Monday 12 March 2018

TISS ৰ প্ৰতিবাদ আৰু সামাজিক ন্যায়ৰ প্ৰশ্ন

ভৰ দুপৰীয়া এটা ধূলিময় কেম্পাছত আমি খুব উদাস মনেৰে বহি আছিলো । ডেনিয়েলে অলপ আগতে মাকৰ লগত কথা পাতিছিল । সি কৈছিল responsibility ৰ কথা,  ঘৰত অকলে এৰি থৈ অহা ৰুগীয়া মাকৰ কথা । মাকে হাবিত খৰী কাটি থকাৰ কথাও সি আমাক কৈছিল । সেই কথাটোত সি বৰ সন্তুষ্টি প্ৰকাশ কৰা নাছিল । 'ঘৰ এৰি মই বৰ ভুল কাম কৰিলোঁ । আমাৰ দৰে ঠাইৰ ল'ৰাবোৰ এনে কাৰণতে পঢ়িবলৈ ডাঙৰ চহৰলৈ নাহে'  । ডেনিয়েলৰ অসন্তুষ্টি বহুতো অনিশ্চয়তাৰ দীঘলীয়া কাৰণ হৈ ধৰা পৰিছিল আমাৰ সমুখত । 

ডেনিয়েল কাৰ্বি পাহাৰৰ ল'ৰা । টাটা ইনষ্টিটিউট অৱ চছিয়েল চায়েন্সৰ বি এৰ ছাত্ৰ । ডেনিয়েলৰ দৰেই ধূলিয়ৰি বতাহজাকৰ সৈতে যুঁজি বহুজনে নিজ নিজ সীমাৱদ্ধতাৰ কথা কৈ আছিল । 

যোৱা ২১ ফেব্ৰুৱাৰীৰ তাৰিখে TISS ছাত্ৰ একতা সভাই মুম্বাইৰ লগতে গুৱাহাটী,  তুলিজাপুৰ আৰু হায়দৰাবাদ কেম্পাছত কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছিল । এই প্ৰতিবাদ আছিল কৰ্তৃপক্ষই GOI - PMS (Government of India Post Metric Scholarship)  ৰ বাবে যোগ্য ছাত্ৰ ছাত্ৰীৰ অৰ্থ সাহাৰ্য্য বন্ধ কৰি দিয়াৰ বিৰুদ্ধে । এই সাহাৰ্য্য বন্ধ কৰি দিয়াৰ লগে লগে অনুসূচীত জাতি জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলেও টিউচন,  হোষ্টেল আৰু মেছৰ মাচুল জমা দিয়াটো বাধ্যতামূলক হৈ পৰে । তাৰ লগে লগে অৰ্থনৈতিক ভাৱে পিছপৰা শ্ৰেণীৰ OBC, SC,  আৰু ST ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতো বিভিন্ন অনিশ্চয়তাৰে ভৰি পৰে ।

' একোখন শিক্ষানুষ্ঠানত পঢ়াৰ সিদ্ধান্ত লোৱাৰ আগতে ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন কথা চিন্তা কৰি লয়। তাৰ মূলতে থাকে শিক্ষানুষ্ঠানত বহন কৰিবলগীয়া মাচুল আৰু একোটা পৰিয়ালৰ অৰ্থনৈতিক স্বচ্ছলতাৰ কথা । কিন্তু এনেকৈ চেমিষ্টাৰৰ মাজতে বৃত্তি বন্ধ কৰি দিয়াৰ সিদ্ধান্ত একপ্ৰকাৰৰ সামাজিক ন্যায়ৰ উলংঘন ' । 

ডেনিয়েলৰ কথাবোৰ কেৱল তাৰ কথা নাছিল । বন্ধ হৈ যোৱা বিভিন্ন বৃত্তিবোৰে সমাজ বিজ্ঞান পঢ়িব বিছৰা ছাত্ৰ ছাত্ৰীসকলৰ মনত এক হতাশাৰ জন্ম দিছিল । এই হতাশাই এটা কথা বুজাইছিল যে দেশৰ শিক্ষা ব্যৱস্থাই ক্ৰমান্বয়ে এক অৰ্থনৈতিক ভাৱে সবল শ্ৰেণীকহে শিক্ষা লাভৰ অধিকাৰ দিছে । আৰু এনেদৰে সংবিধানৰ সমতাৰ অধিকাৰক উলংঘা কৰি এক corporate social scientist সৃষ্টি কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে ।

