Saturday 25 August 2018

দুৰ্যোগ প্ৰাকৃতিক নে ৰাজনৈতিক ?


দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতীয় উপ মহাদেশৰ আটাইতকৈ লেখতলবলগীয়া ভৌগোলিক বিষয় । গ্ৰীষ্মকালৰ শেষৰ ফালে ভাৰত মহাসাগৰত সৃষ্টি হোৱা উচ্চ চাপৰ ফলত বতাহ নিম্ন চাপৰ ভূখণ্ডলৈ বলিবলৈ আৰম্ভ কৰে । এয়াই দক্ষিণ পশ্চিম মৌচুমী বতাহ । মূলতঃ জলমণ্ডল আৰু স্থলমণ্ডলৰ উষ্ণতাৰ পাৰ্থক্যৰ বাবেই দক্ষিণ পশ্চিম মৌচুমী বতাহৰ সৃষ্টি হয় । ইয়াৰ দুটা অংশ আছে - এটাই বংগোপ সাগৰৰ ফালেদি ভাৰতত প্রৱেশ কৰে আৰু আনটোৱে আৰৱ সাগৰৰ দিশেৰে সোমাই থৰ মৰুভূমিৰ নিম্ন চাপৰ অঞ্চলটোলৈ গতি কৰে । উল্লেখযোগ্য যে দ্বিতীয় অংশটো প্ৰথমটোতকৈ তিনিগুণে বেছি শক্তিশালী ।
উপৰা উপৰিকৈ চাবলৈ গ'লে উপৰোক্ত তথ্যৰ চৰিত্ৰ ভৌগোলিক । কিন্তু বাস্তৱ অৰ্থত ভাৰতীয় উপ মহাদেশৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক চৰিত্ৰৰ মূল নিৰ্ণায়ক হৈছে মৌচুমী বতাহ । মৌচুমী বতাহৰ অবিহনে কৃষিভিত্তিক দেশখনত বৰষুণৰ আশা কৰাটো যিদৰে অযুক্তিকৰ, ঠিক সেইদৰেই কৃষকৰ অবিহনে এই দেশৰ ৰাজনীতিৰ মেজাজ নিৰ্ণয় কৰাটোৱো অবাস্তব ।
দক্ষিণ পশ্চিম মৌচুমী বতাহৰ ফলতে কেৰেলাত পূৰ্বৰ তুলনাত ১১ শতাংশ বৰষুণৰ পৰিমাণ বাঢ়িছে । ৰাজ্যখনৰ ৩৫ খন জিলাৰ ৪২ টা বান্ধত ভৰন ক্ষমতাতকৈ অধিক পানী জমা হোৱাৰ ফলত একে সময়তে বেছি ভাগ বান্ধৰ পানী মুকলি কৰি দিয়া হৈছে । বিগত ২৫ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইদ্দুকি বান্ধৰ ৫ খন গেট একেলগে খুলি দিয়া হৈছে । অত্যধিক বৰষুণ আৰু বান্ধৰ পানীৰ কবলত কেৰেলাত হোৱা বানপানীত প্ৰায় ১ মিলিয়ন মানুহ ক্ষতিগ্ৰস্ত হৈছে । ২৭৭০ টা ৰিলিফ কেম্পত থকা ১০.৪০ লাখ মানুহৰ দায়িত্ব আৰু গৃহহীন হোৱাসকলৰ পুনৰ সংস্থাপনৰ প্ৰশ্নই ইতিমধ্যে দেশৰ ৰাজনীতিত বহুতো প্ৰশ্নবোধকৰ জন্ম দিছে । ( যদিও আমি 'অটল' নামাকৰণৰ তালিকা বৃদ্ধিতে ব্যস্ত হৈ আছো) ।
