সিহঁত দুয়োজনেই
কাহিনী ভালপোৱা মানুহ। কাহিনীৰ কদৰ কৰা মানুহ।কাহিনী খেদি খেদি নিজকে বিছাৰি ফুৰা মানুহ।
এজনে আনজনৰ সমুখত নথকাকৈয়ে একে সময়তে কথক আৰু শ্ৰোতা হৈ ভালপোৱা মানুহ।
সিহঁতে বিচাৰি
ফুৰা নীলা চৰাই- সিহঁতে খেদি ফুৰা বৰ্ষাৰণ্য – সিহঁতে ধৰিব বিচৰা উৰণীয়া তৰা- সকলোবোৰ কল্পনাপ্ৰসূত বিলাসৰ বাহিৰে আন একো নহয়।
সেই কথা সিহঁত
দুয়োজনেই জানে। জানে বাবেই যে হাজাৰ সুযোগ আৰু সম্ভাৱনাৰ পাছতো সিহঁত ৰৈ যায়, কথাটো
ঠিক এনেকুৱা নহয়।
ৰৈ ৰৈ গৈ থকাটো
সিহঁতৰ কাহিনীৰে এক অধ্যায়- এই কথাটো সিহঁতে বুজি উঠিছে কেতিয়াবাই।
গোটেই চহৰখনত
কুৱঁলী এজাক বিয়পি পৰিছে। দূৰৰপৰা চালে চহৰখনৰ কাণ দুখন ঢাকি থোৱা বনেট যেন লগা হৈছে
ফ্লাই অভাৰখনক। আৰু তাৰ ঠিক তলতে চাউলৰ পিঠা বনাই থকা কেটলিটোৰ পৰা ওলোৱা ভাপবোৰ- সেইবোৰে
জাৰৰ হোকা এটা হৈ কুৱঁলীবোৰক যেন ফুঁকি আছে ।
বিয়পি যাবলৈ
কি লাগে ? দীৰ্ঘকালীন সময়ে বান্ধি ৰখা অভ্যাস ? নে ফুটপাথৰ উঠা-নমাৰ দৰে অমিল কিছু
জোখ-মাখ ?
চাউলৰ পিঠাটো অলপ গৰম হোৱাৰ বাবেই তাৰ মনলৈ এই কথা আহে।
কুৱঁলীৰ সেমেকা আচ্ছাদনত ইমান সহজে গলি যায় পিঠাটোৰ উত্তাপ। ইমান সহজে ভাল লগাবোৰো
বিয়পি পৰে নে ? পৰে নে এই অস্থিৰতাত সেইবোৰ ধৰা ?
লুকাভাকুত মানুহে লুকাই থকাৰ ভাও ধৰে। খেদাখেদিত মানুহে এজনে আনজনক ইচ্ছা কৰিয়ে পিছ পেলাব নোখোজে। কুৱঁলীয়ে লুকাভাকু আৰু খেদাখেদিত বাৰে বাৰে এই চহৰক পৰাজিত কৰে। এই চহৰক নিজৰ খুচি মতে কুৱঁলীয়ে নিজৰ আৱেষ্টনীলৈ আনে আৰু এই
চহৰে বিৰোধিতা কৰিলেই বিৰক্তি এজাকেৰে ফুটপাথ, বাছ ষ্টপেজ, পাণ দোকান, ট্ৰেফিক জাম
আটাইকে ভাগৰাই তোলে।
কথাবোৰে তাৰ চাহকাপ সামান্য চেঁচা কৰে। চিটিবাছৰ কনডাক্টৰে
ৱাশ্বিং পাউদাৰ নিৰ্মা গাই গাই ঠিক তেতিয়াই মুখত ঢালি দিয়ে ৰজনীগন্ধা । মূৰত বান্ধি
থোৱা মলিন ৰুমালখনেৰে ষ্টপেজটোত ছাউথৰ চিনেমাৰ ফ্ৰেম এটা এৰি থৈ যায় কনডাক্টৰে । সেই
ফ্ৰেমত ক’ৰ পৰা জানো ওলাইহি হালধীয়া চুৱেটাৰ পিন্ধা তাইজনী ।
