Tuesday, 8 September 2020

ফিটা চিঙা হাৱাই চেণ্ডেলযোৰ আৰু এটা শেষ নোহোৱা গল্প

 


এই যাত্ৰা বৰ আমোদজনক নহ'বও পাৰে । অথচ এই যাত্ৰাতে আমি সহস্ৰবাৰ চিঞৰো। এই যাত্ৰা গৈ থকা মানুহৰ ভৰিৰ ঘামেৰে ভিজি থাকে। এই যাত্ৰাত কোনো চৰ্তৰ প্ৰতিলিপি নাই । এই এটা মাত্ৰ যাত্ৰাৰে আমি কেঁচা মাটিৰ বাটৰ পৰা শিলগুটি দিয়া ৰাস্তালৈ উঠো। এযোৰ হাৱাই চেণ্ডেলৰ পৰা এযোৰ জোতালৈ গৈ থকা এই বাটটোৰ গল্প বহুতৰে বাবে একঘেয়ামী। বহুতৰ বাবে নিজকে নতুনকৈ বিচাৰি পোৱাৰ দৰে একধৰণৰ খৰখৰণি । 

এই সময়ত আপুনি হয়তো নিউজ চেনেলটো খুলি কোনোবা আচাৰ্যৰ উপদেশ বাণী শুনিছে। কফিৰ ধোঁৱাত উপঙি সন্তানক কনভেণ্ট নে ডনবক্সত পঢ়াব তাৰে সাৰাংশ এটাত উপনীত হৈছে। নহ'লেবা বাওঁপন্থী চৰ্বীৰে ভগাই লৈছে ডণাল্ড ট্ৰাম্পৰ বিজয়ৰ খবৰ । টিভিত তেতিয়া বিগ বছ চিজন ১০ চাই ফেচবুকত সচেতন নাগৰিকৰ পাঠ পঢ়োৱা বহুজনৰ সদ্য ব‌্যস্ত আঙুলিৰ জোৰ । আন একো নহ'লেও ট্ৰেণ্ডৰ ইচ্ছু এটা এনেকৈ ষ্টেটাচবিহীনভাৱে এৰি দিব নোৱাৰি। 

বি:দ্ৰ: এই কাহিনীৰ সৈতে কোনো জীৱিত অথবা মৃত ব্যক্তিৰ কোনো প্ৰত্যক্ষ অথবা পৰোক্ষ সংযোগ নাই। 

সংযোগ হেৰাই যায়। সংযোগনো কি? মাজে মাজে আহে। মাজে মাজে নোহোৱা হৈ যায়। গাঁৱৰ ইলেকট্ৰিচিটিৰ দৰে। কিন্তু কিছুমান বস্তু নেহেৰায়। এই ধৰক গাঁৱৰ চতিয়নাজোপাৰ বাউলি গোন্ধে অঁকাই-পকাই সুৰ তোলা দোতৰাখন। সৰুমনে ভলুকাৰ বাৰীৰ পৰা চুৰ কৰি আনি বেচা বাঁহ গাজ ভৰাই ৰখা হৰলিক্সৰ বটলটো খোলোতে নাকত লগা গোন্ধ। বাচাহঁতৰ পুৰণিকলীয়া মিলটোত ওলমি থকা মকৰা জালৰ মাজৰে সোমাই অহা হেমন্তৰ এচেৰেঙা ৰ'দ । সেই ৰ'দত মিলৰ ফিটা টানি শালি ধান কুটিবলৈ লৈ উৎপলে গোৱা বিহু ফাঁকি 'অ' ৰঙামণি নাযাবি পাহৰি।' 

