Tuesday 8 September 2020

ছাইবৰণীয়া

 

মুখৰ ওপৰত পৰি থকা কিতাপখন আঁতৰাই খপজপকৈ উঠিল পাৰমিতা। পঢ়ি থাকোতেই কেতিয়ানো টোপনি গৈছিল খবৰ নাছিল তাইৰ। বৰষুণৰ ঝৰঝৰ শব্দই গোটেই মানুহজনীকে কোবাই থৈ গ'ল । টিঙৰ বৰষুণৰ শব্দত কিবা এক অনামী মোহ আছে। বহুদিন এই শব্দ শুনা নাছিল পাৰমিতাই। চহৰৰ বাঢ়ি অহা শূণ্যতা আৰু কমি অহা আবুৰতাৰ সৈতে এই শব্দ একেবাৰে অসংযোজনীয় । সমুখৰ খিৰিকীৰে দেখা গ'ল দূৰৈৰ পাহাৰত ওলমি থকা ডাৱৰবোৰ । দুপৰীয়া গুলছন আহিছিল আৰু চহৰৰ এমূৰৰ এই সৰু কোঠাটো পাৰমিতাৰ বাবে যোগাৰ কৰি থৈ গৈছিল। ডাৱৰৰ বাবে ফ্লাইট এক ঘণ্টা পলমকৈ চলিছিল। সেয়ে আহি পাই লগ কৰিম বুলি ভাবি থকা মানুহ গৰাকীৰ সৈতে আজি আৰু দেখাদেখি নহ'ল তাইৰ । বৰষুণৰ টোপালবোৰ খোলা খিৰিকীৰে সোমাই পাৰমিতাৰ মুখত পৰিল। এই পাহাৰীয়া চহৰ পাৰমিতাৰ বাবে একেবাৰে নতুন। হয়তো বৰষুণৰ বাবেই চহৰখনক একেবাৰে উদাসীন আৰু অস্পষ্ট যেন লগা হৈছে। অথচ এই চহৰে কতবোৰ ইতিহাস পুহিছে। এই চহৰে বাৰুদক যিদৰে চিনে । সেইদৰে নাঙঠ হৈ আছাম পুলিচ ৰেপ আচ বুলি চিঞৰিবলৈও সাহস কৰে । এই চহৰে বহু নাৰীৰ মুখ কঠোৰ কৰে।  সেই নাৰী কেতিয়াবা কাৰোবাৰ মাতৃ, কেতিয়াবা কাৰোবাৰ ভগ্নী, কেতিয়াবা কাৰোবাৰ পত্নী। কেতিয়াবা এক দীঘলীয়া অনশন চলাই থকা মৌন প্ৰতিবাদী । 


পিছদিনা চাৰিখন দেৱালৰ মাজত বন্দী এই প্ৰতিবাদীক দেখোতে পাৰমিতাই চহৰখনৰ দুঃসাহসৰ অনুমান কৰিব পাৰে। কিবা এক শিহৰণত তাই লগত যোৱা গুলছনৰ হাতখনকে খামুচি ধৰে। কেইবাটাও দীঘলীয়া অধ্যায়ৰ পাছতহে এই নাৰীক লগ পোৱাৰ অনুমতি লাভ কৰিছে পাৰমিতাই। এই ক্ষেত্ৰত সহায় কৰিছে তাইৰ এসময়ৰ বিশ্ববিদ্যালয়ৰ বন্ধু গুলছনে। 

চিকিউৰটিয়ে গিজগিজাই থকা ইম্ফলৰ বাটবোৰ চাই চাই কেতিয়ানো পাৰমিতাই জৱাহৰলাল নেহৰু হস্পিটেলৰ দীঘল ক'ৰিডৰটোত সোমাল গমেই নাপালে। গ্ৰীলৰ তলা খোলাৰ শব্দত গোটেই ক'ৰিডৰটো বিকট চিঞৰত কঁপি উঠিল। হস্পিটেলৰ শান্ত পৰিৱেশ যদিও ক'ৰবাত যেন বেলেগ শৰ্মিলাৰ কোঠালৈ লৈ যোৱা এই ক'ৰিডৰৰ নিৰৱতা। অনুমতি পত্ৰ আকৌ এবাৰ খুঁটি-নাটি মাৰি চোৱা হ'ল । বেগত লৈ যোৱা ডায়েৰীখনো তন্ন তন্নকৈ মেলি চোৱা হ'ল । সমুখৰ হোৱাইট বৰ্ডখনত লিখি থোৱা ৰোগীৰ নাম আৰু ডিচাৰ্জৰ তাৰিখৰ ওপৰেদি চকু গ'ল পাৰমিতাৰ। বৰ্ডখনৰ একেবাৰে ওপৰত শৰ্মিলাৰ নাম। এডমিতৰ তাৰিখ আছে, ডিচাৰ্জৰ নাই। 










