Monday, 28 September 2026

বিদ্যালয় শিক্ষাত দুৰ্যোগ ব্যৱস্থাপনা

 বিদ্যালয় শিক্ষাত দুৰ্যোগ ব্যৱস্থাপনা

ড• জুৰি বৰুৱা 

শেহতীয়াকৈ নিম্ন হিমালয় অঞ্চলত হোৱা প্ৰাকৃতিক দুৰ্যোগে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কে কিছু কথা নতুনকৈ ভাবিবলৈ বাধ‍্য কৰিছে। কাৰণ সামগ্ৰিকভাৱে এই গোটেই অঞ্চলটোৰ বিদ‍্যালয় স্থাপত্যত দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিভাষা একেবাৰে নিম্নমানৰ। প্ৰাকৃতিক দুৰ্যোগে হওক অথবা মানৱসৃষ্ট ঘটনাই সৃষ্টি কৰা দুৰ্যোগ—এইবোৰে বয়সৰ কোনো ভেদাভেদ নামানে। এনে পৰিস্থিতিত শিশু আৰু কিশোৰ-কিশোৰীসকলেই আটাইতকৈ স্পৰ্শকাতৰ। কাৰণ বহু সময়ত তেওঁলোকৰ নিজকে সুৰক্ষিত কৰা আৰু আনক সহায় কৰাৰ বাবে প্ৰয়োজনীয় জ্ঞান, দক্ষতা আৰু মানসিক স্থিৰতা নাথাকে। এনে অসুৰক্ষিত অৱস্থাই প্ৰমাণ কৰে যে বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা শিক্ষা পাঠ্যক্ৰমৰ কোনো গৌণ সংযোজন নহয় । বৰং সামগ্ৰিক শিক্ষাৰ এক অত্যাৱশ্যকীয় আৰু অনিবাৰ্য অংশ। বিদ্যালয় শিক্ষাৰ জৰিয়তে দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ অৰ্থাৎ প্ৰস্তুতিৰ এক সংস্কৃতি গঢ়ি তুলিব পাৰি।যি শ্ৰেণীকোঠাৰ বাহিৰতো ছাত্ৰ-ছাত্ৰীক আত্মবিশ্বাসী কৰি তুলিব পাৰে। তাৰোপৰি প্ৰতিদিনে দীঘলীয়া সময়ৰ বাবে বিদ্যালয়ত বৃহৎ সংখ্যক শিশু একেলগে থাকে। সেয়েহে দুৰ্যোগৰ সময়ত বিদ্যালয় এক উল্লেখযোগ্য বিপদৰ স্থান হোৱাৰ লগতে দুৰ্যোগৰ বাবে প্ৰস্তুতিৰ জ্ঞান প্ৰচাৰৰ এক অতুলনীয় মাধ্যমো।

বানপানী, ভূমিকম্প বা অগ্নিকাণ্ডৰ সময়ত কেনেদৰে সঠিকভাৱে সঁহাৰি দিব লাগে সেই কথা শিকা এটা শিশুৱে সেই জ্ঞান ঘৰলৈ লৈ যোৱাৰ সম্ভাৱনা অধিক। তেওঁ পিতৃ-মাতৃ, ভাই-ভনী আৰু ওচৰ-চুবুৰীয়াৰ সৈতে সেই জ্ঞান ভাগ-বতৰা কৰিব পাৰে, যিসকলে হয়তো আন কোনো মাধ্যমৰ জৰিয়তে এনে প্ৰশিক্ষণ লাভ নকৰিবও পাৰে। এইদৰে বিদ্যালয়ৰ দুৰ্যোগ শিক্ষা এক আহিলা হিচাপে কাম কৰি শিশুৰ জৰিয়তে সম্পূৰ্ণ পৰিয়াল আৰু সমাজলৈ প্ৰস্তুতিৰ বাৰ্তা লৈ যায়।

ভাৰতৰ দৰে দেশত, য’ত বিভিন্ন অঞ্চল বিভিন্ন ধৰণৰ দুৰ্যোগৰ আশংকাৰে ভৰা—যেনে অসম আৰু বিহাৰৰ নদী-ভিত্তিক বানপানী, হিমালয় অঞ্চলৰ ভূমিকম্পৰ আশংকা আৰু পূব তথা পশ্চিম উপকূলৰ ঘূৰ্ণীবতাহ—তেনে পৰিস্থিতিত অঞ্চলভিত্তিক দুৰ্যোগ শিক্ষাৰপ্ৰয়োজনীয়তা বিশেষভাৱে গুৰুত্বপূৰ্ণ। অৱশ‍্যে দেশখনৰ ভৌগোলিক আৰু জলবায়ুগত বৈচিত্ৰ্যৰ বাবে সকলো অঞ্চলৰ বাবে একে ধৰণৰ পদ্ধতি উপযোগী নহয়। বিদ্যালয়সমূহে নিজৰ শিক্ষাৰ্থীসকলৰ বাবে প্ৰাসংগিক স্থানীয় বিপদসমূহৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্যোগ শিক্ষাৰ পাঠ্যক্ৰম স্থানীয়ভাৱে প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।



