Saturday 25 August 2018

দুৰ্যোগ প্ৰাকৃতিক নে ৰাজনৈতিক ?


দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতীয় উপ মহাদেশৰ আটাইতকৈ লেখতলবলগীয়া ভৌগোলিক বিষয় । গ্ৰীষ্মকালৰ শেষৰ ফালে ভাৰত মহাসাগৰত সৃষ্টি হোৱা উচ্চ চাপৰ ফলত বতাহ নিম্ন চাপৰ ভূখণ্ডলৈ বলিবলৈ আৰম্ভ কৰে । এয়াই দক্ষিণ পশ্চিম মৌচুমী বতাহ । মূলতঃ জলমণ্ডল আৰু স্থলমণ্ডলৰ উষ্ণতাৰ পাৰ্থক্যৰ বাবেই দক্ষিণ পশ্চিম মৌচুমী বতাহৰ সৃষ্টি হয় । ইয়াৰ দুটা অংশ আছে - এটাই বংগোপ সাগৰৰ ফালেদি ভাৰতত প্রৱেশ কৰে আৰু আনটোৱে আৰৱ সাগৰৰ দিশেৰে সোমাই থৰ মৰুভূমিৰ নিম্ন চাপৰ অঞ্চলটোলৈ গতি কৰে । উল্লেখযোগ্য যে দ্বিতীয় অংশটো প্ৰথমটোতকৈ তিনিগুণে বেছি শক্তিশালী ।
উপৰা উপৰিকৈ চাবলৈ গ'লে উপৰোক্ত তথ্যৰ চৰিত্ৰ ভৌগোলিক । কিন্তু বাস্তৱ অৰ্থত ভাৰতীয় উপ মহাদেশৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক চৰিত্ৰৰ মূল নিৰ্ণায়ক হৈছে মৌচুমী বতাহ । মৌচুমী বতাহৰ অবিহনে কৃষিভিত্তিক দেশখনত বৰষুণৰ আশা কৰাটো যিদৰে অযুক্তিকৰ, ঠিক সেইদৰেই কৃষকৰ অবিহনে এই দেশৰ ৰাজনীতিৰ মেজাজ নিৰ্ণয় কৰাটোৱো অবাস্তব ।
দক্ষিণ পশ্চিম মৌচুমী বতাহৰ ফলতে কেৰেলাত পূৰ্বৰ তুলনাত ১১ শতাংশ বৰষুণৰ পৰিমাণ বাঢ়িছে । ৰাজ্যখনৰ ৩৫ খন জিলাৰ ৪২ টা বান্ধত ভৰন ক্ষমতাতকৈ অধিক পানী জমা হোৱাৰ ফলত একে সময়তে বেছি ভাগ বান্ধৰ পানী মুকলি কৰি দিয়া হৈছে । বিগত ২৫ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইদ্দুকি বান্ধৰ ৫ খন গেট একেলগে খুলি দিয়া হৈছে । অত্যধিক বৰষুণ আৰু বান্ধৰ পানীৰ কবলত কেৰেলাত হোৱা বানপানীত প্ৰায় ১ মিলিয়ন মানুহ ক্ষতিগ্ৰস্ত হৈছে । ২৭৭০ টা ৰিলিফ কেম্পত থকা ১০.৪০ লাখ মানুহৰ দায়িত্ব আৰু গৃহহীন হোৱাসকলৰ পুনৰ সংস্থাপনৰ প্ৰশ্নই ইতিমধ্যে দেশৰ ৰাজনীতিত বহুতো প্ৰশ্নবোধকৰ জন্ম দিছে । ( যদিও আমি 'অটল' নামাকৰণৰ তালিকা বৃদ্ধিতে ব্যস্ত হৈ আছো) ।
