Thursday, 2 January 2025

সাবিত্ৰী বাই ফুলে

 ঘৰৰ পৰা বিদ্যালয়লৈ যোৱাৰ বাটত সাবিত্ৰীবায়ে শুনিব লগা হয় হাজাৰ গালি। তেওঁৰ গাত গোবৰ চটিয়াই দিয়া হয় । দলিয়াই মৰা হয় শিল। তাৰপাছতো সাবিত্ৰীবায়ে প্ৰতিদিনে সেই একেই বাটেৰে মূৰ তুলি যায়। লগত লৈ যায় এখন অতিৰিক্ত পৰিস্কাৰ শাৰী। শ্ৰেণীকোঠাত ছোৱালীবোৰক যাতে পৰিস্কাৰ পোছাকেৰে শিক্ষাদান কৰিব পাৰে। সাবিত্ৰীবাই ফুলেৰ প্ৰতিদিনৰ এই প্ৰতিৰোধ ইমান সহজ নহয়। কিন্তু কিছুমান কাহিনী এনেকৈয়ে আৰম্ভ হয়- যিসকলে সমাজ জীৱনৰ কথা ভাবে , নিজৰ লগতে আনকো পোহৰ কৰাৰ সাহ কৰে, আনৰ বাবেও স্বপ্ন দেখে । অৱশ্যেই এই কাম সাবিত্ৰীবাই ফুলেই অকলে কৰা নাছিল। তেওঁক সাহ দিছিল তেওঁৰ স্বামী জ্যোতিবা ফুলেই। 


জ্যোতিবা ফুলেৰ লিখনিয়ে ব্ৰাহ্মণীয় পিতৃতান্ত্ৰিকতাক সমালোচনা কৰে মুকলিকৈ। উল্লেখযোগ্য যে সকলো মহিলাই পুৰুষতান্ত্ৰিক সমাজৰ দমনৰ বলি হয়। কিন্তু নিম্ন বৰ্ণৰ মহিলাসকলৰ ক্ষেত্ৰত এই গাঁথনিগত হিংসা চৰম পৰ্যায়ৰ।  নিম্ন বৰ্ণৰ নাৰী কেৱল তেওঁলোকৰ নিজৰ জাতিৰ পুৰুষৰ শোষণ, দমনৰ বলি নহয়। বৰঞ্চ উচ্চ বৰ্ণৰ পুৰুষ আৰু নাৰী উভয়ৰে দমনৰে বলি হয়। শ্যাম বেনাগলৰ ছবি 'অংকুৰ' তেনে এক দমনৰে সাহসী প্ৰতিফলন। 



সামাজিকভাৱে পিছপৰা মালি সম্প্ৰদায়ৰ জী  সাবিত্ৰীবাই । নিম্ন জাতৰ জী। ন বছৰ বয়সতে জ্যোতিবাৰ সৈতে বৈবাহিক সম্বন্ধত বান্ধ খায়। সেই সময়ছোৱাত সাবিত্ৰীবাইৰ দৰেই নিৰক্ষৰ বহুতো কিশোৰী কম বয়সতে কাৰোবাৰ পত্নী হয়। কিছু বছৰ নহওঁতেই বিধৱাও হয়। সৌভাগ্যক্ৰমে, জ্যোতিবাইৰ মনত সামাজিক অসমতা দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰতি আছিল গভীৰ বিশ্বাস । সেয়ে পত্নীক পঢ়িবলৈ আৰু লিখিবলৈ শিকোৱাত তেওঁ অলপো কুণ্ঠাবোধ কৰা নাছিল।  প্ৰথমে এই কাম আৰম্ভ হয় ঘৰতে। কিন্তু তাতো পৰিয়ালৰ মানুহৰ ঘোৰ আপত্তি। তাৰপাছত পথাৰেই হৈ পৰে পঢ়াশালি।  পথাৰত কৰ্মৰত জ্যোতিবাৰ বাবে দুপৰীয়াৰ আহাৰ দিবলৈ গৈ সাবিত্ৰীবাই প্ৰথম শিকে আখৰ । দেশ স্বাধীন হোৱাৰ বহু বছৰৰ আগতে এই আলোড়ন আৰম্ভ হয় পথাৰতে। 


হিন্দু ধৰ্মত হোৱা মহিলাৰ শোষণ, উৎপীড়নৰ বিৰুদ্ধে সৰৱ হয় জ্যোতিবা ফুলে। শিক্ষা নাই, সন্মান নাই, নিজৰ জীৱনৰ সিদ্ধান্ত লোৱাৰ কোনো অধিকাৰ নাই- এনে বহুতো নাৰীক চকুৰ সমুখতে দেখি তেওঁৰ মনত অলেখ প্ৰশ্নই ভীৰ কৰিবলৈ ধৰে। এই কথাবোৰ আলোচনা কৰাৰ একমাত্ৰ সংগী তেওঁৰ পত্নী 

