এনেকৈয়ে যোৱা বাটেৰেই এই চহৰলৈও ফাগুন আহে। থমথম মদন গোপাল হৈ লঠঙা গছজোপাত বহে আৰু পদপথবোৰত
সিচঁৰিত খোজবোৰক জোকাই চাবলৈ আকৌ এবাৰ অৰ্হনিশে চেষ্টা কৰে। পদপথবোৰ নিজৰ ঠাইতে আমন
জিমনকৈ ৰৈ থাকে ( নহ’লেবা ৰৈ থকাটোকে প্ৰাথমিক অৱস্থিতি বুলি ভাবে ) । একঘেয়ামী বিতৰ্কৰ
চাৰিত্ৰিক বৈশিষ্ট্য হৈ খিলঞ্জীয়াৰ সংবাদ ছয় নম্ব্ৰ চিটি বাছৰ পাছ ফালৰ দুৱাৰ খনত ষ্টিল
ফট’গ্ৰাফ হৈ ওলমে । অঘাইতং, নাকত ধৰি চাকত পেলোৱা, ধূলিয়ৰি বতাহজাকে ফেয়াৰনেছ ক্ৰীম্ৰ
সংজ্ঞা নুবুজাকৈয়ে হ’ৰ্ডিঙৰ মাজেৰে সৰকি ফ্লাই অ’ভাৰত শ্লিপ কৰে I কৈফিয়ৎ নোলোৱাকৈয়ে বাৰে বাৰে বতাহজাকে ক’ব খোজে এই চহৰৰ চেঁকুৰত পিচপৰি থকাসকল
আছে বাবেই এই চহৰো বাছি আছে। ( আৰু আছে পলাশ,
শিমলু গুগুল ড্ৰাইভত সাঁচি থোৱা একো একোজন নিৰ্ঘাত আত্মঘাতক )।
এইখিনি কথা ঠিক এনেকৈ, মাৰ্বল খেলত মিলাই থকা এংগলটোৰ দৰে
অলপো ইফাল-সিফাল নোহোৱাকৈ সি গাঁওত কোনো দিনে অনুভৱ কৰা নাছিল। বৰশীত বৰলৰ টোপ লগাওতে
, মেৰবিলৰ মেটেকাবোৰ টানি টানি বিলৰ মাজত তাৎক্ষণিক শূন্য এটা বনাওতে, চোমনিৰ মাজেৰে
চুটি বাটটোৰে বেগাই খোজ দিওঁতে তাৰ ধাৰণাত কোনো প্ৰান্তিয় পদপথ নাছিল । পকী বাট আৰু পদপথৰ মাজত যে নিতান্ত চৰ্ত সাপেক্ষ
সম্পৰ্ক একোটা থাকে সেই কথা বুজি পোৱাৰ কোনো নাটকীয় পৰিঘটনাৰ মাজলৈ সি গৈয়ে পোৱা নাছিল
।
তেতিয়াও ফাগুন আহিছিল । গৈছিল। আৰু শিমলু তলৰ প্ৰদীপ কাইৰ
চাইকেল দোকানৰ বেঞ্চখনত বহি বিপৰীত দিশৰ পৰা ৰুণুমীক অহা দেখিলে তাৰ নিজকে ধূলিয়ৰি
আবেলিটোতো ‘ৰাজ’ যেন লাগিছিল। দোকানৰ তক্তাৰ
বেৰকেইখন তেতিয়া কঁপি আছিল জুবিনৰ মায়া মাথো মায়াত । শিমলুত কবিতা দেখা নাছিল সি। দোকানৰ সমুখৰ ধূসৰ
ফ্ৰেমটোত সি এটা অৱস্থিতিহীন স্থিতি হৈ ৰৈ গৈছিল ।
ৰুণুমী ফাগুনক চোৱাৰ দৰে তালৈ এবাৰো উভতি চোৱা নাছিল ।
তথাপি বিশ্বৰ দৰে ৰুণুমীয়েও বুজিছিল শুকান পাতবোৰ গধূলিটোৰ বাবে তেতিয়াও আছিল বোজা।
