েহম বৰুৱাই লিখিছিল গান্ধীজী, আইনষ্টাইন আৰু আনৱিক শক্তি - এই তিনিটা হৈছে বিংশ শতাব্দীৰ আটাইতকৈ উল্লেখযোগ্য ঘটনা প্ৰৱাহ। এখন যুদ্ধ ক্ৰমাগত ভাৱে বিয়পি আহি আছে। গাজাৰ পৰা লেবানন পাইছেহি। airstrikes, bombardment ৰ ফলত প্ৰায় ২ মিলিয়নতকৈ অধিক মানুহ গৃহহীন হৈছে, কিমান যে শিশুৰ মৃতদেহৰ ওপৰেদি পাৰ হৈ যাযাবৰ হৈছে প্ৰাণ বচা মানুহবোৰ। ফটোবোৰ চাব নোৱাৰি। দেশ বেলেগ, ধৰ্ম বেলেগ, ভাষা বেলেগ বুলি ভাবি আমিও পাহৰিবলৈ চেষ্টা কৰিছো যুদ্ধৰ বিভীষিকা। কিন্তু এই যুদ্ধ মহামাৰীৰ দৰে বিয়পি আহি আছে। অনুপ্ৰৱেশকাৰীৰ বাবে দেশবোৰত আগতকৈও নিয়ম কঠোৰ হৈছে। অথচ দেশবিহীন মানুহৰ সংখ্যা কি অদ্ভুত হাৰত বাঢ়িছে। গণতন্ত্ৰ আৰু নেতৃত্ব, যুদ্ধ, সামাজিক সমতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত আমাৰ মাত কমি অহাৰ সময়ত মনলৈ প্ৰশ্ন আহিছে মহাত্মা গান্ধী আজিও প্ৰাসংগিক নে ? আধুনিক বিশ্বত, স্বাধীন ভাৰতত এনে প্ৰশ্ন কৰাৰ সময়ো আহিব পাৰে কোনেও হয়তো কল্পনাই কৰা নাছিল। পাৰ্ক, অফিচ, সংগ্ৰহালয়, নোটত গান্ধীৰ প্ৰতিমূৰ্তি ভৰপূৰ হৈ থকাৰ পাছতো দেশত গান্ধীৰ ভাবাদর্শৰ কথা পাতিবলৈ শূণ্যতা অনুভৱ কৰাটো চৰম বিপৰ্যয়ৰ নিদৰ্শন।
Tuesday, 1 October 2024
মহাত্মা গান্ধী আজিও প্ৰাসংগিক নে ?
গান্ধী আছিল একেসময়তে দেশপ্ৰেমিক আৰু আন্তঃৰাষ্ট্ৰীয়তাবাদী । তেওঁ ভাৰতীয় সভ্যতাৰ সমৃদ্ধি আৰু ঐতিহ্যৰ শলাগ লৈছিল যদিও ভালদৰে জানিছিল যে বিংশ শতিকাত নাদৰ ভেকুলী হৈ দেশ ৰক্ষা কৰিব নোৱাৰি। ইয়াৰ বাবে ৰাজনৈতিক আৰু অৰ্থনৈতিক বিচক্ষণতাৰো প্ৰয়োজন। ইতিহাসবিদ সুনীল খিলনানীয়ে কৰা মন্তব্য অনুসৰি, গান্ধীয়ে কেৱল ইংৰাজৰ লগতে যুঁজ দিয়া নাছিল, তেওঁ ভাৰতীয় সমাজত প্ৰচলিত ব্যাপক বৈষম্যৰ বিৰুদ্ধেও যুঁজিছিল । ভাৰতীয়সকলক প্ৰকৃত স্বাধীনতাৰ বাবে অধিক উপযুক্ত কৰি তোলাৰ উদ্দেশ্যতে অস্পৃশ্যতাৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিছিল। গণতন্ত্ৰ আৰু নেতৃত্ব, সাংস্কৃতিক বহুত্ববাদ, সামাজিক সমতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত গান্ধীৰ অভিমত আছিল স্পষ্ট। গান্ধীৰ কেৱল বৌদ্ধিক বা ৰাজনৈতিক মতানৈক্য আছিল কিন্তু তাৰ বাবে তেওঁ হিংসাক প্ৰশয় দিয়া নাছিল। আনৰ মত শুনা আৰু আলোচনা কৰা গান্ধীৰ বাবে গণতন্ত্ৰৰ প্ৰথম চৰ্ত আছিল। তেওঁ বিশ্বাস কৰিছিল অহিংস নহ'লে সত্যৰ পথেৰে চলিব নোৱাৰি। তেওঁৰ বাবে সত্য আৰু অহিংসা একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি। গান্ধীয়ে অহিংসাক তিনিটা পৰ্যায়ত আলোচনা কৰিছে। প্ৰথমটো সাহসীৰ অহিংসা, দ্বিতীয়তে দুৰ্বলৰ অহিংসা আৰু তৃতীয়তে কাপুৰুষৰ অহিংসা। প্ৰতিপক্ষ হিংসুক বুলি জানিও অবিৰত ভাৱে চলাই যোৱা অহিংসাই হৈছে সাহসীৰ অহিংসা। কোনো সন্দেহ নাই ইয়াৰ বাবে প্ৰচুৰ সাহস আৰু ধৈৰ্য্যৰ প্ৰয়োজন। দুৰ্বলৰ অহিংসা পৰিস্থিতিৰ বাধ্যবাধকতাত পৰি লোৱা হয় য'ত অহিংসাৰ সৰ্বাত্মক বিশ্বাস নাথাকে। বৰঞ্চ ই কোনো বিষম পৰিস্থিতিত হিংসালৈহে পৰিণত হ'ব পাৰে। কাপুৰুষৰ অহিংসা ভয় আৰু উপায়হীনতাত লোৱা অহিংসা। দমন আৰু নিৰ্যাতনত থকা মানুহে সক্ৰিয় প্ৰতিৰোধ কৰিবলৈ অপাৰগ। তেনে মানুহৰ আত্মসমৰ্পণৰ আচৰণহে থাকে। সাম্প্ৰতিক সময়ত এইধৰণৰ অহিংসাৰ বাবেই সমাজৰ মুষ্টিমেয় শ্ৰেণীৰ মাজত একধৰণৰ নিৰৱতা পৰিলক্ষিত হয়। এই নিৰৱতা একধৰণৰ ৰাজনৈতিক নিৰৱতা । এনে নিৰৱতাক প্ৰতিৰোধলৈ ৰূপান্তৰিত কৰা কঠিন কিন্তু ক্ৰোধ অথবা হিংসালৈ পৰিণত কৰাটো যে জটিল নহয়, সেয়া শেহতীয়া বহু ঘটনাই প্ৰমাণ কৰিছে।
ইতিহাসে কয় ১৯০৬ চনৰ ১১ ছেপ্টেম্বৰত জোহান্সবাৰ্গৰ এম্পায়াৰ থিয়েটাৰত অনুষ্ঠিত হোৱা এখন সভাত গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহৰ ধাৰণাটোৰ জন্ম হৈছিল । বৰ্ণ বৈষম্যৰ বিৰুদ্ধে, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদৰ এক মাধ্যম হিচাপে সত্যাগ্ৰহতকৈ সূদুৰপ্ৰসাৰী বিকল্প নাছিল। দক্ষিণ আফ্ৰিকা আৰু ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ইয়াৰ সম্প্ৰসাৰণৰ পাছত আমেৰিকাৰ নাগৰিক অধিকাৰ সংগ্ৰামতো সত্যাগ্ৰহৰ প্ৰভাৱ আছিল বৈপ্লৱিক।
