Friday, 4 April 2025

মাৰফৎ ফাগুন




তাই যিমান পাৰে চেষ্টা কৰিলে জালনাৰ সৰু সৰু বিন্ধাবোৰেৰে সিপাৰত ৰৈ থকা আগন্তুকক চিনাৰ। ওহো ভালকৈ মনিব নোৱাৰি। তেখেতৰ মুখত মাস্ক।  

আগন্তুকেও জালনাৰ ইপাৰৰ পৰা তাইৰ মুখখন স্পষ্টকৈ দেখা নাপালে। তেওঁ মাস্কখন খুলিলে আৰু ক'লে-


তুমি হয়তো মোক নিচিনিবা। কলেজৰ পৰা দায়িত্ব দিয়া হৈছে মোক। কৰ্টে তোমাক পৰীক্ষাত বহাৰ অনুমতি দিছে। কিন্তু ইয়াৰ পৰাই। 


তাৰপাছত খন্তেক নিৰৱতা। এনে নিৰৱতাৰ সৈতে  মোকাবিলা কৰিব পাৰিব বুলিয়েই তাকেই ইয়ালৈ পঠোৱা হৈছে। 


-  মই কিতাপবোৰ আনিছো। তোমাৰ নোটছো আছে। পৰীক্ষা থকাকেইদিন নিদিষ্ট সময়ত ইয়ালৈ আহিম।  তুমি মাত্ৰ এইকেইদিন পঢ়া। 


শেষৰ কথাষাৰ কওঁতে তাৰ মাতষাৰ সৰু হৈ গ'ল। সি ধৰিব পাৰিছে এই ঠাইত এনে কথা পতাৰ পৰিৱেশ নাই। কিন্তু এজনী বিশ বছৰীয়া ছাত্ৰীৰ সৈতে জেলৰ পৰিৱেশত হোৱা মুখামুখিত কেনে কথা পাতিব সেই সম্পৰ্কীয় আগতীয়া স্ক্ৰিপ্ট তাৰ ওচৰত নাই। এইবাৰ সি জালনাৰ আৰু অলপ কাষ চাপি আহিল। সিপাৰে তাইও । 




- এই যে জালনাখন, এইখন মনত উপজিবলৈ নিদিবা।


সি উচ্ছাসেৰে ক'লে। বিনিময়ত তাই একো কোৱাৰ সুযোগ নাপালে। 'টাইম শেষ হৈছে' -কনষ্টেবলৰ গলগলীয়া কণ্ঠই জালনাখন কঁপাই যাওঁতে প্ৰতীকে ধৰিব পাৰিলে তাই আচলতে তালৈ ঘূৰি চালে। এবাৰ? অ' এবাৰেই। কিন্তু অচিনাকিৰ দৰে নহয়। উদ্দেশ্যবিহীন ভাৱে নহয়। সিহঁতৰ মাজৰ এই বেৰা অস্পষ্ট হোৱাৰ বাবে নহয়। বৰঞ্চ কিবা এক আশ্বাসতহে তাই ঘূৰি চালে তালৈ। চহৰখনৰ মূল কেন্দ্ৰত থকা পুৰণি, একমাত্ৰ কলেজখনত নতুনকৈ যোগদান কৰা ইতিহাসৰ প্ৰবক্তা প্ৰতীক বৰুৱালৈ। 


সৌ সিদিনালৈকে এই ছোৱালীজনীক প্ৰতীকে চিনি নাপায়। চিনি নাপায় চাগৈ তাইক কলেজৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে। চিনি নাপায় হয়তো তাইৰ নিজৰে বিভাগৰ বহুতো শিক্ষাৰ্থীয়ে।  তাইৰ বিভাগৰ বাহিৰে আন বিভাগৰ অধ্যাপক অধ্যাপিকাই তাইক চিনাৰ প্ৰশ্নই নুঠে। বৰ চকুত পৰাকৈ তাইক কোনেও চিনাই নাই তেতিয়ালৈকে। কোনো কোনোৱে ক'লে বৰ নিমাখিত ছোৱালী। এই বয়সৰ ল'ৰা-ছোৱালীৰ মনত থৌকি-বাথৌ কৰা আনন্দ তাইৰ মুখত চিনা টান। ক্লাছৰ পৰা লেব, লেবৰ পৰা লাইব্ৰেৰী - ইয়াৰ মাজতেই থাকে। ঘৰ চহৰখনৰ নাতিদূৰৈত থকা নদীৰ সুঁতিটোৰ সিপাৰে। সেয়ে প্ৰাইভেট হোষ্টেলেই অস্থায়ী ঠিকনা। 


তাৰপৰাও এতিয়া উলিয়াই দিয়া হৈছে। বাহিৰ কৰি দিয়া হৈছে তাইৰ কাপোৰ আৰু কিতাপ থকা বেগ দুটা। দুয়োটা বেগেই আৰক্ষীয়ে নিৰীক্ষণ কৰিছে থানাত তন্ন তন্নকৈ। আৰক্ষীৰ ভাষ্য কাপোৰবোৰ অলাগতিয়াল। কিন্তু কিতাপবোৰ হেনো সন্দেহজনক। 


কি আছে কিতাপৰ বেগটোত? সব কবিতাৰ কিতাপ। কবিতাৰ? অ' কবিতা। কাৰ কবিতা? হীৰু দাৰ কবিতা, নীলমণি ফুকনৰ কবিতা, সমীৰ তাঁতীৰ কবিতা, নীলিম কুমাৰৰ কবিতা। আৰু?


আৰু কি? 

এইবোৰ পঢ়ি পঢ়ি মগজু নষ্ট। কবিতা পঢ়াৰ বাবেই আৰু কোনোবা গ্ৰেপ্তাৰ হয় নেকি?


আৰে ভাই, কবিতা পঢ়াৰ বাবে গ্ৰেপ্তাৰ হোৱা নাই। লিখাৰ বাবেহে হৈছে। এই ফুলকুমলীয়া ছোৱালীয়ে আকৌ হেনো দেশপ্ৰেমৰ কবিতা লিখে ! লিখে হেনো বিদ্ৰোহ কৰাৰ কথাও ! 


ক'ত লিখে?