( যদিও বাটবোৰে বোজা বহন কৰাটো কোনো নতুন কথা নহয় ।)
বাৰে বাৰে চাইকেলৰ চেইন পৰোতে , বাৰে বাৰে উঠাওতে ফাগুন
যে তাৰ কেৰিয়াৰত বহি আহিছিল সেই কথা সি গমেই পোৱা নাছিল। গম নোপোৱা কিমান যে কথা তাৰ
অগোচৰে ঘটি আছিল ! ৰমাকান্তই মনিপুৰী গৰুৰে
হাল বোৱা ঘটনাটো গাঁৱৰ ডেকাবোৰে পাহৰি পেলাইছিল। ‘বাটত কি হ’ল পাচত শুনিবি , বেগেতে
নিমখ পানী অলপ আন’ বুলি ঘৈণীয়েকক কোৱা ৰমাকান্তৰ চোতালত মানুহ গোট নাখায় আৰু আগৰ দৰে
। ৰমাকান্তই দক্ষিণ হেঙাৰ বজাৰৰ পৰা গৰু অনা কাহিনীবোৰ সন্ধিয়া হ’লেই আগৰ দৰে চোতালে
চোতালে টাকুৰী ঘূৰাদি ঘূৰি নুফুৰে ।
কৃষ্ণাই টুনি নৈৰ বোকাত ফচি মৰিল। উপায়বিহীন হৈ ফেদুৱে
আনটো বলধ ৰাজমাই বজাৰত বেচি দিলে আৰু সেই টকাৰে পুতেকে ফ’ৰ জি ফোন এটা ল’লে । তাৰপাচত
ৰমাকান্তৰ পৰিয়ালৰ বাবে জিঅ’ শব্দটো চিনাকি
হৈ পৰিল । সেই ফোনতে ৰমাকান্তক পুতেকে দেখুৱালে গো পূজাৰ ছবি – ‘ইয়াৰ আগলৈকে আমিচোন
খেতিৰ বাবেহে গৰুক গা ধোঁৱাইছিলো – ইহঁতে আক’ পূজা কৰাৰ কথা কয় !’
ৰমাকান্তই হালখনলৈ
চাই চাই ভাবে – দুনিয়া গাওঁবোৰলৈ সোমাই আহিছে – চ’ৰা ঘৰৰ পৰা পাকঘৰ লৈকে দুনিয়াই সকলোবোৰ
শুহিবলৈ আৰম্ভ কৰিছে । মণিপুৰী গৰু থকা বুলি মূৰ ডাঙি থকা ৰমাকান্ত ওৰফ ফেদুৰ গাঁৱৰ
সবাহবোৰত উপস্থিতি কমিবলৈ ধৰিলে । আৰু এনেকৈ ফেদু এই গাঁৱৰ বতাহত ফাগুনৰ দৰে অনিয়মী সোঁৱৰণি হৈ ৰৈ যায়।
এই চহৰলৈও কলেজ নিৰ্বাচনবোৰৰ আগে আগে ফাগুন আহে।
দিনত জাগি থকাৰ অভিনয় কৰা আৰু ৰাতি চাইনিজ লাইটৰ নীলা বগা সাপবোৰ মেৰিয়াই লোৱা চহৰখনে ফাগুনক লগত
লৈ গেৰুৱা নাম কীৰ্তনত I জালুকবাৰীত জাতীয় আৱেগৰ গছপাতবোৰ ভৰিৰে গছকি এজাক আপদীয়া খৰাঙে
জাষ্ট এণ্টি মাৰে । ফাগুনৰ বাহিৰে এই কথা সবেই আওকাণ কৰে। কি লাচিত, কি শংকৰদেৱ, কি
জাতি, কি মাটি সৱ তুলাচালনীত তুলি ভেঁটিৰ কেক্ কটাসকলে খাকী ৰং পিন্ধে । ( মাজে-মাজে