আধা খোলা খিৰিকীৰে ইম্ফলৰ আকাশত চকু শৰ্মিলাৰ । কিন্তু এই খিৰিকীৰে দূৰৈৰ পাহাৰবোৰ নমনি । বাহিৰৰ বৰষুণৰ এচাৰকণিও ভিতৰত আহি নপৰেহি। কিছু কিতাপ আৰু পুতলাই আগুৰি থকা মানুহজনীলৈ পাৰমিতাৰ এক মায়া উপজিল। তাইৰ সমুখত কেঁকুৰা চুলিৰ চল্লিশ বছৰীয়া এক মানৱ অধিকাৰ কৰ্মী যাৰ নাকেৰে ষোল্ল মিলিমিটাৰ এডাল পাইপ ভৰাই দিয়া হৈছে। পোন্ধৰ ইঞ্চি তললৈ সোমাই যোৱা সেই পাইপসহঃ শৰ্মিলাই পাৰমিতাৰ প্ৰশ্নবোৰৰ চুটিকৈ উত্তৰ দিলে। 

এসময়ত সিহঁতৰ নিৰ্ধাৰিত সময় শেষ হোৱাৰ ইংগিত দি গ'ল এজন জোৱানে। কি ক'লে পাৰমিতাৰ আগত শৰ্মিলাই? 

এটা সহজ, সৰল জীৱনৰ সপক্ষে থকাৰ কথা। 
শিশুৰ স্বাধীন হাঁহিবোৰৰ কথা। 
বাৰুদৰ পৰিৱৰ্তে সত্যাগ্ৰহৰ কথা। 

এনেকুৱা মানুহো আজিৰ এই জটিল দুনিয়াত তিষ্ঠি  থাকেনে? 

উভতি আহোঁতে গুলছনে ক'লে যিমানে অশান্ত অঞ্চলৰ ম‌্যাদ বঢ়োৱা হৈছে সিমানেই সাধাৰণ মানুহৰ যাতনা বাঢ়ি গৈছে। বাঢ়ি গৈছে মানুহৰ মাজত অবিশ্বাস আৰু প্ৰতাৰণাৰ চৰিত্ৰ। ডেকাবোৰে খঙতে ম্যানমাৰ পাইছেগৈ। প্ৰশিক্ষণ লৈছে মিলিটেৰীৰ । কিন্তু নাৰী আৰু অবুজ শিশুবোৰ ! সিহঁতি ক'ত যাব? সিহঁতৰ বাবে নিজৰে জন্মভূমি আজি পঢ়ি শেষ কৰিব নোৱাৰা গধূৰ ইতিহাস। 

গুলছনেও জানে পাৰমিতাই এইবোৰ লিখালিখি কৰি একো কৰিব নোৱাৰে। এটা দায়িত্ব লৈ আহিছে। সেইটো শেষ কৰি তাইও পাহৰি যাব এই চহৰৰ উদাসীনতাক। তথাপি তাৰ মুখেৰে ওলাই আহিল কথাবোৰ। 

পাৰমিতাই এয়াৰপৰ্টত সোমোৱাৰ আগেয়ে এবাৰ সাৱটি ধৰে গুলছনক। সৌজন্যতাত। সমবেদনাত নহয়। 

- একেই আমাৰ মূৰৰ ওপৰেদি পাৰ হৈ যোৱা আকাশখন। মাত্ৰ মাটিৰ পৰা চালে বেলেগ বেলেগ দেখি। 

