Saturday 10 March 2018

নাজিৰা কলেজ



বিচিত্ৰ সময়ত নাজিৰা কলেজলৈ আহিছিলো । চায়েন্সত এডমিচন লৈ ফেইল কৰিছিলো । আৰ্তচ পঢ়িম এই সিদ্ধান্ত লওঁতে যথেষ্ট পলম হৈছিল । বেছিভাগ কলেজতে এডমিচনৰ সময় পাৰ হৈ গৈছিল । কোনো মতে নাজিৰা কলেজত চিট পাইছিলো । বহুতো অনুৰোধ আৰু অপেক্ষাৰ পাছত । 

তাৰপাছতো নাজিৰা কলেজ বুকুত ৰৈ গৈছিল আন বিভিন্ন কাৰণত । তাৰ মূলতে আছিল নাজিৰা কলেজে দিয়া এখন সমাজ -  আৰু সামাজিক শ্ৰেণী সম্পৰ্কীয় সচেতনতা । নাজিৰা কলেজত মই কোনো থিয়ৰি পঢ়া নাছিলো । কোনো ৰাজনৈতিক সমদল অথবা ধৰ্ণাত বহা নাছিলো । 

নাজিৰাত ঘৰ বুলি ক'লেই বেছিভাগ আগন্তুকৰে প্ৰশ্ন আছিল অ এন জি চিত পৰিয়ালৰ কোনজনে চাকৰি কৰে?  ( যদিও এই অনুষ্ঠানৰ সৈতে মোৰ পৰিয়ালৰ কোনো সম্পৰ্ক আজি পৰ্যন্ত হোৱা নাই)  । কিন্তু তাৰ লগে লগে নাজিৰাত অ এন জি চিয়ে জন্ম দিয়া শ্ৰেণী আৰু শ্ৰেণী সংঘাতৰ কথাবোৰো স্পষ্ট হৈ পৰিছিল । নাজিৰা কলেজত যি নিম্ন মধ্যবিত্তীয় আৰু নিম্ন অৰ্থনৈতিক শ্ৰেণীৰ সহপাঠীবোৰ লগ পাইছিলো তাৰ বেছিভাগেই আছিল খাটি খোৱা পৰিয়ালৰ প্ৰতিনিধি । এনে সহপাঠীসকলৰ মাৰ্কচিচতকৈও গধুৰ আছিল তেওঁলোকৰ শ্ৰমজীৱি জীৱনৰ প্ৰাসংগিকতা । 

এনে বহুতো সহপাঠী লগ পাইছিলো যি ঘৰত ভূঁই ৰুই কলেজত মাৰ্ক্সবাদ পঢ়িছিল। এনে বহুতো সহপাঠীৰ হাতবোৰ দেখিয়ে বুজিছিলো যি বন্ধৰ দিনত মাক বা বায়েকৰ হৈ বাগানত পাত তুলিব গৈছিল । এনে বহুতো সহপাঠী শেষ বেঞ্চৰ ছাত্ৰ আছিল যি দেওবাৰে বজাৰত শাক পাচলিৰ দোকান দিছিল । নাজিৰা নামৰ অঞ্চলটোৰ সামগ্ৰিক ছবিখনৰ নিৰন্তৰ ব্যাখ্যাৰে ভৰপূৰ শ্ৰেণী কোঠাবোৰে  সেয়ে বহুতো ৰাজনৈতিক ব্যাখ্যাক বেছ সৰলকৈয়ে আমাৰ সমুখত তুলি ধৰিছিল । 

তাৰ মাজতে আন বহুতো কথাৰ আলোচনা আছিল সৰস । বিষয়ৰ গভীৰতা নুবুজাকৈয়ে কংগ্ৰেছ বা বাওঁপন্থী দলৰ গুৰুত্ব আৰু সেইবোৰৰ সৈতে জড়িত ছাত্ৰ সমাজৰ নামবোৰ সাধাৰণ ভাৱেই আলোচিত হৈছিল । বহু পলমকৈ বুজিছিলো নাজিৰাৰ ইতিহাসৰ সৈতে -  নাজিৰা কলেজ জন্মৰ ইতিহাসৰ সৈতে কিমান অমনোযোগি হৈও আমি সেইবোৰ কথাকে পাগুলি আছিলো । দেউতা,  খুড়ীহঁতৰ মুখেৰে বহুবাৰ নাজিৰা কলেজ প্ৰতিষ্ঠা হোৱাৰ কাহিনী শুনিছিলো । ঘৰ - ডেক্স -  বেঞ্চ - কৰ্মচাৰী -  শিক্ষক - ভ্ৰাম্যমাণ থিয়েটাৰ -  অৰ্থৰ সমস্যা ইত্যাদি আৰু এই আটাইবোৰৰ আঁৰত থকা শ্ৰদ্ধাৰ অৱনী বৰঠাকুৰ ছাৰ,  আৰু বহুজন পুৰোধা ব্যক্তি । এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ  নানানটা ব্যাখ্যা চুবুৰীৰ আড্ডাত -  কলেজৰ আলোচনাত শুনিছিলো । নাজিৰা কলেজৰ পৰাই ডিগ্ৰী লাভ কৰা খুড়ীহঁতৰ মুখত শুনিছিলো কেনেকৈ উপহাৰ খেল পাতি,  ভ্ৰাম্যমাণ নাটক মঞ্চস্থ কৰি কলেজৰ বাবে পুঁজি গোটোৱা হৈছিল । 