গান্ধীৰ এই ভাবাদৰ্শগত স্থিতিয়ে ভাৰতক যে কেৱল একক দলীয় সৰ্বাত্মক ৰাষ্ট্ৰ হিচাপেই নহয়, বহুদলীয় গণতন্ত্ৰ হিচাপে আত্মপ্ৰকাশ কৰাত সহায় কৰিছিল তাত কোনো সন্দেহ নাই। গান্ধী আৰু বি আৰ আম্বেদকাৰৰ লিংগ আৰু জাতি সমতাৰ ওপৰত হোৱা আলোচনাৰ প্ৰেক্ষাপটতে এই সম্পৰ্কীয় বিভিন্ন নীতি আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। যিহেতু গান্ধী আৰু জৱাহৰলাল নেহৰুৰ দৰে লোকে ধৰ্মীয় আৰু ভাষিক স্বাধীনতাক গুৰুত্ব দিছিল, সেয়েহে ভাৰতে — আন বহু দেশৰ বিপৰীতে ধৰ্ম আৰু ভাষাৰ ভিত্তিত নাগৰিকত্বৰ সংজ্ঞা নিৰূপণ কৰা নাছিল। কিন্তু সাম্প্ৰতিক সময়ত 'কা'ৰ মাধ্যমত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানক লৈ ক্ষমতাত অধিষ্ঠিত দলে গান্ধীৰ ভাবাদৰ্শগত স্থিতিকো প্ৰত্যাহ্বান জনাইছে । গান্ধী কেৱল এক ব্যক্তিসত্বা নহয়, গান্ধীৰ আদৰ্শ আৰু জীৱন দৰ্শন ঐতিহাসিক ভাৱে ভাৰতীয় ৰাজনীতি আৰু সমাজ ব্যৱস্থাৰ অন্তৰ্নিহিত অৰ্থ আছিল; যাক মোহাৰি পেলোৱাৰ এক জোৰদাৰ প্ৰচেষ্টা এতিয়াও অব্যাহত আছে। হাস্যকৰ বিষয় যে সেই গান্ধীৰে স্বচ্ছতা আৰু গ্ৰাম্য স্বৰাজৰ ভেঁটি ব্যৱহাৰ কৰি একাংশ ক্ষমতাশালী নেতাই নিজৰ ভাৱমূৰ্তি উজলাই ৰখাৰ প্ৰয়াস কৰিছে।
ধনী আৰু দৰিদ্ৰৰ মাজৰ ব্যৱধান প্ৰসংগত গান্ধীজীৰ স্পষ্টতা সাম্প্ৰতিক সময়তো প্ৰাসংগিক। তেওঁ
কৈছিল যি অর্থনীতিত কোটি কোটি দেশবাসীক দৰিদ্ৰ কৰি দেশৰ সম্পদ কেন্দ্রীভূত হয়গৈ কেইটামান উদ্যোগপতি গোষ্ঠীৰ হাতত, তেনে অর্থনীতি কল্যাণকামী হ'ব নোৱাৰে। গান্ধীজীয়ে সেয়ে উৎপাদনৰ লগত বিতৰণৰ প্ৰসংগ উত্থাপন কৰিছিল। তেওঁ কৈছিল -"Not mass production but production by masses," অর্থাৎ এমুঠিমান পুঁজিপতিৰ হাতত উৎপাদনৰ উৎস কেন্দ্রীভূত হোৱাতকৈ জনতা উৎপাদনৰ সিদ্ধান্তৰ সৈতে জড়িত হ'ব লাগে। তাৰ বাবে প্ৰয়োজন ৰাজনৈতিক আৰু অর্থনৈতিক বিকেন্দ্রীকৰণৰ। গান্ধীজীয়ে সেয়ে কৈছিল যে দেশৰ চৰকাৰে ক্ষমতাৰ বিকেন্দ্রীকৰণক গুৰুত্ব দিব লাগিব। গান্ধীজীয়ে প্রত্যেকখন গাঁৱক স্বাধীন কৰাৰ সপক্ষে আঁচনি দিছিল। গান্ধীজীৰ মতে 'that government is best which governs least', অর্থাৎ সেইখন চৰকাৰেই উত্তম যি আটাইতকৈ কম শাসন কৰে। সাম্প্ৰতিক সময়ত সমগ্ৰ দেশৰ নহ'লেও অসমৰ গাঁওবোৰলৈ এবাৰ চকু ফুৰাই চাৱক। গ্ৰাম্য অৰ্থনীতি দুৰ্বল হৈ পৰিছে । অন্ধবিশ্বাস, জাত বৈষম্য গাওঁবোৰৰ চুকে কোণে বিয়পি পৰিছে। ৰাজনৈতিক সৱলীকৰণৰ পৰিৱৰ্তে ৰাজনৈতিক ভাৱে শোষণ, দমনৰহে বলি হৈছে গ্ৰাম্য জনগণ আৰু পৰিণত হৈছে একো একোজন হিতাধিকাৰীত।
গান্ধীজীয়ে কৈছিল, "মই ভাৰতৰ স্বাধীনতা বিচাৰিছো কেৱল ভাৰতীয়ৰ কাৰণে নহয়, বিশ্বৰ সকলো দলিতজনৰ কাৰণে।" চন্দ্ৰপ্ৰসাদ শইকীয়াই সম্পাদনা কৰা "গান্ধীজীৰ সোঁৱৰণত" (১৯৬৯) শীর্ষক সংকলনত সন্নিৱিষ্ট লীলাধৰ বৰুৱাৰ লেখাত পোৱা তথ্য অনুসৰি বৰপেটা সত্ৰত হৰিজনসকলৰ প্রৱেশ নিষেধ এই কথা জানি গান্ধীজীয়ে সত্ৰলৈ যাবলৈ অমান্তি হৈছিল আৰু তেওঁলোকে আগবঢ়োৱা এশ টকাৰ দানো ল'বলৈ অস্বীকাৰ কৰিছিল (পৃষ্ঠা ২৭১)। নখন্দা নদীৰ পাৰত হোৱা এক ৰাজহুৱা সভাত গান্ধীজীয়ে বক্তৃতা দি কৈছিল, " মই গোটেই ভাৰতবৰ্ষ ভ্রমণৰ উদ্দেশ্য হ'ল অস্পৃশ্যতাক বৰ্জন কৰা।... হিন্দুধর্মত অস্পৃশ্যতা থকা পাপ আৰু ই সমাজৰ এটা কলঙ্ক স্বৰূপ। এই কলঙ্ক গুচাব নোৱাৰিলে হিন্দুধর্ম অচিৰে নাশ হ'ব। পৃথিৱীত এনে শাস্ত্র নাই য'ত ভেদাভেদ আছে। মানুহৰ মাজত অস্পৃশ্য থকা ধাৰণাটো ভুল। মোৰ মানত সকলো সমান। ময়ো মানুহৰ লগৰে এজন। এই কাৰণে মই কওঁ যে আমাৰ মূলমন্ত্র হৈছে সকলো জাতি সমান। কাকো ঘিণ নকৰি নিজে নিজে সকলো ধৰণৰ ভেদাভেদ দূৰ কৰক। দৰাচলতে যাৰ অন্তৰ মলিন তেওঁহে অস্পৃশ্য" (পৃষ্ঠা ২৭২)।
যোৰহাটৰ কুলধৰ চলিহাই গান্ধীজীক সুধিছিল, "খিলাফত আন্দোলনৰ ফলত হিন্দু-মুছলমানৰ মাজত বিৰোধ ভাৱ যেনেকৈ বেছি হৈছিল, ঠিক তেনেকৈ হৰিজন আন্দোলনৰপৰাও এনে হোৱাৰ সম্ভাৱনা আছে নেকি?” তাৰ উত্তৰত গান্ধীজীয়ে কৈছিল যে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ বাবেহে তেওঁ খিলাফত আন্দোলনত আন্তৰিকতাৰে সহযোগ কৰিছিল। তেওঁ আশা কৰিছিল যাতে হৰিজন ভাইসকলে আমাৰ অন্যায় অত্যাচাৰৰ বিৰুদ্ধে থিয় হ'ব।
নিজকে নাৰীবাদী বুলি প্ৰকাশ নকৰিলেও গান্ধীয়ে নাৰীক ৰাজহুৱা জীৱনলৈ অনাৰ বাবে কৰা পৃষ্ঠপোষকতা ওলাই কৰিব নোৱাৰি। গান্ধীজীয়ে মহিলাসকলক সমাজত উচ্চ স্থান দিছিল আৰু অসহযোগ আন্দোলনত নাৰীৰ ভূমিকাক আগস্থান দিছিল। অসম ভ্ৰমণত যোৰহাটলৈ আহি কেইবাখনো মহিলা সমিতিত বক্তৃতা দিছিল। যোৰহাটৰ মহিলা সমিতিৰ অভিনন্দন-পত্ৰৰ উত্তৰত গান্ধীজীয়ে লিখিছিল যে অসমত পর্দা প্রথা নথকাটো ঈশ্বৰৰে এক কৃপা। তেওঁ মহিলাসকলক অসমৰপৰা কানি বৰবিহৰ লগতে অন্যান্য মাদক দ্রব্য দূৰ কৰিবলৈ সংঘবদ্ধ হোৱাৰ আহ্বান জনাইছিল। লগতে উল্লেখ কৰিছিল যে নামঘৰত কেৱল ভগৱানৰ নাম ল'লেই নহয়, ভাটৌৱেও ঈশ্বৰৰ নাম লয়, অন্তৰ পৱিত্র হ'লেহে মানুহ প্ৰকৃতাৰ্থত মানুহ হ'ব পাৰে।
গান্ধী এজন পৰিৱেশবিদো আছিল যি আগতেই অনুমান কৰিছিল যে ভোগবাদে দেশৰ প্ৰকৃতি আৰু সমাজৰ মাজত ভাৰসাম্যতাহীনতাৰ সৃষ্টি কৰিব। ১৯২৮ চনৰ ডিচেম্বৰ মাহত তেওঁ লিখা এটা টোকাত এনেদৰে পোৱা যায়- “ভগৱানে নকৰক যে ভাৰতে কেতিয়াও পশ্চিমীয়া দেশৰ পদ্ধতি অনুকৰণ কৰি উদ্যোগীকৰণৰ দিশত আগবাঢ়ক। ইংলেণ্ডৰ অৰ্থনৈতিক সাম্ৰাজ্যবাদে আজি বিশ্বক শিকলিৰে বান্ধি ৰাখিছে। ৩০ কোটিৰ এটা সম্পূৰ্ণ জাতিয়ে যদি একেধৰণৰ অৰ্থনৈতিক শোষণত লিপ্ত হয়, তেন্তে ই দেশখনক উদং কৰি পেলাব।” গান্ধীৰ এই পূৰ্ব অনুমানৰ প্ৰসংগ আজিৰ তাৰিখত মনকৰিবলগীয়া। পশ্চিমে আৰম্ভ কৰা ঔদ্যোগীকৰণৰ বাটেই আজি চীন আৰু ভাৰতীয় পুঁজিবাদৰ চৰিত্ৰ।
গান্ধীৰ আছিল ভৱিষ্যতৰ নেতাক চিনাক্ত কৰা আৰু বাট দেখুৱাৰ প্ৰতিভা। স্বাধীন ভাৰতৰ তিনিজন আটাইতকৈ প্ৰভাৱশালী প্ৰধানমন্ত্ৰীৰ চৰিত্ৰত সেই প্ৰতিভাৰ বিপৰীতে ব্যক্তিগত ক্ষমতা প্ৰতিপন্ন কৰাৰ যুঁজহে দেখা যায় । ইতিহাসবিদ ৰামচন্দ্ৰ গুহাই লিখিছে যে জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু নৰেন্দ্ৰ মোডীৰ মাজত চৰিত্ৰ আৰু ৰাজনৈতিক মতাদৰ্শৰ ক্ষেত্ৰত যথেষ্ট ভিন্নতা আছে। কিন্তু এটা দিশত তেওঁলোকৰ মিল আছে — দল, চৰকাৰ, ৰাষ্ট্ৰক নিজৰ সৈতে চিনাক্ত কৰাৰ প্ৰৱণতাৰ সাদৃশ্য। ক্ষমতাৰ এই ব্যক্তিগতকৰণক ইন্দিৰা গান্ধীয়ে নেহৰুৰ তুলনাত বহু আগুৱাই লৈ গৈছিল আৰু মোদীয়ে ইয়াক ইন্দিৰা গান্ধীতকৈও বেছি উপভোগ্য কৰি তুলিছে। তেওঁলোকে সকলোৱে নিজকে অপৰিহাৰ্য আৰু অপূৰণীয় বুলি প্ৰতিপন্ন কৰাত দিয়া অত্যাধিক গুৰুত্বৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ নেতাক বাট দেখুৱাত বিফল ।
গান্ধী আৰু মোডীৰ মাজত ডাঙৰ পাৰ্থক্য হৈছে দুয়োজনাই গুজৰাটী হ'লেও মহাত্মা গান্ধী সংকীৰ্ণ মনোভাৱৰ আঞ্চলিকতাবাদী নাছিল। নিজৰ ধৰ্মৰ বাহিৰে আন ধৰ্মৰ প্ৰতিও তেওঁৰ আছিল উদাৰ স্থান আৰু বৈষম্যহীন প্ৰেম । ভাৰতৰ ধৰ্মীয় আৰু ভাষিক বৈচিত্ৰ্যতাৰ প্ৰতি সন্মান আৰু প্ৰেমে গান্ধীৰ আদৰ্শক আক্ৰমণাত্মক ধৰ্মীয় সংখ্যাগৰিষ্ঠতাবাদৰ বিৰুদ্ধে এক প্ৰবল জনমত গঠন কৰাত ডাঙৰ ভূমিকা গ্ৰহণ কৰিছিল।
গান্ধীজীয়ে কৈছিল যে সকলো জাতিৰে 'জাতীয় চেতনা' একধৰণৰ জাতীয় বিবেক যাৰ মূল আধাৰ হৈছে নৈতিকতা। এটা জাতি সামগ্ৰিকভাৱে নৈতিক হৈ থাকিব পাৰে নে ? অসমীয়াই এই প্ৰশ্নই বোধকৰো বিগত সময়চোৱাত এৰাই চলিছে। জাতীয়তাবাদৰ নাম চিঞৰি থাকিলেও, গান্ধীৰ ফটোত মালা পিন্ধালেও জাতীয় বিবেকৰ প্ৰসংগক কোনো দল সংগঠন, ছাত্ৰ সংগঠন, নাগৰিক সমাজে কোনোদিনে আলোচনা কৰা নাই।
গান্ধীৰ জীৱনৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে তেওঁৰ ৰাজনৈতিক জীৱনৰ স্বচ্ছতা। যিকোনো ব্যক্তিয়ে খোজ কাঢ়ি তেওঁৰ আশ্ৰমত সোমাব পাৰিছিল; যিকোনো ব্যক্তিয়ে তেওঁৰ সৈতে বিতৰ্ক কৰিব পাৰিছিল; আনকি, শেষত তেওঁৰ জীৱনৰ লগত যি ঘটিছিল, যিকোনো ব্যক্তিয়েই তেওঁৰ ওচৰলৈ গৈ তেওঁক হত্যা কৰিবও পাৰিছিল। তেওঁৰ সময়তে হওঁক অথবা সাম্প্ৰতিক সময়ৰে হওঁক, আন ৰাজনৈতিক নেতাৰ নিৰাপত্তাৰ প্ৰতি আকৰ্ষিত জীৱনৰ সৈতে গান্ধীৰ জীৱনৰ এয়াই চাগৈ বৃহৎ বৈপৰীত্য। এই বৈপৰীত্যৰ বাবে, বাঢ়ি যোৱা ঘৃণা আৰু হিংসাৰ দাবানলৰ মাজত, কপটতা আৰু অমানৱীয়তাৰ মাজত যদি কিবা প্ৰাসংগিক হৈ পৰিছে সেয়া গান্ধীৰ আদৰ্শ, গান্ধীৰ দৰ্শন, একাষাৰে ক'বলৈ গ'লে গান্ধীবাদ ...
Subscribe to:
Posts (Atom)