জোতি ককাইদেউ আহে , মাজে-মাজে বিচনু কাই , মাজে-মাজে অংগক্ষত চফল ডেকাৰ হাজাৰ উক্তি , মাজে-মাজে কাগজ কলৰ নিয়োগহীন শ্ৰমিক
, মাজে-মাজে এক্সক্লুচিভত আহে সেই শ্ৰমিকৰে ক্ৰন্দনৰত জীয়ৰী ) ।
ফাগুন যোৱাৰ পাছত আকৌ অহালৈকে যিমান সময় ল’ব, তাৰ মাজতে
কেতিয়াবা লাহৰী ঘাটৰ হাইদৰক লগ পাব পাৰে, লগ পাব পাৰে মানকাচৰৰ ফইজলকো । হাইদৰে হাতীগাঁৱৰ
আশে পাশে ৰিক্সা চলায় । ফইজলক বিশ্বই পাঞ্জাবাৰীৰ বিল্ডিং এটাত ৰং কৰি থাকোতে লগ পাইছিল
। ঘনাই বিড়ি হুপা হাইদৰে বিশ্বক ব্ৰহ্মপুত্ৰত মাটি জাহ যোৱা দিনবোৰৰ বিৰল বৰ্ণনা দিছিল । ( জয়ন্ত হাজৰিকাৰ কণ্ঠত চহৰৰ মাজ
মজিয়াত তেতিয়া বাজি আছিল ‘ লুইতৰ বলিয়া বান, তই ক’লৈনো ঢাপলি মেলিছ’ )। ফইজলে ৱালত ৰং বোলাই বোলাই এন আৰ চিৰ তালিকাত পৰিয়ালৰ আধা মানুহৰ নাম নহাৰ
কাৰণ জুকীয়াই আছিল । (সাত্বিক কছাৰী বামুণ তেতিয়াও আছিল যাদুকৰৰ ভাৱত – আন্তৰিকতাৰে
তেখেতে উনুকিয়াই আছিল এডভানটেজ আচামৰ বিজ্ঞাপন ) ।
আৰু এনেকৈয়ে এই
চহৰৰ দেহজ শৈলী, আঢ্যৱন্ত পৰ্নগ্ৰাফীত ফাগুন এক লিমিটেড অ’ফাৰ হৈ ওলমি থাকে।
ৰূপহীমুখত হাওলি পৰা, কোনো মতে নপৰাকৈ থকা ঘৰবোৰে শিমলুবোৰলৈ
থৰ লাগি চাই থাকে। “ক’ত আৰু ফাগুনে আমালৈ সুযোগ আনে ! ল’ছ্লিসোপালে এসোপা এসোপা চাঁহি
, ফোঁহা আনে। চা চোন আই এইটো ঘৰৰ পৰা ফাগুনকে চাবিনে নে কাচ তেলৰ চাকিৰ পোহৰত জননী
সুৰক্ষা আঁচনিত নিজৰ নাম লিখাবি?”
ৰুণুমীৰ সমুখতে তিনি টকীয়া চাউল উতলি উতলি পাকঘৰটো ধোঁৱাময়
হৈ পৰে। পাকঘৰ নহয় আচলতে। ( দি জি থকা হ’লে ধুনীয়া প’জত ফটো উঠিব পাৰিলেহেঁতেন !) পাকঘৰ
আৰু শুৱা কোঠাৰ মাজৰ ‘কিবা’ এটা । এখন চালি, দুটা কোঠা – এটাত পাকঘৰ আৰু বিছনা । আনটোত
ছাগলী আৰু গৰু । চাৰি বছৰ ধৰি একেখন চালিৰ
তলত থকাৰ পাছত সোলোক ধোলোক ঘৰটোৰ মানুহে ফাগুনৰ নতুন চোলাটো নেদেখে। বৰদৈচিলা
অহাৰ আগতেই শিমলু জোপা কাটি পেলোৱাৰ যো-জা কৰে গোপনে। ( ঘৰটো হেৰুৱাব নোৱাৰি, লাগিলে
হেৰাওৱক আউল বাউল ফাগুন ।)
