Sunday, 10 September 2023

শিক্ষক নে ছাত্ৰ- কোন বেছি অসুৰক্ষিত? 

 

শিক্ষক নে ছাত্ৰ- কোন বেছি অসুৰক্ষিত? 

সমাজ দিনে দিনে খহিবলৈ আৰম্ভ কৰিছে আৰ্থিক সংকটত, সামাজিক অসুৰক্ষাত, মানসিক অস্থিৰতাত; তেনে এখন সমাজৰ এখন উচ্চ শিক্ষাৰ অনুষ্ঠানত এচাম তৰুণে শিক্ষয়িত্ৰীক মৰেল পলিচিং কৰিলে। চুৰিদাৰ পিন্ধি অহাৰ বাবে। আমাৰ সকলোৰে খংবোৰ উজাই আহিল। অতদিনে জমা কৰি থোৱা খং। সমাজ, চিষ্টেম, ক্ষমতাৰ শীৰ্ষত থকাসকলৰ বিপক্ষে জাৰিব নোৱাৰা খঙবোৰ আমি জোৰেৰে জোকাৰিলো কেইজনমান ছাত্ৰ নেতাৰ ওপৰত। দেখাত সাংঘাটিক ৰেডিকেল ঘটনা। কিন্তু খন্তেক ৰৈ পাছলৈ ঘূৰি চালে দেখিব এই পৰিস্থিতিলৈ সমাজ পিছুৱাই যোৱাৰ বাবে জগৰীয়া কোন ? কেইজনমান ছাত্ৰ নেতাৰ ওপৰতে সমস্ত দোষ জাপি দিলেই সমাজ ব্যৱস্থাৰ হাড়ে হিমজুৱে শিপাই থকা পুৰুষতান্ত্ৰিক ধাৰণা নোহোৱা হৈ যাব নে ? এনে উচ্চ শিক্ষাৰ অৰ্থইবা কি যি অতদিনে ছাত্ৰ সমাজৰ চিন্তন আৰু মননক চুই যাব পৰা নাই। অলপ জুম কৰি চালে দেখা পাব ইয়াৰ বাবে আমি, সমাজ, শিক্ষা ব্যৱস্থা, নীতি আৰু নীতিৰ জন্ম দিয়া সকলোবোৰেই দায়ী। 


বিগত কিছুদিন ধৰি মহিলাৰ বিশেষকৈ চাকৰিয়াল মহিলাৰ পোছাকক লৈ যথেষ্ট বিতৰ্ক চলিল। বিদ্যালয় পৰ্য্যায়ত শিক্ষয়ত্ৰীয়ে চুৰিদাৰ পিন্ধি যাব পৰাৰ চৰকাৰী অনুমোদন পৰ্যন্ত জাৰী হ'ল । কিন্তু এবাৰ চকু ফুৰাই চাৱক চৌপাশে কিমান তেনে শিক্ষয়িত্ৰীয়ে এই সুবিধা উপভোগ কৰি আছে। যিখন ঘৰৰ পৰা এগৰাকী শিক্ষয়িত্ৰী ওলাই যায়, সেই ঘৰখনে অথবা তেওঁৰ সমাজখনে বিচাৰে মহিলাই কাম কৰাটো, কিন্তু নিবিচাৰে ড্ৰেছ ক'ড সলনি হোৱাটো। আনকি এই ক্ষেত্ৰত মহিলায়ে মহিলাৰ বিপক্ষে মন্তব্য কৰিলে। এই ঘটনাৰ বিৱৰণী যেনেকৈ চলিল মিডিয়াত, তাৰ বিশ্লেষণ আমি নিজে নকৰিলো। পৰিৱৰ্তন বিচৰা একোটা চাম ওলাই অহা সময়ত তাৰ বিপৰীতে সদায় থিয় হয় যি তেনে পৰিৱৰ্তন নিজৰ বয়সত উপভোগ কৰিবলৈ নাপালে। আৰু তেওঁলোকেই নতুন চামক পদে পদে শাসন তথা দমনৰ চিকাৰ কৰিব খোজে। এতিয়া প্ৰশ্ন হয়, এনে দমন প্ৰতিৰোধ কৰা সম্ভৱনে ? 




