বিশ্বৰ কোনো জাতিৰে ৰাজনৈতিক ইতিহাস সাংস্কৃতিক বিকাশৰ অবিহনে পূৰ্ণ নহয় । একোটা প্ৰজন্মৰ পৰা উত্তৰ প্ৰজন্মৰ বিকাশৰ বাবে এক গভীৰ আৰু সংগঠিত সাংস্কৃতিক গতিশীলতা লাগে । সাংস্কৃতিক গভীৰতাৰ অবিহনে জনগোষ্ঠীয় চেতনাসমূহৰ স্বাভাৱিক আদান - প্ৰদান সম্ভৱপৰ নহয় । শেহতীয়াকৈ অসমত ঘটি থকা ঘটনাসমূহে এফালে যেনেকৈ জনগোষ্ঠীসমূহৰ মাজৰ দূৰত্ব বৃদ্ধিৰ প্ৰশ্ন তুলিছে । আনহাতে তেনে দূৰত্বৰ অন্তৰালত গঢ় লৈ উঠা ঠেক, সংকীৰ্ণ ৰাজনীতিৰ সমালোচক লৈও নাগৰিক সমাজ চিন্তিত হৈছে । এনে চিন্তাবোৰে বাৰম্বাৰ সম্প্ৰীতিৰ ভাৰ্চুৱেল শ্লগানসমূহৰ অপাৰগতা প্ৰকাশ কৰি বিষ্ণু ৰাভাৰ আদৰ্শলৈ আমাক টানি লৈ গৈছে ।
পাহাৰ - ভৈয়ামৰ ইতিহাসত অসমৰ যিকেইজন ব্যক্তিৰ নাম সজোৰে উত্থাপন কৰা হয়, তাৰ ভিতৰত বিষ্ণু ৰাভাৰ নাম পোন প্ৰথমে স্মৰণীয় । তেওঁৰ সাম্যবাদী আদৰ্শৰ বহুতো দস্তাবেজ গ্লবেলাইজ দুনিয়াৰ পুঁজিবাদী দৌৰত মানি ল'বলৈ কষ্টকৰ হ'লেও, ৰাভাৰ সাংস্কৃতিক চেতনাৰে বিপ্লৱৰ প্ৰাসংগিকতাক কোনেও নুই কৰিব নোৱাৰে । সেই কথা বুজিবলৈ নখাট গাঁৱত পঞ্চায়ত কৰ্মীসকলৰ সৈতে হোৱা সভাত ৰাভাই দিয়া ভাষণেই যথেষ্ট -
"প্ৰথম পৰ্যায়ত বিপ্লৱীসকলে শ্ৰেণীবিভেদ, জাতিবিভেদ, ধৰ্মবিভেদ, সাৰশূন্য জাতি-দম্ভ আদি সকলোবিলাক কুসংস্কাৰ মনৰ পৰা দলিয়াই পেলাব পৰা অৱস্থালৈ আহিব পাৰিব লাগিব । নিজক সংস্কাৰ কৰাৰ পাছত সমাজ সংস্কাৰ কৰিব পৰা জনহে প্ৰকৃত বিপ্লৱী । কেৱল বিপ্লৱী স্বৰৰ গীত ৰচনা কৰি, গীত গাই, কবিতা লিখি, নাট লিখি আৰু সাহিত্য ৰচনা কৰিয়েই বিপ্লৱী হ'ব নোৱাৰে । সেইদৰে হোৱা হ'লে পৃথিৱীখন বিপ্লৱৰ ঢৌত উটি - বুৰি ফুৰিলেহেঁতেন । ভৱিষ্যতে এইখন দেশত অনেক ভুৱা বিপ্লৱীৰ সৃষ্টি হ'ব । সেইসকলক চিনি উলিয়াবৰ বাবে এই আন্দোলনে সকলোকে শিকনি দিব ।"
(উৎস: বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, প্ৰথম খণ্ড, পৃষ্ঠা শ)
বিষ্ণু ৰাভাই কৈ যোৱা এই কথা আজিৰ তাৰিখতো ইমান প্ৰযোজ্য । দিনে দিনে বাঢ়ি যোৱা ৰাস্তাৰ বিপ্লৱী, দিনে ৰাতিয়ে বাঢ়ি যোৱা ভাৰ্চুৱেল বিপ্লৱীৰ প্ৰয়োভৰ আৰু তেৰাসবৰ ৰাজনৈতিক ভেকোঁভাওনা দেখি ৰাভালৈ মনত নেপেলাই থাকিব নোৱাৰি ।
