পুৰণি 'বুধবাৰ'ৰ পাত লুটিয়াই আছিলোঁ । উদ্দেশ্য আছিল বেলেগ । কিন্তু পাতবোৰে প্ৰিয় কবিৰ 'দিনলিপি'ত ৰৈ যাবলৈ বাধ্য কৰিলে । যাৰ কবিতাই সমাজ আৰু ৰাজনীতিৰ বহল পাঠবোৰলৈ আকৰ্ষিত কৰে, তাকো কোনো থিয়'ৰি, কোনো শ্লগানধৰ্মীতা নোহোৱাকৈয়ে । যাৰ কবিতাই মুক্তি আৰু শ্ৰমৰ প্ৰায়োগিক অৰ্থক সফলভাৱে বোধগম্য কৰায় আৰু নিজৰ নিজৰ স্থিতিৰ পৰা সমাজখনক কবিতাৰ চকুৰে চোৱাত উৎসাহিত কৰে, তেওঁৰ গদ্য পঢ়ি শিহৰিত নহ'মনে !
যুদ্ধভূমিৰ কবিক লগ পালোঁ 'বুধবাৰৰ' দিনলিপিত ।
"এতিয়া কথাই প্ৰতি 'মূলসুঁতি'ৰ কথা কোৱা হয় । মূলসুঁতিৰ অৰ্থ কি কেৱল ইটোৱে সিটোৰ পাছে পাছে গৈ থকা গৰু ম'হৰ জাক? মূলসুঁতিৰ মূল কোনটো? সোঁতেই বা কাৰ ? সাধাৰণ খাটি খোৱা মানুহৰ বাবে 'মূলসুঁতি'ৰ তাৎপৰ্য ব্যাখ্যাৰে বা প্ৰয়োজন ক'ত ? নে ইও একপ্রকাৰৰ কৌশল ? বুৰ্জোৱা বিজ্ঞাপনৰ চমৎকাৰ । অৰ্থাৎ যি বাটত কোনো প্ৰতিবাদ, সংগ্ৰামী চিন্তা বা প্ৰতিৰোধ আন্দোলনৰ ভয় নাই, সেই বাটেদি নিৰ্বোধ ভেড়াৰ দৰে সকলো প্ৰকাৰৰ শাসন, শোষণ, অন্যায়, অত্যাচাৰ মানি অন্ধবিশ্বাসকে মূলধন কৰি লৈ গৈ থাকিব পাৰি । কোনো সুকীয়া জাতিসত্তা বা সুকীয়া সাংস্কৃতিক পৰিচয়ৰ প্ৰয়োজন নাই । সৰ্বত্ৰ কেৱল এটাই ভাষা, এটাই সংস্কৃতি । মূলসুঁতিৰ দুইপাৰ । মূলসুঁতিত থাকিলেহে হেনো সুখ, সমৃদ্ধি বৃদ্ধি পাব । চমৎকাৰ যুক্তি । "
উৎস : বুধবাৰ, ৬ নবেম্বৰ, ১৯৯১, পৃষ্ঠা ৭
সমীৰ তাঁতিৰ 'যুদ্ধভূমিৰ কবিতা'ই সমাজ জীৱনৰ কঠোৰ আৰু নিৰ্মম সত্যবোৰৰ মুখামুখি হোৱাৰ সাহস দিয়ে । 'যুদ্ধভূমিৰ কবিতাৰ প্ৰথম প্ৰকাশ ১৯৮৫ চনত । কিন্তু সংকলনখনৰ মাজেৰে প্ৰকাশিত ঐতিহাসিক দ্বন্দ্ববোৰৰ বাস্তৱিক ভিত্তি আজি পৰ্যন্ত একেই আছে । বোধকৰোঁ খুব কম সংখ্যক কবিয়ে কবিতাক মাধ্যম কৰি বিশ্বজনীন শোষণ আৰু মুক্তিৰ কথাবোৰ ক'ব পাৰিছে । তাৰ ভিতৰত সমীৰ তাঁতিৰ কবিতাবোৰো কেতিয়াবা অন্নবিহীন মানুহৰ বাবে এসাঁজ ভাতৰ দাম, কেতিয়াবা চালিবিহীন ৰাতিবোৰৰ বাবে তম্বুৰ আশ্ৰয় ।