সেয়াই আছিল পাৰমিতাই গুলছনক কোৱা শেষ কথা।
                                  ***

ভোজপুৰী গানৰ সুৰবোৰ গলিটোত খাপ খাব পৰা নাছিল। সন্ধিয়াৰ এই সময়খিনিত শংকৰৰ দোকানখনৰ পৰা এনেকুৱা গান ভাঁহি অহাটো এই গলিটোৰ এক ৰুটিন হৈ পৰিছে। অন্ততঃ যোৱা দুই সপ্তাহত পাৰমিতাই আশ্ৰয় লোৱা বান্ধৱী প্ৰিয়ংকাৰ বাবে লাহে লাহে এই গান একধৰণৰ নিৰ্দেশৰ দৰে হৈ পৰিছে। এইখিনি সময়তে তাই দুকাপ কফি কৰে আৰু ঠিক তেতিয়াই প্ৰিয়ংকা আহি পায় । তাইৰ মুখত কিন্তু শংকৰৰ প্ৰতি একধৰণৰ অসন্তুষ্টি লাগিয়ে আহে।

- কি সোপা যে বজাই থাকে। কিমান কৈছো ভলিউম কমাবলৈ । নাই কোনো কাণসাৰেই নাই। যেন বিহাৰহে এইখন। 

- সিটো সেই বুলিয়ে ভাবি ল'ব । 

- কিয় ভাবিব? দিম কিয় ভাবিবলৈ তাক তেনেকৈ?

- নিজৰ পৰিয়াল, পৰিচয় এৰি থৈ ইয়াত ধোবাৰ কাম কৰিছে। ইয়াত তাৰ নিজৰ ঠাইৰ দৰে পৰিৱেশ নাই। সন্মানো নাই। চাগৈ মাজে মাজে গানৰ মাজেৰেই উভতি যায় নিজৰ গাঁৱলৈ । 

- তই ইমান মানৱতাবাদী কেতিয়াৰ পৰা হ'লি ? 

- যেতিয়াৰ পৰা তই ৰেচিষ্ট হ'বলৈ শিকিলি।

পাৰমিতাই কথাষাৰ কৈয়ে জোৰকৈ হাঁহি দিয়ে । এন জি অ'ৰ একঘেয়ামী কামত বিৰক্ত হৈ প্ৰিয়ংকা যুঁজিবলৈ আৰম্ভ কৰিছে নিজৰ ভিতৰৰ যুঁজখনত । 

- হৈছে কি তোৰ?

- এনেকৈ কাম কৰিব নোৱাৰি । মানুহৰ মাজত কাম কৰাৰ নামত মইচোন তেওঁলোকৰ গোপনীয় তথ্যবোৰহে যোগান ধৰি আছো অফিচত ।

- অ' সেইটোৱেই তোৰ কাম । 

- নহয়, এইটো মোৰ ব্যক্তিগত আদৰ্শৰ বাহিৰত। মই আগতে গম পোৱা নাছিলো যে এইবোৰ তথ্য বাহিৰত বিক্ৰী হয় । 

পাৰমিতাই বুজিলে প্ৰিয়ংকা যুঁজি আছে নিজৰেই লগত । কিন্তু এই যুঁজ ক'ত নাই ! সকলো মানুহে প্ৰফেচনেল হওঁতে এনেকুৱা এখন যুঁজ নিজৰ লগত কৰে । কেতিয়াবা নিজৰ লগত হাৰে । কেতিয়াবা এটা কাম বাদ দি আন এটা কামত সোমাই আকৌ পুৰণি যুঁজখনকে নতুন ধৰণে আৰম্ভ কৰে। 

- এনেধৰণৰ কাম মই কৰিব নোৱাৰো। লাগিলে ইয়াৰ ভোজপুৰী গানকে শুনি শুনি মৰিম। 


এইখিনি কথা যোৱা দুসপ্তাহত পাৰমিতাৰ মুখস্থ হৈ গৈছে। প্ৰিয়ংকাক তাই একো উপদেশ দিবলৈ আগ্ৰহী নহয় এই ক্ষেত্ৰত । তাই জানে এন জি অ'ত কাম কৰা অন্তৰীপৰ প্ৰতি প্ৰিয়ংকা দুৰ্বল হৈছে। আৰু এই দুৰ্বলতাৰ খাতিৰত কৰি থকা কামটোতকৈ মানুহটোৰ ভিতৰলৈহে তাই বেছি সোমাই গৈছে। তেন্তে বুজাবুজি কোনে কৰিছে ? পাৰমিতাৰ ক'বলৈ মন যায় প্ৰিয়ংকাক- এনে বুজাবুজিত কোনো কাৰো হ'ব নোৱাৰে। কাৰোবাৰ হ'বলৈ নিজক চিনি পোৱাটো জৰুৰী। যিটো হয়তো কোনো মানুহেই বুজাবুজিৰ মাধ্যমত কৰিব নোৱাৰে। 

