এদিন এগৰাকী ছাত্ৰীৰ মুখত শুনিলো ছোৱালী কলেজবোৰৰ বৰ্তমান প্ৰাসংগিকতা আছে বুলি আপুনি ভাবেনে ? এই প্ৰশ্নই মোক নব্বৈ দশকৰ এটা বিবাহ সম্পৰ্কীয় বিজ্ঞাপনৰ চৰ্তৰ কথা মনত পেলাই দিছিল ৷ চৰ্তটো আছিল – “Girls from JNU, LSR and Miranda House need not apply” I এই এটা চৰ্তই সেই সময়ৰ ছোৱালী শিক্ষাৰ প্ৰতি থকা ধাৰণা সম্পৰ্কে আপোনাক জোকাৰি যাব পাৰে ৷ মোৰ ছাত্ৰী গৰাকীৰ প্ৰশ্নটোৰ উত্তৰ সেয়ে এটা মাত্ৰ শব্দৰে দিয়াটো মোৰ বাবে যথেষ্ট নাছিল ৷
ইতিহাসে কয় একৈশ শতিকাত আমাৰ দেশত যিবোৰ স্বাধীন আৰু মুক্ত চিন্তাৰ অনুষ্ঠান আৰম্ভ হৈছিল তাৰ ভিতৰত মহিলা কলেজবোৰৰ স্থান আটাইতকৈ উল্লেখনীয় ৷ এনি বেচান্ত, ইচাবেলা থবাৰ্ন, ডৰথি দি লা হে- এওঁলোকে দেখা সপোনটোৰ আগ্ৰহতে ভাৰতত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিল ছোৱালী শিক্ষানুষ্ঠান ৷ সেয়াও মিছনেৰীসকলৰ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য় সফল কৰাৰ স্বাৰ্থত ৷
গুণাভিৰাম বৰুৱাৰ জী ‘স্বৰ্ণলতা’ক আধাৰ কৰি ৰচিত একে নামৰ উপন্য়াসত যেতিয়া স্বৰ্ণলতা কলিকতাৰ বেথুন কলেজৰ ছাত্ৰী হৈছিল, উপন্য়াসখন পঢ়ি থাকোতে আমাৰ মনলৈও এক স্বস্তি আহিছিল ৷ বামুণৰ ঘৰৰ জীক বাৰ-তেৰ বছৰতে বিয়া দিয়াৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে নিজৰ জীক শিক্ষিত কৰাৰ সাহস কৰিছিল গুণাভিৰাম বৰুৱা আৰু তেওঁৰ পত্নী বিষ্ণুপ্ৰিয়া দেৱীয়ে ৷ তিলোত্তমা মিশ্ৰই লিখা উপন্য়াসখনৰ পাতৰ পৰাই এই কথা বুজিব পাৰি –
“গুণাভিৰামে ‘অৰুনোদই’ৰ পাঠকসকলক বুজাবলৈ চেষ্টা কৰিছিল যে ছোৱালীক পঢ়িবলৈ নিদিয়া কু-প্ৰথাটোৰ অচিৰে অন্ত পেলাব নোৱাৰিলে অসম দেশৰ কেতিয়াও উন্নতি নহয় ৷”
