Monday 26 March 2018

এনে অবিবেচক সিদ্ধান্তৰ পৰিণাম ভুগিব লাগিব শাসকে

আঠ মাৰ্চৰ কথা । 
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা ভৰা পষ্টেৰে ফেচবুক ভৰি পৰোঁতে এটা খবৰত আচৰিত হৈছিলো । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খনৰ ছাত্ৰীসকলে শিক্ষানুষ্ঠানখন বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত নামিছিল । আঠ মাৰ্চৰ জাকজমকীয়া নাৰী দিৱস উদযাপনৰ দিনা এই কথা আমাৰ বহুতৰে দৃষ্টিগোচৰ নহ'ল । কিন্তু বিশ্ববিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰীসকলক চেমিষ্টাৰৰ মাজতে এক অনিশ্চিত ভৱিষ্যতৰ মাজলৈ ঠেলি দিয়া হ'ল । 

উল্লেখযোগ্য যে প্ৰতিটো শাসনাধিষ্ঠ দলেই শাসনলৈ আহি দলীয় আদৰ্শৰে পৰিচালিত শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰে । অথবা তেনে আদৰ্শক শিক্ষানুষ্ঠানসমূহৰ প্ৰচলিত ধাৰা কৰাৰ বাবে উঠি পৰি লাগে । জন সংঘৰ নেতা পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ কলেজবোৰ তাৰেই নামান্তৰ । তেনে স্থলত কথাই কথাই নাৰী সমতাৰ শ্লগান দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ এই হঠকাৰী সিদ্ধান্তত ছাত্ৰ সমাজ অত্যন্ত ক্ষুব্ধ হৈছে । 

এগৰাকী গৱেষক ছাত্ৰী হিচাপে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নাৰীৰ অৱস্থানক সুক্ষ্মভাৱে অনুধাৱন কৰাৰ বিভিন্ন সুযোগ পাইছো । আৰু লাহে লাহে বুজি উঠিছো যে আমি এনে এটা অঞ্চলত বাস কৰোঁ,  যাৰ বাহিৰৰ পৰা চালে এই অঞ্চলটোৰ নাৰীৰ অৱস্থান খুব উচ্চ যেন লাগে । কিন্তু অন্তৰ্মুখীতাই দেখুৱাই যে এই সমগ্ৰ অঞ্চলটো পৰিৱৰ্তিত নাৰীকেন্দ্ৰিক সমস্যাৰে জৰ্জৰিত । এনে কাৰণতে অসম মহিলা বিশ্ববিদ্যালয় স্থাপন হোৱাৰ পৰিপ্ৰেক্ষিতত দৈনন্দিন সামাজিক লিংগ সম্পৰ্কীয় প্ৰশ্নবোৰৰ একোটা যথাযথ উত্তৰ ওলোৱা বুলি আমিও অনুভৱ কৰিছিলো । কিন্তু যেতিয়া শুনিবলৈ পালো যে বিশ্ববিদ্যালয়খনত কোনো স্থায়ী উপাৰ্চাৰ্য নাই,  নাই কোনো স্থায়ী নিযুক্তিও তেতিয়া তাৰ আন্তঃগাঁথনি সম্পৰ্কে আমাৰ মনতো সন্দেহ উপজিল । 

এতিয়া প্ৰশ্ন হ'ল আমাক মহিলা বিশ্ববিদ্যালয় এখন কিয় লাগে ?  ২০০৮ চনৰ University Grant Commission ৰ উচ্চ শিক্ষাৰ ৰিপৰ্ট  অনুসৰি সমগ্ৰ দেশৰ Gross Enrolment Ratio ১০.৮% হোৱাৰ বিপৰীতে অসমৰ ক্ষেত্ৰত এই অনুপাত হৈছে ৮.৮% । তাৰোপৰি উচ্চ শিক্ষাৰ বাবে অাবেদন জনোৱা ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ৰাজ্যৰ কলেজ তথা বিশ্ববিদ্যালয়ত আসনৰ সংখ্যাও কম । তেনেস্থলত আমাক এনে এখন বিশ্ববিদ্যালয় লাগে,  যিখনে মহিলাৰ space ৰ কথা কৈ বৃহত্তৰ সমাজক প্ৰতিনিধিত্ব কৰিব পাৰে  । 



সদ্য প্রকাশিত বাজেটলৈ চালে দেখা যায় প্ৰাথমিক শিক্ষাৰ বাবে নিৰ্ধাৰিত ব্যয়ৰ পৰিমাণ ৮,৫১৯ টকা । তাৰ বিপৰীতে উচ্চ শিক্ষাৰ বাবে ব্যয় মাত্ৰ ২৫৬ কোটি । ইতিমধ্যে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাথমিক শিক্ষা ব্যৱস্থাক শিক্ষক নিযুক্তিৰে নিজৰ ভোট বেংক আৰম্ভ কৰিছে বুলি বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছে । এনে ৰাজনৈতিক মুনাফা আদায়ৰ বাবে ব্যৱহৃত শিক্ষা ব্যৱস্থাই role of the state ৰ প্ৰসংগও উত্থাপিত কৰিছে । পুঁজিবাদৰ গোলাম শাসক পক্ষই কাৰিকৰী শিক্ষানুষ্ঠানৰ পোষকতা এই কাৰণেই কৰে যিহেতু এইবোৰ শিক্ষানুষ্ঠানে সমাজ বিজ্ঞানৰ দৰে চিন্তাৰ কৰ্ষণ কৰিবলৈ নিশিকায় । এইবোৰত উৎপাদিত মগজুৱে কেৱল উৎপাদনৰ অংশ হ'বলৈহে উৎসাহিত কৰে । Public Private Partnership ৰ অধীনত আৰম্ভ কৰিবলৈ লোৱা Cluster University ৰ প্ৰসংগই সেয়ে ছাত্ৰ সমাজ আৰু অধ্যাপনা বৃত্তিৰ সৈতে জড়িতসকলৰ মাজত নানানটা প্ৰশ্নৰ অৱতাৰণা কৰিছে । শিক্ষকৰ নিযুক্তিত কলেজসমূহৰ স্বতন্ত্ৰতা খৰ্ব আৰু ঠিকাভিত্তিক নিযুক্তিয়ে অনা অনিশ্চয়তাই নিয়োগৰ ক্ষেত্ৰত চৰকাৰৰ মইমতালিৰ ওপৰতো আঙুলি উঠাইছে । সংঘ পৰিয়ালৰ সংকুচিত আদৰ্শক অনুকৰণ কৰা চৰকাৰখনে এনেকৈয়ে ৰাজহুৱা শিক্ষানুষ্ঠানখনক ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি ৰাইজৰ অনুভূতিত আঘাত সানিছে । 

