Monday, 13 November 2023

সমতাৰ সমীকৰণ 

  

 বহনক্ষম উন্নয়ন লক্ষ্য (এছডিজি)ৰ লক্ষ্য ৫.৫ৰ উদ্দেশ্য হৈছে ৰাজনৈতিক, অৰ্থনৈতিক আৰু ৰাজহুৱা জীৱনৰ সিদ্ধান্ত গ্ৰহণৰ সকলো স্তৰতে মহিলাসকলৰ সম্পূৰ্ণ আৰু ফলপ্ৰসূ অংশগ্ৰহণ তথা নেতৃত্বৰ সমান সুযোগ নিশ্চিত কৰা। এই লক্ষ্যৰ অন্যতম সূচক হ’ল ৰাষ্ট্ৰীয় সংসদ আৰু স্থানীয় চৰকাৰত মহিলাৰ আসনৰ অনুপাত সুস্থিৰ কৰা। এই ক্ষেত্ৰত মহিলাৰ ৰাজনৈতিক সবলীকৰণক আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। কিন্তু ভাৰতৰ দৰে জাত, ধৰ্ম, শ্ৰেণীৰ সংমিশ্ৰিত এখন জনবহুল দেশত লিংগ সমতাৰ বিষয়টো বিজ্ঞাপনত শুনিবলৈ যিদৰে ভাল লগা, বাস্তৱ ক্ষেত্ৰত ইয়াৰ কাৰ্য্যকৰী প্ৰয়োগ সিমানেই জটিল আৰু প্ৰত্যাহ্বানমূলক।  

উল্লেখযোগ্য যে নতুন সংসদ ভৱনত অনুষ্ঠিত বিশেষ অধিৱেশনত উত্থাপণ কৰা হ’ল মহিলা সংৰক্ষণ বিধেয়ক , ২০২৩। অৱশ্যে এই বিধেয়কৰ ইতিহাস পুৰণি। ১৯৯৬ চনত সেই সময়ৰ এইচ ডি দেৱগৌড়া চৰকাৰে সংসদলৈ আনিছিল মহিলা সংৰক্ষণ বিধেয়ক যদিওবা গৃহীত হোৱা নাছিল। 


 ১৯৯৮ চনত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত পুনৰ সংসদত উত্থাপন কৰা হয় মহিলা সংৰক্ষণ বিধেয়ক ৷ সহযোগী দলসমূহৰ বিৰোধিতা স্বত্বেও অটল বিহাৰী বাজপেয়ী চৰকাৰে ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈকে বহুবাৰ এই বিধেয়ক সদনত উত্থাপণ কৰে। কিন্তু গৃহীত কৰোৱাত বিফল হয় ৷ ২০০৪ চনত শাসনলৈ হা ইউ পি এ চৰকাৰৰ নেতৃত্বত সেই সময়ৰ প্ৰধানমন্ত্ৰী ড: মনমোহন সিঙে ২০০৮ চনত  সদনত পুনৰ উত্থাপন কৰে মহিলা সংৰক্ষণ বিধেয়ক ৷ উল্লেখযোগ্য যে ২০১০ চনত ৰাজ্যসভাত ব্যাপক সংখ্যাগৰিষ্ঠতাৰে এই বিধেয়কখন গৃহীত হয় । কিন্তু কেবাটাও দলৰ বিৰোধিতাৰ বাবে লোকসভাত গৃহীত হোৱাৰ পৰা বিৰত থাকে। তাৰপাছত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ আহে মোদী চৰকাৰ ৷ মোদী চৰকাৰক কংগ্ৰেছ দলে বাৰম্বাৰ সোঁৱৰাই দিয়াৰ পাছতো মহিলা সংৰক্ষণ বিধেয়কৰ প্ৰসংগক লৈ নিমাত থাকে শাসক পক্ষ। 

তথ্যই কি কয়?