ফাগুনক চাই চাই নেইল পলিচ লগাওতে ৰুণুমীৰ মদাৰ ফুলবোৰলে
মনত পৰে । ধোবাং বাং কোঠা টোৰ একোণত হেঙ্গাৰ এডাল হৈ ওলমি থাকোঁতে তাইৰ মনত পৰে ফাগুনৰ অজুহাত লৈ বাৰে বাৰে উৰি যোৱা নীলা পাৰিৰ ইউনিফ্ৰমৰ চাদৰখনলৈ
। এখন তাল অকলে নাবাজে এই ধৰণৰ অপবাদবোৰ কলী আইতাৰ তামোলৰ সেলেঙি হৈ ওলমি থাকোঁতে ৰুণুমীৰ
বগীলৈও মনত পৰে। একেলগে মদাৰ বুটলা বগীৰ গা ভাৰী হোৱা খবৰটো ৰৌ জাল বৌ জাল হৈ গাঁৱত
বাগৰি ফুৰে। কেতিয়া, কেনেকৈ, ক’ত, কাৰ লগত – এসোপা প্ৰশ্নই শণিবৰীয়া বজাৰত বগীক বিখ্যাত
কৰি তোলে।
-
খালে খালে খালে, সেই কুলক্ষণী
জনীয়ে গোটেই গাঁওখনৰ মান ইজ্জত ডুবালে । এতিয়া শুচি কৰিব লাগিব ।
শুচি মানেই এবছৰলে এঘৰীয়া ! নামঘৰীয়াৰ কথা অমান্য কৰিব
কোনে?
-
-অমান্য আমি কাকনো কৰিব পাৰো
ৰুণুমী ?
- - সেই বুলি মিছাতে তই হেড ছাৰৰ
পিটন খাবি নেকি?
- - তোৰ বাবেহে খাইছো ।
প্ৰদীপ কাইৰ দোকানৰ সমুখত এৰাএৰী হওঁতে বগীয়ে ৰুণুমীক কোৱা
কথাবোৰ বাৰে বাৰে বাজিবলৈ ধৰে । ৰুণুমীয়ে দোকানত বাজি থকা গান আৰু শুনা নাপায় । ৰুণুমীৰ
বাবে পিটন খোৱা বগীৰ কথাত ফাগুন ৰৈ নাযায় । বগীৰ গা ভাৰী হোৱা কথাটোত যিদৰে ৰৈ যায়
গাঁৱৰ পিছ চোতাল- নামঘৰৰ নেগেৰা নামৰ আবেলি - তিনি আলিৰ কেৰমৰ বৰিকবিহীন ব’ৰ্ডৰ ক’লা
ৰঙা গুটিবোৰ।
বগীৰ মৃতদেহটো শিমলুজোপাত ওলমি থাকোঁতে ৰুণুমীৰ ফাগুনক
লৈ সন্দেহ উপজে । বগীক তাই শেষ বাৰলৈ চায় । ওহো, বগীৰ নখত নাই পলাশ – সেই যে পাৰ হৈ
যোৱা ফাগুনবোৰত সিহঁতে পলাশৰ পাহিৰে নখবোৰ ৰঙা কৰিছিল । বগীক ফাগুনে বিশ্বাসঘাতকতা
কৰে নে ফাগুনৰ ওপৰত বগীৰ আস্থা হেৰাই, সেই কথা ৰুণুমীয়ে ধৰিব নোৱাৰে । বগী আছিল ফাগুনৰ
দৰে তেজাল। মাজে মাজে পদ্যৰ দৰে সৰল - মাজে মাজে বৰদৈচিলাৰ দৰে জেদীও। কিন্তু তাই পলৰীয়া
নাছিল। তাই কেতিয়াৰ পৰা ইমান গোপন হ’বলৈ শিকিলে? নে এই ফাগুনে তাইক সাহসী কৰাৰ সলনি
পলায়নৰ বাট এটালৈহে আগুৱাই নিলে?