আনন্দৰাম বৰুৱা, গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা – এই তিনিওজনে ‘অৰুনোদই’, ‘জোনাকী’, ‘বাঁহী’, ‘আসাম বন্ধু’ ত ছোৱালী শিক্ষাক লৈ যথেষ্ট আলোচনা কৰিছিল ৷ যাৰ বাবে তেওঁলোকে সমাজৰ লাঞ্চনাও ভূগিছিল ৷ ১৯০৪ চনত জোনাকীত প্ৰকাশিত এক প্ৰবন্ধত কোৱা হৈছিল যে “ইতিহাসে দেখুৱাই গৈছে পৃথিৱীৰ কোনো সভ্য়তাৰ বিকাশ মহিলাৰ অবিহনে সম্ভৱ হোৱা নাই… শিক্ষিত মাতৃৰ শিশুৰহে ভৱিষ্য়ত থাকে, অশিক্ষিত মাতৃৰ শিশুক শিক্ষিত কৰাটো কষ্টকৰ ৷”
যদিওবা উক্ত আলোচনীবোৰত ছোৱালী শিক্ষাৰ প্ৰসংগ বেছিভাগ পুৰুষে উত্থাপন কৰিছিল, কিন্তু বেছিভাগৰে ছোৱালী শিক্ষা প্ৰচাৰৰ উদ্দেশ্য়ৰ আঁৰত আছিল শিক্ষিত পুৰুষৰ বাবে উপযুক্ত জীৱন সংগী গঢ়ি তোলা ৷ এনে কাৰণতে জোনাকীত ফণীন্দ্ৰনাথ গগৈয়ে লিখিছিল –“যদিও মই ছোৱালী শিক্ষাৰ সপক্ষে, কিন্তু বৰ্তমানৰ শিক্ষা ব্য়ৱস্থাটোক মই সমৰ্থন নকৰো ৷ ছোৱালীয়ে যদি পুৰুষৰ সমানে সমানে বি.এ, এম.এ পাছ কৰে তেন্তে তেওঁলোক স্বামীৰ প্ৰতিযোগীহে হ’ব ৷ ছোৱালীক পুৰুষৰ দৰে শিক্ষাৰ প্ৰয়োজন নাই, কাৰণ তেনে শিক্ষাই ভালতকৈ বেছি বেয়াহে কৰিব ৷”
এই চিন্তাসমুহ পাৰ কৰি ছোৱালীক মিছনেৰী স্কুললৈ পঠোৱা অথবা বেথুন কলেজৰ হোষ্টেলত ৰখা ইমানো সহজ নাছিল উচ্চ মধ্য়বিত্তীয় শিক্ষিত উদাৰ অসমীয়াৰ বাবে ৷ কিন্তু তেওঁলোকে যদি তাহানিৰ দিনতে এই কামটো নকৰিলেহেঁতেন, তেন্তে আজিৰ তাৰিখত ছোৱালী শিক্ষাৰ কথা ইমান মুকলিকৈ পাতিবলৈ আমি এখন মঞ্চ নাপালোহেঁতেন ৷
১৯ শতিকাতে ভাৰতত ছোৱালী শিক্ষাৰ অধিকাৰৰ সমৰ্থনত এক আন্দোলন আৰম্ভ হৈছিল ৷বিশেষকৈ বিধৱা বিবাহৰ সপক্ষে কৰা আন্দোলন, বাল্য় বিবাহৰ বিপক্ষে হোৱা আন্দোলন তথা স্বাধীনতা সংগ্ৰামত মহিলাৰ অংশগ্ৰহনে ছোৱালী শিক্ষাৰো গুৰুত্ব বঢ়াবলৈ ধৰিছিল ৷ তাৰ ফলতে কলিকতাত ১৮৭৯ চনত স্থাপন হৈছিল দেশৰ প্ৰথমখন ছোৱালী শিক্ষানুষ্ঠান ৷ প্ৰতিষ্ঠাপক জন বেথুনৰ নামেৰে উক্ত কলেজৰ নাম হৈছিল ‘বেথুন কলেজ’ ৷ বেথুন কলেজে আৰম্ভ কৰিছিল ছোৱালী শিক্ষাৰ এক এতিহাসিক আৰু বৈপ্লৱিক যাত্ৰা ৷ কিন্তু তাতো সকলো ধৰ্মৰ, সকলো শ্ৰেণীৰ প্ৰতিনিধিৰ যোগদান সম্ভৱপৰ হোৱা নাছিল ৷ সহজে গ্ৰহণযোগ্য় নহ’লেও