Sunday, 5 November 2023

উচ্ছেদ কাৰ বাবে আৰু কিয় ?

অসমৰ বিভিন্ন ঠাইত শেহতীয়াকৈ হোৱা উচ্ছেদবোৰৰ ক্ৰণল'জি মনকৰিবলগীয়া। নাগৰিক  সমাজৰ এটা অংশ উচ্ছেদৰ বিৰুদ্ধে যিমানে সৰৱ হৈছে, সিমানে উচ্ছেদৰ প্ৰয়োজনীয়তাৰ তালিকাখন দীঘল কৰি গৈ থকা হৈছে। উচ্ছেদৰ সৈতে দুটা বিষয়বস্তুক সংলগ্ন কৰি থকাৰ ৰাজনীতি চলি আছে। এক, বেদখল। দুই, সংৰক্ষণ। বেদখলক সংৰক্ষণৰ শত্ৰু হিচাপে পৰিচিত কৰাৰ এই অবিৰত প্ৰচেষ্টাৰ বলি হৈছে কোন এবাৰ মন কৰক । সামগ্ৰিকভাৱে উচ্ছেদৰ বলি হোৱাসকল মূলতঃ জনজাতীয় সমাজৰ লোক যি বানপানী অথবা গৰাখহনীয়াৰ বাবে ইতিমধ্যে স্থানীয় ভূমিৰ পৰা বিতাড়িত।  সেই একেই কাৰণৰ বলি নামনি অসমৰ ভূমিহীন মিঞা সম্প্ৰদায়। ব্ৰক্ষ্মপুত্ৰ উপত্যকাত বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰা এই দুয়োটা সম্প্ৰদায় বাধ্য জীৱিকাৰ সন্ধানত চহৰলৈ প্ৰব্ৰজন কৰিবলৈ । গুৱাহাটী অভিজাত নগৰ হিচাপে পৰিচিত হোৱাৰ ক্ষেত্ৰত এই দুয়োটা সম্প্ৰদায়ৰ অৱদান কিমান এবাৰ ভাবক। কিন্তু ইয়াৰ মাজত এটা অন্য সম্প্ৰদায়ো আছে, যি জনজাতি হোৱাৰ পাছতো, ঐতিহাসিক ভাৱে গুৱাহাটী মহানগৰীৰ ট্ৰাইবেল ব্লেট আৰু ব্লকৰ পৰা কোন কাহানিবাই বঞ্চিত। জীৱন জীৱিকাৰ খাতিৰত এইসকল লোকো এতিয়া পূৰ্বে উল্লেখ কৰা দুটা সম্প্ৰদায়ৰ সমান্তৰালভাৱে গুৱাহাটীৰ বাসিন্দা। কিন্তু অভিজাত গুৱাহাটীয়ে তেওঁলোকক আজিলৈকে নিজৰ অংশ বুলি সামৰি লৈছে নে ? এই প্ৰশ্ন কৰাৰ সময় কাহানিবাই উকলি গৈছে। তথাপিও ইয়াক পুনৰাই দোহাৰিবলৈ বাধ্য হোৱাৰ মুখ্য কাৰণ হৈছে এই আটাইকেইটা সম্প্ৰদায়ক উচ্ছেদৰ প্ৰেক্ষাপটত এটা শ্ৰেণী হিচাপে চোৱাৰ প্ৰাসংগিকতা। আজিৰ তাৰিখত আটকধুনীয়া গুৱাহাটীৰ চাৰিসীমাত অৰ্থাৎ বিলৰ পাৰত, পাহাৰত, অথবা বনাঞ্চলৰ কাষত থকা সেই সকল লোকেই উচ্ছেদৰ বলি যি অৰ্থনৈতিকভাৱে দুৰ্বল, ৰাজনৈতিক ভাৱে সংঘবদ্ধ হোৱা পৰা বঞ্চিত।  দেখাত মিঞা অথবা জনজাতিৰ উচ্ছেদ হৈছে বুলি চালেও দৰাচলতে এই দুয়োটা সম্প্ৰদায়ৰ সেইসকল পৰিয়াল উচ্ছেদৰ ভোক্তভোগী যি ভূমিহীন।  সেই বাবেই ভয় আৰু চাতুকাৰ বলি। নাম তেওঁলোকৰ বেদখলকাৰী ।  



এখন চহৰত কাৰ অধিকাৰ থাকে ?


