Saturday, 20 November 2021

'নেট জিৰো' আৰু পশ্চিমীয়া জলবায়ু উপনিৱেশকতাবাদ 




অমিতাভ ঘোষে তেখেতৰ এটা ইণ্টাৰভিউত উল্লেখ কৰিছিল
এজন দাৰ্শনিক বন্ধুৰ কথা । যি এইদৰে কৈছিল,  "ভৱিষ্যতৰ সকলো অনুমান মৌলিকভাৱে ক্ষমতাৰ অনুমান।" এইকাৰণে প্ৰায় সদায়ে পশ্চিমীয়া বগা জাতিয়ে সেই অনুমানবোৰ কৰে, কিয়নো তেওঁলোকে সঁচাকৈয়ে ভৱিষ্যতে ক্ষমতাহীন হোৱাৰ শংকাত ভোগে।"

জলবায়ু সন্মিলনসমূহত পশ্চিমীয়া দেশবোৰে অনুন্নত তথা উন্নয়নশীল দেশসমূহক কাৰ্বন নিৰ্গমনৰ বাবে জগৰীয়া কৰাক লৈ যি বিতৰ্ক চলি আছে, তাত অমিতাভ ঘোষৰ দাৰ্শনিক বন্ধুজনৰ মতামতৰ কিছু সংযোগ ধৰা পৰে।

ঘোষে কয়, "যিসকল লোকে প্ৰথমে জলবায়ু সংকটৰ সন্মুখীন হৈছে তেওঁলোক নেতা, সংগঠক, বেচৰকাৰী পৰিৱেশ সংস্থাৰ বিপৰীত
প্ৰান্তত আছে। তেওঁলোক হৈছে কৃষক, মাছমৰীয়া, থলুৱা লোক নহ'লেবা অৰণ্যবাসী।  তেওঁলোকে ইতিমধ্যে নতুন জীৱিকা বিচাৰি স্থানান্তৰ কৰিব লগা হৈছে।"

এনে কাৰণতে চলিত COP ২৬ সন্দৰ্ভত ১৮ বছৰীয়া ছুইছ জলবায়ু কৰ্মী গ্ৰেটা থানবাৰ্গৰ মন্তব্য মনকৰিবলগীয়া। ৰাষ্ট্ৰসংঘৰ সন্মিলনক গ্ৰেটাই এক "বিফলতা" বুলি অভিহিত কৰে । তাৰ সমান্তৰালকৈ তেওঁ বিশ্বৰ আটাইতকৈ ধনী ৰাষ্ট্ৰসমূহে নিজৰ ৰাজনৈতিক শক্তিৰে ৰাষ্ট্ৰসংঘই ল'ব খোজা জলবায়ু সম্পৰ্কীয় সিদ্ধান্তসমূহক পৰিচালিত কৰে বুলিও সমালোচনা কৰে। গ্ৰেটাই লগতে আৰু কয়, "COP ২৬ ৰ মঞ্চ একধৰণৰ পি.আৰ. অনুষ্ঠানলৈ পৰিৱৰ্তিত হৈছে, য'ত নেতাসকলে সুন্দৰ ভাষণৰ মাধ্যমত আকৰ্ষণীয় প্ৰতিশ্ৰুতি ঘোষণা কৰাৰ বাহিৰে আন একো কৰিব পৰা নাই। আনকি এই ক্ষেত্ৰত বিশ্বৰ উন্নত দেশসমূহৰ চৰকাৰেও কোনো কঠোৰ জলবায়ু পদক্ষেপ ল'বলৈ আগবাঢ়ি অহা নাই।" 

নেট জিৰো' কি?


কোনো সন্দেহ নাই যে আন্তঃৰ্জাতিক স্তৰত গ্লাছগো জলবায়ু সন্মিলন আটাইতকৈ ধনী আৰু বিশ্বৰ সৰ্ববৃহৎ ঔদ্যোগিক ৰাষ্ট্ৰসমূহৰ দ্বাৰা পৰিচালিত এক চমকপ্ৰদ প্ৰদৰ্শন। উক্ত দেশসমূহ এফালে ঔদ্যোগিক ক্ষেত্ৰত অত্যন্ত উন্নত দেশ। অন্যহাতে এই দেশসমূহে একে সময়তে অনুন্নত দেশসমূহতো ঔদ্যোগিক হেঁচা দিয়াৰ প্ৰক্ৰিয়াত জড়িত হৈ আছে।  কিন্তু তাতোকৈও ডাঙৰ কথা, উন্নত দেশসমূহে কাৰ্বন নিৰ্গমন আৰু ঔদ্যোগিক পুঁজিৰ ক্ষেত্ৰত নিজকে নৈতিকভাৱে শুদ্ধ বুলি প্ৰমাণ কৰাৰ ন ন কৌশল উদ্ভাৱন কৰিছে । তাৰ পৰিৱৰ্তে দৰিদ্ৰ ৰাষ্ট্ৰসমূহ বছৰে বছৰে ইয়াক প্ৰতিফলিত কৰাত বিফল হৈ আহিছে। ইয়াৰ পাছফালে আছে দৰিদ্ৰ দেশসমূহে অনুকৰণ কৰা পশ্চিমীয়া উন্নয়নৰ নীতি আৰু অত্যাধিক জনসংখ্যাৰ বোজা। এনে কাৰণতে,  বহুতো সমালোচকৰ মতে,  'নেট জিৰো'ৰ ধাৰণাটো পশ্চিমীয়া দেশসমূহে কৰা কাৰ্বন নিৰ্গমনৰ বিফলতাক ঢাকি ৰখাৰো এক কৌশল; যিবোৰ প্ৰকৃততে
বায়ুমণ্ডলত অত্যধিক পৰিমাণৰ কাৰ্বন পাম্প কৰাৰ বাবে এককভাৱে দায়বদ্ধ । আৰু এতিয়া তাৰেই হেঁচা দৰিদ্ৰ ৰাষ্ট্ৰসমূহৰ ওপৰত। 

এই ক্ষেত্ৰত নেট জিৰো' কি তাক বুজাটো জৰুৰী । ই হৈছে এনে এক সীমাৰেখা য'ত এখন দেশৰ নৃতাত্ত্বিক কাৰ্বন নিৰ্গমন  বায়ুমণ্ডলৰ পৰা সমপৰিমাণৰ সেউজগৃহ গেছৰ সৈতে সন্তুলিত হয়, যাতে মুঠ নিৰ্গমন 'শূন্য' তকৈ বেছি নহয়। শেহতীয়াকৈ ভাৰতৰ 'নেট জিৰো'ৰ প্ৰতিশ্ৰুতিয়ে যথেষ্ট প্ৰচাৰ লাভ কৰিছে।  নৰেন্দ্ৰ মোডীৰ পাঁচ দফা কাৰ্যসূচীত উল্লেখ কৰা হৈছে যে, আহিবলগীয়া ২০৩০ চনৰ ভিতৰত ভাৰতৰ মুঠ আনুমানিক কাৰ্বন নিৰ্গমন এক বিলিয়ন টন হ্ৰাস কৰা হ'ব। কিন্তু প্ৰশ্ন হয়, এই প্ৰতিশ্ৰুতি সঁচা অৰ্থত  কিমান দূৰলৈ সম্ভৱ ?

নেট জিৰো'ত ভাৰতৰ ভূমিকা

এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্থিতি মনকৰিবলগীয়া। ২০১৫ চনৰ পেৰিছ চুক্তিৰ নিৰ্ধাৰিত লক্ষ্যত চহী কৰাৰ পাছতো ভাৰত কাৰ্বন নিৰ্গমনৰ দিশত অসচেতন দেশ হিচাপে বহুতো মঞ্চত ইতিমধ্যে সমালোচিত । ইয়াৰ মুখ্য কাৰণ হৈছে, দেশখনে এতিয়াও কয়লাৰ জৰিয়তে ইয়াৰ শক্তি খণ্ডৰ ৭০ শতাংশ প্ৰয়োজন পূৰণ কৰে। কোনো সন্দেহ নাই  যে কেৱল প্ৰতিশ্ৰুতিতে নেট জিৰো'ৰ লক্ষ্য সফল নহয়। ইয়াৰ বাবে গাঁথনিগত সংস্কাৰৰ সমানে দেশৰ চৰকাৰৰ ৰাজনৈতিক ইচ্ছাও অত্যন্ত দৰকাৰী । এনে কাৰণতে বহুতো পশ্চিমীয়া সংবাদ মাধ্যমে গ্লাছগো জলবায়ু সন্মিলনত ভাৰতৰ ভাষণক "উদ্বোধনী খেল" বুলি প্ৰচাৰ কৰিছিল।  





