। প্ৰিয়জন। যাৰ এটা হাঁহি, এষাৰ মাত, অলপ সান্নিধ্যইও মানুহক কৰি তোলে প্ৰত্যয়ী । নালাগে কোনো দেশ, কোনো ধৰ্ম, কোনো মতাদৰ্শ। সেয়ে লেননৰ দৰে ক'বলৈ মন যায়- 

Imagine there's no countries
It isn't hard to do
Nothing to kill or die for
And no religion too
Imagine all the people living life in peace, you


এই প্ৰত্যয় বচাই ৰাখিবলৈ কিছুমান দুঃচিন্তাৰ পৰা নিজকে disconnect কৰি মানুহৰ সৈতে connect হ'বলৈ নাপাহৰিব । শাৰীৰিক কষ্ট কম যদিও আমাৰ চকু আৰু হাত অনবৰতে ম'বাইলৰ স্ক্ৰীনত । স্ক্ৰীনবোৰক দিয়া কিছু সময় ৰাহি কৰি আন কামত লগাব পাৰি নেকি? পাৰি নেকি টাববোৰ খুচৰি দিব? বেসুৰীয়া হ'লেও গান এটাকে গুণগুণাব পাৰি নে? কি ক'লে বেয়া ৰান্ধে? তথাপিও চালাড বনাব পাৰিতো । কাটি থকা টিয়হৰ বাকলিবোৰৰ দৰে খঙবোৰো গুচাই পেলাব পাৰি । ক্ষন্তেকৰ বাবে হ'লেও সকলো অৱসাদ সামৰি আনক দেখাব পাৰি কৰি থকা সৰু সৰু কামবোৰ । 

আশাৰ বাটো পুৱাৰ বেলিৰ দৰে হেনো ।  বিশ্বাস কৰিলেহে ইয়াক দেখা যায় । এই দুৰ্যোগ দুৰ্বল হোৱাৰ  দিনা এন ফ্ৰাংকৰ দৰে আমিও হয়তো ক'ব পাৰিম এজনে আনজনক "For the past few years we have lived in fear. Now we can live in hope."

খবৰ আৰু বাঢ়িব । বাঢ়িব অপেক্ষাও ।
সেই দিনটোলৈকে এজনে আনজনৰ মনৰ খবৰ লৈ থাকিবলৈ নাপাহৰিব ।