সি আৰু একাপ চাহ লয় । তাইৰ হালধীয়া চুৱেটাৰে কঢ়িয়াই অনা
হালধীয়া ৰংবোৰ চাবলৈকে সি আৰু একাপ চাহ লয় ।
তাৰপাচত সিহঁতৰ সমুখেৰে পাৰ হৈ যায় ভিন্ন নম্বৰৰ কেইবাখনো বাছ । সিহঁতক নোচোৱাকৈয়ে পাৰ হৈ
যায় পিকনিকৰ গাড়ী । সিহঁতক নমতাকৈয়ে হুৰহুৰাই গুছি যায় মানুহ ভৰ্তি ট্ৰেকাৰ – জেকেট
পিন্ধা পালচাৰ – হেলমেট লগোৱা পিতৃ – খুব ধীৰে, কেকোঁজেকোকৈ আগুৱাই যায় শীৰ্ণ ৰিক্সা
– খঙাল ঝাড়ুৱালী – নিউজ পেপাৰৰ ওজন লৈ থকা খীণ হাতখন – মেঘদূতৰ স্পীড প’ষ্টৰ ভেনখন – এম্বুলেঞ্চৰ চাইৰেণ – তাৰ
মাজতে সেইখন ফুল সজোৱা বিয়াৰ গাড়ীও ।
খন্তেকতে ছাউথৰ চিনেমাৰ ফ্ৰেমটো ছলমান ভাইৰ চিনেমাৰ ফ্ৰেমলৈ
গতি কৰে । ইমান ফাষ্ট – ক’তো কোনো স্থবিৰতা নাই – নাই কোনো আৱেগৰ মেদবহুলতা । কেৱল
এক্চন - এক্চন আছে ।
এক্চনত সাৰ পাই উঠে ফ্লাই অভাৰ – দৌৰি আহে ফুলৱালা – মন্দিৰত
ঈশ্বৰক পহৰা দিয়া পূজাৰী । এক্চনত তীক্ষ্ন ভাৱে বাজি উঠে গাড়ীৰ হৰ্ণ- পেছেঞ্জাৰক লৈ কৰা
হেতা ওপৰা – ফুলি উঠা লুচিৰ ভিতৰৰ বতাহ – এইমাত্ৰ এইখিনিতে ৰজনীগন্ধাৰ পিকে অঁকা মানচিত্ৰত
তাই হেৰাই যায় – অ’ হেৰাই যায় – সি চোৱাৰ আগতেই চাৰিআলিটোৰ কোনোবা এটা গলিত – কোনোবা
নম্বৰৰ এখন চিটিবাছত – ন’হেলেবা ট্ৰেকাৰৰ হেঁচা
ঠেলাত – তাই অতৰ্কিতে হেৰাই যায় – ঠিক কুঁৱলীৰ দৰে তাই নোহোৱা হৈ যায় ।
আৰু একাপ চাহ খাবলৈ তাৰ মন নাযায় । সি চিগাৰেট এটা জ্বলায়
। আজি তাৰ বিশেষ একো কৰাৰ মন নাই । সি অকল মানুহ চায় – ৰাস্তাত হেৰাই যোৱা মানুহ –
হেৰাই হেৰাই নিজকে বিচাৰি পোৱা মানুহ । আৰু এনেকৈয়ে সি পাৰ কৰিব বিচাৰে এই চহৰৰ আন
এখন আচ্ছাদন ।
এই আচ্ছাদনলৈ তাইৰ বিশেষ মোহ নাই । এই হৈ হাল্লা – চেঁকুৰ
– প্ৰতিবাদ – ফুটপাথৰ দৰ দাম – শ্বপিং ম’লৰ চেল – ডাঙৰ ডাঙৰ হৰ্ডিঙত কেতিয়াবা বিখ্যাত মডেল – কেতিয়াবা মন্ত্ৰী নিজেই – কেতিয়াবা
শৌচাগাৰ – কেতিয়াবা গালৰ ডাৰ্ক স্পট কমোৱাৰ
বাবে ফেয়াৰনেচ ক্ৰীম – কেতিয়াবা মাণিক চন্দ জুৱেলাৰী – এইবোৰে বেছিদিন কাকোৱে মোহাচ্ছন্ন
