Sunday 21 May 2023

আপুনি পৰ্ণগ্ৰাফি চাইনেকি ?

যদি আপুনি এইখিনি পঢ়ি আছে, আৰু ভয় খাইছে যে আপুনিও পৰ্ণ চায়, তেন্তে তাত আচৰিত হ'ব লগা একো নাই। আপুনি যদি আপোনাৰ বন্ধুসকলৰ সৈতে পৰ্ণৰ বিষয়ে দীঘলীয়া আৰু বিশদ কথা-বতৰা পাতিছে, তাতো ভয় খাবলগীয়া একো নাই । শংকিত হ'ব লগা বিষয়টো হৈছে, পৰ্ণৰ বৰ্ধিত প্ৰৱেশে সমাজখনক  কেনেকৈ গঢ় দিছে আৰু আমি ইয়াৰ সমাধান নিৰূপণ কৰাটো দূৰৈৰ কথা, এই বিষয়টোৰ আলোচনা কৰিবই খোজা নাই।  

বেছিভাগ যুৱক যুৱতীৰ পৰ্ণগ্ৰাফীৰ সৈতে আকস্মিকভাৱে বা বন্ধুৰ জৰিয়তে পৰিচয় হয়। বিভিন্ন অনলাইন সমীক্ষাত এই কথা প্ৰকাশ  পাইছে যে পৰ্ণগ্ৰাফী সম্পৰ্কে কৌতূহল আৰম্ভ হয় ১২-১৩ বয়সতে। এই সময়ছোৱাত হোৱা শাৰীৰিক পৰিবৰ্ত্তন আৰু যৌন শিক্ষাৰ মুকলি আলোচনাৰ অভাৱত পৰ্ণগ্ৰাফিয়ে হৈ পৰে একাংশৰ বাবে যৌনতা কি তাক জনাৰ একমাত্ৰ উৎস। এই প্ৰজন্মই তেওঁলোকৰ স্মাৰ্টফোন বা ব্যক্তিগত কম্পিউটাৰত পৰ্ণগ্ৰাফীৰ জৰিয়তে যৌন সম্পৰ্কৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ পৰে আৰু নিজৰে অজ্ঞাতে ই পৰিণত হয় একধৰণৰ নিচাত। 


পৰ্ণগ্ৰাফি আৰু আজিৰ যুৱসমাজ


এজনী ছোৱালীৰ নাম পৰ্ণ ভিডিঅ'ৰ মাধ্যমত পোহৰলৈ আহিল । তাৰেই সুযোগতে গোটেই ছোৱালীবোৰৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হ'ল। জগৰীয়া কৰা হ'ল ছোৱালীৰ অবাধ স্বাধীনতাক। হাতে হাতে সুলভ হৈ পৰা মোবাইল ফোনক। ইণ্টাৰনেটৰ ব্যৱহাৰক। 


আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু গ্ৰেইট ব্ৰিটেইনৰ পিছত বিশ্বৰ তৃতীয় বৃহত্তম পৰ্ণ চোৱা দেশখনেই হৈছে ভাৰত। পৰ্ণগ্ৰাফি মুকলিকৈ চোৱা নিষিদ্ধ হ'লেও ভিপিএন, ডিএনএছ চাৰ্ভাৰ চেঞ্জ, প্ৰক্সি ব্যৱহাৰ কৰি পৰ্ণ চাইটৰ জুগাড় অথবা শ্বৰ্ট-কাট ইয়াত সহজলভ্য। অৰ্থাৎ সহজ প্ৰযুক্তিগত হেকবোৰৰ মাধ্যমত  নিষিদ্ধ পৰ্ণ ৱেবছাইটতো প্ৰৱেশ কৰাৰ জুগাড় চলি থাকে। কিন্তু ইয়াৰ ফলত শাস্তি হ'ব পাৰেনে? 