আৰুনো ক'ত লিখিব। সামাজিক মাধ্যমত লিখিছে।  হাতে হাতে ম'বাইল, ইণ্টাৰনেট। সব ৰসাতলে গৈছে। 


জেলৰ পৰা ওলাই আহি যিজোপা গছৰ ছাঁত ৰৈ প্ৰতীকে জ্বলাব খুজিছিল এটা চিগাৰেট,  তাৰেই তলত দুই কনষ্টেবলৰ কথোপকথন শুনি সি ৰৈ গ'ল। 


যিদৰে বহু বছৰৰ আগতে সি ৰৈ গৈছিল বিশ্ববিদ্যালয়ৰ মূল গেটত। ৰুদ্ৰক দেখি। অ' সেই ৰুদ্ৰই। সকলো নিয়ম ভাঙিবলৈ সদায়ে উদ্বাউল হৈ থকা ৰুদ্ৰ। 


 হাতত হাত কেৰিয়া, আউল বাউল চুলি, জধলা চোলা, কোটৰত সোমোৱা চকু লৈ সি পৰীক্ষাত বহিবলৈ আহিল। পুলিচ ভানত উঠি। ভাগ্য ভাল বিশ্ববিদ্যালয়ৰ কেম্পাছতে পৰীক্ষাত বহাৰ অনুমতি পালে। 


ওহো ৰুদ্ৰই কবিতা লিখা নাছিল। পঢ়িছিল  যদিও লিখা যে নাছিল সেয়া খাটাঙ । দেশপ্ৰেমিক বুলিও নিজক জহোৱা নাছিল। কোনোবো ছোৱালীক সি প্ৰেম নিবেদন কৰিছিল জানো? মনত নাই । তথাপিও সি আছিল প্ৰেমিক। এই দুনিয়াৰ সকলো বান্ধোনৰ পৰা মুকলি প্ৰেমিক।  


সেই ৰাতি বিশ্ববিদ্যালয় মেট্ৰ ষ্টেচনৰ গেটৰ পৰা অহা ফোনটো পায়ে প্ৰতীক হাজিৰ হ'লগৈ থানাত। লক আপত ৰুদ্ৰ। দেখাত খঙাল । লক আপৰ ভিতৰৰ পৰাও সি গালি পাৰি আছে - পুলিচক। মাজে মাজে ষ্টেতক। ইণ্ডিয়ান ষ্টেতক।


-পৰিস্থিতি ইমানলৈ নগ'লহেঁতেন যদিহে ৰাস্তাত পুলিচে ধৰোতেই চ'ৰি ক'লহেঁতেন। আৰু এতিয়া এইবোৰ কি বকি আছ? 


-কিয় ক'ম মই চ'ৰি ? গোটেই নৰ্থ ইষ্ট জংগলী বুলি গালি দি আছিল পুলিচে আৰু কোবাই আছিল ল'ৰা দুটাক।


-আৰে তোকতো গালি দিয়া নাছিল,  দিছিল চাগৈ কাৰোবাক।  তই মাজত গৈ কিয় সোমাব লাগে? 


-গাত নালাগিব? 


-তোৰ সব কথাই কিয় গাত লাগে ? এইবোৰ কৰিবলৈ ঘৰৰ মানুহে ইয়ালৈ পঠোৱা নাছিল তোক। 


ৰুদ্ৰইও জানে এইবোৰ কৰিবলৈ সি ইয়ালৈ অহা নাই। কিন্তু ইয়াত সি বিভ্ৰান্ত। কথাবোৰ তাৰ গাত লাগে। 

বহুত কথা । কিতাপৰ কথাতকৈ দিন দুনিয়াৰ কথা বেছিকৈ তাৰ গাত লাগে। সকলো মানুহক সমান কৰিবলৈ তাৰ মন যায়। 'এই প্ৰভু আৰু শিষ্য নহয়, মানুহ মানুহ হিচাপে সমান হোৱাটো মই বিচাৰো।' 


'তই পাগল হৈছ। তোক ট্ৰিটমেন্টৰ দৰকাৰ।' 


ৰুদ্ৰৰ এই পাগলামিবোৰ তাক সেই ৰাতি লক আপতে এৰি আহোতে বৰকৈ মনত পৰিল প্ৰতীকৰ । ৰুদ্ৰই কল্পনা কৰা কথাবোৰ জানো কেৱল পাগলামি? নে হতাশা? নে দায়িত্বৰ পৰা পলায়ন? নে এনেকুৱা এখন দুনিয়া সকলোৱে বিচাৰে, সকলোৰে বাবে সমান এখন দুনিয়া? মাত্ৰ মুখ খুলি ৰুদ্ৰৰ দৰে নকয়? কোনেও ঠিৰাঙ কৰিব নোৱাৰা এক দূৰত্বত ৰুদ্ৰ ৰৈ যায়। 


ফাইনেল পৰীক্ষা দিবলৈ আহোতে ৰুদ্ৰৰ হাত কেৰিয়া খুলি দিয়াৰ সেই দৃশ্য দেখি প্ৰতীক বহু সময় ৰৈ আছিল। সেই হাতেৰে ৰুদ্ৰই মাউথগেন বজাইছিল।  সেই হাতেৰেই প্ৰতীকৰ বেগ ডাঙি ট্ৰেইনত উঠাইছিল।  সেই হাতেৰে জ্বৰত ভ্ৰম বকা প্ৰতীকৰ কপালত ঠাণ্ডা কাপোৰৰ পতি দিছিল। 


সেই দুখন হাতত হাত কেৰিয়া সহাটো প্ৰতীকৰ বাবে অসহ্যকৰ আছিল। তাতকৈ ৰুদ্ৰই কবিতা পঢ়া বা লিখা হ'লেই ভাল আছিল ! দেশপ্ৰেমিক বুলি জহাই ছাত্ৰ নেতা হোৱা হ'লেনো কি লোকচান আছিল! কোনোবা ছোৱালীৰ প্ৰেমত পৰি জংগী প্ৰেমিক হোৱা হ'লেতো কথাই নাছিল! কিন্তু ৰুদ্ৰই এইবোৰ একো কৰা নাছিল।  মাত্ৰ পুলিচে কোবোৱা দুটা অচিনাকি মণিপুৰী ল'ৰাক গৈ বচাইছিল।  সেই বাবেই সেই ৰাতি লক আপত বন্দী সি। তাৰপাছত কোনোবা বিধায়কৰ পুতেকৰ আগত বাপেকৰ কেলেংকাৰীৰ লিষ্ট এখন গাই শুনাইছিল। অলপ মাৰামাৰিত অংশ লৈ আকৌ পুলিচ থানাত।  থানালৈ যোৱা এই কাৰবাৰ চলি থকাৰ বাবেই তাৰ সংগ বাদ দিছিল বহুতেই। এসময়ত প্ৰতীকেও। 


এনেকৈয়ে পাৰ হৈ যায় কতনা ৰাতি। আৰু হঠাত পঢ়া এৰি নিৰুদ্দেশ সি । কোনোবাই কয় ঘৰলৈ উভতিল।  কোনোবাই কয় তিহাৰত। কাৰোবাৰ মতে পগলা ফাটেকত। 


তাৰপাছৰ পৰা ৰুদ্ৰ হেৰাল। 

হেৰাল মানে হেৰালেই। প্ৰতীকে নিবিচাৰে এই ছোৱালীজনী তেনেকৈ হেৰাই যাৱক। তাইৰ যৌৱন এই অন্ধকাৰৰ বাবে নহয়। মুকলি আকাশৰ বাবে। নিৰৱতাৰ বাবে নহয়। শব্দৰ বাবে। হেৰাই যোৱা মানুহলৈহে প্ৰতীকৰ ভয় লাগে, পাগল মানুহলৈ নহয়। এই ছোৱালীজনীৰ ওচৰলৈ অহাৰ কাৰণো সেয়াই। 


সামাজিক মাধ্যমত মানুহৰ ছোৱালীজনীক লৈ উৎসুকতা আৰু আলোচনা আৰম্ভ হ'ল সেই ৰাতিৰ পৰা। বহু বছৰৰ মূৰত ৰুদ্ৰলৈ তাৰ মনত পৰা ৰাতিৰ পৰাই। এনেকৈ এটা কবিতা লিখাৰ বাবেই এজনী কলেজত পঢ়ি থকা ছোৱালীক ৰাষ্ট্ৰদ্ৰোহত গ্ৰেপ্তাৰ কৰা কাৰ্যত গৰিহনা দিলে মানুহে । 


ছোৱালীজনীৰ সেই মুখখন, জালনাৰ মাজেৰে অস্পষ্ট সেই মুখখন, প্ৰতীকক ৰাতি ৰাতি শুবলৈ নিদিয়া সেই অনুজ্জ্বল মুখখন । সেই অন্ধকাৰ ৰাতিবোৰে তাইৰ চকুৰ টোপনিবোৰৰ দৰে কুটি কুটি খাইছে নেকি তাইৰ 

উশাহবোৰ? অতদিনে মন গহনত জাপি জাপি ৰখা স্বপ্নবোৰ? বয়সে অনা সৰল অভিমানবোৰ? যিবোৰ নহ'লে যৌৱনৰ কোনো নাম দিব নোৱাৰি। 


কেইবা ৰাতিও চক খাই টোপনিৰ পৰা উঠি বেলকনিত চিগাৰেট হুপোতে প্ৰতীকে পাহৰিব খুজিছে এই সৰু চহৰখনত ঘটা ঘটনাবোৰ। নতুন বন্ধুবোৰৰ লগত ঘূৰিছে। টেক্স আৰু ইনক্ৰিমেন্টৰ কথা পাতিছে। নতুন চিনেমাৰ কথা উলিয়াইছে। ফ্লেটৰ দৰ দামৰ কথাও আলোচনা হৈছে। চেচনেল, ফাইনেল পৰীক্ষাৰ বহী চাইছে। বিভাগৰ ল'ৰা-ছোৱালীক লৈ পিকনিক গৈছে। ফেচবুকত নতুনকৈ চিনাকি হোৱা ছোৱালীজনীৰ প্ৰফাইল খুলি চাইছে। তাইও তাৰ কলেজৰ অধ্যাপকৰ চাকৰি দেখি লগাতকৈ অলপ বেছিয়ে তাৰ খবৰ ৰাখিছে। 


এইবোৰৰ মাজত ৰুদ্ৰ অথবা জালনাৰ সিপাৰৰ সেই ছোৱালীজনীৰ মুখখন সি পাহৰিয়ে গৈছে। 

সেই ছোৱালীজনী চাগৈ তেতিয়ালৈ কলেজৰ পৰা ওলাল। তাইৰ বিষয়ে কলেজত আৰু বিশেষ কোনো আলোচনা নহ'ল।

এনেকুৱা এটা বতাহত নাচি থকা ফাগুনৰ দুপৰীয়া  প্ৰতীক সুঁতিটোৰ সিপাৰলে গ'ল। উদ্দেশ্য হাবিখন চোৱা । কেমেৰাত ফটো তোলা। হাবিলৈ গৈ থকা লুঙলুঙীয়া ফাগুনীয়া বাট। বাটে বাটে শুকান ওখ বনবোৰ। মানুহৰ খোজে বনবোৰ মাৰি আঁচ এডালৰ দৰে বাট এটা আঁকি থৈছে। 

শুকান বনবোৰৰ শেষত শাৰী শাৰী শিমলু। তাৰেই ৰঙত জ্বলো জ্বলো আকাশ।  বতাহত পকা বগৰীৰ লুভীয়া গোন্ধ।  বাটত তাৰ সোৱাদ লৈ প্ৰতীক আৰু তাৰ দুজন বন্ধু আগুৱাইছে। 

বগৰীৰ গছবোৰ য'ত শেষ হৈছে তাতেই আৰম্ভ গাওঁ। চোতালত কোনোৱে মাহৰ মৰণা মাৰিছে। কোনোৱে উড়ালত খুন্দিছে শুকান বগৰী। কাৰোবাৰ চোতালত সৰি পৰা শিমলুৰ ফুলবোৰ চাদৰৰ বুটা যেন লাগিছে।

ডাৰত ওলমি আছে শালৰ পৰা অলপ আগতে কটা পেনক। চাঙত শুই আছে নতুনকৈ জগা কুকুৰ পোৱালী। 


মাজে মাজে সিহঁত পিছ পৰিছে। মাজে মাজে পিছপৰাৰ  ভাও লৈ একান্ত মনে গাওঁখন চাইছে।


গাওঁ শেষ হোৱাৰ পাছত আৰম্ভ ঝাওবন। খহি পৰা গৰাটোৰ কাষতে সাজি থকা নাওখনৰ ওচৰত সিহঁত ৰ'ল। নাৱত উঠি পালেও নাও সজাৰ দৃশ্য স্বচক্ষে দেখা নাই। সিহঁতে প্ৰকাণ্ড হাত নাওখন চুই চালে। ফটো ল'লে।  


- আৰু বহু দূৰ বাট আছে ডেকা ল'ৰাহঁত। সোনকালে যোৱা। বেলি ডুবাৰ আগে আগে ঘূৰিবা। হাতী ওলাই নহ'লে মাজে সময়ে। 


নাৱৰ বাঢ়ৈৰ কথাত সিহঁতৰ খোজ এইবাৰ খৰ হ'ল। বাকী ৰোৱা বাটত আৰু বা কতনা বন মৰিছে। কতনা শিমলু ফুলিছে। কতনা নতুন খোজে নতুন বাটৰ আঁচ আঁকি থৈছে। ফাগুনৰ বতৰতে হেনো এই আঁচবোৰৰ জন্ম হয়। কোনোৱে কয় নিজে নিজে হয়। ওহো বিশ্বাস নহয়। বনবোৰত কোনোবাই প্ৰথম খোজ নিদিলে এই আঁচবোৰৰ জন্ম নহয় ।


