Tuesday 18 December 2018

তিনিজন জুনিয়ৰ কবিৰ কবিতা আৰু তিনিটা অভিন্ন বাট



এই চহৰে মানুহক যিমানেই নিসংগ কৰে,  সিমানেই নিসংগতাক উপভোগ কৰিবলৈ একোটা আমেজভৰা সুযোগ আনে । এনে আমেজ ঠিক বেগৰ পৰা উলিয়াই অনা পুৰণি হাফ চুৱেটাৰৰ দৰে । যিমানেই পুৰণি,  সিমানেই উমাল সান্নিধ্য । । এনে আমেজৰ সৈতে মিলাই combo কৰিব পৰা উপাদান কফি নহৈ যদি কবিতা হয়,  তাত বোধকৰোঁ আচৰিত হ'বলগীয়া একো নাই ।

তিনিজন জুনিয়ৰ কবিৰ ( বয়সতহে জুনিয়ৰ,  কবিতা চৰ্চাত চিনিয়ৰ) তিনিটা কবিতাই পুৰণি স্কটচৰ দৰে সন্ধিয়াটো উমান কৰি তোলোতে বাৰে বাৰে অনুভৱ কৰা তীক্ষ্ণতাটো হৈছে তেওঁলোকৰ কবিতাই তুলি ধৰা সৰলতা আৰু সেই সৰলতাৰ প্ৰতি থকা প্ৰকাশভংগীৰ honesty,  সততা । এই সততা অচিনাকি ঠাইত চিগাৰেট জ্বলাওঁতে কাষতে থিয় হৈ থকাজনে নিজৰ জেপ খুচৰি দিয়াশলাই বিচাৰি নোপোৱাত নিজৰটো আগবঢ়াই দিয়াৰ দৰে সততা । ইয়াত কোনো থিয়ৰি নাই,  নাই কোনো নিয়মমাফিক আৱেগো। সেয়েতো honesty নামৰ চৰিত্ৰটোৰ উপস্থিতিৰ বাবে এই তিনিওজন জুনিয়ৰ কবিৰ কবিতাই ধৰি ৰখা মেজাজ ওপৰে ওপৰে পঢ়ি এৰি থৈ যাব নোৱাৰি ।

অম্লান দেউৰীৰ 'ৰাৱণ' তেনেকুৱা এক মেজাজপূৰ্ণ কবিতা । 'সৰল ৰাৱণ' আৰু একে সময়তে 'জটিল সমাজ' ৰ পৰিণতিবোৰৰ মূলভাৱৰ পৰিৱৰ্তে সেইবোৰক যেনেকৈয়ে আছে, তেনেকৈয়ে তুলি ধৰাৰ চিত্ৰায়ন । ৰাৱণ কোনো মহান চৰিত্ৰ নহয় কবিতাটোত । সেইটোৱে কবিতাটোৰ বৈশিষ্ট্য হোৱা হ'লে ৰৈ যাব পৰা গ'লহেঁতেন । কিন্তু কবিতাটোৱে,  ৰাৱণে দেখুৱাই থকা twist টো আজিৰ তাৰিখত গাওঁবোৰৰ প্ৰতিটো পদূলিৰে twist  ।

"ৰাৱণে গৰু চৰায়
বিয়া সবাহৰ খুঁটাটো ৰাৱণে পোতে "

ভাল মাৰ্কচিটৰ বোজাৰে চহৰলৈ গুচি যোৱা ডেকাবোৰ গাঁৱলৈ উভতি নাযায় । চহৰৰ চাকনৈয়াত ৰৈ যায়,  জহি যায়,  পৰিভ্ৰমী হৈ যায় । গাঁৱৰ সবাহ,  বিয়াত খুঁটা পোতা ল'ৰাবোৰ,  মেট্ৰিক ফেইল ডেকাবোৰ,  মুখত এমোকোৰা হাঁহি লৈয়ে চুবুৰী একোটা ৰখি থকা যুৱকবোৰ গাঁৱৰ গাভৰুৰ দৃষ্টিত  হিৰ' নহয়,  ৰাম নহয় । সিহঁত হৈ পৰে ৰাৱণ । এইটো কোনো ৰহস্য নহয়,  নহয় কোনো মেজিকো । ৰাৱণ নামৰ ভিলেইনবোৰক পোহৰলৈ আনি ৰামক চোৱাৰ এক বাস্তৱহে এয়া ।

"ফাকুৱাৰ ৰঙ বুলি ৰাধাৰ বুকু চুব খোজা
চহৰৰ ডেকাক পহুখেদা দিছিল ৰাৱণে অকলে
অথচ ৰাৱণৰ প্ৰেম নাই "

' ৰাৱণৰ প্ৰেম নাই '

এই এটা মাত্ৰ শাৰীতে কবিতাটো ৰৈ যাব পাৰিলহেঁতেন । কিন্তু কবিয়ে সেইটো কৰা নাই । ৰাৱণ কবিতাটোত বিমূৰ্ত নহয় । ৰাৱণ এখন সমাজ,  এখন গাওঁ,  এজাক সমাগমৰ পিছফালে নিৰৱ হৈও গুমগুমাই থকা একোটা ৰিয়েলিটী,  বাস্তৱ । এই বাস্তৱক চাবলৈ কোনো চাকিৰ পোহৰ,  লাইটৰ জাকজমকতাৰ দৰকাৰ নাই । কবিৰ দৃষ্টিত সেয়ে ৰাৱণৰ বৰ্ণনা একেবাৰে স্পষ্ট ।


'দশমী পূজাৰ দিনা
টকা তিনিশ এক আৰু তামোল পাণ
নামঘৰত থাপি ৰাৱণ হেৰাল'

ৰাৱণ হেৰাল নে ৰাৱণক হেৰাবলৈ বাধ্য কৰোৱা হ'ল,  এনেকুৱা এক dichotomy ত কবিতাটো ৰৈ গৈছে । সলনি হোৱা দিনবোৰে,  গোলকৰ পৰা গোলকীকৰণ হোৱা সময়বোৰত অৱক্ষয় ঘটা মূল্যবোধে মানুহৰ মনত জন্ম দিয়া অহেতুক দ্বন্দ্ববোৰে তাল মিলাব নোৱাৰি ফুৱাই থকা নিজৰে থেতেলা খোৱা ঘা ডোখৰৰ বাহিৰে আৰুনো কি দিব পাৰে!  জানকী পেহীৰ জীয়েক তাৰ মাজত এনে এক এক্স ৰে য'ৰ পৰা  ঘৰবোৰৰ ভিতৰত সংকুচিত হৈ পৰা মনবোৰ দেখা পোৱা যায় । যিবোৰ মন 'ক' মানত হাতৰ আখৰ লিখোতে পোৱা বাক্যশাৰী ' মানুহৰ মন বিশাল' ৰ সম্পূৰ্ণ বিপৰীত ।  ৰাৱণৰ মাজেৰে কবিয়ে দি যোৱা নেৰেটিভ বুটাম খোলা সমাজ ব্যৱস্থাৰ জাত - বৈষম্যৰ খেলখনৰ প্ৰতি আঙুলি তোলা এক তপত প্ৰশ্ন ।
****

প্ৰাঞ্জল তালুকদাৰৰ 'টোপনি বা ভালপোৱা বিষয়ক'  কবিতাই দেখুওৱা সদৃশ অথবা ফেন্টাছীৰ বাটলৈ যাওঁতে এনে লাগিল উভতনি মাজে মাজে এক প্ৰলোভন,  মাজে মাজে আকৌ বিলাস । অৱশ্যে কবিতাটোত প্ৰলোভন অথবা বিলাস দুয়োটাই এটা আনটোৰ 'সদৃশ'  । কবিৰ দৃষ্টিত এৰাএৰিৰ আত্মকথা সামাজিকত দেখাৰ দৰে সদৃশ । মৃত্যু আৰু টোপনি,  টোপনি আৰু বিচ্ছেদ এইবোৰৰ মাজৰ সাদৃশ্যৰ ধাৰণাটো প্ৰাঞ্জলৰ বাবে একে হৈ পৰাটো ন-শিকাৰু এজনে জীৱনক তিলতিলকৈ সাৱটি মৃত্যুক আৰ্চিত চাই থকাৰ দৰে কথা । শুনিবলৈ সৰল,  পঢ়িবলৈ সহজ,  সামৰি ল'বলৈ আটাইতকৈ কঠোৰ কথা । সেয়ে প্ৰাঞ্জলৰ চিন্তনত সাৰ পাই উঠা এনে অনুভৱ এক স্পৰ্ধাৰে নামান্তৰ ।


"পৰহি মণিষহঁতৰ ঘৰৰ ওচৰৰ পুখুৰীত পৰি
সৰু ল'ৰা এটা মৰিল ।
সিদিনা তাৰ মাক শুব পৰা নাছিল
আৰু কালি চিলমিল টোপনিতে তেওঁ হেনো দেখিছিল
মৰা মাছৰ দৰে এযোৰ ঢেলা চকু ।

ঠিক তেনেকুৱা দুটা চকু তুমিও দেখিছিলা নেকি
যিদিনা আমাৰ এৰাএৰি হৈছিল
সপোনত! "

ইমান আইৰণিৰ পাছতো প্ৰাঞ্জলে কবিতাত ফেন্টাছীৰ কথা ক'ব পাৰিছে । বাইনেৰীত ৰৈ যোৱা নাই । বিচ্ছেদৰ স্বভাৱক চাকি চাই সময়ক কৰমৰ্দন জনোৱাৰ ফেণ্টাচী এই সময়ৰ কেইজন প্ৰেমিকৰ হাত ঘড়ীত থাকে ! কোনো প্ৰেমিক কেৱল প্ৰেয়সীৰ প্ৰেমিক হ'ব নোৱাৰে যদিহে তেওঁ ৰঙাৰ প্ৰেমিক নহয় । কোনো প্ৰেয়সী কোনো প্ৰেমিকৰ প্ৰেয়সী হ'ব নোৱাৰে যদিহে তেওঁ ভালপোৱাৰ ৰং ৰঙা কিয় সেই কথা নুবুজে । কথাটো ঠিক অভ্যাস আৰু অধিকাৰ দৰে । গুলজাৰে ক'বৰ দৰে মানুহে অধিকাৰো পাহৰি পেলায়,  নাপাহৰে কেৱল অভ্যাস । প্ৰেম তেন্তে ফেন্টাছীৰ অভ্যাস নেকি?  হ'ব পাৰে । নহ'লেনো প্ৰাঞ্জলে এনেকৈ কয়নে  -

"হয়তো এনেকুৱা এটা পৰিস্থিতিতে এজন অন্ধ কবিয়ে
প্ৰেমিকাক সুধিছিল,
তেজৰ ৰং কেনেকুৱা?
: ৰঙা

ৰঙা ৰং কেনেকুৱা?
আমাৰ ভালপোৱা যেনেকুৱা"
*****


কোকিল শইকীয়াৰ মনলৈ 'শুই থকা চহৰখনক জগাই দিয়াৰ কথা'  আহোঁতে,  দিনবোৰৰ কুশল বাৰ্তাৰ ভুৱা বিজ্ঞাপন ছপাই থকা ৰাজনীতিৰ অন্তৰ্দ্বন্দত আমিও ভূগি আছিলোঁ । আত্মজাহৰ প্ৰতি আমাৰ বিৰাগ,  বাস্তৱলৈ পিঠি নিদি 'ৰঙা'  মেঘৰ সৈতে আমাৰ যুক্তি-তৰ্ক-বিতৰ্ক-প্ৰতিবাদ এইবোৰত কেৱল ৰোমান্টিকতাই নাছিল । আছিল এক স্থিতিও- সমাজ নামৰ স্থিতি  । কোকিলৰ কবিতাই কোৱাৰ দৰে আমিও ক'ব খুজিছিলো - 'কোনে সহ্য কৰে ইমান অন্তৰ্দ্বন্দ ?'