এই প্ৰশ্নৰ দুটা উত্তৰ আছে। আপোনাৰ শাস্তি হ'ব পাৰে যদিহে আপুনি শিশু পৰ্ণ প্ৰদৰ্শন কৰা ৱেবছাইট ব্যৱহাৰ কৰিছে। কাৰণ শিশু পৰ্ণগ্ৰাফী চোৱা বা প্ৰচাৰ কৰাটো ভাৰতত এক গুৰুতৰ অপৰাধ। কিন্তু যদি আপুনি এনে এটা প্ৰাপ্তবয়স্ক ৱেবছাইট ব্যৱহাৰ কৰি আছে, য’ত আইনগতভাৱে অনুমোদিত পৰ্ণ কন্টেন্ট থাকে, যাক আপুনি ঘৰতে চাই আছে, তেন্তে সেয়া বেআইনী নহয়। এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দিশটো হ'ল নিষেধাজ্ঞা কাৰ্যকৰী কৰাৰ দায়িত্ব হৈছে ইণ্টাৰনেট সেৱা প্ৰদানকাৰী সংস্থাটোৰ। যাৰ ফলত যিকোনো মোবাইল সেৱা প্ৰদানকাৰী সংস্থাই নিজৰ অনুজ্ঞাপত্ৰ হেৰুৱাব পাৰে।

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে লকডাউনৰ প্ৰাৰম্ভিক মাহকেইটাত ভাৰতত পৰ্ণ চোৱাৰ গড় বৃদ্ধি ৩৩%, যিটো বিশ্বজুৰি গড় বৃদ্ধিৰ তিনিগুণ ।  ই এটা কথা স্পষ্ট কৰে যে পৰ্ণ নিষেধাজ্ঞাই ভাৰতীয়সকলক পৰ্ণ চোৱাৰ পৰা বাধা দিবলৈ সক্ষম হোৱা নাই। পাহৰি যোৱা অনুচিত সকলো বজাৰৰ দৰে পৰ্ণগ্ৰাফিও এক বজাৰ। নৈতিকতাৰ অবিহনেই পৰ্ণগ্ৰাফিও ভিতৰুৱা অঞ্চলৰ চুকে কোণে বিয়পি পৰিল ইণ্টাৰনেটৰ সহজলভ্যতাৰ মাধ্যমত।  


এইক্ষেত্ৰত লকডাউনৰ তথ্য আৰু ভয়ংকৰ।  এই সময়ছোৱাত ৯৫ শতাংশ ইণ্টাৰনেট ট্ৰেফিক দেখিবলৈ পোৱা গ'ল কেৱল পৰ্ণ চাইটবোৰত। বেডবিবল ৱেবচাইটৰ এক সমীক্ষাত প্ৰকাশ পাইছে যে বিশ্বৰ আটাইতকৈ বৃহৎ মনোৰঞ্জন উদ্যোগত পৰিণত পৰ্ণ ছৱি উদ্যোগৰ উপাৰ্জন ১০০ বিলিয়ন ডলাৰ, ইণ্টাৰনেটৰ জড়িয়তে পৰ্ণ উদ্যোগলৈ আহে ৮৫ ডলাৰ, পৰ্ণ মেগাজিনৰ পৰা উপাৰ্জন ১০ বিলিয়ন ডলাৰ, পৰ্ণ ডি ভি ডিৰ পৰা উপাৰ্জন ৫ বিলিয়ন ডলাৰ । কিন্তু তাৰবাবে কেৱল মানুহক দোষাৰোপ কৰি দায় হাৰিলে নহ'ব। এবাৰ মন কৰক,  স্মাৰ্টফোনৰ বজাৰখনলৈ। যিমান ক্ষীপ্ৰতাৰে মোবাইল ফোনৰ বজাৰ বিয়পিল, সিমানে খৰকৈ ফেক নিউজ আৰু পৰ্ণগ্ৰাফিক কণ্টেণ্টো মানুহৰ ঘৰ সোমালগৈ। এলকহল,  ড্ৰাগছৰ বিপক্ষে যিমানে অসন্তুষ্টি বাঢ়িল, পৰ্ণগ্ৰাফিক লৈ কোনেও মুকলিকৈ একো জাহিৰ নকৰিলে। কাৰণ ছেক্সুৱেল কন্টেন্টৰ কথা সামাজিকভাৱে জাৰি কৰাত এতিয়াও আমাৰ চৌপাশে বহুত টেবু। অৱশ্যে তলে তলে ই এক বিষাক্ত ৰাগিত পৰিণত হ'ল । ইয়াত অৰিহণা যোগালে OTT প্লেটফৰ্মৰ মুকলি কণ্টেণ্টবোৰে। 




