ৰঙবোৰ মিহলি হৈ যায়। মিহলি হোৱা ৰঙে আউল বাউল হৈ ক'বলৈ আৰম্ভ কৰে জলফাইবৰণীয়া বাটটোৰ কাহিনী । কেৱল কাহিনীনে?
আইচেনাই মোৰ কাণে কাণে ক'লে সেয়া কাহিনী নহয়। সেয়া জীৱনৰ আঁৰত সংগোপনে মেৰ খাই থকা স্বাধীনতাৰ প্ৰস্তাৱ।
তাতেই কি শেষ তাৰ পৰিচয়?
পৰিচয় য'ত শেষ বুলি ধৰা হয় তাৰ পৰাই মানুহে মানুহৰ হৈ জী থকাৰ জেদ একোটা আৰম্ভ কৰে । ৰঙবোৰ তেতিয়াই বিয়পি পৰে মানুহৰ মুখবোৰলৈ। পোন হৈ বেলিটোলৈ চাই আৰু সমস্বৰে কৈ উঠে- নদীবোৰ আমাৰ। পাহাৰবোৰ আমাৰ। পথাৰবোৰ আমাৰ । চৰকাৰ যাৰেই নহৱক কিয় !
ৰঙবোৰ চাই চাই মই মোহাৰো পুৰণি ফটো ফ্ৰেমৰ ধূলি । বাহিৰৰ এজাক কিনকিনিয়া বৰষুণে আহিনৰ গোন্ধ এটা এৰি থৈ যায় খিৰিকীত।
নিৰুদিষ্ট বহু খবৰৰ নাম আছিল মোৰ এই গাওঁ। ডেকাবোৰ হাবিলৈ গৈছিল । কেতিয়াবা বহুদিনৰ মূৰত শেষ ৰাতি ঘৰৰ মানুহক চাবলৈ আহিছিল । এনে নিমাওমাও শেষ ৰাতি এটাত আইচেনা আহিছিল । শুই থকা মাক দেউতাকক দূৰৈৰ পৰাই চাইছিল । আৰু মোৰ হাতত ঘৰলৈ কিছু টকা গুজি দি কৈছিল - মোৰ বিয়া । কেম্পতে হ'ব । নিয়ম এটা কেৱল।
কথাষাৰ কওঁতে তাইৰ মুখ উজলি উঠা নাছিল । নিজৰ বিয়াক লৈ কত সপোন দেখে গাভৰুৱে । আইচেনাৰ অৱশ্যে সপোন নাছিল । তাই এই বাটলৈ কাৰো প্ৰেমত পৰি যোৱা নাছিল।
আইচেনা আমাৰ গাঁৱৰ পৰা হাবিলৈ গুছি যোৱা প্ৰথম ছোৱালী আছিল। তাইৰ কথা গৌৰৱেৰে আমাৰ গাঁৱৰ ডেকা-বুঢ়া-বোৱাৰীয়ে মনত পেলাইছিল। আইচেনা গৈ থকা চাই থাকোতে মোৰো তেজত কিবা এটা বৈ গৈছিল। কোন স'তে কওঁ জীৱন কেৱল এটাই বুলি ? আইচেনাই বোধকৰোঁ এক নতুন জীৱন পাইছিল। বিয়াখন আছিল এক সংযোগ। তাৰ পাছত বহুদিনলৈ আইচেনাৰ কোনো খবৰ নাছিল।
আইচেনা যোৱাৰ পাছত এই ঘৰৰ ৰঙ উৱলিবলৈ ধৰে। পেহাদেউৰ কফৰ অসুখটোৱে আকৌ উক দিয়ে। পেহীদেউৰ মূৰৰ পৰা আগৰ বহু কথা হেৰাই যায়। মানুহজনী স্মৃতিহীনতাত ভূগে । মই লেঙেৰাই লেঙেৰাই স্মৃতি বিপন্ন বাট এটাত ঘূৰি ফুৰো। মই জানো আইচেনা এতিয়া আৰু আগৰ দৰে আহিব নোৱাৰে ।
এসময়ত এইখন ঘৰ গাঁৱৰ আটাইতকৈ ৰঙীন আৰু মৰমীয়াল ঘৰ আছিল। মৈদামৰ জোনাকী পৰুৱাবোৰে এই গাওঁখনকো পোহৰাই ৰাখিছিল। আন গাঁৱৰ কথা নাজানো, মোৰ এই লেঙেৰা ভৰিটোৰে গাঁৱৰ বাহিৰলৈ যোৱাৰ কষ্ট মই কৰিব পৰা নাছিলো। মইনা দা প্ৰায়ে ঘূৰি ফুৰিছিল এখন গাঁৱৰ পৰা আন এখন গাঁও আৰু উভতি আহিয়ে আমাক চিঞৰি চিঞৰি মাতিছিল। মোক আৰু আইচেনাক।
পিতা ঢুকুৱাৰ পাছত সেইখন বাৰীত মোৰ বাবে একো নাছিল। মইনা দা আৰু আইচেনাই জোৰ কৰি মোক লৈ আনিছিল ইয়ালৈ। অৱশ্যে সেই অকলশৰীয়া ঘৰটোত মই কিনো কৰি থাকিলোহেঁতেন ! চৰকাৰী হস্পিটেল নাপাওঁতেই মোৰ জন্ম। জন্মিলো লেঙেৰা হৈ । মাজনীও নাবাচিল । মইনা দা, আইচেনা আৰু মই কাণসমনীয়া আছিলো। এটাই আনটো নহ'লে চলিব নোৱাৰাকৈ আমি ডাঙৰ হ'লো এই ঘৰৰ ৰঙবোৰতে হাবু- ডুবু খাই।