দুৰ্যোগ প্ৰশমনৰ প্ৰত্যাহ্বানবোৰ, বিশেষকৈ বানাক্ৰান্ত অঞ্চলৰ সমস্যাবোৰ অসমৰ জনসাধাৰণৰ বাবে কোনো নতুন বিষয় নহয় । দুৰ্যোগ শংকা বহন আৰু দুৰ্যোগৰ সৈতে সহাৱস্থানত অসমীয়া জনগণ এক দীঘলীয়া সময় ধৰি ভুক্তভোগী হৈ আহিছে । এই গোটেই সময়ছোৱাত আটাইতকৈ প্ৰয়োজনীয় প্ৰশ্নটো হৈছে পুনৰ সংস্থাপনৰ । কাৰণ এটা দুৰ্যোগে কেৱল এজন মানুহক বিপদত নেপেলায় । ইয়াৰ ফলত একোটা প্ৰজন্মই আৰ্থিক, মানসিকভাৱে দুৰ্যোগ শংকা (risk) বহন কৰিবলগীয়া হয় । এই শংকা অসমৰ বিভিন্ন ঠাই যেনে মাতমৰা, মাজুলী, লাহৰীঘাট, যমুনা মুখ, দক্ষিণ শালমৰা ইত্যাদি ঠাইৰ দৈনন্দিন জীৱন পৰিচয় ।
কেৰেলাৰ বানপানীৰ লক্ষ্যণীয় দিশটো হৈছে পশ্চিম ঘাটৰ পাৰিৱেশিক ভাৱে স্পৰ্শকাতৰ অঞ্চলৰ গুৰুত্বক আওকাণ কৰা বিষয়টো । গাদগিল কমিটিয়ে ঘোষণা কৰা পশ্চিম ঘাটৰ পাৰিৱেশিক স্পৰ্শকাতৰতাক কৰা অৱহেলাই তৃতীয় বিশ্বৰ দুৰ্যোগ সংক্ৰান্তীয় Political ecology ৰ প্ৰশ্নক আকৌ এবাৰ উদঙাই দেখুৱাইছে । কমিটিৰ সভাপতি মাধৱ গাদগিলৰ মত অনুসৰি কেৰেলা চৰকাৰে উপযুক্ত পৰিৱেশ সংক্ৰান্তীয় আঁচনি প্ৰয়োগৰ ক্ষেত্ৰত বিফল হোৱাটোৱে এই দুৰ্যোগৰ মূল কাৰণ আৰু সেয়ে এই দুৰ্যোগ প্ৰাকৃতিক হোৱাৰ পৰিৱৰ্তে বহু পৰিমাণে মানৱসৃষ্ট ।
শেহতীয়াকৈ তৃতীয় বিশ্বৰ দেশসমূহত দুৰ্যোগ শংকা প্ৰশমন আৰু দুৰ্যোগৰ সৈতে সহাৱস্থান সৃষ্টিক লৈ চৰকাৰী আৰু বেচৰকাৰী স্তৰত নানা উচ্চ পৰ্যায়ৰ আলোচনা আৰু আঁচনিৰ পৰিকল্পনা হৈ আছে । কিন্তু দুৰ্যোগৰ প্ৰকৃত কাৰণসমূহৰ যথাযথ আলোচনা আৰু প্ৰকৃতিৰ সৈতে সহাৱস্থানত চৰকাৰ ৰাজনৈতিকভাৱে বিফল হৈছে । সেয়া অসমৰে বানপানী হওঁক বা কেৰেলাৰ, দুয়োখন ৰাজ্যৰ ক্ষেত্ৰতে বৃহৎ নদীবান্ধৰ পানী এৰি দিয়াৰ ফলত বানপানীৰ অৱস্থা নিয়ন্ত্ৰণহীন হৈ পৰিছে । তাৰ সমান্তৰাল ভাৱে জনগণৰ মাজত পৰিৱেশ আৰু উন্নয়নক লৈ নানানটা প্ৰশ্ন উত্থাপন হৈছে । কেৰেলা চৰকাৰে উচ্চতম ন্যায়ালয়ত দিয়া মত অনুসৰি তামিলনাডু চৰকাৰে মুল্লাপেৰিয়াৰ বান্ধৰ পৰা একেসময়তে পানী এৰি দিয়াৰ ফলতো বানপানীৰ মাত্ৰা বাঢ়িছে । বৃহৎ বান্ধৰ পানী এৰাৰ সমস্যা দক্ষিণ ভাৰতৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ এক অতি স্পৰ্শকাতৰ সমস্যা যাক লৈ এতিয়ালৈকে কোনো স্থায়ী সমাধান ওলোৱা নাই ।