তাৰ মাজতে শুনিছিলো এজন ৰিক্সাৱালাই নিজৰ উপাৰ্জনৰ পোন্ধৰ টকাৰ পৰা পাঁচ টকা কলেজৰ বাবে দান দিয়াৰ কথা । তাৰ পাছতো আৰু বহুতো কাহিনী নিশ্চয় আছে । কিছুমান আমি জনা । কিছুমান আমি নজনাকৈয়ে সোঁৱৰণি হোৱা । আজিৰ তাৰিখত য'ত ভোগবাদী সমাজ আৰু পুঁজিবাদৰ দৌৰে সমগ্ৰ শিক্ষা ব্যৱস্থাক যিদৰে শুহিবলৈ ধৰিছে,  তাৰ মাজতে এচাম শিক্ষকে এতিয়াও কিন্তু শিক্ষাৰ্থীৰ খোজবোৰৰ বাবে নিজৰ তেজ পানী কৰি আছে । তেনে বহু শিক্ষাগুৰুক লগ পাইছিলো নাজিৰা কলেজত । মোৰ বিশ্বাস এতিয়াও এই সকল শিক্ষাগুৰুৱে এতিয়াও চমকত হেৰাই যোৱাসকলক নিজৰ বাট বাছি লোৱাত সহায় কৰি আহিছে । যি সাহস এই সমাজ আৰু সমাজৰ নিয়মবোৰ ভঙাৰ বাবে খুবেই জৰুৰী । নিয়মে নিয়ম মানি চলিবলৈ,  নিয়মৰ আনুগত্য হ'বলৈ আমাক বাধ্য  কৰে  । এই বাধ্যবাধকতাৰ স্বাৰ্থত ধৰ্ম,  জাত,  উচ্চ,  নীচ সকলোকে মাধ্যম কৰা হয় । এনে মাধ্যমবোৰ উফৰাই নিজৰ স্বাধীনতা,  নিজৰ মত প্ৰকাশ কৰিবলৈকে আমাক এক কঠোৰ আৱাজৰ প্ৰয়োজন । যি আৱাজৰ বাবে একো একোটা অঞ্চলত একোখন সৰু সৰু কলেজে গুৰুত্বপূৰ্ণ ভূমিকা লয় । 

নাজিৰা কলেজ তেনে এক বৌদ্ধিক জাগৰণৰে নাম । নাজিৰা নামৰ অঞ্চলটো য'ত অৰ্থনৈতিক স্বচ্ছলতাৰ অংকবোৰ বেছিভাগ সময়তে সক্ৰিয় আৰু প্ৰান্তীয় বাগানীয়া,  কৃষিজীৱী অঞ্চলবোৰ বহু সময়ত অৱহেলিত -  তাৰ মাজত নাজিৰা কলেজ এক প্লেটফৰ্মৰ দৰে । এনে এক প্লেটফৰ্ম  য'ত চাওঁতালী ছোৱালী আৰু অ এন জি চিৰ জীয়ৰী একেখন বেঞ্চত বহিব পাৰে   । য'ত মজদুৰ ল'ৰা আৰু কংগ্রেছী নেতাৰ পুত্ৰইও একেলগে ৰাজনীতি কৰিব পাৰে । য'ত কোনো মুছলমানে কোনো হিন্দুক -  কোনো হিন্দুৱে কোনো মুছলমানক ধৰ্মৰ কথা নোসোধে । 

নাজিৰা কলেজৰ শ্ৰেণী কোঠা,  কলেজ সপ্তাহ,  কেণ্টিন,  লাইব্ৰেৰী,  আড্ডা,  প্ৰেম,  বন্ধুত্ব আৰু আটাইতকৈ ডাঙৰ কথা আত্মবিশ্বাসে মোক এনেদৰেই শ্ৰেণী সচেতনতাৰ বহল পাঠ শিকাইছিল । এই পাঠৰ প্ৰতিটো পৃষ্ঠাই ইমান সাধাৰন হৈও ইমান ৰেডিকেল যে তাক কোনো থিয়ৰিতে সীমাৱদ্ধ কৰিব নোৱাৰি । কিন্তু প্ৰেকটিকেলি ই বহু বহল আৰু প্ৰভাৱশালী । 


10 comments:

  1. সেইখন পৃথিৱী যেন এতিয়া মৰিচিকা

    কি দিন আছিল!!!!

    ReplyDelete
    Replies
    1. উভতি চালে বেয়া আৰু ভাল দুয়োটাই দেখা পোৱা যায় । পঢ়াৰ বাবে ধন্যবাদ ।

      Delete
  2. এইখিনি নাজিৰা কলেজৰ প্ৰতিজন সদস্যৰে অনুভূতি। সাৱলীল ভাষাৰে প্ৰকাশ কৰা বাবে ধন্যবাদ

    ReplyDelete
  3. সুন্দৰ লিখনি।

    ReplyDelete
  4. সুন্দৰ লিখনি।

    ReplyDelete
  5. সুন্দৰ অনুভব। ভাল লাগিল।

    ReplyDelete