বিদ্যালয়ভিত্তিক দুৰ্যোগ শিক্ষাৰ মূল উপাদানসমূহ

বিদ্যালয়ত ফলপ্ৰসূ দুৰ্যোগ ব্যৱস্থাপনা শিক্ষা কেইবাটাও পৰস্পৰ-সংযুক্ত উপাদানৰ ওপৰত নিৰ্ভৰশীল। প্ৰথমটো হৈছে বিপদ সম্পৰ্কীয় সজাগতা। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলক তেওঁলোকৰ অঞ্চলত সংঘটিত হোৱাৰ সম্ভাৱনা থকা বিভিন্ন ধৰণৰ দুৰ্যোগৰ বিষয়ে পৰিচয় কৰাই দিব পাৰি। ইয়াত দুৰ্যোগৰ কাৰণ, সতৰ্কবাণীৰ সংকেত আৰু সাধাৰণতে কেনে ধৰণে দুৰ্যোগ সংঘটিত হয় সেই বিষয়ে বুজোৱাটো জৰুৰী। 

দ্বিতীয়তে, আৰ্হি অনুশীলন আৰু অনুকৰণমূলক অনুশীলন। উদাহৰণস্বৰূপে- ভূমিকম্পৰ সময়ত ব্যৱহৃত সুপৰিচিত ‘Drop, Cover and Hold’ পদ্ধতি বা অগ্নিকাণ্ডৰ সময়ত নিৰাপদে বাহিৰলৈ ওলাই যোৱাৰ অনুশীলনৰ দৰে ব্যৱহাৰিক অনুশীলনে তাত্ত্বিক জ্ঞানক বাস্তৱ পৰিস্থিতিত ব্যৱহাৰ কৰিব পৰা দক্ষতালৈ ৰূপান্তৰ কৰে। সেইদৰে বানপানীৰ পূৰ্বে চলোৱা প্ৰস্তুতি অথবা বানৰ সময়ত লোৱা সাৱধনতাই সংকটৰ সময়ত মানসিক চাপৰ মাজতো শিক্ষাৰ্থীয়ে এই অনুশীলনৰ জৰিয়তে শিকা প্ৰতিক্ৰিয়া স্বাভাৱিকভাৱে প্ৰয়োগ কৰিব পাৰে।

তৃতীয়তে, প্ৰাথমিক চিকিৎসা আৰু মৌলিক জীৱন-সহায়ক প্ৰশিক্ষণ। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে দুৰ্যোগৰ তাৎক্ষণিক পৰৱৰ্তী সময়ত পেছাদাৰী উদ্ধাৰকাৰী দল উপস্থিত হোৱাৰ আগতেই নিজকে আৰু আনক সহায় কৰিব পৰা ব্যৱহাৰিক দক্ষতা আহৰণ কৰে।

চতুৰ্থতে, বিদ্যালয়ৰ দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা। আদৰ্শভাৱে শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ অংশগ্ৰহণেৰে প্ৰস্তুত কৰা এনে পৰিকল্পনাত নিৰাপদে বাহিৰলৈ ওলাই যোৱাৰ পথ, সমবেত হোৱাৰ স্থান, বিভিন্ন ব্যক্তি বা গোটৰ দায়িত্ব আৰু কৰ্তব্য, লগতে পিতৃ-মাতৃৰ সৈতে যোগাযোগৰ স্পষ্ট নিয়ম নিৰ্ধাৰণ কৰা উচিত।

পঞ্চমতে, মানসিক-সামাজিক প্ৰস্তুতি। এই দিশটো প্ৰায়ে উপেক্ষা কৰা হয় যদিও ইয়াৰ গুৰুত্ব যথেষ্ট  বেছি। দুৰ্যোগে মানুহৰ মনত দীৰ্ঘস্থায়ী মানসিক আঘাত সৃষ্টি কৰিব পাৰে। সেয়েহে শিক্ষাৰ্থী আৰু শিক্ষকসকলক মানসিক আঘাতৰ প্ৰতিক্ৰিয়া আৰু আৱেগিক সহায়ৰ বিষয়ে মৌলিক জ্ঞান প্ৰদান কৰিলে বিদ্যালয়সমূহে কেৱল দুৰ্যোগৰ সময়ত জীৱন ৰক্ষা কৰাই নহয়, পৰৱৰ্তী পুনৰুদ্ধাৰ প্ৰক্ৰিয়াতো সহায় কৰিব পাৰে।