কৰি ৰাখিব পৰা নাই ।
মাহৰ পাছত মাহ, কুঁৱলীৰ পাছৰ নাতিশীতোষ্ণতাত জোবোৰা মাৰি
তাই যুঁজি আছে নিজৰ সৈতে । কেতিয়াবা শেষ হোৱা কাজলডাল দলিয়াই চকুহাল প্ৰলেপবিহীন
ভাৱে ৰাখিছে । কেতিয়াবা আকৌ পুৱাই উঠি কোঠাটোৰ গেট আপ সলাইছে । গোটেই শৰীৰত ব’ডি অইল
ঘঁহি বাথৰুমত সোমাইছে – ইমান ঠাণ্ডাতো হেঁপাহ পলুৱাই চাবোনৰ ফেন উঠাইছে –আৰু ঠিক তেতিয়াই
তাইৰ এনে লাগিছে এই যে চাবোনৰ আচ্ছাদন – এইবোৰ একো একোটা সম্পৰ্কৰ দৰে । ঘঁহি থাকিলে
ফেনৰ বুৰবুৰণি উঠে ।
ফেনবোৰ সদায় একে
নাথাকে । ফেনৰ আচ্ছাদনলৈ সদায় একে মোহ নোপোজে ।
তাৰ ঠিক পাছতেই কোঠাটোৰ শৃংখলিত গেট আপলৈ তাইৰ পুতৌ উপজে
। ওলমি থকা পৰ্দাবোৰৰ ৰংবোৰ কিবা ফিকা ফিকা
লাগে । বহুদিন আগতে কিনা কন্ডমৰ পেকেটটো তাই ডাষ্টবিনলৈ দলিয়াই দিয়ে - দলিয়াই দিয়ে
চিগাৰেটৰ খালী পেকেটটো – শূন্য জুইশলাটো – ৰিফিল শেষ হোৱা কলমবোৰ – যোৱা মাহৰ একাউণ্টৰ মিনি ষ্টেটমেণ্টৰ শ্লিপ । তিতা চুলিকোছা ড্ৰায়াৰেৰে অলপ শুকুৱায় । ওঁঠত অলপো ৰং নসনাকৈয়ে কাণত ওলোমাই
লয় দীঘল ফুলি । ইচ্ছা কৰিয়ে তাই এইযোৰ লৰাই চায় । বেয়া পোৱা সত্ত্বেও সামান্য শীতৰ
সৈতে কাজিয়া কৰিবলৈ পিন্ধি লয় পাতল হালধীয়া চুৱেটাৰ ।
ম’বাইলৰ ডাটা অন কৰি এনেয়ে এবাৰ পঢ়ি চাই তাই হোৱাটছ আপৰ
নতুন মেছেজবোৰ – পৰীক্ষা কৰে প্ৰেমিকৰ লাষ্ট চিন । ঘৰৰ পৰা মাকে পঠোৱা নাৰিকলৰ লাড়ুৰ
সৈতে অকলে খায় ফিকা চাহ । চাহৰ ধোঁৱাবোৰে টেবুলৰ সমুখৰ পেইণ্টিংখন ধোঁৱাই তোলোতে তাইৰ
মনত পৰে বহুদিন তাইক কোনেও জনোৱা নাই সুপ্ৰভাত ।
অথচ এই চহৰে জানে তাই এজনী মনোযোগী শ্ৰোতা । বন্ধুৰ প্ৰেমৰ
বিফলতা তাই মন দি শুনে – বান্ধৱীৰ বিয়াৰ সংঘাটো তাই এটাও প্ৰশ্ন নকৰাকৈয়ে এফালৰ পৰা
সহ্য কৰে । চৌপাশৰ অভিমান – আফচোচ – বিলাসিতা – মনযোগহীনতা – সকলোবোৰতে কোনো মত আৰোপ
নকৰাকৈ তাই কেৱল শুনে ।কিন্তু কাৰো সমুখতে তাই ইমান দিনে হোৱা নাই কথক । হালধীয়া