এখন চহৰ যিমান প্ৰয়োজনীয়, চহৰখনক ধৰি থাকিবলৈ তাৰ চৌপাশে প্ৰাকৃতিক জলাশয় তথা বনাঞ্চলৰো সিমানেই প্ৰয়োজন।  কিন্তু দেশৰ বেছিভাগ চহৰৰ দৰে গুৱাহাটীও প্ৰাথমিক ভাৱে এখন অপৰিকল্পিত চহৰ। গুৱাহাটী আজিৰ তাৰিখত চহৰ পৰিকল্পনাৰ নামত অভাৰব্ৰীজ আৰু ট্ৰেফিক জামৰহে উদাহৰণ। অৰ্থনৈতিক ভাৱে উচ্চ ক্ষমতাসম্পন্ন শ্ৰেণীটোৰ বাহিৰে ইয়াত মাটি অথবা ফ্লেট ক্ৰয় কৰাটো সাধাৰণ শ্ৰেণীৰ বাবে কল্পনাৰো অগোচৰ।  এই ক্ষেত্ৰত প্ৰশ্ন হয়, এখন চহৰত কেৱল মাত্ৰ এটা শ্ৰেণীৰে অধিকাৰ থাকে নেকি যি অৰ্থনৈতিক ভাৱে সবল হোৱাৰ লগতে ৰাজনৈতিক ভাৱেও ক্ষমতাসম্পন্ন? এই প্ৰশ্নৰ উত্তৰ হিচাপে বহুকেইটা উচ্ছেদৰ উদাহৰণক জুকিয়াই চাব পাৰি। ২০১৭ চনৰ আমচাঙৰ উচ্ছেদৰ পৰা সৌ সিদিনালৈকে চলাই থকা শিলসাঁকোৰ উচ্ছেদলৈকে গুৱাহাটী মহানগৰীত ভূমি অধিকাৰক কিদৰে ৰাজনীতিকৰণ কৰি থকা হৈছে, সেয়া চিন্তনীয়। কেৱল গুৱাহাটী নহয় অসমৰ বেছিভাগ সৰু ডাঙৰ চহৰ, টাউনৰ আটাইতকৈ মূল্যৱান মাটি এতিয়া অজনজাতিয় শ্ৰেণীৰ হাতত। চহৰবোৰত ক্ৰমান্বয়ে এই নিৰ্দিষ্ট শ্ৰেণীটোৱে অগ্ৰাধিকাৰ কৰি থকা মাটিৰ বাবে নগৰীয়া এলেকাবোৰৰ চাৰিসীমাত বসতি কৰিবলৈ বাধ্য হৈছে তুলনামূলক ভাৱে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীটোৱে। গুৱাহাটীৰ দৰে আন চহৰবোৰৰ পৰিসৰ যিমানেই বাঢ়িছে উক্ত শ্ৰেণীটোৰ মাটিৰ সংকটো সিমানেই বাঢ়িবলৈ ধৰিছে। এই গোটেই প্ৰক্ৰিয়াটোৰ স্বাভাৱিকীকৰণ এনেকৈ কৰা হৈছে যেন এইসকল লোকৰ বাবেই গুৱাহাটীৰ পৰিৱেশ বিনষ্ট হৈছে, চহৰখনৰ বানপানী নিয়ন্ত্ৰণৰ অধীনত নাই, বিল অথবা বনাঞ্চল বেদখলৰ কবলত পৰিছে। 

এই কথা সঁচা যে এখন চহৰৰ আয়ুসৰ বাবে, চহৰখনৰ বহনক্ষমতাৰ বাবে প্ৰকৃতি সংৰক্ষণ প্ৰয়োজনীয়। কিন্তু প্ৰকৃতি সংৰক্ষণ কেৱল এটা মুষ্টিমেয় শ্ৰেণীৰ সুৰক্ষাৰ বাবে নহয়, সকলো নাগৰিকৰ বাবেই দৰকাৰী। তেনেস্থলত কিদৰে এটা শ্ৰেণী ঐতিহাসিক ভাৱে ভূমিহীনতাৰ চিকাৰ, অথচ সেই একেই শ্ৰেণীৰ লোকসকল বেদখলকাৰী বুলি উচ্ছেদৰ বলি ভাবিবলগীয়া। তেন্তে কল্যাণকামী ব্যৱস্থা এটাত এই ভূমিহীন শ্ৰেণীটোৰ সুৰক্ষাৰ বাবে ফলপ্ৰসূ আঁচনি আজি পৰ্যন্ত কিয় নহ'ল ? এখন চহৰৰ পৰিকল্পনাৰ পৰিকাঠামোত এইসকল লোকৰ বসতিক অগ্ৰাধিকাৰ কিয় দিয়া নহ'ল ? প্ৰাকৃতিক সম্পদবোৰৰ সংৰক্ষণৰ প্ৰসংগ সমুখলৈ আনোতে উচ্ছেদিতসকলৰ বাবে কোনো বিকল্প ব্যৱস্থাক কিয় গুৰুত্ব দিয়া নহ'ল ? সংৰক্ষণক আইনী ব্যৱস্থাৰ আওতালৈ আনোতে এটা শ্ৰেণীক প্ৰকৃতিৰ পৰা সম্পূৰ্ণ আঁতৰাই পেলোৱা হোৱা নাই নে ? 



