Wednesday, 19 December 2018

ধোঁৱাৰ চহৰ, আত্মঘাতী ধূলি আৰু অৱসাদ কুঁৱলী



সেয়া আছিল বেগাই যোৱা সময়ৰ টিকনিত টিকটিকীয়াকৈ উৰি থকা দুফালে গুঁঠা বেণীৰ ৰঙা ফিটা দুডালে কঢ়িয়াই ফুৰা কাহিনী । অলপ কোমল,  অলপ ফিৰফিৰীয়া । অথচ বাৰে বাৰে সংকেতধৰ্মী হৈ জগাই তোলা পানী খোৱা ছুটিৰ ঘণ্টাৰ দৰে তীক্ষ্ণ শব্দৰ তজবজীয়া কাহিনী ।

সেই কাহিনীত পাকঘূৰণি খাই টোপনিহীনতাত ভূগি থকা জয়িতাই পুৰণি ব্লেংকেটখনৰ ক'ভাৰ এৰুৱাই বিচনাত থৈছিল । আৰু চাৰ্টৰ বুটাম খোলাৰ দৰে নিজকে খুলি কাহিনীৰ সমুখত ৰাখিছিল ।

কাহিনীনো কি?

কেতিয়াবা পিছ চোতালৰ শাকনিৰ পৰা জুতিমালাহঁতৰ ঘৰলৈ একেবাৰতে জঁপিয়াই পাৰ হ'ব পৰা সৰু জপনাখনৰ দৰে নিমাখিত এটা বৰ্গ । কেতিয়াবা হাইস্কুলৰ প্ৰেয়াৰৰ শেষত মহৎ লোকৰ বাণী কোৱা সেই আয়তাকাৰ বাৰাণ্ডাখন । কেতিয়াবা আকৌ ৰিপু বুক ষ্টলত পত্ৰবন্ধুৰ শেহতীয়া চিঠিখন সংগ্ৰহ কৰিবলৈ আহি এনেয়ে কাৰোবাৰ বাবে অপেক্ষা কৰি থকাৰ মুদ এটা লৈ গজগজাই থিয় হৈ থকা কাষৰ চন্দন গছজোপাৰ গুৰিটোৰ দৰে একোটা আত্মীয় বৃত্ত ।

ইয়াতকৈ সৰল গতিৰে কাহিনী জানো আগুৱাব পাৰে !

জয়িতা ভীষণ ৰোমান্টিক নহয় ।
তাই খঙাল । বদমেজাজী ।
অথচ প্ৰেক্টিকেলো নহয় ।

ছেপ্টেম্বৰ যাওঁ যাওঁ কৰি থাকোঁতেই তাইৰ এনে লাগে কলেজৰ পৰা উভতি অহা বাটটোত সদায় দেখা ছবি কিছুমান শীত অহাৰ অজুহাত লৈ নোহোৱা হৈছে । নহ'লেবা কালি দেখা ছবিবোৰেই আজি একোটা ভিন্ন গেট আপ লৈ তাইৰ সমুখলৈ আহিছে । তথাপি বাটটোলৈ তাইৰ কিবা এক মোহ উপজিছে । মোহ মানে ঠিক প্ৰেম নহয় । প্ৰেম আৱেগিক মানুহে নকৰে । প্ৰেম কৰে প্ৰেক্টিকেল হবলৈ গৈ থকা মানুহে । ডাববোৰ ফালি থকা দৃশ্যটোকো কলেজৰ গেটৰ পৰা দেখিলে প্ৰেম যেন লাগে জয়িতাৰ । কঠিনতাবোৰ কাটি কোমল শাহবোৰ পছন্দ কৰিছা । সিমানেইটো ! প্ৰেম সৰল,  জীৱন জটিল । প্ৰেম চৌৰাচিয়াৰ বাঁহীৰ সুৰ । জীৱন নীলমনি ফুকনৰ কবিতাৰ আঁহ । বাইনেৰী । জহি খহি যোৱা হোষ্টেলৰ পুৰণি বিল্ডিঙৰ স্মৃতিকাতৰতা,  নহ'লেবা বন্ধু মহলৰ আড্ডাত শেষৰটো পেগ লৈ গালি পৰা আশাবাদ । দহ হাজাৰ টকাৰ মাহিলী দৰমহাত উম লোৱা ভাড়াঘৰ,  শ্ৰেণীত মন্ত্ৰমুগ্ধ চকুবোৰৰ পোত যোৱা হতাশা । বাইনেৰীবোৰ ঋতুৰ দৰে বিলাস নহয় ।



এই কথা ভাবি থাকোতেই জয়িতাই বাছ ষ্টপত ঘটনাক্ৰমে লগ পায় অনুব্ৰতক - ইউনিভাৰ্ছিটিৰ ছাত্ৰ নেতা অনুব্ৰতক ।