পৰ্ণ উদ্যোগ কিয় ভয়ংকৰ?

ইণ্টাৰনেটৰ সহজলভ্যতাই গ্ৰামাঞ্চলত কেৱল তথ্য আৰু খবৰেই যোগান ধৰা নাই। তাৰ সমান্তৰাল ভাৱে নৈতিক সীমাবোৰো দুৰ্বল কৰি আনিছে। এফালে ভোগবাদৰ প্ৰলোভন আৰু আনফালে দৰিদ্ৰতাৰ বোজা, ইয়াৰ সীমাত ৰৈ মূল্যবোধক সমৰ্থন কৰাতে আজিৰ প্ৰজন্ম ৰৈ নাযায়। কাৰণ সকলো স্তৰতে মূল্যবোধৰ অৱক্ষয়ত জড়িতসকলেই আকৌ সমাজৰ দৃষ্টিত গুৰুত্বপূৰ্ণ, জনপ্ৰিয় বুলি চৰ্চিতও হৈছে। সেয়ে পৰ্ণ উদ্যোগৰ পৰা সহজে হোৱা উপাৰ্জন আঁৰতো আছে কিছু সামাজিক কাৰণ। কিন্ত এই উদ্যোগে নিৰ্মাণ কৰা বজাৰে সমাজকে শোষণ কৰিবলৈ আৰম্ভ কৰিছে। যুৱক যুৱতীসকলে নিৰ্মাণ কৰা পৰ্ণ ছৱিৰ আপলোডৰ পৰা অধিকাংশ লাভ হয় বিভিন্ন পৰ্ণ ৱেবচাইটসমূহৰ। এবাৰ এই চক্ৰত সোমোৱাৰ পাছত তাৰপৰা বাহিৰলৈ ওলোৱাৰ অথবা অন্য উপাৰ্জন কৰাৰ বাটবোৰো বন্ধ হৈ যায়। তাৰোপৰি এই ৱেবচাইটসমূহত প্ৰকাশ পায় বিভিন্ন যৌনগন্ধী বিজ্ঞাপন যিবোৰৰ পৰা এই ৱেবচাইটসমূহে কৰে বৃহৎ উপাৰ্জ ৷ 


উল্লেখযোগ্য যে বিশ্বৰ আটাইতকৈ বৃহৎ মনোৰঞ্জন উদ্যোগত পৰিণত পৰ্ণ ছৱি উদ্যোগৰ বছৰি উপাৰ্জন ১০০ বিলিয়ন ডলাৰ । ইণ্টাৰনেটৰ মাধ্যমত পৰ্ণ উদ্যোগে মুনাফা লয় ৮৫ ডলাৰ । তাৰোপৰি পৰ্ণ মেগাজিন আৰু অন্যান্য পৰ্ণ কন্টেন্টবোৰ আছেই।  এইবোৰৰ মূল চিকাৰ হয় কলেজত শিক্ষাৰত ছাত্ৰ ছাত্ৰী। যাৰ থাকে অসীমলৈ যোৱাৰ বাসনা আৰু অলীক কল্পনাৰ মনোজগত। যাৰ ব্ৰেইন ৱাছ কৰা তেনেই সহজ।  চ'চিয়েল মিডিয়াত দেখা চেলিব্ৰেটি, বিলাসী জীৱন, অভাৱহীনতাৰ স্বপ্ন- এইবোৰৰ মাজত কোন এই পাকচক্ৰত সোমায়, তাক নিৰূপণ কৰা খুবেই কঠিন।  কিন্তু এই কথা সহজেই অনুমান কৰিব পাৰি যে অসমৰ গাঁৱে নগৰে এতিয়া পৰ্ণগ্ৰাফিৰ জালিকাখন বিয়পি পৰিছে। যাক নিয়ন্ত্ৰণ কৰাত সমাজ কাহানিবাই বিফল। বিফল সামাজিক অনুষ্ঠানবোৰো। জাত-পাত, এঘৰীয়া, ব্ৰইলাৰ বিক্ৰীত সংঘৰ বাধাপ্ৰদান, যৌতুকৰ দাবী, প্ৰতিবাদী কবিতা লিখাৰ বাবেই ছাত্ৰীৰ গ্ৰেপ্তাৰ- এইবোৰৰ মাজত সংগোপনে অসমৰ এটা প্ৰজন্মক লৈ এখন জুৱাখেল চলি আছে। ই কোনো এটা পৰিয়ালৰ বিষাদ নহয়, ই এখন সমাজৰ সামগ্ৰিক ব্যৱস্থাটোৰ বিফলতা।