ৰাভাৰ ৰাজনৈতিক বিচক্ষণতাৰ মূল উৎস আছিল প্ৰতিটো জনগোষ্ঠীয় আৱেগ আৰু কৃষ্টিক সন্মান জনাব পৰা বিশালতা । ১৯৪৮ চনৰ ১৯/২০ ডিচেম্বৰত নগা পাহাৰৰ মোককচাঙত অনুষ্ঠিত নগা ছাত্ৰ সন্মিলনীত ৰাভাই গাইছিল -
"জাগিব লাগিব তই কছাৰী মিকিৰ
খাছী ৰাভা গাৰো মিৰি কুকী নগাবীৰ
খামটি মিচিমি আৱৰ লালুং লুচাই
চিংফৌ চিংটেং মণিপুৰী টাই
তিপৰা ডিমাছা অকা ডফলা ককাই
চুতীয়া দেউৰী টোটলা কোঁচ হাজং কছাৰী
জাগিব লাগিব তই জাগ
লচোন আগভাগ... ।"
আজিৰ তাৰিখত যেতিয়া আমি কোন অসমীয়া বুলি প্ৰশ্ন কৰি এজনে আনজনলৈ চাই আছো আৰু একে সময়তে বিদেশী চিনাক্তকৰণতো ব্যস্ত হৈছো - সেই সময়ত ৰাভাই দেখুৱাব বিচৰা 'সমিলমিল'ৰ অৰ্থ বুজি পোৱাটো কাৰোৰে পক্ষে সহজ নহয় । 'ট্ৰাইবেল'বোৰ অসমীয়া নহয় বুলি বৰফলাৰে চচিয়েল মিডিয়াত লিখোঁতে অথবা অসমীয়া সত্তাক উগ্ৰ জাতীয়তাবাদী সমীকৰণৰ আওঁতালৈ আনোতে আমি কিন্তু ৰাভাই দেখুওৱা সাংস্কৃতিক বিকাশৰ বাটটোলৈ মূৰ কৰি থকা নাই । ৰাভাই অসমীয়া কৃষ্টি-সংকৃষ্টিক ব্ৰহ্মপুত্ৰৰ বিশালতাৰ সৈতে তুলনা কৰিছিল যাৰ বাস্তৱতা আজিৰ প্ৰজন্মৰ বাবে ক্ষমতাৰ খোৱা- কামোৰা, স্বায়ত্ত শাসনৰ দাবী, আত্ম নিয়ন্ত্ৰণৰ দফাতে সীমাৱদ্ধ । ৰাভাই দেখুৱাব বিচৰা সাংস্কৃতিক বিশালতাৰ প্ৰকৃত ছবি এতিয়া উত্তৰ আধুনিক বিজ্ঞাপনলব্ধ আয়োজনতে সীমাৱদ্ধ । এনে আয়োজনৰ নাম কেতিয়াবা Ethnic food festival নহ'লেবা Ethnic celebration যিবোৰ জনগোষ্ঠীয় নৃত্যৰে আৰম্ভ হৈ পোৰা গাহৰি, সাঁজ, আপঙ, জুডিম্বাৰ আপ্যায়নতে শেষ । Ethnicity ৰ নামত চলিত এই চৰ্চাবোৰে কিমান দূৰলৈ সাংস্কৃতিক চেতনা প্ৰবাহৰ বাট ৰচে সেয়া এক অন্য প্ৰসংগ । কিন্তু এই প্ৰসংগক আমি যিমানেই অৱহেলা কৰোঁ, সিমানেই জাতীয় প্ৰশ্নবোৰকো অৱহেলা কৰা হয় - যিবোৰৰ ওপৰত ভিত্তি কৰিয়ে আমি অসমীয়াত্বৰ সংজ্ঞা বিচাৰি ফুৰিছোঁ ।
' ইতিহাসৰ ডাঙৰ গুণ পৰিৱৰ্তন ' - এই কথা সজোৰে কোৱা বিষ্ণু ৰাভাই সংগ্ৰামৰ প্ৰকৃত প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল । ইয়াৰ মূলতে আছিল ৰাইজৰ মাজতে ৰাইজৰ এজন হৈ থাকিব পৰা গুণ । সেয়ে তেওঁ কৈছিল -' মাৰ্ক্সবাদ লেনিনবাদে মোৰ চঞ্চল, অস্থিৰ শিল্পী জীৱনলৈ আনি দিছে সাগৰ সংগমৰ পূৰ্ণতা আৰু গভীৰতা ' । ৰাভাৰ সাংস্কৃতিক বিপ্লৱৰ যথাৰ্থতা আজিৰ তাৰিখতো প্ৰাসংগিক