Tuesday, 8 September 2020

'গঙা চিলনীৰ পাখি' - পুনৰ পঠন

এখন উপন্যাসৰ বিষয়ে লিখাৰ আগতে মোৰ মনলৈ আহিছে এই প্ৰশ্ন- আমি কিয় পঢ়ো আৰু কোনবোৰ কিতাপ পঢ়ো? গেলিলিঅ'ৱে কৈছিল 'কিতাপ পঢ়াটো চুপাৰ হিউমেনৰ দৰে শক্তি পোৱা এক কাৰবাৰ।' কাফকাৰ মতে, 'কিতাপ আমাৰ বাবে এখন হিমশীতল সাগৰত লৈ ফুৰা এখন কুঠাৰৰ দৰে।' কাৰ্ল চাগানে কৈছিল, 'কিতাপে মানুহক এক ধৰণৰ যাদু প্ৰদৰ্শন কৰাৰ দক্ষতা প্ৰদান কৰে।' এই ক্ষেত্ৰত নীল গেইমনৰ ব্যাখ্যা আটাইতকৈ কাব্যময়ী । মানুহে কিতাপ কিয় পঢ়ে বুলি সোধা প্ৰশ্নৰ উত্তৰো গেইমনে এক প্ৰশ্নৰে দিছিল- 'Why our future depends on Literature, Reading and Daydreaming?' 


সাৰ্থক উপন্যাস এখনৰ ব্যাখ্যা কেনে হোৱা উচিত তাক লৈ উত্তৰ- আধুনিক সাহিত্যৰ কোনো একমাত্ৰিক বিশ্লেষণ নাই । সমালোচকে যি ব্যাখ্যাই নিদিয়ক কিয় সাধাৰণ পাঠকে যে সাৰ্থক উপন্যাস এখনৰ কাহিনী মনত বহু দিনলৈ কঢ়িয়াই লৈ ফুৰে সেই কথা সঁচা । কিন্তু তাতোকৈও ডাঙৰ কথা হৈছে তেনে উপন্যাসৰ কাহিনীত এক ধৰণৰ ঐতিহাসিক ভিত্তি থাকে । যাৰ বাবে সলনি হোৱা সমাজ ব্যৱস্থাইও সেই কাহিনীক মচি পেলাব নোৱাৰে । বৰঞ্চ সমাজৰ তৰপে তৰপে তেনে কাহিনী বেলেগ বেলেগ ৰূপত সোমাই থাকে আৰু সামান্য ইফাল-সিফাল কৰি চাব খুজিলেই আমি তাক দেখা পাওঁ । 

ড° লক্ষ্মীনন্দন বৰাৰ 'গঙা চিলনীৰ পাখি' তেনে এখন উপন্যাস। 


'গঙা চিলনীৰ পাখি' প্ৰথম প্ৰকাশ পাইছিল ১৯৬৩ চনত । কিন্তু উপন্যাসখনৰ মূল প্ৰটাগনিষ্ট বাসন্তী আৰু ধনঞ্জয়ক মোৰ ইমান পুৰণি যেন নালাগিল । কিছুমান কিতাপ বয়সতকৈ আগতে পঢ়াৰ বাবে দেউতাৰ গালি খাইছিলো এটা সময়ত । স্কুলীয়া দিনত লুকাই চুৰকৈ উপন্যাস পঢ়াৰ আৱেদন আছিল ভিন্ন । তেতিয়া 'গঙা চিলনীৰ পাখি' প্ৰিয় উপন্যাস আছিল। কিন্তু কিতাপখনৰ পুনৰ পঠনে মোক সমাজৰ এটা নতুন synthesis ৰ কাষ চপাই আনিছে ।

গেইমনে কৈছিল, 'এখন সাৰ্থক উপন্যাসে তোমাক এখন বেলেগ জগতৰ সৈতে চিনাকি কৰাই দিয়ে । ই তোমাক অন্য এখন ঠাইলৈ লৈ যায় য'লৈ তুমি কোনোদিনে যোৱা নাই। যেতিয়া তুমি এখন বেলেগ জগতৰ সৈতে চিনাকি হ'বা তেতিয়া তুমি তোমাৰ দুনিয়াখনৰ সৈতে বহুতো অমিল দেখা পাবা । আৰু এই অমিল দেখাটো ভাল কথা । কাৰণ তেতিয়াহে মানুহে নিজৰ জগত সলনি আৰু উন্নত কৰিব পাৰে।'