দুৰ্যোগ প্ৰশমনৰ প্ৰত্যাহ্বানবোৰ, বিশেষকৈ বানাক্ৰান্ত অঞ্চলৰ সমস্যাবোৰ অসমৰ জনসাধাৰণৰ বাবে কোনো নতুন বিষয় নহয় । দুৰ্যোগ শংকা বহন আৰু দুৰ্যোগৰ সৈতে সহাৱস্থানত অসমীয়া জনগণ এক দীঘলীয়া সময় ধৰি ভুক্তভোগী হৈ আহিছে । এই গোটেই সময়ছোৱাত আটাইতকৈ প্ৰয়োজনীয় প্ৰশ্নটো হৈছে পুনৰ সংস্থাপনৰ । কাৰণ এটা দুৰ্যোগে কেৱল এজন মানুহক বিপদত নেপেলায় । ইয়াৰ ফলত একোটা প্ৰজন্মই আৰ্থিক, মানসিকভাৱে দুৰ্যোগ শংকা (risk) বহন কৰিবলগীয়া হয় । এই শংকা অসমৰ বিভিন্ন ঠাই যেনে মাতমৰা, মাজুলী, লাহৰীঘাট, যমুনা মুখ, দক্ষিণ শালমৰা ইত্যাদি ঠাইৰ দৈনন্দিন জীৱন পৰিচয় ।
কেৰেলাৰ বানপানীৰ লক্ষ্যণীয় দিশটো হৈছে পশ্চিম ঘাটৰ পাৰিৱেশিক ভাৱে স্পৰ্শকাতৰ অঞ্চলৰ গুৰুত্বক আওকাণ কৰা বিষয়টো । গাদগিল কমিটিয়ে ঘোষণা কৰা পশ্চিম ঘাটৰ পাৰিৱেশিক স্পৰ্শকাতৰতাক কৰা অৱহেলাই তৃতীয় বিশ্বৰ দুৰ্যোগ সংক্ৰান্তীয় Political ecology ৰ প্ৰশ্নক আকৌ এবাৰ উদঙাই দেখুৱাইছে । কমিটিৰ সভাপতি মাধৱ গাদগিলৰ মত অনুসৰি কেৰেলা চৰকাৰে উপযুক্ত পৰিৱেশ সংক্ৰান্তীয় আঁচনি প্ৰয়োগৰ ক্ষেত্ৰত বিফল হোৱাটোৱে এই দুৰ্যোগৰ মূল কাৰণ আৰু সেয়ে এই দুৰ্যোগ প্ৰাকৃতিক হোৱাৰ পৰিৱৰ্তে বহু পৰিমাণে মানৱসৃষ্ট ।
শেহতীয়াকৈ তৃতীয় বিশ্বৰ দেশসমূহত দুৰ্যোগ শংকা প্ৰশমন আৰু দুৰ্যোগৰ সৈতে সহাৱস্থান সৃষ্টিক লৈ চৰকাৰী আৰু বেচৰকাৰী স্তৰত নানা উচ্চ পৰ্যায়ৰ আলোচনা আৰু আঁচনিৰ পৰিকল্পনা হৈ আছে । কিন্তু দুৰ্যোগৰ প্ৰকৃত কাৰণসমূহৰ যথাযথ আলোচনা আৰু প্ৰকৃতিৰ সৈতে সহাৱস্থানত চৰকাৰ ৰাজনৈতিকভাৱে বিফল হৈছে । সেয়া অসমৰে বানপানী হওঁক বা কেৰেলাৰ, দুয়োখন ৰাজ্যৰ ক্ষেত্ৰতে বৃহৎ নদীবান্ধৰ পানী এৰি দিয়াৰ ফলত বানপানীৰ অৱস্থা নিয়ন্ত্ৰণহীন হৈ পৰিছে । তাৰ সমান্তৰাল ভাৱে জনগণৰ মাজত পৰিৱেশ আৰু উন্নয়নক লৈ নানানটা প্ৰশ্ন উত্থাপন হৈছে । কেৰেলা চৰকাৰে উচ্চতম ন্যায়ালয়ত দিয়া মত অনুসৰি তামিলনাডু চৰকাৰে মুল্লাপেৰিয়াৰ বান্ধৰ পৰা একেসময়তে পানী এৰি দিয়াৰ ফলতো বানপানীৰ মাত্ৰা বাঢ়িছে । বৃহৎ বান্ধৰ পানী এৰাৰ সমস্যা দক্ষিণ ভাৰতৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ এক অতি স্পৰ্শকাতৰ সমস্যা যাক লৈ এতিয়ালৈকে কোনো স্থায়ী সমাধান ওলোৱা নাই ।
কোনো সন্দেহ নাই যে ওপৰোক্ত আটাইবোৰ বিষয়ক বাদ দি মৌচুমী বতাহৰ দৰে প্ৰাকৃতিক প্ৰক্ৰিয়াক দুৰ্যোগ সৃষ্টিৰ উৎস হিচাপে জগৰীয়া কৰি প্ৰধান সেৱক আৰু তেওঁৰ সাংগোপাংগোসকল অস্হি ভগোৱা আৰু উটোৱাত ব্যস্ত হৈ আছে । কেৰেলাৰ ক্ষেত্ৰত যিদৰে পশ্চিম ঘাটৰ পাৰিৱেশিকভাৱে স্পৰ্শকাতৰ অঞ্চলত উন্নয়নৰ নামত চলা বৃহৎ নদীবান্ধ আৰু নিৰ্মাণ কাৰ্য্যই দুৰ্যোগ শংকাৰ পৰিমাণ বৃদ্ধি কৰিছে । ঠিক সেইদৰে অসমৰ প্ৰেক্ষাপটতো মন্ত্ৰী, আমোলা, ঠিকাদাৰৰ ইচাৰাত নিৰ্মাণ হোৱা মথাউৰি, সেইবোৰৰ কম আয়ুস, বহিঃৰাজ্যৰ বান্ধে এৰি দিয়া পানী তাকো কোনো আগজাননী নিদিয়াকৈ আদিবোৰে ভৌগোলিক চক্ৰবোৰক তথা পৰিৱেশৰ চৰিত্ৰক প্ৰাকৃতিকৰ পৰা ৰাজনৈতিকলৈ পৰিৱৰ্তিত কৰিছে । প্ৰতি বছৰে অসমত হোৱা বানপানী, স্থানান্তৰিত লোকৰ সমুখত জাউৰিয়ে জাউৰিয়ে প্ৰতিশ্ৰুতি, ভোট বেংকৰ প্ৰতিযোগিতাই অসমৰ বানপানীৰ চৰিত্ৰকো ভিন ভিন দৃষ্টিকোণেৰে চাবলৈ বাধ্য কৰিছে । পৰিৱেশকেন্দ্ৰিক আঁচনিসমূহ যদি কেৱল চৰকাৰী ফাইল, কাগজে পত্ৰই সোমাই থাকে আৰু বাস্তৱ পৰিসৰত উন্নয়নৰ নামত বৃহৎ নদীবান্ধ, ৰিজৰ্ট, হোটেলৰ চমকতে ৰৈ যায়, তেন্তে এই কথাত কোনো সন্দেহ নাই যে চৰকাৰে প্ৰকৃতি/ পৰিৱেশকো ৰাজনৈতিক উপাদান হিচাপে ব্যৱহাৰ কৰি আহিছে । এই সময় সেয়ে কেৰেলাক অত্যধিক গুৰুত্ব দিয়া বুলি আখেজ পতাৰ সময় নহয়, এই সময় দৰাচলতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰে পৰিৱেশৰ গুৰুত্ব বুজি দুৰ্যোগৰ প্ৰকৃত কাৰণ ফঁহিয়াই চোৱাৰ সময় । নহ'লে হাইব্রীড ৰাজনীতিৰ অংশ হৈ পৰা পৰিৱেশমূলক দুৰ্যোগ শংকা দূৰ কৰাটো আমাৰ বাবে হৈ পৰিব এক এৰাব নোৱাৰা ধাৰাবাহিক প্ৰত্যাহ্বানস্বৰূপ ।