এনেকুৱা বাটবোৰক অনুসৰণ কৰিয়ে হাবিখনলৈ মানুহ আহে এনে বতৰত। নৈ পাৰ হৈ খোজ কঢ়াৰ বাহিৰে হাবিলৈ যোৱাৰ আন কোনো বাট নাই। খোজ কাঢ়ি এনে বাটেৰে আগুৱালে মানুহে অকল খোজেই কাঢ়েনে? মনৰ ভিতৰখনতোচোন ভুমুকিয়াবলৈ আৰম্ভ কৰে। 


প্ৰতি বছৰে হেনো এই বাটটো সলনি হয়। নদীৰ ঘাটটো সলনি হোৱাৰ দৰে। ইয়াৰ মানুহে ভাবে ফাগুনেই বাট দেখুৱাই সুঁতিটোক, এই গাওঁখনক, সিহঁতৰ দৰে বাটৰুৱাক।


- শিমলুবোৰ শেষ হোৱা তিনি আলিটোতে ৰৈ থাকিব ছোৱালীজনী। তায়ে আপোনালোকক আগৰ বাটটো দেখুৱাব। গাঁৱৰে ছোৱালী । অলপ পঢ়া শুনা জনা। 


- এই বুলিয়ে কৈছিল কালি ফোনত হাবিখনৰ দ্বায়িত্ব লোৱা ল'ৰাজনে । 


ছোৱালীজনীক সিহঁতে দূৰৈৰ পৰাই দেখা পালে। কিন্তু তাইৰ ওচৰ চপাত প্ৰতীকৰ এনে লাগিল এই ছোৱালীজনীক সি আগতে কৰবাত দেখিছে। কিছু বছৰৰ আগতে। কলেজত? ক্লাছত? বাছ ষ্টপেজত? ফেচবুকত? ক'ত সঠিককৈ সি মনত পেলাব পৰা নাই। 


ছোৱালীজনী এইবাৰ সিহঁততকৈ আগত। সিহঁত তাইৰ পাছত। 


-আৰু কিমান দূৰ আছে? 


কিছু দূৰ যোৱাৰ পাছত প্ৰতীকে পাছৰ পৰাই ছোৱালীজনীক সুধিলে। 


তাইৰ খোজ এইবাৰ আগতকৈ ধীৰ হ'ল। অলপমান আগুৱাই তাই ৰৈ গ'ল । আৰু সিহঁতৰ ফালে ঘূৰি চালে। 


- ছাৰ, আপুনিও কিয় শুনিব বিচাৰিছে সেই কথা ?


- মানে? কোনটো কথা?


- আৰু বেছি দূৰ নাই, পামেই আৰু ...এই জাতীয় কথা ?

ছাৰ, এই বাটত কোনো জালনা নাই, গোটেইখন স্পষ্ট -





ৰৈ থকাৰ পাছতো প্ৰতীকৰ এনে লাগিছে সি গৈ আছে। হাবিৰ ভিতৰলৈ নহয়, নিজৰ মনৰ গভীৰলৈ। ইমান গভীৰলৈ কিমান দূৰ সি নাজানে। ওহো একেবাৰে নাজানে। মাত্ৰ সি জানে তাৰ স্বাধীন মানুহলৈ ভয় নালাগে, ভয় লাগে হেৰাই যোৱা মানুহলৈ। 


 


 

Sunday, 19 January 2025

জামনগৰৰ বিলাস আৰু গজৰাজৰ বিদায়


উপনিৱেশকতাবাদৰ এক চৰিত্ৰ হৈছে ইয়াৰ জৰিয়তে প্ৰাকৃতিক সম্পদবোৰো এক মুষ্টিমেয় শ্ৰেণীৰ হাতত সীমাৱদ্ধ হৈ পৰে। শেহতীয়াকৈ আমাৰ দেশতো এনে এক আৰৱপতি শ্ৰেণীৰ আধিপত্য তুংগত উঠিছে যে দেশৰ ২২৮ মিলিয়ন দৰিদ্ৰ লোকৰ সমুখত তেওঁলোক চূড়ান্ত শক্তিশালী। তেওঁলোকৰ নামেই 'দ্যা আম্বানি' । ইচ্ছা কৰিলেই তেওঁলোকৰ বাবে জামনগৰৰ সামৰিক এয়াৰপৰ্টকো এটা পৰ্যায়ৰ বাবে ঘোষণা কৰা হয় আন্তঃৰাষ্ট্ৰীয় হিচাবে। মিনিটে মিনিটে সামাজিক মাধ্যমত অনন্ত আম্বানীৰ বিয়াৰ পূৰ্ব আয়োজনৰ সকলো তথ্যই ৰাইজে পাই থাকে। দেশৰ প্ৰায় সকলোবোৰ নিউজ চেনেলতে অনন্ত আম্বানীৰ ইণ্টাৰভিউ বাজে । হাতী উদ্ধাৰ চেণ্টাৰৰ পৰা দিয়া তেনে এটা ইণ্টাৰভিউত অনন্ত আম্বানীয়ে বিৱৰণ দিয়ে কিয়, কেনেকৈ দাঁতবিহীন হাতীবোৰৰ বাবে প্ৰস্তুত কৰা হৈছে খিচিৰি। দেখাত অতি মানৱদৰদী কাৰবাৰ। গ্ৰেণ্ড চেলিব্ৰেচন। আৰ্তজনৰ সমুখত পৰিৱেশন কৰে 'অন্ন সেৱা'। ইমানবোৰ আয়োজনৰ প্ৰয়োজন কিয় ? কাৰণ আৰৱপতি,  প্ৰভাৱশালী শ্ৰেণীটোৰ বাবে কেৱল ক্ষমতাত থকাটোৱে, বিলাসী হোৱাটোৱে শেষ কথা নহয়।  সেই ক্ষমতাক জনতাই মান্যতা প্ৰদান কৰিব পৰাকৈ এক ৰাজকীয়, সম্ভ্ৰান্ত, ঐতিহ্যৰ বুনিয়াদ ৰচনা কৰাটোৱো দৰকাৰ; যাতে তেনে শ্ৰেণীৰ আধিপত্যবাদী স্থান দীৰ্ঘম্যাদী হয়। ইয়াৰ অন্তৰালত একধৰণৰ ৰাজনীতি আছে। আধিপত্যবাদীৰ ঐতিহ্য দীঘলীয়া হ'লেহে তেওঁলোকে পৰিৱেশন কৰাবোৰক জনতাই বিশ্বাস কৰিবলৈ লয় আৰু সমাজৰ অন্য সত্যবোৰ তাৰ সমুখত হৈ পৰে একেবাৰে সাধাৰণ। এখন গণতান্ত্ৰিক দেশত এই ছবি জনতাৰ বাবে অনাগত অনিশ্চিত ভৱিষ্যতৰ এক ইংগিত।  