এই প্ৰশ্নৰ উত্তৰ পাবলৈ কেৱল এখন কলেজ নহয়, আমি প্ৰতিটো উচ্চ শিক্ষা অনুষ্ঠানৰ বন্ধ খিৰিকীবোৰ খুলি চাব লাগিব। য'ত অতদিনে শ্বাসৰুদ্ধ অৱস্থাত পৰি আছে কৰ্মচাৰীৰ নিজৰ স্বাধীনতা। চিলেবাছত জেণ্ডাৰ, নাৰীবাদ সোমোৱাৰ পাছতো কোনো এক আন্ধাৰ ক্লাছৰুমৰ চুকত নিজৰে ভিতৰৰ দেধাৰ খং মকৰাজালৰ দৰে ওলমি আছে। যাক পৰিস্কাৰ কৰাৰ দায়িত্ব শিক্ষক আৰু ছাত্ৰ সমাজে উমৈহতীয়াকৈ পালন কৰাত ব্যৰ্থ হৈছে। কিন্তু ইয়াৰ বাবে কেৱল শিক্ষকেই দায়ী নেকি ? 


দায়ী এই শিক্ষা ব্যৱস্থাও । যি ক্ৰমান্বয়ে চিন্তা কৰিব পৰা সুযোগবোৰ চিলেবাছ, চেচনেল, চি জি পি এ, এম চি ক্যুত সীমিত কৰি আনিছে। ইয়াৰ মাজত শিক্ষাৰ্থীৰ মাৰ্কচৰ বাহিৰে একোৰে উন্নয়নৰ বাট নাই। আনকি মুকলিকৈ চিন্তা কৰাৰ অথবা ভাবিবলৈ শিকোৱাৰ কোনো কৌশল এই শিক্ষা ব্যৱস্থাত নাই। এখন শিক্ষানুষ্ঠান কেৱল মাত্ৰ ক্লাছ কৰিবলৈ, পৰীক্ষা অনুষ্ঠিত কৰিবলৈ, অথবা নাকৰ পৰিদৰ্শনৰ যা যোগাৰ কৰিবলৈ নহয়। এখন কলেজ এখন সমাজৰ প্ৰতিবিম্ব। তাত যদি ভাবৰ আদান প্ৰদানৰ কোনো থল নাই, যুক্তি আৰু তৰ্কৰ কোনো উন্মেষ নাই, বাদ আৰু আদৰ্শৰ কোনো অনুশীলন নাই, তাক কেৱল অনুশাসনে পৰিচালনা কৰিব নোৱাৰে। আজিৰ শিক্ষা ব্যৱস্থা অনুশাসনত আৰম্ভ কৰি আৰু অনুশাসনতে সীমিত কৰি এনে এক পৰ্যায়লৈ লৈ যোৱা হৈছে, য'ৰ পৰা সমাজৰ সৈতে ইয়াৰ কোনো যোগসূত্ৰ নাই। দৰ্শন আৰু জীৱনবোধৰ কোনো পৰিৱেশ নাই। এনে এক পৰিৱেশত শিক্ষাৰ্থীও ঠেক পৰিসৰৰ ৰাজনীতিৰ চিকাৰ হৈছে নেকি ? যি ৰাজনীতিয়ে সাধাৰণতে গ্ৰাস কৰে একোটা সৰু অনুষ্ঠানৰ কেন্দ্ৰত ? 

এই প্ৰশ্নৰ উত্তৰ সকলোৰে ওচৰত নিশ্চয় বেলেগ বেলেগ পৰিসৰত মজুত আছে। তালৈ যোৱাটো আমাৰ এই লেখাৰ উদ্দেশ্য নহয়। কিন্তু তাৰ পাছতো অলপ গভীৰলৈ গ'লে ধৰিব পাৰি 'শিক্ষক সমাজে'ই এতিয়া শিক্ষানুষ্ঠানৰ বাহিৰৰ বৃহত্তৰ সমাজখনৰ পৰা বহু দূৰৈত। আটাইতকৈ ডাঙৰ উপভোক্তা শ্ৰেণী হিচাপে পৰিচিত হোৱাৰ পাছত শিক্ষক সমাজ ক্ৰমান্বয়ে বিচ্ছিন্ন হৈ পৰিছে সামাজিক কাঠামোৰ পৰা। শিক্ষাদান, পদোন্নতিৰ বাবে নিজৰ শৈক্ষিক কেৰিয়াৰ উন্নত কৰা, তথা ব্যক্তিগত জীৱন এই চক্ৰটোৰ পৰা ওলাই বৃহত্তৰ সমাজৰ কথা ভাবিবলৈ শিক্ষকৰ সময় ক'ত ! 