টোকা : অসমৰ শেহতীয়া বানপানীৰ ফটো । উৎস ইণ্টাৰনেট । 

Tuesday 14 August 2018

যুদ্ধভূমিৰ কবি - সমীৰ তাঁতি



পুৰণি 'বুধবাৰ'ৰ পাত লুটিয়াই আছিলোঁ । উদ্দেশ্য আছিল বেলেগ । কিন্তু পাতবোৰে প্ৰিয় কবিৰ       'দিনলিপি'ত ৰৈ যাবলৈ বাধ্য কৰিলে । যাৰ কবিতাই সমাজ আৰু ৰাজনীতিৰ বহল পাঠবোৰলৈ আকৰ্ষিত কৰে,  তাকো কোনো থিয়'ৰি,  কোনো শ্লগানধৰ্মীতা নোহোৱাকৈয়ে । যাৰ কবিতাই মুক্তি আৰু শ্ৰমৰ প্ৰায়োগিক অৰ্থক সফলভাৱে বোধগম্য কৰায় আৰু নিজৰ নিজৰ স্থিতিৰ পৰা সমাজখনক কবিতাৰ চকুৰে চোৱাত উৎসাহিত কৰে,  তেওঁৰ গদ্য পঢ়ি শিহৰিত নহ'মনে !
যুদ্ধভূমিৰ কবিক লগ পালোঁ 'বুধবাৰৰ' দিনলিপিত ।

"এতিয়া কথাই প্ৰতি 'মূলসুঁতি'ৰ কথা কোৱা হয় ।  মূলসুঁতিৰ অৰ্থ কি কেৱল ইটোৱে সিটোৰ পাছে পাছে গৈ থকা গৰু ম'হৰ জাক?  মূলসুঁতিৰ মূল কোনটো?  সোঁতেই বা কাৰ ? সাধাৰণ খাটি খোৱা মানুহৰ বাবে 'মূলসুঁতি'ৰ তাৎপৰ্য ব্যাখ্যাৰে বা প্ৰয়োজন ক'ত ? নে ইও একপ্রকাৰৰ কৌশল ?  বুৰ্জোৱা বিজ্ঞাপনৰ চমৎকাৰ । অৰ্থাৎ যি বাটত কোনো প্ৰতিবাদ,  সংগ্ৰামী চিন্তা বা প্ৰতিৰোধ আন্দোলনৰ ভয় নাই,  সেই বাটেদি নিৰ্বোধ ভেড়াৰ দৰে সকলো প্ৰকাৰৰ শাসন,  শোষণ,  অন্যায়,  অত্যাচাৰ মানি অন্ধবিশ্বাসকে মূলধন কৰি লৈ গৈ থাকিব পাৰি । কোনো সুকীয়া জাতিসত্তা বা সুকীয়া সাংস্কৃতিক পৰিচয়ৰ প্ৰয়োজন নাই । সৰ্বত্ৰ কেৱল এটাই ভাষা,  এটাই সংস্কৃতি । মূলসুঁতিৰ দুইপাৰ । মূলসুঁতিত থাকিলেহে হেনো সুখ,  সমৃদ্ধি বৃদ্ধি পাব । চমৎকাৰ যুক্তি । "

 উৎস : বুধবাৰ,  ৬ নবেম্বৰ,  ১৯৯১,  পৃষ্ঠা ৭

সমীৰ তাঁতিৰ 'যুদ্ধভূমিৰ কবিতা'ই সমাজ জীৱনৰ কঠোৰ আৰু নিৰ্মম সত্যবোৰৰ মুখামুখি হোৱাৰ সাহস দিয়ে । 'যুদ্ধভূমিৰ কবিতাৰ প্ৰথম প্ৰকাশ ১৯৮৫ চনত । কিন্তু সংকলনখনৰ মাজেৰে প্ৰকাশিত ঐতিহাসিক দ্বন্দ্ববোৰৰ বাস্তৱিক ভিত্তি আজি পৰ্যন্ত একেই আছে । বোধকৰোঁ খুব কম সংখ্যক কবিয়ে কবিতাক মাধ্যম কৰি বিশ্বজনীন শোষণ আৰু মুক্তিৰ কথাবোৰ ক'ব পাৰিছে । তাৰ ভিতৰত সমীৰ তাঁতিৰ কবিতাবোৰো কেতিয়াবা অন্নবিহীন মানুহৰ বাবে এসাঁজ ভাতৰ দাম,  কেতিয়াবা চালিবিহীন ৰাতিবোৰৰ বাবে তম্বুৰ আশ্ৰয় ।

সমীৰ তাঁতিৰ কবিতাৰ মূল মাধ্যম time আৰু space । ১৯৯১ চনৰ ৩ জুলাই । 'দিনলিপি'ৰ পৃষ্ঠাত তেওঁ লিখিছে -

" একো একোটা শক্তিশালী ৰাষ্ট্ৰ বা সাম্ৰাজ্যৰ আঁৰত যি নিসংগতাবোধ বিৰাজ কৰে,  সি শোষিত জনসাধাৰণৰ সঞ্চিত বেদনাৰ প্ৰতিধ্বনি । নীৰৱতাৰ মাজেদি জিলিকি উঠা এই নিসংগতাবোধৰ পৰাই উঠি আহে জয় কৰাৰ বাসনা বা প্ৰতিৰোধৰ ক্ষমতা । গ্ৰীকসকলৰ বাবে নিৰ্জনতা আছিল ৰাষ্ট্ৰৰ পৰা নিৰ্বাসিত জীৱনৰ অসহনীয় মানসিক যন্ত্ৰণা আৰু আধুনিক যুগত শোষিত মানুহৰ বাবে স্বাধীন দেশো প্ৰবাসী জীৱনৰ নিসংগতাবোধৰ দৰে । সেই বাবে নিৰ্জনতা কাহানিও বন্ধ্যা নহয় ।"

নিৰ্জনতাক লৈ কবিৰ কোনো আক্ষেপ নাই । বৰঞ্চ আছে এক ৰৌদ্ৰজ্জ্বল উৎসাহ আৰু আশা । সেয়ে তেওঁৰ কবিতায়ো কঢ়িয়াই ফুৰে সেই একেই জয়ৰ প্ৰত্যাশা  -

সূৰ্য্যয়ো পঢ়িছিল তোমাৰ কবিতা । কাৰখানাৰ কাষেদি যাওঁতে ৰাতিপুৱাই ক'লে
শ্ৰমিকবোৰেও শুনিলে তোমাৰ কথা
মোৰ শিল্পীসকলে হেনো আঁকিব এখন ছবি তোমাৰ ভাষাৰে
তুমি যে কৈছিলা - জয় কৰিব লাগিব মৰণৰ অনন্ত নিৰৱতাক
( জোনাক ৰাতি তোমাক খোজ কাঢ়ি যোৱা দেখিছোঁ)

সমীৰ তাঁতিৰ শব্দবোৰক সময়ে স্বাধীন পৰিভাষাৰ মৰ্যদা প্ৰদান কৰিছে । এজন কবিয়ে সময়ৰ বুৰ্জোৱা একনায়কত্ব চিনিব নোৱাৰিলে,  বিশ্বাসঘাটক দৃশ্যবোৰক বুজিব নোৱাৰিলে কবিতাক জীৱনৰ উৎস কৰিব নোৱাৰে । সেয়ে তেওঁৰ কবিতাত এককেন্দ্ৰিক মূলভাৱৰ পৰিৱৰ্তে বহুধাবিভক্ত rhetoric বোৰৰ প্ৰাধান্য মনকৰিবলগীয়া । ১৯৯১ চনৰ ১৯ জুনত তেওঁৰ দিনলিপি পঢ়িলেই এই কথাৰ গভীৰতা বুজি পাব পাৰি -
" শাসকগোষ্ঠী আৰু সমাজৰ সুবিধাবাদী শ্ৰেণীয়ে সমাজৰ ক্ষোভ বা খণ্ডিত বিদ্ৰোহত চিৰকালেই বিচ্ছিন্নতাবাদী আন্দোলন নাইবা বিদেশী ৰাষ্ট্ৰৰ চক্ৰান্তৰ ভয়ংকৰ ৰূপ দেখে । আৰু তাকে সজাই পৰাই একোখন দেশৰ চৰকাৰী সংবাদজগত আৰু প্ৰচাৰ মাধ্যমে বহুলভাৱে প্ৰকাশ কৰে । ফলস্বৰূপে এখন দেশৰে একোটা অঞ্চলৰ নৈৰাশ্যই মানুহক সময়ৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে,  বৰং সুদৃঢ় কৰি তোলে আত্মবিশ্বাসৰ অহমিকা আৰু বিদ্ৰোহী ভাৱনাৰ ভেটিক ।"