সংলাপেৰে ৰাজনীতি চলিলেও, অৰ্থনীতি নচলে


উপনিৱেশিক ইংৰাজ শাসনৰ বিদায়ৰ পিছত দেশৰ অৰ্থনৈতিক ধাৰাক সমাজবাদী চিন্তাৰে আৰম্ভ কৰা হৈছিল। ইয়াৰ গুৰি ধৰিছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে । ১৯২৯ চনৰ পৰা বিশ্বব্যাপী আৰম্ভ হোৱা মন্দাৱস্থা , ঔপনিৱেশিকতাৰ ফলত জনম হোৱা দৰিদ্ৰতা, ঔদ্যোগীকৰণৰ অভাৱ আৰু দুৰ্ভিক্ষ - এই আটাইবোৰ প্ৰত্যাহ্বানৰ সমুখত সমাজবাদী ধাৰণাই আছিল সেই সময়ছোৱাৰ একমাত্ৰ সম্বল । উক্ত সময়ছোৱাত উদ্যোগপতিসকলৰ মাজতো সমাজবাদী চিন্তাধাৰা জনপ্ৰিয় আছিল । ১৯৮০ চনত সোঁপন্থী ভাৰতীয় জনতা পাৰ্টি প্ৰতিষ্ঠা হোৱাৰ সময়তো ইয়াৰ সংবিধানে উল্লেখ কৰিছিল  “সমাজবাদৰ নীতি” ৰ কথা। তাৰোপৰি বলিউডৰ চিনেমাতো খলনায়ক হিচাপে চিনাক্ত কৰা হৈছিল পুঁজিবাদীক আৰু হিৰো হিচাপে পৰিচিত হৈছিল শ্ৰমিক শ্ৰেণীৰ প্ৰতিনিধি। 'নমক হাৰাম', 'দীৱাৰ', 'কালা পত্থৰ' আদিত অমিতাভ বচ্চন, শশী কাপুৰৰ সেই সংলাপবোৰ কোনে পাহৰিব পাৰে ! 


কিন্তু সংলাপেৰে ৰাজনীতি চলিলেও, অৰ্থনীতি নচলে।   

১৯৭০ চনৰ শেষৰ ফালে ৰাজহুৱা বিনিয়োগ হ্ৰাস পোৱাৰ লগে লগে সমাজবাদী ধাৰণাৰ জনপ্ৰিয়তা শিথিল হ'বলৈ ধৰে। তাৰ বিপৰীতে আশী আৰু নব্বৈৰ দশকত ভাৰতে “ব্যক্তিগত খণ্ডৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণ”ৰ ওপৰত কঠোৰ মনোনিৱেশ কৰে।ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে 'নতুন পুঁজিপতি' শীৰ্ষক নতুন একোটা উদ্যোগিক শ্ৰেণীৰ জন্ম হয় যি নিৰ্বাচিত ৰাজনীতিবিদসকলৰ সৈতে ঘনিষ্ঠতাৰে কাম কৰিবলৈ ধৰে। এয়াই ক্ৰ’নি পুঁজিবাদৰ আত্মপ্ৰকাশ।  


 ২০১৪ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তেতিয়াৰ গৱৰ্ণৰ ৰঘুৰাম ৰাজনে এই প্ৰসংগত এক উল্লেখযোগ্য মন্তব্য কৰিছিল- 


" দৰিদ্ৰ জনতাৰ পৃষ্ঠপোষকতা কৰিবলৈ এজন ধূৰ্ত ৰাজনীতিবিদক প্ৰয়োজন হয় উদ্যোগপতিৰ ধনৰ। দুৰ্নীতিগ্ৰস্ত উদ্যোগপতিক সস্তাতে ৰাজহুৱা সম্পদ আৰু ঠিকা লাভ কৰিবলৈ আকৌ সেই ধূৰ্ত ৰাজনীতিবিদজনৰ সমৰ্থনৰ প্ৰয়োজন। সেইদৰে ৰাজনীতিবিদজনক দৰিদ্ৰ আৰু অভাৱগ্ৰস্তৰ ভোটৰ প্ৰয়োজন। এই নিৰ্ভৰশীলতাৰ অংক একধৰণৰ চক্ৰত এনেকৈ বান্ধ খাই থাকে যে ইয়াৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হয় সাধাৰণ জনতা আৰু ক্ষমতা  তথা পুঁজিৰে লাভান্বিত হয় ৰাজনীতিবিদ আৰু উদ্যোগপতি।"


এই প্ৰক্ৰিয়া ইমান ঊৰ্ধগামী হ'বলৈ ধৰে যে আজিৰ তাৰিখত দেশৰ এটা মুষ্টিমেয় শ্ৰেণীৰ আধিপত্যত দেশৰ মুঠ সম্পদৰ আধাতকৈও অধিক সম্পদৰ ক্ষমতা কেন্দ্ৰীভূত হৈ আছে। তাৰেই বহিঃপ্ৰকাশ জামনগৰলৈ অসমৰ পৰা এম্বুলেন্সত লৈ যোৱা হাতীৰ সেই হৃদয়বিদাৰক ফটো। উন্নত চিকিৎসাৰ নামত নিজৰ ঘৰ, পৰিস্থিতিতন্ত্ৰৰ পৰা গুজৰাটলৈ সৰবৰাহ হোৱা হাতীয়ে আমাৰ সমুখত বন্যপ্ৰাণী সংৰক্ষণৰ এক জটিল ছবি পোহৰলৈ আনিছে। 


হাতীৰ সৰবৰাহ, ব্যক্তিগত চিৰিয়াখানা, ব্যক্তিগত সম্পদ


গুজৰাটৰ জামনগৰ শোধনাগাৰ কমপ্লেক্সৰ সেউজ বেল্টৰ ভিতৰত ৩,০০০ একৰ ভূমিক সামৰি আম্বানী গ্ৰূপে নাম দিয়ে বনতাৰা আৰু ইয়াতে আৰম্ভ কৰে হাতী উদ্ধাৰ চেণ্টাৰ। ই পৰিচালিত হয় ৰাধা কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাস নামৰ এটা ট্ৰাষ্টৰ দ্বাৰা। মিডিয়াই অৱশ্যেই বনতাৰাক প্ৰক্ষেপ কৰে আম্বানীৰ নুমলীয়া পুত্ৰ অনন্ত আম্বানীৰ জীৱ জন্তুৰ প্ৰতি থকা সহানুভূতিৰ কেন্দ্ৰ হিচাপে। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত অনন্ত আম্বানীয়ে দাবী কৰিছিল যে ৰাধা কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাসত এতিয়া ২০০ৰো অধিক হাতীক উদ্ধাৰ কৰি সুৰক্ষিত কৰা হৈছে। উল্লেখযোগ্য যে এই হাতীবোৰৰ অধিকাংশই অৰুণাচল প্ৰদেশ, অসম আৰু ত্ৰিপুৰাৰ পৰা উক্ত ট্ৰাষ্টৰ অধীনলৈ নিয়া হৈছে বুলি সংবাদ মাধ্যমত ইতিমধ্যে প্ৰকাশ পাইছে। 


অতি পৰিতাপৰ বিষয় যে, ২০২১ চনত বন্যপ্ৰাণী (সুৰক্ষা) আইন সংশোধনে এনেধৰণৰ ব্যক্তিগত চিৰিয়াখানা সৃষ্টিৰ অনুমতি সুলভ কৰাৰ লগতে হাতীৰ দৰে বিলুপ্তপ্ৰায় বন্য প্ৰজাতি ধৰা আৰু পৰিৱহণ কৰাৰ বাট মুকলি কৰে। লেখক আৰু পৰিৱেশ সংৰক্ষণবিদ প্ৰেৰণা সিং বিন্দ্ৰাই এই ক্ষেত্ৰত কয় যে উক্ত আইনখনে পূৰ্বে সংৰক্ষিত প্ৰজাতিৰ বাণিজ্যিক লেনদেনৰ অনুমতি স্পষ্টভাৱে অস্বীকাৰ কৰিছিল। কিন্তু এতিয়া সংশোধনীৰ জৰিয়তে “জীৱিত বন্দী হাতীক নিষেধাজ্ঞাৰ পৰা বাদ দিয়া হৈছে, যাৰ ফলত হাতীৰ বাণিজ্যিক বিক্ৰী আৰু ক্ৰয়ৰ ন ন সুৰুঙাৰ জন্ম হৈছে।। আনকি হাতী ব্যৱসায়িক সামগ্ৰী হিচাপেহে পৰিগণিত হৈছে ।" 


এতিয়া প্ৰশ্ন হয়, উত্তৰ পূৰ্বাঞ্চলৰ দৰে উপযুক্ত পৰিস্থিতি তন্ত্ৰৰ পৰা এই হাতীবোৰক পশ্চিম গুজৰাটৰ দৰে শুকান, ঔদ্যোগিক বেল্টলৈ নি উদ্ধাৰ কৰা বুলি উত্থাপন কৰা দাবী কিমান দূৰলৈ যুক্তিসংগত? ইতিহাসবিদ ৰামচন্দ্ৰ গুহাই এইক্ষেত্ৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে । তেওঁ সুধিছে, হাতী সংৰক্ষণৰ বাবে এই সমান্তৰাল নিয়ন্ত্ৰণ ব্যৱস্থা কিয় সৃষ্টি কৰা হ'ল? নিজে বিচৰা ধৰণৰ প্ৰাকৃতিক বাসস্থানত বসবাস কৰিবলৈ সুবিধা কৰি দিয়াৰ বিপৰীতে আৰু ৰাজ্যৰ বন বিভাগৰ সৈতে সমিলমিলেৰে কাম কৰাৰ পৰিৱৰ্তে ব্যক্তিগত চিৰিয়াখানা নিৰ্মাণ কিমান প্ৰাসংগিক? নে ই অৰ্থনৈতিক ভাৱে চূড়ান্ত শক্তিশালী শ্ৰেণীটোৰ এক মাত্ৰ বিলাস ? নে সঁচাকৈয়ে উত্তৰ পূৰ্বাঞ্চলত, অসমত পশু চিকিৎসা সেৱাৰ অৱস্থা অনুন্নত? গজৰাজৰ বিদায় মূহুৰ্তৰ ছবিয়ে এনে বহু প্ৰশ্ন মনলৈ আনিছে , যিবোৰ দিনে দিনে আগতকৈও প্ৰাসংগিক হ'বলৈ ধৰিছে ।


Thursday, 2 January 2025

সাবিত্ৰী বাই ফুলে

 ঘৰৰ পৰা বিদ্যালয়লৈ যোৱাৰ বাটত সাবিত্ৰীবায়ে শুনিব লগা হয় হাজাৰ গালি। তেওঁৰ গাত গোবৰ চটিয়াই দিয়া হয় । দলিয়াই মৰা হয় শিল। তাৰপাছতো সাবিত্ৰীবায়ে প্ৰতিদিনে সেই একেই বাটেৰে মূৰ তুলি যায়। লগত লৈ যায় এখন অতিৰিক্ত পৰিস্কাৰ শাৰী। শ্ৰেণীকোঠাত ছোৱালীবোৰক যাতে পৰিস্কাৰ পোছাকেৰে শিক্ষাদান কৰিব পাৰে। সাবিত্ৰীবাই ফুলেৰ প্ৰতিদিনৰ এই প্ৰতিৰোধ ইমান সহজ নহয়। কিন্তু কিছুমান কাহিনী এনেকৈয়ে আৰম্ভ হয়- যিসকলে সমাজ জীৱনৰ কথা ভাবে , নিজৰ লগতে আনকো পোহৰ কৰাৰ সাহ কৰে, আনৰ বাবেও স্বপ্ন দেখে । অৱশ্যেই এই কাম সাবিত্ৰীবাই ফুলেই অকলে কৰা নাছিল। তেওঁক সাহ দিছিল তেওঁৰ স্বামী জ্যোতিবা ফুলেই। 


জ্যোতিবা ফুলেৰ লিখনিয়ে ব্ৰাহ্মণীয় পিতৃতান্ত্ৰিকতাক সমালোচনা কৰে মুকলিকৈ। উল্লেখযোগ্য যে সকলো মহিলাই পুৰুষতান্ত্ৰিক সমাজৰ দমনৰ বলি হয়। কিন্তু নিম্ন বৰ্ণৰ মহিলাসকলৰ ক্ষেত্ৰত এই গাঁথনিগত হিংসা চৰম পৰ্যায়ৰ।  নিম্ন বৰ্ণৰ নাৰী কেৱল তেওঁলোকৰ নিজৰ জাতিৰ পুৰুষৰ শোষণ, দমনৰ বলি নহয়। বৰঞ্চ উচ্চ বৰ্ণৰ পুৰুষ আৰু নাৰী উভয়ৰে দমনৰে বলি হয়। শ্যাম বেনাগলৰ ছবি 'অংকুৰ' তেনে এক দমনৰে সাহসী প্ৰতিফলন। 



সামাজিকভাৱে পিছপৰা মালি সম্প্ৰদায়ৰ জী  সাবিত্ৰীবাই । নিম্ন জাতৰ জী। ন বছৰ বয়সতে জ্যোতিবাৰ সৈতে বৈবাহিক সম্বন্ধত বান্ধ খায়। সেই সময়ছোৱাত সাবিত্ৰীবাইৰ দৰেই নিৰক্ষৰ বহুতো কিশোৰী কম বয়সতে কাৰোবাৰ পত্নী হয়। কিছু বছৰ নহওঁতেই বিধৱাও হয়। সৌভাগ্যক্ৰমে, জ্যোতিবাইৰ মনত সামাজিক অসমতা দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰতি আছিল গভীৰ বিশ্বাস । সেয়ে পত্নীক পঢ়িবলৈ আৰু লিখিবলৈ শিকোৱাত তেওঁ অলপো কুণ্ঠাবোধ কৰা নাছিল।  প্ৰথমে এই কাম আৰম্ভ হয় ঘৰতে। কিন্তু তাতো পৰিয়ালৰ মানুহৰ ঘোৰ আপত্তি। তাৰপাছত পথাৰেই হৈ পৰে পঢ়াশালি।  পথাৰত কৰ্মৰত জ্যোতিবাৰ বাবে দুপৰীয়াৰ আহাৰ দিবলৈ গৈ সাবিত্ৰীবাই প্ৰথম শিকে আখৰ । দেশ স্বাধীন হোৱাৰ বহু বছৰৰ আগতে এই আলোড়ন আৰম্ভ হয় পথাৰতে। 


হিন্দু ধৰ্মত হোৱা মহিলাৰ শোষণ, উৎপীড়নৰ বিৰুদ্ধে সৰৱ হয় জ্যোতিবা ফুলে। শিক্ষা নাই, সন্মান নাই, নিজৰ জীৱনৰ সিদ্ধান্ত লোৱাৰ কোনো অধিকাৰ নাই- এনে বহুতো নাৰীক চকুৰ সমুখতে দেখি তেওঁৰ মনত অলেখ প্ৰশ্নই ভীৰ কৰিবলৈ ধৰে। এই কথাবোৰ আলোচনা কৰাৰ একমাত্ৰ সংগী তেওঁৰ পত্নী 

সাবিত্ৰীবাই। 


 লাহে লাহে স্বামী জ্যোতিবাৰ কথাবোৰে সাবিত্ৰীবাইৰ অন্তৰতো এক নতুন স্বপ্নৰ জন্ম দিয়ে। তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰে যে জাতপাতৰ চাৰিসীমা মোহাৰিবলৈ মহিলাই শিক্ষাৰ সুযোগ পাবই লাগিব।  সাবিত্ৰীবাইৰ আগ্ৰহ দেখি জ্যোতিবাই তেওঁক পুনেৰ এটা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ভৰ্তি কৰে। ১৯৪৮ চন। প্ৰশিক্ষণ লৈ সাবিত্ৰীবাই পুনেৰ মহাৰৱাড়াত ছোৱালী শিক্ষাৰ আৰম্ভণি কৰে।  উল্লেখযোগ্য যে সাবিত্ৰীবাইক আনুষ্ঠানিকভাৱে ভাৰতৰ প্ৰথম মহিলা শিক্ষয়িত্ৰী হিচাপে স্বীকৃতি দিয়া হয়। 


 কিন্তু এই যাত্ৰা ইমানো সহজ নাছিল। পৰিয়ালৰ সকলো বান্ধোন ছিঙি এহাল দম্পতীয়ে নাৰীক শিক্ষিত কৰিবলৈ যি জোৱাৰ আৰম্ভ কৰে সেই বাটত অজস্ৰ প্ৰত্যাহ্বান।  ভিডে ৱাডাত এনেকৈয়ে আৰম্ভ হয় ১৮৪৮ চনত প্ৰথমখন নাৰী শিক্ষাৰ বিদ্যালয়। মাত্ৰ ন জনী ছাত্ৰীৰ পৰা আৰম্ভ হোৱা এই বিদ্যালয়ে নিম্ন বৰ্ণৰ ছোৱালীৰ বাবে জন্ম দিয়ে অন্য এক বাট। 


এই বিদ্যালয়সমূহত অস্পৃশ্য সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলৰ নামভৰ্তিৰ ফলত গোঁড়া উচ্চ বৰ্ণৰ হিন্দুসকল ক্ষুব্ধ হয়।  তেওঁলোকে এই বিদ্যালয়বোৰ বন্ধ কৰিবলৈ প্ৰথমতে সাবিত্ৰীবাইৰ বিষয়ে উৰাবাতৰি বিয়পায় । যেনে- শিক্ষিত নাৰীৰ স্বামীৰ অকালতে মৃত্যু হয়, শিক্ষিত নাৰীয়ে অজ্ঞাত পুৰুষলৈ চিঠি লিখিবলৈ আৰম্ভ কৰে ইত্যাদি ইত্যাদি। 


সকলো ৰাজহুৱা ভণ্ডামিৰ বিৰুদ্ধে যুঁজি সাবিত্ৰীবাই ফুলে ৰক্ষণশীল সমাজ ব্যৱস্থাৰ সমুখত কিছু নতুন প্ৰশ্ন মুকলি কৰে। পৰিয়ালৰ দ্বাৰা অপমানিত হোৱাৰ পাছত এই দম্পতীহালক ঠাই দিয়ে এজন ঘনিষ্ঠ বন্ধু উছমান শ্বেখ আৰু তেওঁৰ পৰিয়ালে । পাছলৈ তেওঁৰ ভগ্নী ফাতিমা বেগম শ্বেখো সাবিত্ৰীবাইৰ আন্দোলনৰ অংশ হৈ পৰে। ইতিহাসত ফাতিমা ভাৰতৰ প্ৰথম মুছলমান মহিলা শিক্ষক হিচাপে পৰিচিত হয়। 


সামাজিক অসমতা দূৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰা, নাৰী শিক্ষাক এক জাগৰণলৈ পৰিণত কৰা, বাল্য বিবাহৰ বিৰুদ্ধে জোৰদাৰ আৱাজ তোলা সাবিত্ৰীবাইৰ প্ৰতি সন্মান জনাই ৩ জানুৱাৰী দিনটোক নাৰী শিক্ষকৰ দিন হিচাপে উদযাপন কৰা হয়। এই কাহিনীবোৰ কৈ থকাটো জৰুৰী, পাতি থকাটো জৰুৰী। যাতে যদি কাহানিবা পাঠ্যপুথি অথবা ইতিহাসৰ পাতৰ পৰা নোহোৱা কৰি পেলোৱা হয়, এইবোৰ যাতে আমাৰ মন গহনত ৰৈ যায়। এইবোৰে যাতে আমাক সোঁৱৰাই যায় নাৰী শিক্ষাৰ আলোড়ন এদিনতে সম্ভৱ হোৱা নাছিল।  তাৰ আঁৰত আছিল বহু সাধাৰণ মানুহ, যি অসাধাৰণ কাম কৰিছিল।  

 


 

Wednesday, 1 January 2025

প্ৰেমময় হৈ জী থাকিবলৈকে...