এদিন হাবিৰ মতবাদত বিশ্বাসী হৈ গুছি গ'ল মইনা দা । আমি কোনেও নাকান্দিলো। কিন্তু যিদিনা মইনা দাক বিচাৰি আহি গোটেই ঘৰ চলাথ কৰি মিলিটেৰীয়ে মোক চোতালত পেলাই সকলোৰে আগত মৰিয়ালে আইচেনাই হায়ৈ বিয়ৈ কৰি কান্দিলে। মোৰ পংগু ভৰিটো চুই চুই গোটেই ৰাতি তাই মইনা দাক মাতি থাকিল ।
তাৰপাছত আইচেনা সলনি হৈ গ'ল । মিলিটেৰী আহিলেই তাই ঘৰখনৰ সকলোতকৈ সমুখত থিয় হয়। আইচেনাক দেখিলে তেতিয়া একুৰা জুইৰ দৰে লাগে । তাইৰ চকুৱে মুখে কিবা এক প্ৰতিশোধে তাইক কঠোৰ কৰি তোলে। খঙতে তাই খৰী ফালে। জেওৰা দিয়ে। তাইৰ বয়সৰ গাঁৱৰ গাভৰুবোৰে তাইক সিহঁততকৈ বেলেগ দেখে।
তাৰপাছতো মতবাদ আহে আৰু যায়। গুছি যোৱা ডেকাবোৰে দুৱাৰত নিজৰ নামৰ খিলি লগাই থৈ নাযায়। উভতি নাহো বুলি কৈ যোৱা নাৰীবোৰে আৰ্চিত শেষৰটো বিন্দি লগাই থৈ নাযায়। কি নাছিল আইচেনাৰ? ৰূপ, যৌৱন, আটিলকৈ বন্ধা ঘৰ এখনৰ সপোন? তাই গুছি যোৱাৰ পাছত পেহীদেউ আৰু মই এজনে আনজনলৈ চাই কোনোদিনে সোধা নাই এই প্ৰশ্ন। বোধকৰোঁ আইচেনাক এই কঠোৰ সিদ্ধান্ত ল'বলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হৈছিল। সপ্তাহত দুবাৰকৈ মিলিটেৰীয়ে মহটিয়াই গৈছিল ঘৰখন। তেতিয়ালৈ মইনা দাৰ সকলো স্মৃতি এই ঘৰৰ পৰা গায়ব হৈ গৈছিল । তাৰ মাৰ্কচিটবোৰ । বক্তৃতা প্ৰতিযোগিতাত সি পোৱা মেডেল আৰু ছীলবোৰ। আনকি বাতৰি কাকতত ওলোৱা তাৰ ক'লা বগা ফটোবোৰো।
এদিন মাজৰাতি কোবাকোবিকৈ অহা বৰষুণজাকত তিতি আইচেনা আৰু মই আমাৰ পুৰণি ভেঁটিটো পাইছিলোগৈ। খবৰ পঠাইছিল মইনা দাই। কান্ধত গুলী লাগিছিল তাৰ। সি এবাৰ আমাক চাব খুজিছিল। গাতত সোমোৱা চকুহাল মেলি সি মোক কাষলৈ মাতিছিল।
-ঘৰখন চাবি । কাকো নেৰিবি।
মোৰ লগত সেয়াই আছিল মইনা দাৰ শেষ কথা। আইচেনাই তাৰ কাষলৈ যাবলৈ সাহ কৰা নাছিল। ককায়েকৰ সেই ৰূপৰ কল্পনা তাই চাগৈ কোনোদিনে কৰা নাছিল। মইনা দাই আইচেনালৈ কেমুফ্লেজ টুপিটো আগবঢ়াই দিছিল। তাৰ ইংগিত সেই ৰাতি মই বুজা নাছিলো।
শেষ ৰাতিলৈ মইনা দা চেঁচা পৰি আহিছিল। পিছদিনা এজাক গিৰিপ গিৰিপ বুটজোতাৰ চিঞৰত আমাৰ পদূলিৰ চোতাল বোকাময় হৈ পৰিছিল। মই কাবৌ কাকুতি কৰাৰ পাছতো আইচেনাক মিলিটেৰীয়ে উঠাই লৈ গৈছিল গাড়ীত । মইনা দাক দাহ কৰাৰ সময়তো কান্দিবলৈ পোৱা নাছিল আইচেনাই । পিছদিনা ৰাতি তাইক ঘৰৰ সমুখত নমাই থৈ গৈছিল জীপগাড়ীয়ে । মৃতকৰ বৰত ৰখা ঘৰখন আৰু এক বা-মাৰলিত চাপৰ হৈ গৈছিল। বহু সোধাৰ পাছতো আইচেনাই কোৱা নাছিল সেই এটা দিনত কি কৰিছিল মিলিটাৰীয়ে তাইৰ সৈতে। কিন্তু তাইৰ ধোঁৱাবৰণীয়া মুখখনে যেন বহু কথা কৈছিল মোক।
তিলনিৰ পিছদিনা তাই মোৰ কাষত বহি কৈছিল তাই এটা সিদ্ধান্ত লৈছে।
- গুছি যোৱাৰ সিদ্ধান্ত ?
- উম।
আইচেনাক বুজনি দিয়াৰ অথবা ৰখাই থোৱাৰ কোনো এটা অধিকাৰেই মোৰ নাছিল। হয়তোবা লেঙেৰা নোহোৱা হ'লে নিজৰ একমাত্ৰ ভনীজনীৰ আগত মোৰ আৱেগ বেলেগ হ'লহেঁতেন । কিন্তু এতিয়া যে এই ঘৰখনতো তাইক নিৰাপদে ৰাখিব পৰা ক্ষমতা মোৰ নাই সেই কথা মই স্বীকাৰ কৰিছিলো।
ইমানৰ পাছতো মইনা দা অথবা আইচেনাৰ দৰে মই গাঁৱৰ গধূলিবোৰত নিৰুদিষ্ট খবৰ হ'ব পৰা নাছিলো। পেহাদেউৰ মুখাগ্নিত গাঁৱৰ বহুতেই কৈছিল
- ইও হাবিলৈ গ'লহেঁতেন। ভৰিটোৰ বাবেহে।
- তাৰ বাবেহে ভনীয়েক যাব লগাত পৰিল। গাভৰুজনীক ককায়েকডালে মিলিটেৰীৰ পৰা বচাবই নোৱাৰিলে। ডাঙৰটোৱো মৰিল ।
মিলিটেৰীৰ অত্যাচাৰৰ দীঘল অধ্যায়ত এনেদৰে পাৰ হৈ গৈছিল বহুতো কথোপকথন। জ্বলি থকা চিতাৰ জুইকুৰা ৰাখি থ'বলৈ মন গৈছিল আইচেনালৈ। কত বা ঘূৰি ফুৰিছে তাই ! কেনে আছে তাইৰ পৰিয়াল ! মাজতে এবাৰ খবৰ দিছিল মোমায়েক হৈছো বুলি। হাতৰ আখৰৰ প্ৰেকটিছত
ল'ৰাক শিকাইছেনে আইচেনাই সেই বিশেষ শাৰীটো - 'দেশ বুলিলে আদেশ নালাগে' !
আজি পাছলৈ ঘূৰি চালে এনে লাগে মইনা দা চাগৈ আৱেগিক আছিল । সংবিধান, সাৰ্বভৌমত্ব, স্বাধীনতা এইবোৰ তাৰ বাইশ বছৰীয়া যৌৱনৰ বাবে ৰোমাণ্টিক আলোড়ন আছিল। খেতিয়কৰ ঘৰৰ ল'ৰাই উত্তপ্ত হোৱাৰ বাট এটা বাচি লোৱাৰ দুঃসাহস কৰিছিল। কি আছিল সেই বাটৰ ৰং? আজিও সেই প্ৰশ্ন কৰো মই নিজকে। হয়তোবা এই গাঁৱৰ ৰাতিৰ পাছত দোকমোকালিলৈকে এই প্ৰশ্ন ৰৈ যাব।
শ্বহীদৰ নামত দিয়া সামান্য টকাৰ চেকখনৰ পাতল ওজনৰ দৰে সেই প্ৰশ্নও এদিন এই গাঁৱৰ পৰা হেৰাই যাব।
আৰু আইচেনা তাই উভতি আহিবনে? এই ধোবাংবাং ঘৰখনক আহি ক'বনে সেই ৰাতি মইনা দাই তাইৰ হাতত তুলি দিয়া টুপীটোৰ সহজ অৰ্থ কি আছিল? সেই কথা সদৰি কৰিবলৈ অমান্তি হোৱাত
কি কৰিছিল মিলিটেৰীয়ে তাইৰ লগত?
আজি অতবছৰে এই কেইটা কথা বুজিবলৈকে মই শেষ ৰাতি পিছ চোতাললৈ এপাক আহো। আইচেনা নামৰ জীৱিত বাট এটাত ৰৈ মই পোনকৈ থিয় হ'ব খোজো। আৰু বেছি সময় তেনেকৈ থিয় দি থাকিব নোৱাৰি পিছ দুৱাৰৰ দাং লগাবলৈ লৈ মই শুনো সেই মাত। আইচেনাৰ মাত - তোক বহুত দায়িত্ব দিলো অ' ধন দাদা।
মই আজিও নুবুজো মইনা দা, আইচেনা আৰু মই - আমাৰ মাজত কোন বেছি সাহসী নহ'লেবা কোন বেছি দেশপ্ৰেমিক ।
No comments:
Post a Comment