Sunday, 15 May 2022

বিশ্ববিদ্যালয়ৰ ধাৰণা

উচ্চ শিক্ষাৰ কেন্দ্ৰ বিশ্ববিদ্যালয় 

সমাজত আধুনিক চিন্তা আৰু চেতনাৰ প্ৰসাৰ আৰু প্ৰচাৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত থাকে একোখন বিশ্ববিদ্যালয় । ভাৰতৰ ক্ষেত্ৰত এই যাত্ৰা আৰম্ভ হৈছিল কলিকতাৰ পৰা । ১৮৫৭ চনত গভৰ্ণৰ জেনেৰেল লৰ্ড কেনিঙৰ প্ৰশাসনিক কাৰ্যকালত স্থাপিত হৈছিল কলিকতা বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ৰ প্ৰাথমিক উদ্দেশ্য আছিল সমাজৰ সকলো শ্ৰেণী আৰু সম্প্ৰদায়ক সামৰি 'শিক্ষাৰ নিয়মীয়া আৰু উদাৰ পাঠ্যক্ৰম অনুসৰণ' কৰা । তাৰপাছতো উচ্চ শিক্ষাৰ উদ্দেশ্য কেৱল ডিগ্ৰীতে সীমাৱদ্ধ হোৱা নাছিল। কলিকতাৰ পৰাই আৰম্ভ হৈছিল  নৱজাগৰণ । শিক্ষা, সংস্কৃতি, ৰাজনীতি সকলোকে সামৰি বাংলা নৱজাগৰণে পাছলৈ থিয় হোৱাৰ সাহস দিছিল ব্ৰিটিছৰ বিৰুদ্ধেও।  স্থিতাৱস্থাই অচল কৰা দিনবোৰত বিশ্ববিদ্যালয় কি অথবা বিশ্ববিদ্যালয়ৰ ধাৰণা কি? যোৱা কিছু বছৰ ধৰি নাগৰিক সমাজে এই প্ৰশ্ন এৰাই চলিছে । বিশ্ববিদ্যালয় কেৱল এক অনুষ্ঠান নে ব্যৱস্থা তাক বুজাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে । কাৰণ একোখন বিশ্ববিদ্যালয়ে বহন কৰা চেতনাই সমগ্ৰ সমাজখনৰে প্ৰাসংগিক আৰু দূৰদৰ্শী প্ৰজন্ম একোটাৰ জন্ম দিয়ে । ১৫০ বছৰ আগতে 'দ্য আইডিয়া অফ এ ইউনিভাৰ্চিটি'ত জন হেনৰী নিউমেনে উল্লেখ কৰিছিল যে বিশ্ববিদ্যালয় হৈছে 'সাৰ্বজনীন জ্ঞান শিকোৱাৰ স্থান' যি পাণ্ডিত্য আৰু মানৱতাৰ বাৰ্তাৰে একোখন সমাজক পোহৰাই তোলে । কিন্তু আজিৰ তাৰিখত ভাৰতৰ বিশ্ববিদ্যালয়সমূহে শৈক্ষিক কেন্দ্ৰ হিচাপে স্বাধীন, উদাৰ আদৰ্শক কিমান পৰিমাণে প্ৰতিনিধিত্ব কৰাত সফল হৈছে, সেয়া সন্দেহজনক । 