ফাগুনে অনা ধূলিয়ৰী বতাহজাকত মিলি দিনত নাঙল- কাঁচি আৰু
ৰাতি পদুমৰ সুবাস লোৱা হৰেণ মাষ্টৰৰ পুতেক
গাঁৱৰপৰা নোহোৱা হৈ যায়। বগীৰ দৰে নহয়।নাগিনীজানৰ কয়লা ট্ৰাকৰ ধোঁৱাৰ দৰে।
সেই ধোঁৱাই হৰেণ
মাষ্টৰৰ পুতেকক এটাও প্ৰ্শ্ন নকৰে – যিমান প্ৰ্শ্ন গাঁওখনে গা ভাৰী হোৱা বগীক সোধে
। দিনে ৰাতিয়ে ৰুণুমীৰ কাণত বাজিবলৈ ধৰে ফাগুন নিজেই বৰ চতুৰ আৰু নিৰাপদ। বগীক হেৰুৱাৰ
পাছতো, বতাহে হৰ্ডিঙত খুন্দা খাই ফ্লাই অ’ভাৰত পিছল খোৱাৰ পাছতো এই চহৰলে গাঁৱৰ পৰা
ফাগুন আহে। বিশ্ব পাগলক চহৰতনো কিমানজনে জানে
!
বিশ্ব পাগলে গাঁৱৰ ঘৰে ঘৰে নাটক কৰা ল'ৰা ছোৱালীবোৰ বিচাৰি ফুৰে । হাবিতলীয়া বাটটোৰ এৰাবাৰীখন বিশ্বহঁতে মিলি চাফা কৰে । ৰজাদিনীয়া এৰাবাৰীৰ গে'টআপ দেখি গাঁৱৰ মানুহবোৰ চক খাই উঠে । ৰমাকান্তই বাৰীৰ বাঁহ সিহঁতক এনেয়ে দিয়ে । বিশ্বৰ জধলা ৰূপটো নাটকে, কেৱল নাটকে সামান্য পৰিপাটি কৰে । আচৰিত, জধলা মানুহবোৰৰ চকুৱে আটাইতকৈ বেছি উজলি থাকে ।
যিকোনো নাটকৰ বাবে লাগে কাহিনী, কাহিনীত থাকে চৰিত্ৰ, চৰিত্ৰত লাগে অভিনয় ।
এৰাবাৰীৰ হাউলিত কেইটামান ল'ৰা ছোৱালী গোটাই বিশ্বহঁতে আৰম্ভ কৰা কাহিনীটোকো ফাগুনে চাই থাকে । চহৰত বেছি দিন টিকিব নোৱাৰি বিশ্ব উভতি আহিছে গাঁৱলৈ । ঘৰ বুলিবলৈ বিশেষ একো নাই তাৰ । ধূলিময় বাটটোৰে চাইকেল চলাওঁতে তাৰ গোটেই বাটটোকে নিজৰ ঘৰ যেন লাগে । গাঁৱৰ হতাশাগ্ৰস্ত প্ৰজন্ম একোটাক কেৱল মোবাইল পিটিকি বহি থকা দেখিলে তাৰ মূৰতো পোকবোৰ জাগে । সি আৰম্ভ কৰে নাট্য শিবিৰ - সেয়াও বিনা পাৰিশ্ৰমিকত । কেৱল মাত্ৰ আশা নামৰ মূলধন এটাৰ সাহসত, নিজৰ পৰা আনলৈ গৈ থকা পৰিক্ৰমাৰে ।
সি নাটক শিকোৱা ল'ৰা ছোৱালীবোৰ চহৰলৈ আহে । পেটৰ দায়ত নহ'লেবা ৰঙীন হোৱাৰ হেপাঁহত সিহঁত সোমাই ভিডিঅ'ৰ ফ্ৰেমত, ধাৰাবাহিকৰ হঠাতে উঠা আৱেগত, হঠাতে নমা হাঁহি নুঠা হাস্যৰসত । সিহঁত হেৰাই যায় স্ক্ৰীপ্টত - সিহঁত জান নিজানকৈ বাচি থাকে মাজে মাজে ফেচবুক স্টেটাচত ।
এইবোৰ খবৰ বিশ্বই আনৰ পৰা পায় । তথাপি সি শিবিৰ বন্ধ নকৰে
। ফাগুনতে সিহঁতে শিবিৰত নাট্য উৎসৱ পাতে । মুকলি আকাশৰ তলত মুকলি স্বগতোক্তিৰে সিহঁতে
আওৰাই সংলাপ । গাঁৱৰ প্ৰতিঘৰ মানুহেই সিহঁতক চায় - বিশ্ব পাগলৰ চকুহালত প্ৰথম বাৰৰ
বাবে ৰুণুমীয়ে জোনাকী পৰুৱাৰ প্ৰতিবিম্ব দেখা পায় ।
নাটকে কৈ থকা কথাবোৰ দৰ্শকৰ নিজৰ সংলাপ হৈ পৰে । বাঁহৰ বেঞ্চত বহি থকা মুখবোৰে চিনেমা হলৰ দৰ্শকৰ
দৰে – বতাহ নাইবা হতাশৰ মাজৰ কিবা এটা হৈ – নিৰুদিষ্ট হোৱাৰ ভয়ত পপকৰ্ন নাখায় । ৰমাকান্তৰ দৰে আকাশলৈ নোচোৱাকৈয়ে বিড়ি হুপে । ক’লী
আইতাৰ ওঁঠেৰে চুৰটৰ ধোঁৱাৰ সৈতে এটা হুমুনিয়াহো বাহিৰ হয় । আইতাৰ মনত পৰে বৰটো পুতেকলৈ
। আন্দোলনত শ্বহীদ হোৱা বৰ পুতেকৰ সমাধিৰ ফালে চাই আইতাই কিবা এটা ক’ব খোজে – নাটকৰ
সংলাপৰ দৰেই কিবা এটা । ঠিক যেন্ বহুতো প্ৰশ্নৰ সামূহিক পুনৰাবৃত্তি – তাৰপাচত কোলাহল
সামৰি ভাগৰি পৰা মাতৃৰ কাতৰ চিৎকাৰ হৈ বাউল হৈ উঠে ধোঁৱাবোৰ । সেইবোৰক নাম দিব পাৰে
কোনে ?
কিমান যে ক’ব খোজা কথা ক’ব নোৱাৰা কেঁকুৰিত ফাগুনক লগ পায়
বহুজনে । ফাগুনে লগত লৈ আহে সেই হিমানী হিমানী
গোন্ধ - কেইবাৰঙৰ ফোঁট ল’ব পৰা ঘূৰণীয়া
টেমাটো – আৰু বৈ থকা আশী সূতাৰ গামোচাৰ পাৰিৰ দৰে ৰঙা এসোপা । আৰু? আৰু সেই একেই ছাঁ
পোহৰৰ খেল ।
‘এন্ধাৰত কোনো ৰঙেই পোছাক নিপিন্ধে । কোনো ৰঙেই কাকো ঠগাৰ
মৰসাহ নকৰে ।‘
ঠিক তেতিয়াই নাটকৰ চৰিত্ৰই সংলাপ মাতে । ৰুণুমী চক খাই
উঠে – ৰাজ হাউলিৰ এৰাবাৰীৰ ঠাইত নাটকে কৈ থকা কথাবোৰ শুনি ৰুণুমী চক খাই উঠে । ৰঙৰ
মাজেৰে কৈ থকা এইবোৰ চোন সিহঁতৰে কথা – অলপ
আগতে এৰি অহা আৰু নাটকৰ পাচতে ঘৰাঘৰি হোৱা বাটবোৰৰ কথা ।
চোমনিৰ মাজেৰে বেগাই খোজ কাঢ়োতে পাচলৈ উভতি চাব লগা ভয়ৰ
বাবে মাকে বিশ্বক দিয়া সৰিয়হৰ জোলোঙাটোৰ অৰ্থ
সি বহু দিনৰ মূৰত বুজে । এটা জোলোঙাত আচলতে কি থাকে ? ৰং – আশা – সোঁৱৰণি – হেঁপাহ পলুৱাই যোৱা আত্মীয়তা
– নে সেই সকলোবোৰ ধৰাশায়ী ঋতু, যিবোৰক পুনৰুদ্ধাৰ কৰাৰ কৌশল শিকোঁতেই গোটেই বাটবোৰ
শেষ হয় ।
শেষ হোৱা বাটত ৰৈও বিশ্ব পাগলে কেনেকৈ সংলাপ মাতে ? কিমান ৰং নোহোৱা হৈ যায় জীৱনত – ইউনিভাৰ্ছিটিৰ কৃষ্ণচূড়াৰ
ৰং – অফিচ- কাছাৰীৰ ফটফটীয়া বগা ৰং – পদপথৰ পৰা মূল ৰাস্তালৈ নামোতে কেতিয়াবা আলকতৰাৰ
ৰঙো ফিঁকা পৰাৰ দৰে লাগে । ৰুণুমীৰ সকলোকে জানিবলৈ দিবলৈ মন যায় এই গাঁৱত বিশ্ব পাগল
আছে বাবেই চহৰত বহুজন পাগল নোহোৱাকৈ বাচি আছে
।
বিশ্বই হাইৱেৰ কাষৰ মাটিবোৰ গাঁৱৰ মানুহে মাৰোৱাৰীক বেচা
কথাত হকা-বধা কৰে । (বিশ্ব পাগলৰ কথানো কোনে শুনে !) কাগজ কল বন্ধ হয় - বন্ধ হয় ৰেচন
- বন্ধ হয় চহৰলৈ অহা- যোৱাৰ তাগিদা । সন্ধিয়া হ’লেই শীতৰ অজুহাত লৈ জুইক পহৰা দি মানুহবোৰ
জুম বান্ধে । জুইতনো ক’ত হতাশা আৰু খংবোৰ পুৰিব পাৰে ! সেইবোৰ বুকুত জ্বলে – উজাগৰী
ৰাতি ইকাতি-সিকাতি হৈ বেজিৰ দৰে খোঁচে । জুই একুৰাৰ চাৰিকাষৰ বৃত্তটোলৈ ৰুণুমী আৰু
বিশ্ব পাগলে এনেয়ে চাই থাকে । সিহঁতে চহৰৰ ঘূৰণীয়া টেবুলৰ বৃত্ত আৰু জুইৰ গ্ৰাম্য বৃত্তটোৰ
পাৰ্থক্য ধৰিব পাৰে ।
তাৰপাচতো ৰুণুমী চহৰলৈ আহে । কাকো কোনো প্ৰশ্ন নকৰাকৈয়ে । কেৱল বিশ্ব পাগলৰ চকু পঢ়ি ৰুণুমী
উভতি আহে – পদপথত খোজ কাঢ়ে – দেৱাল লিখনৰ পৰিৱৰ্তে ধুনীয়া ছবিৰ ৰংবোৰ চিনে – মাজে মাজে
হৰ্ডিঙলৈ মূৰ তুলি চায় ।
নিয়মমাফিক দৃশ্যৰ অনিমন্ত্ৰিত আগমন হৈ ৰুণুমীয়ে পাচলিৰ
দৰদাম কৰে ।
- - বাইদেউ লৈ যাওক, কিবা এটা
দিলেই হ’ব , এগাড়ী তিয়ঁহ ৰাস্তাত পেলাই আহিছো ।
আমিনাৰ ৰুগ্ন চকুহালৰ বেথাবোৰ বজাৰৰ হৈ –হাল্লাত তল পৰে
।
- -নিজে কৰা খেতিকে ৰাস্তাত
পেলাই আহিছা ?
- -কি কৰিব , গাড়ীৰ ভাড়াই নোলায় ।
পকী ৰাস্তাৰ পৰা পদপথলৈ ৰুণুমীয়ে এবাৰ ফ্লাই অ’ভাৰতকৈও
ওখ হ’ৰ্ডিঙলৈ চায় । এডভানটেজ আচামৰ দীৰ্ঘকালীন জঠৰতাবোৰ তাই যেন বুজি পায় । বুজি পায়
বাবেই ফাগুনৰ দৰে হ্ৰস্বকালীন ৰংবোৰ হৈ ওফন্দি উঠা চহৰখনলৈ তাইৰ কোনো মোহ নোপোজে ।
বাৰে বাৰে তাইৰ বিশ্ব পাগললৈ মনত পৰে । মনত পৰে ধোঁৱাময় চৌপাশত ওলমি থকা বগীৰ সামান্য
স্থিতিলৈও ।
ওকালি ওলাই আহিব খোজে ৰুণুমীৰ – যেন এই চহৰত খন্তেক আগতে
নিৰুদিষ্ট হৈছে ফাগুন । লঠঙা গছবোৰত একো একোটা শ ওলমি পৰিছে । বিশ্ব পাগলে হাজাৰ অভিনয়
শিকোৱাৰ পাছতো শবোৰ নামি অহা নাই পদপথলৈ ।
ধূলিবোৰ আঁতৰাবলৈকে বাৰে বাৰে ৰুণুমীয়ে নিজৰ চচমা মোহাৰে
। ফ্লাই অ’ভাৰৰ মকৰা জালখন পাৰ হৈ ইউনিভাৰ্ছিটি কেম্পাছত সোমাওঁতে তাই কোনো ৰঙকে অনুভৱ
নকৰে । ব্যস্ত পদপথেৰে গুছি যায় নামনিৰ ঢেঁক – উজনিৰ নুফুটা ‘ৰ’ কঢ়িয়াই ফুৰা অধুনালিপ্ত
কাহিনী ।সেই কাহিনীক পৰোৱা নকৰাকৈ, চাইৰেণ বজাই আগুৱাই যায় জাত আৰু ধৰ্মৰ বাণী সংৰক্ষিত
হাই প্ৰফাইল গাড়ী ।
তাৰপাচতো ৰুণুমীৰ এনে লাগে পোছাকৰ তলত ফাগুন কোনো ৰং নাই
- কোনো চিঞৰ নাই - কোনো ফ্ৰেম নাই ।
ফাগুন এই চহৰত তীক্ষ্ণ প্ৰতিদ্বন্দ্বী নহয় – সুচতুৰ কূটনৈতিক
নহয় । নহয় বাবেই বিশ্ব পাগলে কৈ উঠে মানুহবোৰ বতাহ নে হতাশ ? এজনী ছোৱালীৰ এটা চকু
টিপক লৈ চহৰত যিমান চৰ্চা চলে – সিমান চৰ্চা
ক’লী আইতাৰ শ্বহীদ পুতেকক লৈ নহয় - সিমান চৰ্চা নাটকৰ শিবিৰৰ লগতে এৰাবাৰীত ফিচাৰী
খোলা বিশ্ব পাগলক লৈ নহয় - সিমান চৰ্চা এই উদাসীন ফাগুনত মোহ নোযোৱাকৈয়ে আধা বাটতে পেলাই দিয়া তিয়ঁহবোৰ চাই থকা আমিনাক লৈ
নহয় ।
বগী হেৰাই যায় - হেৰাই যায় ফইজল, ৰমাকান্ত, হাইদৰ, আমিনা
আনকি ৰুণুমীও । ৰুণুমী বা আন কাকোৱেই বিশ্ব পাগলৰ কোৱা নহয়, হেৰাই যোৱা মানুহক বিচাৰি
ফুৰোতেই বেছিভাগ মানুহ হেৰায় ।
এই চহৰৰ দেহজ শৈলী, আঢ্যৱন্ত পৰ্নগ্ৰাফীত ফাগুন এক লিমিটেড ৰাজনৈতিক অ’ফাৰৰ হ’ৰ্ডিঙ হৈ ওলমি থাকে ।
এই চহৰত নীলা- বগা সাপবোৰ তেতিয়াও জ্বলে ।
নজ্বলে কেৱল ফাগুন ।
( প্ৰকাশ- সাদিন, বসন্ত সম্ভাৰ , ২0১৮ )
porhibole xujog dia babe dhonyobad....kisu kisu mogojue dhuki napaleu porhi val lgil golpo tu.....
ReplyDeleteDhanyabad
Delete