তাৰোপৰি ক'ভিড ১৯ ৰ পাছত দেশখনৰ আৰ্থসামাজিক অৱস্থা ধনীক শ্ৰেণীৰ পক্ষতহে অধিক স্পষ্ট।  যাৰ পৰিপ্ৰেক্ষিতত দেশৰ আৰ্থিকভাৱে নিম্ন শ্ৰেণীৰ দৰিদ্ৰতাৰ হাৰ আগতকৈও অধিক বৃদ্ধি পাইছে। দেশৰ বিভিন্ন অৰ্থনীতিবিদে এই কথাও প্ৰকাশ কৰিছে যে ভাৰতে আগন্তুক দশকবোৰত প্ৰচুৰ শক্তিৰ সুবিধা নোপোৱাকৈ মানুহক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিব নোৱাৰে। অৰ্থাৎ দেশৰ কোটি কোটি নাগৰিকৰ জীৱন-জীৱিকা এতিয়াও অনিশ্চিত । 


যদিওবা দেশৰ প্ৰধানমন্ত্ৰীয়ে এক ভাষণত উল্লেখ কৰিছে যে জলবায়ু সংকট হ্ৰাস কৰাৰ বাবে ভাৰতে নিশ্চিত ভাৱে কাম কৰিব। কিন্তু শেহতীয়া জলবায়ু সন্মিলনসমূহত দেশখনৰ অস্পষ্ট স্থিতিয়ে দেশৰ সচেতন নাগৰিক সমাজক বিপাঙত পেলাইছে। ভাৰতৰ ক্ষেত্ৰত কাৰ্বন নিৰ্গমন হ্ৰাস কৰা যথেষ্ট কঠিন। কিয়নো দেশখনে ইয়াৰ দ্ৰুত বিকাশৰ প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্য ৰাখি বিশ্বব্যাপী ক্ষীপ্ৰতাৰে হ্ৰাস হোৱা  কাৰ্বন বাজেটৰ সৈতে সমতা স্থাপন কৰিব লাগিব। তাৰ লগতে জলবায়ু সংক্ৰান্তীয় প্ৰতিশ্ৰুতিবোৰ উপযুক্তভাৱে সফল কৰিবলৈ চৰকাৰে প্ৰয়োজনীয় আঁচনি আৰু আইন দুয়োটাই সুচাৰুৰূপে গঠন তথা কাৰ্যক্ষম কৰিব লাগিব। 




গ্লাছগোত অনুষ্ঠিত জলবায়ু সন্মিলনত নৰেন্দ্ৰ মোডীৰ ঘোষণাসমূহ এই সন্দৰ্ভত মন কৰিবলগীয়া। একোখন দেশৰ উচ্চাকাঙ্ক্ষা আৰু উন্নয়নৰ সিদ্ধান্ত কেৱল মাত্ৰ মুষ্টিমেয় নেতাসকলৰ সিদ্ধান্ত গ্ৰহণৰ অধিকাৰতে সীমাৱদ্ধ নহয়। ইয়াৰ বাবে বহনক্ষম উন্নয়নৰ লক্ষ্য আগত ৰাখি ৰাষ্ট্ৰ এখন পৰিচালিত হোৱাটো অত্যন্ত প্ৰয়োজনীয় । 