সমীৰ তাঁতিৰ কবিতাৰ মূল মাধ্যম time আৰু space । ১৯৯১ চনৰ ৩ জুলাই । 'দিনলিপি'ৰ পৃষ্ঠাত তেওঁ লিখিছে -
" একো একোটা শক্তিশালী ৰাষ্ট্ৰ বা সাম্ৰাজ্যৰ আঁৰত যি নিসংগতাবোধ বিৰাজ কৰে, সি শোষিত জনসাধাৰণৰ সঞ্চিত বেদনাৰ প্ৰতিধ্বনি । নীৰৱতাৰ মাজেদি জিলিকি উঠা এই নিসংগতাবোধৰ পৰাই উঠি আহে জয় কৰাৰ বাসনা বা প্ৰতিৰোধৰ ক্ষমতা । গ্ৰীকসকলৰ বাবে নিৰ্জনতা আছিল ৰাষ্ট্ৰৰ পৰা নিৰ্বাসিত জীৱনৰ অসহনীয় মানসিক যন্ত্ৰণা আৰু আধুনিক যুগত শোষিত মানুহৰ বাবে স্বাধীন দেশো প্ৰবাসী জীৱনৰ নিসংগতাবোধৰ দৰে । সেই বাবে নিৰ্জনতা কাহানিও বন্ধ্যা নহয় ।"
নিৰ্জনতাক লৈ কবিৰ কোনো আক্ষেপ নাই । বৰঞ্চ আছে এক ৰৌদ্ৰজ্জ্বল উৎসাহ আৰু আশা । সেয়ে তেওঁৰ কবিতায়ো কঢ়িয়াই ফুৰে সেই একেই জয়ৰ প্ৰত্যাশা -
সূৰ্য্যয়ো পঢ়িছিল তোমাৰ কবিতা । কাৰখানাৰ কাষেদি যাওঁতে ৰাতিপুৱাই ক'লে
শ্ৰমিকবোৰেও শুনিলে তোমাৰ কথা
মোৰ শিল্পীসকলে হেনো আঁকিব এখন ছবি তোমাৰ ভাষাৰে
তুমি যে কৈছিলা - জয় কৰিব লাগিব মৰণৰ অনন্ত নিৰৱতাক
( জোনাক ৰাতি তোমাক খোজ কাঢ়ি যোৱা দেখিছোঁ)
সমীৰ তাঁতিৰ শব্দবোৰক সময়ে স্বাধীন পৰিভাষাৰ মৰ্যদা প্ৰদান কৰিছে । এজন কবিয়ে সময়ৰ বুৰ্জোৱা একনায়কত্ব চিনিব নোৱাৰিলে, বিশ্বাসঘাটক দৃশ্যবোৰক বুজিব নোৱাৰিলে কবিতাক জীৱনৰ উৎস কৰিব নোৱাৰে । সেয়ে তেওঁৰ কবিতাত এককেন্দ্ৰিক মূলভাৱৰ পৰিৱৰ্তে বহুধাবিভক্ত rhetoric বোৰৰ প্ৰাধান্য মনকৰিবলগীয়া । ১৯৯১ চনৰ ১৯ জুনত তেওঁৰ দিনলিপি পঢ়িলেই এই কথাৰ গভীৰতা বুজি পাব পাৰি -
" শাসকগোষ্ঠী আৰু সমাজৰ সুবিধাবাদী শ্ৰেণীয়ে সমাজৰ ক্ষোভ বা খণ্ডিত বিদ্ৰোহত চিৰকালেই বিচ্ছিন্নতাবাদী আন্দোলন নাইবা বিদেশী ৰাষ্ট্ৰৰ চক্ৰান্তৰ ভয়ংকৰ ৰূপ দেখে । আৰু তাকে সজাই পৰাই একোখন দেশৰ চৰকাৰী সংবাদজগত আৰু প্ৰচাৰ মাধ্যমে বহুলভাৱে প্ৰকাশ কৰে । ফলস্বৰূপে এখন দেশৰে একোটা অঞ্চলৰ নৈৰাশ্যই মানুহক সময়ৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে, বৰং সুদৃঢ় কৰি তোলে আত্মবিশ্বাসৰ অহমিকা আৰু বিদ্ৰোহী ভাৱনাৰ ভেটিক ।"