এই কাৰণেই যে তেওঁ ইয়াৰ মাধ্যমেৰে গণমুক্তিৰ বাট মুকলি কৰাৰ দুঃসাহস কৰিছিল । সেই একেজন ৰাভাই ১৯৬৭ চনত তেজপুৰৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে জয়ী হৈ কৈছিল ' I'm more an artist than a communist' (Source : Commission Paper book party pages, pp. 202 & 204) । বিষ্ণু ৰাভাই নিজৰ শিল্পী সত্তাক ৰাজনৈতিক ধাৰাৰ উপযোগী কৰি গঢ়িব পাৰিছিল তেওঁৰ বিশাল জনমুখী দৃষ্টিকোণৰ বাবে । যি দৃষ্টিকোণ আজিৰ তাৰিখত ভাৰ্চুৱেলী উপলব্ধ, অথচ বাস্তৱত অন্তঃসাৰশূন্য।
এনে অন্তঃসাৰশূন্যতাই জাতীয় আৱেগবোৰক মুহূৰ্তে মুহূৰ্তে 'কনফিউজড' কৰে । এনে দ্বিধাহীনতা বৰ্তমান প্ৰজন্মৰ একোটা স্বাভাৱিক চৰিত্ৰ যেন হৈ পৰিছে আৰু একে কাৰণতে ৰাজপথৰ আন্দোলনৰ প্ৰতি মানুহৰ আস্থা কমি আহিছে । জনতা আৰু নেতা সংযোগহীনতাত ভূগিছে । বিষ্ণু ৰাভাই আৰম্ভ কৰা কৃষক বিদ্ৰোহত 'নাঙল যাৰ মাটি তাৰ' বুলি সোচচাৰ কৰি উঠা জাতিৰ উত্তৰ প্ৰজন্মই ভূমিৰ অধিকাৰক লৈ সজাগ হ'বলৈ কিমান দূৰলৈ পাৰিছে ? মাটি জাতীয় পৰিচয়ৰ পৰা বহিৰাগত লুণ্ঠনলৈ পৰিৱৰ্তিত হৈছে । ৰাষ্ট্ৰই সম্পদৰ ওপৰত একচেতিয়া অধিকাৰ সাব্যস্ত কৰি পুঁজিপতিৰ হাতত সম্পত্তি গতাই আছে । এনেকুৱা সময়ত কেৱল ৰাজপথৰ আস্ফালনেই শেষ যুঁজ নহয় । ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক স্তৰৰ যুঁজখনৰ বাবে যি বৌদ্ধিক, আইনী সচেতনতাৰ আমাক প্ৰয়োজন তাৰ এক দীৰ্ঘায়ু কছৰতৰ প্ৰাসংগিকতা সেয়ে দিনে দিনে বাঢ়ি আহিছে । যাতে জ্যোতি, বিষ্ণুৰ পৰিৱৰ্তে কোনো দীনদয়ালৰ উৎপত্তিত জাতীয় ঐক্যৰ হানি নহয় । যাতে এডভানটেজ আচামৰ নামত আদৰি অনা বিকাশে কৃষকৰ নাঙল ভাঙি, ভৰিৰ তলৰ মাটি ৰামদেৱৰ নামত দুনাই হস্তান্তৰ কৰিব নোৱাৰে । যাতে শংকৰ মাধৱ আজান ফকীৰে প্ৰতিষ্ঠা কৰা মিলাপ্ৰীতিৰ চানেকিত কোনেও ধৰ্মৰ মোহৰ মাৰি গৰু খোৱা-নোখোৱাৰ বিভাজনেৰে, নদী-ভূমি পূজাৰে আমাক সোপাধৰাৰ ভয় দেখুৱাব নোৱাৰে ।
বিষ্ণু ৰাভাৰ প্ৰগতিশীল আদৰ্শক কেৱল প্ৰতীকবাদতে আৱদ্ধ কৰাৰ পৰিৱর্তে, সেই আদৰ্শৰ কাৰ্য্যকৰী, বস্তুনিষ্ঠ বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আজিৰ প্ৰজন্মই স্বীকাৰ কৰক । চকুৰ ক'লা কাপোৰ খুলি বিষ্ণু ৰাভাক চিনি পাওঁ আহক ।