Saturday, 23 November 2019

(৭) তামান



কিন্তু ৰণৰ কথা আছিল সুকীয়া।
ৰণক জয়িতাই ভাল পাইছিল । এই কথা ৰণৰ পৰা আঁতৰি আহোঁতেহে তাই অনুভৱ কৰিছে। ৰণৰ চকুত সেই পোহৰ আছিল, যি পোহৰ তাইৰ কাপোৰৰ তলেৰে সৰকি নাভিলৈ নামি গৈছিল। ৰণৰ ধোবাংবাং এপাৰ্টমেণ্টেৰে দেখা ফাগুনত বিধ্বস্ত ঘৰবোৰলৈ সিহঁতে একেলগে চাই আছিল আৰু এজনে আনজনৰ চকুত আন এটা ঋতু বিচাৰি ফুৰিছিল। বোধকৰোঁ হেমন্ত নহ'লেবা শীত । একেলগে জানো দুটা ঋতু মানুহে কঢ়িয়াব নোৱাৰে? পাৰে । নহ'লেতো জয়িতাই সকলো কাপোৰ খুলি ৰণৰ মাজলৈ সোমাই নগ'লহেঁতেন । শীতৰ আবেলিবোৰক সিহঁতে গাৰ উত্তাপেৰে উষ্ণ কৰোঁতেও জয়িতাই ৰণৰ চকুত দেখিছিল সেই পোহৰ। ৰণৰ ওঁঠত তাইৰ ওঁঠ গুজি সেই পোহৰ তাই নিজৰ শৰীৰলৈ আনিছিল ।


প্ৰেম জানো কেৱল চাৱনিতে থাকে? প্ৰেম থাকে একাত্ম হৈ পৰা শৰীৰত। এই কথা জয়িতাই ৰণৰ বুকুৰ শব্দ শুনোতে বুজিছিল। তাইৰ এনে লাগিছিল শব্দৰ বাহিৰে এই পৃথিৱী তেনেই মিছা । মানুহে নিঃশব্দতা বিচাৰি ফুৰে কিয়? বুকুৰ শব্দ শুনিবলৈকেতো । মনে কি বিচাৰে তাকেই জানিবলৈকেতো। সেই ৰাতি জয়িতাই বুজিছিল তাইৰ পাঁচ অনুভূতিলৈ কোনোবা সোমাই আহিছে আৰু নাম লৈছে ভালপোৱাৰ।

সেই শাৰীৰিক সম্পৰ্ক মধ্যবিত্তীয় আছিল নে আন কিবা তাক লৈ জয়িতাই মূৰ ঘমোৱা নাছিল। চুটি ছবিৰ কামত অৰঙে দৰঙে ঘূৰি ৰণ তাইৰ কাষলৈকে আহিছিল। তাইৰ বুকুত মূৰ গুজি কৈছিল

 - মানুহে ভয় কৰে মৃত্যুক, কিন্তু মৃত্যুতকৈও মানুহক অধিক শাস্তি দিয়ে যন্ত্ৰণাই । অথচ যন্ত্ৰণা মানুহে কঢ়িয়াই ফুৰিব পাৰে গোটেই জীৱন।

জয়িতাই সোধা নাছিল এই যন্ত্ৰণা কিহৰ । বিচ্ছেদৰ নে বিফলতাৰ? উভৈনদীৰ নে শূণ্যতাৰ? সেই শীতল ৰাতি ইটোৱে সিটোক নাঙঠ কৰোঁতেও অনুভৱ কৰা নাছিল কোনো শীত, কোনো লাজ। ইমান সৰল আছিল সেই ৰাতি, ইমান সহজ আছিল সেই আলিংগন।

সেই স্মৃতিক জয়িতাই সহজভাৱেই ৰাখিব খোজে। অথচ এখন ফটোৱে সকলো ওলট-পালট কৰি দিলে । সেই বৰষুণত তিতি থকাৰ ফটো আৰু তাৰ সৈতে এটা কেপচন। সেইটোৰ বাবেই কাবেৰী ওলাইছিলহি তাইৰ ৰূম । কিন্তু জয়িতাই বোধকৰোঁ তাইক ইমান টানকৈ ক'ব নালাগিছিল। এই দুনিয়াত চখৰ কাম এটাৰে জীৱন চলোৱা মানুহবোৰ জীৱনৰ দৌৰত পিছ পৰি ৰয় । দৌৰত পিছ নপৰিবলৈকে মানুহে আন এটা কাম কৰে। কাবেৰীয়ে তাকেই কৰিছে আৰু চখৰ নামত থকা সময়কণো তাতেই ব্যয় কৰিছে। সেই ব্যয়কে তাই গাড়ী বুলি কৈছে, এপাৰ্টমেণ্ট বুলি নাম দিছে, বিয়াৰ বাবে গহনা বাচিবলৈ জয়িতাকে টানি-আঁজুৰি লৈ গৈছে।

- তোৰ ৰঙৰ চিলেকচন ভাল, সেই বাবেহে ।

ডিঙিত গহনা আঁৰি কাবেৰীয়ে জয়িতাৰ মাধ্যমত নিজকে প্ৰবোধো দিছে। তাৰ মাজতো মৰি থকা কাবেৰীক দেখি জয়িতাই মনত পেলাই নিদিব নেকি ভাল লগা কাম এটা বহুদিন যে তাই কৰা নাই।

এই ভিৰত এনেকৈয়ে মানুহবোৰে খন্তেকলৈ এজনে আনজনক পঢ়ে । বাছৰ ছীটত চিন্তাক্লিষ্ট চকু, শ্বপিং মলত ৰং চাব নজনা চকু, পিকনক খাবলৈ বন্ধা জুমত পূৰ্বৰ প্ৰেয়সীক বিচাৰি ফুৰা চকু, উজাগৰী নিশা মেগীৰ ধোঁৱাৰে নিজকে ঘূৰি চোৱাৰ চকু - এই আটাইবোৰ চকুৱে নিজকে ফাঁকি দিয়ে।

এই সত্যটো উপলব্ধিৰ পাছত আৰু কোনোবাই এৰি যোৱাৰ ৰিক্ততাত মানুহ ৰৈ নাযায় । মানুহে নিজলৈ ঘূৰি চায় । ঘূৰি চায় সেই বাটবোৰক যিবোৰে ঋতুৰ পিছত ঋতু কথা দিয়ে নিজকে একেটা ভুল নকৰে বুলি। অথচ মানুহে একেবোৰ ভুলেইচোন কৰে। নিজকে বেলি বুলি নাভাবে, কেৱল ডাৱৰৰ পিছফালে লুকায়। নিজকে জোন বুলিও নাভাবে, জ্বলিবলৈ বাদ দিয়ে।

ইমানৰ পিছতো জয়িতাৰ মনত পৰে কঈফি আজমিৰ কবিতাটোলৈ -
'অভী ইস্ক নে হাৰ নহী মানি, অভী ইস্ক কৌ আজমানা নহী চৌৰনা।'

মানুহে খুব সহজে একেবোৰ ভুল কৰে । কাৰণ উজাগৰী ৰাতিৰ পহৰাদাৰ মানুহবোৰ আন একোতে নহ'লেও নিজৰ ভুলবোৰত অতি মাহীৰ ।

©জুৰি বৰুৱা
(আগলৈ)




No comments:

Post a Comment