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ২০২৩ চনৰ ১ জানুৱাৰীলৈকে মহিলা ৩১খন ৰাষ্ট্ৰত কাৰ্যবাহী পদত অধিষ্ঠিত, আৰু ৩৪খন ৰাষ্ট্ৰত মহিলাই ৰাষ্ট্ৰপতি বা চৰকাৰৰ মুৰব্বী শীৰ্ষ স্থান দখল কৰিছে। সংৰক্ষণ কোটা ব্যৱহাৰ কৰা দেশসমূহৰ ভিতৰত ৰুৱাণ্ডাই ৰাষ্ট্ৰীয় বিধানসভাৰ সদনত সৰ্বাধিক শতাংশ মহিলাৰে আগবাঢ়ি আছে, য’ত মহিলাৰ হাতত ৬১.৩ শতাংশ আসন আছে। কিউবা আৰু নিকাৰাগুয়াত ইয়াৰ পৰিমাণ ক্ৰমে ৫৫.৭ শতাংশ আৰু ৫১.৭ শতাংশ । এই তিনিওখন দেশ অৰ্থনৈতিক ক্ষেত্ৰত ভাৰততকৈ যথেষ্ট পিছপৰা বুলি চিনাক্ত হোৱাৰ পাছতো তথ্যই দিয়া ইংগিত অনুসৰি নাৰীৰ ৰাজনৈতিক সবলীকৰণৰ দিশত যথেষ্ট আগবঢ়া। ইয়াৰ বিপৰীতে ভাৰতে ৰাজনৈতিক সবলীকৰণ উপ-সূচকত ২৫.৩ শতাংশ সমতা লাভ কৰিছে, য’ত মহিলাসকলে মাত্ৰ ১৫.১ শতাংশ সংসদ সদস্যক প্ৰতিনিধিত্ব কৰিছে। 

উল্লেখযোগ্য যে গ্ল’বেল জেণ্ডাৰ গেপ ৰিপ’ৰ্ট ২০২৩ অনুসৰি ‘অৰ্থনৈতিক অংশগ্ৰহণ আৰু সুযোগ’ৰ সৈতে জড়িত লিংগ সমতাৰ ক্ষেত্ৰত ৩৬.৭ শতাংশৰে ভাৰতৰ স্থান নিম্ন স্তৰত। তথ্যই লগতে কয় স্বাস্থ্য আৰু জীয়াই থকাৰ উপ-সূচাংকত ১৪৬খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১৪২। ৰাজনৈতিক সৱলীকৰণ উপ-সূচকাংকতো ভাৰতৰ প্ৰদৰ্শন নিম্নগামী । তাৎপৰ্যপূৰ্ণ যে দেশৰ সত্তৰ বছৰীয়া নিৰ্বাচনী ইতিহাসত মহিলা সংসদ সদস্যৰ অংশগ্ৰহণ ১৫ শতাংশতকৈ ঊৰ্ধত নহয়। এই প্ৰেক্ষাপটত লিংগ সমতা আৰু মহিলা সবলীকৰণৰ প্ৰসাৰৰ বাবে মহিলা সংৰক্ষণ বিধেয়কখনে নতুন ইংগিত বহন কৰিছে নেকি ? এই প্ৰশ্নৰ উত্তৰ পিতৃতান্ত্ৰিকতাৰ চক্ৰবেহুৰ মাজত ৰৈ দিয়াটো খুবেই জটিল।  

সংৰক্ষণৰ সম্ভাৱ্য সমস্যা

মহিলাৰ অধিকাৰৰ হকে দীৰ্ঘদিন ধৰি যুঁজি অহা বহুতো নাৰী সংগঠকৰ মতে সংৰক্ষণৰ ৰাজনীতিকৰণে প্ৰান্তীয়, সংখ্যালঘূ তথা নিম্ন শ্ৰেণীৰ মহিলাসকলক মূলসুঁতিৰ পৰা বঞ্চিতহে কৰিব। এই মতামতৰ বিশ্লেষণৰ বাবে মহিলা সংৰক্ষণ বিধেয়কখনক দুই ধৰণে আলোকপাত কৰাটো জৰুৰী। 