ইণ্টাৰনেট আৰু স্মাৰ্টফোনৰ আগমনৰ লগে লগে এতিয়া পৰ্ণৰ ভিউজ পূৰ্বতকৈ অধিক সহজে উপলব্ধ আৰু কম কঠোৰভাৱে নিয়ন্ত্ৰিত। কোনে পৰ্ণ চায় সেয়া আজিৰ তাৰিখত ডাঙৰ বিষয় হৈ থকা নাই। বৰঞ্চ তাতোকৈ চিন্তনীয় পৰ্ণগ্ৰাফিক কণ্টেক্ট বনোৱাৰ বাবে অপৰাধবোধ নথকাতো আৰু খুব সহজেই উপাৰ্জন কৰিব পৰা ৰাস্তাটো। যিটো আজিৰ তাৰিখত উঠি অহা প্ৰজন্মৰ চিন্তা আৰু চেতনাক অকামিলা কৰিবৰ বাবে যথেষ্ট । এই সহজ বাটটোৰ প্ৰলোভনে ইতিমধ্যে চহৰ গ্ৰামাঞ্চলৰ বহুতো উঠি অহা ল'ৰা-ছোৱালীক বিভ্ৰান্ত কৰিছে। আৰু এটা সময়ত মূল্যবোধৰ শিক্ষাৰ পৰিৱৰ্তে ব্যক্তিগত দীঘল তালিকাখনেই জয়ী হৈছে। 


কিন্তু এই কথাও আমি মানি ল'ব লাগিব যে শেহতীয়াকৈ অপৰাধৰ প্ৰকৃতি, আৰু অপৰাধৰ প্ৰসংগও সলনি হৈছে। বিশেষকৈ ক'ভিডৰ পাছৰ দুনিয়াখনত অপৰাধৰ অবাধ বিচৰণে সামগ্ৰিকভাৱে 'সমাজ" নামৰ ধাৰণাটোক আগতকৈ পৰিস্কাৰভাৱে পোষ্টমৰ্টেম কৰাৰ সুযোগ দিছে। সামাজিক, ৰাজনৈতিক প্ৰতিৰোধ আৰু বিৰোধৰ মাজত, ভোগবাদৰ দৌৰ আৰু অৰ্থনৈতিক সংকটৰ মাজত পৰ্ণগ্ৰাফিও এক অস্ত্ৰ হিচাপে ব্যৱহাৰ হৈছে নেকি ? সমাজৰ সামূহিক হতাশাই এচামক বিপথে নিছে নেকি? পৰিয়াল, নাগৰিক সমাজ, অথবা অন্যান্য সামাজিক অনুষ্ঠানবোৰ কিয় বিফল হৈছে ? এবাৰ জুম কৰি চাওঁ আহক - ডাঙৰ ছবিৰ সৰু সৰু নেদেখা কাৰণবোৰ।

No comments:

Post a Comment