অনুব্ৰতে ছাত্ৰ নেতাৰ সুৰেৰে জয়িতাক কিবাকিবি বুজাব খোজে । আশীটা ভোটত নীলোৎপল কেনেকৈ হাৰিল,  শেষ ৰাতিৰ খেলত কেনেকৈ কোন মেনেজ হ'ল সেই একেবাৰেই কথা । জয়িতাই হা না একো নকয় । তাইৰ মনোযোগবিহীন মুখখনত বিৰক্ত হৈ অনুব্ৰতক নিজৰ গন্তব্যৰ বাছত উঠে ।

বাছৰ ভাড়া বাঢ়িছে । চিলিণ্ডাৰো । জয়িতাই হাতৰ ঘড়ীত সময় চাবলৈ লৈ দেখে কেতিয়াবাই বন্ধ । ৰাস্তাৰ সিটো পাৰে অমৰা বেচা ল'ৰাটোৱে অমৰাৰ বাকলি গুচাই নিদিষ্ট জোখত ফালিছে । জয়িতাৰ সমুখেৰে পাৰ হৈ যোৱা দুজন বুদ্ধজীৱি চেহেৰাৰ মানুহে অসমীয়া চিনেমাৰ ভৱিষ্যতৰ কথা আলোচনা কৰি পানদোকানৰ আগত চিগাৰেট ফুকিছে । চিগাৰেটৰ ধোঁৱাত মানুহ দুজনৰ চকু এঙাৰ বৰণীয়া হৈ পৰিছে । তাৰ পৰা দুখোজ আগত ৰৈ থকা কলেজীয়া গাভৰুৰ ওঁঠৰ মেট লিপষ্টিকৰ লগত মানুহ দুজনৰ চকুৰ ৰঙে এক নতুন বাইনেৰীৰ কথা ক'বলৈ আৰম্ভ কৰিছে । দহ তাৰিখে নয়নাৰ বিয়া । তাই একেটা মেচেজকে বাৰে বাৰে হোৱাটচ্ এপত পঠিয়াই আছে । এইবোৰ ভাবি থাকোতে অনুব্ৰতে জয়িতাক কি ক'লে তাইৰ মন দিয়াই নহ'ল ।
মন নিদিয়া বহুতো কথাই উদ্দেশ্যবিহীনভাৱে বাটৰুৱাক লগ দিয়ে মাজে মাজে । জয়িতাৰ ক'লিগ পৰিমল বৰুৱাৰ ঘৰলৈ নতুনকৈ কাম কৰিবলৈ অহা ল'ৰাটো হেৰাল কালি । আজি দ্বিতীয় দিন বুলি এফ আই আৰ দিবলৈ অহা বৰুৱাই গাড়ী পাৰ্ক কৰি ৰাস্তা পাৰ হ'ব খোজোতেই উজুটি খাই পৰিল  । আঁঠুত সামান্য দুখ পাইছে । সামান্য বুলি তেওঁহে কৈছে । বাৰে বাৰে কপালৰ জেপৰ পৰা ৰুমাল উলিয়াই তেওঁ কপালৰ ঘাম মোহাৰিচে । ল'ৰাটো মাইনৰ । কেচ ৰেজিষ্টাৰ কৰালে শিশু শ্ৰমিক ৰখাৰ অপৰাধত কলেজৰ শিক্ষক হিচাপে দণ্ডনীয় । নকৰালেও উপায় নাই । পৰিবাৰৰ ঘৰৰ ওচৰৰ পৰা অনা । ( তাতে আকৌ মিচেছ বৰুৱাৰ ককায়েক নতুনকৈ আৰ্ৱিভাৱ হোৱা গৰু মুক্তি দলৰ নেতা)  । কথাবোৰ চিন্তা কৰি পৰিমল বৰুৱাই খৰকৈ ৰাস্তাটো পাৰ হয় আৰু থানাৰ সমুখত ৰৈ কুৰ্তাৰ পকেটত ৰুমালখন বিচাৰে  । ৰাস্তাৰ এই পাৰে পৰি ৰোৱা পৰিমল বৰুৱাৰ ৰুমালৰ ওপৰেৰে তেতিয়াই পাৰ হৈ যায় নীলা পাৰিৰ চাদৰ পিন্ধা অংগনবাদী কৰ্মীসকলৰ এটা আকৰ্ষণবিহীন সমদল । যাৰ কণ্ঠ সেমেকা,  কপালৰ সেওঁতা বহল । ওঁঠ শুকান,  বুকু অপুষ্টিকৰ । যাৰ মূৰত ছাতি নাই,  ধূলিৰ পৰা বাচিবলৈ নাকত নাই ৰুমাল । যাৰ বাবে শীত আৰু উষ্ণতাৰ মাজৰ বাইনেৰীৰ কোনো অৰ্থ নাই ।

****
ষ্টপেজবোৰে,  চিটিবাছবোৰে কোনো যাত্ৰীৰ নাম নোসোধে । নিবিচাৰে কাৰোৰে আধাৰ লিংক,  পৰিচয় পত্ৰ । জন্মৰ সময় অথবা স্থান । এজাক নাম নজনা মানুহ পাৰ হৈ যোৱাৰ দৰেই ষ্টপেজবোৰক পিছ পেলাই গৈ থাকে চিটিবাছবোৰ । এই চহৰৰ ৰেপিড ফায়াৰ ৰাউণ্ডত আণ্ডাজতে দি পেলোৱা একোটা ফিকা নপৰা উত্তৰৰ দৰে গৈ থকা চিটিবাছবোৰলৈকে মানুহবোৰ ৰৈ থাকে ।