অনুভূমিক সংৰক্ষণে সংসদত মহিলাসকলৰ বাবে আসন সংৰক্ষণ কৰে, লিংগ সমতা আৰু লিংগ সচেতন নীতি নিৰ্ধাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কিন্তু বিৰোধী দলসমূহে এই ক্ষেত্ৰত OBC কোটাৰ মহিলাক লৈ উদ্বেগ প্ৰকাশ কৰিছে আৰু উলম্ব সংৰক্ষণৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। বিৰোধী পক্ষৰ যুক্তি অনুসৰি দেশৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশ অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোক , তাৰপাছতো SC তথা ST ৰ দৰে লোকসভা আৰু বিধানসভাত OBC ৰ বাবে কোনো সংৰক্ষণ নাই। বিৰোধী পক্ষই ইয়াৰ সমাধানৰ বাবে সংৰক্ষণৰ কোটাৰ ভিতৰতে OBC ৰ মহিলাৰ বাবে এটা উপ কোটাৰ দাবী উত্থাপন কৰিছে। এই যুক্তিৰ প্ৰমাণ হিচাপে অৱশ্যে দেশৰ সৰ্ববৃহৎ ৰাজ্যিক বিধানসভা উত্তৰ প্ৰদেশৰ ৰাজনীতিলৈ চাব পাৰি; য'ত সংখ্যাগতভাৱে অধিক প্ৰভাৱশালী হোৱাৰ পাছতো অ’বিচিৰ তুলনাত উচ্চ জাতিৰ প্ৰতিনিধিত্ব কৰা মহিলা বিধায়ক আৰু সাংসদৰ নিৰ্বাচনৰ হাৰ বেছি। 

এই প্ৰশ্নৰ অৱতাৰণা হোৱাটো নিতান্তই স্বাভাৱিক যে মহিলা সংৰক্ষণ বিধেয়কখনে জাতিগতভাৱে জটিল ভাৰতীয় সমাজত একাংশ উচ্চবৰ্ণৰ, নগৰীয়া, আৰ্থিক ভাৱে সবল মহিলাৰ বাবেহে কেৱল সুযোগ নিশ্চিত কৰিব নেকি? ইয়াৰ ফলত মহিলাৰ মাজতে আকৌ এক শোষিত আৰু উপেক্ষিত শ্ৰেণীৰ সৃষ্টি হ'ব নেকি? ফলত প্ৰান্তীয়, খিলঞ্জীয়া, সংখ্যালঘু, দুৰ্যোগপিড়ীত মহিলাসকল সামাজিক অন্তৰ্ভুক্তিৰ পৰা বাদ পৰিব নেকি? কেৱল ৰাজনৈতিক সংৰক্ষণ মহিলাৰ সৰ্বাঙ্গীন সবলীকৰণৰ বাবে যথেষ্ট নেকি? কাৰণ শিক্ষা, লিংগ সমতা, পৰিয়ালৰ আৰ্থিক সুৰক্ষা, আনকি ৰাজনৈতিক প্ৰতিনিধিত্বত নাৰী কিছু পৰিমাণে আগুৱাই যোৱাৰ পাছতো অৰ্থনৈতিক, প্ৰতিৰক্ষা, ন্যায়, গৃহ পৰিক্ৰমা আদি জটিল নীতিগত ক্ষেত্ৰসমূহ আজিৰ তাৰিখতো পুৰুষৰ আধিপত্যৰ আবেষ্টনীতে আছে । তেনেস্থলত মহিলা সংৰক্ষণ আইন ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ পৰিৱৰ্তে ক্ষমতা বাহাল ৰখাৰ বিজ্ঞাপনতে সীমাৱদ্ধ হৈ ৰ'ব নেকি? 


বিগত ন বছৰে কিয় মনত নপৰিল উক্ত বিধেয়কখনলৈ?