গেইমনৰ মতক সমৰ্থন জনাব নোৱাৰিলো । কাৰণ 'গঙা চিলনীৰ পাখি' ৰ পুনৰ পঠনে মোক বুজালে যে এই চিষ্টেম বোলা চক্ৰটো সলনি হোৱা নাই। সলনি যদি কিবা হৈছে তেন্তে সেয়া চৰিত্ৰ আৰু ঘটনা। 'গঙা চিলনীৰ পাখি'ত সোণাইপৰীয়া জীৱনলৈ যি পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তনত আমিও জী আছো । ভূগিছো । সহ্য কৰিছো । আৰু কেতিয়াবা প্ৰতিবাদৰ আস্ফালনো হৈছে আমাৰ মাজৰ পৰাই। কিন্তু কাৰ বিৰুদ্ধে হৈছে এই প্ৰতিবাদ ? হয়তোবা কোনো নেতা বিশেষ। কোনো বিশেষ আদৰ্শৰ দলৰ বিৰুদ্ধে। কিন্তু চিষ্টেমৰ বিৰুদ্ধাচৰণ কৰিব পৰাকৈ আমাৰ ওচৰত কোনো সৰলীকৃত সমীকৰণ নাই। যিদৰে নাছিল ভোগৰামৰ হাততো । তাৰ কথা বৰ্ণাবলৈ গৈ সেয়ে লেখকে কৈছে - 

"ভোগৰামেও ন-কৈ উদ্ভৱ হোৱা পৰিস্থিতিত নিজকে খাপ খুৱাবলৈ চেষ্টা কৰিছে । কিন্তু দিনে দিনে সি উপায়হীন হৈ পৰিছে । ভোগৰামৰ বাপেকে তালৈ বেছি মাটি-বাৰী ৰাখি থৈ যোৱা নাই । মাথো কেইহালিচামান । তাৰ কাৰণে পি বাপেকক ভুলতো দোষ নিদিয়ে । তেওঁলোকৰ দিনত মাটি বহুমূলীয়া বস্তু নাছিল।" 

মাটিৰ প্ৰশ্ন অসমীয়া উপন্যাসৰ এক বিশেষ অৰ্থবহ প্ৰসংগ । জাতিগত পৰিচয়ৰ সংকটৰ দিনত মাটিৰ মালিকীস্বত্ব আৰু অধিকাৰক লৈ যি এক বিতৰ্ক আৰু বিবাদৰ সৃষ্টি হৈছে, সেয়া এদিনতে জন্ম হোৱা নাই । তাৰ দীঘলীয়া ইতিহাস অসমীয়া উপন্যাসৰ এক জটিল পৰিক্ৰমা হৈ ৰৈ গৈছে । তাৰ সমান্তৰালকৈ 'গঙা চিলনীৰ পাখি'ত বাঢ়ি অহা বহিৰাগত বজাৰকেন্দ্ৰিক আগ্ৰাসনকো ভোগৰামে তুলি ধৰিছে । সেয়ে সি দলঙ ঘাটত ৰৈ সলনি হোৱা সোণাইপৰীয়া সমাজখনক চাইছে । 

"সোণাইৰ ওপৰেদি ঠায়ে ঠায়ে বাঁহৰ দলং হ'ল । ইপাৰ-সিপাৰ এক হৈ পৰিল । দেওৰা, পাভচিলা আৰু বিহুমন পথাৰত ম'হৰ যুঁজ হ'ল । বাওধান-শালিধানৰ দীঘল দীঘল নৰাই হালধীয়া আৰু উৰুঙা উৰুঙা কৰা বহল বহল পথাৰবোৰ লোক-সমাগমে ফুলাম কৰি তুলিলে। লগে লগে আৰম্ভ হ'ল ভোটৰ যুঁজ ।" 

ভোটৰ যুঁজে সোণাইৰ পাৰলৈ অনা আবতৰীয়া বসন্তত অসন্তুষ্ট ভোগৰামেই পাছলৈ এই চিষ্টেমৰ বশৱৰ্তী হৈছে । অথচ সেই ভোগৰাম বিয়াল্লিছত বিদেশী কাপোৰ বৰ্জন কৰিবলৈ মানুহক বুজাই ফুৰা ভলন্টিয়াৰ আছিল। যিদৰে আমাৰ চকুৰ সমুখতে  কতজনে চিষ্টেমৰ বিৰুদ্ধাচৰণ কৰিও হাৰ মানিছে এই ভোগ সৰ্বস্ব দুনিয়াত। ভোগৰামক পৰিস্থিতিয়ে খলনায়কত পৰিণত কৰিলেও বহুতো মুখা পিন্ধা খলনায়ক সোণাইৰ পাৰত,আনকি আমাৰ চৌপাশে চলি আছে । 

ভোগৰামৰ বশ্যতা স্বীকাৰ, ধনঞ্জয়ৰ সততাৰ বাট আৰু বাসন্তীৰ নীতি - ইয়াৰ মাজত কোনটো আটাইতকৈ ডাঙৰ? এই প্ৰশ্নৰ একধৰণৰ নেৰেটিভত উপন্যাসখন ৰৈ যোৱা নাই। "বাকচ হ'ল কল্পতৰু। ৰাইজৰ গুছিব বৰ-সৰু।" এই ধৰণৰ শ্লগানে ভোগৰাম, ধনঞ্জয়, বাসন্তীৰ জীৱনক সুৰক্ষিত কৰিব পৰা নাই। তাৰ বিপৰীতে তেওঁলোকৰ জীৱন হৈ পৰিছে আগতকৈও জটিল। ঘটনাবহুল। আৰু ক'ৰবাত অনিয়ন্ত্ৰিতও। এনে নিয়ন্ত্ৰণহীন পৰিঘটনা আজিৰ তাৰিখতো সত্য। এনে কাৰণতে যেতিয়া "গণতন্ত্ৰ শব্দটো ভোগৰামৰ কাণত অচিন সুৰেৰে বাজি উঠে" তেতিয়া পাঠক হিচাপে আমি আচৰিত নহওঁ। হুমনিয়াহ নাকাঢ়ো । কাৰণ আমাৰ কাণতো একে সময়তে একেই সুৰ বাজি উঠে । একেই অবিশ্বাস আৰু প্ৰতাৰণাৰ সুৰ । 

সেই ভোগৰামে ধনঞ্জয়ৰ চৰিত্ৰ সৎ বুলি জানিও তাৰ জাতৰ প্ৰতি প্ৰশ্ন উঠায়। ভোগৰামে বন্ধুত্ব পাহৰে। নীতি পাহৰে । পাহৰে মানুহৰ মাজত মানুহ হিচাপে থকা বিবেচনাও। ক্ষমতাৰ চকুৰে ভোগৰামে বাসন্তী আৰু ধনঞ্জয়ৰ প্ৰেম দেখা নাপায় । দেখা পায় একধৰণৰ স্বাৰ্থপৰতা । সৰল সোণাইপৰীয়া জীৱন কিদৰে ভোগবাদৰ দিশে গতি কৰে তাৰেই পৰিণতিত ৰৈ যায় বাসন্তী আৰু ধনঞ্জয়ৰ প্ৰেম। যি বাসন্তীয়ে ভোগৰামে চাই দিয়া দৰাৰ আগত মুখ নেদেখুৱাবলৈ জেদ ধৰি কয়, "সেইবুলি ছোৱালীৰ নিজা মত এটা নাই?" সেই একেই বাসন্তীয়ে সোণাইৰ অপযশৰ কথা ভাবি শেষ ৰাতি ধনঞ্জয়লৈ পলাই যাব নোৱাৰে। সেই পুৰণি বাসন্তী আজিৰ দিনৰ বহু নাৰী । যি ৰৈ যায় পুৰুষতান্ত্ৰিক দমনত। যি ৰৈ যায় নিজা মতৰ বিপক্ষে থকা সমাজ ব্যৱস্থাৰ আক্ৰমণত । পৰিতাপৰ গ্লানিৰ ভৰ লৈও যি ৰৈ থাকে কোনো ওজৰ আপত্তি নকৰাকৈয়ে । কিন্তু প্ৰশ্ন হয় এই পুৰুষতন্ত্ৰৰ গুৰি ধৰে কোনে ? কেৱল ভোগৰামৰ দৰে পুৰুষে? ওহো, এই পুৰুষতন্ত্ৰ চলাই নিয়ে বাসন্তীৰ মাকৰ দৰে একোগৰাকী বয়সস্থ সমাজ ভীৰু তিৰোতাই। যি জীয়ৰী কালত চলে পিতৃৰ মতে, বোৱাৰী কালত স্বামীৰ ভাষ্য আখৰে আখৰে পালন কৰে আৰু বৃদ্ধ জীৱনত হাৰ মানে নিজৰ পুত্ৰৰে ওচৰত । 

