নদীৰ নিজা ভূগোল থাকে। সেই বাবেই প্ৰতিখন নদীৰে থাকে একক সৌন্দৰ্য্য, বিলাস, বিপৰ্যয় আৰু কতনা ভঙা ছিঙা ইতিহাস। নদীয়ে সকলো সহিব পাৰে , সময়ত উজাৰিও দিব পাৰে। এখন নদী সেয়ে অকলে নবয়। বন্ধুত্ব কৰে এখনে আনখনৰ লগত। ভগাই লয় বৈ থকাৰ সান্নিধ্য আৰু ৰৈ নোযোৱাৰ সংকল্প। নদীৰো থাকে নিজা সমাজ। পাৰ্থক্য মাথোন ইমানেই যে নদীয়ে মানুহৰ দৰে সাম্ৰাজ্য সৃষ্টি নকৰে। চিয়াঙ, দিবাং, লোহিত এই তিনিওখন নদীয়ে অসম অৰুণাচল সীমান্তৰ ভূগোলক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। উক্ত তিনিওখন নদী লগ লাগিছে ব্ৰহ্মপুত্ৰৰ সৈতে পৰশুৰাম কুণ্ডত আৰু জন্ম দিছে আন এক বিশাল সৌন্দৰ্য্য। তাৰ নামেই ডিব্ৰু চৈখোৱা, আজিৰ তাৰিখত ডিব্ৰু চৈখোৱা বায়'স্ফিয়াৰ ৰিজাৰ্ভ। উল্লেখযোগ্য যে ১৯৫০ চনৰ বৰ ভুঁইকঁপৰ পাছতে অভয়াৰণ্যখন পৰিণত হয় এটা দ্বীপলৈ।
*প্ৰকৃতি সংৰক্ষণ কাৰ বাবে?*
ইণ্টাৰনেটৰ তথ্য অনুসৰি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাক সামৰি ডিব্ৰু চৈখোৱাৰ মুঠ মাটিকালি ৩৪০ বৰ্গ কিলোমিটাৰ। প্ৰতিখন নদীৰ দৰে অৰণ্যৰো থাকে নিজা ঋতু আৰু তাৰ সৈতে সলনি হোৱা ৰূপ, ৰং, ছাঁ, পোহৰ। ডিব্ৰু চৈখোৱাকে নিজৰ ঘৰ বুলি চিনাকি দিয়া নিৰন্তৰ গোহাঁয়ে আমাক জনালে অৰণ্যখনৰ গভীৰত সোমাবলৈ ভাল বাৰিষাহে । কিন্তু পৰ্যটকৰ সুৰক্ষাৰ খাতিৰত তেওঁলোকে নিজৰ ইক' কেম্পসমূহ মুকলি কৰে খৰালি। ইক' কেম্পৰ পৰিৱেশক বিনষ্ট নকৰাকৈ সীমিত সুবিধাৰে আৰম্ভ কৰা নিৰন্তৰ গোঁহাইৰ সৈতে কথা পাতোতে আমাৰ মাজলৈ প্ৰকৃতি সংৰক্ষণ আৰু প্ৰকৃতিৰ স্বীকৃতি সম্পৰ্কীয় বহুতো প্ৰশ্ন আহিল । নিৰন্তৰ গোঁহায়ে স্পষ্টীকৰণ দিলে তেওঁ প্ৰকৃতি সংৰক্ষণৰ পশ্চিমীয়া ধাৰণাৰ দ্বাৰা প্ৰভাৱান্বিত নহয়। আনকি কোনো দিনে তেওঁ প্ৰকৃতি সংৰক্ষণক নিজৰ কেৰিয়াৰ বুলিও ভবা নাছিল। ডিব্ৰু চৈখোৱা তেওঁৰ দৰে বহুতো অভাৱী দৰিদ্ৰ পৰিয়ালৰ বাবে এসময়ত আছিল দিন হাজিৰাৰ উৎস । দুশ টকাৰ বিনিময়তে গছ কটা, চৰাইৰ কণী মোনাই মোনাই সংগ্ৰহ কৰা নিৰন্তৰ গোঁহায়ে জনালে কেনেকে তেওঁ প্ৰথমবাৰৰ বাবে বিদেশী পৰ্যটকক মাগুৰী বিলৰ চৰাই দেখুওৱাৰ বাবে লাভ কৰিছিল হাজাৰ টকা। উল্লেখযোগ্য যে মাগুৰী মতাপুং বিলো ডিব্ৰু চৈখোৱাৰে এক ধমনী যি দেশী বিদেশী বহুতো চৰাইৰ আপোন ঘৰ। ডিব্ৰু চৈখোৱাৰ দক্ষিণত অৱস্থিত মাগুৰি মতাপুং বিল ১১০ তকৈও অধিক প্ৰজাতিৰ পক্ষীৰ বিচৰণ । ইয়াৰ মুখ্য কাৰণ হৈছে ডিব্ৰু চৈখোৱা পক্ষী বিচৰণৰ দুটা ৰাষ্ট্ৰীয় ঘাইপথ- Central Asian Flyway আৰু Asian Australian Flyway ৰ অন্তৰ্গত। প্ৰবাদ আছে, ১৭শ শতিকাতে মতা ম'হ বলি দি আবৰসকলে বিলখনত থকা নিমখৰ পুঙ এটা বন্ধ কৰিছিল, যাৰ বাবেই ইয়াৰ নাম মতাপুং ।
উপৰোক্ত অভিজ্ঞতাই গোঁহাইক এটা কথা বুজালে যে গছ কাটি পোৱা দুশ টকাতকৈ চৰাই, অৰণ্য দেখুৱাই লাভ কৰা দুহেজাৰ টকা বেছি মূল্যবান। এই কথাই গোহাঁইৰ দৰে আন বহুতো ডেকাক দিলে অৰণ্যখনৰ প্ৰতি, বিলখনৰ প্ৰতি এক নতুন ধাৰণা। এক অৰ্থত আলোড়ন। উল্লেখযোগ্য যে এই আলোড়ন বহুজনলৈ বিয়পিল আৰু ই ক্ৰমান্বয়ে এক দায়বদ্ধ চেতনালৈ পৰিণত হ'ল। যাৰ পৰিচয় হৈ পৰিল প্ৰকৃতি সংৰক্ষণ, পৰিৱেশ কৰ্মী, গাইড অথবা পৰিৱেশ সংগঠক। এই কামেই বহুজনৰ বাবে হৈ পৰিল নিৰৱ, দীঘলীয়া যুঁজ ।
কোনো অৰণ্য কেৱল গছ আৰু জীৱ জন্তুতে শেষ হৈ নাযায় । অৰণ্য য'ত শেষ হয় বুলি ভবা হয়, তাৰপৰাই আৰম্ভ হয় fringe village, সীমামূৰীয়া গাওঁ। এনে গাঁৱত বসবাস কৰাসকলো জী থাকে সীমিত সুবিধাৰে। আকালো নাই, নাই বিলাসো। অৰণ্যৰ ওপৰত নিৰ্ভৰশীল হৈ বাগৰি যায় প্ৰজন্মৰ পাছত প্ৰজন্ম। পানীৰ, যাতায়তৰ সুবিধাৰ বাবেই নৈপৰীয়া ঠাইবোৰই তেওঁলোকৰ বাবে হৈ পৰে জীৱন- জীৱিকাৰ উৎস। ডিব্ৰু চৈখোৱাৰ তেনে এখন সীমামূৰীয়া গাওঁ আছিল এৰাসুঁতি। নামটোৱেই কয় নদীয়ে এৰি যোৱা সুঁতিত জন্ম হোৱা গাওঁ। গাওঁবাসী মূলতঃ হিন্দু বেংগলী। বহুতৰ মতে দেশ ভাঙোনৰ সময়ত তেওঁলোকৰ প্ৰব্ৰজন এই ঠাইলৈ। বহুতে আকৌ কয়, অসম প্ৰদেশ জন্ম হোৱাৰ পাছত তেওঁলোক ৰাজনৈতিক পৃষ্ঠপোষকতাত এই ঠাইলৈ অহা। নদী ভাঙোনৰ ইতিহাস দেশ বিভাজনৰ ইতিহাসৰ দৰেই স্পৰ্শকাতৰ। মুখ বাগৰি, ৰাজনৈতিক বতাহত বিয়পি এই ইতিহাস ঠুনুকা । নদীৰ কোনো নিদিষ্ট দেশ নাই। নৈপৰীয়া গাওঁবোৰেও পাহৰি পেলায় দেশ নামৰ কেন্দ্ৰীয় অৱস্থিতি এটা থকাৰ কথা। তেওঁলোকৰ বাবে নদীয়ে স্বদেশ, নদীয়ে চৰকাৰ। নদীয়ে নিয়ম, নদীয়ে ব্যৱহাৰ। এৰাসুঁতিৰ উভৈনদী ইতিহাসৰ কথা মনত পেলাই কৰুণ হৈ পৰা চকুবোৰ দেখি আকৌ এবাৰ উভতি গ'লো প্ৰকৃতি সংৰক্ষণৰ প্ৰশ্নলৈ। ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰে কোনো মানুহৰ বসতিক সামৰি নলয়। তাৰ পাছতো চাৰিসীমাতে কিছুমান মানুহ ৰৈ যায়। তিনিচুকীয়া টাউনৰ ভাড়াঘৰৰ ভাড়া মিলাব নোৱাৰা পৰিয়াল তথা নদী আৰু অৰণ্যক বাদ দি সংসাৰ তৰিব নোৱাৰা পৰিয়াল।
*ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি আৰু উচ্ছেদৰ ৰাজনীতি*
লাইকা দধিয়াও তেনে বহুতো পৰিয়ালৰ সংমিশ্ৰণ। অসমৰ অধিকাংশ ট্ৰাইবেল বেল্ট আৰু ব্লক অসম ভূমি আৰু ৰাজহ আইন, ১৮৮৬ অনুসৰি গঠন হোৱা। ১৯৫০ চনৰ মাজভাগতে লাইকা দধিয়াৰ গাওঁবোৰৰ জন্ম হৈছিল। বাধা নাছিল বন বিভাগৰ। প্ৰশ্ন নাছিল পুনৰ সংস্থাপনৰ। কাৰণ তেতিয়ালৈ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰসংগই উত্থাপন হোৱা নাছিল। ৰাজহ বিভাগৰ গাফিলতি, বন বিভাগৰ অৱহেলা আৰু নব্বৈ দশকৰ অপাৰেচন বজৰংগ সকলোৰে বাবে ডিব্ৰু চৈখোৱা আছিল সুচল মেৰপাক। তাৰ মাজতে লোহিত, দিবাং, চিয়াঙৰ বুকুৰে বহু পানী বাগৰিল। বহু গাওঁ ব্ৰহ্মপুত্ৰত জাহ গ'ল। বহু তেলৰ ৰীগ বহিল । বহু পৰিভ্ৰমী চৰাই আহিল, উভতি গ'ল। অনাখৰী, জনজাতিয় মানুহৰ বাবে protected area, eco sensitive zone ৰ অৰ্থ জটিলৰ পৰা অধিক জটিলহৈ পৰিল । ১৯৯৯ চনত ডিব্ৰু চৈখোৱাই ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে স্বীকৃতি পালেও ব্ৰিটিছৰ সময়ৰ পৰাই মিচিংসকলৰ বসতি আছিল লাইকা দধিয়াত। কিন্তু উচ্ছেদৰ পাছত তেওঁলোকৰ কোনো পুনৰ সংস্থাপন নাই, নাই কোনো ৰিলিফো। তেন্তে অসমৰ বনাঞ্চল তথা নদী ভাঙোনৰ মুখামুখি হোৱা জনজাতিসকল বনাঞ্চল সংৰক্ষণ ৰাজনীতিৰ চিকাৰ হৈছে নেকি? এই প্ৰশ্ন শেহতীয়াকৈ অসমত হোৱা বহুতো উচ্ছেদৰ সৈতে সংলগ্ন। যাৰ স্পষ্ট মীমাংসাৰ অবিহনেই মানুহ আৰু অৰণ্যৰ মাজত এক অদৃশ্য দেৱাল গঢ় লৈ উঠিছে।
*বাঘজান*
ইয়াৰ সমান্তৰালকৈ ডিব্ৰু চৈখোৱাক কঁপাই গৈছে বাঘজানৰ দৰে মানুহে সৃষ্টি কৰা দুৰ্যোগে। ১৫৯ দিনে জ্বলি থকা জুই, ধোঁৱা, তেলৰ চিটিকনিয়ে মানুহৰ লগতে তাৰ সীমাৱৰ্তী সমগ্ৰ পৰিস্থিতি তন্ত্ৰলৈ ভাবুকি কঢ়িয়াই আনিছে। তাৰ প্ৰভাৱ বাঘজানৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰত্বত থকা মতাপুং বিলৰ ওপৰত পৰাটো তেনেই স্বাভাৱিক। উল্লেখযোগ্য যে বাঘজানবাসীয়ে এই কথা দাবীও কৰিছে যে পূৰ্বতকৈ বিলখনত মাছৰ পৰিমাণ কমিছে। অঞ্চলটোত কেঞ্চাৰ ৰোগী বাঢ়িছে। খোৱা পানীত এতিয়াও তেলৰ চিটিকনি মাৰ যোৱা নাই। বাঘজানৰ পুৰি ছাই হোৱা চাহগছবোৰ, উদং হৈ ৰোৱা তামোল গছবোৰেও অঞ্চলটোৰ প্ৰদূষিত ৱাতাৱৰণৰ কথাই পোহৰলৈ আনে। উচ্ছেদ আৰু সংৰক্ষণৰ ৰাজনীতিৰ মাজত থলুৱা জীৱিকা হেৰুৱাই অইলৰ হ্ৰস্বকালীন ৰিলিফ পোৱাসকলৰ বাবে নিজৰ জীৱনৰ সুৰক্ষাতকৈ প্ৰকৃতিৰ গুৰুত্ব অথবা স্বীকৃতি কিমান ডাঙৰ ? কোনো সন্দেহ নাই যে এই প্ৰশ্নৰ উত্তৰ দিয়াৰ সময় যিমানেই কাষ চাপিছে, সিমানেই নতুন প্ৰজন্মৰ পৰিৱেশৰ প্ৰতি দায়িত্বও বাঢ়িছে। ৰাজনৈতিক স্বাৰ্থৰ পৰা প্ৰকৃতিক মুকলি কৰা যে সহজ নহয়, তাক বুজাৰো সময় আহিছে।
(Photographs by Author)
No comments:
Post a Comment