এনে কাৰণতে সমীৰ তাঁতিৰ কবিতা মুখস্হ নকৰাকৈয়ে মনত থাকি যায় -
মন গ'লে এটা ৰাতিৰ ভিতৰতে বহু হাজাৰ লোকক হত্যা কৰিব পাৰি
আৰু ৰাতিৰ ভিতৰতে আয়োজন কৰিব পাৰি এক সুন্দৰ শোকসভা
সচৰাচৰ আমাৰ দেশত এইটোৱে সবাতোকৈ জনপ্ৰিয় গণতান্ত্ৰিক পদ্ধতি
( ভিৱাণ্ডি)
' কাক বোলে কবিতা যদিহে সি দেশ আৰু মানুহক বিপদৰ পৰা ৰক্ষা কৰিব নোৱাৰে ।'
চোছোৱাচ মিউচে কোৱা এই কথাই সমীৰ তাঁতিৰ 'দিনলিপি'কো উৎসাহিত কৰিছে । ১৬ অক্টোবৰ, ১৯৯১ চনৰ দিনলিপিয়ে সেয়ে কৈছে নৈৰাশ্য আৰু নৈৰাজ্যৰ দিনবোৰত কবিতা আৰু সংগীতে দিয়া সাহসৰ কথা । সমীৰ তাঁতিৰ কবিতাও দুৰ্যোগৰ দিনৰ সেই পথবোৰৰ দৰেই হৈ পৰিছে যি পিয়াহত আৰ্তজনক এটা নিজৰাৰ সন্ধান দিব পাৰে - ধ্বংসৰ পথৰ পৰা উভতি অহাজনক মুক্তিৰ বাট এছোৱাৰ সন্ধান দিব পাৰে । তেওঁৰ কবিতা সেয়ে কেৱল সদ্যস্নাতা অনুভৱৰ বুৰবুৰণি নহয়, বৰঞ্চ ঘৰ্মাক্ত হাত ভৰিয়ে জীপাল দিয়া নিৰাপত্তাহে । 'উখৰুলৰ ৰাতি'বোৰক লৈ কবি যিদৰে কঁপিছে, ' খাদ্যৰ অভাৱত মৰা শিশুবোৰ'ক লৈও তৃতীয় বিশ্বৰ অন্ধকাৰত জাঁপ দিছে । 'পাছপৰ্ট বিহীন মহান আন্তজার্তিকতা'ক লৈ সেই একেজন কবিয়ে সুঁৱৰিছে দীন কলিতাক ।
কোনো সন্দেহ নাই যে সমীৰ তাঁতিৰ কবিতা কেৱল সৌন্দৰ্য্যৰে আৱৰি থকা ৰসঘন বৰ্ণনাৰ কাব্যপ্ৰেম নহয় । তেওঁৰ কবিতাই নিপীড়িতসকলৰ চকুত চকু থৈ যুঁজাৰু সৈনিকলৈ পাঠকক ৰূপান্তৰিত কৰিব পাৰে । দেহত আইনৰ পোছাক পিন্ধা, হাতত ৰাইফল লোৱা, ৰাইজৰ নেতা হৈ ৰাইজলৈ পিঠি দিয়া, মুখত শান্তিৰ বাণী লৈ মূলসুঁতিৰ কথা কোৱা মুখবোৰক চিনিবলৈ সমীৰ তাঁতিৰ কবিতাই যথেষ্ট । কাৰণ তেওঁৰ কবিতাই যিমান পোহৰ পোহে, সিমানেই জালি বন্ধা অন্ধকাৰকো চোৱাৰ দুঃসাহস কৰে ।
প্ৰকাশ : মনৰ খবৰ, জুলাই, ২০১৮
পঢ়ি ভাল লাগিল ।
ReplyDeleteThank you Dhurba
Delete