জয়িতা পাৰ হৈ যায় হস্ত ৰেখাৰে ভৱিষ্য চাব পৰা লেৰেলা - চেপেটা - মলিয়ন জ্যোতিষীজনৰ কাষেৰে,  এ পি এছ চিৰ গাইড বুক দৰ দাম কৰি থকা এহাল ল'ৰা ছোৱালীৰ আগেৰে,  চিচাৰ বাউলত ওপঙি থকা ৰঙীন পানীৰ মাছবোৰলৈ সহানুভূতিৰে চাই চাই গ্ৰাহকলৈ অপেক্ষা কৰা গুহাৰ দৰে চকুবোৰৰ কাহিনীৰ মাজেৰে তাই পাৰ হৈ গৈ থাকে । পাৰ হৈ গৈ থকাই এই চহৰৰ প্ৰলোভিত আৰু প্ৰাথমিক চৰ্ত । পাৰ হৈ গ'লেই আত্মঘাতী নোহোৱাকৈ থাকিব পাৰি । পাৰ হৈ গ'লেই পিছে পিছে আহি থকাজনতকৈ দুখোজ আগুৱাই থাকিব পাৰি । এনেকৈ পাৰ হৈ গৈ থাকোঁতে তাই ৰক্তাভক লগ পায় । তাইৰ হাতত ৰজনীগন্ধাৰ পুলি,  তাৰ হাতত ক'ৰ্টৰ ফাইল ।




আজিকালি মানে উকীল । কিহৰ ? ডিভোৰ্চৰ । এই বুলি কৈয়ে ৰক্তাভে হাহেঁ । হাঁহিলে তাক ভাল নেদেখি । নতুন খবৰ ?  বিয়া পাতিলো । আগৰ প্ৰেয়সীকে নে ?  অ' । কিন্তু বিয়াৰ আগতে খুব বেয়াকৈ জণ্ডিচ হৈছিল । বহুদিন হস্পিটেলত পৰি থাকিলো । এইটো কথা ৰক্তাভে কিয় ক'লে ? নহয়,  বিয়াৰ কথাটো নহয় । এই যে তাৰ জণ্ডিচ হৈছিল,  বৰ বেয়াকৈ ভূগিলে বেমাৰটোত  । সেই কথাটো কিয় ক'লে সি জয়িতাক ? ৰক্তাভে জয়িতাক প্ৰেমৰ প্ৰস্তাৱ দিয়া নাছিল  । তাইৰ লগত কিছু সময় কটাব বিচাৰিছিল । জয়িতা মান্তি নহ'ল  । সময় কটোৱাৰ অৰ্থ প্ৰেম নহয় বুলি জানিও জয়িতা মান্তি নহ'ল । সেই ৰক্তাভ ফাইনেলী পুৰণি প্ৰেয়সীৰ লগতে বিয়া পাতি এতিয়া ডিভোৰ্চৰ কেছ কৰা উকীল  । কিন্তু সি জয়িতাক জণ্ডিচত ভোগাৰ কথাটো কিয় ক'লে ?  বিচাৰিছিল নেকি সি জয়িতাই তাৰ খবৰ ৰখাটো ? নে এনেই ক'লে  -  তাইৰ আগত কথাটো কৈ তাইক জুখিবলৈকে ?

জয়িতাক বাই বুলি কৈ ৰক্তাভে খন্তেক তাইৰ হাতৰ পুলিটোলৈ চায়  । সি যেন তাইক কিবা এটা সুধিব খোজে  । 'খিৰিকীৰ কাষত ৰুবলৈ আনিছো ।'  ৰক্তাভক এই কথা জয়িতাই কিয় কয়  ?  সেয়া ৰক্তাভৰ বাহিৰে কাৰোৰে বুজাৰ সামৰ্থ্য নাই  ।

*****

ওপৰৰ ফ্লৰত কোনোবাই ধেৰুৱা ৰান্ধিছে । গোন্ধটোৱে তল ওপৰ কৰি বতাহক শীতৰ শুভেচ্ছা এটা জনাইছে । আৰু জয়িতাক মিলন দাইটিহঁতৰ খুঁটিৰ দিনবোৰলৈ টানিবলৈ আৰম্ভ কৰিছে ।

