Friday, 10 October 2025

উঠা জাগা আৰু জগোৱা

 নাজিৰা। ৰঙালী কেছেট হাউচ। থাক থাক কৈ সজাই থোৱা কেছেটবোৰ কিছুপৰলৈ ৰ লাগি চাই থাকো। কেছেট চোৱাৰ অজুহাতত আমি আচলতে নতুন সুৰ, কথা, সংগীতৰ কলিবোৰত মজো। গানৰ সমানে আমাৰ মনবোৰতো যেন পাখি গজে। জাকি মাৰি গৈ কৌতূহলৰ সকলো খিৰিকী খুলিব খোজে। নাজিৰা নামৰ সৰু টাউনখনৰ ঋতুবোৰক জাৰি-জোকাৰি গতিময় কৰে কেছেটত বাজি ৰোৱা কণ্ঠই। নাম যাৰ জুবিন গাৰ্গ। 


জুবিন গাৰ্গক অৱশ‍্যে তাৰ আগতেই আমি শুনিছো। ঘৰৰ কেছেট প্লেয়াৰত। অনামিকা, মুক্তি, শিশু, যন্ত্ৰৰ A side , B side উৰাই ঘূৰাই শুনিছো। এটা নীলা চ‍্যুটকেছৰ ভিতৰত সৰু খুড়াই বেছ সজতনে ৰখা কেছেটবোৰ তেওঁৰ বাবে এক অমূল‍্য সম্পদ। খুড়া ঘৰত নাথাকিলে সেয়ে কেছেট প্লেয়াৰত ফঁচি কোনো কেছেটৰে যাতে বিজুতি নঘটে তাৰ প্ৰতি ল’ব লগা হয় বিশেষ সাৱধনতা। ইমানৰ পাছতো ৰীল ফঁচে। তাৰ পাছতেই আৰম্ভ হয় ৰীল ঠিক কৰাৰ ধৈৰ্য‍্য পৰীক্ষা।  



নব্বৈ দশকৰ গ্ৰাম‍্য নিম্ন মধ‍্যবিত্ত পৰিয়লবোৰৰ বাবে এই ধৈৰ্য‍্য পৰীক্ষা কেৱল কেছেটৰ ৰীল ঠিক কৰোৱাতে সীমাৱদ্ধ নাছিল। এনে পৰিয়ালবোৰৰ কামিহাড় ভাঙি তেতিয়ালৈ বহুতো ধুমুহা ৰু ৰুৱাই পাৰ হৈ গৈছিল। নব্বৈ দশকৰ অপাৰেচন ৰাইনো, বজৰংগে গ্ৰাম‍্য সমাজ, প্ৰান্তীয় সৰু সৰু টাউনবোৰৰ উখল-মাখল, সৰল ব‍্যস্ততাকে শুহি লৈ গৈছিল। মানুহৰ মনত আছিল অহেতুক এক ভয়- ইয়াৰ পাছত কি ? ইয়াৰ পাছত হেৰুৱাবলৈ অথবা পাবলৈনো কি আছে? হেৰুৱাবলৈ অথবা উভতাই পাবলৈ সপোনৰ বাহিৰে মানুহৰ জীৱনত আৰু একো নাথাকে । সপোন একধৰণৰ বিমূৰ্ত ধাৰণা । প্ৰতিটো জাতিৰ বাবে বিমূৰ্ত ধাৰণাক পাৰ্থিৱ কৰিবলৈ প্ৰয়োজন হয় মাতৰ। শব্দৰ। ঝংকাৰৰ। তাতোকৈও সহজকৈ ক’বলৈ গ’লে আশাৰ। 


বোধকৰো খুড়াৰ নীলা সৰু সেই বাকচটোৰ কেছেটবোৰত, কেছেট প্লেয়াৰত বাজি উঠা সেই কণ্ঠত আছে এক আশা - 

“আশা মোৰ আশা

এখনি সৰৱ নৈ

সেই আশা মোৰ আশা

আহিছে ৰাঙলি হৈ

মোৰ গানৰ

বহু যুগৰ সুখ দুখৰ চিনাকি লৈ” 

 জুবিন গাৰ্গৰ কণ্ঠই, কথাই, সুৰে আমাক একোটা কাৰণ দিলে । জীৱনৰ প্ৰেমত পৰিবলৈ। মানুহৰ মাজত মানুহৰ হৈ থাকিবলৈ। গুপ্তহত‍্যা, ছালফা, অসম বন্ধ এই শব্দবোৰ পাহৰি আমি গুণগুণালো অন‍্য কিছু শব্দ- মোৰ গানত আছে অনামিকা মায়া’, 'মেঘৰ বৰণ/ৰ’দৰ বৰণ/তুনি কোন/দূৰ’, ‘বেদনা বেদনা মোৰ ভালপোৱা/তোমাক হেৰুৱাই পাথৰ হোৱা’,  'তুমি চুলেই যে বসন্ত, ধুমুহাও যে প্ৰশান্ত', 'বহুদিন হ'ল সৰু বোপাৰ মুখ দেখা নাই/চেনেহীৰ আকাশত আজি জোন-তৰা নাই', ‘তোমাক দেখা পালে সপোন জাগি উঠে/ বুকুখনি হয় তাজমহল’ ।