ৰং যে তাই বেয়া পাই সেই কথাও ইমান দিনে মনত নাই । নিজৰে লগত মজি মজি ৰাস্তাটো পাৰ হওঁতে
তাই সেয়ে তাক দেখাই নাপায় ।
তাই যেতিয়া শীতকালীন ৰাতিপুৱা এটাৰ আছুতীয়া কোলাহলৰ আয়োজনত
ব্যস্ত আছিল – সি তেতিয়া চিটিবাছৰ পিছ দুৱাৰেদি নামি স্মৃতিকাতৰ বাট এটালৈ গৈ আছিল
– ফ্লাই অভাৰৰ তলৰ ষ্টপেজটোত আধা খোৱা চিগাৰেটটো
দলিয়াই ইয়াৰ পৰাই ঠিক অলপ আগতে সি জঁপিয়াই বাছখনত উঠিছিল ।
সেইদিনা কোনো আগতীয়া জাননী নিদিয়াকৈ সি গৈ পাইছিল মাধৱৰ
বৰ্তাৰ ঘৰ । মাধৱৰ বৰ্তাৰ অদ্ভূত আৰ্হিৰ ঘৰটোত গঢ় লোৱা মকৰা-জালৰ কাৰুকাৰ্য চাই বেল
বজাওঁতে, সি দেখিছিল জালখন কঁপি উঠিছে। ঢৌ উঠা কঁপনিত জালখনত লাগি থকা পতঙ্গবোৰো অলপ
লৰিছে – ঠিক মানুহৰ বিশেষ চাৱনিত কঁপি থকা দোধোৰ-মোধোৰ কাহিনীবোৰৰ দৰে ।
মাধৱৰ বৰ্তাৰ ঘৰত সি আছিল জবৰদস্ত কথক । ইয়াত আৰু তাক কোনে
পায় ! বৰ্তাই তিনি কাপ চাহ কৰে । তাৰ মাজে-মাজে তাৰ সৈতে দুই এটা কথা পাতে । আগৰ দৰে
বৰ্তাই স্বাধীন অসম, ব্ৰহ্মপুত্ৰ খননৰ কথা নকয় । কয় তাৰ দৰে এটা প্ৰজন্ম ডুবি থকা হতাশাৰ
কথাহে । ‘হতাশা আহিবই, কিন্তু হতাশাক উদ্যাপন নকৰিবা ‘। ইঞ্জিয়াৰ বৰ্তা খন্তেকতে তাৰ
বাবে হৈ পৰে ফিল’চফাৰ ।
বৰ্তাই মোনাখন লৈ বজাৰলৈ ওলাই যায় । একমাত্ৰ সি আহিলে বৰ্তাই
নিশ্চিন্তমনে বৰমাক তাৰ ওচৰত থৈ ওলাই যাব পাৰে । নাই, সেইদিনাও বৰমাই তাক চিনি নাপায়
। সি বৰমাক লুডুৰ গুটি কাটিবলৈ শিকায় । বৰমাৰ ৰঙা গুটিৰ সমুখত সি নিজেই পাতি দিয়ে তাৰ
হালধীয়া গুটি ।
বৰমাই খুব সচেতনভাৱে তাৰ গুটিৰ ওপৰত পাতি দিয়ে নিজৰ
গুটি । নাকাটে তেওঁ তাৰ হালধীয়া গুটিটো – ‘থাকক, ৰঙা - হালধীয়া একেলগে খুব ধুনীয়া দেখি' ।
তাৰপাছত হঠাতে তাৰ গাৰ চুৱেটাৰটোলৈ চাই সোধে - 'কি নাম আছিল বাৰু তোমাৰ? '
- মোৰ নাম? এহ, থাকক মোৰ নাম । আপোনাৰ নাম আমি কি দিছিলো জানে বৰমা?
- কি? নাম আছিল, মানে মোৰো?
- অ' আপোনাক আমি আপেল বৰমা বুলি মাতিছিলো । আপোনাৰ গাল দুখন আপেলৰ দৰে ৰঙা আছিল তেতিয়া । টিকটিকীয়া ৰঙা । আপোনাৰ চুলি কোচা..