মহিলাক উচ্চ স্থান দিয়া বুলি দাবী কৰা,  বেটীক বচাবলৈ বিজ্ঞাপন দিয়া,  বেটীক পাকঘৰৰ পৰা উলিয়াই আনিবলৈ আহ্বান জনোৱা চৰকাৰখনৰ মহিলা বিশ্ববিদ্যালয়ক লৈ ভয় অহেতুক নহয় । ইয়াৰ অন্তৰালত আছে নাৰী স্বাধীনতা,  নাৰী সমতাৰ ক্ষেত্ৰত দিনে দিনে সচেতন হৈ উঠা একোটা প্ৰজন্মক আধাতে বাধা দিয়াৰ পৰিকল্পিত কৌশল । সংঘ পৰিয়ালৰ আদৰ্শই ঢুকি নোপোৱা বাবেই এখন বিশ্ববিদ্যালয়ক  কাৰিকৰী অনুষ্ঠান কৰিবলৈ যোৱাটো এইখন চৰকাৰৰ আটাইতকৈ ডাঙৰ মূৰ্খামি । 


শেহতীয়াকৈ সমাজ বিজ্ঞানৰ শিক্ষানুষ্ঠানসমূহৰ ওপৰত আৰম্ভ হোৱা শাসক গোষ্ঠীৰ কৌশলী আক্ৰমণে ছাত্ৰ সমাজৰ দায়িত্ব আগতকৈও বৃদ্ধি কৰিছে । দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানসমূহৰ লগতে অসম মহিলা বিশ্ববিদ্যালয়ক কাৰিকৰী অনুষ্ঠান কৰাৰ আঁৰতো Advantage Assam ৰ পৰৱৰ্তী পুঁজিবাদী অংক লুকাই আছে । এখন মহিলা বিশ্ববিদ্যালয়লৈ চৰকাৰৰ ভয় কিয়? কিয়  বিশ্ববিদ্যালয়সমূহৰ Women Studies বিভাগসমূহলৈ চৰকাৰী অনুদান কমাই দিয়া হৈছে?  এই প্ৰশ্নবোৰৰ উত্তৰৰ সৈতে কেৱল মহিলাৰ সমতাৰ প্ৰশ্নই জড়িত নহয় । তাৰ লগতে দেশৰ ছাত্ৰ সমাজৰ অধিকাৰ দিশবোৰো সাঙুৰ খাই আছে । কোনো সন্দেহ নাই যে শাসক পক্ষক   ক্ষমতাৰ গাদীলৈ অনাত দেশৰ যুৱ ভোটাৰসকলেই এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । কিন্তু এতিয়া তেওঁলোকৰে ভৱিষ্যতক লৈ খেলা হেতালিয়ে এইখন চৰকাৰৰ প্ৰতি দিনে দিনে আস্থা কমাই আনিছে । ক্ৰমান্বয়ে জটিলৰ পৰা জটিলতৰ হৈ পৰা যুৱ প্ৰজন্মৰ সমস্যাসমূহৰ  প্ৰতি দেশৰ চৰকাৰ মনোযোগী নোহোৱাটোৱে role of the state ৰ প্ৰতিও ভয়ংকৰ প্ৰশ্ন উত্থাপন কৰিছে । স্থিতাৱস্থা বাহাল ৰাখি প্ৰজন্মৰ পাছত প্ৰজন্মক হতাশাগ্ৰস্ত কৰাৰ ভূল কংগ্ৰেছে ইতিমধ্যে ভূগিছে । সেই একেই ভূলৰ পুনৰাবৃত্তিত গদ গদ হৈ ৰাইজৰ অনুষ্ঠান একোটাক private property দৰে ব্যৱহাৰ কৰাৰ  পৰিণাম শাসক পক্ষৰ বাবে যে অত্যন্ত অবিবেচক সেয়া কিন্তু সময়ে সোঁৱৰাই দিছে । বাকী,  ছাত্ৰ আন্দোলনৰ ঐক্যবদ্ধ প্ৰতিবাদৰ প্ৰভাৱ সম্পৰ্কে শাসক গোষ্ঠীৰ নেতাসকল আমাতকৈ বেছি অৱগত বুলি আমাৰ বিশ্বাস । 

প্ৰকাশ : অসমীয়া প্ৰতিদিন,  ২৬/০৩/২০১৮

No comments:

Post a Comment