উল্লেখযোগ‍্য যে দুৰ্যোগ ব্যৱস্থাপনা শিক্ষা ফলপ্ৰসূ কৰিবলৈ ইয়াক মাজে-সময়ে অনুষ্ঠিত সজাগতা অভিযান বা এককালীন কৰ্মশালাৰ মাজতে সীমাবদ্ধ ৰাখিব নোৱাৰি। ভূগোল, বিজ্ঞান আৰু সমাজবিজ্ঞান আদি বিষয়ৰ নিয়মীয়া পাঠ্যক্ৰমৰ সৈতে ইয়াক সংযুক্ত কৰিব লাগিব। তেতিয়াহে বিপদ, অসুৰক্ষিততা আৰু বিপদৰ আশংকাৰ দৰে ধাৰণাসমূহ পৃথক তথ্য হিচাপে নহয়, এক সংহত পদ্ধতিৰে উঠি অহা প্ৰজন্মক শিকাব পৰা যাব। পাঠ্যক্ৰম আৰু প্ৰতিষ্ঠানগত সংযোগ বৰ্তমান প্ৰেক্ষাপটত অসমৰ গ্ৰাম‍্য আৰু নগৰ অঞ্চলৰ বিদ‍্যালয় শিক্ষাৰ বাবে অতি প্ৰাসংগিক। 

ভাৰতৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (National Disaster Management Authority) আৰু কেইবাখনো ৰাজ্যৰ শিক্ষা ব’ৰ্ডে এই দিশত পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু বিদ্যালয়ৰ পাঠ্যক্ৰমত দুৰ্যোগ ব্যৱস্থাপনাক বিষয় বা একক হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে যদিও বিভিন্ন ৰাজ্য আৰু বিদ্যালয়ৰ মাজত ইয়াৰ বাস্তৱায়ন সমান নহয়। এই ক্ষেত্ৰত শেহতীয়া উজনি অসমৰ বানত বিধ্বস্ত বিদ‍্যালয়সমূহৰ দুৰৱস্থাই বহু কথা প্ৰমাণ কৰে। 

কোনো সন্দেহ নাই যে পাঠ্যক্ৰমৰ বিষয়বস্তুৰ সমানেই প্ৰতিষ্ঠানগত দায়বদ্ধতাও গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে, বিদ্যালয়সমূহত এজন নিৰ্দিষ্ট দুৰ্যোগ ব্যৱস্থাপনা সমন্বয়ক, নিয়মীয়াকৈ পৰীক্ষা আৰু উন্নীত কৰা অগ্নিনিৰ্বাপক যন্ত্ৰ, স্পষ্টভাৱে চিহ্নিত বাহিৰলৈ ওলাই যোৱাৰ পথ আৰু সময়ে সময়ে কোনো আগজাননী নিদিয়াকৈ কৰা অনুশীলন থকা উচিত। কেৱল পূৰ্বনিৰ্ধাৰিত আৰু অনুমান কৰিব পৰা অনুশীলনৰ ওপৰত নিৰ্ভৰ নকৰি বাস্তৱ পৰিস্থিতিত বিদ্যালয়ৰ প্ৰস্তুতি পৰীক্ষা কৰা অতি প্ৰয়োজন। এই ক্ষেত্ৰত শিক্ষকৰ প্ৰশিক্ষণো সমানেই গুৰুত্বপূৰ্ণ। কাৰণ দুৰ্যোগৰ সময়ত বিদ্যালয়ৰ ভিতৰত শিক্ষকসকলেই প্ৰায়ে প্ৰথম সঁহাৰিদাতা হিচাপে কাম কৰে। তেওঁলোকৰ আত্মবিশ্বাস আৰু দক্ষতাই জৰুৰী পৰিস্থিতিত শিক্ষাৰ্থীসকলে কিমান শান্ত আৰু ফলপ্ৰসূভাৱে সঁহাৰি জনাব তাক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে।