(মোৰ সকলো ছাত্ৰীৰ হাতত নতুন বছৰৰ ওলগ আৰু মৰমেৰে)

সমাজ, ব্যক্তিগত, ৰাজনৈতিক - বিগত বছৰটোত এই তিনিওটা দিশৰ পৰাই আঁতৰি অহা প্ৰত্যাহ্বানমূলক হৈ পৰিল। ২০২৪ চনত অভিলেখ সংখ্যক দেশে নতুন চৰকাৰ নিৰ্বাচনৰ বাবে ভোটদান কৰিলে । আৰম্ভ হ'ল একনায়কত্ববাদৰ এক নতুন চৰিত্ৰৰ শাসকশ্ৰেণীৰ দপদপনি। আমেৰিকাত ড’নাল্ড ট্ৰাম্পৰ বিজয়ৰ পৰিসৰ আৰু গ্ৰেইট ব্ৰিটেইনত কেইৰ ষ্টাৰমাৰৰ বিজয়ে বিশ্ব ৰাজনীতিৰ গতি সলালে। এফালে ছিৰিয়াৰ বাছাৰ আল আছাদ আৰু আনফালে বাংলাদেশৰ শ্বেইখ হাছিনাৰ দৰে দীৰ্ঘদিনীয়া শাসন ব্যৱস্থাৰ তীব্ৰ পতনেও সামগ্ৰিকভাৱে ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ শাসকৰ অন্য মুখ খুলিলে। ইয়াৰ ভিতৰত আটাইতকৈ ভয়াৱহ হৈ পৰিল ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধ। গাজাত এ আইৰ সহায়ত ইজৰাইলে আৰম্ভ কৰা যুদ্ধই প্ৰযুক্তিৰ চৰম ব্যৱহাৰ যে এটা পক্ষৰ বাবে কিমান শক্তিশালী আৰু আন এটা পক্ষৰ বাবে কিমান ভয়ংকৰ - তাৰ এখন অস্থিৰ ছবি মুকলি কৰিলে। তাৰেই বহিঃপ্ৰকাশ পোৱা যায় 'যুদ্ধভূমিৰ কবিতা'ত এনেকৈ- 


                     ফটোৰ উৎস-  ইণ্টাৰনেট 

"আৰফত, ৱাচিংটনৰ মানুহেও বিচাৰে-এই এটাই মাথোঁ নাম আৰু এটাই মাথোঁ শব্দ/ মস্কোৰ মানুহেও বিচাৰে-এই এটাই মাথোঁ নাম আৰু এটাই মাথোঁ শব্দ/ বেইজিঙৰ মানুহেও বিচাৰে-এই এটাই মাথোঁ নাম আৰু এটাই মাথোঁ শব্দ/শুনা বেইৰুটেও ভালপায়-শান্তিপ্রিয় মানুহ আৰু মানুহৰ মহত্তম সৃষ্টি/ বেইৰুটেও ভালপায়-আপোচহীন কবি আৰু কবিতাৰ বলিষ্ঠ শাৰী/ বেইৰুটেও ভালপায় - চিৰমুক্ত পখী আৰু বৃক্ষৰ মিলাপ্ৰীতি।"


স্বাধীনতাৰ নামতে কতনা গৃহহীন মানুহ, স্বাধীনতাৰ নামতে কতনা অনাথ শিশু, স্বাধীনতাৰ নামতে গৃহহীন, দেশহীন মানুহৰ দীঘল তালিকা, স্বাধীনতাৰ নামতে 

মৃত শিশুৰ কবৰৰ লানি লানি শাৰী । 


মণিপুৰ জ্বলিল। ৰিলিফ কেম্প বাঢ়িল, স্কুল কমিল, কমিল স্বাস্থ্যসেৱা, বাঢ়িল মানুহৰ মানুহৰ প্ৰতি সন্দেহ, ঘৃণা আৰু প্ৰতিশোধৰ দাবানল। এইবোৰৰ মাজত লালনটপত ৰিলিফ কেম্পৰ এটি শিশুৰ প্ৰিয় খেল কি বুলি সোধা প্ৰশ্নৰ উত্তৰ শুনি কিছু সময়লৈ ৰৈ গ'লো - "পাবজি, পাবজিৰ পৰাই ভঙা ভঙা হিন্দী শিকিছো, অলপ হিন্দী জানো বাবেই মাহঁতে ইফালে সিফালে যাবলৈ দিবলৈ ভয় নকৰে।"


ভাষাৰ আধিপত্যত দেশৰ সীমান্তৰ এটি শিশুৰ মনস্তত্বৰ এই ফিল্টাৰবিহীন স্বীকাৰোক্তিৰ গাঢ় সত্যটো স্বীকাৰ কৰা বেছ কঠিন কাৰবাৰ। কিন্তু ভাষাৰ ভৱিষ্যতক লৈ মনত বহুতো প্ৰশ্নৰ ভঙা পতা চলি থাকিল। অসমীয়া পৰীক্ষাত বহি থকা এগৰাকী শিক্ষাৰ্থীয়ে ক'লে- "অসমীয়া লিখিব নোৱাৰি, তাতকৈ হিন্দী লোৱা হ'লেই ভাল আছিল।" বিগত কিছু বছৰত পৰীক্ষাৰ বহী চাওঁতে ভুল উত্তৰৰ বাবে শিক্ষাৰ্থীজনৰ প্ৰতি চিন্তিত হোৱা নাই, হুমুনিয়াহ কাঢ়িছো অজস্ৰ ভুল বানান আৰু বাক্যৰ অপৰিমিত গঠনত। নিজৰ ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব নজনা এটা প্ৰজন্ম যাৰ ছদ্মনাম 'জেন জি'ৰ এই বাস্তৱক ধ্ৰুপদী ভাষাৰ সন্মানেও কিমান বচাব পাৰিব তাক লৈ অজস্ৰ সন্দেহ। ভাষাৰ অবিহনে কেৱল ৰাজনৈতিক চৰিত্ৰৰে কোনো জাতি জী থাকিব নোৱাৰে । এনে পীড়া বহন কৰি কোনো সাহিত্যও মানুহৰ গভীৰলৈ যাব নোৱাৰে। 

এই সত্যবোৰ পাৰ কৰি মানুহ হিচাপে মানুহৰ মুখামুখি হোৱাৰ সাহস গোটাব পাৰে সৃষ্টিশীল মানুহেহে। যি প্ৰকৃতিৰ বুকুত জিৰাবলৈ শিকে । যি ভয় নকৰাকৈ গান, কবিতা, কাহিনী, ছবিৰ সৌন্দৰ্য্যক বহন কৰে। যি ভয় নোখোৱাকৈ প্ৰেমময় হৈ জী থকাৰ কলা আয়ত্ব কৰে। নীলমণি ফুকনৰ কবিতাৰ ভাষাৰে - "ভয় খালে চাবা, মিছা হৈ যাব/এতিয়াও নিশা আছে/সূর্যই কথা ক'ব/সূর্যই এটা/আমাক উত্তৰ দিব।" (সূর্য হেনো নামি আহে এই নদীয়েদি)