পাৰ হৈ যোৱা শাসনকালত মহিলাক লৈ বহুতো শ্ল'গান আহিল আৰু গ'ল। কিন্তু এবাৰলৈও শাসক পক্ষই মহিলা সংৰক্ষণ বিধেয়কৰ নাম নল'লে। নিৰৱতাত অতবছৰ থকাৰ পাছত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত উক্ত বিধেয়কক লৈ সৃষ্টি কৰা ব্যস্ততা সেয়ে বিতৰ্কৰে আৱৰা ৷ প্ৰশ্ন হয় এই বিধেয়ক আইন হিচাপে গৃহীত হ’লেই দেশৰ মহিলাই প্ৰকৃত সংৰক্ষণ লাভ কৰিবনে? উল্লেখযোগ্য যে পৰৱৰ্তী লোকপিয়ল আৰু সমষ্টি পুনৰ গঠনৰ পাছতহে কাৰ্যকৰী হ’ব মহিলা সংৰক্ষন আইন ৷ ২০২৭ চনতহে দেশৰ লোকপিয়ল হোৱাৰ সম্ভাৱনা আছে। অৰ্থাত ২০২৯ চনৰ পূৰ্বে মহিলাই ৩৩ শতাংশ সংৰক্ষণ লাভ কৰাটো সম্ভৱপৰ যে নহ'ব, সেয়া প্ৰায় স্পষ্ট।  তেনেস্থলত ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ আগতে মহিলা ভোটাৰক আকৰ্ষিত কৰিবৰ বাবেহে যে এই চমক নেকি - এই কথাও ভাবিবলগীয়া। 


 

Sunday, 5 November 2023

উচ্ছেদ কাৰ বাবে আৰু কিয় ?

অসমৰ বিভিন্ন ঠাইত শেহতীয়াকৈ হোৱা উচ্ছেদবোৰৰ ক্ৰণল'জি মনকৰিবলগীয়া। নাগৰিক  সমাজৰ এটা অংশ উচ্ছেদৰ বিৰুদ্ধে যিমানে সৰৱ হৈছে, সিমানে উচ্ছেদৰ প্ৰয়োজনীয়তাৰ তালিকাখন দীঘল কৰি গৈ থকা হৈছে। উচ্ছেদৰ সৈতে দুটা বিষয়বস্তুক সংলগ্ন কৰি থকাৰ ৰাজনীতি চলি আছে। এক, বেদখল। দুই, সংৰক্ষণ। বেদখলক সংৰক্ষণৰ শত্ৰু হিচাপে পৰিচিত কৰাৰ এই অবিৰত প্ৰচেষ্টাৰ বলি হৈছে কোন এবাৰ মন কৰক । সামগ্ৰিকভাৱে উচ্ছেদৰ বলি হোৱাসকল মূলতঃ জনজাতীয় সমাজৰ লোক যি বানপানী অথবা গৰাখহনীয়াৰ বাবে ইতিমধ্যে স্থানীয় ভূমিৰ পৰা বিতাড়িত।  সেই একেই কাৰণৰ বলি নামনি অসমৰ ভূমিহীন মিঞা সম্প্ৰদায়। ব্ৰক্ষ্মপুত্ৰ উপত্যকাত বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰা এই দুয়োটা সম্প্ৰদায় বাধ্য জীৱিকাৰ সন্ধানত চহৰলৈ প্ৰব্ৰজন কৰিবলৈ । গুৱাহাটী অভিজাত নগৰ হিচাপে পৰিচিত হোৱাৰ ক্ষেত্ৰত এই দুয়োটা সম্প্ৰদায়ৰ অৱদান কিমান এবাৰ ভাবক। কিন্তু ইয়াৰ মাজত এটা অন্য সম্প্ৰদায়ো আছে, যি জনজাতি হোৱাৰ পাছতো, ঐতিহাসিক ভাৱে গুৱাহাটী মহানগৰীৰ ট্ৰাইবেল ব্লেট আৰু ব্লকৰ পৰা কোন কাহানিবাই বঞ্চিত। জীৱন জীৱিকাৰ খাতিৰত এইসকল লোকো এতিয়া পূৰ্বে উল্লেখ কৰা দুটা সম্প্ৰদায়ৰ সমান্তৰালভাৱে গুৱাহাটীৰ বাসিন্দা। কিন্তু অভিজাত গুৱাহাটীয়ে তেওঁলোকক আজিলৈকে নিজৰ অংশ বুলি সামৰি লৈছে নে ? এই প্ৰশ্ন কৰাৰ সময় কাহানিবাই উকলি গৈছে। তথাপিও ইয়াক পুনৰাই দোহাৰিবলৈ বাধ্য হোৱাৰ মুখ্য কাৰণ হৈছে এই আটাইকেইটা সম্প্ৰদায়ক উচ্ছেদৰ প্ৰেক্ষাপটত এটা শ্ৰেণী হিচাপে চোৱাৰ প্ৰাসংগিকতা। আজিৰ তাৰিখত আটকধুনীয়া গুৱাহাটীৰ চাৰিসীমাত অৰ্থাৎ বিলৰ পাৰত, পাহাৰত, অথবা বনাঞ্চলৰ কাষত থকা সেই সকল লোকেই উচ্ছেদৰ বলি যি অৰ্থনৈতিকভাৱে দুৰ্বল, ৰাজনৈতিক ভাৱে সংঘবদ্ধ হোৱা পৰা বঞ্চিত।  দেখাত মিঞা অথবা জনজাতিৰ উচ্ছেদ হৈছে বুলি চালেও দৰাচলতে এই দুয়োটা সম্প্ৰদায়ৰ সেইসকল পৰিয়াল উচ্ছেদৰ ভোক্তভোগী যি ভূমিহীন।  সেই বাবেই ভয় আৰু চাতুকাৰ বলি। নাম তেওঁলোকৰ বেদখলকাৰী ।  