মিলন দাইটিহঁতৰ কেঁচা পাকঘৰটোৰ সমকোণীয় খিৰিকীখনেৰে কেঁচা খৰীৰ কজলা ধোঁৱাবোৰ গোমোৰা মাৰি ওলাই আহিছে আৰু বাহিৰৰ কুঁৱলীত চাৰ্কল ৰঙৰ পেইণ্টিং এখনৰ দৰে বৰণ লৈছে । সেই ৰঙে জয়িতাৰ পুৰণি হাফ চুৱেটাৰৰ উৱলি যোৱা ঊলবোৰত ওলমি ওলমি তাইক জোকাই আছে প্ৰহ্লাদলৈ । 'মই গান্ধীজীৰ দৰে
হ' ম, সদায় সত্য কথা ক'ম ' বুলি ৰাউচি জুৰি প্ৰহ্লাদে কুঁৱলীৰ সমানে সমানে গোটেই চুবুৰীটোকে জগাই আছে ।

প্ৰহ্লাদৰ এই ৰাউচিবোৰৰ বাবেইতো জয়িতাই পুৱাই শোৱাপাটী এৰিব লগা হয় । নহ' লে মাকৰ সেই খেচখেচনিবোৰ - চা প্ৰহ্লাদক চা,  ইমান গোঁসাই হেন ল'ৰাটো,  শ্ৰেণীত সদায় প্ৰথম । আৰু তই ডাংকাটী,  মাৰৰ মূৰৰ চুলিসোপা পকালি ।  গাত লখিমীৰ চিন চাব নাই । চোতালখন সাৰোতেও ফাঁকি,  টলৌ টলৌকৈ আৰ তাৰ বাৰীত সোমাই পিতপিতাই ঘূৰি ফুৰাৰ বাহিৰে আৰু কিডাল কৰিছ !  তাতকৈ যদি ল'ৰাই হ'লি হয়  ।

বিদ্যা শপত,  মাকৰ এই গালিবোৰ শুনি শুনি প্ৰহ্লাদক কেতিয়াবা এসেকা দিবৰ মন যায় জয়িতাৰ  । কিন্তু সি তাইৰ ফালে যেনেকৈহে চায় ,  তাৰ মণিছালৰ গুটি হেন চকুহাললৈ মৰম লাগি যায়  জয়িতাৰ । সমনীয়া দুই এটাই সিহঁতক জোকায় । স্কুলৰ পৰা উভতাৰ বাটত  । জুতিমালাহঁতৰ ধান বন্ধা  মিলত । লেচেৰি বুটলি সন্ধিয়া বৰ নামঘৰৰ সমুখেৰে বুঢ়া ডাঙৰীয়াৰ ভয়ত খৰ খোজেৰে ঘৰমুৱা হওঁতেও । কিন্তু তাৰ পিছতো বাৰীৰ আটাইতকৈ পকা মধুৰীটো জয়িতাই প্ৰহ্লাদকে দিয়ে  । জয়িতাৰ তোলনি বিয়াৰ সৰু ৰভাখনৰ একেবাৰে শেষত লুচি ভাজিৰ লোভত বহি থকা বিপুল,  কমলহঁতৰ মাজত তাই প্ৰহ্লাদকো বিচাৰি ফুৰে । 'কিন্তু ইহঁতৰ দৰে প্ৰহ্লাদৰো যদি দাড়ি নোলায় !  ভালেই হ' ল সি নাহিল ! ' দুলৰীৰ আৰ্চিখনত কলপাত কাটি দিয়া কপালৰ বিশেষ ফোঁটটো চাই জয়িতাই নিজকে আশ্বাসো দিবলৈ নাপাহৰে ।



আশ্বাস সৰল - সবিনয়ৰে দিব পাৰি  । কিন্তু প্ৰতিশ্ৰুতি ইমান সৰল নহয় । ইয়াক বেছি দিনলৈ চোঁচৰাই বগৰাই লৈ ফুৰিব নোৱাৰি । ওপৰৰ ফ্লৰৰ পৰা ভেণ্টলেটৰেৰে জয়িতাৰ কোঠালৈ সোমাই অহা ধেৰুৱা শাকৰ গোন্ধটো হেৰাই যায়  । যিদৰে মিলন দাইটিহঁতৰ বহাত বহি প্ৰহ্লাদে জয়িতাৰ হাতত ধৰি ফুলিবলৈ ধৰা সৰিয়হবোৰলৈ চাই দিয়া প্ৰতিশ্ৰুতিও হেৰাই যায় । নিমজ হৈ যায় ক্লাছ নাইনৰ ডেক্সত কম্পাছ কাঁটাৰে কাটি কাটি লিখা 'পি প্লাছ জে' ৰ খহটা দাগবোৰ  । ঠিক বুঢ়ী দিহিঙৰ বয়সত পমিবলৈ ধৰা কুঁৱলীৰ দৰে হেৰাই যায় সেই সখীয়তী দিনবোৰ  । সেই কুঁৱলীত নিঃশ্বাসে এৰি দিয়া উথপথপ ভাঁপবোৰ বয়স সন্ধিৰ পোছাকত দুৰ্গা পূজাৰ মেলাৰ পৰা কিনা চেণ্টৰ গোন্ধৰ দৰে ক'ত বা হেৰাই যায় !