 উচ্ছেদ, স্মাৰ্ট চিটি, আৰু খিলঞ্জীয়াৰ অস্তিত্ব 


স্মাৰ্ট চিটি নিৰ্মাণৰ বাবে উচ্ছেদক প্ৰাথমিক চৰ্ত হিচাপে প্ৰক্ষেপণ কৰাৰ আয়োজন অসমত নতুন হ'ব পাৰে। তৃতীয় বিশ্বত এয়া কোনো নতুন ঘটনা নহয়। লেটিন আমেৰিকা, আফ্ৰিকাৰ নতুন নতুন চহৰবোৰত থলুৱাৰ অধিকাৰ খৰ্ব আৰু ভূমিৰ পৰা উচ্ছেদে  খিলঞ্জীয়াৰ অধিকাৰৰ স্বাৰ্থত তথা কৃষকৰ ভূমি অধিকাৰৰ খাতিৰত বহুতো আন্দোলনৰ জন্ম দিছে। অসমত আৰ্থিকভাৱে দুৰ্বল জনজাতীয় শ্ৰেণীটোৰ পৰা অজনজাতিয় শ্ৰেণীটোৰ হাতলৈ ভূমিৰ হস্তান্তৰে দুটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ স্পষ্ট কৰিছে। এক, চহৰবোৰৰ অস্তিত্ব আৰু অধিকাৰ ক্ৰমান্বয়ে অজনজাতিয় শ্ৰেণীৰ হাতলৈ গৈ আছে । অৰ্থাত উৎপাদন,  বিতৰণ তথা বিনিয়োগৰ মূল কেন্দ্ৰবোৰৰ ওপৰত খিলঞ্জীয়াৰ অধিকাৰ সংকুচিত হ'বলৈ আৰম্ভ কৰিছে। 

দুই, আটাইতকৈ মূল্যৱান কৃষিভূমিৰ হস্তান্তৰে কৃষিৰ পৰিৱৰ্তে উদ্যোগ তথা অন্য ব্যৱসায়ৰ ওপৰতহে নিৰ্ভৰশীলতা বঢ়াইছে। ই এফালে কৃষকৰ দৰিদ্ৰতা বঢ়াইছে । আনফালে, শস্যৰ বাবে আন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হ'বলৈও বাধ্য কৰিছে। এই দুয়োটা দিশে আটাইতকৈ বেছি শংকা আনিছে খিলঞ্জীয়ালৈ। যাৰ সুস্পষ্ট সংজ্ঞা নিৰূপন কৰাত ইতিমধ্যে ব্যৱস্থা বিফল। অথচ যি দিনে প্ৰতিদিনে ভূমিহীন আৰু উচ্ছেদৰ ৰাজনীতিৰে ভাৰাক্ৰান্ত। সামগ্ৰিকভাৱে স্মাৰ্ট চিটিৰ নাম লৈ বাঢ়ি অহা চহৰবোৰত খিলঞ্জীয়া, জনজাতীয় শ্ৰেণীটোৰে অস্তিত্ব বিপন্ন। লেটিন আমেৰিকাত যিদৰে এই সমস্যাটোক শ্বেতাংগ আৰু কৃষ্ণাংগৰ বিভাজনৰে চোৱা হয়, অসমতো ইয়াক ঘনাই মেৰুকৰণ কৰিবলৈ চেষ্টা চলোৱা হয় খিলঞ্জীয়া আৰু মিঞাৰ নামত। কিন্তু পাৰ হৈ যোৱা উচ্ছেদবোৰে প্ৰমাণ কৰিছে উচ্ছেদ দুয়োটা সম্প্ৰদায়ৰৃ আৰ্থিকভাৱে দুৰ্বল, ভূমিহীন শ্ৰেণীটোৰে হৈছে। গুৱাহাটীৰ উচ্ছেদিত পৰিয়ালবোৰলৈ চালে এই কথা সহজেই ধৰিব পাৰি কিদৰে আধুনিক পুঁজিবাদে অৰ্থনৈতিক অসুৰক্ষা, অসমতা আৰু পাৰিৱেশিক দমন হৈ এই শ্ৰেণীটোক কেৱল ভূমিহীন কৰাই নহয়, সামাজিক ন্যায়ৰ পৰাই বঞ্চিত কৰিছে। চহৰ এখন কেৱল সংগ্ৰামত জীয়াই নাথাকে। চহৰ একোখন থন ধৰি উঠে আশাত। আদৰত। আত্মীয়তাত। গুৱাহাটীৰ ভাঙি পৰা চালিবোৰে, অৰ্ধ নগ্ন প্ৰতিবাদী নাৰীয়ে, শিশুৰ কান্দোনে, সিঁচৰিত পাঠ্যপুথিয়ে সেই আশাবাদ কঢ়িয়াই আনিব পাৰিছেনে? এবাৰ ভাবো আহক ।

No comments:

Post a Comment