এখন চহৰত কাৰ অধিকাৰ থাকে ?


এখন চহৰ যিমান প্ৰয়োজনীয়, চহৰখনক ধৰি থাকিবলৈ তাৰ চৌপাশে প্ৰাকৃতিক জলাশয় তথা বনাঞ্চলৰো সিমানেই প্ৰয়োজন।  কিন্তু দেশৰ বেছিভাগ চহৰৰ দৰে গুৱাহাটীও প্ৰাথমিক ভাৱে এখন অপৰিকল্পিত চহৰ। গুৱাহাটী আজিৰ তাৰিখত চহৰ পৰিকল্পনাৰ নামত অভাৰব্ৰীজ আৰু ট্ৰেফিক জামৰহে উদাহৰণ। অৰ্থনৈতিক ভাৱে উচ্চ ক্ষমতাসম্পন্ন শ্ৰেণীটোৰ বাহিৰে ইয়াত মাটি অথবা ফ্লেট ক্ৰয় কৰাটো সাধাৰণ শ্ৰেণীৰ বাবে কল্পনাৰো অগোচৰ।  এই ক্ষেত্ৰত প্ৰশ্ন হয়, এখন চহৰত কেৱল মাত্ৰ এটা শ্ৰেণীৰে অধিকাৰ থাকে নেকি যি অৰ্থনৈতিক ভাৱে সবল হোৱাৰ লগতে ৰাজনৈতিক ভাৱেও ক্ষমতাসম্পন্ন? এই প্ৰশ্নৰ উত্তৰ হিচাপে বহুকেইটা উচ্ছেদৰ উদাহৰণক জুকিয়াই চাব পাৰি। ২০১৭ চনৰ আমচাঙৰ উচ্ছেদৰ পৰা সৌ সিদিনালৈকে চলাই থকা শিলসাঁকোৰ উচ্ছেদলৈকে গুৱাহাটী মহানগৰীত ভূমি অধিকাৰক কিদৰে ৰাজনীতিকৰণ কৰি থকা হৈছে, সেয়া চিন্তনীয়। কেৱল গুৱাহাটী নহয় অসমৰ বেছিভাগ সৰু ডাঙৰ চহৰ, টাউনৰ আটাইতকৈ মূল্যৱান মাটি এতিয়া অজনজাতিয় শ্ৰেণীৰ হাতত। চহৰবোৰত ক্ৰমান্বয়ে এই নিৰ্দিষ্ট শ্ৰেণীটোৱে অগ্ৰাধিকাৰ কৰি থকা মাটিৰ বাবে নগৰীয়া এলেকাবোৰৰ চাৰিসীমাত বসতি কৰিবলৈ বাধ্য হৈছে তুলনামূলক ভাৱে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীটোৱে। গুৱাহাটীৰ দৰে আন চহৰবোৰৰ পৰিসৰ যিমানেই বাঢ়িছে উক্ত শ্ৰেণীটোৰ মাটিৰ সংকটো সিমানেই বাঢ়িবলৈ ধৰিছে। এই গোটেই প্ৰক্ৰিয়াটোৰ স্বাভাৱিকীকৰণ এনেকৈ কৰা হৈছে যেন এইসকল লোকৰ বাবেই গুৱাহাটীৰ পৰিৱেশ বিনষ্ট হৈছে, চহৰখনৰ বানপানী নিয়ন্ত্ৰণৰ অধীনত নাই, বিল অথবা বনাঞ্চল বেদখলৰ কবলত পৰিছে। 