দুৰ্যোগ ব্যৱস্থাপনা শিক্ষাৰ মূল্য কেৱল তাৎক্ষণিকভাৱে জীৱন ৰক্ষা কৰাৰ দক্ষতাৰ মাজতে সীমাবদ্ধ নহয়। ইয়াৰ উদ্দেশ‍্য দীৰ্ঘম্যাদী স্থিতিস্থাপকতা গঢ়ি তোলা। ই শিক্ষাৰ্থীসকলৰ মাজত প্ৰস্তুতি, বিপদৰ প্ৰতি সজাগতা আৰু নাগৰিক দায়বদ্ধতাৰ এক মানসিকতা গঢ়ি তোলে, যি তেওঁলোক প্ৰাপ্তবয়স্ক হোৱাৰ পিছতো তেওঁলোকৰ সৈতে ৰৈ যায়। যিসকল শিশুৱে আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা, নিৰাপদ নিৰ্মাণ পদ্ধতি আৰু সমাজভিত্তিক দুৰ্যোগ মোকাবিলা ব্যৱস্থাৰ গুৰুত্ব বুজি ডাঙৰ হয়, তেওঁলোক ভৱিষ্যতে নিজৰ সমাজত দুৰ্যোগৰ আশংকা হ্ৰাস কৰাৰ প্ৰচেষ্টাত সহায় কৰা আৰু নেতৃত্ব দিয়াৰ ক্ষেত্ৰত অধিক আগ্ৰহী আৰু সক্ষম হোৱাৰ সম্ভাৱনা থাকে। এনে অৰ্থত বিদ্যালয়ভিত্তিক দুৰ্যোগ শিক্ষা কেৱল ব্যক্তিগত সুৰক্ষাৰ বাবে কৰা বিনিয়োগ নহয়; ই সমগ্ৰ সমাজৰ দীৰ্ঘম্যাদী স্থিতিস্থাপকতাৰ বাবেও এক গুৰুত্বপূৰ্ণ বিনিয়োগ।

উল্লেখযোগ‍্য যে জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত এনে শিক্ষাৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে। জলবায়ু পৰিৱৰ্তনে বিশ্বৰ বহু অঞ্চলত বানপানী, তাপপ্ৰবাহ আৰু ঘূৰ্ণীবতাহৰ দৰে বিপদৰ সঘনতা আৰু তীব্ৰতা বৃদ্ধি কৰিছে। বিপদৰ পৰিৱৰ্তিত পৰিৱেশত পৰৱৰ্তী প্ৰজন্মক কেৱল দুৰ্যোগৰ পৰা বাচি থাকিবলৈ নহয়, বৰং ইয়াৰ অন্তৰ্নিহিত কাৰণসমূহ—যেনে পৰিৱেশৰ অৱক্ষয় আৰু অস্থায়ী তথা বহনক্ষমতাহীন উন্নয়ন—বুজিবলৈও সক্ষম কৰি তুলিব লাগিব। লগতে অধিক স্থিতিস্থাপক আৰু পৰিৱেশ-সংবেদনশীল সমাজ গঢ়ি তোলাত তেওঁলোকক অৰ্থপূৰ্ণভাৱে অংশগ্ৰহণৰ সুযোগ দিব লাগিব।

এই ক্ষেত্ৰত জাপানৰ দৰে দেশত দুৰ্যোগ ব‍্যৱস্থাপনাক লৈ সজাগতা মন কৰিবলগীয়া। জাপানৰ কামাইশি চহৰ । চুনামিৰ দীঘলীয়া ইতিহাস থকা এখন উপকূলীয় অঞ্চল। ইয়াৰ বিদ্যালয়সমূহে ২০১১ চনৰ আগতেই বছৰ বছৰ ধৰি চুনামিলৈ সাজু হোৱাৰ শিক্ষাক নিয়মীয়া শিক্ষণৰ অংশ হিচাপে অন্তৰ্ভূক্ত কৰিছিল। শিশুসকলক তিনিটা পথপ্ৰদৰ্শক নীতি শিকোৱা হৈছিল যি পাছলৈ আন্তৰ্জাতিকভাৱে "কামাইশিৰ অলৌকিক ঘটনা" নামেৰে পৰিচিত হৈ পৰে। প্ৰথম, চৰকাৰী বিপদ মানচিত্ৰক নিৰ্বিচাৰে বিশ্বাস নকৰিবা, কিয়নো প্ৰকৃত ঘটনা আগতীয়াকৈ অনুমান কৰা পৰিস্থিতিতকৈও বেছি ভয়াৱহ হ'ব পাৰে;  দ্বিতীয়, নিৰ্দিষ্ট, মুখস্থ কৰা প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰ নকৰি প্ৰতিটো পৰিস্থিতিত নিজৰ শ্ৰেষ্ঠতম প্ৰচেষ্টা চলাব পৰাকৈ সবল হ’বা ; আৰু তৃতীয়, আটাইতকৈ আগতে নিজক স্থানান্তৰিত কৰিবা, যাতে এজনৰ কাৰ্যই আন সকলোকে, আনকি ডাঙৰ মানুহকো, অনুসৰণ কৰিবলৈ প্ৰেৰণা দিয়ে। উল্লেখযোগ‍্য যে 