জয়িতাৰ কোঠালৈ এনেকুৱা সময়তে শীত এজাক সোমাই আহে  । এই যে কাহিনীবোৰ অহা যোৱা কৰি থাকে,  তাৰেই গইনা লৈ শীতৰ সান্নিধ্য এটা তাইৰ বিচনাখনত,  কিতাপৰ ৰেকডালত, পুৰণি ব্লেংকেটখনৰ কঠোৰ হৈ পৰা নোমবোৰত খন্তেক জিৰাবলৈ যো-জা কৰে  । পাৰ হৈ যোৱা কাহিনীবোৰে জ্যামিতিবিহীনভাৱে তাইৰ দৰে অলৌ টলৌ ঘূৰি ফুৰা মানুহৰ জিৰণিলৈ অলপ আলস্য আনে  । ঘৰৰ পৰা অনা চাহপাত দি কৰা চাহকাপ লৈ জয়িতা পাহাৰখনৰ মুখামুখিকৈ বহে । পাহাৰখন নীলা,  পোহৰবোৰ হালধীয়া । অথচ এই বাইনেৰীবোৰ পাহাৰখনৰ বাবে যেন বহুদিনৰ মূৰত লগ পোৱা পুৰণি প্ৰেয়সীহে  ।

জয়িতাই কোঠাটোৰ কিতাপবোৰ নতুনকৈ সজায়  । খিৰিকী আৰু দুৱাৰৰ পৰ্দাবোৰ সলনি কৰে । এচট্ৰেটোৰ ছাইখিনি ডাষ্টবিনত পেলায়  । দেৱালৰ পুৰণি ফটোবোৰৰ ধূলিৰ চামনি মোহাৰে । এই চহৰৰ ইমানবোৰ অৰ্ধ সত্যৰ পাছতো তাই চহৰৰ প্ৰেমত পৰে । বেলকনিৰ ফুল ফুলা টাব দুটা আজিৰ ৰাতিটোৰ বাবেই কোঠাটোৰ চুক দুটাত সজাবলৈ আনে  । আইনাৰ সমুখত ৰৈ চকুত ডাঠকৈ কাজল আঁকে । ( 'কাজল নলগোৱা ছোৱালীবোৰ গাখীৰ নিদিয়া চাহৰ দৰে',  অন্তৰীপৰ কতাষাৰলৈ মনত পেলাই তাই হাঁহেও) । পাৰ হৈ যোৱা কাহিনীবোৰে বেগাই যোৱা প্ৰতিজন যাত্ৰীকে কোনো এক লহমাত পুনৰাবৃত্তিৰ চিকাৰ কৰে । গৈ থকাৰ বাটেই পুনৰাবৃত্তিৰ বাট  । গৈ থকাৰ বাটেই উভতি অহাৰ বাটো । মাথোঁ তাৰ নাম বেলেগ বেলেগ । সংগী নহ'লেবা সোঁৱৰণি বেলেগ বেলেগ । অথচ গৈ থকাজন আৰু উভতি অহাজন মুখামুখি হোৱা কাহিনীটো একেই ।

কোঠাটোৰ একমাত্ৰ আৰ্চিখন চচমা নিপিন্ধা জয়িতাৰ চকুত ধোঁৱা ধোঁৱা হৈ পৰে । চচমাৰে চালে আকৌ সেই একেই আৰ্চিত তাই দেখা পায় ধূলি । আৰু সেই ধূলিৰ চামনি মোহাৰি জয়িতা য'ত ডুব যায়,  সেয়াচোন বাইনেৰীবোৰ খেদি খেদি মুখামুখিকৈ বহা শীতৰ অনাবৃত কুঁৱলী ।

আধা গোঁঠা মাফলাৰখন তাই আকৌ উলিয়াই লয় । মাফলাৰখন ৰঙীন আৰু মসৃণ । বাইনেৰীবিহীন  ।

জয়িতাৰ দুহাতেৰে মৃ্ৰ্দু উম এজাক বিয়পি যায় । ৰাতিলৈ অন্তৰীপৰ গাত লগাই তাই সেইখনৰ জোখ ল'ব আকৌ এবাৰ  ।




Tuesday, 18 December 2018

তিনিজন জুনিয়ৰ কবিৰ কবিতা আৰু তিনিটা অভিন্ন বাট



এই চহৰে মানুহক যিমানেই নিসংগ কৰে,  সিমানেই নিসংগতাক উপভোগ কৰিবলৈ একোটা আমেজভৰা সুযোগ আনে । এনে আমেজ ঠিক বেগৰ পৰা উলিয়াই অনা পুৰণি হাফ চুৱেটাৰৰ দৰে । যিমানেই পুৰণি,  সিমানেই উমাল সান্নিধ্য । । এনে আমেজৰ সৈতে মিলাই combo কৰিব পৰা উপাদান কফি নহৈ যদি কবিতা হয়,  তাত বোধকৰোঁ আচৰিত হ'বলগীয়া একো নাই ।