বেথুন কলেজৰ আৰম্ভণিয়ে ঠায়ে ঠায়ে নতুন চিন্তাৰ জন্ম দিছিল ৷ নতুন চিন্তাই দিছিল নতুন সাহস আৰু নতুন আলোচনাৰ উৎসও ৷ বেথুন কলেজৰ পৰাই শিক্ষা লাভ কৰা কাদম্বৰী গাংগুলী আছিল সমগ্ৰ দক্ষিণ এছিয়াৰ প্ৰথম গৰাকী মহিলা চিকিৎসক ৷ এই কলেজৰ পৰাই শিক্ষা লাভ কৰা চন্দ্ৰামুখী বসু আছিল দক্ষিণ এছিয়াৰ ভিতৰতে স্নাতক পৰ্যায়ৰ দায়িত্বভাৰ গ্ৰহণ কৰা প্ৰথম গৰাকী অধ্য়ক্ষ ৷ এই বেথুন কলেজৰ সৈতে অসমৰ ছোৱালী শিক্ষাৰো এক সম্পৰ্ক আছিল ৷ ১৮৮২ চনত হান্টাৰ কমিচনে অসমতো উচ্চ শিক্ষাৰ বাবে কিছু পৰিমাণৰ বৃত্তিৰ যোগান ধৰিছিল ৷ যদিওবা তাৰ বিপৰীতে প্ৰাথমিক বিদ্য়ালয় উত্তীৰ্ণ হোৱা ছাত্ৰীৰ সংখ্য়া আছিল নগন্য় ৷ ১৮৮৮ চনত নগাওঁৰ পৰা এগৰাকী ছাত্ৰীয়ে প্ৰাথমিক শিক্ষাত মেধাৰে উত্তীৰ্ণ হৈ মাহিলি ২০ টকা ছাত্ৰ বৃত্তিৰে বেথুনত পঢ়াৰ বাবে নিৰ্বাচিত হৈছিল ৷
ইয়াৰ পাছৰ পৰাই মিছনেৰীসকলৰ উদ্য়োগতে সমগ্ৰ দেশতে ছোৱালী শিক্ষাক লৈ এক সচেতনতাৰ প্ৰসাৰ হৈছিল ৷ কিন্তু তাৰ আঁৰত দেশৰ এক শ্ৰেণীৰ মানুহৰ ছোৱালী শিক্ষাৰ প্ৰয়োজনতাৰ প্ৰতি এক দৃঢ় সমৰ্থন আছিল ৷ লক্ষ্ণৌৰ আমিনবাদৰ এটা সৰু কোঠাত ইচাবেলাই আৰম্ভ কৰিছিল ছোৱালী শিক্ষাৰ এখন বিদ্য়ালয় ৷ ১৮৮৬ চনত এই সৰু বিদ্য়ালয়খন পৰিণত হৈছিল এখন কলেজলৈ ৷ নাম ইচাবেলা থব্ৰান কলেজ ৷ ইচাবেলাৰ আদৰ্শ অনুসৰণ কৰি চেন্নাইত ডৰ’থি দি লা হাই দেশৰ তৃতীয়খন ছোৱালী শিক্ষানুষ্ঠানৰ জন্ম দিছিল – কুইনচ মেৰিজ কলেজ ৷ এই কলেজেই পাছলৈ মাদ্ৰাজ ছোৱালী কলেজ হিচাপে পৰিচিতি লাভ কৰে ৷
দেশত ছোৱালী শিক্ষাৰ আঁত ধৰা আন এগৰাকী প্ৰমুখ্য় ব্য়ক্তি আছিল এনি বেচান্ত ৷ ১৯২৪ চনত তেখেতৰ অনুৰোধতে দিল্লীত আৰম্ভ হয় প্ৰথমখন ছোৱালী কলেজ – ইন্দ্ৰপ্ৰস্থ ছোৱালী কলেজ ৷ দিল্লী বিশ্ববিদ্য়ালয়ে অতি সোনকালে এই কলেজক নিজৰ ভিতৰুৱা কৰে ৷ আজিৰ তাৰিখত দিল্লী বিশ্ববিদ্য়ালয়ৰ অধীনত ২২ খন ছোৱালী কলেজ আছে ৷ উল্লেখযোগ্য় যে ছোৱালী কলেজবোৰৰ জন্মৰ উদ্দেশ্য় শাৰীৰিক তথা সামাজিকভাৱে পুৰুষৰ পৰা দুৰুত্ব বজাই ৰাখি শিক্ষা প্ৰদান কৰাটো নাছিল ৷ ছোৱালী কলেজ স্থাপনৰ মুখ্য় লক্ষ্য়ই আছিল প্ৰান্তীয় হৈ ৰৈ যোৱা এটা শ্ৰেণীক শিক্ষা লাভৰ সকলো সুবিধাৰে পৰিপূৰ্ণ কৰা ৷
