এই কাহিনী আপোনাৰ নহ’বও পাৰে। অথচ এই কাহিনীক আপুনি বা মই কোনেও এৰাই চলিব নোৱাৰো।
ৰে’লৰ গতি আৰু ৰে’লে পিছ পেলাই থৈ অহা ছবিবোৰৰ গতিৰ মাজত এক তীব্ৰ পাৰ্থক্য আছে। পাৰ হৈ অহা নৰাভৰ্তি পথাৰ, জুম বন্ধা ষ্টেছন, আকৌ হাবি, শূন্য ষ্টেছন, মাজে মাজে টিলা, গলিয়মান মেঘ, গেটত অপেক্ষাৰত দুই-তিনিচকীয়া গাড়ী, হেলমেট পিন্ধা-নিপিন্ধা আৰোহী, ডাঙৰ ষ্টেছনবোৰত কম হৈ পৰা ৰে’লৰ গতি আৰু তাৰ মাজতেই ধূসৰিত এই মুখবোৰ! কিছুমানত আঁচোৰ, কিছুমানত ৰং। কিছুমানত ভাবহীনতা, কিছুমানত অপেক্ষা। কিছুমানত যন্ত্ৰণা, কিছুমানত প্ৰৱঞ্চনা।
সেয়ে কৈছো এই কাহিনী আপোনাৰ নহ’বও পাৰে। কিন্তু এই কাহিনীৰে পাৰ হৈ যাওঁতে মুখবোৰৰ সমুখত জিৰাওঁতে, টাইমপাছ কৰোঁতে, অথবা অনৰ্থক ৰৈ যাওঁতে আপুনি বা মই উপেক্ষা নকৰা বহুতো কাহিনীৰ সৈতে খুন্দা খাব পাৰো।
প্ৰতীক ৰৈ থাকিব বুলি মই আশা কৰা নাছিলো। পৰহি সি জেলৰ পৰা ওলাইছে। তাৰ দেউতাকৰ শ্ৰাদ্ধৰ একমাহো হোৱা নাই চাগৈ। তাক আহিম বুলি মেছেজ এটা কৰাৰ বাহিৰে আমন্ত্ৰণ জনোৱাৰ উত্সাহ মোৰ মনত নাছিল। কিন্তু এটা কথা মই জানিছিলোঁ জেলৰ পৰা ওলোৱাৰ পাছতো প্ৰতীক ঘৰত সোমাই থকা মানুহ নহয়। সি নিশ্চয় কোনো নতুন কাৰ্যসূচী লৈছে।
প্ৰতীক ৰৈ আছিল। বৰঞ্চ সি ষ্টেছনৰ পৰা বিপৰীত দিশে আহি থকা মই স্পষ্ট ধৰিব পাৰিছিলোঁ। তাৰ ক’লা পৰা মুখত ৰ’দজাক থুপ খাইছিল। তথাপি সি হাঁহিয়ে আছিল। প্ৰতীকৰ হাঁহিৰ ব্যাখ্যা কৰা জটিল। মই আশা কৰাৰ দৰে সেয়া কোনো ৰাজনীতিকৰ হাঁহি নহয়। তাৰ হাঁহিত এতিয়াও হেৰাই থাকিবলৈ ভালপোৱা—মানুহৰ মাজতে থাকিবলৈ ভালপোৱা ৰ’দ এজাক আছে।
এনেকুৱা ৰ’দ সাধাৰণতে নোহোৱা হৈ যায় পাছলৈ। মানুহৰ ভিৰৰ মাজৰ পৰা ওলাই মানুহৰ সমুখত কথা কোৱা নায়কবোৰ এদিন নিজৰ অজ্ঞাতেই অতীত একোটাৰ নায়ক হৈ পৰে। তেনে অতীত কোনো ফ্ৰেমৰ ভিতৰলৈ নাহে। মানুহে তেনে অতীতক বৰ বেছি মনত পেলাব নোৱাৰে। প্ৰতীকক দেখিলে এনে লাগে সি সহজে অতীত নহ’ব। তাৰ ঘামত তিতা ছাৰ্ট, জধলা চুলি, ক’লা পৰা হাতৰ আঙুলি, তাৰ মুখৰ এই ৰ’দাল হাঁহিয়ে তাক সহজে অতীত হ’বলৈ নিদিব।
অতীতক লৈ আমাৰ কোনো দুৰ্ঘোৰ আপত্তি নাথাকে যদিহে সেই অতীতে সম্ভৱনাৰ সকলো অৱকাশ সামৰি এক সুদীৰ্ঘ যাত্ৰাৰ পথ মুকলি কৰে। যি যাত্ৰাত কেতিয়াবা আমি বাটৰুৱা হওঁ। ভাগৰুৱাও হওঁ। তাৰ পাছতো—বহুতো অস্থিৰ দিন বিশৃংখল ৰাতি ভূগি অহাৰ পিছতো আমি ক’ব পাৰো এই বাট ভুল নাছিল।
প্ৰতীক এতিয়াও—আজিৰ তাৰিখতো—মোৰ সমুখত ৰৈ থকাৰ মুহূৰ্ততো এই মতত অটল। ইয়াতকৈ ভাললগা কথা আৰু কি হ’ব পাৰে!
--তেন্তে আপুনি আকৌ আহিল আমাৰ ঠাইলৈ!
--অ’—হঠাতে—একো পৰিকল্পনা, উদ্দেশ্য নথকাকৈয়ে।
--ভালেই হ’ল, আপোনালোকক মাজে মাজে লগ পাই থাকিলে আচলতে কিবা এটা ভাল লাগে।
--কথাটো আচলতে ওলোটাকৈও শুদ্ধ।
--হা....হা...।
প্ৰতীকে হাঁহি হাঁহি বাইক ষ্টাৰ্ট কৰে। ষ্টেছনৰ পৰা মূল ৰাষ্টাত উঠোতে সি কয়
—চাব, গা গোন্ধাব পাৰে। ধুবলৈ আজি সময়ে পোৱা নাই।
এই আনতকৈ বেলেগ ল’ৰাটো হঠাতে মোৰ সমুখত তেনেই সৰল, নিমাখিত হৈ পৰে। গোটেই বাটতো সি মূৰ জোকাৰি, বাটৰুৱাক মাতি মাতি গৈ থাকে। বাইকেৰে পাৰ হৈ অহা মুখবোৰত প্ৰতীকৰ প্ৰতি সমীহ দেখি মই আচৰিত নহওঁ। মাজে মাজে সি বাইক ৰখায়। নবৌ, পেহীদেউ, বৰমা বুলি কৈ বহুতৰ লগতে সি মোৰ চমু চিনাকি এটা দিয়ে আৰু তেওঁলোকৰ খা-খবৰ সোধে। পাছফালৰ পৰা প্ৰতীকৰ মুখখন নেদেখিলেও মই অনুভৱ কৰোঁ মুখখনে কেমেৰাৰ দৰে আনবোৰ মুখক ফ্ৰেমত লৈ গৈ আছে। এই যে লৈ গৈ আছে—তাত ফেন্টাচীতকৈ বেছি আছে এক দায়িত্বশীলতা।
সেই কথাই প্ৰতীকক বেছি গহীন কৰি তুলিছে। বোধহয় গহীন বুলি ক’লে ভুল হ’ব। প্ৰতীক সচেতন হৈছে। তাৰ অসচেতন মনতো মানুহবোৰৰ মুখবোৰ একোটা চিম্ফনী হৈ বাজি আছে।
--এই যে মানুহবোৰে চিনি পাই তোমাক—তুমিও সকলোকে পোৱা—কেতিয়াবা তেওঁলোকক ঠগি থকা যেন লাগেনে নাই?
মোৰ প্ৰশ্নত প্ৰতীক বিব্ৰত নহয়। সি বাইকৰ স্পীড সামান্য কমাই দিয়ে। মোৰ এনে লাগে প্ৰতীকৰ ওচৰত পূৰ্বনিৰ্ধাৰিত একো উত্তৰ নাই। কিন্তু সি প্ৰশ্নটো পাই বেছ সুখী।
--আচল কথা কি জানে—তেওঁলোকক ঠগিব পৰাকৈ শক্তিশালী আমি আজিও হোৱা নাই। সেয়ে চাগৈ তেওঁলোকৰ কন্ঠ আৰু আমাৰ আন্দোলনৰ মাজত কোনো পাৰ্থক্য নাই। কিন্তু গাঁৱৰ মানুহবোৰ এতিয়া হতাশ, হতাশ এই কাৰণে নহয় যে তেওঁলোকক আমি একো দিব পৰা নাই। বৰঞ্চ হতাশ এইকাৰণেহে যে তেওঁলোক হাড়ে-হিমজুৱে আমাৰ লগত থাকিব পৰা নাই। অভাৱে বহু সময়ত খাটিখোৱা মানুহক শোষকৰ ভৰিৰ তলত বেছি সময় থাকিবলৈ বাধ্য কৰে। এই বাধ্য-বাধকতাই আমাৰ আৰু তেওঁলোকৰ মাজৰ দূৰত্ব।
প্ৰতীকক আৰু প্ৰশ্ন সুধিবলৈ মন নগ’ল। মই জানো ইয়াৰ পাছত আৰু বহুতো কথাই সি নিজে নিজে ক’ব। প্ৰতীকৰ সমুখত শ্ৰোতা হ’বলৈ ভাল। সি কেৱল বৰ্ণনা নিদিয়ে। তাৰ বৰ্ণনাৰ বেকগ্ৰাউণ্ডত আড্ডাৰ দৰে কাৰবাৰ এটা চলে। এটা পঞ্চভূজ হৈ সি বিভিন্ন দিশৰ পৰা একেটা পৰিস্থিতিক চাব জানে। তাৰ পাছত সিদ্ধান্ত আপোনাৰ—আপুনি বা মই কোনটো স্থিতিক শুদ্ধ বুলি ভাবে।
প্ৰতীকক শুনিবলৈ ভাল। চহৰৰ নামী কলেজ, ইউনিভাৰ্চিটিৰ মধ্যবিত্তীয় থিয়’ৰিটিকেল পৰীক্ষাবোৰৰ অবিহনেই সি মানুহৰ মাজৰ এক কন্ঠ। এই কন্ঠৰ বেচ্ একেবাৰে সৰল।
********
হোষ্টেললৈ সোমাই যোৱা বাটচ’ৰাটোত বেলেগ বেলেগ ডিজাইনৰ ছেল্ফি ফ্ৰেমবোৰ দেখি জঁপিয়াই পৰা পখিলাবোৰলৈ মোৰ আৰু অনিৰ্বাণৰ অতিৰিক্ত মনোযোগ জন্মিল। আমি চিগাৰেট টানি টানি পখিলাবোৰৰ চকু আৰু মুখৰ অভিব্যক্তি পঢ়িবলৈ আৰম্ভ কৰিলোঁ।
আচলতে আজিৰ দিনটোত চিগাৰেট হুপি হুপি পখিলা চোৱাৰ বাহিৰে আমাৰ বিশেষ কামো নাছিল। আমি জানিছিলো আমাক চোৱা প্ৰজন্মৰ পৰা আমি কেতিয়াবাই আঁতৰি আহিছোঁ। অনিৰ্বাণৰ মলিয়ন পোছাক, হাৱাই ছেণ্ডেল আৰু মোৰ দীঘল দাড়ি, জধলা চুলি চাবলৈ আমাৰ প্ৰেমিকা দুজনীয়ে আজিৰ দিনটোত অমান্তি হ’ব। পখিলাবোৰ তাতকৈও দূৰৰ অসম্ভৱ একোটা আৱৰণ।
জয়িতাই ৰাস্তাটো পাৰ হৈয়ে হোষ্টেলৰ গেটখনলৈ চোৱাৰ পৰিৱৰ্তে পাণ দোকানখনলৈ চালে আৰু আমাক দেখিয়ে জোঁৰকৈ হাঁহিবলৈ ধৰিলে। আমি দুয়োটা অলপ সচেতন হ’লো। তাই আমাক কামোৰাৰ পৰিৱৰ্তে আমি তাইক এটা আক্ৰমণ দিয়া ভাল।
--ছোৱালীবোৰ দুইপ্ৰকাৰে জুমৰ মাজত বিখ্যাত। এক, অত্যাধিক মেকআপ, জাকজমকতাৰে। দুই, একেবাৰে সাধাৰণ, দৈনন্দিন অৱতাৰেৰে। তুমি আজি দ্বিতীয় শ্ৰেণীটো নিৰ্বাচন কৰিলা মানে।
অনিৰ্বাণৰ টিপ্পনীত জয়িতা ইমান আচৰিত নহ’ল। তাই যেন এই আক্ৰমণ আশা কৰি আহিছিলেই। সেই একেই কায়দাত সমুখৰ চুলিখিনি তাই পাছলৈ নিলে আৰু ক’লে—ব’ল যুদ্ধত নামো।
জয়িতা, অনিৰ্বাণ আৰু মোৰ মাজত আটাইতকৈ কম কথা কোৱা মানুহটো হৈছো মই। জয়িতাই যিমান উচ্চ স্বৰত কথা কয়, সিমান উচ্চ স্বৰত হাঁহেও। তাইৰ বাবে হোষ্টেলৰ ভিতৰত আমি বৰ বেছি বিপদত নপৰিলেও, বিৰক্তও নহওঁ। তাতোকৈও ডাঙৰ কথা তাই লগত থাকিলে পখিলাবোৰৰ সৈতে পোনপটীয়া মুখামুখি হোৱাৰ সম্ভাৱনা অধিক । জয়িতা, অনিৰ্বাণ আৰু মই—আমি কোনো ভাল কেৰিয়াৰৰ অংশীদাৰ হোৱা নাই আজি পৰ্যন্ত।(যদিও আমাৰ মোটা নম্বৰৰ লেমিনেশ্যনযুক্ত মাৰ্কচিট ফাইলত সোমাই আছে)। কিন্তু কলেজীয়া দিনৰ স্মৃতিকাতৰতাত ৰৈ আমি আজিও হোষ্টেলৰ সৰস্বতী পূজা বাদ দিব পৰা নাই।
--আচ্চা এই সৰস্বতী নামৰ ধাৰণাটো ইমান পপুলাৰ কিয়?