নে এনে এক পৰ্যায়লৈ শিক্ষকক লৈ যোৱা হৈছে? য'ত ৰৈ সমাজ বীক্ষণ , আলোচনা, সমালোচনাৰ বাটেৰে এক নিৰাপদ দূৰত্বৰ পৰা আগবাঢ়িব নোৱাৰি? এই প্ৰশ্ন আজিৰ শিক্ষক সমাজে নিজকে কৰা উচিত। আজিৰ উঠি অহা প্ৰজন্মইও ভাবি চোৱা উচিত তেওঁলোকৰ কান্ধত বন্দুক থৈ আচলতে ট্ৰীগাৰ কোনে দবাইছে। এই জটিল প্ৰশ্নৰ সহজ উত্তৰ কেইবাটাও অপচনত নাই। বৰঞ্চ ইয়াৰ ব্যাখ্যাহে আছে। সমাজ নামৰ এই ধূসৰিত পৰিস্থিতিত এজনে আনজনক নিয়ন্ত্ৰণ কৰাকে ক্ষমতাৰ সমাৰ্থক বুলি ভবাৰ কুটিল ৰাজনীতি তৰুণৰ চকুৱে মুখে শোভা নাপায়। নাৰীক নিয়ন্ত্ৰণ কৰিব পাৰিলেই পৃথিৱী জয় কৰা বুলি বুকু উফন্দি উঠা যৌৱনক লৈ কবিতা লিখা নাযায়। এখন শিক্ষানুষ্ঠানৰ কলেজ ইউনিয়নৰ প্ৰতিনিধিত্ব কৰাসকলে এই কথা পাহৰি যোৱা অনুচিত যে তেওঁলোকে এখন সমাজকো নেতৃত্ব দিয়ে। তেওঁলোকৰ পৰাই আৰম্ভ হ'ব পাৰে নতুন বিপ্লৱ- চিন্তা আৰু চেতনাৰ বিপ্লৱ যি সমাজৰ অন্যায় আৰু অসমতাৰ বিপক্ষে নিজৰ মাত মাতিব পাৰে। যি পৰিয়াল, শিক্ষানুষ্ঠানত বৰ্তি থকা লিংগ বৈষম্য দূৰ কৰিব পাৰে। তৰুণসকলে বুজা উচিত সমাজৰ হাজাৰ খহনীয়াৰ সময়ত নতুন স্বপ্ন দেখিবৰ বাবে, নতুন বাট ৰচিবৰ বাবে, নতুনকৈ থিয় হ'বৰ বাবে স্বাধীন, গণতান্ত্ৰিক, আধুনিক আৰু সমঅধিকাৰৰ বাৰ্তা তেওঁলোকেই কঢ়িয়াব লাগিব। কিন্তু এই বাটত তেওঁলোক অকলশৰীয়া নহয়। এই বাটত আজিৰ প্ৰজন্মই আটাইতকৈ ওচৰত পাব এদল শিক্ষকক যি দীঘল দৌৰৰ বাবেই সাজু হৈ আহিছে। তৰুণসকলে মনত ৰখা ভাল, শিক্ষক আৰু ছাত্ৰৰ লক্ষ্য একেই - সমাজত আধুনিক আৰু ধনাত্মক চেতনাৰ সঞ্চাৰ কৰা। ম'ৰেল পলিচিং কৰি আনক শোষণ, দমন কৰা নহয়। ব্যৱস্থাই সকলোকে ভাগ ভাগ কৰাৰ সময়ত; মানুহক হতাশা আৰু দৰিদ্ৰতাই কোঙা কৰা এই জটিল সময়ত; ধৰ্ম, জাতি, ভাষা, লিংগক লৈ সমাজ টুকুৰা টুকুৰ হোৱা এই কুটিল সময়ত শিক্ষক আৰু ছাত্ৰ সমাজেই যদি এক হৈ নাথাকে, সমাজ নামৰ সত্বাটো কাৰ ভৰষাত জী থাকিব? এবাৰ ভাবো আহক ।