২০১১ চনৰ মাৰ্চ মাহত গ্ৰেট ইষ্ট জাপান ভূমিকম্প আৰু তাৰ পাছত অহা চুনামিৰ দুৰ্যোগ বিশ্বৰ বাবেই ভয়লগা। কিন্তু কামাইশি হিগাশি জুনিয়ৰ হাইস্কুলৰ শিক্ষাৰ্থীসকলে, চৰকাৰী সতৰ্কবাণী অহাৰ আগতেই বিপদ অনুভৱ কৰি, নিজক ওখ ঠাইলৈ স্থানান্তৰিত হ'কৰিবলৈ সক্ষম হয়। ওচৰৰ প্ৰাথমিক বিদ্যালয়ৰ শিশুসকল, যিসকলৰ একেবাৰে সৰু আছিল, তেওঁলোকক ডাঙৰ শিক্ষাৰ্থীসকলে পথ দেখুৱাইছিল । তেওঁলোকক শাৰীৰিকভাৱেও সহায় কৰিছিল ডাঙৰ শিক্ষাৰ্থীসকলে। এই বিদ্যালয়সমূহৰ প্ৰায় গোটেই শিক্ষাৰ্থী দল জীৱিত হৈ ৰৈছিল যদিও চুনামিয়ে তেওঁলোকৰ চাৰিওফালে থকা চহৰখন ধ্বংস কৰি পেলাইছিল আৰু ওচৰে-পাজৰে বহুতো মানুহৰ প্ৰাণ কাঢ়িছিল। এই ফলাফল সম্ভৱ হোৱাৰ কাৰণ কোনো নাটকীয় অনুশীলন নহয়। বৰঞ্চ বছৰ বছৰ ধৰি চলা, স্থানীয়ভাৱে ভিত্তি কৰা দুর্যোগ শিক্ষা, যিয়ে বাৰংবাৰ কৰা ব্যৱহাৰিক স্থানান্তৰণ অনুশীলন, ভূমিকম্প আৰু চুনামিৰ কাৰ্যপ্ৰণালীৰ ওপৰত বিজ্ঞান শিক্ষা, আৰু যান্ত্ৰিক পালনতকৈ বিবেচনাশক্তি আৰু নিজৰ পৰা কাম কৰাৰ প্ৰৱণতাক গুৰুত্ব দিছিল। তাৰোপৰি বিদ্যালয়সমূহে স্থানীয় চৰকাৰ আৰু সমাজ সংগঠনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল; যাতে দুর্যোগৰ বাবে সাজু হৈ থকাটো শ্ৰেণীকোঠাৰ ভিতৰতে সীমাবদ্ধ এক পৃথক বিষয় নহৈ গোটেই বিদ্যালয় তথা জিলাৰ সাধাৰণ দায়িত্ব বুলি উপলব্ধি কৰিব পৰা যায়। তাৰ পিছৰ বছৰসমূহত, কামাইশিৰ অভিজ্ঞতাই জাপানৰ বিদ্যালয়ভিত্তিক দুর্যোগ সহনশীলতা শিক্ষাৰ ৰাষ্ট্ৰীয় নিৰ্দেশনাসমূহক প্ৰভাৱিত কৰিছে ।