সাবিত্ৰীবাই। 


 লাহে লাহে স্বামী জ্যোতিবাৰ কথাবোৰে সাবিত্ৰীবাইৰ অন্তৰতো এক নতুন স্বপ্নৰ জন্ম দিয়ে। তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰে যে জাতপাতৰ চাৰিসীমা মোহাৰিবলৈ মহিলাই শিক্ষাৰ সুযোগ পাবই লাগিব।  সাবিত্ৰীবাইৰ আগ্ৰহ দেখি জ্যোতিবাই তেওঁক পুনেৰ এটা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ভৰ্তি কৰে। ১৯৪৮ চন। প্ৰশিক্ষণ লৈ সাবিত্ৰীবাই পুনেৰ মহাৰৱাড়াত ছোৱালী শিক্ষাৰ আৰম্ভণি কৰে।  উল্লেখযোগ্য যে সাবিত্ৰীবাইক আনুষ্ঠানিকভাৱে ভাৰতৰ প্ৰথম মহিলা শিক্ষয়িত্ৰী হিচাপে স্বীকৃতি দিয়া হয়। 


 কিন্তু এই যাত্ৰা ইমানো সহজ নাছিল। পৰিয়ালৰ সকলো বান্ধোন ছিঙি এহাল দম্পতীয়ে নাৰীক শিক্ষিত কৰিবলৈ যি জোৱাৰ আৰম্ভ কৰে সেই বাটত অজস্ৰ প্ৰত্যাহ্বান।  ভিডে ৱাডাত এনেকৈয়ে আৰম্ভ হয় ১৮৪৮ চনত প্ৰথমখন নাৰী শিক্ষাৰ বিদ্যালয়। মাত্ৰ ন জনী ছাত্ৰীৰ পৰা আৰম্ভ হোৱা এই বিদ্যালয়ে নিম্ন বৰ্ণৰ ছোৱালীৰ বাবে জন্ম দিয়ে অন্য এক বাট। 


এই বিদ্যালয়সমূহত অস্পৃশ্য সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলৰ নামভৰ্তিৰ ফলত গোঁড়া উচ্চ বৰ্ণৰ হিন্দুসকল ক্ষুব্ধ হয়।  তেওঁলোকে এই বিদ্যালয়বোৰ বন্ধ কৰিবলৈ প্ৰথমতে সাবিত্ৰীবাইৰ বিষয়ে উৰাবাতৰি বিয়পায় । যেনে- শিক্ষিত নাৰীৰ স্বামীৰ অকালতে মৃত্যু হয়, শিক্ষিত নাৰীয়ে অজ্ঞাত পুৰুষলৈ চিঠি লিখিবলৈ আৰম্ভ কৰে ইত্যাদি ইত্যাদি। 


সকলো ৰাজহুৱা ভণ্ডামিৰ বিৰুদ্ধে যুঁজি সাবিত্ৰীবাই ফুলে ৰক্ষণশীল সমাজ ব্যৱস্থাৰ সমুখত কিছু নতুন প্ৰশ্ন মুকলি কৰে। পৰিয়ালৰ দ্বাৰা অপমানিত হোৱাৰ পাছত এই দম্পতীহালক ঠাই দিয়ে এজন ঘনিষ্ঠ বন্ধু উছমান শ্বেখ আৰু তেওঁৰ পৰিয়ালে । পাছলৈ তেওঁৰ ভগ্নী ফাতিমা বেগম শ্বেখো সাবিত্ৰীবাইৰ আন্দোলনৰ অংশ হৈ পৰে। ইতিহাসত ফাতিমা ভাৰতৰ প্ৰথম মুছলমান মহিলা শিক্ষক হিচাপে পৰিচিত হয়। 


সামাজিক অসমতা দূৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰা, নাৰী শিক্ষাক এক জাগৰণলৈ পৰিণত কৰা, বাল্য বিবাহৰ বিৰুদ্ধে জোৰদাৰ আৱাজ তোলা সাবিত্ৰীবাইৰ প্ৰতি সন্মান জনাই ৩ জানুৱাৰী দিনটোক নাৰী শিক্ষকৰ দিন হিচাপে উদযাপন কৰা হয়। এই কাহিনীবোৰ কৈ থকাটো জৰুৰী, পাতি থকাটো জৰুৰী। যাতে যদি কাহানিবা পাঠ্যপুথি অথবা ইতিহাসৰ পাতৰ পৰা নোহোৱা কৰি পেলোৱা হয়, এইবোৰ যাতে আমাৰ মন গহনত ৰৈ যায়। এইবোৰে যাতে আমাক সোঁৱৰাই যায় নাৰী শিক্ষাৰ আলোড়ন এদিনতে সম্ভৱ হোৱা নাছিল।  তাৰ আঁৰত আছিল বহু সাধাৰণ মানুহ, যি অসাধাৰণ কাম কৰিছিল।  

 


 

No comments:

Post a Comment