কোনো সন্দেহ নাই যে ওপৰোক্ত আটাইবোৰ বিষয়ক বাদ দি মৌচুমী বতাহৰ দৰে প্ৰাকৃতিক প্ৰক্ৰিয়াক দুৰ্যোগ সৃষ্টিৰ উৎস হিচাপে জগৰীয়া কৰি প্ৰধান সেৱক আৰু তেওঁৰ সাংগোপাংগোসকল অস্হি ভগোৱা আৰু উটোৱাত ব্যস্ত হৈ আছে । কেৰেলাৰ ক্ষেত্ৰত যিদৰে পশ্চিম ঘাটৰ পাৰিৱেশিকভাৱে স্পৰ্শকাতৰ অঞ্চলত উন্নয়নৰ নামত চলা বৃহৎ নদীবান্ধ আৰু নিৰ্মাণ কাৰ্য্যই দুৰ্যোগ শংকাৰ পৰিমাণ বৃদ্ধি কৰিছে । ঠিক সেইদৰে অসমৰ প্ৰেক্ষাপটতো মন্ত্ৰী, আমোলা, ঠিকাদাৰৰ ইচাৰাত নিৰ্মাণ হোৱা মথাউৰি, সেইবোৰৰ কম আয়ুস, বহিঃৰাজ্যৰ বান্ধে এৰি দিয়া পানী তাকো কোনো আগজাননী নিদিয়াকৈ আদিবোৰে ভৌগোলিক চক্ৰবোৰক তথা পৰিৱেশৰ চৰিত্ৰক প্ৰাকৃতিকৰ পৰা ৰাজনৈতিকলৈ পৰিৱৰ্তিত কৰিছে । প্ৰতি বছৰে অসমত হোৱা বানপানী, স্থানান্তৰিত লোকৰ সমুখত জাউৰিয়ে জাউৰিয়ে প্ৰতিশ্ৰুতি, ভোট বেংকৰ প্ৰতিযোগিতাই অসমৰ বানপানীৰ চৰিত্ৰকো ভিন ভিন দৃষ্টিকোণেৰে চাবলৈ বাধ্য কৰিছে । পৰিৱেশকেন্দ্ৰিক আঁচনিসমূহ যদি কেৱল চৰকাৰী ফাইল, কাগজে পত্ৰই সোমাই থাকে আৰু বাস্তৱ পৰিসৰত উন্নয়নৰ নামত বৃহৎ নদীবান্ধ, ৰিজৰ্ট, হোটেলৰ চমকতে ৰৈ যায়, তেন্তে এই কথাত কোনো সন্দেহ নাই যে চৰকাৰে প্ৰকৃতি/ পৰিৱেশকো ৰাজনৈতিক উপাদান হিচাপে ব্যৱহাৰ কৰি আহিছে । এই সময় সেয়ে কেৰেলাক অত্যধিক গুৰুত্ব দিয়া বুলি আখেজ পতাৰ সময় নহয়, এই সময় দৰাচলতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰে পৰিৱেশৰ গুৰুত্ব বুজি দুৰ্যোগৰ প্ৰকৃত কাৰণ ফঁহিয়াই চোৱাৰ সময় । নহ'লে হাইব্রীড ৰাজনীতিৰ অংশ হৈ পৰা পৰিৱেশমূলক দুৰ্যোগ শংকা দূৰ কৰাটো আমাৰ বাবে হৈ পৰিব এক এৰাব নোৱাৰা ধাৰাবাহিক প্ৰত্যাহ্বানস্বৰূপ ।

টোকা : অসমৰ শেহতীয়া বানপানীৰ ফটো । উৎস ইণ্টাৰনেট । 

4 comments:

  1. গুৰুত্বপূৰ্ণ লেখা| চিন্তনীয় বিষয়|

    ReplyDelete
  2. তথ্যসমৃদ্ধ লেখনী।

    ReplyDelete