এই কথা সঁচা যে এখন চহৰৰ আয়ুসৰ বাবে, চহৰখনৰ বহনক্ষমতাৰ বাবে প্ৰকৃতি সংৰক্ষণ প্ৰয়োজনীয়। কিন্তু প্ৰকৃতি সংৰক্ষণ কেৱল এটা মুষ্টিমেয় শ্ৰেণীৰ সুৰক্ষাৰ বাবে নহয়, সকলো নাগৰিকৰ বাবেই দৰকাৰী। তেনেস্থলত কিদৰে এটা শ্ৰেণী ঐতিহাসিক ভাৱে ভূমিহীনতাৰ চিকাৰ, অথচ সেই একেই শ্ৰেণীৰ লোকসকল বেদখলকাৰী বুলি উচ্ছেদৰ বলি ভাবিবলগীয়া। তেন্তে কল্যাণকামী ব্যৱস্থা এটাত এই ভূমিহীন শ্ৰেণীটোৰ সুৰক্ষাৰ বাবে ফলপ্ৰসূ আঁচনি আজি পৰ্যন্ত কিয় নহ'ল ? এখন চহৰৰ পৰিকল্পনাৰ পৰিকাঠামোত এইসকল লোকৰ বসতিক অগ্ৰাধিকাৰ কিয় দিয়া নহ'ল ? প্ৰাকৃতিক সম্পদবোৰৰ সংৰক্ষণৰ প্ৰসংগ সমুখলৈ আনোতে উচ্ছেদিতসকলৰ বাবে কোনো বিকল্প ব্যৱস্থাক কিয় গুৰুত্ব দিয়া নহ'ল ? সংৰক্ষণক আইনী ব্যৱস্থাৰ আওতালৈ আনোতে এটা শ্ৰেণীক প্ৰকৃতিৰ পৰা সম্পূৰ্ণ আঁতৰাই পেলোৱা হোৱা নাই নে ? 