তিনিজন জুনিয়ৰ কবিৰ ( বয়সতহে জুনিয়ৰ,  কবিতা চৰ্চাত চিনিয়ৰ) তিনিটা কবিতাই পুৰণি স্কটচৰ দৰে সন্ধিয়াটো উমান কৰি তোলোতে বাৰে বাৰে অনুভৱ কৰা তীক্ষ্ণতাটো হৈছে তেওঁলোকৰ কবিতাই তুলি ধৰা সৰলতা আৰু সেই সৰলতাৰ প্ৰতি থকা প্ৰকাশভংগীৰ honesty,  সততা । এই সততা অচিনাকি ঠাইত চিগাৰেট জ্বলাওঁতে কাষতে থিয় হৈ থকাজনে নিজৰ জেপ খুচৰি দিয়াশলাই বিচাৰি নোপোৱাত নিজৰটো আগবঢ়াই দিয়াৰ দৰে সততা । ইয়াত কোনো থিয়ৰি নাই,  নাই কোনো নিয়মমাফিক আৱেগো। সেয়েতো honesty নামৰ চৰিত্ৰটোৰ উপস্থিতিৰ বাবে এই তিনিওজন জুনিয়ৰ কবিৰ কবিতাই ধৰি ৰখা মেজাজ ওপৰে ওপৰে পঢ়ি এৰি থৈ যাব নোৱাৰি ।

অম্লান দেউৰীৰ 'ৰাৱণ' তেনেকুৱা এক মেজাজপূৰ্ণ কবিতা । 'সৰল ৰাৱণ' আৰু একে সময়তে 'জটিল সমাজ' ৰ পৰিণতিবোৰৰ মূলভাৱৰ পৰিৱৰ্তে সেইবোৰক যেনেকৈয়ে আছে, তেনেকৈয়ে তুলি ধৰাৰ চিত্ৰায়ন । ৰাৱণ কোনো মহান চৰিত্ৰ নহয় কবিতাটোত । সেইটোৱে কবিতাটোৰ বৈশিষ্ট্য হোৱা হ'লে ৰৈ যাব পৰা গ'লহেঁতেন । কিন্তু কবিতাটোৱে,  ৰাৱণে দেখুৱাই থকা twist টো আজিৰ তাৰিখত গাওঁবোৰৰ প্ৰতিটো পদূলিৰে twist  ।

"ৰাৱণে গৰু চৰায়
বিয়া সবাহৰ খুঁটাটো ৰাৱণে পোতে "

ভাল মাৰ্কচিটৰ বোজাৰে চহৰলৈ গুচি যোৱা ডেকাবোৰ গাঁৱলৈ উভতি নাযায় । চহৰৰ চাকনৈয়াত ৰৈ যায়,  জহি যায়,  পৰিভ্ৰমী হৈ যায় । গাঁৱৰ সবাহ,  বিয়াত খুঁটা পোতা ল'ৰাবোৰ,  মেট্ৰিক ফেইল ডেকাবোৰ,  মুখত এমোকোৰা হাঁহি লৈয়ে চুবুৰী একোটা ৰখি থকা যুৱকবোৰ গাঁৱৰ গাভৰুৰ দৃষ্টিত  হিৰ' নহয়,  ৰাম নহয় । সিহঁত হৈ পৰে ৰাৱণ । এইটো কোনো ৰহস্য নহয়,  নহয় কোনো মেজিকো । ৰাৱণ নামৰ ভিলেইনবোৰক পোহৰলৈ আনি ৰামক চোৱাৰ এক বাস্তৱহে এয়া ।

"ফাকুৱাৰ ৰঙ বুলি ৰাধাৰ বুকু চুব খোজা
চহৰৰ ডেকাক পহুখেদা দিছিল ৰাৱণে অকলে
অথচ ৰাৱণৰ প্ৰেম নাই "

' ৰাৱণৰ প্ৰেম নাই '

এই এটা মাত্ৰ শাৰীতে কবিতাটো ৰৈ যাব পাৰিলহেঁতেন । কিন্তু কবিয়ে সেইটো কৰা নাই । ৰাৱণ কবিতাটোত বিমূৰ্ত নহয় । ৰাৱণ এখন সমাজ,  এখন গাওঁ,  এজাক সমাগমৰ পিছফালে নিৰৱ হৈও গুমগুমাই থকা একোটা ৰিয়েলিটী,  বাস্তৱ । এই বাস্তৱক চাবলৈ কোনো চাকিৰ পোহৰ,  লাইটৰ জাকজমকতাৰ দৰকাৰ নাই । কবিৰ দৃষ্টিত সেয়ে ৰাৱণৰ বৰ্ণনা একেবাৰে স্পষ্ট ।


'দশমী পূজাৰ দিনা
টকা তিনিশ এক আৰু তামোল পাণ
নামঘৰত থাপি ৰাৱণ হেৰাল'

ৰাৱণ হেৰাল নে ৰাৱণক হেৰাবলৈ বাধ্য কৰোৱা হ'ল,  এনেকুৱা এক dichotomy ত কবিতাটো ৰৈ গৈছে । সলনি হোৱা দিনবোৰে,  গোলকৰ পৰা গোলকীকৰণ হোৱা সময়বোৰত অৱক্ষয় ঘটা মূল্যবোধে মানুহৰ মনত জন্ম দিয়া অহেতুক দ্বন্দ্ববোৰে তাল মিলাব নোৱাৰি ফুৱাই থকা নিজৰে থেতেলা খোৱা ঘা ডোখৰৰ বাহিৰে আৰুনো কি দিব পাৰে!  জানকী পেহীৰ জীয়েক তাৰ মাজত এনে এক এক্স ৰে য'ৰ পৰা  ঘৰবোৰৰ ভিতৰত সংকুচিত হৈ পৰা মনবোৰ দেখা পোৱা যায় । যিবোৰ মন 'ক' মানত হাতৰ আখৰ লিখোতে পোৱা বাক্যশাৰী ' মানুহৰ মন বিশাল' ৰ সম্পূৰ্ণ বিপৰীত ।  ৰাৱণৰ মাজেৰে কবিয়ে দি যোৱা নেৰেটিভ বুটাম খোলা সমাজ ব্যৱস্থাৰ জাত - বৈষম্যৰ খেলখনৰ প্ৰতি আঙুলি তোলা এক তপত প্ৰশ্ন ।
****

প্ৰাঞ্জল তালুকদাৰৰ 'টোপনি বা ভালপোৱা বিষয়ক'  কবিতাই দেখুওৱা সদৃশ অথবা ফেন্টাছীৰ বাটলৈ যাওঁতে এনে লাগিল উভতনি মাজে মাজে এক প্ৰলোভন,  মাজে মাজে আকৌ বিলাস । অৱশ্যে কবিতাটোত প্ৰলোভন অথবা বিলাস দুয়োটাই এটা আনটোৰ 'সদৃশ'  । কবিৰ দৃষ্টিত এৰাএৰিৰ আত্মকথা সামাজিকত দেখাৰ দৰে সদৃশ । মৃত্যু আৰু টোপনি,  টোপনি আৰু বিচ্ছেদ এইবোৰৰ মাজৰ সাদৃশ্যৰ ধাৰণাটো প্ৰাঞ্জলৰ বাবে একে হৈ পৰাটো ন-শিকাৰু এজনে জীৱনক তিলতিলকৈ সাৱটি মৃত্যুক আৰ্চিত চাই থকাৰ দৰে কথা । শুনিবলৈ সৰল,  পঢ়িবলৈ সহজ,  সামৰি ল'বলৈ আটাইতকৈ কঠোৰ কথা । সেয়ে প্ৰাঞ্জলৰ চিন্তনত সাৰ পাই উঠা এনে অনুভৱ এক স্পৰ্ধাৰে নামান্তৰ ।


"পৰহি মণিষহঁতৰ ঘৰৰ ওচৰৰ পুখুৰীত পৰি
সৰু ল'ৰা এটা মৰিল ।
সিদিনা তাৰ মাক শুব পৰা নাছিল
আৰু কালি চিলমিল টোপনিতে তেওঁ হেনো দেখিছিল
মৰা মাছৰ দৰে এযোৰ ঢেলা চকু ।

ঠিক তেনেকুৱা দুটা চকু তুমিও দেখিছিলা নেকি
যিদিনা আমাৰ এৰাএৰি হৈছিল
সপোনত! "

ইমান আইৰণিৰ পাছতো প্ৰাঞ্জলে কবিতাত ফেন্টাছীৰ কথা ক'ব পাৰিছে । বাইনেৰীত ৰৈ যোৱা নাই । বিচ্ছেদৰ স্বভাৱক চাকি চাই সময়ক কৰমৰ্দন জনোৱাৰ ফেণ্টাচী এই সময়ৰ কেইজন প্ৰেমিকৰ হাত ঘড়ীত থাকে ! কোনো প্ৰেমিক কেৱল প্ৰেয়সীৰ প্ৰেমিক হ'ব নোৱাৰে যদিহে তেওঁ ৰঙাৰ প্ৰেমিক নহয় । কোনো প্ৰেয়সী কোনো প্ৰেমিকৰ প্ৰেয়সী হ'ব নোৱাৰে যদিহে তেওঁ ভালপোৱাৰ ৰং ৰঙা কিয় সেই কথা নুবুজে । কথাটো ঠিক অভ্যাস আৰু অধিকাৰ দৰে । গুলজাৰে ক'বৰ দৰে মানুহে অধিকাৰো পাহৰি পেলায়,  নাপাহৰে কেৱল অভ্যাস । প্ৰেম তেন্তে ফেন্টাছীৰ অভ্যাস নেকি?  হ'ব পাৰে । নহ'লেনো প্ৰাঞ্জলে এনেকৈ কয়নে  -

"হয়তো এনেকুৱা এটা পৰিস্থিতিতে এজন অন্ধ কবিয়ে
প্ৰেমিকাক সুধিছিল,
তেজৰ ৰং কেনেকুৱা?
: ৰঙা