বেংগালুৰুৰ নেচনেল ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজৰ সহযোগী অধ্যাপক তেজল কানিটকাৰে ইণ্ডিয়ান এক্সপ্ৰেছত লিখিছে, "জলবায়ু পৰিৱৰ্তনৰ ওপৰত আন্তঃচৰকাৰী পেনেলৰ আটাইতকৈ শেহতীয়া প্ৰতিবেদন অনুসৰি,  ধনী দেশবোৰে নেট-জিৰো পোৱাৰ আগতে তেওঁলোকৰ বাকী থকা কাৰ্বন বাজেটৰ পৰিমাণ ৰাজহুৱা কৰিব লাগিব। আহিবলগীয়া দিনত পৃথিৱীখন ক'লৈ গৈ আছে নিৰ্ধাৰণ কৰাত এই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ।"
তেখেতৰ বক্তব্যই বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দিশে আঙুলিয়ায়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থিতি

১৯৯১ চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হোৱা আৰু ১৯৯২ চনৰ মে'  মাহলৈকে চলি থকা জলবায়ু সংক্ৰান্তীয় আলোচনাৰ সময়ত উন্নয়নশীল ৰাষ্ট্ৰসমূহে "সমতাৰ ওপৰত আধাৰিত এক চুক্তিৰ বাবে হেঁচা দিছিল; যাতে জলবায়ু পৰিৱৰ্তন যে মূলতঃ উন্নত দেশসমূহত উদ্ভৱ হোৱা কাৰ্বন নিৰ্গমনৰ ফল" , সেই কথা তথ্যসহঃ পোহৰলৈ আহে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে উন্নত ৰাষ্ট্ৰসমূহে সম্পূৰ্ণৰূপে এই প্ৰস্তাৱ অস্বীকাৰ কৰিছিল। 

এই দিশত অত্যন্ত লক্ষ্যণীয় যে, ঐতিহাসিকভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে আটাইতকৈ ডাঙৰ প্ৰদূষণকাৰী ৰাষ্ট্ৰসমূহে জলবায়ু আলোচনাৰ সময়ত প্ৰতিশ্ৰুতিবোৰ আওকাণ কৰিবলৈ যথাসাধ্য চেষ্টা চলায় । ১৯৯২ চনত জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচন (ইউএনএফচি)ত ভাৰতক প্ৰতিনিধিত্ব কৰা চন্দ্ৰশেখৰ দাসগুপ্তাই ভাৰতত আমেৰিকান পাৰ্ফিডি ইন দা ৱাৰ্মিং ৱৰ্ল্ডৰ বিষয়ে লিখিছে।।।।

কাৰ্বন নিৰ্গমন আৰু জলবায়ু বিত্ত

জলবায়ু প্ৰশমনৰ ক্ষেত্ৰত অগ্ৰগতিৰ বাবে একোখন ৰাষ্ট্ৰক মোটা 'জলবায়ু বিত্ত'ৰো প্ৰয়োজন। ২০০৯ চনত কোপেনহেগেনত অনুষ্ঠিত COP-১৫
ত একধৰণৰ চুক্তি লোৱা হৈছিল। এই চুক্তি অনুসৰি উন্নত ৰাষ্ট্ৰবোৰে ২০২০ চনৰ পৰা পাঁচ বছৰৰ বাবে উন্নয়নশীল ৰাষ্ট্ৰসমূহক প্ৰতি বছৰে ১০০ বিলিয়ন ডলাৰ 'জলবায়ু বিত্ত' বিতৰণ কৰিব। অৱশ্যে এই চুক্তিক বহুতেই "উন্নত দেশবোৰৰ ক্ষতিপূৰণৰ বাবে অনুন্নত দেশবোৰক কৰা ব্যৱহাৰ" বুলি সমালোচনা কৰিছিল। এণ্টিগুয়া আৰু বাৰ্বুডাৰ পৰিৱেশ মন্ত্ৰী মলউইন জোছেফে 'ফাইনেন্সিয়েল টাইমছ'ক জনোৱা অনুসৰি এইটো কোনোধৰণৰ "হেণ্ডআউট" নাছিল। লগতে তেওঁ কৈছিল যে, " উন্নত দেশবোৰৰ অপব্যয়ৰ ফলস্বৰূপে বায়ুমণ্ডলত সৰ্বাধিক কাৰ্বন নিৰ্গত হয়। গতিকে,  তেওঁলোকে নিজেই তাক পৰিশোধ কৰা উচিত।"

ফাইনেন্সিয়েল টাইমছত প্ৰকাশিত তথ্য অনুসৰি, ১৯৯৭ চনৰ কিয়োটো প্ৰটোকলৰ পৰা প্ৰত্যাহাৰ কৰা আৰু ২০১৫ চনত পেৰিছ চুক্তিৰ পৰা ওলাই অহা আমেৰিকা যুক্তৰাষ্ট্ৰই "জলবায়ু বিত্তৰ ন্যায্য অংশ গ্ৰহণ কৰাৰ দিশত আটাইতকৈ কম অগ্ৰগতি লাভ কৰিছে ।" তাৰোপৰি আমেৰিকা যুক্তৰাজ্যই ফ্ৰান্স, জাৰ্মানী, জাপান বা যুক্তৰাজ্যতকৈ কম পুঁজি প্ৰদান কৰে, যদিওবা ইয়াৰ অৰ্থনীতি সেই সকলোবোৰ দেশতকৈ ডাঙৰ। আন্তৰ্জাতিক জলবায়ু বিত্ত প্ৰদানৰ বাবে দায়বদ্ধ ২৩ খন উন্নত দেশৰ ভিতৰত কেৱল মাত্ৰ তিনিখন দেশ, ক্ৰমান্বয়ে জাৰ্মানী, নৰৱে আৰু চুইডেনে বাৰ্ষিক ১০০ বিলিয়ন ডলাৰৰ লক্ষ্যৰে তেওঁলোকৰ ন্যায্য অংশ পৰিশোধ কৰি আহিছে।

জলবায়ু ৰাজনীতি কোন দিশলৈ ?

১৮৫০ চনৰ ঔদ্যোগিক বিপ্লৱৰ আৰম্ভণিৰে পৰা বায়ুমণ্ডলত কাৰ্বন নিৰ্গমন বৃদ্ধি পাইছে । গতিকে কোনো সন্দেহ নাই যে জলবায়ু পৰিৱৰ্তন সম্পূৰ্ণৰূপে সাম্ৰাজ্য স্থাপন অৰ্থাৎ ঔপনিৱেশিকতাবাদী বাটটোৰে এক পাৰ্শ্বক্ৰিয়া। ব্ৰিটিছ সাম্ৰাজ্য মূলতঃ জীৱাশ্ম ইন্ধনৰ ওপৰতে নিৰ্মাণ কৰা হৈছিল।  কয়লাৰ আৱিস্কাৰ আৰু ব্যৱহাৰৰ নিপুণতাই উক্ত সাম্ৰাজ্যক বাকী বিশ্বতকৈ কৰি তুলিছিল আৰ্থিক আৰু সামৰিকভাৱে অধিক শক্তিশালী । সেয়ে আজিৰ তাৰিখত নেট জিৰো' আৰু পশ্চিমীয়া জলবায়ু উপনিৱেশকতাবাদক বুজাটো অত্যন্ত জৰুৰী। কাৰণ ইয়াৰ গুৰুতৰ প্ৰতিফল ভূগিব থলুৱা, কম জনসংখ্যাৰ জাতিসমূহে - যিবোৰৰ দুৰ্যোগ প্ৰশমনৰ ক্ষমতা কম। লগতে স্থানান্তৰ কৰাৰ সুচলতাৰ পৰাও বঞ্চিত।  এনে কাৰণতে জলবায়ু প্ৰব্ৰজনৰ দৰে বিষয় ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত ৰাজনীতিৰ অংশ হৈ পৰিছে। এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ উদাহৰণ হৈছে বাংলাদেশৰ পৰা অসমৰ দিশে হোৱা অনুপ্ৰৱেশ। অতি পৰিতাপৰ বিষয় এয়ে যে এনেধৰণৰ ৰাজনৈতিক সমস্যাসমূহ জলবায়ু ৰাজনীতিৰ দিশৰ পৰা স্থানীয় স্তৰত আলোচনা হোৱা নাই।