আলবে’ৰ ক্যেম্যুৰ 'Create Dangerously' শীৰ্ষক ৰচনাখন যিসকলে পঢ়িছে তেওঁলোকে এটা কথা বিনাদ্বিধাই স্বীকাৰ কৰিব ক্যেম্যুৱে দেখুৱাই যোৱা সময়তে আমি জী আছো – প্ৰতিৰোধ, বিদ্ৰোহ আৰু মৃত্যুৰ মাজত ৷ বিশ্ব ইতিহাসো বহল হৈ গৈ আছে এই প্ৰতিৰোধ, বিদ্ৰোহ আৰু মৃত্যুৰ দিনলিপিৰে ৷ এই ক্ষেত্ৰত লক্ষণীয় কথাটো হৈছে কোনে এই দিনলিপি লিখিছে আৰু কাৰ বাবে লিখিছে ৷ এজন লেখকৰ মনলে অহা এই প্ৰশ্নটো উপৰা-উপৰিকৈ চালে সাধাৰণ প্ৰশ্ন যেন লাগিলেও প্ৰকৃতাৰ্থত ই এক ৰাজনৈতিক প্ৰশ্ন ৷ মৃত্যু ভয়ৰ মাজতো সৃষ্টিশীল হৈ থাকিবলৈ লেখক এজনক এক প্ৰকাৰৰ নিজা প্ৰতিৰোধ আৰু বিদ্ৰোহ লাগে ৷ তাকে বুজাবলৈ গৈ ক্যেম্যুৱে কৈছিল 'to create is to create dangerously' ।
ক্যেম্যুৰ ‘প্লেগ’ উপন্যাসখনত যে কেৱল মাত্ৰ এটা কাহিনীকে লেখকে কৈ থকা নাই, সেই কথা চমজদাৰ পাঠকে সহজে ধৰিব পাৰে ৷ দেখুৱাই থকা বাস্তৱৰ পাছফালৰ ‘বাস্তৱে’ সেয়ে পাঠকক অঁৰ চহৰৰ ভিতৰলৈ লৈ যায় ; য’ৰ পৰা নিগনী আৰু মানুহৰ ৰোগাগ্ৰস্ত ভাৱনাক একেলগে দেখা পোৱা যায় ৷ ক্যেম্যুৱে বিশ্বাস কৰিছিল তেওঁ নিজেই নিজৰ বাস্তৱ সৃষ্টি কৰিব পাৰে ৷ কিন্তু লগতে তেওঁ এই কথাও কৈছিল যে সমাজৰ পৰা বিচ্ছিন্ন হৈ তেওঁ একোৱে লিখিব নোৱাৰে ৷ আৰু সমাজ একোখন কেৱল এটা মাত্ৰ চিৰন্তন কাহিনীত চলি নাথাকে ৷ এজন লেখকে সমাজ একোখনত ঘটি থকা প্ৰতিৰোধ, বিদ্ৰোহ আৰু মৃত্যুৰ পৰা সেয়ে পলাব নোৱাৰে ৷ এনে কাৰণতে লেখক এজনৰ মূল সাফল্য লুকাই থাকে সৌন্দৰ্য্য আৰু যাতনাৰ মাজেৰে কৰা প্ৰত্যাখানত ৷ প্ৰেম ন’হলেবা সৃষ্টিশীলতাৰ পাগলামিত ৷ অস্বীকাৰ আৰু সহমতৰ মাজৰ যুক্তিত ৷ এজন লেখকৰ প্ৰতিটো খোজতে থাকে একধৰণৰ এডভেন্সাৰ আৰু ৰিস্ক ৷ এই ৰিস্কে লেখকজনক কলাৰ স্বাধীনতা সম্পৰ্কে দায়িত্বশীল হ’বলৈ শিকায় ৷
উক্ত উপন্যাসৰ মূল চাৰিটা চৰিত্ৰ – ডাক্তৰ বেৰ্ণাৰ ৰিইয়্যো, জঁ তাৰু, ডাজেভ ঘঁ আৰু ৰঁবে ৷ কিতাপখন পঢ়ি শেষ কৰিলে বুজা যায় যে এই চাৰিটা চৰিত্ৰ ক্যেম্যু নিজেই ৷ উল্লেখনীয় কথাটো হৈছে এই চাৰিওজন কথকে অঁৰ চহৰখন নিজৰ ধৰণে চাইছে ৷ এখন গতানুগতিক উৎফুল্লিত চহৰৰ বিৱৰণ প্ৰতিজন কথকৰ সমুখত প্লেগত আক্ৰান্ত হোৱাৰ সময়ছোৱাত বেলেগ বেলেগ ধৰণে উপস্থাপিত হৈছে ৷ কোভিড-১৯ ৰ দৰে অতিমাৰিয়ে