Sunday, 10 May 2020

আহক এজনে আনজনৰ খবৰ ৰাখোঁ

হঠাতে যেন সকলো সলনি হৈ গ'ল । ৰাস্তা । পদপথ । মন্দিৰ-মছজিদৰ প্ৰাৰ্থনা সভা । অফিচ কাছাৰীৰ নীতি নিয়ম । এজনে আনজনৰ সৈতে পাতি থকা কথাবোৰ । আনকি মনৰ ভিতৰত লুকাই থকা অনিশ্চয়তাবোৰো । খবৰ আহিল ঘৰমুৱা মানুহৰ মিছিলৰ । ঘৰলৈ আহিবলৈ নোপোৱাত কৰা আত্মহত্যাৰ । ৰেলৰ চিৰিত ভাগৰত টোপনি যোৱা শ্ৰমিকৰ কটা শৰীৰৰ কাষত পৰি থকা গোল ৰুটিৰ । বন্ধ হৈ যোৱা কামবোৰৰ ।

ইণ্টাৰনেটৰ স্পীডতকৈও খৰকৈ বাঢ়ি অহা খবৰবোৰক ক'বৰ মন যায়-

"I can't think about that right now. If I do, I'll go crazy. I'll think about that tomorrow. 
               - Margaret Mitchell, Gone with the Wind. 


খবৰ লোৱা নহ'ল নতুনকৈ উঠি অহা কিশোৰ কিশোৰীৰ পৃথিৱীখনৰ প্ৰতি থকা অপাৰ কৌতূহলৰ । শিশুবোৰক উমলাই ৰখা মাকৰ চকুহালৰ । ঘৰলৈ শুদা হাতে উভতি নহা দেউতাকজনৰ । নতুনকৈ জীৱনৰ প্ৰেমত পৰা জাক জাক জাক যৌৱনৰ । একেটা জীৱনতে একেলগে শ্বহীদ আৰু ভাইৰাছ দেখা ককা আইতাৰ । 

মূৰৰ ওপৰৰ আকাশখনলৈ চাই চাই আমি পাহৰি পেলালো কেলেণ্ডাৰৰ তাৰিখ । বিশেষ দেওবাৰ। তললৈ মূৰ কৰি খোজ দিয়া কিছু বাটৰুৱাক চাই থাকোঁতে মনত পৰিল Walt Whitman ৰ সেই কবিতা-

You road I enter upon and look around, I believe you are not all that is here, I believe that much unseen is also here. 

                         - Song of the Open Road 

সকলো সলনি হোৱাৰ পাছতো মানুহ জীয়াই থাকে এক দুৰ্দান্ত আশাত । পাৰ হৈ যোৱা বহুতো দুৰ্যোগ, দুৰ্ভিক্ষৰ পাছতো মানৱ জাতি বাচি ৰৈছে আশাৰ বাবেই । সেয়ে হয়তো আওৰাও আমি আশাবাদৰ কবিতা- 

“Hope” is the thing with feathers -
That perches in the soul -
And sings the tune without the words -
And never stops - at all -
               - "Hope" is the thing with feathers, Emily Dickinson 

কিন্তু মানুহ অকলে আশাবাদী হ'ব পাৰে জানো? আশাৰ বেলি এটাৰ পোহৰত সাৰ পাবলৈ মানুহক লাগে অন্য মানুহ। পৰিয়াল। বন্ধু। আত্মীয়। প্ৰিয়জন। যাৰ এটা হাঁহি, এষাৰ মাত, অলপ সান্নিধ্যইও মানুহক কৰি তোলে প্ৰত্যয়ী । নালাগে কোনো দেশ, কোনো ধৰ্ম, কোনো মতাদৰ্শ। সেয়ে লেননৰ দৰে ক'বলৈ মন যায়- 

Imagine there's no countries
It isn't hard to do
Nothing to kill or die for
And no religion too
Imagine all the people living life in peace, you


এই প্ৰত্যয় বচাই ৰাখিবলৈ কিছুমান দুঃচিন্তাৰ পৰা নিজকে disconnect কৰি মানুহৰ সৈতে connect হ'বলৈ নাপাহৰিব । শাৰীৰিক কষ্ট কম যদিও আমাৰ চকু আৰু হাত অনবৰতে ম'বাইলৰ স্ক্ৰীনত । স্ক্ৰীনবোৰক দিয়া কিছু সময় ৰাহি কৰি আন কামত লগাব পাৰি নেকি? পাৰি নেকি টাববোৰ খুচৰি দিব? বেসুৰীয়া হ'লেও গান এটাকে গুণগুণাব পাৰি নে? কি ক'লে বেয়া ৰান্ধে? তথাপিও চালাড বনাব পাৰিতো । কাটি থকা টিয়হৰ বাকলিবোৰৰ দৰে খঙবোৰো গুচাই পেলাব পাৰি । ক্ষন্তেকৰ বাবে হ'লেও সকলো অৱসাদ সামৰি আনক দেখাব পাৰি কৰি থকা সৰু সৰু কামবোৰ । 

আশাৰ বাটো পুৱাৰ বেলিৰ দৰে হেনো ।  বিশ্বাস কৰিলেহে ইয়াক দেখা যায় । এই দুৰ্যোগ দুৰ্বল হোৱাৰ  দিনা এন ফ্ৰাংকৰ দৰে আমিও হয়তো ক'ব পাৰিম এজনে আনজনক "For the past few years we have lived in fear. Now we can live in hope."

খবৰ আৰু বাঢ়িব । বাঢ়িব অপেক্ষাও ।
সেই দিনটোলৈকে এজনে আনজনৰ মনৰ খবৰ লৈ থাকিবলৈ নাপাহৰিব ।

No comments:

Post a Comment