ৰঙা ৰং কেনেকুৱা?
আমাৰ ভালপোৱা যেনেকুৱা"
*****


কোকিল শইকীয়াৰ মনলৈ 'শুই থকা চহৰখনক জগাই দিয়াৰ কথা'  আহোঁতে,  দিনবোৰৰ কুশল বাৰ্তাৰ ভুৱা বিজ্ঞাপন ছপাই থকা ৰাজনীতিৰ অন্তৰ্দ্বন্দত আমিও ভূগি আছিলোঁ । আত্মজাহৰ প্ৰতি আমাৰ বিৰাগ,  বাস্তৱলৈ পিঠি নিদি 'ৰঙা'  মেঘৰ সৈতে আমাৰ যুক্তি-তৰ্ক-বিতৰ্ক-প্ৰতিবাদ এইবোৰত কেৱল ৰোমান্টিকতাই নাছিল । আছিল এক স্থিতিও- সমাজ নামৰ স্থিতি  । কোকিলৰ কবিতাই কোৱাৰ দৰে আমিও ক'ব খুজিছিলো - 'কোনে সহ্য কৰে ইমান অন্তৰ্দ্বন্দ ?'

অথচ তাৰ ঠিক পাছতেই কবিয়ে যেতিয়া ক'লে -

'শুই থকা চহৰখনক শুবলৈ দিয়া
কৰ্ষণ কৰা ভূমিৰ যাতনা'

তেতিয়া আমাৰ বাবে এই অন্তৰ্দ্বন্দৰ পুৰণি কাহিনীবোৰ rhetoric একোটা হৈ ধৰফৰাই উঠিল । এখন শুই থকা চহৰত জাগি থকা মানুহ কোনবোৰ? যি সময়ত অফিচত উপস্থিত,  যি জাতিধ্বংসী এখন বিধেয়কৰ নামত দিয়া অসম বন্ধৰ দিনটোতো? য'ত মহিলা মহিলাৰ বাবে সংৰক্ষিত আসনত বহি কাষৰ পুৰুষ আসনৰ চকুযোৰৰ দ্বাৰা বিবস্ত্ৰা? য'ত  নিজৰ ভূগোলক চিনাকি কৰি দিয়াৰ পৰিৱৰ্তে জোৰজবৰদস্তি শিশুবোৰৰ মুখত দেশপ্ৰেমৰ কোৰাছ উচ্চাৰিত?  নে জাগি থকা মানুহ সেইবোৰ যিসকলে 'ঘড়ীৰ কাঁইট ছিঙি আনি'  সময়ক সন্মান কৰিছে,  য'ত 'জননীৰ জৰায়ুত পাঠ কৰা বীৰ্যৰ আদি কথাত'  উপজা শিশুবোৰে 'চহৰখনৰ সোঁহাতত ধৰি নদীমুখী পদ্য এটা মাতিছে' ।


ইয়াৰ পাছত আৰু শুই থকা চহৰখনক জগোৱাৰ স্পৃহাক কোনো নাম দিব নোৱাৰিবনে ইতিহাসে?  এই প্ৰশ্নৰ উত্তৰক লৈ কোকিল শইকীয়াৰ কবিতাত কোনো পৰীক্ষা নিৰীক্ষা,  নিৰ্মাণৰ জোৰ জবৰদস্তি নাই । গভীৰ জীৱন উপলব্ধিৰ শৃংখলাৰ অবিহনে কোকিলৰ কবিতাত 'মই বৰ'  ভাৱ নাই । এনে শৃংখলাই বহন কৰা সম্ভৱনা এটা প্ৰজন্মৰ সম্ভাৱনা । কোকিল শইকীয়াৰ কবিতা সেয়ে কেৱল কবিৰ কবিতা নহয় । এইবোৰ দৰাচলতে এটা প্ৰজন্মই স্মৃতি বিভ্ৰমত বিচাৰি ফুৰা,  অৱচেতনভাৱে চেতনৰ চৰ্চা কৰা সঞ্চালনৰ কবিতা ।

একেটা কবিতাতে চহৰখনক শুবলৈ দি জগাবলৈ কোৱা কৌশল চমৎকাৰৰ পৰিৱৰ্তে এক বাস্তৱসন্মত পৰিপক্কতাৰ নাম বুলি ক'ব পাৰি যদিহে কোকিল শ্ল'গানধৰ্মীতাৰ মোহ এৰি কবিতাক শিল্পৰ শাৰীলৈ উন্নীত কৰিব পাৰে। শেহতীয়াকৈ সেয়ে কোকিল শইকীয়াৰ একে নামৰ কবিতা সংকলনৰ কবিতাবোৰে জীৱনক লৈ যি এক প্ৰত্যাহ্বানৰ মোকাবিলা কৰিছে,  তাত চহৰ নিজেই এক বাজি । হাৰি অথবা জিকিও বাজিত মূৰ দোৱাবলগীয়া কোনো অপচন নাই । আছে মাথোঁ ধোঁৱাৰ মাজতো,  আন্ধাৰ গলিতো,  নিৰুত্তাপৰ দিনবোৰত কঁপি কঁপিও জীৱনক লৈ ৰচি থকা বাট একোটাৰ পূৰ্ব প্ৰস্তুতি ।