Sunday, 4 September 2022

ৰুছডি আৰু মানৱতাবাদী ভূগোলৰ পিতৃ টুৱান

চলমান ৰুছডিক চিনি পাইছিলো Midnight Children ৰ জৰিয়তে । চিনেমাখনৰ কথাও ওলাইছিল ক্লাছতে। নোচোৱাকেইটা লাজত পৰিছিলো বাবেই সন্ধিয়া হোষ্টেলত পেন ড্ৰাইভ লৈ ৰুমে ৰুমে বিচাৰি ফুৰিছিলো। অনন্যাৰ পুৰণি লেপটপটো আছিল চিনেমাৰ এটা মিনি লাইব্ৰেৰীয়ে । বিশ্ব চিনেমাৰ চমজদাৰ দৰ্শক আছিল বাবে অনন্যাই আমাক বহুত দেশী বিদেশী চিনেমাৰ সৈতে পৰিচিত কৰাইছিল। Midnight Children ৰ এটা ডায়লগে সেই নিশা মগজটো ঘোদালি পেলাইছিল- 
"what's real and what's true aren't necessarily the same.” 

পৰিচালক দীপা মেহতাৰ এখনো চিনেমা তাৰ পাছত বাদ পৰা নাই। ৰুছডিয়ে উপন্যাসখনত কৈছিল বাস্তৱতাৰ সৈতে সদায়ে সম্পৃক্ত হৈ থাকে দৃষ্টিভংগী । উপন্যাসখনৰ শিৰোনামটোৱে ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত অৰ্থাত ১৯৪৭ চনৰ ১৫ আগষ্টৰ মাজনিশাৰ পৰা ১:০০ বজাৰ ভিতৰত জন্ম হোৱা ১০০১ টা ভাৰতীয় কেঁচুৱাৰ ওচৰলৈ লৈ যায়। এই প্ৰতিজন শিশুৰে কিবা নহয় কিবা বিশেষ শক্তি আছিল। দেশ স্বাধীন হোৱা সেই ১৫ আগষ্টৰ ৰাতিপুৱাই বম্বেত জন্ম হৈছিল উপন্যাসখনৰ মূল প্ৰতাগনিষ্ট চলিমৰ । চলিমে লৈ গৈছিল স্মৃতিৰ অন্য এখন জগতলৈ। কৈছিল স্মৃতিৰ নিজস্ব কিছু ধৰণ থাকে । ই নিৰ্বাচন কৰে, নিৰ্মূলো কৰে । পৰিৱৰ্তন আনে, অতিৰঞ্জিতও কৰে । মায়াময় কৰে, কুৎসিতো কৰে । কিন্তু তাতকৈও ডাঙৰ কথা স্মৃতিয়েহে বাস্তৱতাৰ জন্ম দিয়ে। ইয়াৰ বিভিন্ন সংস্কৰণ থাকে । আৰু কোনো সচেতন মানুহে কেতিয়াও আন কাৰোবাৰ সংস্কৰণক নিজৰ সংস্কৰণতকৈ বেছি বিশ্বাস নকৰে। তেতিয়ালৈকে দেশৰ স্বাধীনতাৰ দিনটোত জন্ম হোৱা শিশুবোৰে বিভাজন কি, ধৰ্ম কি, দেশ কি বুজাই নাছিল। Midnight Children ৰ বাবে ৰুছডিয়ে লাভ কৰিছিল বুকাৰ প্ৰাইজ। সমগ্ৰ বিশ্বত অভিলেখ সংখ্যক বিক্ৰীৰে ইতিহাস গঢ়িছিল উপন্যাসখনে । ১৯৮৮ চনত প্ৰকাশিত উপন্যাস Satanic Verses ৰ বাবে তেওঁলৈ আহে বহুতো মৃত্যু ভাবুকি । ভাৰতত পোন প্ৰথমবাৰৰ বাবে কিতাপখন নিষিদ্ধ কৰা হয় । তাৰপাছত পাকিস্তান, ইৰাণতো কিতাপখন নিষিদ্ধ হয় । ৰুছডিৰ ওপৰত আক্ৰমণ সেয়ে সৃষ্টিশীলতাৰ স্বাধীনতাৰ ওপৰত হোৱা আক্ৰমণৰ দৰেই। 


                                                                                    *** 

 

ভূগোল যে কেৱল নদী, পাহাৰ, ডাৱৰেই নহয়; বৰঞ্চ ইয়াৰ ব্যাপ্তি আৰু প্ৰসাৰণ মানুহৰ জীৱনৰ বহু গভীৰলৈ শিপাই থকা - সেই কথা চিনাকি কৰাই দিছিল য়ি-ফু টুৱানে। অৱশ্যে টুৱানৰ সৈতে আমাৰ দোস্তি কৰাইছিল দিল্লী স্কুল অৱ ইকোনমিকচৰ অধ্যাপিকা ড৹ অনিন্দিতা দত্তই। টুৱানৰ space আৰু place শীৰ্ষক ব্যাখ্যাই দশক দশক ধৰি ভূগোলৰ প্ৰতি আগ্ৰহীসকলক মুগ্ধ কৰি আহিছে। তেওঁ কৈছিল "space is freedom, place is security" । অসমীয়া ভাঙনিত space ৰ প্ৰতিশব্দ বিচাৰি পোৱা টান যদিওবা শব্দটো আমাৰ দৈনন্দিন জীৱনৰ পৰা বিচ্ছন্ন কৰাটো কষ্টকৰ। তাকেই বুজাবলৈ টুয়ানে ব্যৱহাৰ কৰিছিল এটা নতুন পৰিভাষা- topophilia । টুৱানৰ মতে টপ'ফিলিয়া মানে এজন ব্যক্তিৰ কোনো ঠাইৰ সৈতে থকা মানসিক, আৱেগিক আৰু জ্ঞানমূলক সম্পৰ্ক যাক বাদ দি ভূগোল বুজাটো সম্ভৱপৰ নহয়। 



টুৱানে কৈছিল “People think that geography is about capitals, land forms, and so on, but it is also about place — its emotional tone, social meaning, and generative potential.” টুৱান মোৰ প্ৰিয় ভূগোলবিদ হোৱাৰ বাবেই তেখেতৰ space আৰু place শীৰ্ষক ব্যাখ্যাক উত্তৰ পূৰ্বাঞ্চলৰ লগত সংযোগ কৰি মই এবাৰ এটা presentation দিছিলো। অৱশ্যে সমুখৰ ভূগোলবিদসকলে টুৱানৰ ব্যাখ্যাৰ প্ৰতি কোনো ৰুচিবোধ দেখুওৱা নাছিল । বুজিছিলো traditional concept বোৰেই আমি পঢ়ি আছো আৰু তাকেই পঢ়ি থকাটো চিষ্টেমৰ চৰিত্ৰ হৈ পৰিছে । ভূগোলক সৃষ্টিশীল বিষয় হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত টুৱানে চলোৱা প্ৰচেষ্টাৰ বাবেই তেওঁক মানৱতাবাদী ভূগোলৰ পিতৃ বুলি কোৱা হয়। ২০১২ চনত টুৱানে ভূগোলৰ সৰ্বোচ্চ আন্তঃৰাষ্ট্ৰীয় সন্মান Vautrin-Lud International Geography Prize লাভ কৰিছিল। যোৱা ১০ আগষ্টত টুৱানৰ মৃত্যু হয়। 


                                         *** 

এই দুয়োজনৰ মাজত মই দেখা সংযোগটো

 দেশ বিভাজনৰ ঠিক দুমাহ আগতে বম্বেত জন্ম হৈছিল ৰুছডি। যদিওবা তেওঁ গোটেই জীৱন ভাৰতত কটোৱা নাছিল। কিন্তু বিভাজনৰ পাছৰ বম্বেখন তেওঁ কঢ়িয়াই ফুৰিছিল। সেয়েহে তেওঁৰ ৰচনাত প্ৰায়ে ঐতিহাসিক কল্পকাহিনীৰ সৈতে যাদুকৰী বাস্তৱবাদৰ সংমিশ্ৰণ দেখিবলৈ পোৱা যায়। আৰু এই সংমিশ্ৰণে মূলতঃ ধৰি ৰাখে ভাৰতীয় উপমহাদেশত ঘটা পূব আৰু পশ্চিমীয়া সভ্যতাৰ মাজৰ সংযোগ আৰু সংঘাটে । ঠিক টুৱানে কোৱা topophilia ৰ দৰে ।

No comments:

Post a Comment