পাৰমিতাই কাইলৈৰ গন্তব্যৰ বাবে বেগত কাপোৰবোৰ সামৰে। 

- তোৰ লগত মইও যাব পৰা হ'লে !

- ব'ল, তোক কোনে ৰখাই থৈছে। 

প্ৰিয়ংকাই সেমেকা হাঁহি এটা লৈ বাথৰুমত সোমায়।

                              ***

যি ঠাইত নাওখন ৰৈছেহি তাৰ পৰাই আৰম্ভ হৈছে  চাপৰিবোৰ । পানীৰ সোঁত এইখিনিতে বাঢ়িছে। তাৰ সমান্তৰালকৈ ঘাটটোক কেন্দ্ৰ কৰি একধৰণৰ চিঞৰ বাখৰ বাঢ়ি আহিছে। ধূলিয়ৰি বাটটো পাৰ কৰাই নিবলৈ কেইখনমান জীপগাড়ী । কাষৰ চিটত ধূলিৰ বাবেই কোনো বহিব নোখোজে। সেয়ে ঘণ্টাৰ পাছত ঘণ্টা ৰৈ আছে জীপবোৰ। যাত্ৰীবোৰো বিৰক্ত হৈছে। তাকে লৈ চমু কাজিয়া। কথাৰ তৰ্কাতৰ্কি। 



পাৰমিতাক উদ্দেশ্য কৰি কেইবাখনো জীপৰ ড্ৰাইভাৰ আগুৱাই আহিল । আটাইৰে একেই খোৱা-কামোৰা। 

- বাইদেউ আহক, আমাৰ জীপত মাজৰ চিট পাব ।

পাৰমিতা ৰৈ যায়। সমুখৰ কলমৌডৰাৰ ফুলবোৰ বতাহত হালি-জালি উঠে। পাতত লাগি থকা বালিবোৰ ৰ'দতে চিকমিক কৰে । শৈশৱত কলমৌৰ মাজে মাজে পাৰমিতাই সোণপৰুৱা বিচৰাৰ খেল খেলিছিল। যাৰ হাতত আটাইতকৈ ধুনীয়া সোণপৰুৱা তায়ে হয় ৰাণী। কেতিয়াও পাৰমিতাৰ হাতত পৰা নাছিল সকলোতকৈ শুৱনি সোণপৰুৱা। সেয়ে তাই হৈছিল খেলৰ ৰজা। ৰজা হৈয়ে তাইৰ ভাল লাগে । গিৰিপ-গাৰাপ খোজেৰে পাৰমিতা নদীৰ কাষৰ শিলটোত বহে। তাৰপাছত আৰম্ভ হয় ৰাজকাৰ্য। আৰু তেনেকুৱা এক খেলৰ মাজতে আলফা মামা আহিছে বুলি শুনি পাৰমিতা ৰাজকাৰ্য এৰি দৌৰে ঘৰলৈ। 

যোৱা মাহত মিণ্টু মামা ঢুকাল। ছালফা হোৱাৰ পাছতে মদ খোৱাটো বাঢ়িছিল। ঘৰৰ কাৰো হাক-বাচন মনা নাছিল। মৰাৰ সময়ত এবাৰ পাৰমিতাক চাব খুজিছিল। কিন্তু তাই আহি পাব নোৱাৰিলে।

সেই মিণ্টু মামাই কৈছিল নদীক বুজা সহজ নহয়। তাতোকৈ ডাঙৰ কথা নদীপৰীয়া মানুহৰ আৱেগ আৰু আদৰ্শ একাকাৰ কৰাটো। আত্মসমৰ্পন কৰাৰ আগলৈকে মিণ্টু মামাