পঢ়ি আছিলো হেম বৰুৱাৰ ইজৰাইল। একেবাৰে এখন সৰু দেশ। হেম বৰুৱাৰ বৰ্ণনা লাজবাব। তেওঁ কৈছে 'মানচিত্ৰত চালে ইজৰাইলখন মানুহৰ কেঁচা কলিজা এখন যেন লাগে।' দেশখনৰ জন্ম ১৯৪৮ চনত। যুদ্ধ আৰু প্ৰতিৰোধৰ দেশ ইজৰাইল। জেৰুজালেমৰ দেশ ইজৰাইল। হেম বৰুৱাই ইজৰাইলৰ এজন চৰকাৰী কৰ্মচাৰীৰ উৰ্দ্ধতি দি লিখিছে ''ইজৰাইলত এনে এটা পৰিয়াল নাই যাৰ কোনোবা নহয় কোনোবা ৰণত নিহত নোহোৱাকৈ আছে।"
কিতাপখন পঢ়ি থাকোতে মনত পৰিল ষ্টিভেন স্পিলবাৰ্গৰ Munich লৈ । চিনেমাখন চাইছিলো কেইবাবছৰৰো আগতে। থ্ৰীলাৰ আৰু চাচপেন্সৰ বাবেই। কিন্ত চিনেমাখনত দেখুৱা সাহস আৰু বিবেকৰ মাজৰ সীমাৰেখাই মনত দাগ কাটি গৈছিল।
১৯৭২ চনৰ Munich অলিম্পিক ভিলেজৰ পৰা ইজৰাইলী খেলুৱৈৰ অপহৰণ আৰু হত্যাৰ প্ৰতিশোধেই ওপৰে ওপৰে চাবলৈ গ'লে চিনেমাখনৰ মুখ্য পটভূমি। কিন্তু এই পটভূমিক লৈ সৃষ্টি হোৱা কথোপকথন আৰু দৃঢ়তা মনকৰিবলগীয়া। মন্ত্ৰীসভাত প্ৰধানমন্ত্ৰী গোল্ডা মেয়াৰৰ চৰিত্ৰটোৰ স্পষ্টতা "Forget peace for now" অথবা "There is no peace at the end of this" সংলাপ শুনি বুকু কঁপি যায়।
দশক দশক ধৰি ইজৰাইল আৰু পেলেষ্টাইনীসকলৰ মাজৰ সন্ত্ৰাসবাদ আৰু প্ৰতিশোধৰ দিশটোক পৰিচালক স্পিলবাৰ্গে কেৱল চাবলৈ বাধ্য কৰোৱা নাই । বৰঞ্চ তন্ন তন্নকৈ মানুহৰ সভ্যতাৰ ভিতৰে বাহিৰে পৰি থকা পুৰাতন সত্যবোৰক জুম কৰি দেখুৱাইছে। Munich চালে ধৰিব পাৰি সমাজত দুই ধৰণৰ সত্য আছে । প্ৰচলিত সত্য আৰু প্ৰকৃত সত্য । তাৰ ভিত্তিত দুটা পক্ষও । কিন্তু সমাজত এনে এচাম মানুহো থাকে যি কাৰো পক্ষ নলয়। মাত্ৰ দূৰৰ পৰাই সকলো চায় আৰু নিজক সুৰক্ষিত বুলি অনুভৱ কৰে । কিন্তু এইচাম মানুহে কাৰোৰে পক্ষ নোলোৱাকৈয়ে আচল অৰ্থত দুইটা পক্ষকে লয়। স্পিলবাৰ্গে এই তফাত দেখুৱাছে চমজদাৰভাৱে ।
Munich ৰ আৰম্ভণি হৈছে ইজৰাইলৰ প্ৰতি থকা গভীৰ দেশপ্ৰেমেৰে। এখন ৰাষ্ট্ৰ কেৱল মাটি, বতাহ, পানীয়ে গঢ় নিদিয়ে। সেয়ে চিনেমাখনৰ কিছু সংলাপ অৰ্থবহ
"We had to take it because no one would ever give it to us. Whatever it took, whatever it takes, we have a place on earth at last."
নিজৰ জাতিটোৰ বাবে এটুকুৰা মাটি ! তাক টানি আজুৰি হ'লেও নিজৰ ভৰিৰ তলত ৰাখিবই লাগিব। শুনাত খুব আৱেগিক এই স্পষ্টীকৰণ প্ৰতিটো জাতিৰ স্বতন্ত্ৰতাৰ প্ৰায়োগিক দৰ্শন। সেয়ে চিনেমাখনৰ চৰিত্ৰ এভনাৰে বছৰ বছৰ ধৰি গোপন তথ্য বিক্ৰী কৰি অহা লুইছৰ "পাপা" ক বিচাৰি ফুৰোতে দৰ্শকো এভনাৰৰ সংগী হৈ পৰে। পাপাৰ অতীত ফৰাচী যুদ্ধই থকাসৰকা কৰি থৈছে। পাপাৰ যুঁজিবলৈ সাহস আজিও আছে। মাত্ৰ বিশ্বাস নাই চৰকাৰৰ ওপৰত। মাজে মাজে এনে লাগে পাপাৰ মোহভংগ হৈছে। যিদৰে কেতিয়াবা লগ পাওঁ আড্ডাত বহুতো পুৰণি সতীৰ্থ। যাৰ সেই একেই ভাগৰ। যুঁজৰ স্পৃহা আছে। নাই মাথো বিশ্বাস । পাপাই ইয়াক বুজাত সহায় কৰিছে এনেকৈ
"We paid this price so Nazi scum could be replaced by Gaullist scum. We don't deal with governments."
অৱশেষত মানুহে কাৰ বাবে যুঁজে ? নিজৰ বাবে নহয়। সমাজৰ বাবেও নহয়। নিজৰ পৰিয়ালটোৱেই পাপাৰ মতে যুঁজিবলগীয়া একমাত্ৰ ইউনিট। শেহতীয়াকৈ Money Heist, Avatar , Family Man , Delhi Crime বেছিভাগ চিৰিজৰ মুখ্য মতবাদ সেইটোৱেই যেন লাগে।
চিনেমাখনৰ কেইটামান দৃশ্য মনত ৰৈ গ'ল - এভনাৰে গৰ্ভৱতী পত্নীৰ পেটত হাত ফুৰাই নিজৰ বিবেকৰ লগত যুঁজি থকা মুখখন। পেলেষ্টাইন সন্ত্ৰাসবাদীজন এভনাৰৰ মুখামুখি হওঁতে নিজৰ সন্তানৰ কথা কোৱা ক্ষণটো। এগৰাকী মহিলাক নগ্ন অৱস্থাত গুলী কৰি পাছত তাইক পিন্ধাই থৈ অহা গাউনটো।
Munich য়ে ইয়াৰ সমান্তৰালভাৱে সভ্যতাৰ কথাও উত্থাপন কৰিছে। পাৰস্পৰিক প্ৰতিশোধ ক'ত নাই ? মধ্যপ্ৰাচ্য, আয়াৰলেণ্ড, ভাৰত আৰু পাকিস্তান, পূৰ্বৰ যুগোস্লাভিয়া, পূৰ্বৰ ছোভিয়েট ইউনিয়ন, শেহতীয়াকৈ ইউক্ৰেইন, আনকি সামৰিক যুদ্ধ নহ'লেও চীন আৰু ভাৰতৰ মাজৰ geopolitical যুদ্ধখনক আমি কোনেও আওকাণ কৰিব নোৱাৰো। স্পিলবাৰ্গে সেয়ে দেখুৱাছে
"Every civilization finds it necessary to negotiate compromises with its own values."
যোৱা কিছুদিন ধৰি বহুজনৰ মুখত শুনিছো। অসমত পক্ষ নোলোৱাকৈ কৰা সাহিত্য সমালোচক কম। এজন সাহিত্য সমালোচকে কেৱল সাহিত্যৰে সমালোচনা কৰেনে ? সাহিত্যত এখন দেশৰ এখন সমাজ, এখন সমাজৰ একাংশ পৰিয়াল, একাংশ পৰিয়ালৰ নিদিষ্ট চৰিত্ৰৰ এচোৱা ইতিহাস নাথাকে জানো ? তেনেস্থলত
এটা জাতিৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ সময়ত ইয়াৰ প্ৰিয় বন্ধু হ’ব পাৰে ইয়াৰ সমালোচক। Munich য়ে এই কথা নাটকীয়ভাৱে স্পষ্ট কৰিছে । থ্ৰিলাৰ হিচাপে Munich প্ৰভাৱশালী। কিন্তু ethical দৃষ্টিভংগীৰ ফালৰ পৰা ই haunting। সেয়ে ইয়াৰ প্ৰশ্নসমূহ কেৱল ইজৰাইলৰ বাবেই নহয় যিকোনো জাতিৰ বাবে (কমতাপুৰেই হঁৱক বা গোৰ্খালেণ্ড, আলফাৰ স্বাধীন ৰাষ্ট্ৰৰ দাবীয়ে হঁৱক অথবা তিব্বতৰ স্বাধীনতা)
যিয়ে প্ৰশ্ন কৰে যে তেওঁলোকে নিজৰ মূল্যবোধক ৰক্ষা কৰিবলৈ আপোচ কৰিব নে নকৰে !
হেম বৰুৱাৰ 'ইজৰাইল' ত এই দ্বিধাৰ মীমাংসা নাই। আছে মাথো ব্যাখ্যা। সেয়ে তেওঁ মনত পেলাইছে কহিমাৰ মৃত সৈনিকৰ স্মৃতি স্তম্ভৰ কবিতা
"When you go home
Tell them of us and say
For your tomorrow
We gave our today"
No comments:
Post a Comment