ব্ৰেক আপৰ পিছত শীত
কিছুমান কাহিনীৰ কোনো আৰম্ভণি নাথাকে। সেইবোৰত সিঁচৰত চৰিত্ৰই আমাক মাথোঁ যেনিতেনি লৈ ফুৰে। কিছুমান কাহিনী সেয়ে বাৰিষাৰ ইংগিত দিয়া, অলপ শীত কঢ়িয়াই লৈ ফুৰা বৰষুণজাকৰ দৰে গতি কৰে । তেনে গতিশীলতাৰ কোনো ঈৰ্ষণীয় বৈশিষ্ট্য নাই । কোনো বিলাসো নাই । সেইবোৰকে কঢ়িয়াই আমি প্ৰত্যেকেই জীৱনটোৰ আকাৰ এটা বিচাৰি ফুৰো। বিচাৰি ফুৰাটোতে মজা । পাই গ'লেই আকৌ সেই আধৰুৱা আধৰুৱা।

জয়িতাই
শ্লপটো উঠি লাহে লাহে তললৈ নামি যায়। ঠাইখিনি আন্ধাৰ। মাজে মাজে শেলাই ।
বৰষুণত তিতাৰ বাবেই চাগৈ কাষৰ ৱালখনৰ পৰা বাহিৰ হয় অকটা অকটা গোন্ধ।
জয়িতাৰ পাতল, কটন কুৰ্টাটো তিয়াই বৰষুণৰ টোপালবোৰে তাইৰ শৰীৰত বিয়পাই
দিয়ে কিবা এক সিৰসিৰণি । আন্ধাৰ বাটছোৱা পাৰ হৈয়ে গলিটো বাঁওফালে ঘূৰিছে ।
গলিটোৰ মূৰৰ পৰা আৰম্ভ হোৱা বগা ৰঙৰ ঘৰবোৰ বৰষুণত তিতা পানী ৰঙৰ ছবিৰ দৰে
হৈ পৰিছে । এই ছবিত যেন কিবা এটা ৰং নাই । যেন কিবা এটা খালী হৈ পৰি আছে ।
খালী
মানে? খালী মানে কাকো সাংঘাটিক মিছ নকৰাকৈ ভোগা স্মৃতিহীনতা। খালী
হুইস্কিৰ বটল। খালী মানে হাতত গীটাৰ এখন লৈও কথা নোহোৱা, সুৰ বিচাৰি নোপোৱা
এটা উচপিচনি। খালী মানে কাৰোবাৰ সৈতে অনলাইন থাকিও ফ্ৰেইণ্ড ৰিকুৱেষ্টৰ
প্ৰফাইল খুচৰি ফুৰা আঙুলি । খালী মানে সব পলাই দিবলৈ মন গৈও নিচাখোৰ হৈ পৰি
থকা ৰাতি। খালী মানে কিবা এটা নাই । কিন্তু কি নাই সেয়া বুজাব নোৱাৰা
বোবা বোবা গেঙনি।
এই খালী
খালী বুলি ভাবি থকা ইম'চনক হোৱাটছ আপৰ ষ্টেটাছ, ইনষ্টাগামৰ বুমেৰিং,
ফেচবুকৰ লাইকত পৰিণত কৰাৰ বাহিৰে জয়িতাৰ দৰে যুৱতীৰ আন কোনো অপচন নাই ।
বৰষুণৰ মাজতে ফোনটো উলিয়াই তাই গলিটোৰ এটা স্নেপ লয়। এই প্ৰজন্মৰ ভাল
লগা, বেয়া পোৱা, খং , যন্ত্ৰণা, ডেটিং, কিবা এটা ভাঙি পেলোৱাৰ উত্তেজনা,
বন্ধুত্ব, দেশপ্ৰেম, প্ৰতিবাদ ম'বাইলৰ এটা মাত্ৰ ক্লিক, ষ্টেটাছৰে আকৃতি
লয় । ইয়াত কোনো সৰলতা নাই। নহ'লে বা বোধকৰোঁ এয়াই এই প্ৰজন্মৰ সৰলতা।
এই প্ৰজন্মই যন্ত্ৰণাৰ গোপনীয়তাতকৈ সকলো দেখদেখকৈ কৰা কামৰ পোষকতা কৰে।
জয়িতাৰ প্ৰজন্মই সেয়ে সময়ৰ সৈতে উঠা নমা কৰে, মনৰ সৈতে নহয়। সময়ে দাবী
কৰা ধৰণৰ ফটো, ফেয়াৰ ষ্টাইল, আইড'লজি, ৰিলেচনশ্বিপ ষ্টেটাছ। সময় বেগাই
যায় তাতোকৈ বেগাই যায় মন। এই কথাটোত জয়িতাহঁতৰ প্ৰজন্ম ভাবুক হৈ ৰৈ
নাযায়।
ৰুমত সোমায়ে কাপোৰ খুলি জয়িতাই হোৱাটছ আপত ফটো আপলোড কৰে। তলত লিখে -' ব্ৰেক আপৰ পিছত শীত আজি মোৰ গলিত' ।
(আগলৈ)
No comments:
Post a Comment