এই কথা অনস্বীকাৰ্য যে বিশ্ববিদ্যালয় কেম্পাছসমূহ গণতান্ত্ৰিক মতবাদৰ ভিত্তিত পৰিচালিত স্বতন্ত্ৰতাৰ পৰিৱৰ্তে সমুখীন হৈছে চৰম হিন্দুত্ববাদী আগ্ৰাসনৰ।  সুশাসন আৰু বৈজ্ঞানিক দায়বদ্ধতাৰ অবিহনে একোখন বিশ্ববিদ্যালয়ে যিকোনো ধৰণৰ গৱেষণা আৰু চিন্তনৰ ক্ষেত্ৰত কোনো নতুন বিশ্লেষণ কঢ়িয়াবলৈ সক্ষম হ'ব নোৱাৰে ।  এই কথা আমাৰ ব্যক্তিগত মতামত নহয় । জেএনইউৰ দেশদ্ৰোহী বিতৰ্ক,  ডক্টৰেট শিক্ষাৰ্থীৰ 'গৱেষণাৰ বিষয়' নিয়ন্ত্ৰণ কৰিবলৈ দিয়া চৰকাৰী নিযুক্তি, ভাৰতীয় ইতিহাসৰ নানা তথ্যৰ হিন্দুত্বকৰণ, ৰোহিত ভেমুলাৰ আত্মহত্যাৰ ৰাজনীতিকৰণ আদি বিষয়বোৰে বিশ্ববিদ্যালয়ৰ ধাৰণা সম্পৰ্কে নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে ।  


 উচ্চ শিক্ষাৰ উদ্দেশ্য 

 উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ে এক উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পণ্ডিত বা ব্যক্তিৰ সম্প্ৰদায় দুয়োটাকে প্ৰতিনিধিত্ব কৰে।  বিশ্ববিদ্যালয় হৈছে এনে এক প্ৰতিষ্ঠান যি সকলো লিংগকে ধৰ্ম, ভাষা, জাতিৰ ঊৰ্ধত কলা আৰু বিজ্ঞান, আৰু পৰম্পৰাগত পেছাদাৰী শাখাত উচ্চ স্তৰৰ বৌদ্ধিক বিকাশলৈ লৈ আহে, আৰু উচ্চ-স্তৰৰ গৱেষণাৰ প্ৰচাৰ কৰে। অৰ্থাত বিশ্ববিদ্যালয়ে অধ্যয়ন আৰু গৱেষণাত নিয়োজিত ব্যক্তিৰ এটা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে । এখন বিশ্ববিদ্যালয় হৈছে সেয়ে বৃত্তিসমূহৰ বাবে সাৰ্বজনীন জ্ঞান আৰু উচ্চ দক্ষ মানৱ শক্তিৰ উৎস।  এৰিষ্টটলৰ যুগত শিক্ষাৰ উদ্দেশ্য আছিল বিদ্বান নাগৰিকৰ উৎপাদনৰ জৰিয়তে সমাজৰ  প্ৰয়োজনীয়তা পূৰণ কৰা । দাৰ্শনিকভাৱে, শিক্ষাৰ সৈতে দুটা গুৰুত্বপূৰ্ণ প্ৰশ্ন জড়িত থাকে- শিক্ষা কি? আৰু শিক্ষা কিহৰ বাবে? জাৰ্ভিছৰ মতে শিক্ষা হৈছে এক "সংগঠিত আৰু নিৰন্তৰ নিৰ্দেশনা যাক জীৱনৰ সকলো কাৰ্যকলাপৰ বাবে মূল্যৱান জ্ঞান, দক্ষতা আৰু বুজাবুজিৰ সংমিশ্ৰণত প্ৰস্তুত কৰা হয়।" চীনা দাৰ্শনিক কনফুচিয়াছৰ বাবে, "শিক্ষা হৈছে ব্যক্তিসকলক সমাজত একত্ৰিত কৰাৰ এক প্ৰক্ৰিয়া যি সমাজত সম্প্ৰীতি বৰ্তাই ৰাখে"।  চীনৰ মাণ্ডাৰিন আমোলাতন্ত্ৰৰ বাবে কনফুচিয়ান বিদ্যালয়, মধ্যযুগীয় ভাৰতৰ পুৰোহিত আৰু সন্ন্যাসীসকলৰ বাবে হিন্দু গুৰুকুলা আৰু বৌদ্ধ বিহাৰ, ইছলামৰ মোল্লা আৰু কোৰাণৰ বিচাৰকসকলৰ বাবে মাদ্ৰাছা, ইছলামিক শিক্ষাত কোৰাণৰ বিচাৰ,  প্ৰাক-কলম্বিয়ান আমেৰিকাৰ পুৰোহিত জ্যোতিৰ্বিজ্ঞানীসকলৰ বাবে এজটেক আৰু ইনকা মন্দিৰ বিদ্যালয়, জাপানী ছামুৰাইৰ বাবে টোকুগাৱা হান বিদ্যালয় - এই আটাইবোৰৰ পৰা আঁতৰি মধ্যযুগীয় ইউৰোপত বিশ্ববিদ্যালয় শিক্ষা আৰু বৃত্তিৰ স্বায়ত্তশাসিত অনুষ্ঠান হিচাপে মূৰ ডাঙি উঠিছিল।   