বিগত ৫-৬ বছৰত শিক্ষা খণ্ডত সামাজিক ন্যায় ভংগ হোৱাৰ বহুতো উদাহৰণ আছে । ২০১৩ - ১৪ ৰ তুলনাত TISS ৰ ভৰ্তি মাচুল ২০১৬ - ১৭ বৰ্ষত দুগুণকৈ বৃদ্ধি কৰা হয় ।  এই বৰ্দ্ধিত মাচুল কোনো পধ্যেই GOI-PMS বৃত্তিৰ দ্বাৰা পূৰণ কৰাটো সম্ভৱপৰ নহয় ।  ২০১৫ চনত TISS ৰ OBC ছাত্ৰ ছাত্ৰীক প্ৰথমবাৰৰ বাবে এই বৃত্তিৰ পৰা বাতিল কৰা হয় । উল্লেখযোগ্য যে Mandal Recommendation (Stage 2) আৰম্ভ হোৱাৰ পাছতে ভৰ্তি মাচুল হ্ৰাস আৰু GOI-PMS বৃত্তিৰ সুবিধাৰ বাবে TISS ত সমাজৰ নিম্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰিমাণ বাঢ়িছিল । কিন্তু কেৱল মাত্ৰ এক বছৰৰ ভিতৰতে OBC ছাত্ৰ ছাত্ৰীৰ সংখ্যা সামগ্ৰিকভাৱে ৬৫ ৰ পৰা ৪৭ হৈছেহি । 

কিন্তু এয়া কেৱল TISS ৰ ছাত্ৰ ছাত্ৰীৰ সমস্যা নহয় । দেশৰ শিক্ষা ব্যৱস্থাৰ ওপৰত ইতিমধ্যে শিক্ষাৰ ব্যক্তিগতকৰণক লৈ যথেষ্ট প্ৰশ্ন উত্থাপিত হৈছে । দেশৰ বাজেটলৈ চালে দেখা যায় শিক্ষা খণ্ডৰ বাবে নিৰ্ধাৰিত ব্যয়ৰ পৰিমাণ ৩.৫ পৰা ৪ শতাংশৰ ভিতৰত ( যিটো ব্ৰাজিল,  ৰাছিয়া,  চীন,  দক্ষিণ আফ্ৰিকাৰ তুলনাত অত্যন্ত কম) । কেন্দ্ৰীয় আৰু ৰাজ্যিক শিক্ষানুষ্ঠানবোৰতো মাচুল বৃদ্ধি আৰু আসন হ্ৰাসক লৈ বিভিন্ন সময়ত ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । আনকি এই বৰ্ষটো  UGC লৈ দিয়া অনুদান পূৰ্ব নিৰ্ধাৰিত পৰিমাণ ৪৯২২.৭ কোটিৰ পৰা ৪৭২২.৮ কোটিলৈ হ্ৰাস কৰা হৈছে । বিশেষকৈ কিছুমান উচ্চ মানদণ্ডৰ প্ৰসিদ্ধ শিক্ষানুষ্ঠানলৈ দিয়া পুঁজিৰ পৰিমাণ পূৰ্বৰ তুলনাত অতি ক্ষীপ্ৰভাৱে হ্ৰাস পাইছে ।

উল্লেখযোগ্য যে TISS গুৱাহাটী কেম্পাছক World Class  শিক্ষানুষ্ঠান হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত কেম্পাছ মুকলি কৰিছিল বিগত বৰ্ষৰ মে' মাহত । তেখেত লগতে কৈছিল যে TISS গুৱাহাটী হৈছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰা একমাত্ৰ কেম্পাছ কাৰণ ইয়াত কুকি,  মিজো,  অসমীয়া,  ডিমাছা,  কাৰ্বি, লেপচা,  আপাটানিয়ে গঢ়ি তোলা Seven Sisters আছে । কিন্তু যোৱা ২১ ফেব্ৰুৱাৰীৰ পৰা ইয়াৰ ছাত্ৰ ছাত্ৰীয়ে চলাই থকা সংগ্ৰামখনক ৰাজ্যৰ শিক্ষা মন্ত্ৰী গৰাকীয়েও এবাৰো মূৰ তুলি চোৱা নাই । 

দেশৰ ছাত্ৰ সমাজৰ এই ভয়ংকৰ অনিশ্চয়তাৰ ছবিখনে মোডীৰ সবকা সাথ সবকা বিকাশৰ প্ৰতিনিধিত্ব কৰা নাই । বৰঞ্চ প্ৰান্তীয় আৰু সমাজৰ অৱহেলিত শ্ৰেণীৰ প্ৰজন্ম একোটাৰ খৰ্ব হোৱা সামাজিক ন্যায়ৰ প্ৰসংগকহে ডাঙি ধৰিছে । সেয়ে বাৰে বাৰে আমি ক'বলৈ বাধ্য হৈছো -  'এই দেশৰ সংবিধানে কয় শিক্ষা আমাৰ অধিকাৰ । কিন্তু এই দেশৰ চৰকাৰে কয় শিক্ষা তুমি কিনিব লাগিব ।' 

ডেনিয়েলে responsibility ৰ কথা কোৱাৰ বাবে মোৰ মনত পৰিছে গায়ত্ৰী স্পীভাকে কোৱা সেই কথাষাৰলৈ - Responsibility annuals the call to which it seeks to respond.  দেশৰ চৰকাৰে ইতিমধ্যে এই সঁহাৰিৰ কথা পাহৰি পেলাইছে ।

No comments:

Post a Comment