কামাইশিৰ এই ঘটনাটোৰ পৰা আন ঠাইৰ শিক্ষা ব্যৱস্থাৰ বাবে বিশেষভাৱে প্ৰাসংগিক দুটা শিক্ষা পোৱা যায়। প্ৰথমতে, দুর্যোগ শিক্ষা তেতিয়াহে আটাইতকৈ ফলপ্ৰসূ হয় যেতিয়া ই শব্দৰে মনত ৰখা নিৰ্দিষ্ট নিৰ্দেশনাৰ সংহতিতকৈ অনিশ্চয়তাৰ মাজত শিক্ষাৰ্থীৰ স্বতন্ত্ৰ বিবেচনাশক্তি গঢ়ি তোলে। দ্বিতীয়তে, এনে শিক্ষাক কেইবাটাও বৰ্ষ আৰু কেইবাটাও বিষয়ৰ মাজেৰে বিদ্যালয়ৰ সাধাৰণ ছন্দৰ ভিতৰত সোমাই দিয়া; যাতে বিক্ষিপ্ত, একে বাৰৰ সজাগতা কাৰ্যসূচীতকৈ অধিক স্থায়ী ফলাফল পোৱা যায়। এই দুয়োটাৰ গুৰুত্ব অসমৰ দুর্যোগপ্ৰৱণ অঞ্চলসমূহকে ধৰি অন্য ঠাইৰ বিদ্যালয়সমূহত দুর্যোগ ব্যৱস্থাপনাৰ পাঠ্যক্ৰমক শক্তিশালী কৰাৰ বাবে কিমান প্ৰয়োজনীয় সেয়া উপলব্ধি কৰাৰ সময় আহি পৰিছে। 

এই ক্ষেত্ৰত নেপালৰ বিদ্যালয়ত শিক্ষকে লোৱা দূৰদৰ্শীতাও অন‍্যতম। নেপাল ভাৰত-ইউৰেছিয়া টেকটনিক প্লেটৰ সীমাৰেখাত অৱস্থিত হোৱাৰ বাবে ভূমিকম্পৰ প্ৰতি অত্যন্ত সংবেদনশীল এখন দেশ। ১৯৩৪ চনৰ বিধ্বংসী ভূমিকম্পৰ পৰা শিক্ষা লৈ, নেপালৰ অ-চৰকাৰী সংগঠন নেচনেল ছ'চাইটি ফৰ আৰ্থক্ৱেক টেকন'লজি (NSET)-এ ১৯৯৩ চনতে ভূমিকম্প সুৰক্ষাৰ ক্ষেত্ৰত কাম আৰম্ভ কৰিছিল। এই দূৰদৰ্শীতাৰ ফলতেই স্কুল আৰ্থক্ৱেক ছেফটি প্ৰগ্ৰাম (School Earthquake Safety Program) নামৰ এক উদ্যোগৰ জন্ম হয়, য'ত শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক ভূমিকম্প সাজু হোৱাৰ প্ৰশিক্ষণ দিয়াৰ লগতে স্থানীয় ৰাজমিস্ত্ৰীসকলকো ভূমিকম্প-প্ৰতিৰোধী নিৰ্মাণ কৌশল শিকোৱা হৈছিল।

শিক্ষকসকলৰ এই আগতীয়া উদ্যোগবোৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ আছিল। কিয়নো সেই সময়ত নেপালৰ আনুষ্ঠানিক পাঠ্যক্ৰমত ভূমিকম্প সম্পৰ্কীয় কোনো বিষয় সন্নিবিষ্ট কৰা হোৱা নাছিল। বহু বিদ্যালয়ত শিক্ষকসকলে নিজৰ পৰাই উদ্যোগ লৈ ছাত্ৰ-ছাত্ৰীক "ড্ৰপ, কভাৰ, এণ্ড হ'ল্ড" আৰু নিৰাপদ স্থানান্তৰণৰ অনুশীলন কৰোৱাইছিল। লগতে স্কুল গৃহৰ দুৰ্বলতাবোৰো চিনাক্ত কৰিছিল। এনে দূৰদৰ্শী শিক্ষকৰ প্ৰচেষ্টাৰ ফলতেই কিছুমান বিদ্যালয় ভৱন ভূমিকম্পৰ আগতেই সংস্কাৰ কৰা হৈছিল, যদিও এই কামৰ পৰিসৰ গোটেই দেশত সীমিত আছিল।

২০১৫ চনৰ ২৫ এপ্ৰিলত ৭.৮ মাত্ৰাৰ গোৰ্খা ভূমিকম্পই প্ৰায় ৯,০০০ মানুহৰ প্ৰাণ কাঢ়িছিল । ৭,০০০তকৈও অধিক বিদ্যালয় ভৱন সম্পূৰ্ণ ধ্বংস কৰি পেলাইছিল। প্ৰায় ৩০,০০০ শ্ৰেণীকোঠা ক্ষতিগ্ৰস্ত হৈছিল। ভূমিকম্পটো শনিবাৰে দিনৰ ভাগত হৈছিল। শণিবাৰ নেপালত বিদ্যালয় বন্ধ থকা একমাত্ৰ দিন হোৱা হেতুকে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰাণ ৰক্ষা পাইছিল। কিন্তু এই আকস্মিক সৌভাগ্যৰ বাহিৰেও, যিবোৰ বিদ্যালয়ত পূৰ্বতে NSET-ৰ প্ৰশিক্ষণ আৰু সংস্কাৰ কাম হৈছিল, সেইবোৰত ক্ষতিৰ পৰিমাণ তুলনামূলকভাৱে কম আছিল।