দোবাল পিতা বৰষুণত পানী পতাৰ পৰা বাগৰি অহা পানী টুকুতে, কলৰ পাৰত ইউনিফৰ্ম ঠুকুচোতে, ধুমুহাত ট্ৰেন্সফৰ্মাৰ বেয়া হৈ সপ্তাহৰ পাছত সপ্তাহ কাৰেণ্ট নাহোতে আমি গুণগুণাই থাকিলো সেই কলিবোৰ। গাঁৱৰ ডেকাই এ পি এচ চিৰ মেইনচ লিখি, মোটা অংকৰ টকা যোগাৰ কৰিব নোৱাৰি, টিউচন চেণ্টাৰ খুলিলে । খুলিলে বয়লাৰ ফ্ৰাম। তাত জুবিন গাৰ্গৰ গান বাজিল। খুলিলে গেলামালৰ দোকান । তাতো জুবিন গাৰ্গৰ গানেই বাজিল। জুবিন গাৰ্গৰ গান গাই গাই চলালে অটো। ভেন্চাৰ স্কুলতো খাটি ভাগৰি নপৰিল কাৰণ ৰাতি বিচনাত পৰি কেছেট প্লেয়াৰত ‘মায়াবিনী’ শুনিলে। কিন্তু আলফালৈ নগ’ল। হতাশ নহ’ল। বিশ্বাস নেহেৰুৱালে। জীৱনক জীৱন বুলি যুঁজিলে। গানৰ কথাৰেই নিজেই নিজক ক’লে- ‘উঠা জাগা আৰু জগোৱা।’ 


অসমৰ পৰা দূৰৈত দিল্লী বিশ্ববিদ‍্যালয়ত পঢ়িবলৈ গৈ নতুনকৈ সেই গানবোৰ শুনি এনে লাগিল এইবোৰ কেৱল গান নহয়। এই গানৰ কলি আৰু সুৰবোৰে আমাৰ কৈশোৰ যৌৱনক এনেকৈ সী পেলাইছে য’ত আৱেগ আৰু অনুৰণনৰ মাজৰ সীমাৰেখাডাল ক্ৰমশঃ ধুঁৱলী কুঁৱলী হৈ পৰিছে। জুবিন গাৰ্গৰ একাংশ গানৰ গভীৰত প্ৰত‍্যাশাৰ সমানে আছে একধৰণৰ শূণ‍্যতা। ফ্ৰিডৰিখ নিৎসে কোৱাৰ দৰে  একধৰণৰ nothingness । পৰম্পৰাগত ব‍্যৱস্থা, মূল‍্যবোধ, দমনৰ বিৰুদ্ধে একধৰণৰ প্ৰতিবাদ আৰু প্ৰতিৰোধ। কিন্তু এই প্ৰতিবাদ আৰু প্ৰতিৰোধ আস্ফালনৰ দৰে নহয়, ইয়াৰ এক সুৰীয়া আৱেদন আছে। এনে কাৰণতে জীৱনৰ শেষ ইণ্টাৰভিউত জুবিন গাৰ্গে ৰীতা চৌধুৰীক নিৎসেৰ nothingness পঢ়িছেনে সোধোতে বৰ আচৰিত লগা নাছিল।  শূণ‍্যতাক তেওঁ নস‍্যাৎ নাই কৰা  বৰঞ্চ বিশ্বাস কৰিছে । মানুহৰ সত্তা আৰু চেতনাত সকলো পোৱাৰ পাছতো একধৰণৰ nothingness থাকে। কিন্তু জুবিন গাৰ্গে এই কথা কোন কাহানিবাই বুজি উঠিছে যে সৃষ্টিশীলতাৰ বাবে শূণ‍্যতা যিমান জৰুৰী আত্ম-অতিক্ৰমৰ বাবেও নিজকে ভাঙি গঢ়ি মুক্ত হোৱাটো জৰুৰী। সেয়ে তেওঁ ক’লে বিশ্বাস কৰিব পাৰি -“মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। ময়ে কাঞ্চনজংঘা।” 


জুবিন গাৰ্গৰ সৃষ্টিয়ে এক দৰ্শন দিলে বুলি তেওঁৰ মৃৰ্ত‍্যুত প্ৰমাণিত হ’ল। এক সৃষ্টিশীল গণমুখী দৰ্শন। জাত, ধৰ্ম, ভাষা, শ্ৰেণী, লিংগ নিৰ্বিশেষে মানুহ হিচাপে মানুহৰ প্ৰতি আস্থাৱান হৈ থকাৰ দৰ্শন। সকলো ৰাজনীতি, বিতৰ্কৰ ঊৰ্ধত গায়ক জুবিন গাৰ্গ শিল্পীলৈ পৰিণত হ’ল, মানুহৰ শিল্পী মানুহৰ বাবে । তেওঁৰ অকাল মৃৰ্ত‍্যুয়ে  সেয়ে শিকাই গ’ল সমাজত ন ন আদৰ্শ আহিব, যাব। কিন্তু যি জাতিৰ জীৱনক লৈ, সৃষ্টিক লৈ কোনো দৰ্শন নাই তেনে জাতিৰ বাবে শিল্প পাপৰৰ দৰে সেমেকি যায়। তেনে জাতিৰ ঘৰে বাহিৰে ভয় আৰু নিৰাশাই ঘনাই অহা যোৱা কৰে। তাৰপৰা বাচিবলৈকে মানুহক মাত  লাগে। লাগে ভয়হীনতা । শূণ‍্যৰ পৰা উঠি আহিব পৰা আশা। ‘এই মায়াৰ ধৰাত’ আশাৰ বাহৰিনো আছে কি ! সপোনৰ বাহিৰেনো সাৰে থাকে কি ! জুবিন গাৰ্গৰ গানৰ কথাৰে - 


“তোমাৰো যি সপোন


আমাৰো সপোন


সপোনেৰে চিলোৱা উদৰ


দুখন হাতৰ মুঠিত


একেই সমান মাটি


সাজিবলে একেই কবৰ"