আমাৰ দৈনন্দিন জীৱনলৈ অনা জড়তাৰ যি ছবি আমি নিজা ব্যাখ্যাৰে সামৰি ৰাখিলো- মনত, সামাজিক মাধ্যমত, নহ’লেবা এজনে আনজনক ভাগৰি নপৰিবলৈ দিয়া সাহসত ; ঠিক তেনেদৰেই উপন্য়াসখনৰ প্ৰতিটো চৰিত্ৰৰ বাবে অঁৰ চহৰখন হৈ পৰিছে একধৰণৰ absurd দৃষ্টান্ত ৷ কিন্তু এই দৃষ্টান্তৰ শেষ আখ্যান কেৱল আৰু কেৱল মৃত্যু নহয় ৷ বোধকৰো সেই বাবেই লকডাউনৰ পুনৰ পঠনে মোক কেৱল ক্যেম্যুৰ চহৰখনকে দেখুওৱা নাই ৷ বৰঞ্চ তাৰ লগতে মানুহে চিৰন্তন বুলি ভাবি থকা সত্যবোৰকে আকৌ এবাৰ টুকুৰা-টুকুৰ কৰি নতুন ‘ৰিস্ক’ হিচাপে তুলি ধৰিছে ৷ এচাম মানুহে যিবোৰ কাৰণত নিজৰ জীৱনটো শেষ কৰি পেলায়, সেই একেবোৰ কাৰণতে আন এচাম মানুহে জী থাকিবলৈ শিকে ৷ এনে কাৰণতে জীয়াই থকাৰ অৰ্থ বিচাৰি পোৱাটো জৰুৰী ৷ মৃত্যু ভয় সেয়ে উপন্যাসখনৰ থ্ৰীল নহয় ৷ তাৰ বিপৰীতে জীৱনৰ মাজত প্ৰেমৰ সন্ধানেহে উপন্যাসখনক কালজয়ী ৰূপত তুলি ধৰিছে ৷ অঁৰ চহৰৰ মানুহৰ প্লেগক লৈ প্ৰতিক্ৰিয়া কোভিডক লৈ আমাৰ চহৰৰ প্ৰতিক্ৰিয়াৰ দৰেই –
“ বেমাৰ টান হ’লেও সোনকালেই ই নোহোৱা হ’ব ও সাৱধান হ’লেই বেমাৰৰ পৰা হাত সাৰি থাকিব পৰা যাব ইত্যাদি ৷ কিছুদিন পাছতেই সেই জ্বৰত মানুহ মৰিবলৈ ধৰিলে ৷ জিলা কৰ্তৃপক্ষৰ গা লৰিল কিন্তু কৰ্তৃপক্ষই কিছুমান সৰু-সৰু ব্যৱস্থা লৈয়েই ক্ষান্ত থাকিল ৷ তাৰ কাৰণ, কৰ্তৃপক্ষই ভাবিলে যে কঠোৰ ব্যৱস্থা ল’বলৈ দিলে চহৰত অযথা আতংকৰ সৃষ্টি হ’ব ৷”
এনে কাৰণতে প্লেগ কেৱল এটা ৰোগ হৈ থকা নাই উপন্যাসখনত ৷ ই একধৰণৰ আত্মবিশ্লেষণ ৷ পুঁজিবাদী সমাজ ব্যৱস্থাত মানুহে নিজৰ পৰাই বিচ্ছিন্ন হৈ পৰে নেকি ? আৰু নিজৰ লগতে সমাজৰ সৈতে থকা সম্পৰ্ক জুকিয়াই চাবলৈ এক সামুহিক দুৰ্যোগৰ মুখামুখি প্ৰয়োজন হৈ পৰে নেকি? কিন্তু কোনো দুৰ্যোগ নিজে নিজে সৃষ্টি নহয় ৷ ক্যেম্যুৰ ‘প্লেগ’ আৰু কোভিড-১৯ ৰ প্ৰভাৱত পৰা আমাৰ সমাজখনত অতদিনে জমা হৈ থকা সত্যবোৰ যিবোৰ চাবলৈ আমাৰ আহৰি নাছিল, আমি মজি আছিলো নিজৰেই প্ৰয়োজন আৰু অভাৱৰ মাজত, সেইবোৰক ট ট কৈ আঙুলিয়াই দেখুৱাইছে এই উপন্যাসখনে ৷ সেয়ে কৈছো এইখন absurd উপন্যাস ৷ কিন্তু ভালকৈ চাবলৈ গ’লে আমাৰ সমাজখনো absurd ৷ উপন্যাসখনত এই absurdity এক ধৰণৰ মূল্যবোধৰ আধাৰো হৈ পৰিছে ৷ যদিও উপন্যাসখনত প্লেগৰ বিৰুদ্ধে কৰা যুঁজখনত মানুহ দুৰ্বল, কিন্তু একে সময়তে মানুহ এই সত্যবোৰৰ নিৰ্মম সাক্ষী ৷ যিদৰে আমিও কোভিড-১৯ য়ে দেখুওৱা সমাজ ব্যৱস্থাৰ ৰুঢ় তিক্ততাবোৰৰ সাক্ষী ৷ এই তিক্ততাবোৰলে পিঠি দি আমি নিজৰ মাজত সুখী হ’বলৈ চেষ্টা কৰিছো ঠিকেই ৷ কিন্তু উপন্যাসখনত ৰঁবে’ৰে কোৱাৰ দৰে –“অকলে অকলে সুখী হোৱাত কিবা এটা যেন লাজৰ কথা আছে ৷”
এই স্পষ্টীকৰণে আন কিছুমান কথাও ফটফটকৈ তুলি ধৰিছে ৷ দশক জুৰি মানুহে জী থকা সমাজখন কেৱল টকাৰে চলি থকা নাই ৷ চলিছে ‘টকা’ নামৰ বিমূৰ্ত ধাৰণা এটাক প্ৰভাৱশালী কৰি ৰখা ব্য়ৱস্থা একোটাৰে ৷ সেয়ে ৰঁবৰে কৈছে-
“যিবিলাক মানুহে এটা আদৰ্শৰ কাৰণে মৰে সেইবিলাকৰ প্ৰতি মোৰ এটা আতংক আছে … মোৰ কাৰণে যি আচল কথা সি হ’ল এই, যে মানুহক প্ৰেম লাগে আৰু যি বস্তু মানুহে ভালপায় তাৰ কাৰণে মানুহে মৃত্যু বৰণ কৰিবলৈ সাজু থাকিব পাৰিব লাগে ৷”
উপন্যাসখনৰ প্ৰতিটো চৰিত্ৰৰ মাজেৰে সমাজ ব্যৱস্থা বৰ্তাই ৰখাৰ যি বাৰ্তা দিয়া হৈছে তাত কিন্তু প্ৰেম আৰু আদৰ্শ এটা আনটোৰ পৰা পৃথক নহয় ৷ ৰঁবেৰৰ মুখেৰে ক্যেম্যুৱে যি প্ৰেমৰ ব্যাখ্যা দিছে, সেয়া কেৱল ব্যক্তি বিশেষৰ প্ৰতি নহয় ৷ জীৱনৰ প্ৰতি থকা তীব্ৰ আসক্তি মানুহে অনুভৱ কৰে মহামাৰীয়ে কঢ়িয়াই অনা নিৰৱতাত ৷ তেওঁ কৈছে-
“প্লেগ মহামাৰীয়ে আক্ৰমণ কৰিছে ৷ গতিকে কৰ্তব্য হৈছে নিজক ৰক্ষা কৰা- সি স্পষ্ট কথা ৷”
নিজকে ৰক্ষা কৰাটোৱো একধৰণৰ প্ৰেমেই ৷ ৰঁবেৰৰ মুখৰ এই ব্যাখ্যাই আমাৰ সমুখত প্ৰেম আৰু আদৰ্শৰ মাজৰ যোগসূত্ৰক বহলকৈ মেলি ধৰিছে ৷ এই কথাটো বোধকৰোঁ শেহতীয়া লকডাউনে আমাক অধিক সৰলকৈ বুজালে ৷ যেতিয়া টিভিৰ পৰ্দাত শ শ মাইল খোজেৰে ঘৰলৈ উভতা শ্ৰমিকৰ শাৰী দেখিবলৈ পালো- তেতিয়া আদৰ্শতকৈ মানুহৰ জীৱনৰ প্ৰতি থকা প্ৰেম অধিক দৃঢ় হৈ ধৰা দিলে আমাৰ সমুখত ৷ মাতৃয়ে চোঁচৰাই নিয়া বেগত উঠি অহা শিশুটো, বুঢ়া পিতৃক লৈ গাঁও অভিমুখে ৰিক্সা চলোৱা যুৱতী, সুদা ভৰিৰে খোজ কাঢ়ি ভাগৰি নপৰা কিশোৰী, কোনো এক ষ্টেচনত হঠাত ৰৈ যোৱা ৰেলৰ পৰা নামি বটলত পানী ভৰাবলৈ দৌৰা যাত্ৰীসকল- যি জীৱন যুদ্ধত পৰাজিত নহ’বলৈকে ঘৰলৈ উভতিবলৈ ইমানবোৰ যুক্তি বিছাৰি ল’লে ৷ তেওঁলোকৰ জীৱনৰ আদৰ্শ জীৱনৰ সপক্ষেহে ৷ সেয়ে উপন্য়াসখনত ডাক্তৰৰ মুখেৰে ওলোৱা যুক্তি জীৱনৰ সপক্ষে থকাৰে যুক্তি-
“নহয়, ভালপোৱা, নহয় একেলগে মৰা, তাৰ বাহিৰে অন্য গতি নাই ৷”
এই তীক্ষ্ণ বাস্তৱে আমাৰ চিন্তাক যেতিয়া তচনচ কৰি থৈ যায়, তেতিয়াই বোধকৰোঁ আদৰ্শৰ সমুখত প্ৰেম জিকি যায় ৷ সেয়ে ৰিইয়্য়োৱে কোৱাৰ দৰে – “এইবাৰ চৰম পৰাজয় ৷ যুদ্ধ শেষ কৰি শান্তি প্ৰতিষ্ঠা কৰাটোৱো এটা আৰোগ্যবিহীন যন্ত্ৰণা ৷”
প্লেগ শেষ হৈ যাব বুলি ভাবিও উপন্যাসখনৰ চাৰিওটা চৰিত্ৰই বুজি উঠে যে তেওঁলোক আৰু আগৰ মানুহজন হৈ নাথাকিব ৷ বিচ্ছেদ আৰু জীৱনৰ উপলব্ধিয়ে তেওঁলোকৰ সমুখত চহৰখনৰ অহংকাৰৰ পাছফালে লুকাই থকা সমূহীয়া যন্ত্ৰণাৰ ছবিখন স্পষ্ট কৰি তুলিছে ৷ সেয়ে লেখকে কৈছে–
“সেই দীৰ্ঘ বিচ্ছেদৰ শেষত তেওঁলোকে সেই ঘণিষ্ঠতাৰ কথা ভাবিবলৈ এৰিলে- যি ঘণিষ্ঠতা আছিল তেওঁলোকৰ একান্ত নিজৰ, নাইবা, কেনেকৈ কোনোবা এজন তেওঁলোকৰ ওচৰত থাকিব পাৰে যাৰ হাতত তেওঁলোকে হাত থ’ব পাৰে ৷”
স্মৃতি আৰু ভৱিষ্যতহীন মানুহ আদৰ্শতকৈ বেছি বৰ্তমানত জীয়াই থাকে ৷ এই উপলব্ধিয়ে উপন্যাসত মানুহৰ মনোজগতৰ অন্য এখন খিৰিকী খুলিবলৈ বাধ্য কৰিব পৰা ক্ষমতাৰে পৰিপূৰ্ণ ৷ সেয়ে ইয়াৰ মাজেৰে দেখা অঁৰ চহৰখন কেনেবাকৈ আমিয়ে বসবাস কৰি থকা চহৰখন ৷ পাৰ্থক্য মাথো ইমানেই ইয়াত কোৱাৰ দৰে ‘প্ৰেমে যিদৰে অলপ ভৱিষ্যত দাবী কৰে’, আমাৰ জীৱনকো এই লকডাউনে শিকালে যে প্ৰেমৰ দৰেই ৰোগৰ কাৰাগাৰৰ পৰা মুক্ত হ’বলৈ মানুহক ‘সমাজ’ নামৰ ধাৰণাটোৰো এটা মুক্ত স্বীকাৰোক্তি লাগে ৷ অঁৰ চহৰৰ পৰা প্লেগ শেষ হৈ যোৱা কথাটোৱে মানুহক আগৰ জীৱনটোলৈ ঘূৰাই নিনিয়ে ৷ সেয়ে অঁৰ চহৰৰ বেৰত লিখিত শ্ল’গানে আমাকো আমাৰ চহৰলৈ টানি আনে আৰু কয়- “ৰুটি, নহয় বতাহ ৷” এক ধৰণৰ মুক্ত জীৱন, কেৱল নিয়মৰ মাজত বন্দী মাত-কথা নহয় ৷ নিয়মৰ নামত কেৱল স্থিতাৱস্থা বাহাল ৰাখি মুনাফা উঠোৱা এক শ্ৰেণীৰ সুৰক্ষিত ভৱিষ্যত নহয় ৷ এখন সমাজৰ গণতান্ত্ৰিক চিন্তাধাৰাৰ মুক্তিয়েহে সমাজ একোখনক মহামাৰীৰ দু:স্বপ্নৰ পৰা বচাব পাৰে ৷ কাৰণ মহামাৰীত কেৱল মানুহেই নমৰে ৷ ইয়াৰ লগতে বাঢ়ি আহে সমাজ একোখনে স্বাধীন চিন্তা কৰিব পৰা দক্ষতাৰ পৰিৱৰ্তে একধৰণৰ উদাসীনতাও ৷ এই উদাসীনতা নোহোৱা কৰিবলৈ চৌপাশৰ সমাজখন পঢ়াটো জৰুৰী ৷
No comments:
Post a Comment