ভূমিকম্পৰ পিছত শিক্ষকসকলৰ দূৰদৰ্শীতা আৰু গুৰুত্ব আৰু বেছি স্পষ্ট হৈ পৰিল। বহু শিক্ষকে নিজে আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো ছাত্ৰ-ছাত্ৰীৰ মানসিক আঘাত কমাবলৈ পাঁচ ঘণ্টাৰ পৰামৰ্শদানৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশ ল'লে আৰু বিদ্যালয়সমূহে অস্থায়ী শিক্ষণ কেন্দ্ৰ স্থাপন কৰি পঠন-পাঠন অব্যাহত ৰাখিলে। এই অভিজ্ঞতাই নেপাল চৰকাৰক পাঠ্যক্ৰমত দুর্যোগ বিপদ হ্ৰাস (DRR) শিক্ষা অন্তৰ্ভুক্ত কৰিবলৈ আৰু "সেছমল'জি এট স্কুল ইন নেপাল (SASIN)" আৰু "স্কুল আৰ্থক্ৱেক ছেফটি প্ৰগ্ৰাম"ৰ দৰে উদ্যোগ সম্প্ৰসাৰণ কৰিবলৈ প্ৰেৰণা দিছিল।

নেপালৰ এই কেচ ষ্টাডিয়ে এটা গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে। আনুষ্ঠানিক নীতি বা পাঠ্যক্ৰম প্ৰণয়নৰ বাবে অপেক্ষা নকৰাকৈ, বিদ্যালয় স্তৰত শিক্ষকৰ ব্যক্তিগত দূৰদৰ্শীতা আৰু উদ্যোগেই দুর্যোগ সাজুকৈ থকাৰ প্ৰথম আৰু আটাইতকৈ প্ৰভাৱশালী স্তৰ হ'ব পাৰে। জাপানৰ কামাইশিৰ দৰেই, নেপালৰ ক্ষেত্ৰতো দেখা যায় যে দীৰ্ঘম্যাদী, স্থানীয় পৰ্যায়ৰ প্ৰচেষ্টা, যদিও তাৎক্ষণিকভাৱে বিশাল নহয়, দুর্যোগৰ সময়ত আৰু তাৰ পিছত সমাজৰ সহনশীলতা নিৰ্মাণত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তীৰেই প্ৰমাণ ২০২৬ চনৰ ত্ৰিশূলী উপত্যকাৰ বানৰ পৰা ৰক্ষা পৰা এখন বিদ‍্যালয়ৰ শিক্ষাৰ্থী। পুৱা নুৱাকোট জিলাৰ ত্ৰিশূলী বজাৰত থকা ত্ৰিভুৱন ত্ৰিশূলী মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজেন্দ্ৰ দাৱাদী নিজৰ শ্ৰেণীকোঠাত থকা সময়তেই বিদ্যালয়ৰ হিচাপৰক্ষকে খবৰ লৈ দৌৰি আহিছিল যে নেপালৰ ত্ৰিশূলী উপত্যকাৰ মাজেৰে বানপানীয়ে ঘৰ-দুৱাৰ, দলং আৰু গোটেই গাঁও ভাঙি-চুৰি লৈ গৈ আছে। প্ৰায় একে সময়তে এগৰাকী শিক্ষকেও ফোনযোগে পৃথক এক সতৰ্কবাণী পাইছিল, আৰু ইয়াৰ পিছতে এগৰাকী অভিভাৱকে তেওঁৰ সন্তানক লৈ যাবলৈ আহি পালেহি। অৱশ‍্যে বিপদটো তেতিয়ালৈকে চৰকাৰীভাৱে নিশ্চিত হোৱা নাছিল। কিন্তু দাৱাদীৰ হাতত সময় বৰ কম আছিল।

তেওঁ নিশ্চিততাৰ বাবে আৰু কাৰোলৈকে অপেক্ষা কৰা নাছিল। তেওঁ বিদ্যালয়ৰ ঘণ্টা বজাই ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলক ভৱনৰ পৰা ওলাই ওখ ঠাইলৈ যাবলৈ আদেশ দিয়ে। ছাত্ৰ-ছাত্ৰীৰ পিছে পিছে পাহাৰৰ ওপৰলৈ উঠি যোৱাৰ সময়তে তেওঁৰ পিছফালে বানপানী বাঢ়ি আহিছিল। পাহাৰৰ সেই সুৰক্ষিত ঠাইৰ পৰাই তেওঁ চাই আছিল যে যিখন বিদ্যালয়ত তেওঁ নিজে পঢ়িছিল আৰু বছৰ বছৰ ধৰি পঢ়িাইছিল, সেইখন বানপানী, বোকা আৰু শিলগুটিৰ তলত সম্পূৰ্ণৰূপে হেৰাই গ'ল।