অথচ তাৰ ঠিক পাছতেই কবিয়ে যেতিয়া ক'লে -

'শুই থকা চহৰখনক শুবলৈ দিয়া
কৰ্ষণ কৰা ভূমিৰ যাতনা'

তেতিয়া আমাৰ বাবে এই অন্তৰ্দ্বন্দৰ পুৰণি কাহিনীবোৰ rhetoric একোটা হৈ ধৰফৰাই উঠিল । এখন শুই থকা চহৰত জাগি থকা মানুহ কোনবোৰ? যি সময়ত অফিচত উপস্থিত,  যি জাতিধ্বংসী এখন বিধেয়কৰ নামত দিয়া অসম বন্ধৰ দিনটোতো? য'ত মহিলা মহিলাৰ বাবে সংৰক্ষিত আসনত বহি কাষৰ পুৰুষ আসনৰ চকুযোৰৰ দ্বাৰা বিবস্ত্ৰা? য'ত  নিজৰ ভূগোলক চিনাকি কৰি দিয়াৰ পৰিৱৰ্তে জোৰজবৰদস্তি শিশুবোৰৰ মুখত দেশপ্ৰেমৰ কোৰাছ উচ্চাৰিত?  নে জাগি থকা মানুহ সেইবোৰ যিসকলে 'ঘড়ীৰ কাঁইট ছিঙি আনি'  সময়ক সন্মান কৰিছে,  য'ত 'জননীৰ জৰায়ুত পাঠ কৰা বীৰ্যৰ আদি কথাত'  উপজা শিশুবোৰে 'চহৰখনৰ সোঁহাতত ধৰি নদীমুখী পদ্য এটা মাতিছে' ।


ইয়াৰ পাছত আৰু শুই থকা চহৰখনক জগোৱাৰ স্পৃহাক কোনো নাম দিব নোৱাৰিবনে ইতিহাসে?  এই প্ৰশ্নৰ উত্তৰক লৈ কোকিল শইকীয়াৰ কবিতাত কোনো পৰীক্ষা নিৰীক্ষা,  নিৰ্মাণৰ জোৰ জবৰদস্তি নাই । গভীৰ জীৱন উপলব্ধিৰ শৃংখলাৰ অবিহনে কোকিলৰ কবিতাত 'মই বৰ'  ভাৱ নাই । এনে শৃংখলাই বহন কৰা সম্ভৱনা এটা প্ৰজন্মৰ সম্ভাৱনা । কোকিল শইকীয়াৰ কবিতা সেয়ে কেৱল কবিৰ কবিতা নহয় । এইবোৰ দৰাচলতে এটা প্ৰজন্মই স্মৃতি বিভ্ৰমত বিচাৰি ফুৰা,  অৱচেতনভাৱে চেতনৰ চৰ্চা কৰা সঞ্চালনৰ কবিতা ।

একেটা কবিতাতে চহৰখনক শুবলৈ দি জগাবলৈ কোৱা কৌশল চমৎকাৰৰ পৰিৱৰ্তে এক বাস্তৱসন্মত পৰিপক্কতাৰ নাম বুলি ক'ব পাৰি যদিহে কোকিল শ্ল'গানধৰ্মীতাৰ মোহ এৰি কবিতাক শিল্পৰ শাৰীলৈ উন্নীত কৰিব পাৰে। শেহতীয়াকৈ সেয়ে কোকিল শইকীয়াৰ একে নামৰ কবিতা সংকলনৰ কবিতাবোৰে জীৱনক লৈ যি এক প্ৰত্যাহ্বানৰ মোকাবিলা কৰিছে,  তাত চহৰ নিজেই এক বাজি । হাৰি অথবা জিকিও বাজিত মূৰ দোৱাবলগীয়া কোনো অপচন নাই । আছে মাথোঁ ধোঁৱাৰ মাজতো,  আন্ধাৰ গলিতো,  নিৰুত্তাপৰ দিনবোৰত কঁপি কঁপিও জীৱনক লৈ ৰচি থকা বাট একোটাৰ পূৰ্ব প্ৰস্তুতি ।


No comments:

Post a Comment