 পশ্চিমীয়া সমাজত, প্লেটোৱে উচ্চ শিক্ষাৰ উদ্দেশ্যক "আদৰ্শ সমাজৰ বাবে ব্যক্তিৰ খেতি" বুলি গণ্য কৰিছিল। বিশ্ববিদ্যালয়ে সেয়ে বুজায় শিকাটো কোনো প্ৰতিদ্বন্দিতা অথবা প্ৰতিযোগিতা নহয় , ই এক কথোপকথন ।  নিউমেনৰ মতে সেয়ে "বিশ্ববিদ্যালয়  শিক্ষাৰ উদ্দেশ্য হৈছে দৃষ্টিভংগীৰ এক নিৰ্দিষ্ট সম্প্ৰসাৰণ, মনৰ পৰিৱৰ্তন, চিন্তাৰ অভ্যাস, আৰু সামাজিক আৰু নাগৰিক আদান-প্ৰদানৰ সামৰ্থ্যপ্ৰাপ্তি" । "উদাৰ শিক্ষা"ই হৈছে নিউমেনৰ বাবে বিশ্ববিদ্যালয়ৰ মুখ্য উদ্দেশ্য । আনহাতে, জেস্পাৰছে যুক্তি দিয়ে যে বিশ্ববিদ্যালয়খন সত্যৰ সন্ধানৰ এক স্থান। 

সত্যৰ বাবে গৱেষণাৰ প্ৰণালীবদ্ধ পদ্ধতিৰ প্ৰয়োজন, যি হৈছে এখন বিশ্ববিদ্যালয়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিন্তা। এখন বিশ্ববিদ্যালয়ৰ দ্বিতীয় উদ্দেশ্য হৈছে শিক্ষাদান, কিয়নো গৱেষণা কৰা সত্য শিক্ষাদানৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব। এখন বিশ্ববিদ্যালয়ৰ তৃতীয় কাৰ্য হৈছে মিশ্ৰিত সংস্কৃতিৰ মাজতো গণতন্ত্ৰৰ অনুশীলন।  জৱাহৰলাল নেহৰুৰ বাবে এখন বিশ্ববিদ্যালয়ৰ ধাৰণা আছিল "মানৱতাবাদ, সহিষ্ণুতা, প্ৰগতি, ধাৰণাসমূহৰ দুঃসাহসিক অভিযান আৰু সত্যৰ সন্ধানৰ বাবে আগবাঢ়ি যোৱা।"   যদি বিশ্ববিদ্যালয়সমূহে তেওঁলোকৰ দায়িত্ব পৰ্যাপ্তভাৱে পালন কৰে, তেন্তে  সমাজো ভাৰসাম্যতাৰে চলি থাকে।  সমগ্ৰ ইতিহাসত, বিশ্ববিদ্যালয়বোৰে তিনিটা ইণ্টাৰলকিং ভূমিকা পালন কৰে। জ্ঞান সংৰক্ষণ আৰু আৱিষ্কাৰ; সমাজত বহলকৈ প্ৰতিভা আৰু ধাৰণাৰ সম্প্ৰসাৰণ; সমাজৰ জটিল সমস্যাৰ সমাধানৰ ক্ষেত্ৰত পথ প্ৰদৰ্শকৰ দায়িত্ব পালন কৰা। এই ভূমিকাবোৰে নতুন প্ৰজন্মৰ বৌদ্ধিক তথা সামাজিক কচৰৎৰ বাবে অতি প্ৰয়োজনীয়।   




বিশ্ববিদ্যালয়: ৰাষ্ট্ৰৰ বিবেক 


 আধুনিক অনুষ্ঠান হিচাপে ভাৰতীয় বিশ্ববিদ্যালয়ৰ ইতিহাস মূলতঃ আছিল ঔপনিৱেশিক । ঔপনিৱেশিক শাসনৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা বেতনভোগী পদসমূহ পূৰণ কৰাৰ বাবে মূলতঃ স্নাতক প্ৰস্তুত কৰাৰ বাবেহে বিশ্ববিদ্যালয় শিক্ষাক গুৰুত্ব দিয়া হৈছিল। যদিওবা নিউমেনে কোৱাৰ দৰে শিক্ষা আৰু গৱেষণাৰ সংমিশ্ৰণ আছিল বিশ্ববিদ্যালয়ৰ আদৰ্শক প্ৰতিনিধিত্ব কৰা অন্যতম উদ্দেশ্য।  আচৰিত নহয় যে ভাৰতৰ বিশ্ববিদ্যালয়সমূহে শিক্ষা দান আৰু গৱেষণাক উন্নত কৰাত, পণ্ডিত আৰু বিজ্ঞানীসকলৰ একেখন মঞ্চৰ জন্ম দিয়াত সম্পূৰ্ণ ভাৱে সফল হোৱা নাছিল।  তাৰ পৰিৱৰ্তে বিশ্ববিদ্যালয়সমূহ পৰিণত হৈছিল একধৰণৰ স্নাতক উৎপাদন প্ৰতিষ্ঠানলৈ । বেটিলে আমাক সোঁৱৰাই দিয়ে যে এটা প্ৰতিষ্ঠানে নিজকে নিজৰ ইতিহাসৰ পৰা মুক্ত কৰাটো কঠিন ।  

ভাৰতীয় উচ্চ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত শিকা আৰু পাহৰি যোৱা দুয়োটা ইতিহাস হৈ আহিছে। স্বাধীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহে সমতা আৰু গণতন্ত্ৰৰ অনুশীলনৰ বাহে সেয়ে যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল। শেহতীয়াকৈ উদাৰীকৰণৰ পৰিপ্ৰেক্ষিতত, বিশ্ববিদ্যালয়ৰ সংখ্যা তথা নামভৰ্তিও বৃদ্ধি পাইছে।  ভাৰতীয় বিশ্ববিদ্যালয়সমূহে পাৰ কৰা  পৰিৱৰ্তনবোৰ মূল্যায়ন কৰি অপূৰ্বানন্দে সেইবোৰক ৰূপকভাৱে 'স্থবিৰ পুখুৰী' আৰু 'এক সম্প্ৰসাৰিত মৰুভূমিৰ' সৈতে তুলনা কৰিছে। ভাৰতীয় বিশ্ববিদ্যালয়সমূহ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সন্মুখীন হোৱা সময়ত সেয়ে 'বিশ্ববিদ্যালয়ৰ ধাৰণা কি' তাক বিশ্লেষণ কৰাটো খুবেই প্ৰয়োজনীয়। ব্ৰিটিছ কেথলিক যাজক জন হেনৰী নিউমেনে ১৯৯৬ চনতে "বিশ্ববিদ্যালয়ৰ ধাৰণা"ৰ ওপৰত এক টোকা প্ৰস্তুত কৰিছিল। এই ধাৰণাই বিশ্ববিদ্যালয়সমূহৰ পৰা নাগৰিক হিচাপে আমাৰ প্ৰত্যাশা কি তাক বুজিবলৈ এটা বাট কাটিবলৈ সক্ষম হৈছিল।  কোঠাৰী কমিচন, ১৯৬৬ য়ে কোৱা অনুসৰি বিশ্ববিদ্যালয়সমূহ 'ৰাষ্ট্ৰৰ বিবেক' । আমেৰিকান সাহিত্য সমালোচক ষ্টেনলি ফিচৰ মতে উচ্চ শিক্ষাই বিশ্ব সমাজক বাট দেখুৱাত অধিক গুৰুত্ব দিয়া উচিত, ৰাজনীতি বাদ দিয়া উচিত আৰু শিক্ষাতে মনোনিৱেশ কৰা উচিত।  

 অপূৰ্বানন্দৰ The Idea of a University প্ৰকাশ পাইছিল ২০১৮ চনত । উল্লেখযোগ্য যে এই সংকলনটোৱে বিশ্ববিদ্যালয়ৰ প্ৰাথমিক উদ্দেশ্য আৰু ইমেজক লৈ কিছু কথা নতুনকৈ চিন্তা কৰিবলৈ সুযোগ দিয়ে। সংকলনটোৰ আৰম্ভণিতে অপূৰ্বানন্দই ব্যাখ্যা কৰিছে কেনেকৈ উচ্চ শিক্ষাৰ প্ৰধান কেন্দ্ৰসমূহ উগ্ৰ হিন্দুত্ববাদী আদৰ্শৰ চিকাৰ হ'বলৈ আৰম্ভ কৰিছে । সংকলনটোৰ মুঠ ১৮ টা প্ৰবন্ধই শেহতীয়াকৈ দেশৰ বিশ্ববিদ্যালয়সমূহে কঢ়িওৱা বিভিন্ন বিতৰ্কক প্ৰতিনিধিত্ব কৰিছে । সুধী মহলে সদায়ে স্বীকাৰ কৰি আহিছে যে বিশ্ববিদ্যালয় কেৱল শিক্ষা গ্ৰহণৰে কেন্দ্ৰ নহয় । বিশ্ববিদ্যালয়ে একোটা প্ৰজন্মৰ চিন্তা, চেতনাৰ মেৰুদণ্ড গঢ়ে আৰু তাক বহল পৰিসৰলৈ পৰ্যবেক্ষিত কৰে । 

এই প্ৰক্ৰিয়া ধাৰাবাহিকভাৱে চলি থাকে । কিন্তু আজিৰ তাৰিখত বিশ্ববিদ্যালয় বুলি ক'লে আমি ইউ জি চিতকৈ ওপৰলৈ গৈ ভাবিব নোৱাৰো । অৱশ্য এই সীমাৱদ্ধতাৰ ইতিহাস দীঘলীয়া । কাৰণ ভাৰতীয় উচ্চশিক্ষা বৃটিছৰ তত্ত্বাৱধানত জন্ম হোৱা। এই ক্ষেত্ৰত আমি সতকাই এৰাই চলো উচ্চ শিক্ষা ব্যৱস্থাত এতিয়াও চলি থকা উপনিৱেশকতাবাদৰ কথা । উক্ত সংকলনখনত সন্নিৱিষ্ট নন্দিনী সুন্দৰৰ প্ৰবন্ধই বিশেষভাৱে উল্লেখ কৰিছে ভাৰতীয় উচ্চ শিক্ষা ব্যৱস্থাত দেখা দিয়া পদ্ধতিগত সমস্যাৰ কথা । এই সমস্যাক তেখেতে massification নামেৰে অভিহিত কৰিছে । তেখেতৰ মতে ১৯৫০ চনৰ পৰা দেশৰ উচ্চ শিক্ষাত ৭৫ শতাংশ নামভৰ্তি বাঢ়িছে । 

কিন্তু সাম্প্ৰতিক সময়ত দুই তৃতীয়াংশতকৈও বেছি ছাত্ৰ-ছাত্ৰী ব্যক্তিগত পৰ্য্যায়ৰ উচ্চ শিক্ষানুস্থানসমূহৰহে অন্তৰ্ভুক্ত। উচ্চ শিক্ষানুষ্ঠানৰ ব্যক্তিগতকৰণৰ ক্ষেত্ৰত অন্য কেইটামান দিশ চোৱাটো খুবেই প্ৰয়োজনীয়। নিয়োগৰ অধিকাৰ আৰু শিক্ষাদানৰ স্বাধীনতা তাৰ ভিতৰত অন্যতম।  কিন্তু এই দুয়োটাই বৰ্তমান আমাৰ দেশত তথা ৰাজ্যত অতি সমস্যাকাতৰ বিষয়। উচ্চ শিক্ষাক বহুতে খৰছী আৰু নিবনুৱা উৎপাদনকাৰী এক ব্যৱস্থা হিচাপেহে উল্লেখ কৰিব বিচাৰে । এই সমালোচনাৰ প্ৰধান কাৰণ হৈছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত হোৱা ব্যয় আৰু উচ্চ শিক্ষিত হোৱাৰ পাছতো সমুখীন হোৱা তীব্ৰ নিবনুৱা সমস্যা ।  


 নতুনৰ বাবে সাজু হোৱা, নতুনক সাজু 

কৰা বিশ্ববিদ্যালয়সমূহ নিজে নিজে সলনি হৈছে বুলি কৈ আমি কিন্তু দায় সাৰিব নোৱাৰো । সমাজে সেইবোৰৰ পৰা কি বিচাৰে তাৰ ভিত্তিতো বিশ্ববিদ্যালয় একোখনে প্ৰতিনিধিত্ব কৰিব খোজা প্ৰশ্নৰ বহু সাল-সলনি হৈছে । এই খিনিতে প্ৰশ্ন হয় বিশ্ববিদ্যালয়ক কেনে ধৰণে আৰু কিমান পৰিমাণে ৰাজহুৱা প্ৰতিষ্ঠান হিচাপে বিবেচনা কৰা উচিত? সামগ্ৰিকভাৱে উচ্চ শিক্ষাৰ গুৰি ধৰা বিশ্ববিদ্যালসমূহে গাঁথনিগত নিযুক্তি আৰু মানদণ্ডৰ বাবে শৈক্ষিক স্বাধীনতা ব্যৱহাৰ কৰিব পাৰিছেনে? আভ্যন্তৰীণ প্ৰতিষ্ঠানগত সংস্কাৰৰ গ্ৰহণযোগ্যতাৰ সৈতে শৈক্ষিক আদৰ্শবাদক মিলাব পাৰিছেনে? এই প্ৰশ্নবোৰে অতি প্ৰয়োজনীয় আন এটা প্ৰশ্নৰ ওচৰ চপাই নিয়ে -বিশ্ববিদ্যালয়সমূহে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কোনবোৰ ?  শৈক্ষিক স্বাধীনতাৰ প্ৰশ্ন উচ্চ শিক্ষানুষ্ঠানসমূহৰ কাৰ্যদক্ষতাৰ বাবে অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত ভাৰতৰ উচ্চ শিক্ষাৰ ৰাজনৈতিক অৰ্থনীতিক (Political Economy) বুজাটোৱো অতি গুৰুত্বপূৰ্ণ। সংকলনখনত অন্তৰ্ভুক্ত হোৱা  দেৱেশ কাপুৰৰ প্ৰবন্ধ অনুসৰি বৰ্তমান ভাৰতীয় উচ্চ শিক্ষা 'ভাৰতীয় ৰাজনীতিৰ আনুষংগিক ক্ষতি' । 

সেয়েহে ভাৰতীয় উচ্চ শিক্ষাৰ জটিলতা আৰু বৈচিত্ৰক বুজিবলৈ সামাজিক বৈষম্য, ৰাজনৈতিক পৃষ্ঠপোষকতা আৰু ৰাষ্ট্ৰৰ প্ৰকৃতিক বুজাটোৱো অতি দৰকাৰী।   অৱশ্যে বিশ্ববিদ্যালয় এখন কিহৰ বাবে তাৰ কোনো একমাত্ৰিক ধাৰণা নাই। আমাক উচ্চ শিক্ষাৰ প্ৰয়োজন ভৱিষ্যতৰ চিন্তাবিদসকলৰ প্ৰশিক্ষণৰ বাবে , আঁচনি প্ৰস্তুত কৰাসকলৰ অনুশীলনৰ বাবে, বিশুদ্ধ আৰু গুৰুত্বপূৰ্ণ গৱেষণাৰ বাবে , বাণিজ্যিক গতিশীলতাৰ বাবে , অনুশাসনমূলক পৰম্পৰা তথা শৈক্ষিক দায়বদ্ধতাক উচ্চ স্থানত সংস্থাপিত কৰাৰ বাবে ।  এনে কাৰণতে উচ্চ শিক্ষাৰ প্ৰতি অহা সংকট গণতন্ত্ৰৰ প্ৰতি অহা সংকটেই। 

ভাৰতৰ দৰে বহুল জনসংখ্যাৰ দেশ এখনত বিশ্ববিদ্যালয়ৰ ধাৰণা জীয়াই ৰখাটো কিমান প্ৰয়োজনীয় তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। যিসময়ত গণতন্ত্ৰ কেৱল শক্তিশালী পক্ষৰ নিৰ্দেশিত কণ্ঠস্বৰ হৈ পৰিছে , সেই সময়তে উচ্চ শিক্ষাৰ উদ্দেশ্য আৰু ইমেজক জীয়াই ৰখাটোৱো অতি প্ৰয়োজনীয় হৈ পৰিছে । বিশ্ববিদ্যালয়ৰ কংক্ৰিট সংজ্ঞাৰ উপৰিও ইয়াক জীয়াই ৰাখিব লাগিব প্ৰগতিশীল শৈক্ষিক মূল্যবোধ আৰু সামাজিক দৃষ্টিভংগীৰ সুৰক্ষাৰ খাতিৰত। গতিকে,  বিশ্ববিদ্যালয় কি তাৰ ধাৰণা হৈছে একধৰণৰ বৈপ্লৱিক আৰু পৰিৱৰ্তনমুখী ধাৰণা । ই একে সময়তে গতিশীল অথচ ৰেডিকেল। ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ যাত্ৰাও এক পৰিৱৰ্তনমুখী চেতনাৰেই আৰম্ভ হৈছিল ।  

বিশ্ববিদ্যালয়সমূহৰ প্ৰসংগই আছিল নতুনৰ বাবে সাজু হোৱা, নতুনক সাজু কৰা । ফলস্বৰূপে, ভাৰতে ১৮৫৭ চনৰ আৰম্ভণিতে বিশ্ববিদ্যালয় স্থাপন কৰাৰ সৌভাগ্য হৈছিল । কাকতলীয়ভাৱে এই জোৱাৰ দেশৰ তিনিওখন মুখ্য চহৰত প্ৰায় একেসময়তে আহিছিল। কলিকতা, বোম্বাই আৰু মাদ্ৰাজ বিশ্ববিদ্যালয় একে বছৰতে প্ৰতিষ্ঠা কৰা হৈছিল । তাতোকৈও গুৰুত্বপূৰ্ণ যে ভাৰতীয় বিশ্ববিদ্যালয়সমূহ এশ শতাংশ পশ্চিমীয়া প্ৰটোটাইপৰ ওপৰত আধাৰিত নাছিল । লগতে উচ্চ শিক্ষাৰ এই অনুষ্ঠানবোৰ ঐতিহাসিকভাৱেও গুৰুকুল অথবা মাদ্ৰাছা পৰম্পৰাৰ বিলুপ্তিৰ ভিত্তিতো আধাৰিত নাছিল। উল্লেখনীয়ভাৱে  পশ্চিমৰ বিপৰীতে ভাৰতৰ বিশ্ববিদ্যালয়বোৰ জ্ঞানৰ বিকাশৰ সৈতে তাল মিলাবলৈ নহয়, বৰঞ্চ ঔপনিৱেশিক শাসকসকলৰ দ্বাৰা গ্ৰহণ কৰা স্বাৰ্থ পূৰণ কৰাৰ বাবেহে স্থাপিত হোৱাৰ কথা বহুজনে স্বীকাৰ কৰে । তাৰ পাছৰ পৰ্যায়ত এই অনুষ্ঠানবোৰ শাসকীয় দলবোৰৰ নিজৰ স্বাৰ্থ বিশেষকৈ ৰাজনৈতিকভাৱে গণনা কৰা উন্নয়নৰ কাৰ্যসূচী তথা নৱ-উদাৰবাদী শাসনৰ স্বাৰ্থ পূৰণ কৰাৰ মাধ্যম হিচাপেও ব্যৱহাৰ হৈছিল।   

 কিন্ত শেহতীয়া বহুতো ঘটনাই দেখুৱাইছে উচ্চ শিক্ষাক ৰাজনীতিৰ পৰা পৃথক কৰাটো দেশত সহজ নহয় । উচ্চ শিক্ষাক কেৱল মাত্ৰ নম্বৰ কেন্দ্ৰিক কৰি পেলোৱাৰ দৌৰত প্ৰজন্মৰ মাজত critical thinking ৰ ধাৰণাটোৱে উহ্য হৈ পৰিছে । যিটো ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ২০২০ ৰ এক অন্যতম উদ্দেশ্য। ইয়াৰ ফলত আন প্ৰয়োজনীয় লক্ষ্যসমূহৰ পৰিৱৰ্তে কেৱল মাত্ৰ নিয়োগৰ বাবে এখন মোটা মাৰ্কচিটৰ লোভত উচ্চ শিক্ষাৰ উদ্দেশ্যক সীমাৱদ্ধ কৰি পেলোৱা হৈছে। অসমৰ বাহিৰৰ উচ্চ শিক্ষানুষ্ঠানত পঢ়াৰ সুযোগ, শিক্ষাবৃত্তি থকাৰ পাছতো ছাত্ৰ সমাজ বহু ক্ষেত্ৰত আকৰ্ষিত নহয় কাৰণ বাহিৰৰ শিক্ষানুষ্ঠানতকৈ ইয়াৰে বিশ্ববিদ্যালয়ত নম্বৰৰ পৰিমাণ যথেষ্ট বেছি। যিহেতু নিয়োগৰ বাবেও কেৱল মাত্ৰ নম্বৰকে শেষ গুৰুত্ব দিয়া হয়, সেয়ে জে এন ইউ অথবা দিল্লী বিশ্ববিদ্যালয়ৰ দৰে উচ্চ শিক্ষানুষ্ঠানত পঢ়াৰ পাছতো অসমৰ কলেজত নিয়োগৰ সম্ভাৱনা একেবাৰে কম থাকে। ইয়াৰ ফলত এচাম মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে গৱেষণা তথা প্ৰচুৰ অধ্যয়নৰ পাছতো অসমৰ বাবে নিজৰ অৰিহণা যোগোৱাত চৰম ব্যৰ্থ হয়।


শেষ প্ৰশ্ন

 যদি নম্বৰেই উচ্চ শিক্ষাৰ একমাত্ৰ প্ৰয়োজন হলহেঁতেন তেন্তে বিশ্ববিদ্যালয় আৰু অন্য শিক্ষানুষ্ঠানৰ মাজত কি পাৰ্থক্য থাকিলহেঁতেন নে? বিশ্ববিদ্যালয়ক দেশৰ বিবেক হিচাপে প্ৰজেক্ট কৰাৰ প্ৰয়োজনবোধ হলহেঁতেন নে? এইখিনিতে উল্লেখ কৰিব পাৰি যে ইউৰোপৰ বিশ্ববিদ্যালয়সমূহ সমগ্ৰ বিশ্বতে আটাইতকৈ বেছি গ্ৰহণযোগ্য এইবোৰে মুকলি কৰা নতুন গৱেষণা, বিদেশী ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰা ছাত্ৰ বৃত্তি তথা উদাৰ শৈক্ষিক কেম্পাছৰ বাবে । সামগ্ৰিকভাৱে ভাৰতৰ বিশ্ববিদ্যালয়সমূহে সন্মুখীন হোৱা অৱক্ষয়ে সেয়ে জোৰকৈয়ে প্ৰশ্ন কৰে - উচ্চ শিক্ষাৰ অবিহনে সমাজ তিষ্ঠিব পাৰিব নে ?