দাৱাদীৰ এই দূৰদৰ্শীতা নিজৰ পৰিসৰৰ বাহিৰলৈও বিস্তৃত হয়। তেতিয়াও প্ৰায় ৭০০ ছাত্ৰ-ছাত্ৰী বাছযোগে বিদ্যালয়লৈ আহি আছিল। তেওঁ সকলোকে ফোন কৰি উভতি যাবলৈ কয়। এখন বাছৰ চালকৰ বাহিৰে বাকী সকলোৱে তেওঁৰ কথা মানিলে, আৰু সেই এখন বাছে এখন দলঙৰ ওপৰেদি পাৰ হৈ যোৱাৰ ঠিক মুহূৰ্ত্ততে দলংখন ভাঙি পৰিল। মুঠতে, তেওঁৰ এই সিদ্ধান্তৰ বাবেই কমেও ৯০০ ছাত্ৰ-ছাত্ৰীৰ প্ৰাণ ৰক্ষা পাইছিল, যিটো বিপৰ্যয়ত নেপাল আৰু চীনত মুঠতে ৯০০তকৈও অধিক মানুহৰ মৃত্যু হৈছিল । ৪,৭০০তকৈও অধিক মানুহ নিখোঁজ হৈ আছিল। দাৱাদীয়ে নিজে বীৰ আখ্যা লাভ কৰাটো প্ৰত্যাখ্যান কৰি কেৱল ক'লে যে সেই মুহূৰ্তত যিকোনো মানুহেই এনে কৰিলেহেঁতেন।

এই ঘটনাটোৱে কামাইশি আৰু ২০১৫ৰ আগৰ নেপালৰ উদাহৰণসমূহে দিয়া একেটা শিক্ষাকেই দৃঢ় কৰে। দুর্যোগৰ বাবে সাজু হোৱাটো কেৱল আগতীয়াকৈ অনুশীলন কৰা মাধ‍্যমৰ মাজতে সীমাবদ্ধ নহয়; ই আধা-নিশ্চিত বা অসম্পূৰ্ণ তথ্যৰ ওপৰতো দ্ৰুত আৰু দৃঢ় সিদ্ধান্ত ল'বলৈ প্ৰশিক্ষিত এক সহজাত প্ৰৱৃত্তিও। কিয়নো হঠাৎ হোৱা বানপানীৰ দৰে দুর্যোগত চৰকাৰী নিশ্চিতকৰণৰ বাবে অপেক্ষা কৰিলেও প্ৰাণহানি হ'ব পাৰে।

এনে প্ৰেক্ষাপটত দুৰ্যোগ ব্যৱস্থাপনা বছৰত কেৱল এটা সজাগতা দিৱসৰ মাজত সীমাবদ্ধ কৰি ৰখা উচিত নহয়। অসমৰ দৰে ৰাজ‍্যত বিদ্যালয় শিক্ষাত ইয়াক এক কেন্দ্ৰীয় আৰু স্থায়ী স্থান দিয়াটো এতিয়া অতি জৰুৰী। বিপদভিত্তিক জ্ঞান, ব্যৱহাৰিক অনুশীলন, প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ, মানসিক-সামাজিক সহায় আৰু শক্তিশালী প্ৰতিষ্ঠানগত দায়বদ্ধতাক একেলগে সংযুক্ত কৰিলেহে বিদ্যালয়সমূহে নিজকে কেৱল বিপদৰ সম্ভাৱনাপূৰ্ণ স্থান হিচাপে নহয়, প্ৰস্তুতি আৰু সুৰক্ষাৰ কেন্দ্ৰ হিচাপে ৰূপান্তৰিত কৰিব পাৰিব। শেহতীয়াকৈ উজনি অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানবিধ্বস্ত বিদ‍্যালয়সমূহৰ আন্তঃগাঁথনিৰ লগতে দুৰ্যোগ ব‍্যৱস্থাপনাৰ সৈতে জড়িত প্ৰস্তুতি আৰু সুৰক্ষাৰ প্ৰশ্নও অতি প্ৰাসংগিক বিষয় হিচাপে ধৰা দিছে ।