১৯৩৬ চনলৈকে অসমত কোনো ছোৱালী কলেজ নাছিল যদিওবা ১৯০১ চনত নামনিত কটন কলেজ আৰু উজনিত ১৯৩০ চনত জগন্নাথ বৰুৱা কলেজ (আৰম্ভণিতে এই কলেজৰ নাম উজনি অসম কলেজ আছিল) আৰম্ভ হৈছিল ৷ ১৯৩৬ চনত প্ৰথমখন ছোৱালী কলেজ স্থাপন হয় শ্বিলঙত ৷ ১৯৪০-১৯৪১ ৰ ভিতৰত আন তিনিখন ছোৱালী কলেজ – চেইন্ত মেৰী কলেজ, সন্দিকৈ ছোৱালী কলেজ, আৰু চিলেট ছোৱালী কলেজ স্থাপন হোৱাটো অসমৰ ইতিহাসৰ এক বৈপ্লৱিক পৰিক্ৰমা ৷ উল্লেখযোগ্য় যে এই সময়ছোৱাত কোনো ছোৱালী কলেজ নথকাত ১৯২৯ চনত প্ৰথমগৰাকী ছোৱালীৰ এডমিচন হয় কটন কলেজত ৷ নাম সুজাতা ৰয় ৷ কটন কলেজত ১৯৩১-৩২ চনৰ ছয়গৰাকী ছাত্ৰীৰ পৰা ১৯৩২-৩৩ চনত আঠ গৰাকীলৈ বৃদ্ধি পোৱাটোৱে বুজাই যে সেই সময়ত ছোৱালী শিক্ষাৰ জোৱাৰ কেনেকৈ বলিছিল ৷ কিন্তু কটন কলেজ কৰ্তৃপক্ষ তেতিয়াও কোনো ছাত্ৰী নিবাস স্থাপন কৰাৰ প্ৰতি সচেতন নাছিল যাৰ বাবে দূৰৈৰ ছাত্ৰীসকলৰ বাবে ইয়াত শিক্ষা লাভ কৰাটো তেতিয়াও ইমান সহজ নাছিল ৷ এই সমস্য়াটো সেই সময়ৰ পানবজাৰ ছোৱালী স্কুলৰ অধ্য়ক্ষা ৰাজাবালা দাসে হাড়ে-হিমজুৱে উপলব্ধি কৰিছিল ৷ তেওঁৰ আত্মজীৱনী ‘তিনিকুৰি দহ বছৰৰ স্মৃতি’ৰ পৰা গম পোৱা যায় কেনেকৈ ৰাজাবালা দাসে গুৱাহাটীত এখন ছোৱালী কলেজ স্থাপন কৰাৰ সপোন দেখাৰ সাহস কৰিছিল ৷ প্ৰথমতে সেই কলেজৰ ক্লাছবোৰ পানবজাৰ ছোৱালী স্কুলতে আৰম্ভ কৰা হৈছিল ৷ পাছলৈ কলেজৰ বাবে ৰাজাবালা দাসে মাটি পাইছিল ৷ আৰু এনেকৈয়ে গুৱাহাটীৰ মাজ মজিয়াত আৰম্ভ হৈছিল সন্দিকৈ ছোৱালী কলেজ যি ১৯৫৪ চনলৈকে কলিকতা বিশ্ববিদ্য়ালয়ৰ অধীনত আছিল ৷