অনিৰ্বাণে দলিয়াই দিয়া প্ৰশ্নটোৰ উত্তৰ দিবলৈ মই কোনোপধ্যেই আগ্ৰহী নহয়। মোৰ ঢাণ্ডা গধূলিৰ বাবে কিবা এটা মেনেজ কৰিব পাৰি নেকি। মোৰ ঢাণ্ডাটোত অনিৰ্বাণৰো সমান অংশীদাৰিত্ব আছে। এটা পৰ্যায়ৰ পাছত এই ঢাণ্ডাটোক লৈ সিয়ো মাথা মাৰিব।
-আমি কি কৰিছিলোঁ জান’ আগতে—সৰস্বতী হেৰাব বুলি ৰাজহাঁহ নাখাইছিলোঁ। অথচ আমাৰ বৰদেউতাৰ ঘৰৰ পাছ চোতাল ৰাজহাঁহৰ গুৰে উপচি আছিল। আমাৰ বাৰীৰ ঢাপৰ কাষৰ বৰ পুখুৰীটোত সৰস্বতী নোহোৱাকৈয়ে ৰাজহাঁহ চৰি আছিল। সৰস্বতীৰ বাবে কিবা ধৰ্মীয় আবেগ থকাৰ পৰিৱৰ্তে আমি আছিলোঁ ৰাজহাঁহ নামৰ প্ৰাণীটোৰহে ভক্ত। এতিয়া মনত পৰিলে বৰদেউতাহঁতৰ পিছচোতাললৈ মনত পৰে। এবাৰ কি হ’ল শুন—
জয়িতাই আৰম্ভ কৰিলে যেতিয়া পখিলাবোৰ কমাৰ্চিয়েল এড হৈ পৰিল হঠাত্।
-কি হ’ল?
-আমাৰ গাঁৱৰ এটা বামুণ আছিল—বিখ্যাত নহয়—কিন্তু অখ্যাত হ’লেও পপুলাৰ আছিল। মানে আমি পপুলাৰ কৰিছিলোঁ তাক। সি ৰে’ল লাইন পাৰ হৈ পথাৰৰ মাজেৰে চমু বাট বিচাৰি বিচাৰি বৰদেউতাহঁতৰ পাছচোতাল পালেহি। গোটেই ৰাজহাঁহখোপাই এই অচিনাকি অৱতাৰক দেখি একেলগে চিঞৰিবলৈ ধৰিলে। ইফালে তেতিয়া ৰাজহাঁহৰ পাছফালে পোৱালিবোৰৰ একোটা জবৰদস্ত সমদল। মায়ে কচু বুটলি থকাৰ পৰা আন্দাজতে চিঞৰিলে বৰটোকোলা, বৰটোকোলা...। আমাক আৰু কোনে পায়—চিধাই চাপৰ জপনাখন জঁপিয়াই বৰদেউতাহঁতৰ পাছ চোতাললৈ দৌৰিলোঁ। আমাৰ হুলস্থূলত বামুণ কিংকৰ্তব্যবিমূঢ়। চুৰিয়া চম্ভালিবলৈ যাওঁতে ৰাজহাঁহৰ গুত পিছলি যি অৱস্থা! বামুণ তাৰ পাছতে পপুলাৰ হৈ গ’ল।
-মানে?
-মানে সেই বামুণেই আমাৰ গাঁৱৰ স্কুলত সৰস্বতী পূজাৰ মন্ত্ৰ মাতিছিল। আমি গোটেই লগৰবোৰক পৰিস্থিতিটোৰ বৰ্ণনা দিলোঁ—বোলো বামুণে ৰাজহাঁহৰ বিষ্ঠা খালে। সৰস্বতীক ইমান নিষ্ঠাৰে পূজা বামুণ আৰু ক’ত পাবা।
-কে...!!
মোৰ মুখেৰে ওলাই আহিব খোজা বিশেষণটোত ব্ৰেক মাৰিব লগা হ’ল ত্বৰিত গতিৰে আগুৱাই অহা এজনী পখিলাই জয়িতাক মতা দেখি।
পখিলাজনী সম্পৰ্কে কোনে চমুটোকা নিদিয়াকৈয়ে এক অৰ্থপূৰ্ণ হাঁহি মাৰি পখিলাজনীৰ লগত জয়িতা উঠি গল’। যিমান পাৰি সিমান দক্ষতাৰে পখিলাজনীৰ সমানে সমানে তায়ো ছেল্ফি ফ্ৰেমৰ পাছফালে ৰ’ল। ফ্ৰেমৰ বাহিৰৰ পৰা পখিলাজনীয়ে ছেল্ফি ল’লে।
ছেল্ফি ফ্ৰেমবোৰ দ্বিধাগ্ৰস্ত সময়ৰ চিত্কাৰ হৈ ভাহি উঠিল মোৰ সমুখত। এই চিত্কাৰ কাৰ বাবে? এই চিত্কাৰ শুনিব পৰাকৈ পখিলাবোৰ সাজুনে? এই ৰুগ্ন সময়ৰ দীঘলীয়া পুঁজিবাদী অংকত একো একোটা ছেল্ফি তত্ক্ষণাত্ একো একোখন ডিজিটেল আত্মজীৱনী হৈ পৰিল।
-পখিলাবোৰ বেছিদিন নাথাকে।
অনিৰ্বাণে উদ্দেশ্যবিহীনভাৱে কথাষাৰ ক’লে। কাক ক’লে—কিয় ক’লে বুজা টান! তাৰ কথাবোৰ কেতিয়াবা কেইবাটাও অৰ্থৰ সমূহীয়া প্ৰতিধ্বনি হৈ পৰে। সমুখৰজনে নিজৰমতে একোটা অৰ্থ নিৰ্বাচন কৰি ল’ব পাৰে। মন গ’লে আটাইবোৰকে গ্ৰহণ নকৰাকৈও থাকিব পাৰে।
-এনেও পখিলা বেছিদিন নাথাকে।
প্ৰতিধ্বনিৰ দৰে মইও অনিৰ্বাণৰ কথাকে আওঁৰালো আৰু ছেল্ফি জ’নটোৰ জুমবোৰৰ পৰা বিচ্ছিন্ন হৈ পৰা মুখবোৰ পঢ়িবলৈ ধৰিলোঁ। ৰং ভৰ্তি মুখবোৰে লৈ ফুৰা কাহিনীবোৰ আৰু সিহঁতৰ ছেল্ফিবোৰত প্ৰমাণিত কৰিবলৈ বিচৰা প্ৰবৃত্তিবোৰৰ মাজত অনিৰ্বাণৰ দৰে ময়ো একোটা পাৰ্থক্য বিচাৰি পালোঁ।
আৰু এনেকৈয়ে কি গাওঁ—কি চহৰ সকলোতে ছেল্ফিৰূপী ডিজিটেল আত্মজীৱনীবোৰ বাঢ়িবলৈ ধৰে। বাঢ়িবলৈ ধৰে সেইবোৰৰ দৰ্শক। দিনে দিনে কথাতকৈ ছেল্ফিবোৰ মানুহৰ অধিক বিশ্বাসী হৈ উঠে। মানুহে ছেল্ফিৰে কৈ থকা কাহিনীবোৰ বহু সময়ত বাস্তৱৰ সৈতে নিমিলে—নিমিলে সেইবোৰৰ পোহৰ এন্ধাৰ। নিমিলে চকুৰ ভাষা, ওঁঠৰ আচৰণো। তথাপি নাৰ্চিচাছৰ দৰে ছেল্ফিবোৰ পৰিণত হয় একোটা পৰিক্ৰমাত। নিজৰ পৰা নিজতে মজি থকা চকুবোৰৰ গৰাকী পখিলাবোৰ ঘূৰি থাকে সেই নিৰ্মোহ পৰিক্ৰমাত।
যেন ক’তো একো হোৱাই নাই।
যেন ক’তো কোনো ৰোৱাই নাই।
যেন ইয়াৰ পৰা আগলৈ আৰু কোনো বাটেই নাই।
ইমান নিচা আৰু যেন একোতে নাই।
********
খবৰটো মোলৈ আহিল চহৰৰ পৰা । মই তেতিয়া কোলাহলৰ পৰা বহু দূৰৈত । মই যে ইয়াত আছোঁ সেয়া প্ৰতীকৰ বাহিৰে আন কোনেও
নাজানে । জয়িতাই ফ’ন কৰি খবৰটো দিলে মোক ।
দুদিন আগত প্ৰতীকক লগ পাইছিলোঁ । সিয়ে মোক সীমান্তৰ এই গাঁওখনত থৈ গৈছিল । থকাৰ ব্যৱস্থাও সিয়ে কৰি দিছিল। দুদিনৰ ফিল্ড ৱৰ্ক এটা কৰিব লাগে। কিন্তু আহিয়ে ভাবিছিলোঁ কেইদিনমান বেছিকৈ থাকি
যাওঁ ইয়াত।
-
আপোনালৈ কালিৰ পৰা
ফোন কৰি আছোঁ। কিন্তু লগা নাই।
-
অ নেটৱৰ্ক নোপোৱা
ঠাইত আছিলোঁ। আজি ওলাই আহিছোঁ বাবেহে....
-
আপুনি প্ৰতীকৰ খবৰ
এটা লব। সি টাউনৰ চিভিলত আছে।
-
চিভিলত ?
-
সেইবোৰ ফেচবুক
খুলিলেই গম পাব।
চুমুৰ পৰা
নামিয়ে মই মোবাইলৰ ডাটা অন কৰিলোঁ। ফেচবুক নামৰ নেটৱৰ্কটো যিমানে অমান্য কৰিলেও ঘূৰি ঘূৰি আকৌ সেইটোলৈকে উভতি
আহিব লগা হয়। জয়িতাই কোৱাৰ দৰেই
প্ৰতীকহঁতৰ প্ৰতিবাদ আৰু আৰক্ষীৰ বৰ্বৰতা ভৰা ভিডিঅ'টো ফেচবুকত ঘনাই ঘূৰিবলৈ ধৰিলে। তাৰ সমান্তৰালভাৱে প্ৰতীকৰ ভাষ্যখিনি দুখনকৈ নিয়মীয়া কাকতৰ
প্ৰথম পৃষ্ঠাত প্ৰকাশ পালে। দুদিন ধৰি উত্তপ্ত ফেচবুক আৰু প্ৰতীকৰ তপত শব্দবোৰে চলি থকা ব্যৱস্থাটোৰ বহু কথা ভাবিবলৈ
বাধ্য কৰিলে।
মোৰ সন্মুখৰ
বাটটো হঠাত এখন ট্ৰাকে উৰুৱাই থৈ যোৱা ধূলিৰে ভৰি পৰিল। ধূলিবোৰত বৰ বেছি সৌন্দৰ্য
নাথাকে। ধূলিবোৰত বৰ বেছি
নতুনত্বও নাথাকে। তথাপি শীতে
আমন্ত্ৰণ জনোৱা ধূলি আৰু গধুৰ গধুৰ বাটবোৰৰ মাজত এটা নীৰৱ বুজাবুজি চলে। এই বুজাবুজি প্ৰতিজন গৈ থকা
বাটৰুৱাই বুজে। এই বুজাবুজিলৈ
প্ৰতিজন প্ৰতিযোগীয়ে সচেতনতাৰে অপেক্ষা কৰে। এই বুজাবুজিত এক তথ্য গধুৰ ৰাজনীতি থাকে। সেয়ে হয়তো ধূলিত কোনো সৌন্দৰ্য নথকাৰ পাছতো আমি ধূলিভৰ্তি
বাটৰ ফ্ৰেমটোক বৰ বেছি অশুৱনি নেদেখো।
ধূলিভৰ্তি
বাট এটাৰে আগুৱাই গৈ থাকোঁতে সেইদিনা প্ৰতীকেও মোক এনেকুৱা কিছুমান কথাই কৈছিল।
-
আপুনি ভাবিবও
নোৱাৰে জেলৰ ভিতৰত কি চলি আছে।
-
মানে ?
পুৰণি গোচৰ এটাৰ
অজুহাতত প্ৰতীক আকৌ এবাৰ স্থানীয় প্ৰতিপত্তিশালী নেতাৰ ষড়যন্ত্ৰৰ বলি হৈছিল। দেউতাকৰ শ্ৰাদ্ধৰ পিছদিনাই তাৰ হাতত হেণ্ডকাপ লগাই
লৈ যোৱা দৃশ্যটোত প্ৰতীক নিজে সিমান আচৰিত হোৱা নাছিল। সি বুজিছিল সংগঠনৰ মূল নেতাক বন্দীশালত ৰাখি সিহঁতৰ দৰে কেডাৰৰ ওপৰতো এক কঠোৰতাৰ
অনুশীলন ইতিমধ্যে আৰম্ভ কৰা হৈছে।
এই আৰম্ভণি আজিৰ নহয়। এই আৰম্ভণিৰ আঁৰত ভীতিগ্ৰস্ততাৰ এক দীঘলীয়া পাশাখেল ৰচি থকা
হৈছে। প্ৰতীক এই পাশা
খেলৰে অন্যতম চিকাৰ।
-
জেলৰ ভিতৰতো বাগানৰ
চাহাব চাহাবেই। চাহাবৰ বাবে ৰাজ আতিথ্য। চাহাবৰ বাবে মিনাৰেল ৱাটাৰ। পাঠা মাংস। মোটা চাউলৰ ভাত।
প্ৰতীক ৰৈ যায়। ধূলিবোৰ আমাৰ
চকুৱে-মুখে লিপিট খাই পৰে। প্ৰতীকে নোকোৱা বহু কথা ধূলিবোৰে কয়।
বোনাছৰ টকাৰ বাবে শ্ৰমিকৰ বুকুত ঢিপঢিপ উত্তেজনা - প্ৰাপ্য বিচাৰি প্ৰতিবাদ কৰাৰ মাজতো বিষন্ন হৈ পৰা চকুবোৰ - দাগ লগা আঙুলিবোৰ- মঙহহীন বুকুবোৰ—এইবোৰো মিলি ধূলিত যায়। ৰদত শুকাই যায়। বৰষুণত ভিজি যায়।
চাহাবে চাহাবৰ কাম
কৰে। কম্পিউটাৰত টকাৰ
লেনদেন কৰে—অকচনত চাহ বেচে ওপৰৱালাই। শ্ৰমিকৰ শৰীৰত তেতিয়াও গুলী ফচি থাকে।
-
ডাক্তৰে কি কয় জানে—তেজত মিলি যাব গুলী, লেট্ৰিনত ওলাই যাব গুলী। এতিয়া আপুনিয়ে কওঁক আপুনি কাৰ পক্ষ লব ? সংগঠন কৰক বা নকৰক, সময় আৰু পৰিস্থিতিয়ে আপোনাক বা মোক শ্ৰমিকৰ পক্ষ ল’বলৈকে বাধ্য নকৰিবনে ?
প্ৰতীক ধূলিবোৰৰ
মাজতো স্পষ্ট আছিল। ঠিক সময় আৰু ৰহস্যৰ মাজৰ চিনিব পৰা-নোৱৰা খেলটো হৈ ধূলিবোৰ উৰি
আছিল। প্ৰতীকৰ কথাবোৰত ফুটি উঠা ৰুক্ষতা দিনে দিনে জটিল হৈ উঠা নেতাগিৰিতকৈও বেছি
আছিল অধিকাৰৰ আস্ফালনৰ দৰে। এনে আস্ফালন
উপন্যাসত পঢ়িবলৈ ভাল, চিনেমাত চাবলৈ ভাল, আড্ডাত
উৰুৱাই দিবলৈয়ো ভাল। কিন্তু এনে আস্ফালনৰ সমুখত সময় আৰু ৰহস্যৰ মাজৰ পাৰ্থক্যটো
চিনি উঠাৰ পাছতো টিকি থকা ইমানে সহজ নহয়।
প্ৰতীকহঁত তেতিয়াও টিকি আছিল। জেলৰ পৰা
ওলায়ে প্ৰতীক আৰু বহুকেইজন গৈছিল বাগিচালৈ। লেবাৰ লাইনৰ শ্ৰমিকৰ ওচৰত তেতিয়ালৈকে
কোনো চৰকাৰী প্ৰতিনিধি, দল-সংগঠনৰ বাৰ্তাবাহক উপস্থিত হোৱা নাছিল। শ্ৰমিকৰ কঠিন মুখবোৰ তেতিয়াও আছিল ধূলিময়। কিন্তু ধূলিত মিহলি নোহোৱা কাঠিন্যই প্ৰতীকক এক
সিদ্ধান্ত লোৱাত সহায় কৰিছিল। সেয়ে সি কৈছিল
-
কাইলৈ আমি চহৰৰ
মাজমজিয়াত প্ৰতিবাদ কৰিম। আজি যদি এইসকল শ্ৰমিকৰ হৈ কথা
নকওঁ তেন্তে আমি কেনেকৈ নিজকে খেতিয়কৰ সন্তান বুলি কম !
প্ৰতীকক লগ
পোৱাৰ আগলৈকে মানুহৰ কথাবোৰ বাৰে বাৰে দোহাৰি থকাৰ ‘কামোৰ’টোৰ পৰা মই
কেতিয়াবাই অব্যহতি লৈছিলোঁ। নিজৰ মাজতে নিজে মৰি মৰি যি বাটত হতাশাগ্ৰস্ত হৈছিলোঁ, সেই বাটৰ সময়েই এদিন মোলৈ ইমানবোৰ ৰহস্য কঢ়িয়াই
আনিব মই ভবাও নাছিলোঁ।
প্ৰতীকহঁতে
তাৰ পাছতো হাঁহি আছিল। মোক পিঠিৰ দাগবোৰ
দেখুৱাইছিল। সিহঁতৰ দাগবোৰৰ দৰে
কঠোৰ আছিল এই সময়ো। তাৰ পাছতো—সময়ৰ এই আতিশয্যৰ কোনো
কাৰুকাৰ্যখচিত ব্যাখ্যা নথকাৰ পাছতো হাঁহি থকা প্ৰতীক আৰু দিগন্তহঁতৰ চকুবোৰে
ধাৰাসাৰ কথা কৈ আছিল ।
...........................
এই কাহিনীত
মই আহি সোমোৱাৰ কোনো আগতীয়া পৰিকল্পনা নাছিল। জয়িতা আছিল এই কাহিনীৰ অন্যতম মাধ্যম।
মাধ্যমৰ
অবিহনে বহু কথোপকথন আধৰুৱা হৈ ৰয়। মাধ্যমে এনেকুৱা এক পুৰণি কৌশল, যাক পাৰ কৰিয়ে যাত্ৰাৰ আচল উদ্দেশ্য বুজিব পাৰি। নহলেবা পুৰণি উদ্দেশ্যকে আকৌ সোঁৱৰি লব পাৰি।
জয়িতাৰ সৈতে
মোৰ হয়তো প্ৰেম হোৱা নাছিল। আচলতে আমি দুয়োজনেই এজনে আনজনৰ প্ৰেমত নপৰিবলৈ সকলো সময়তে সচেতন আছিলোঁ। আমি বিচাৰিছিলোঁ হৈ থকা ঘটনাবোৰকে উত্স কৰি একোটা
দীঘলীয়া বাৰ্তালাপ চলাই থাকিবলৈ। কিন্তু কেতিয়াবা কোনো এক বাৰ্তালাপৰ সুৰুঙাত আমি এজনে আনজনক পঢ়িবলৈও চেষ্টা
কৰিছিলোঁ। জয়িতা যিমানেই
সংবেদনশীল আছিল, মই সিমানেই প্ৰেকটিকেল। প্ৰেকটিকেল আৰু মেচিয়ৰড—এই দুয়োটা ভ্ংগীমাই মোক জয়িতাৰ প্ৰতি থকা দুৰ্বলতা দেখুওৱাত বাধাৰ সৃষ্টি
কৰিছিল। মই যিমানেই নিজৰ
মেচিয়ৰড লেভেলত ধীৰ হৈ আছিলোঁ, জয়িতই সিমানেই এক দূৰত্বত অৱস্থান কৰিছিল।
মাজে মাজে ইচ্ছা কৰিয়ে মই জয়িতাৰ সৈতে কথা
নপতাকৈ আছিলোঁ। ইচ্ছা কৰিয়ে তাইক
মনত নেপেলাবলৈ বিভিন্ন কৌশল অনুসৰণ কৰিছিলোঁ। কিন্তু ঘটনাবোৰেই এনেকুৱা আছিল যে নিবিচৰাকৈয়ে
জয়িতা মোৰ লগত সংলগ্ন হৈ পৰিছিল।
এই সংলগ্নতাৰ নাম মই প্ৰেম বুলি ডাঠি কব পৰা নাছিলোঁ। হয়তোবা মোৰ সিমান সাহসেই নাছিল। জয়িতাই ঠিকেই কৈছিল, প্ৰেমত পৰিবলৈ সাহস লাগে। আজিকালি মানুহে প্ৰেম কৰাৰ আগতেই ইমান ভাবে যে
প্ৰেম কৰা নহয়গৈ, পচন্দহে কৰা হয়।
জয়িতাই
কথাবোৰ পোনপটীয়াকৈ কব পাৰে। তাই কথাবোৰত ভ্ৰম হৈ ঘূৰি নুফুৰে। তাই মোৰ দৰে কনফিউজড্ নহয়। চঞ্চলতাৰ মাজতো জয়িতাৰ এই স্পষ্টবাদিতাই মোক মোৰ গহীন ৰূপটোৰ আগতে পৰাজিত কৰি পেলায়।
-
আপুনি প্ৰতীকহঁতৰ
কথাবোৰ লিখোতে সিহঁতক অত্যাধিক সমৰ্থন কৰাৰ দৰে কিবা এটা ফুটি উঠিছে।
-
কৰিছোঁ বাবেইতো
লিখিছোঁ।
জয়িতাৰ ক্ষোভ ভৰ্তি কথাৰ ময়ো তীক্ষ্নভাৱে উত্তৰ দিলোঁ।
-
কিয় কৰিছে ? কাৰণ আপুনি সিহঁতক চিভিলত পৰি থকা দেখি আহিলে, সিহঁতৰ পিঠিৰ
দাগবোৰ দেখিলে, সিহঁতৰ প্ৰতি অলপ আৱেগ অনুভৱ কৰিলে—সেইবাবেই। অকল সেইবাবেই সিহঁতৰ সমৰ্থনত
আপুনি আৱেগ বিহ্বলভাৱে এই বাতৰি লিখিব নেকি?
-
নহয়। বাতৰিত মই একো লিখা নাই। মই লিখা কথাবোৰ প্ৰতীকহঁতৰে কথা—অ’ অলপ আৱেগ আছে—কিন্তু যন্ত্ৰণাওতো আছে।
-
তাৰ মাজতো সিহঁতৰ
ৰাজনৈতিক স্থিতিটো দেখুওৱা জৰুৰী। নহলে সিহঁত চ’ কলড নেতাগিৰি কৰা
হিৰো হৈ ৰৈ যাব।
আৰু হিৰো বেছিদিন নাথাকে। হিৰো সলনি হয়। চিনেমাও সলনি হয়, কাহিনী অথবা ডায়লগ যদিও একে থাকে।
-
কেতিয়াবা কিছুমান
স্থিতি দেখুৱালৈ একেবাৰে সাধাৰণ আৰু সৰল প্ৰত্যাহ্বান দিব লগা হয়। প্ৰতীকহঁতকো সৰল অথচ সুস্থিৰ
হিচাপে দেখুওৱাটো জৰুৰী। তাৰ খাতিৰত আমিও কিছুমান
অৱস্থান লৈছোঁ।
-
কিন্তু এইবোৰ
অৱস্থানচোন খন্তেকীয়া !
মই জানিছিলোঁ
জয়িতাই এনে এক কথা উলিয়াবলৈকে এই বাৰ্তালাপৰ আৰম্ভণি কৰিছে। সেয়া ক'লো—
- এই
মুহূৰ্তত আমি আটায়ে লৈ থকা অৱস্থানবোৰ খন্তেকীয়া।
জয়িতাই একো নকলে। তাই খঙো নকৰিলে। প্ৰতিবাদবিহীনভাৱে তাই যে এই কথা মানি লোৱা নাই, সেয়া ময়ো জানো। কিন্তু খন্তেক ৰৈ তাই কি উত্তৰ দিব তাৰ আগতীয়া
অনুমান কৰাৰ চেষ্টা মই নকৰিলোঁ। কিছুমান সময় আৰু ৰুক্ষতাত মৌনতা এক ডাঙৰ সুৰংগ হৈ উঠে যাৰ মাজেৰেই সোমাই পোহৰ পাব
পাৰি।
জয়িতা মোৰ
বাবে সুৰংগৰ শেষত লগ পোৱা পোহৰ হৈ পৰিছিল। জয়িতাই মোতকৈ কম দূৰত্বৰ পৰা প্ৰতীকহঁতক দেখা পাইছিল। তাই সিহঁতক যিমানে ওচৰৰ পৰা দেখিছিল সিমানেই
অস্পষ্ট এক স্বীকাৰোক্তিত অস্থিৰ হৈ পৰিছিল। এই অস্পষ্টতা গোটেই প্ৰজন্মটোৰে স্বাভাৱিক লক্ষণ আছিল। সিহঁতে মন গলেই বাওঁপন্থী হৈ মাত মাতিছিল, মন গলেই
জাতীয়তাবাদী হৈ ৰাস্তালৈ আহিছিল। অৱশ্যে সিহঁত নিজৰ অস্পষ্টতাৰ মাজতো ৰৈ যোৱা নাছিল।
জয়িতাই এই কথাবোৰ মোতকৈ ভালকৈ বুজিছিল। মই ঘৰখনৰ পৰা স্বাৱলম্বী হোৱাৰ ব্যাখ্যা দিছিলোঁ। তাই কৈছিল যে পুঁজিবাদে সেই ব্যৱস্থা কাহানিবাই
নস্যাত্ কৰিছে।
-
আপুনি নিজৰ ঘৰখন সবল কৰিব পাৰিব। কিন্তু বজাৰখন নিয়ন্ত্ৰণ
নকৰালৈকে আপোনাৰ স্বাৱলম্বী ঘৰখন প্ৰকৃত অৰ্থত স্বাৱলম্বী হব নোৱাৰে।
-
তেন্তে সকলো
ৰাস্তালৈ ওলাই আহিব নেকি? ৰাস্তালৈ
কিমান আন্দোলন আহিল আৰু গ'ল, হ’ল জানো সমস্যাৰ সমাধান ?
-
কেৱল ৰাস্তাৰ
আন্দোলনে সমস্যাৰ সমাধান কৰিব বুলি আশা কৰি থকা নাই আমি। কিন্তু ৰাস্তাৰ আন্দোলনৰ সমান্তৰালভাৱে এক নীৰৱ আন্দোলনো আমাক লাগিব । ঠিক আপুনি কোৱা
ঘৰখনৰ স্বাৱলম্বিতাৰ দৰে প্ৰক্ৰিয়াটো।
জয়িতাই ইচ্ছা কৰিয়ে প্ৰতীকহঁতক পোনপটীয়াকৈ, কেৱল ৰাস্তাত ৰৈ যাবলৈ সমৰ্থন দিয়া নাছিল। তাই সিহঁতৰ হৈ থাকিবলৈকে সিহঁতক সমলোচনাও কৰিছিল। নেতাৰ মোহাচ্ছন্ন মেজিকৰ পৰিৱৰ্তে তাই বিচাৰিছিল
কেডাৰবোৰ আৰু সবল হওঁক। সিহঁতৰ মাজৰ পৰা
নতুন নতুন নেতা ওলাই অহাৰ অনুশীলন আৰম্ভ হওঁক।
এটা অস্থিৰ প্ৰজন্মৰ মাজতো মই এক স্থিৰ
কন্ঠ শুনিবলৈ পাইছিলোঁ। এই কন্ঠত ক্ষণস্থায়ী মেজিক নাছিল সঁচা । কিন্তু
মেজিকৰ পাছত ৰৈ যোৱা শিহৰণৰ দৰে এক প্ৰাত্যহিকতা আছিল।
এনে প্ৰাত্যহিকতাৰ সংকেত তেনেই উলাই কৰিব
পৰা বিধৰ নাছিল। সময়ৰ তীক্ষ্ন, গধুৰ অৱলোকন আৰু
সস্তীয়া, সহজলভ্য মোহাচ্ছন্নতাৰ মাজৰ পাৰ্থক্যত এই সংকেত আছিল বেছ অৰ্থবহ।
ইমানবোৰ
বিতৰ্কৰ পাছতো জয়িতাৰ পৰা চকু আঁতৰাই আনিব পৰা নাছিলোঁ। কি আছিল তাইৰ চকুত ? এনেকুৱা কাহিনী গধুৰ চকু মই বহু বিৰতিৰ পাছত লগ
পাইছিলোঁ। জয়িতাৰ ৰঙভৰা ওঁঠৰ
পৰিৱৰ্তে তাইৰ চকু আছিল একেবাৰে শান্ত। এই শান্ত পৰিভাষাই তাইৰ বিষয়ে ধাৰণা লোৱাত সহায় কৰিছিল। এনে লাগিছিল তাইৰ বাহ্যিকতা এক আধুনিক আৱৰণহে। তাইৰ চঞ্চলতা এক মেহনতলদ্ধ কৌশলহে। আচলতে জয়িতা ভিতৰি এক মৰা মানুহ।
মোৰ দৰে। অ’ মোৰ দৰে এক মৰা মানুহ।
জয়িতাৰ চকুৰ পৰা মই চকু আঁতৰাই আনিছিলোঁ। পঢ়িছিলনে তাই মোৰো চকু, এই কথা বুজাৰ আগতেই মই আঁতৰি আহিছিলোঁ তাইৰ পৰা।
........................
জয়িতাই ওঁঠত ৰংবোৰ সানি বহু সময় নিজৰ প্ৰতিবিম্বকে চাই আছিল
আইনাত ।
আইনাখন পুৰণি হৈছে নে জয়িতা নিজেই সেই কথা বুজাৰ বাবে তাইৰ
কৌতুহল যে একপ্ৰকাৰৰ পাগলামি তাত কোনো সন্দেহ নাই। কিন্তু তাকেই কৰিবলৈ গৈ ওঁঠত ৰংবোৰৰ প্ৰলেপ কিছু
বেছিকৈয়ে সনা হল।
চুটি চুলিখিনি তাই
অলপ পিছফালে নিলে আৰু ৰবৰেৰে টানকৈ বান্ধিলে। সৰুতে এই কামটো মাকে বৰ কায়দাৰে, খুব কম সময়তে কৰি
দিছিল। তেতিয়া জয়িতাৰ চুলি
দীঘল আছিল—সেই কেঁকোৰা চুলিত বেণী গুঁঠি ৰঙা ৰবৰেৰে আগতো বান্ধি দিয়াৰ পাছতে জয়িতা দৌৰ
মাৰিছিল ৰেল আলিৰ টিলাটোলৈ। টিলাটো জয়িতাৰ নিজৰ আছিল—একেবাৰে নিজৰ। টিলাটোত শুই শুই জয়িতাই পাৰ হৈ যোৱা ৰেলবোৰৰ কঁপনি অনুভৱ কৰিছিল। কঁপিছিল জয়িতাই পিন্ধা ফ্ৰীল থকা ফ্ৰক, তাইৰ কপালৰ কাষৰ
কেঁকোৰা চুলিবোৰ, ৰেল আলিৰ কাষৰ বনগুটিবোৰ। ৰেলৰ কঁপনি আৰু জয়িতাৰ বুকুৰ কঁপনি এক হৈ যাওঁতে জয়িতাৰ এনে লাগিছিল তাই এখন বেলেগ দুনিয়ালৈ গৈ আছে। সেইখন দুনিয়াত সৱ বস্তুৱে কঁপি থাকে। কঁপি কঁপিও স্থিৰ হৈ থাকে। টিলাটো জয়িতাৰ বাবে আছিল যাদুৰ দৰে এক বাস্তৱ।
তাৰ পৰা তাই বহুতো
দৃশ্যই দেখিছিল। দেখিছিল দৈন্যতাত সিহঁতৰ ঘৰৰ
পাছফালৰ সাঁচিগছৰ হাবিখন কমি যোৱা—দেখিছিল পানীপতাৰে সৰকি অহা পানীয়ে কেঁচা মাটিৰ
মজিয়াখনত খান্দি পেলোৱা - পানীবোৰ মজিয়াত
নপৰিবলৈ মাকে গামলাটো পাতি দিওঁতে মাকৰ শুকান, অপুষ্টিকৰ বুকুখনো জয়িতাই দেখিছিল।
পাছদিনা জয়িতাই খেৰৰ জুমুঠিৰে ৰঙা মাটিৰ মজিয়াখন মচিছিল। খেৰৰ জুমুঠিৰ দাগটো মজিয়াখনত অৰ্ধবৃত্তৰ দৰে
বাঢ়ি বাঢ়ি গৈ আছিল। দেউতাক তেতিয়াও অহা
নাছিল। আহিছিল দেউতাকে
পঠোৱা পোষ্টকাৰ্ডৰ ফটোবোৰ। ফটোবোৰৰ পিছফালে দেউতাকে জয়িতা আৰু ভনীয়েকৰ নাম লিখি দিছিল।
একেখন
পোষ্টকাৰ্ডকে জয়িতাহঁতে কিমানবাৰ যে চাইছিল আৰু বাঁহৰ বেৰৰ ফাঁকত গুঁজি ৰাখিছিল।
আইনাখন চাই চাই জয়িতাই এইবোৰ কথালৈ উভতি
গৈ আছিল। হঠাত্ তাইৰ এনে
লাগিলে তাই পুৰণি হৈছে—পুৰণি হৈছে তাইৰ চখ, তাইৰ আচৰণ, তাইৰ আৱেগ, তাইৰ পুনৰাবৃত্তিবোৰো। বান্ধি ৰখা চুলিখিনি তাই খুলি দিলে আৰু ওঁঠৰ
ৰংবোৰো মোহাৰি পেলালে।
শৈশৱৰ সেই টিলাটোৰ দৰে যাদু যেন এক বাস্তৱ বিচাৰি ফুৰোঁতেই
নিজক যে কিমান সলনি কৰা হল। কেঁকোৰা চুলিবোৰ পোন কৰা হল, গাঁতত সোমোৱা চকুবোৰক কাজল সানি অন্ধকাৰ সুৰংগ কৰা হল, নিদ্ৰাহীন ৰতিবোৰক
ধোঁৱাৰ দৰে উৰুৱাই ফুৰা হল।
তাৰপাছতো সেই টিলাটোৰ দৰে যাদু আৰু
বাস্তৱৰ কঁপনি কতো নাই কিয় ? কথাবোৰ ভাবি ভাবি
জয়িতাই চুলিবোৰ খেলিমেলি কৰি পেলায়। বাহিৰত সাজি লোৱা চঞ্চলতাৰ এই কবচৰ মাজত জয়িতাই নিজৰে মৰা ৰূপটো দেখি চঁক খাই
উঠে।
.....................
জয়িতাই দূৰৰ পৰাই
মানুহৰ দীঘলীয়া মিছিলটোক চাই আছিল। ‘বিদেশীক অসমত স্বদেশী কৰিবলৈ দিয়া নহ’ব’—হালধীয়া বেনাৰত লিখা ৰঙা আখৰবোৰ ট টকৈ জিলিকিছিল চহৰৰ ব্যস্ত ৰাজপথত। আৰু তাৰ পাছৰ পৰাই দীঘলীয়া সমদলৰ মুখবোৰ একো
একোটা বোধগম্য চমুটোকা হৈ আগুৱাই আহি আছিল সমুখলৈ।
মুখবোৰ
বিভিন্ন ৰঙৰ সমাহাৰ হৈ পৰিছিল । কাৰোবাৰ চকুত আছিল শংকা কাৰোবাৰ প্ৰশ্ন। কোনোবাই যদি কৌতুহল কঢ়িয়াই ফুৰিছিল - কোনোৱে
অপেক্ষা। কিছুমানৰ
মুখত আছিল আশ্চৰ্য, কিছুমানৰ
ৰুক্ষতা । কিছুমান
মুখ উপলব্ধিৰ একোটা জাগৰণ হৈ পৰিছিল। সেইবোৰ মুখে মিছিলৰ অৰ্থ হয়তো বুজিছিল। বুজিছিল বাবেই তেওঁলোকৰ
মনোযোগ আছিল
নেতাৰ কণ্ঠত। মুখাবোৰ চাই, সেন্দুৰ নহ'লেবা দীঘল দাড়িবোৰ চিনাক্ত কৰি, মূৰৰ গামোচা অথবা টুপীক সংকেত হিচাপে
লৈ তেওঁলোকৰ ধৰ্ম, জাত, ভাষা নিৰ্ধাৰণ কৰা সিমানো জটিল নাছিল।
হাজাৰজনৰ
সমালোচনা বিৰোধীতা, অসমৰ্থন, বিতৰ্কৰ পাছতো এই মানুহখিনিৰ
মঞ্চক এতিয়া কোনেও অস্বীকাৰ
কৰিব নোৱাৰে। নোৱাৰে
বাবেই যে ই এক পথ ইতিমধ্যে ৰচনা কৰিছে কথাটো ঠিক তেনেকুৱা নহয়। নেতাৰ ভাষণত যিমানেই আপোচবিহীন, নতুন
সমাজৰ স্বপ্ন কঢ়িয়াই ফুৰা নতুন ধৰণৰ আন্দোলনৰ আৱাজ উত্থাপিত হৈছে- সিমানেই
মিছিলত সোমাই থকা মুখবোৰক পাঠ কৰা জটিল হৈ পৰিছে।
জয়িতাই
একান্তভাৱে নেতাৰ ভাষণৰ লগে লগে হাত চাপৰি বজোৱা মুখবোৰলৈ চাই আছে। তাইৰ বাবে চাপৰিবোৰ একোটাহত ঐকান্তিক প্ৰক্ৰিয়াৰ
অৰ্থবহ সংকেত হৈ পৰিছে।এই সংকেতলৈকে শক্তিশালী পক্ষই ভয় কৰে। এই
সংকেতকে নোহোৱা কৰিবলৈ হাজাৰটা বেৰিকোড সাজে। এই সংকেত বিয়পি
নাযাবলৈ শাসকে আৰম্ভ কৰে স্বদেশৰ জয়জয় ময়ময় বাৰ্তাবাহিনীৰ
মুখপত্ৰ।
ৰাতিলৈ
চহৰখন নীলা আৰু বগাৰ সমাহাৰত চিকমিকিয়া তপোবনলৈ পৰিণত হয়। চহৰ বোৰৰ দেৱালবোৰৰ প্ৰতিবাদ আৰু
শ্লোগান মোহাৰি সেইবোৰত আঁকি পেলোৱা হয় জাতীয় সংস্কৃতি, চাহবাগান, গঁড়, কামাখ্যা
মন্দিৰৰ ছবি। দিনৰ
ভাৰাক্ৰান্ত চহৰখন ৰাতি হৈ উঠে অভাৱবিহীন, প্ৰতিবাদ
বিহীন অথচ আকৰ্ষণৰ অভ্যাসত অশৰীৰী হৈ উঠা এক আলোড়ন। পুৱতি নিশাই সাৰ পাই গ্ৰীণ টি খোৱা, মেদবহুলতাৰ
বিপক্ষে কচৰত্ কৰা চহৰৰ শিক্ষিত মধ্যবিত্তসকলে ৰাতিপুৱা ক্লীন মহানগৰীৰ ফটো দিয়ে ছ'চিয়েল
মিডিয়াত। ইতিহাস প্ৰসিদ্ধ পুখুৰীৰ ওপৰৰ আকাশখন ভিন্নৰঙী ছাতিৰ সমাহাৰত দুলি
থকা বেবিলনৰ শিহৰন হৈ উঠে তেওঁলোকৰ বাবে
৷ তেওঁলোকে পাহৰি পেলায় এইখিনিতে
সৌ সিদিনাখন বানে খেদা এজাক মানুহে চৰকাৰৰ ওচৰত পুনৰ সংস্হাপনৰ বাবে মাটি অলপ বিচাৰিছিল ৷ তেওঁলোকে পাহৰি পেলায়
এই পুখুৰীৰ পাৰতে অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে এচামে চিঞৰিছিল ৷ এচামে হাত তালি
মাৰিছিল ৷ তেওঁলোকে চেলফি উঠে পঠপদৰ দেৱালত অঁকা চাহ
বাগিছাৰ নিখুঁত পেইণ্টিঙৰ সৈতে ৷ অথচ তেওঁলোকে পাহৰি পেলায়
সৌ সিদিনা বোনাচৰ পইচা বিচৰা লেবাৰে গুলি খাইছিল চাহাবৰ
৷ সেই গুলি তেজত লৈয়ে টিভিত নিজৰ ভাষ্য উজাৰিছিল ৷ তেওঁলোকে ফটো উঠে ৱাকিং জনৰ বাবে
পৰিষ্কৃত ৰাষ্টাৰ তীক্ষ্ন আলকাতাৰাৰ কঠিন আচ্ছাদনৰ ওপৰত বহি ৷ অথচ তেওঁলোকে পাহৰি পেলায়
কিছুদিন আগত লেবাৰৰ হৈ মাত মতা আৰু বাগিচাৰ চাহৰ বিৰোধিতা কৰাসকলক এনে এক ৰাস্তাতে গুৰুলা গুৰুলকৈ পিতা হৈছিল৷ সেই ফেচিষ্ট কাৰবাৰৰ বিৰোধিতা কৰি চহৰবোৰেও ছ'চিয়েল মিডিয়াত আপডেট দিছিল৷ তেওঁলোকে
মজি উঠে চহৰৰ ধাৰাবাহিক উৎসৱ আৱৰণত । এটাৰ পাছত এটা নতুন উৎসৱে তেওঁলোকক
কৰি তোলে নিচাগ্ৰস্ত ৷ দিনৰ সতেজ আৰু ৰাতিৰ আবেদনময়ী চহৰখনে খন্তেকতে ঢাকি পেলায় সকলো
অভাৱী ভ্ৰান্তি আৰু অকথিত আক্ৰমণক ৷ ইমান আশ্চৰ্য আৰু
বৈভৱ উৎসৱৰ মাজত কাৰো সময় নহয় প্ৰান্তীয় মুখবোৰলৈ এবাৰ ঘূৰি
চাবলৈ --- সেই মুখবোৰ নিজৰ মুখত আঁৰি
ল'বলৈ ।
...............................
ইয়াৰ
পাছতো কিবা কবলৈ বাকী থাকে বুলি মই ভবা নাছিলোঁ । নভবা, কোনো দিনে আশা নকৰা কিমান যে কথা প্ৰতিদিনে খবৰ হৈ চৰি ফুৰিছিল চৌপাশত ৷ কেতিয়াবা
খবৰবোৰৰ মাজত মোৰ নিজকে অজ্ঞাত কনো পৰকীয় খবৰ যেন লাগিছিল
-- যাৰ ‘খবৰ’ কোনেও ৰখা নাছিল৷ দুই প্ৰকাৰৰ খবৰেই টিকি থাকে- একেবোৰ সস্তীয়া অথবা একেবাৰে দামী৷
মই কোনো
এটা খবৰৰে পুৰ্নগঠিত আয়তন আয়ত্ব কৰা নাছিলোঁ ৷ প্ৰতীকহঁতৰ লগত যোগাযোগ কমিছিল মোৰ - খবৰৰ
দৌৰে সিহঁতৰ পৰা মোক আঁতৰাই কোনোবা
দুৰত্বলৈ লৈ গৈ আছিল ৷ আন্দোলন-প্ৰতিবাদ-আলোচনা - নিৰ্বাচনী
অংক, হিচাপ
নিকাচ -পিছফালৰ চৰ্তসুলভ কাহিনীবোৰ
কেতিয়াও বতাহত উৰি আছিল ৷
এনেকৈয়ে
এদিন মদৰ আড্ডাত ঐতিহাসিক ৰোমাঞ্চৰ কথা ওলাইছিল ৷ এটা প্ৰজন্মই সশস্ত্ৰ সংগ্ৰামৰ ৰক্তাক্ত
স্মৃতিবোৰলৈ মাজে মাজে উভতি চাইছিল ৷ বৃহৎ ছাত্ৰ
সংগঠনটোৰ আদৰ্শৰ মেৰুদণ্ডডালক লৈ যাবতীয় প্ৰশ্ন কিছুমান তুলিছিল ৷ কৃষক নেতাৰ নিপুনতাকো
সমালোচনা কৰিছিল ৷ এয়া কেৱল এটা প্ৰজন্মৰ ঐতিহাসিক ৰোমান্স আছিল বুলি মানি লৈ পেগটো
গিলিব খোজা নাছিলো ৷
বোধহয়
এইটো কাৰণতে এইটো
প্ৰজন্মক একেবাৰে সস্তীয়া যেন লগা নাছিল ৷ একেবাৰে দামী হৈ পৰাম্পৰগত সংঘাতবোৰক দাঙি
ধৰিব বুলিও পতিয়ন যাব পৰা নাছিলোঁ ৷ দোধোৰ-মোধোৰ স্হিতিবোৰৰ মাজতে এটা প্ৰজন্ম প্ৰেমত পৰিছিল - মৈথুনৰ পাছত প্ৰেমহীনতাৰে বিপন্ন হৈছিল - মাৰ্কশ্বিতবোৰৰ ল্যেমিনেশ্যনত সিহঁতৰ
বিশ্বাস কমিছিল - গধূলি হ’লেই নিচাসক্ত হৈ বেবেৰিবাং ধোঁৱাবোৰ
সামৰিছিল ৷ প্ৰত্যশদৰ্শীসকলে কেৱল ধোঁৱাবোৰ
দেখিছিল৷ ধোঁৱাবোৰক নিজৰ নিজৰ ধৰণে বাখ্যা কৰিছিল - তিৰস্কাৰ কৰিছিল - ধনাত্মক ঋনাত্মক ধাৰণাত
অন্তৰ্ভুক্ত কৰিছিল - সেয়াও কেৱল নিজ নিজ ইচ্ছাৰে ৷ কিন্তু এই ইচ্ছা
অথবা চইছবোৰৰ পাছতো ধোঁৱাবোৰৰ মাজত কিছুমান যন্ত্ৰনাকাতৰ
মুখ আছিল ৷ হাজাৰ যান্ত্ৰিকীকৰণৰ
পাছতো মুখবোৰত জাপ জাপ আৱেগ আছিল ৷
বহুপৰ
বোন্দাপৰ লগাৰ পাছতো কেম্পাচৰ গেট খোলাৰ আশংকা দেখা নাপাই মই উভতি আহিছিলো ৷ কিয় নাজানো
কালিৰে পৰা চচিয়েল মিডিয়াত বাৰে বাৰে ঘুৰি থকা মুখকেইখনৰ সাধাৰণ চকুবোৰে মোলৈ আঙুলি টোৱাই ৰৈ থকা যেন লাগিছিল ৷ সুন্দৰবড়ীৰ মোৰ সেই প্ৰিয় গলিটো -জয়িতা থকা
হোষ্টেলৰ সেই বিশেষ গলিটোৰ পাৰে পাৰে বিয়পি পৰা ওখ ঢেঁকীয়াবোৰক বৰ বিবৰ্ণ যেন লাগিছিল
সিদিনা
গাড়ীখনক
ৰখাবলৈ মই ইংগিত দিছিলো ড্ৰাইভাৰক৷ চিগাৰেটৰ ধোঁৱাবোৰ এৰি ঢেঁকীয়াবোৰলৈ চাই থাকোতে
মোৰ এনে লাগিছিল এইখিনিতে অৰ্নিবানৰ মুখেৰে এটা কবিতা শুনিম –
'খৰকৈ নাওবাবা
তেহে
উঠিব লহৰ
সৌ প্ৰান্তত
বহু আকাংশিত চহৰ
খৰকৈ
নাওবাবা
শব্দৰ
শৃখল ভাঙি'
-কাৰ আছিল এই কবিতা?
-ৰাজেন্দ্ৰ কুমাৰ শৰ্মাৰ ৷
জয়িতাৰ
কণ্ঠত কবিৰ নাম শুনি অলপ ঈৰ্ষাণ্বিত হৈছিলো ৷ কিন্তু তাইৰ ভ্ৰুৰ মাজৰ সেই কিঞ্চিত আভাখিনিৰ
অৰ্থই একে সময়তে এক শিহৰণ এৰি থৈ গৈছিল মোৰ চকুত ৷ এই ঢেঁকীয়াডৰাই সেই
শিহৰণজাকলৈ
মনত পেলাই দিয়ে ৷ মনত পেলাই দিয়ে ধোঁৱাৰ মাজতে উৰি থকিও অনিৰ্বানে এৰি দিয়া কন্ঠস্বৰলৈ
৷ সেই কন্ঠস্বৰত ইমান নিৰ্জনতা আছিল--
ঠিক যেন কনোবা নাতিশীতোষ্ণ
অৰণ্যৰ শীতল ৰাতিৰ ব্ৰেক্গ্ৰাউণ্ড মিউজিকহে। অতবোৰ নিৰ্জনতাৰ পাছতো অনিৰ্বাণক আওকাণ কৰিব
পৰা সাহস কোনো কোলাহলে কৰিব পৰা নাছিল। তুচ্ছ ঘটনাৰো অন্তৰ্নিহিত ব্যাখ্যা দিব পৰা স্পৰ্ধা অনিৰ্বাণৰ কন্ঠত আছিল।
এনে
কণ্ঠক কোলাহলৰ নিচাত মগ্ন চহৰে কেতিয়াবাই পিছ পেলাই থৈ আহিছে। বোধহয় তেনে কাৰণতে তথাকথিত আগশাৰীৰ কলেজৰ মধ্যবিত্তীয়
যুৱচামে ডিঙিত পিন্ধিব ল'ব লগা হৈছে উদণ্ড নামৰ বিশেষণ- বিশৃংখল নামৰ বিশেষণীয় বিশেষণো।
- কিন্তু এই বিশৃংখলতাৰ আঁৰৰ
সামাজিক কাৰণবোৰৰ অন্তৰ্নিহিত অৰ্থ চাব পৰাকৈ আমি একোজন অনিৰ্বাণ হ'ব
পৰা নাই।
জয়িতাই
কালি মেছেজত কৈছিল এই কথা। মেছেজটো পঢ়ি থাকোঁতে তাইৰ কণ্ঠটোও শুনি
থকা যেন লাগিছিল। সামান্যতমো সৃষ্টিশীলতা নথকা চিলেবাছবোৰে যেতিয়া
মগজুক শ্ৰেণীৰ উপস্থিতিৰ হাৰৰ ভিত্তিত প্ৰথম, দ্বিতীয়, তৃতীয়
বুলি নামাকৰণ কৰে- তেতিয়া সেইবোৰ মগজুক কেনেকৈ তুমি সামাজিক বুলি
ঘোষণা কৰিবা। সেইবোৰ মগজু কেতিয়াবাই মেচিন হৈছে। বিছনাৰ
বীৰ্য আৰু নিবনুৱাৰ শাৰী দুয়োটা নিমিলা অনুপাত হৈ সেই মেচিনবোৰক নিয়ন্ত্ৰণ কৰিছে। মেচিনে
নীতি শিক্ষা মানি লৈ কাম কৰিব বুলি এই কোলাহলৰ চহৰেহে বিশ্বাস কৰে- নিৰ্জনতাৰ
আলাপে এই মেচিনবোৰক এতিয়া আৰু নিচুকাব নোৱাৰে।
ইঞ্জিনীয়াৰিং
কলেজৰ মেচিন হ'বলৈ অনাগ্ৰহ প্ৰকাশ কৰি অনিৰ্বাণ কেতিয়া হেৰাই
গ'ল আমি ততেই ধৰিব নোৱাৰিলোঁ। বিলখনৰ কুঁৱলীৰ দৰে ৰহস্য গধুৰ আৱৰণ
এখন হৈ অনিৰ্বাণ কোনো চুক্তি নকৰাকৈ হেৰাই গ'ল। জয়িতাই তাক বিচাৰি নাপালে। বিচাৰি নাপালোঁ মই। সি কবি নহ'ল। নেতা নহ'ল। এটা লেলিহান চিমফনী হৈ মাথোঁ বাজি
থাকিল আমাৰ বুকুৰ নিৰ্জনতাত।
'কেতিয়াবা মই হেৰাই যাম' বুলি
কোনো হুংকাৰ নিদিয়াকৈয়ে কোনো দেৱালত কন্ঠস্বৰৰ প্ৰতিধ্বনি এৰি নিয়িয়াকৈয়ে, অনিৰ্বাণ
যোৱাৰ খবৰ এই চহৰে নাৰাখিলে, নুবুজিলে। সুন্দৰবড়ীৰ ঢেঁকীয়াৰ মৃদু কম্পন এটাই মোৰ গাত
জিকাৰ এটা এৰি গ'ল-
হেৰাই যোৱা মানুহক বিচাৰি গ'লে
জিকাৰৰ বাহিৰে আৰুনো কি পোৱা যায় !
.................
প্ৰতীকহঁতৰ কথাবোৰ- সিহঁতৰ
মাজতে ৰৈ যোৱাটো সেই সময়ৰ বহুতো বাৰ্তাবাহকে বিচৰা নাছিল। সিহঁতৰ নেতাজনক লৈ যিবোৰ প্ৰশ্ন
উত্থাপিত হৈছিল- সেইবোৰৰ আঁৰত বাৰ্তাবাহক
সকলৰ একো
একোটা স্বঘোষিত যুক্তি আছিল। কিছুমান যুক্তিয়ে জাতীয়তাবাদৰ কথা কৈছিল- কিছুমানে বিচ্ছিন্নতাবাদৰ। বিচ্ছিন্নতাবাদক কৈ এই সময়ৰ কোনো পোনপটীয়া ব্যাখ্যা
নাছিল। ইতিমধ্যে বিচ্ছিন্ন জনজাতীয়
সত্তাবোৰৰ দুৰ্বলতাৰ সুযোগ লৈয়ে পাহাৰ-ভৈয়ামে হিন্দুত্ববাদৰ একৰঙী ফাকু বিয়পি পৰিছিল। ঐশ্বৰ্যৰ গৰাকী শ্ৰেণী আৰু শ্ৰমিকৰ শ্ৰেণীৰ মাজত
থকা আত্মবিচ্ছিন্নতাও আছিল তাৰ বাবে জগৰীয়া। ঐশ্বৰ্যই শ্ৰেণীক সন্তুষ্টিৰ অধিকাৰী কৰিছিল। আনহাতে আন এটা শ্ৰেণী আছিল তেতিয়াও বৈষম্যৰ বলি।
এই দীঘলীয়া প্ৰতীকবাদৰ খেলখনক অসমৰ উত্তৰসুৰীয়ে
কেনেদৰে গ্ৰহণ কৰিব, তাক লৈ
সন্দেহৰ অৱকাশ থকাটো কোনো অস্বাভাৱিক
নহয়। কিন্তু উত্তৰসুৰী মানেটো
কেৱল নগৰীয়া মধ্যবিত্তৰ আস্ফালন নহয়।
বাগানলৈ সোমোৱাত মোক সহায় কৰিছিল প্ৰতীকহঁতে। সিহঁতৰ সংগঠনৰ ল'ৰাবোৰ
মোৰ পাছে পাছে বহু সময়লৈ ঘূৰি ফুৰিছিল। এইখন বাগনৰে চাহাব দুজনে জে'লৰ আতিথ্য ভোগ কৰি উভতি
আহিছে নিজৰ সাম্ৰাজ্যলৈ। তেওঁলোক
কোনোজনেই কথা পতাৰ আগ্ৰহ প্ৰকাশ
নকৰিলে। এটা ঘটনাতে ইমান সময় লাগি থকাৰ আগ্ৰহ তেওঁলোকৰ
নাই। তেওঁলোক ব্যস্ত নতুন বজাৰৰ
সন্ধানত, নতুন প্ৰক্ৰিয়াৰ বাছ-বিচাৰত, নতুন
উৎপাদনৰ অংকত।
মোৰো ইয়ালৈ অহাৰ কোনো নতুন চখ জন্মা নাছিল। কিন্তু ভিতৰুৱা সূত্ৰৰ পৰা মই গম পাইছিলোঁ কালি
ইয়াত এজনী মুছলিম লেবাৰক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। অৱশ্যে আজি
বাগানত সকলোবোৰ একেদৰেই চলি
আছে। ঘটনাটো সম্পৰ্কে কোনেও
মাত মতা নাই। লেবাৰৰ
লগত, সংগঠনৰ নেতাৰ লগতো
কথা পতাৰ কোনো পৰিৱেশ আজি ইয়াত নাই।
- আপুনি মিছাতেই নিজৰ সময় নষ্ট কৰিছে৷
কথাষাৰ শুনি পাছলৈ ঘূৰি চালোঁ । এজন
খীণ ল'ৰাই ম'বাইল টিপি মোলৈ নোচোৱাকৈয়ে
কথাষাৰৰ পুনৰাবৃত্তি কৰিলে ! ইতিমধ্যে প্ৰতীকহতঁক মই যাবলৈ দিছিলোঁ ! সিহঁত
থাকিলে যে কোনেও মোৰ লগত কথা নাপাতিব সেই কথা ময়ো বুজিছিলো৷
ল'ৰাজনলৈ
চাই মই হাঁহিলো আৰু তেওঁৰ পৰিচয় বিচাৰিলোঁ! তেওঁ নিজেই ক'লে
- আহক,আপোনাক মই মূল ৰাস্তালৈকে
আগবঢ়াই দিওঁ!
য'ত অনুসন্ধান বাবে আছিল ইমানবোৰ বিষয়, তাৰ পৰাই মই কিয় উভতি আহিঁছিলো সেই
কথাত আজিও আচৰিত হওঁ । ল'ৰাজনক দেখিয়ে বুজিছিলোঁ তাৰ বয়স আঠাইশৰ পৰা ত্ৰিশৰ ভিতৰত হ'ব । সি মোৰ আগ্ৰহ দেখি কাণৰ পৰা হেডফ'নডাল এৰুৱাই থৈছিল ।
চাহ শিল্পৰ থলুৱা অৰ্থনীতিৰ লগত একোৱে সম্পৰ্ক
নাছিল । আধুনিক শিল্পৰ অন্তৰ্গত হ'লেও
চাহ শিল্পই সমাজ পৰিবৰ্তনত কোনো অংশ লোৱা নাছিল । কাৰণ ? কাৰণ
এই শিল্পৰ প্ৰাথমিক চৰিত্ৰই আছিল সামন্তীয় । বাগানৰ মালিক,মেনেজাৰ,কৰ্মচাৰীৰ
লগত শ্ৰমিকৰ সম্পৰ্ক আচলতে সেই প্ৰভু-দাসৰ দৰেই । এতিয়াও সেই সম্পৰ্কৰ সাংঘাতিক
সলনি হোৱা নাই । বৰঞ্চ
আগতকৈও অধিক জটিলহে হৈছে । এই জটিলতাৰ
সৈতে আগন্তকে ব্যৱহাৰ কৰা ম'বাইল,কাণত লগাই থোৱা হেড'ফোনৰো
এক সম্পৰ্ক আছে। উপনিৱেশীকতাবাদৰ সাম্ৰাজ্যস্বৰূপে বাগানে পুজিঁবাদৰ
এক অভিজাত কেন্দ্ৰ হিচাপে কাৰ্যক্ষম কৰিছে নিজকে ৷
দূৰ-দূৰলৈ সেউজীয়া বিয়পি থকাৰ
পাছতো মই আগন্তকৰ চকুত তেনেকুৱা একোৱে বিচাৰি নাপালোঁ ।
- তেন্তে,কালিৰ ঘটনাটো কিমান দূৰ
সচাঁ ?
- কোনটো ঘটনা? ইয়াত নিতৌ ঘটনা ঘটে চাহেব
। সকলোলৈকে নোসোমাব ।
- ঘটনাবোৰ বাহিৰৰ মানুহে জনাটো জৰুৰী ।
- ঘটনাবোৰ বাহিৰৰ মানুহৰ ইচাৰাতে কৰা হয় ।
- নুবুজিলো ।
- আপোনালোকে লিখা-পঢ়া কৰিও বহুত কথা নুবুজে
।
অৰ্থ-সামন্তীয় চৰিত্ৰৰ শিৰিষ
গছবোৰ ঠিক তেতিয়াই কপিঁ উঠিল । যেন
এক সংকেতহে গছবোৰ । গছবোৰৰ তলত ছাঁ লৈ থকা চাহগছবোৰ সেই কঁপনিৰে
এক অহংকাৰ । এই অহংকাৰত কোন সচাঁ-কোন
মিছা জনাটো কষ্টকৰ ।
- মজদুৰে এইবোৰ কথাক সমৰ্থন কৰিছে নেকি তেন্তে?
- ইয়াত সমৰ্থন কোনেও কাকো নকৰে৷ ইয়াত সমৰ্থন আদায় কৰা হয় । জোৰ
কৰি লোৱা
হয় ।
- কিন্তু আপুনি এতিয়াও ঘটনাটোৰ কথা নক'লে
।
আগন্তকে একো উত্তৰ নিদিলে । হাত
এখন দাঙি তেওঁ মেজিকখন ৰখালে আৰু কাণত আকৌ হেড'ফন লগালে। এক
উপনিৱেশিক আৱাজ কৰি মেজিকৰ দুৱাৰখন বন্ধ হ'ল ।
আগন্তকে যেন নোকোৱাকৈয়ে বহুতো কথাই
কৈ গ'ল ।
সেয়া ২০১৩ চনৰ কথা । চাহ
শ্ৰমিক আৰু আদিবাসী জনগোষ্ঠীৰ মাজত এটা নতুন সংগঠনৰ নাম উচ্চাৰিত হৈছিল । যোৰহাট
জিলাৰ তিতাবৰৰ বোকাহোলা চাহ বাগিচাৰ প্ৰাংগনৰ সেই
উত্তাপ প্ৰতীকহঁতে আজিও পাহৰা নাই
। সংগ্ৰামী কৰ্মসূচী আৰু খচৰাৰে শ্ৰমিকসকলক পুৰণি সংগ্ৰামখনৰে নতুন অধ্যায় এটা মুকলি কৰিবলৈ আগবঢ়াই দিয়া হৈছিল । গেজেপ মৰা গৰমৰ মাজতো ঘামত
তিতি থকা মুখবোৰে আকৌ পঢ়িছিল প্ৰভূত পৰিবৰ্তনৰ সেই প্ৰতিলিপি ৷ এই সংগ্ৰামী সংগঠনটোৰ জন্মৰ ফলত
চাহ শ্ৰমিকৰ সকলো সংগঠনৰে গুৰুত্ব বাঢ়ি যোৱাৰ
আৱাজ উঠিছিল মঞ্চত । বাগানৰ চাহেব পক্ষৰ বাবে এয়া আছিল এক তাৎক্ষনিক
প্ৰত্যাহৱান,যাৰ বাবে সাজু হোৱাৰ কোনো
আগতীয়া পৰিকল্পনা তেওঁলোকৰ হাতত মজুত নাছিল ।
শ্ৰমিক সকলক আকৌ এবাৰ
সোৱৰাই দিয়া হৈছিল তেওঁলোকৰ প্ৰধান সমস্যা মাটিৰ ওপৰত অধিকাৰ । লাইনত
বসবাস কৰা শ্ৰমিকে বাগানৰ মাজৰ দ হোলা মাটিত নিজৰ স্বত্ব ৰখাৰ দাবীও উত্থাপিত হৈছিল
। চাহ মজদুৰ সংঘৰ দৰে দুমুখীয়া স্হিতি গ্ৰহন কৰি কেতিয়াবা চাহাবৰ লগত আকৌ
কেতিয়াবা শাসকৰ লগত বুজাবুজি কৰা চাৰিত্ৰীক বৈশিষ্ট্য নসাৎ কৰাৰ সাহস সেই মুখবোৰে ধৰি
ৰাখিছিল । আদিবাসী জনতাৰ কণ্ঠ আৰু গাৰ ৰঙতে ইমান তীক্ষ্ণতা
খোদিত হৈ আছিল যে তাৰ পৰা প্ৰতীকহঁত বিছিন্ন হ'ব পৰা নাছিল ।
সাংগঠনিক কচৰৎবোৰে এই সময়তে সিহঁতক কঠোৰ আৰু কৌশল কৰি তুলিছিল । সিহঁতে বুজিছিল ৰাজনীতি পানীৰ দৰেই সৰল-যি পাত্ৰতে থোৱা তাৰেই আকৃতি ল'ব । কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে উচিত পাত্ৰটো বাছি লোৱা । পাত্ৰ নিৰ্বাচনেই
জনগণৰ মনত বিভ্ৰান্তি আৰু চমকৰ আমদানি কৰে । বিভ্ৰান্তিত হেৰাই, চমকত
মোহাচন্ন হৈ সঠিক পাত্ৰৰ সাক্ষাৎ পাম বুলি আগুৱাই গৈ থকাটো এক হ্ৰস্বকালীন
বিনোদহে, দিক্ নিৰ্ণায়ক
দৃঢ়তা নহয় ।
চাহ গছত কলম দিয়া, তীক্ষ্ণ
সূক্ষ্মতাৰে পাত ছিঙা, অলপো শোঁত মোচ নোখোৱাকৈ কলঘৰলৈ পাতবোৰ চালান
দিয়া, মেচিনত পাতবোৰ উঠোৱা,ৰঙৰ
ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ উষ্ণতাত সেইবোৰ শুকোৱা-ইমানবোৰ কামৰ মাজতো মজদুৰ
মুখবোৰে বাগিচাৰ লাইনৰ, চাহগছৰ চালানৰ, কলঘৰৰ কৰ্কশ আৱাজৰ মেজাজ
বুলিছিল। এই মেজাজে এক
নৈৰাজ্যৰ হিম শীতল নিয়ন্ত্ৰণলৈ সকলোকে লৈ গৈ আছিল। শ্ৰমিক শ্ৰমিকেই, সেই কথাটোত ইয়াৰ
আগলৈকে কাৰো
আপত্তি নাছিল । ওখ চাহ গছবোৰৰ মাজত আটায়ে
একেলগে নিজৰ টিফিন খুলিছিল । ৰঙা ৰুটিবোৰ
ভগাইছিল । ভগাইছিল পুঠিমাছৰ মছমছীয়া
সোৱাদ, তিতা কেৰেলাৰ মিঠা সোৱাদো । কোনেও
কাকো ধৰ্মৰ কথা কোৱা নাছিল, কোনেও কাৰো কপালৰ পৰিচয় পত্ৰক বাৰে বাৰে প্ৰশ্নৰ
আওতালৈ অনা নাছিল৷ আনকি ৰাতিবোৰ শিৰিষ গছৰ ফাঁকত ফচি শৰীৰৰ নাম লওঁতে কোনেও পুৱতি নিশাক
বাদ-বিবাদৰ অসহায়তাৰে থকা সৰকা কৰা নাছিল।
তেন্তে ৰুবিনাৰ পাত ছিঙা হাতক বান্ধি কোনে তাইৰ বুকুত
লিখিছিল ৰামৰ নাম?
এয়াতো কোনো অধিবাস্তৱ দুৰ্ঘটনা নাছিল।
শিৰিষ গছবোৰে সকলো দেখিছিল—বাংলোৰ ওখ ওখ
দেৱালবোৰে যিবোৰ দেখাৰ প্ৰমাণ দিবলৈ কোনো দিনে ৰাজী হোৱা নাছিল। হিন্দু-মুছলমানৰ ‘ভাগ
ভাগ চালানে’ যেতিয়া পাতবোৰ ছিঙিছিল—তেতিয়া প্ৰতি খন
হাতেই পুৰণি গল্পবোৰৰ নতুন আঁচোৰ দেখিও আৰ্তনাদ কৰা নাছিল।
- এই
যে বস্তাৰ এপ্ৰ’নখন দেখিছে—এইখনত চাহগছৰ পোক খোৱা পোকবোৰ
লাগি ধৰে। পোক মাৰিবলৈ যদিও কীটনাশক
ঔষধ দিয়া হয়, এই পোকবোৰে এপ্ৰ’নখনৰ জৰিয়তেই এখন চালানৰ পৰা আন এখন চালানলৈ
চলাচল কৰে।
- আচৰিত !
এদিন এই কথা জয়িতাই কৈছিল মোক।
- আচৰিত
কিয় ?
- এপ্ৰ’নখনৰ
কথা কৈছোঁ।
- মানে ?
- এনেকুৱা
একো একোখন এপ্ৰ’ন আমাৰ ব্যৱস্থাবোৰতো আছে। আমি গম
নোপোৱাকৈয়ে নিজৰ সুৰক্ষাৰ বাবে লোৱা এপ্ৰ’নখনে কিমান যে
পিৰপিৰণি এটা অঞ্চলৰ পৰা আন এটা
অঞ্চললৈ লৈ গৈ আছে।
মোৰ
কথাত জয়িতা কিন্তু আচৰিত নহ’ল। তাই কাণত পিন্ধি
থকা দীঘল আফগানি
ইয়াৰিংযোৰ সামান্য কঁপিল।
কিছুমান কঁপনিক বতাহ নে হতাশ নিৰ্ধাৰণ কৰা জটিল। জটিলতাবোৰ যিমানে পুৰণি হয়—সিমানে
সেইবোৰে ভাৰাক্ৰান্ত কৰিব পৰা স্পৰ্ধা বাঢ়ি যায়—বাঢ়ি যায় সেইবোৰক ভাঙি পোলোৱাৰ
অসচেতন কৌশলবোৰো।
....................
এই চহৰৰ খালী চিটি বাছত উঠি জয়িতা
উদ্দেশ্যবিহীনভাৱে গৈ আছিল উপকন্ঠৰ এটা ঠিকনালৈ। অনিৰ্বাণ হেৰাই যোৱাৰ পিছতো তাৰ
মাকৰ সৈতে থকা সম্পৰ্ক জয়িতাই আজিও শেষ কৰিব
পৰা নাই। বহুত মন থকা সত্ত্বেও একমাত্ৰ অনিৰ্বাণৰ মাকৰ অনুৰোধত জয়িতা এইবাৰ বিহুত
গাঁৱলৈ যোৱা নাই।
চহৰৰ
কেন্দ্ৰৰ কোলাহলৰ ভূমিকা এই উপকন্ঠৰ নীৰৱতাত
নাই। যদিও ওখ ওখ বিল্ডিংবোৰ বাঢ়ি গৈছে তাৰ
মাজতে বিস্তাৰিত দোধোৰ-মোধোৰ টিলা আৰু সেউজীয়াবোৰে অঞ্চলটোক এক নিৰ্বিকাৰ
স্থিৰচিত্ৰলৈ পৰিণত কৰিছে। যেন
ইয়াত কোনো বিৰক্তি নাই—নাই কোনো পাপবোধ—কোনো অতিৰিক্ত বিনোদনধৰ্মী বিলাসিতাও।
তথাপি কোনো কোনো
প্ৰকাণ্ড গেটৰ অহংকাৰে মনত পেলাই দিছে এক মধ্যবিত্তীয় ভাঙনিলৈ। যিমানবাৰেই
জয়িতাই এই গলিবোৰলৈ আহিছে সিমানেই এই ভাঙনিৰ এক নিদাৰুণ স্থবিৰতাত ৰৈ অনিৰ্বাণলৈ
উভতি যাব বিচাৰিছে।
উত্সৱৰ বতৰত খালী হৈ পৰে এই চহৰৰ হোষ্টেল,
পিজি। ভাড়াঘৰৰ দুৱাৰবোৰতো তলাবোৰে পালন কৰে নিজৰ দায়িত্ব।
শূন্যতাই সাৱটি ধৰে বাছ ষ্টপেজবোৰক, কিতাপৰ গলিবোৰক।
ফুটপাথৰ খোজবোৰো
হিচাপ কৰিব পৰাকৈ ক্ষিণ হৈ পৰে। তথাপিও এই চহৰৰ বিহুৱে সেই
পূৰাতন, গ্ৰাম্য
চিত্ৰশৈলী উপহাৰ দিব নোৱাৰে যাক গাঁৱৰ নিমাষিত চুবুৰীবোৰে পুহি ৰাখে। চহৰৰ বহাগ হৈ
উঠে ঠিক এক বিবৃতিৰ দৰে। এক জটিল আধুনিক প্ৰেক্ষাপটত বুজিব নোৱাৰাকৈ এই বিবৃতি
দুলি থাকে হৰ্ডিংৰ চেলবোৰত।
পঞ্চাশৰ দশকত বিহু পৰিণত হৈছিল জাতীয়
উত্সৱত তাৰ আগলৈকে বিহু অসমীয়া সমাজৰ
সকলো স্তৰৰ মানুহে মান্যতা প্ৰদান কৰিব পৰাকৈ
সাজু হৈ উঠা নাছিল। অনিৰ্বাণে স্কুল
মেগাজিনত লিখা পুৰণি লেখা এটা মেলি লৈছিল
জয়িতাই। তাৰ সৰু কোঠাতো এতিয়াও মাকে আগৰ দৰেই ৰাখিবলৈ চেষ্টা কৰিছে। অনিৰ্বাণৰ লগত
বিহুৰ বিষয়ে কোনো কথাই পতা হোৱা নাছিল জয়িতাৰ। সেয়েহে লেখাটো পায় আচৰিত হোৱাৰ লগতে
আনন্দিতও হৈছিল তাই।
বিহু মানেই জানো কেৱল বিহু গীত বা বিহু
নাচ? জাতিটোক বাৰে বাৰে টুকুৰিয়াই চোৱাৰ এক
উত্সাহ হৈছে বিহু। কিন্তু বিহু এতিয়া জাগি থাকিবলৈ শিকোৱাৰ সলনি নিমগ্ন হ’বলৈ
চলোৱা
আয়োজন হৈ পৰিছে। এক অৰ্থত কৰিশ্মাৰ পাছত দৌৰি থাকিবলৈ
হুকুম দিয়া আটাইবোৰ
মাধ্যমৰ লগতে বিহুকো পুঁজিবাদী উদ্বোধকলৈ ৰূপান্তৰিত কৰা হৈছে। গাঁৱৰ চকলৈকে মোবাইলৰ ৰিচাৰ্জ কাৰ্ড
দোকানত উপলব্ধ হোৱাত অসুবিধা নাই—মফচলীয়া চহৰবোৰত মূৰ দাঙি উঠা
চপিং মলক লৈ
অসুবিধা নাই। মবাইলত বাজি উঠা হিন্দী গানবোৰৰ অনৰ্থক কোলাহলত
অসুবিধা নাই। তেন্তে
বিহুৰ সামান্য পৰিৱৰ্তনক এচামৰ অসুবিধা কিয়? এই সৰল প্ৰশ্নৰ
দীৰ্ঘায়ু
উত্তৰ শুনিবলৈ উত্তৰ প্ৰজন্মৰ প্ৰতিযোগী সকলৰ হাততেই বা কিমান সময় !
অনিৰ্বাণে
কোৱা কথাবোৰৰ মূল ভাৱ আজিও ইমান প্ৰযোজ্য। কি যে এক অদৃশ্য আৰু অচিনাক্ত
সূত্ৰধাৰাৰ ইচাৰাত উঠা-নমা কৰি আছে এই প্ৰজন্ম। ‘বজাৰে
মুনাফাৰহে সৃষ্টি কৰে। উত্সৱ সৃষ্টি কৰে সংস্কৃতিয়ে’।
এইবোৰ কথা কৈ কৈ অনিৰ্বাণ হেৰাই গল। সি
নায়ক নহ’ল। নহ’ল
বিপ্লৱী অথবা প্ৰতিশোধী। এইবোৰ কথা হৈ গৈ অনিৰ্বাণ হেৰাই গ’ল।
তাক লৈ জয়িতাৰ কলমেৰে কোনো কাহিনী ৰৈ নগ’ল।
কোনো দিনেই তাক ভালপাওঁ বুলি কোৱা নহ’ল।
তাৰ পাছতো সি যে জয়িতাৰ চকুৱে মুখে, বুকুৱে, তেজে এনেকৈ বিয়পি গ’ল— এনেকৈ সী গ’ল তাইক যে প্ৰতিটো দোকমোকালিতে
তাই শুনা পালে তাৰেই খোজৰ সিৰসিৰণি।
জয়িতাই চাহ কাপ আধা খোৱা কৰিয়েই অনিৰ্বাণৰ
মাকৰ পৰা বিদায় লয়। বাটত মানুহবোৰে তাইক বেছি মনোযোগেৰে চোৱা যেন লাগে। তাই
অস্বস্ত্বিত ভূগে। উত্সৱৰ আগত চহৰখনৰ নিমাওঁ-মাওঁ পৰিৱেশৰ প্ৰকাশ বিমুখ আচৰণত
জয়িতা কি়ঞ্চিত আচৰিত হয়। তাইৰ নিজৰ ওপৰতে এক সন্দেহ উপজে। চিৰাচৰিত নিয়মৰ প্ৰত্যাশদৰ্শী
হৈও তাই বুজে যে কৰবাত তাই ধৰা পৰিছে। হয়তো স্বভাৱগত আত্মমগ্নতাই তাইক নিজৰ ওচৰতে
পৰাজিত কৰিছে।
- কিমান
আৰু তালৈ অপেক্ষা কৰিবা?
- ...........
অনিৰ্বাণৰ মাকে কেতিয়াবা এই প্ৰশ্ন কৰিব
জয়িতাই ভৱাই নাছিল। তাৰ পাছত বহু সময় নি-ৰ-ৱ-তা। ইমানেই নিৰৱতা যে কোঠাটোৰ দেৱাল
ঘড়ীটোৰ কাটাৰ শব্দই আছিল তাত এক
অলংঘনীয় সংকেত।
- তোমাৰ জীৱনটো তাৰ অপেক্ষাত শেষ হৈ যাওঁক,
আমি সেয়া নিবিচাৰোঁ জয়িতা। নতুন হোৱা। বাটবোৰ তোমালোকৰ বাবেই ৰৈ আছে।
জয়িতাই মূৰ তুলি ঘড়ীটোলৈ চাইছিল।
ঘড়ীবোৰো সংবেদনশীল হব পাৰে সেয়ে সেই কথা ভাবিয়ে চোৱা নাছিল তাই ইমান দিনে।
আচলতে কোন ৰৈছিল ? কোন হেৰাই গৈছিল? হেৰাই যোৱাৰ বিৱৰণ
দিবলৈ কোনে ইমান সংহত বাটত জিৰাইছিল?
ইমান
সাজোন-কাঁচোনৰ কৌশল—ইমান সুনিপুণ—ভ্ৰমাত্মক আৱৰণৰ পাছতো জয়িতা ধৰা পৰিছিল। চিটি
বাছৰ পিছদুৱাৰে দি উঠি জয়িতা শেষ চিটত বহিছিল। বহুদিনৰ মূৰত তাই আকৌ যাদুহীনতাত
ভূগিছিল। জয়িতাই বিচাৰি ফুৰা নিলা চৰাই—তাই খেদি ফুৰা বৰ্ষাৰণ্য—তাই ধৰিব বিচৰা
উৰণীয়া তৰা—সেইবোৰো অনিৰ্বাণৰ দৰে একো একোটা কল্পনাপ্ৰসূত
আকস্মিক যোগাযোগহে আছিল।
......................
প্ৰতিটো আকস্মিক যোগাযোগে কিছুমান সুযোগ আৰু
সম্ভাৱনা আনে। মাথো সেইবোৰত
পতিয়ন যাবলৈ
কিছু সময় আৰু নাটকীয় সংঘাত লাগে। মই নাজানো
জয়িতাই এইবোৰ কিমান বুজে?
বোধ কৰোঁ এই কথা অনিৰ্বাণেও বুজা নাছিল।
নাছিল বাবেই ইমান সম্ভাৱনা আৰু উত্সাহমুখী
গাঢ়তাৰ পাছতো, কাকো একো নজনোৱাকৈ হেৰাই গৈছিল সি। তাক লৈ জয়িতা বা মই কোনোৱেই ট্ৰেজেদিত
ভোগা নাছিলোঁ। আমাৰ প্ৰতিটো আকস্মিক সংযোগ
আছিল ঘৰুৱা
বহীৰ শেষ পৃষ্ঠাত অনুন্নত আখৰেৰে লিখা সৰলীকৃত স্তৱকতে। যাক আমি
দীঘলীয়া কৰাৰ সাহস কোনোদিনেই কৰিব পৰা নাছিলোঁ।
এই প্ৰজন্মৰ মাজত এনে বহুতো টুকুৰা-টুকুৰা
উভতি নহাৰ কাহিনী প্ৰতিদিনে জমা হৈছিল।
আমাৰ সামান্য অমনোযোগিতাৰ মাজেৰে তেনে
কাহিনীৰ অৱক্ষেপেৰে কিমান সংবেদনশীল
ঘড়ীও চাগৈ নিজৰ মাজতেই বন্দী হৈ ৰৈ গৈছিল। প্ৰতীকক আমি চাই থাকোতে
অনিৰ্বাণৰ কাহিনী আছিল সেই ঘড়ীৰ টিক-টিক শব্দৰ দৰে।
চিটি বাছৰ পৰা নামি ঘটনাক্ৰমে মোকে যে
জয়িতাই লগ পাব সেই কথা আমি কোনেও আশা
কৰা নাছিলোঁ। দুকাপ
চাহ লৈ বাছষ্টপৰ কাষৰ চাহ দোকানখনত আমি এনেয়ে বহিছিলো আৰু দুয়োজনে গোপনে আশা কৰিছিলো
প্ৰতীকহঁত যাতে নেহেৰায় । এই পুঁজিবাদী বিভ্ৰমৰ মাজত সিহঁতে যাতে বাটৰ ওপৰত বিশ্বাস
হেৰুৱাই নিজৰ মাজতেই নেহেৰায় ।
এখন ভাৰাক্ৰান্ত
চহৰে উত্তৰসুৰী প্ৰজন্মক লৈ আকৌ মহিয়ান হব খুজিছিল। সেয়াও আমাৰ—আপোনালোকৰ
অভিযানসুলভ, কৌতুহলী চকুৰ সন্মুখতে। অথচ আমি সিহঁতৰ
মেজাজবোৰক লৈ কোনোদিনে মনোযোগী হোৱা নাছিলোঁ। কাৰণ পিছলৈ ঘূৰি চাই চাই দৌৰিবলৈ আমি কোনোদিনে সাজু হোৱা
নাছিলোঁ।
অনিৰ্বাণৰ সেই মুক্তিজৰ্জৰ কন্ঠ—জয়িতাৰ
আনুষ্ঠানিক গাম্ভীৰ্য্য আৰু প্ৰতীকৰ শৃংখলিত সম্ভেদবোৰত
মই এক সুযোগ দেখিবলৈ পাইছিলো। এই সংযোগত
কোনো আস্বাদন নাই—আছে
উত্কন্ঠা। প্ৰজন্মৰ পাছত প্ৰজন্মলৈ বাগৰি অহা হুলাহুল আৰু
হতাশাৰ পাছতো নিজকে বাৰে বাৰে খুলি চোৱাৰ এক দুৰ্বাৰ, নিৰৱিচ্ছিন্ন উত্কন্ঠা।
সেয়েহে হয়তো কোনো প্ৰতিশ্ৰুতি নিদিয়াকৈ হেৰাই যোৱাৰ পাছতো জয়িতাই অনিৰ্বাণক বিচাৰি
হাবাথুৰি খোৱা নাই—সেয়ে হয়তো ইমানবোৰ বিবৃতি আৰু বিতৰ্কৰ পাছতো প্ৰতীকে আঙুলি উঠাই
ক’ব পাৰিছে শ্ৰমিকৰ
লগত থকাতো যদি ভুল—তেনে ভুল বাৰে বাৰে সি কৰিব বুলি—আৰু সেয়ে হয়তো মইও
নিৰপেক্ষ
নোহোৱাকৈয়ে এটা পক্ষৰ হৈ দূৰৰ পৰাই সকলোকে চাব পাৰিছোঁ।
অনিৰ্বাণ—জয়িতা অথবা প্ৰতীক—কোনোৱে
মধ্যবিত্তীয় বিষাদ বিতৰণত মোহাচ্ছন্ন হোৱা নাই। কোনোৱে গৈ থকা বাটৰ পৰা উভতি অহা
নাই। কথাবোৰ ভাবি ভাবি ফুটপাথেৰে জয়িতাৰ লগত সমান বেগেৰে বাট বোলোতে এনে লাগিছে
উভতি অহাৰ বাট ইমানো সৰল নহয়—যিমান সৰল আৰু বিষাদহীন এই ধূলি।
এই ধূলিয়ে
এটা প্ৰজন্মক উত্ভ্ৰান্তৰ দৰে নিজৰ বাটবোৰ বাছি লোৱাত বেছিদিন বাধা দি ৰাখিব
নোৱাৰে। বাটবোৰে চিনি পোৱা ৰিডম—আৰু ৰিডমত গৈ থকা খোজবোৰ ইমান সমজে পানী সৰল হব
নোৱাৰে।
ৰাস্তাটো পাৰ হওঁতে জয়িতাই মোলৈ এবাৰ ঘূৰি
চালে।
এনেয়ে।
এই কাহিনীৰ তাইও যে এক চৰিত্ৰ সেয়াও
নুবুজাকৈয়ে।
...........................................................................................