চুলিৰ কথা ক'বলৈ লৈ সি ৰৈ যায় । সি বৰমাৰ চুলি আঁচুৰি দিয়ে - বৰমাৰ চকুত ঘঁহি দিয়ে কাজল - বৰমাৰ কপালত ৰঙা ফোঁট এটা দিয়ে । ঠিক তেতিয়াই বৰমাই কয় - ' তোমাৰ চুৱেটাৰটো ইমান ধুনীয়া । ক'ত পালা?'
সি বৰমাক সাৱটি ধৰে । এইটো চুৱেটাৰত বৰমাই পচন্দ কৰা ৰং আৰু উম লাগি আছে । এই কথা সি মুখ ফুটাই ক'ব নোৱাৰে । বৰমাক সাৱটি সাৱটি সি চহৰখনৰ আচ্ছাদনক আৰু অলপ শিথিল কৰে । চহৰখনৰ হাজাৰ স্মৃতিৰ পাছতো কোনো এটা স্মৃতিলৈকে এই দৌৰবোৰ ঘূৰি যাব নোখোজে । বহুদিনৰ মূৰত চহৰখনৰ আচ্ছাদনলৈ আকৌ এবাৰ তাৰ পুতৌ ওপজে।
বৰমাই তাক হেণ্ডচেক দিয়ে আৰু কয় - ' তুমি নেহেৰাবা, হেৰুৱা মানুহক বিছাৰিবলৈ এই চহৰৰ ক' লৈ যাম মই? '
বৰমাৰ শোঁত - মোচ পৰা আপেলৰ দৰে গাল দুখন তাৰ সমুখত সৰু ছোৱালীৰ দৰে অভিমানৰ দৰে ৰৈ যায় ।
সিও ৰৈ যায়, বৰ্তাৰ ঘৰৰ সমুখত পেলাই থোৱা শিল, বাঁহ, অসংখ্য জংঘলৰ কেম্পাছটোৰ পৰা ওলাই অলপ আগুৱাই গ'লে পোৱা সৰু অভাৰব্ৰীজখনৰ ওপৰতে সি ৰৈ যায় । ৰেলখন তাৰ ঠিক তলেদি পাৰ হৈ যায় । সি নাজানে বৰ্তা নহ'লে স্মৃতিহীন বৰমাৰ বাবে এই চহৰৰ আচ্ছাদনৰ কিবা প্ৰয়োজন থাকিব নে নাই! বোধকৰো নাথাকে - বোধকৰো বৰ্তা নহ'লে বৰমাৰ বাবে আচ্ছাদনৰ প্ৰয়োজনেই নোহোৱা হৈ যাব । বৰমাই তেতিয়াও স্মৃতিহীনভাৱে স্মৃতিবোৰকে বান্ধি থাকিব পাৰিব নে নাই? সি জানে বৰ্তাই এতিয়া বৰমাৰ বাবে প্ৰিয় মঙহৰ চুৰুহা ৰান্ধিব - বৰমাক চকীত বহুৱাই আলফুলে সৰু ছোৱালীৰ দৰে খোৱাব - চোৱা এনেকৈ ফুৱাই ফুৱাই খায় - অ' এনেকৈ - তুমি পাৰিছা চোন জুনুকা লোৱা চামুচখন লোৱা - এয়া জুনুকা আৰু মই একেলগে খাম - লাগিলে ক'বা দেই ।
ৰেলখন গৈ থকা দৃশ্যটোৰ
সৈতে ব্ৰেক্গ্ৰাউণ্ডত বাজি থকা কথাবোৰ নিমিলে । কিন্তু নিমিলাকৈয়ে কত বাস্তৱ
এই চহৰৰ উপকণ্ঠত স্মৃতি হৈ মিলি যায় ।
ৰেলখন পাৰ হৈ যোৱাৰ বাবেই অভাৰব্ৰীজখন সামান্য কঁপি উঠে । ঠিক জাৰৰ সন্ধিয়া
ফুটপাথেৰে খোজ কাঢ়োতে গাত লগা কঁপনিটোৰ দৰে । সি নিজৰ ৰঙা চুৱেটাৰটোলৈ আকৌ এবাৰ
চায় । বৰমাই চিনি পাব বুলিয়েই আজি সি এইটো পিন্ধি আহিছিল আৰু এয়া চিনি পায়ো চিনি
নোপোৱা দোধোৰ-মোধোৰ কঁপনি এটা বুকুত বান্ধি সি উভতি আহিছে স্মৃতিহীন বাট এটাৰে ।
সি যেতিয়া বৰ্তাৰ ঘৰৰ
পৰা ওলাই অভাৰব্ৰীজত উঠে , তাই ঠিক তেতিয়াই ৰাস্তা পাৰ হ’বলৈ ৰৈ ট্ৰেইনৰ উকিটোলৈ
কাণ উনাই থাকে । এইখনো এই সময়তহে আহিবলৈ পায় নে !
মাহেকৰ খৰছ শেষ হ’লেই
তাই গৈ পায়গৈ ৰুলী বাৰ ঘৰ । এই চহৰৰ আন এক উপকণ্ঠত পাহাৰৰ ওপৰত এটা পুৰণিকলীয়া ঘৰে
উদাসীনতা শুহি শুহি সময়লৈ ৰৈ থাকে – ৰৈ থাকে তাইলৈকো । তাই অহাৰ লগে লগে এইখন
ঘৰলৈকো ব্যস্ততাৰ এক উৎস আহে ।
ৰুলী বায়ে তাইক নতুন
চিনেমাৰ কথা সোধে – বহুদিন একেলগে চিনেমা চোৱা হোৱা নাই – আৰু সোধে দীঘলীপুখুৰীৰ
প্ৰতিবাদবোৰৰ কথা – সেই যে চেমিনাৰখনত পিন্ধা কাপোৰ যোৰে তোক ইমান শুৱাইছিল – নতুন
কি ফুল ৰুইছ টাবত – আগৰ ঘৰটোতে আছ নে সলালি – মায়দিয়া যোৱাৰ কথা আছিল জান’ –
কিন্তু যোৱাই নহ’ল – আব্বাৰ তেতিয়াই জ্বৰ উঠিল-
দীঘলীপুখুৰীৰ পাৰত যে সিদিনা পিতিছিল প্ৰতিবাদ কৰা ল’ৰাবোৰক তই আছিলি নি
তাত – ‘ওহো, নাইতো মই’ (তাই মিছা মাতে )- তাই সিদিনা মানকাচৰত- তাকেইতো সেয়ে ঘূৰি
ঘূৰি ক’লা পৰিছ- অ’ বহুত ৰ’দ –ছাতি লৈও লাভ নাই – চৰৰ মাজেমাজে অকল কঁহুৱা- কঁহুৱা
আৰু বতাহ- বতাহ আৰু কঁহুৱা – ছাই আৰু বিষাদ – তথাপি কিবা এটা ভাল লগা ৰুলী বা- আৰু তোৰ প্ৰেমিকৰ
কি খবৰ – এতিয়াও মূৰ খাই আছ নে তাৰ নে প্ৰেমো কৰ ?
ৰুলী বা আৰু তাইৰ
কথাবোৰ বৰমাই কাষতে বহি শুনি থাকে – কিয়
কাজল লগোৱা নাই তই- বৰমাই সোধে – ঠিক তেতিয়াই কুকাৰে হুইছেল মাৰে – ৰুলী বা উঠি
নাযায় – মানে আলু দম আৰু লুচি ভাজি আছে আজি – তাইৰ প্ৰিয়- আৰু লগত কি আছে জান’- কি
– নকওঁ, খাওঁতে গম পাবি – দুটা হুইছেল মাৰোতে বৰমা উঠি যাব খোজে- ৰুলী বায়ে বাধা
দিয়ে – মই বনাম আম্মী - ৰুলী বা উঠি যায় – বৰমাই কুৰচাডাল থৈ তাইলৈ শৰাই ঢকাখন
আগবঢ়াই দিয়ে – মোৰ মায়ে শিকাইছিল- অ’ তই নাজান নহয় মোৰ মা মানে ৰুলীৰ নানী আহোম
আছিল – ভমককৈ কাহিনী এটা সমুখলৈ অহা যেন লাগে তাইৰ ।
বাঃ বহুত ধুনীয়া লাগিছে
এইখন বৰমা – আম্মীয়ে যশোদা খুড়ীৰ বাবে কৰিছে - ৰুলী বায়ে পাকঘৰৰ পৰা চিঞৰে –
নামঘৰত দিবলে- সিটো কোঠাত তেতিয়াও টি ভি চলি থাকে – চানডুবি শব্দটো ঘনাই আহে আৰু
আহে মাঘ বিহুৰ আয়োজনৰ বাতৰি – ভেলাঘৰৰ প্ৰতিযোগিতা আৰু আৰু ?
কুঁৱলী- কুঁৱলী । হয়,
তাই ঠিকেই শুনিছে- ব্ৰহ্মপুত্ৰত ডাঠ কুঁৱলী । ৰুলী বায়ে খাবলৈ মাতে – ডাইনিং টেবুলত
ফুলা লুচি, আলু দম, ৰাজমাও আৰু এয়া কি – কাষ্টদাৰদ ! দিল খুশ নে – মাহৰ আৰম্ভণিতো
আহিব পাৰতো – আমি জি এচ টি নলগাওঁ ।
কথাখিনি কৈ ৰুলী বায়ে
খিল্খিলাই হাঁহে । হাঁহিলে ৰুলী বাৰ গালত টোল নপৰে । তথাপি ইম্মান ভাল লাগে । একেবাৰে
ভাগৰ নলগা হাঁহি । কিন্তু তাই জানে ৰুলী বায়ে যিমান সহজে হাঁহে সিমান সহজে
নাকান্দে । নাকান্দে বাবেইতো ৰুলী বাৰ চকুত ইমানবোৰ কাহিনী । তাই পঢ়ি পেলায় ৰুলী
বাৰ শৃংখলিত ৰূপৰ বিশৃংখল আধা কোৱা কাহিনী ।
সমুখত বৰমা বহে – টি
পটৰ পৰা চাহ বাকি দিয়ে তেওঁ- ওহ, চাহ পৰিল – গুণগুণে বকিব – ৰুলী চাওঁ সলাই দে
এইখন – এতিয়াই সলাই দে- হঠাতে পৰিৱেশটো নাটকীয়ৰ পৰা বাস্তৱ হৈ যায় । ৰুলী বা
পাকঘৰৰ পৰা ওলাই নাহে । বৰমা ঘপকৰে চকীৰ পৰা উঠে । ধৰা পৰি যোৱাৰ ভয়ত আকৌ চকীত বহে – কোনেও জোৰ নকৰাকৈয়ে ।
সিটো কোঠাত টি ভিৰ
ভলিউম হ্ৰাস পায় । তাই চাহ কাপত ওপঙি থকা গাখীৰৰ সৰখিনিৰ বৃত্তাকাৰ স্থিতিলৈ এনেয়ে
চাই থাকে । নিবিচাৰিলেও কিমান যে স্মৃতিৰ মুখামুখি হ’ব লাগে !
গুণগুণে বগা বস্তু খুব ভালপাইছিল - ৰুলীতকৈ কাস্টৰাদ ভাল বনাইছিল - এই যে তোমাৰ প্লেটখন - সেইবোৰ সব তাই পচন্দ কৰিছিল - এই ঘৰ ঘৰ থকা পৰ্দা এইবোৰ তাই সলাই লগাইছিল - মাজতে ৰুলীয়ে সব আঁতৰাই দিছিল - কিন্তু স্মৃতিনো ক'ত সলাব পাৰি?
বৰমালৈ নোচোৱাকৈয়ে তাই ধৰিব পাৰে বৰমাই নিজকে নিজে সাৱটি ধৰিছে - তেওঁ যেন বিচাৰিছে
কোনোবাই তেওঁৰ স্মৃতিবোৰ আঁতৰাই পেলাওক – ঠিক অলপ আগতে তাই গাখীৰৰ সৰখিনি চামুচেৰে
আঁতৰাই পেলোৱাৰ দৰে ।
‘হঠাৎ- হঠাতে মানুহ
নোহোৱা হৈ যায় নেকি? এনেকৈ টাববোৰত পানী দিবলৈ এৰি – নিজৰ পচন্দৰ বগা গাড়ীখন কিনি
চলাব নিশিকাকৈয়ে – এনেকৈ ইমানবোৰ নতুন কাপোৰ কিনি নিপিন্ধাকৈয়ে এৰি থৈ যায় জানো
কোনোবাই?’
বৰমাৰ চেঁপা মাতটো সিটো
কোঠাৰ দৰ্জা খোলাৰ শব্দত ঢাক খাই পৰে । মুখ ওফোন্দাই বহি থকা এজাক শীতে চীনা মাটিৰ
চাহৰ কাপবোৰক কোঙা কৰি থৈ যায় । বৰদেউতা ওলাই আহে আৰু টেবুল ক্লথখন সলাই দিয়ে ।
তাৰপাছতে তেওঁ নিজৰ হাতখনলৈ চায় – সেই এখনেই হাত যিখনক তেওঁ ঘিণ কৰে - সেই এখনেই হাত যিখনেৰে তেওঁ গুণগুণক মৰা এটা
চৰত এই গোটেই ঘৰ মৰিশালী হৈ পৰে । তথাপি তেওঁ টেবুল ক্লথখন সলাই দিয়ে ।
বৰমাৰ চকুত চকু
নোথোৱাকৈয়ে তেওঁ ক’ব খোজে – ‘ এই হাতখনক মাফ কৰি দিয়া । প্ৰিয় ৰঙবোৰক স্মৃতিহীন
ভাৱে থাকিবলৈ দিয়া’।
ৰুলী বায়ে চীনা মাটিৰ কাপবোৰ পাকঘৰলৈ নিয়ে । আকৌ গৰম কৰা চাহবোৰ ভাঁপে ভাঁপে দিয়ে ।
দ্বিতীয়বাৰ তাইৰ চাহকাপত গাখীৰৰ সৰ নাথাকে । ৰুলী বালৈ তাই এনেয়ে চাই থাকে - কোনো অভিযোগ- কোনো কাৰণ - কোনো প্ৰশ্ন - কোনো জবাব নোহোৱাকৈয়ে । ৰুলী বাৰ চকুহালে তেতিয়াও সদায় কোৱাৰ দৰে কৈ থাকে ' ওহো, মোক স্মৃতি নালাগে । স্মৃতিহীনতাত ৰঙবোৰ চিনি নোপোৱাকৈয়ে মোৰ ভাল লাগে ।'
চহৰৰ উপকণ্ঠত অৱসৰপ্ৰাপ্ত এটা পৰিয়ালে সহি থকা স্মৃতি যন্ত্ৰণাৰ এটা কাহিনী শুহি শুহি ৰুলী বায়ে নিজৰ যৌৱন সামৰে । ঠিক শীতে সামৰা ধূলিবোৰৰ দৰে - কোনো প্ৰাপ্তি স্বীকাৰ -কোনো প্ৰতাৰণা - কোনো পৃথকীকৃত স্মৃতি বিলাস নোহোৱাকৈয়ে - একেবাৰে সংগোপনে ।
দুজন শ্ৰোতাই দুটা কাহিনীক কদৰ কৰি চহৰৰ উপকণ্ঠৰ পৰা কেন্দ্ৰলৈ ওভতে । সি গোটেই দিনটো হালধীয়া চুৱেটাৰ পিন্ধা ছোৱালীজনীৰ এপলক স্মৃতি কঢ়িয়াই ফুৰে - মাজে মাজে সন্মুখীন হোৱা নাতি দৈৰ্ঘ্য প্ৰেম কাহিনীবোৰৰ এটাৰ প্ৰাপ্তি স্বীকাৰ কৰে - নিজৰ ওচৰতে - বাৰে বাৰে ।
সি যেতিয়া অভাৰব্ৰীজৰ তলত চিটি বাছৰ পাছ দুৱাৰেৰে নামে - হালধীয়া চুৱেটাৰ পিন্ধা তাই আগ দুৱাৰেৰে সেই একেখন বাছতে উঠে ।
হালধীয়া ৰং তাই বেয়া পায় - এই কথা তাইৰ আকৌ মনত পৰে ।