উজনি অসমতো শিক্ষাৰ গুৰুত্ব বহু আগৰ পৰাই বুজি উঠাৰ পৰিৱেশ ৰচনা হৈছিল ৷ ১৮৭২ চনতে কলিকতাৰ প্ৰেচিডেন্সী কলেজৰ পৰা স্নাতক হোৱা জগন্নাথ বৰুৱা আছিল উজনি অসমৰ প্ৰথমজন স্নাতক ডিগ্ৰী লাভ কৰা ব্য়ক্তি ৷ মুৰুলীধৰ বৰুৱাই ককাক জগন্নাত বৰুৱাৰ পৰা লাভ কৰা সম্পত্তিতে আৰম্ভ কৰা হৈছিল উজনি অসমৰ প্ৰথমখন কলেজ ৷ যি পাছলৈ ১৯৩৮ চনত জগন্নাথ বৰুৱা কলেজ হিচাপে পৰিচিতি লাভ কৰিছিল ৷ এই কলেজেই উজনিত ছোৱালী শিক্ষাৰ প্ৰসংগৰ কথা চিন্তা কৰিবলৈ বৌদ্ধিক মহলক সচেতন কৰিছিল ৷ এক দীঘলীয়া পৰ্যায় অতিক্ৰম কৰি ১৯৫৫ চনত ৰায়বাহাদুৰ দেৱীচৰণ বৰুৱাৰ চাৰিজন পুত্ৰই স্বৰ্গীয় পিতৃৰ নামত আৰম্ভ কৰিছিল উজনি অসমৰ প্ৰথমখন ছোৱালী কলেজ – দেৱী চৰণ বৰুৱা ছোৱালী কলেজ ৷ আৰম্ভণিতে এই কলেজৰ ছাত্ৰীৰ সংখ্য়া আছিল লেখতল’বলগীয়া -৫৬ গৰাকী ৷
কিন্তু তাৰ পাছতো ছোৱালী কলেজত অধ্য়য়নৰত ছাত্ৰীয়ে যেতিয়া আনৰ পৰা শুনিবলগীয়া হয় – গোটেই কেম্পাছটোত দিনৰ দিনটো ছোৱালী দেখি তুমি ব’ৰ নোহোৱানে? অথবা আজিৰ তাৰিখত অকল ছোৱালীৰ লগত পঢ়িবানে ? তেতিয়াই আমাৰ সমাজখনৰ অন্য় এক নেৰেটিভ সমুখলৈ আহে য’ত ছোৱালী কলেজৰ ছাত্ৰীক এক টেবুলৈ পৰিণত কৰাৰ অহৰ্নিশে প্ৰচেষ্টা চলে ৷ এখন কলেজৰ কেম্পাচ, সামাজিক আনকি একাডেমিক প্ৰেক্ষাপটত ই এক ডাঙৰ প্ৰশ্ন ৷ যিটো পুৰুষতান্ত্ৰিক সমাজ একোখনেই সৃষ্টি কৰে আৰু প্ৰচাৰো কৰে ৷
এতিয়া উভতি যাওঁ আহক আমাৰ লেখাৰ আৰম্ভণিতে উল্লেখ কৰা নব্বৈ দশকৰ সেই মেট্ৰিম’নিয়েল বিজ্ঞাপনলৈ ৷ কিয় এইধৰণৰ বিজ্ঞাপনক সেই সময়ৰ উচ্চ শিক্ষিত সমাজে প্ৰাধান্য় দিছিল ? যাতে এনে শিক্ষানুষ্ঠানৰ পৰা শিক্ষা লাভ কৰা ছা্ত্ৰীৰ প্ৰশ্ন কৰিব পৰা ক্ষমতা, অন্য়ায়ৰ বিপক্ষে কৰিব পৰা প্ৰতিবাদ, পুৰুষতন্ত্ৰৰ বিপক্ষে ঠিয় হ’ব পৰা সাহস নোহোৱা কৰিব পৰা যায় ৷ যদিও সেই সময়ৰ বহু মেট্ৰিমনিয়েল বিজ্ঞাপনে শিক্ষিত বোৱাৰী বিচাৰিছিল, কিন্তু তাৰ লগতে এনে ধৰণৰ কাঢ়া চৰ্তাৱলী সংযোজন কৰি দিছিল ৷ অৰ্থাৎ এনে বোৱাৰীৰ সপক্ষেহে সেই সমাজ আছিল, যি সন্তানৰ শিক্ষাত গুৰুত্ব দিব পাৰে, সামাজিক অনুষ্ঠানত স্বামীৰ সৈতে সভা শুৱনি কৰিব পাৰে ৷ কিন্তু শেষ মতামত দিব পৰা অধিকাৰ তেওঁৰ নাথাকে ৷
তেন্তে কিয় আজিৰ তাৰিখতো ছোৱালী কলেজৰ গুৰুত্ব আৰু প্ৰাধান্য় বেছি ? ছোৱালী কলেজে আজিও এনে এচাম আত্ম-বিশ্বাসী, নেতৃত্ব ল’ব পৰা ছাত্ৰীৰ জন্ম দি আহিছে যি বিশ্ববিদ্য়ালয় পৰ্যায়ত বৃহত্তৰ সমাজৰ প্ৰতি থকা দায়িত্বৰ প্ৰতি সচেতন হৈছে ৷ ছোৱালী কলেজৰ কেম্পাছে ছাত্ৰীক সমাজখনৰ পৰা দূৰত্বত ৰাখি শিক্ষা প্ৰদান কৰা নাই ৷ বৰঞ্চ সমাজখনে পৃথক কৰি ৰখা সিদ্ধান্তসমুহৰ প্ৰতি প্ৰশ্ন কৰিবলৈ সাহস দিছে ৷ সেই বাবেই ছোৱালী কলেজৰ স্পেচটো বৃহত্তৰ সমাজৰ পৰা পৃথক বুলি ভবাটো যুক্তিহীন ৷ ছোৱালী কলেজৰ কেম্পাচ মানেই সেয়ে কেৱল সৰস্বতী পূজাৰ উখল-মাখল নহয় ৷ ছোৱালী কলেজৰ ছাত্ৰী মানেই সহানুভূতি আৰু অনুকম্পাত ৰৈ কাৰোবালৈ চাই থকা মুখ নহয় ৷ ছোৱালী কলেজে আজিও এচাম ছাত্ৰীৰ হীনমন্য়তা আৰু পৰিচয়ৰ সংকটহীনতা নোহোৱা কৰাৰ দৰে নিৰৱ আন্দোলনৰ প্ৰতিনিধিত্ব কৰি আহিছে যাৰ বাবে এচাম ছাত্ৰীয়ে আমাৰ সমাজখনৰ সমুখত খোজ কঢ়াৰ জোখাৰে নিজক শক্তিশালী কৰিব পাৰিছে ৷ কেৱল ল’ৰাৰ লগত এটা কেম্পাচ অথবা এটা শ্ৰেণী কোঠা ভগাই ল’লেই সমাজ একোখন পুৰুষতন্ত্ৰৰ পৰা স্বাধীন হৈ নাযায় ৷ যেতিয়ালৈকে সমাজৰ চিন্তন আৰু চেতনাত নাৰীৰ সমান মতামত আৰু সিদ্ধান্ত লোৱাৰ অধিকাৰ নাথাকে, যেতিয়ালৈকে মুখ খুলিব পৰা সামাজিক স্পেচবোৰ খালী হৈ পৰি থকা দেখিও হীনমন্য়তা আৰু সাহসৰ অভাৱত ৰৈ যায়; অন্তত: তেতিয়ালৈকে ছোৱালী শিক্ষাৰ গুৰুত্ব বিজ্ঞাপনকেন্দ্ৰিক হৈয়ে পৰি থাকিব ৷ পশ্চিমীয়া নাৰীবাদী আন্দোলনসমূহতকৈ আমাৰ নিজৰ ঠাইত সৌ তাহানিতে ছোৱালী শিক্ষাৰ বাবে হোৱা উক্ত আন্দোলনসমূহ কোনো কাৰণতে উলাই কৰাৰ বিষয় নহয় ৷ এই কথাটো বুজাৰ সময়ো এয়াই ৷ নহ’লে অৰুনোদইৰ পাতত গুণাভিৰাম বৰুৱাই লিখা কথাষাৰৰ তাৎপৰ্য আমাৰ কাৰোৱে মনত পেলোৱাৰ সাহস নহ’ব ৷