এনে কাৰণতে সমীৰ তাঁতিৰ কবিতা মুখস্হ নকৰাকৈয়ে মনত থাকি যায় -

মন গ'লে এটা ৰাতিৰ ভিতৰতে বহু হাজাৰ লোকক হত্যা কৰিব পাৰি
আৰু ৰাতিৰ ভিতৰতে আয়োজন কৰিব পাৰি এক সুন্দৰ শোকসভা

সচৰাচৰ আমাৰ দেশত এইটোৱে সবাতোকৈ জনপ্ৰিয় গণতান্ত্ৰিক পদ্ধতি
( ভিৱাণ্ডি)

' কাক বোলে কবিতা যদিহে সি দেশ আৰু মানুহক বিপদৰ পৰা ৰক্ষা কৰিব নোৱাৰে ।'
চোছোৱাচ মিউচে কোৱা এই কথাই সমীৰ তাঁতিৰ 'দিনলিপি'কো উৎসাহিত কৰিছে । ১৬ অক্টোবৰ,  ১৯৯১ চনৰ দিনলিপিয়ে সেয়ে কৈছে নৈৰাশ্য আৰু নৈৰাজ্যৰ দিনবোৰত কবিতা আৰু সংগীতে দিয়া সাহসৰ কথা । সমীৰ তাঁতিৰ কবিতাও দুৰ্যোগৰ দিনৰ সেই পথবোৰৰ দৰেই হৈ পৰিছে যি পিয়াহত আৰ্তজনক এটা নিজৰাৰ সন্ধান দিব পাৰে  - ধ্বংসৰ পথৰ পৰা উভতি অহাজনক  মুক্তিৰ বাট এছোৱাৰ সন্ধান দিব পাৰে । তেওঁৰ কবিতা সেয়ে কেৱল সদ্যস্নাতা অনুভৱৰ বুৰবুৰণি নহয়,  বৰঞ্চ ঘৰ্মাক্ত হাত ভৰিয়ে জীপাল দিয়া নিৰাপত্তাহে । 'উখৰুলৰ ৰাতি'বোৰক লৈ কবি যিদৰে কঁপিছে, ' খাদ্যৰ অভাৱত মৰা শিশুবোৰ'ক লৈও তৃতীয় বিশ্বৰ অন্ধকাৰত জাঁপ দিছে । 'পাছপৰ্ট বিহীন মহান আন্তজার্তিকতা'ক লৈ সেই একেজন কবিয়ে সুঁৱৰিছে দীন কলিতাক ।

কোনো সন্দেহ নাই যে সমীৰ তাঁতিৰ কবিতা কেৱল সৌন্দৰ্য্যৰে আৱৰি থকা ৰসঘন বৰ্ণনাৰ কাব্যপ্ৰেম নহয় । তেওঁৰ কবিতাই নিপীড়িতসকলৰ চকুত চকু থৈ যুঁজাৰু সৈনিকলৈ পাঠকক ৰূপান্তৰিত কৰিব পাৰে । দেহত আইনৰ পোছাক পিন্ধা,  হাতত ৰাইফল লোৱা,  ৰাইজৰ নেতা হৈ ৰাইজলৈ পিঠি দিয়া,  মুখত শান্তিৰ বাণী লৈ মূলসুঁতিৰ কথা কোৱা মুখবোৰক চিনিবলৈ সমীৰ তাঁতিৰ কবিতাই যথেষ্ট । কাৰণ তেওঁৰ কবিতাই যিমান পোহৰ পোহে,  সিমানেই জালি বন্ধা অন্ধকাৰকো চোৱাৰ দুঃসাহস কৰে ।

প্ৰকাশ : মনৰ খবৰ,  জুলাই,  ২০১৮