ৰঙামণিৰ বিয়া হৈ যায়। খনিকৰ গাঁৱৰ পৰা ৰজাপুললৈ যাওঁতে পোৱা নিৰ্জন দলঙখনত সন্ধিয়া সিহঁতক একেলগে দেখা পোৱাৰ পাছতে ৰঙামণিৰ বিয়া খাটাং কৰি পেলোৱা হয়। গাঁৱত আপেক্ষিকতাবাদৰ আকাল নাই। আধি খেতি কৰি সন্ধিয়া ৰহি অকণ ধৰা উৎপলতকৈ টেটৰ মাষ্টৰেই ভাল। দলঙৰ কাষৰ আঁহতজোপাৰ তলত ডিঙিলৈকে সেই সোপা গিলি উৎপল পৰি থাকে । ৰঙামণিক গাওঁখনে পাহৰি পেলায় । পাহৰিব নোৱাৰে উৎপলক। তাৰ মাতটোক। বিহু গীতবোৰক । 

বাচাহঁতৰ মিল তেতিয়াও চলে। ফিটাডাল চিঙিলে সি ঘৈণীয়েকক গালিও পাৰে- 'মাৰে-বাপেৰে পুৰণি মিলটোহে জীয়েকৰ ডিঙিত বান্ধি দিলে।' উৎপলহঁতৰ কেঁচা পৰ্টিকত ওলমি থাকে ষ্টেপলাৰ পিনেৰে গুঠি ৰখা পুৰণি গ্ৰীটিংছ কাৰ্ড। এটা চুকত বিষ্ণু ৰাভাৰ ফটো আৰু আনটো চুকত উৎপলৰ ভনীয়েকে এম্ব্ৰডায়েৰী কৰা টেবুল ক্লথৰ তলত ঘৰখনৰ একমাত্ৰ অভিজাত সম্পত্তি হাৰমনিয়ামখন।

এমাহমানৰ পাছত মিলটো আকৌ ঘৰঘৰাই বাজে। দলনিৰ পৰা নোদোকা হাঁহবোৰ সন্ধিয়া ডবাৰ মাত শুনি ঘৰলৈ উভতে । জাতি বাঁহজোপা যিখিনিত হাওলি পৰিছে সেইখিনিত মাজে মাজে হাঁহ একোটা হেৰায় । কোনোৱে কয় হেঁপাই নিয়ে । কোনোৱে আকৌ সৰুমনৰ নাম লয়। সংযোগ নেহেৰায় । হেৰাই সংযোগবোৰ ঘটোৱাৰ সুযোগকণ । 

বিঃদ্ৰঃ এই কাহিনীৰ সৈতে জড়িত জীৱিত অথবা মৃত ব্যক্তিসকলৰ লগত এতিয়াও বহুতৰে সংযোগ আছে। 

এনেকৈয়ে গল্প এটা আৰম্ভ হোৱা হ'লে ভাল আছিল। কিন্তু গল্পবোৰ কোৱা যিমান সহজ সিমানে সহজ পাহৰি পেলোৱাও । প্ৰতিটো যাত্ৰাৰ সহযাত্ৰী হৈ গল্পবোৰ বাগৰি ফুৰে এখন মুখৰ পৰা আন এখন মুখলৈ। পুলটোত মাছৰ পুনিবোৰ বুৰ মৰালৈকে এই যাত্ৰা চলি থাকে। যদিও টিভিৰ পৰ্দাত উখল-মাখল লাগে বুৰ্জোৱা বুদ্ধিজীৱী চিন্তাৰ। নহ'লেবা সেই একেই আফচোচ কত' দিন হ'ল ৰেডিঅ'ৰ চেনেল পকাই মুকুংচুঙৰ ষ্টেচনৰ পৰা ডিলানৰ মাতে খামুচি ধৰা নাই ঢেঁকীয়াত বাগৰি ফুৰা জোনাকী পৰুৱাবোৰ । সেই মাতত বিট মিলাই চিঞৰি থকা জিলিবোৰে জগাই তোলা নাই ফাঁচী জালত ফচি থকা ঢোঁৰা সাপটো। 

বিঃদ্ৰঃ গল্প আৰম্ভ

ইমানো সহজ নহয়। কেৰম ব'ৰ্ডৰ গুটিৰ চলাচলত খটখটাই থকা সন্ধিয়াটোত কৰবাৰ পৰা প্ৰতিধ্বনি হৈ ভাঁহি আহে সেই বাক্য- ইমানো সহজ নহয়। ফিডেল কাষ্ট্ৰোৰ মৃত্যুৰ বাতৰিটোৰ ওজন তাৰ বাবে অধিক হৈ পৰে। শেষৰখন নাও ঘাট পোৱাৰ আগতেই আৰু দুটা ডাঙৰি আনি পোৱাবহি লাগিব। কিন্তু কাষ্ট্ৰো? কাষ্ট্ৰোক এনেকৈ এৰি দিব পাৰি নেকি?

মণিহাৰি দোকানৰ সমুখৰ চালিখনত গৰম তেলত পকৰীবোৰ উপঙিবলৈ ধৰে । আজিকালি চালিখনৰ তলত ৰেডিঅ' নাবাজে। দুজনমানৰ হাতে হাতে ম'বাইল আৰু তাকেই কেন্দ্ৰ কৰি একো একোটা জবৰদস্ত আলোচনা। কাষ্ট্ৰোৰ মৃত্যুৰ খবৰো এনেকৈ আহে। 

গোবিন্দৰ ল'ৰাহঁতক ক'বলৈ মন যায় ৰেডিঅ'ত শুনা কাষ্ট্ৰোৰ ভাষণৰ সেই পুনৰাবৃত্তি- 'I joined the people।' পুলিচ ষ্টেচনৰ পৰা টনা আঁজোৰা কৰি অনা বন্দুকটো যেতিয়া জনতাৰ ঠেলা-হেঁচাত ভাঙি পৰে, তেতিয়াই কাষ্ট্ৰোৰ সমুখত এটা নতুন বাট মুকলি হয়। মানুহৰ বাবেহে নিজৰ জীৱনটো সেই কথা কাষ্ট্ৰোই বুজি উঠে। কোন ধনী, কোন দুখীয়াতকৈ কোন কেনেকৈ ধনী, কেনেকৈ দুখীয়া সেয়া নুবুজিলে মানুহৰ হৈ মাত মাতিব নোৱাৰি । এই কথাই কাষ্ট্ৰোই কৈছিল । গোবিন্দই ডাঙৰিটো আকৌ কান্ধত লয়। পকৰীবোৰ ৰঙা হ'বলৈ আৰম্ভ কৰোঁতেই দূৰৈত জিলিকি উঠে শেষৰখন নাও। আজি দুটা ডাঙৰি কমকৈ কঢ়োৱাৰ বাবে গোবিন্দৰ আক্ষেপ নহয়। গোবিন্দৰ বিৰিয়াৰ চেও যিমানেই বাঢ়ে, নিয়ম ভাঙি কুঁৱলীৰ চাদৰ এখনে সিমানেই দিচাঙক মেৰিয়াই ধৰে। 






আৰু এনেকৈয়ে দিচাঙৰ পাৰৰ গাওঁ এখনত কাষ্ট্ৰোৰ  বাবে খন্তেকলৈ হ'লেও কোনোবা ৰৈ যায়। গোবিন্দই নাৱত উঠিয়ে সিপাৰৰ গাওঁখনলৈ চায়। সদায় চোৱা গাওঁখন আকৌ এবাৰ তাৰ চকুত তুঁহজুই একুৰা হৈ জ্বলি উঠে। সেই একেই তিন পট্টিৰে কঁপি থকা ধানৰ মিলৰ সন্ধিয়া। স্কুলৰ মধ্যাহ্ন ভোজনৰ সৈতে খাহী মাংসৰে কোনোবা মাষ্টৰে পুতেকৰ জন্মদিনৰ বাবে দিয়া ভোজ। চাঙঘৰৰ তলত বেঙুনীয়া মেখেলাত তোলা সৰিয়ঁহ ফুল। নহ'লেবা টিপচাকিৰ পোহৰত মেলি লোৱা ভূচিত্ৰাৱলীত আঁক-বাঁক হোৱা মেপবোৰ। ইয়াত কাষ্ট্ৰো নাই। অথচ এতিয়াও কাষ্ট্ৰোৰ কথা ভাবি দুটা ডাঙৰি কমকৈ কঢ়িওৱা কোনোবা আছে।

সৰি পৰা আঁহতৰ পাতবোৰত বতাহ লাগি খৰখৰীয়া শব্দ একোটা হয়। পূৰণৰ বৰ নেওঁতাৰ সুৰ যিমানেই বাঢ়ে, চাঙঘৰৰ ভিতৰত সিমানেই টিপচাকিৰ পোহৰবোৰ নাচিবলৈ ধৰে। এই নাচোনেও কিছুমান বাট মুকলি কৰে। আগতে গোবিন্দই এনেকৈয়ে ভাবিছিল কথাবোৰ। আজিকালি কথাবোৰ হেনো সলনি হৈছে। নোট আৰু বাটবোৰৰ দৰেই। চহকী বাটবোৰত গোবিন্দৰ বিৰিয়া আৰু তমালৰ গুৰুত্ব নাই। বি এ পাছ গোবিন্দই সেয়ে আজিকালি তুঁহজুইতকৈ বনজুই ভালপায়। প্ৰতিদিনে পাৰ হোৱা দিচাঙখনক সি বহু কথা কয়। দূৰৈৰ পৰা চালে এনে লাগে সোণালী গাঁৱৰ বাট নোহোৱা চাপৰিটোতো কাষ্ট্ৰো সাৰে থাকে । সাৰে থাকে দৌৰত হেৰাই নোযোৱা গোবিন্দৰ দৰে কিছু মেহনতী প্ৰত্যয় । 

বিঃদ্ৰঃ সকলো গল্প সৰলৰৈখিক নহয়। 

লংকা ষ্টেচনত এজুম মানুহ লৈ গুৱাহাটীমুখী ট্ৰেইনৰ বাবে অপেক্ষা কৰে বিতু সোণোৱালে। প্লেটফৰ্মৰ পৰা সামান্য দূৰত্বত থকা বেঞ্চখন যিখন ইতিমধ্যে চৰাইৰ আতিথ্যৰে বগা হৈ পৰিছে, সেইখনতে নিজস্ব ভংগিমাৰে পৰি থাকে বিতু সোণোৱাল। মাজে মাজে সি গুৱাহাটীৰ বন্ধুবোৰলৈ ফোন লগাই। বন্ধুবোৰৰ পৰা সি অচল নোটবোৰৰ খবৰ পায় । কোনো কোনোৱে এ টি এমৰ দীঘল শাৰীৰো সুদীৰ্ঘ বৰ্ণনা দিয়ে। বেঞ্চখনক পহৰা দিয়া বগৰীজোপাৰ মাজেৰে সৰকি অহা জোনৰ পোহৰ দেখি কিছু আচৰিত হয় বিতু সোণোৱাল। জোনো ইমান ধুনীয়া হ'ব পাৰে সেই কথা বহু দিনৰ মূৰত তাৰ মনলৈ আহে। 

জোনৰ পোহৰৰ পৰা প্লেটফৰ্মৰ হালধীয়া পোহৰলৈকে চকু যায় তাৰ। হিন্দু-মুছলমানৰ পৰিচয় নেদেখুৱাকৈ মানুহবোৰ যেতিয়া অদল-বদল কৰি বেঞ্চবোৰত বহে, দৃশ্যটো বৰ অৰ্থবহ হৈ ধৰা দিয়ে বিতু সোণোৱালৰ চকুত। হিন্দু বাংলাদেশীৰ বিৰোধিতা কৰি ওলাই অহা এই খাটিখোৱা মানুহখিনিৰ ধৈৰ্য দেখি খন্তেকলৈ ৰৈ যায় বিতু সোণোৱাল। জুমটো গৰম কৰি ৰখা দুই এজন বয়োজেষ্ঠৰ কথাই বিতু সোণোৱালকো ভাবিবলৈ বাধ্য কৰায় কিতাপৰ থিয়'ৰিতকৈ মানুহৰ মতামত বহুত ওপৰত। এওঁলোক ওলাই আহিছে নিজৰ চৌকাটোৰ বাবে । নিজৰ ভেঁটিটোৰ বাবে। ওলাই আহিছে নিজৰ নামত থকা মাটি কেইবিঘা বানত উটি যোৱাৰ পাছত কি কৰিব তাৰ উত্তৰ বিচাৰি। ৰাজনীতিৰ অংকত সময় নষ্ট কৰিবলৈ এওঁলোকৰ সময় ক'ত ! এই যে উৎপলহঁতৰ ভঁৰালটো ভঙাৰ বাবে পৰ্টিকতে ৰঞ্জিত ধানবোৰ থ'ব লগা হৈছে। এই যে গোবিন্দই ক্লাছ এইট নাইনতে স্কুল এৰা ল'ৰাবোৰক তিন পট্টিৰ সলনি ধনী-দুখীয়া শ্ৰেণীৰ ব্যাখ্যা শুনাইছে । এই যে ৰঙা বেঞ্চখন বগা হৈ যোৱা স্বত্ত্বেও বিতু সোণোৱালৰ বহিবলৈ কোনো কুণ্ঠাবোধ হোৱা নাই, তাৰ সকলোৰে আঁৰত সেই এটাই সাঁথৰ। যাৰ সহজ উত্তৰ সেই চৌকাটো, সেই ভঁৰালটো, সেই বানত উটি যোৱা মাটি কেইডৰা নহ'লেবা দূৰৈৰ পৰাই চকু চাট মাৰি ধৰা একুৰা বনজুই যি মানুহক টোপনিৰ পৰা জগাব পাৰে। জগাব পাৰে এনেদৰেই চলি থাকিব পৰা নিচাৰ পৰাও। বিতু সোণোৱালে মূৰৰ ওপৰৰ আকাশলৈ চাই নিজেই নিজকে কয় 'বহু দিনৰ বিৰতিৰ মূৰত জোনাকৰ পোহৰত এজুম মানুহ দেখিলো।'

বিঃদ্ৰঃ এটা টেলিফোনিক বাৰ্তালাপৰ চমুটোকা ।

"তিয়াশীৰ জুইৰ পাছত মানুহৰ মন মৰি গৈছে। কিয় মৰি গৈছে ঘৰে ঘৰে সোমালেই বুজি পাব। তাৰপাছত বানত বুৰ যোৱা ভেঁটি, কাৰ্বিৰ সৈতে কাজিয়া, খেতি-মাটিবোৰৰ বিভাজন, সেইবোৰ ধেই কথা। সব শুনালে আজি আৰু প্ৰসাদ বিলাব নোৱাৰিম।" 

ৰতন দাইটিৰ সৈতে কথা-বতৰা শুনি এগৰাকী আয়তী নিজেই আগবাঢ়ি আহে। দাইটিয়ে মুখত গামোছা বান্ধি বিলনীয়াৰ দায়িত্ব ল'বলৈ নামঘৰত সোমায়। 

"আগৰ দৰে ডেকাবোৰ নাই। বেছিভাগেই এতিয়া কাম বিচাৰি কেৰেলা, গুজৰাট পালেগৈ। কামনো কি ! কেতিয়াবা হোম গাৰ্ড। কেতিয়াবা পেৰেগন চেণ্ডেল ফেক্টৰীত দিন হাজিৰা। বেছিভাগেই মেট্ৰিক ফেইল। ল'ৰাহঁতক আগতে কৈছিলো বোলো গাঁৱতে খেতি-বাতি কৰ। মিছাতে দূৰলৈ কিয় যাব লাগে? কিন্তু নাই, লগৰবোৰ গ'ল যেতিয়া গাঁৱতনো অকলে কি কৰিব! স্কুল আধাতে এৰি কাম বিচাৰি গুছি যায়। দুবছৰ মানৰ বিৰতিৰ পাছত আকৌ উভতি আহে। দুটা প্ৰকাণ্ড এয়াৰ বেগত পৰিয়ালৰ মানুহৰ বাবে বয়-বস্তু আনে। কিছু দিন চলিব পৰাকৈ দুই এপইচা থাকে। তাৰ পাছত আকৌ সেই একেই কাহিনী। হতাশা। মদাহী। ঘৰবোৰত কাজিয়া। সেয়ে বহুতে বিচাৰে ল'ৰাহঁত দূৰৈতে থাকক। বিচাৰি চাৱক গাঁৱত ডেকা ল'ৰা পাই নেকি? ছোৱালীবোৰৰো একেই দশা। এইট নাইনতে পলাই যোৱা বিয়া। মাজে মাজে ভাবো নামঘৰটোনো কাৰ বাবে যদিহে ৰাইজেই নাথাকে!" 

আয়তী গৰাকীয়ে একে উশাহতে কথাখিনি কৈ তামোল খোৱা মুখখন মোহাৰি লয় চাদৰৰ আঁচলেৰে। তেওঁৰ কথাবোৰে বৰলৰ দৰে কামুৰিবলৈ ধৰে চৌপাশক। গাঁৱৰ এনে বহু কাহিনী এনেদৰে আমাৰ চকুৰ সমুখতে চলাচল কৰি থাকে। এই চলাচল এদিন একঘেয়ামী হয়। আৰু এদিন স্বাভাৱিক। সেয়ে হয়তো একেবোৰ গল্পৰে পুনৰাবৃত্তি ঘটে। মাজে মাজে এনে লাগে শিলগুটি দিয়া ৰাস্তাৰে খোজ কাঢ়োতে চিঙা হাৱাই চেণ্ডেলযোৰ নিজেই এক প্ৰতীক। ভৱিষ্যতৰ আলকাতৰা দিয়া ৰাস্তাত ভোল নাযাবলৈ দিয়া এক সকীয়নি। কপিলী নহ'লেবা দিচাঙৰ পাৰে পাৰে খোজ কাঢ়োতে বাৰে বাৰে মোৰ ফিটা চিঙা হাৱাই চেণ্ডেলযোৰলৈশ। মনত পৰে গল্প নোহোৱা কাহিনীবোৰলৈ। ৰতন দাইটিৰ হুমনিয়াহ বাচাহঁতৰ মিলৰ শব্দত তল পৰে । পকা ধানবোৰ হাওলিবলৈ ধৰে। সেনাৰ উৎপাতত উৎপলে ভনীয়েকৰ বিয়াৰ তাৰিখ পিছুৱাই দিবলৈ বাধ্য হয় । খুন্দনাত আধা খুন্দা তামোল এৰি ফুলমতী আইতাই খৰকৈ মৰণাৰ উখুন মাৰে। ৰবাব টেঙাৰে কঠিয়াতলিত ফুটবল খেলা ল'ৰাহঁত জুপুকা মাৰি পিৰালিত বহি থাকে। কোনে জানে কাক কেতিয়া আৰ্মীয়ে স্কুল চৌহদলৈ মাতে। 

সেনাৰ কনভয়ৰ আগে আগে দুলি দুলি গৈ থকা ডাঙৰিবোৰে গাঁওবোৰৰ আন এক বিৱৰণ দিবলৈ আৰম্ভ কৰে। এই বিৱৰণত গল্পৰ দৰে কাহিনী নাই। কাহিনীৰ দৰে চৰিত্ৰও নাই । চৰিত্ৰৰ দৰে কথোপকথন নাই। এই বিৱৰণ কেৱল বিৱৰণ। কেতিয়াবা নঙলা মুখৰ। কেতিয়াবা ভঁৰালৰ গাতে আওজাই থোৱা ৰাঁচকেইখনৰ। কেতিয়াবা পিছ চোতালৰ জুইকুৰাত উতলি থকা কেটলিটোক আগুৰি থকা পৰিয়ালটোৰ। কেতিয়াবা আকৌ তিনি আলিৰ কেৰম ব'ৰ্ডত বেছিকৈ ঢালি দিয়া বৰিক গুচাবলৈ জোৰকৈ মৰা হাত চাপৰিৰ। 

প্ৰিয় পাঠক, ইয়াৰ মাজৰ গল্পটো বিচাৰি লোৱাৰ দায়িত্ব আপোনাৰ। 

বিঃদ্ৰঃ এই গল্পৰ কোনো সামৰণি নাই। 


No comments:

Post a Comment