নদী সভ্যতাৰ আয়ুসৰেখা। জনজীৱনৰ চেতনাৰ উৎস। উৎসৱ আৰু আৱেগৰ গতিশীল স্বৰূপ। নদীয়ে মানুহক যুগ যুগ ধৰি সমাজ গাঁথনিৰ ন ন কৌশল শিকাই আহিছে। শিকাই আহিছে ভূগোল আৰু ইতিহাসৰ অপৰিসীম বিস্তৃতিৰ কথাও। অসমৰ নদ-নদীসমূহৰ ভৌগোলিক জালিকাখন দেখিলে একে আষাৰতে বিশ্বাস নহয় যে এই জালিকাবোৰেই অসমীয়া সংস্কৃতি আৰু সমাজ জীৱনৰ প্ৰৱাহিত ধমনী। অথচ প্ৰতিখন নদী দেখাৰ পাছতো আমি ক'ব পাৰোনে যে আমি দেখা নদীখনৰ স্থান আৰু কালেই (space & place) একমাত্ৰ সত্য ? ব্ৰহ্মপুত্ৰক গুৱাহাটীত দেখিলে যেনে লাগে মাজুলীত তাৰ স্বৰূপ আৰু চেতনা নিশ্চয় বেলেগ। সেই একেই ব্ৰহ্মপুত্ৰকে মাহমৰা, লাহৰিঘাট অথবা দক্ষিণ শালমৰাত দেখি বুজি উঠো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অৱবাহিকা (river basin) সম্পৰ্কে আমাৰ জ্ঞান তেনেই নগণ্য।
সেই বাবেই মাজুলীলৈ ঢপলিয়াই আহো। মনতে লৈ ফুৰো শালমৰাৰ মৃৎ শিল্পীৰ সেই ভাষ্য 'সত্ৰীয়া সংস্কৃতিৰ লগতে আমাৰ হাতৰ কৰ্মটোৱো জানো জীয়াই ৰাখিব নালাগে ?' তাৰপাছতো মাজুলী কেনে আছে তাৰ খবৰ আমাক গুগুল মেপে দিব নোৱাৰে। চেটেলাইট ইমেজিৰিয়ে মাজুলীৰ আৱেগ জুখিব নোৱাৰে। মাজুলী 'টুৰিজিম'ৰ বাবে জিলিকে, মাজুলীত দলঙৰ বাবে দাবী উঠে। অথচ সেই একেই মাজুলীত স্বাস্থ্য সেৱাৰ উন্নতিৰ কথা আলোচনাৰ শীৰ্ষলৈ নাহে। মাজুলীত 'ফাইভ ষ্টাৰ' হোটেল নিৰ্মাণৰ কথা মুখে মুখে বাগৰে, কথা চলে বিশ্ববিদ্যালয় স্থাপনৰ । কিন্তু মাজুলীৰ পৰিৱৰ্তিত 'কনজিউমাৰ কালচাৰ'ক লৈ ভয়ত কোনো কঁপি নুঠে।
তেতিয়াই এনে লাগে মাজুলীৰ গান শুনোতে, ছবিত 'মৌকন'ক চাওঁতে আমি ব্ৰহ্মপুত্ৰক কেৱল এখন নদী হিচাপে চাই দায়িত্ব সামৰো। কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকা, অসমীয়াৰ সংজ্ঞা, জাতীয় আৱেগ আটাইবোৰ যে ব্ৰহ্মপুত্ৰৰ অবিহনে অস্তিত্বহীন, একেবাৰে শূণ্য সেই কথা আমাৰ মাজৰ কেইজনে বুজিব পাৰে ? আমি যে আটাইবোৰ 'Prism of Development' ৰ একেবাৰে কোণটোত উপনীত হৈ নিজকে জুখি থাকো সকলোতকৈ আগত বুলি, সেই কথাত অনুতাপ কৰিবলৈ আজৰিনো কিমানৰ হয় !
অসমৰ প্ৰতিখন ঠাইৰ লগতে যে ব্ৰহ্মপুত্ৰৰ শাখা প্ৰশাখাবোৰৰ নিৰন্তৰ আত্মীয়তা, তাকেই বুজি উঠাতো আজিৰ প্ৰজন্মৰ গুৰুতৰ দায়িত্ব হৈ পৰিছে। চকুৰ সমুখতে ভৰলু গেলিছে, টুনী মৰিছে, কলং যন্ত্ৰণাকাতৰ হৈ পৰি আছে। অথচ প্ৰতিখন নদী এসময়ত আছিল একোটা জীৱিত ধাৰা আৰু প্ৰতিটো ধাৰাই যে আমাৰ সমাজ জীৱন, সাহিত্য, গান, কথাৰ লগত সম্পৃক্ত হৈ আছিল, সেই কথাত কাৰো দ্বিমত থাকিব নোৱাৰে। নদী অৱবাহিকা একোটা অঞ্চলৰ ভৌগোলিক চেতনা আৰু এই চেতনাতে অঞ্চলটোৰ ইতিহাস মজ্জাগত । কিন্তু উন্নয়ন, পৰিৱৰ্তন এইবোৰত দৌৰোতে দৌৰোতে আমি নদীকেন্দ্ৰিক চেতনাৰ পৰা বিচ্ছিন্ন হৈ পৰিছো। Model of Development ৰ নামত আমি য'ত থিয় হৈ আছোঁ, তাৰপৰা আমাৰ সুৰ, আমাৰ উচ্চাৰণ ভংগী, আমাৰ মাত কথা নুশুনি। আমাৰ ভূগোল নেদেখি। আমাৰ নদীবোৰৰ সাংস্কৃতিক গাঁথনি বুজিব নোৱাৰি। যদিওবা আমি নিলাজৰ দৰে কৈ আছোঁ জাতি, মাটি, ভেঁটি বচোৱাৰ কথা। ব্ৰহ্মপুত্ৰৰ অবিহনে অসমীয়া জাতি জী থকা সম্ভৱ নে? এই প্ৰশ্নৰ পম খেদাৰ গুৰু ভাৰ নতুন প্ৰজন্মই কেতিয়া ল'ব ?
বৰ ভাল লাগিল । আপোনালৈ friend request নাযায় দেখোন , কিয় ?
ReplyDeleteবৰ ভাল লাগিল । আপোনালৈ friend request নাযায় দেখোন , কিয় ?
ReplyDelete