 উচ্ছেদ, স্মাৰ্ট চিটি, আৰু খিলঞ্জীয়াৰ অস্তিত্ব 


স্মাৰ্ট চিটি নিৰ্মাণৰ বাবে উচ্ছেদক প্ৰাথমিক চৰ্ত হিচাপে প্ৰক্ষেপণ কৰাৰ আয়োজন অসমত নতুন হ'ব পাৰে। তৃতীয় বিশ্বত এয়া কোনো নতুন ঘটনা নহয়। লেটিন আমেৰিকা, আফ্ৰিকাৰ নতুন নতুন চহৰবোৰত থলুৱাৰ অধিকাৰ খৰ্ব আৰু ভূমিৰ পৰা উচ্ছেদে  খিলঞ্জীয়াৰ অধিকাৰৰ স্বাৰ্থত তথা কৃষকৰ ভূমি অধিকাৰৰ খাতিৰত বহুতো আন্দোলনৰ জন্ম দিছে। অসমত আৰ্থিকভাৱে দুৰ্বল জনজাতীয় শ্ৰেণীটোৰ পৰা অজনজাতিয় শ্ৰেণীটোৰ হাতলৈ ভূমিৰ হস্তান্তৰে দুটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ স্পষ্ট কৰিছে। এক, চহৰবোৰৰ অস্তিত্ব আৰু অধিকাৰ ক্ৰমান্বয়ে অজনজাতিয় শ্ৰেণীৰ হাতলৈ গৈ আছে । অৰ্থাত উৎপাদন,  বিতৰণ তথা বিনিয়োগৰ মূল কেন্দ্ৰবোৰৰ ওপৰত খিলঞ্জীয়াৰ অধিকাৰ সংকুচিত হ'বলৈ আৰম্ভ কৰিছে। 

দুই, আটাইতকৈ মূল্যৱান কৃষিভূমিৰ হস্তান্তৰে কৃষিৰ পৰিৱৰ্তে উদ্যোগ তথা অন্য ব্যৱসায়ৰ ওপৰতহে নিৰ্ভৰশীলতা বঢ়াইছে। ই এফালে কৃষকৰ দৰিদ্ৰতা বঢ়াইছে । আনফালে, শস্যৰ বাবে আন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হ'বলৈও বাধ্য কৰিছে। এই দুয়োটা দিশে আটাইতকৈ বেছি শংকা আনিছে খিলঞ্জীয়ালৈ। যাৰ সুস্পষ্ট সংজ্ঞা নিৰূপন কৰাত ইতিমধ্যে ব্যৱস্থা বিফল। অথচ যি দিনে প্ৰতিদিনে ভূমিহীন আৰু উচ্ছেদৰ ৰাজনীতিৰে ভাৰাক্ৰান্ত। সামগ্ৰিকভাৱে স্মাৰ্ট চিটিৰ নাম লৈ বাঢ়ি অহা চহৰবোৰত খিলঞ্জীয়া, জনজাতীয় শ্ৰেণীটোৰে অস্তিত্ব বিপন্ন। লেটিন আমেৰিকাত যিদৰে এই সমস্যাটোক শ্বেতাংগ আৰু কৃষ্ণাংগৰ বিভাজনৰে চোৱা হয়, অসমতো ইয়াক ঘনাই মেৰুকৰণ কৰিবলৈ চেষ্টা চলোৱা হয় খিলঞ্জীয়া আৰু মিঞাৰ নামত। কিন্তু পাৰ হৈ যোৱা উচ্ছেদবোৰে প্ৰমাণ কৰিছে উচ্ছেদ দুয়োটা সম্প্ৰদায়ৰৃ আৰ্থিকভাৱে দুৰ্বল, ভূমিহীন শ্ৰেণীটোৰে হৈছে। গুৱাহাটীৰ উচ্ছেদিত পৰিয়ালবোৰলৈ চালে এই কথা সহজেই ধৰিব পাৰি কিদৰে আধুনিক পুঁজিবাদে অৰ্থনৈতিক অসুৰক্ষা, অসমতা আৰু পাৰিৱেশিক দমন হৈ এই শ্ৰেণীটোক কেৱল ভূমিহীন কৰাই নহয়, সামাজিক ন্যায়ৰ পৰাই বঞ্চিত কৰিছে। চহৰ এখন কেৱল সংগ্ৰামত জীয়াই নাথাকে। চহৰ একোখন থন ধৰি উঠে আশাত। আদৰত। আত্মীয়তাত। গুৱাহাটীৰ ভাঙি পৰা চালিবোৰে, অৰ্ধ নগ্ন প্ৰতিবাদী নাৰীয়ে, শিশুৰ কান্দোনে, সিঁচৰিত পাঠ্যপুথিয়ে সেই আশাবাদ কঢ়িয়াই আনিব পাৰিছেনে? এবাৰ ভাবো আহক ।