সেয়ে 'গঙা চিলনীৰ পাখি'ক নাৰীবাদী দৃষ্টিভংগীৰে পঢ়িবলৈ ল'লে নিজৰ সমাজখনকে আৰ্চীত চাই থকাৰ দৰে লাগে । যি সমাজে নাৰীক সাহসী কৰিব নোৱাৰে, আশ্ৰয়ৰ নামত দিনে দিনে কৰি তোলে ভীৰু আৰু দুৰ্বল তেনে সমাজত ৰৈ পাৰ হৈ যোৱা ইতিহাস পঢ়াতো কষ্টকৰ । তাতোকৈও কষ্টকৰ তেনে সমাজৰ হৈ মূৰ ডাঙি ৰৈ থকাটো । 'গঙা চিলনীৰ পাখি' সেয়ে কেৱল বাসন্তীয়ে পাব নোৱাৰা প্ৰেমৰ আধৰুৱা স্বগতোক্তি নহয় । কিয় লেখকে বাসন্তীৰ মাধ্যমত এখন সমাজক তুলি ধৰিলে? কিয় 'গঙা চিলনীৰ পাখি' পঢ়ি থাকোতে বাসন্তীলৈ পাঠকৰ সমবেদনা নোপোজে ? তাৰ বিপৰীতে সমাজ ব্যৱস্থাৰ পুৰুষতান্ত্ৰিক চৰিত্ৰটোৰ মুকলি অহংকাৰলৈ একপ্ৰকাৰৰ ঘৃণাৰ উদ্গীৰণ হয় । লেখকৰ আধুনিক মননে সমাজখনক পঢ়িবলৈ যে এগৰাকী নাৰীহে উৎকৃষ্ট সেই কথা বুজাই দিছে । এনে কাৰণতে হাজাৰ দুৰ্যোগ আৰু যাতনাৰ পাছতো বাসন্তী পৰিত্যক্ত হৈ ৰৈ যোৱা নাই। বাসন্তীয়ে ক্ষমা কৰি দিছে ভোগৰাম, মনোহৰ, আনকি ধনঞ্জয়কো । কিন্তু বাসন্তীয়ে নিৰৱে দুৱাৰত শলখা লগোৱা কথাটোৱে বুজাইছে যে তাই ক্ষমা কৰি দিয়া নাই একোটা ব্যৱস্থাক । সেই ব্যৱস্থাই নাৰীক দিব নোৱাৰা সন্মানক । 

লকডাউনে আনি দিয়া পুনৰ পঠনৰ সংযোগে মোক আকৌ এবাৰ শিকালে উপন্যাসে মানুহৰ মন সলনি কৰিব পাৰে আৰু এক সামাজিক আন্দোলনৰ সূচনা কৰিব পাৰে। সমাজ একোখনে নিজৰ প্ৰকৃত ৰূপ এখন উপন্যাসৰ মাজেৰে দেখে । য'ত সমাজৰ সিদ্ধান্ত বুজিবলৈ আপোনাক কোনো ডাঙৰ থিয়'ৰিৰ প্ৰয়োজন নাই । এখন সাৰ্থক উপন্যাসে আপোনাক দেখুৱাব পাৰে সমাজৰ চিন্তাতকৈ আপোনাৰ চেতনা কিমান পৃথক । গেইমনে কোৱাৰ দৰে পৃথক হোৱাটো অথবা দেখাটো কোনো বেয়া কথা নিশ্চয় নহয়। 

1 comment: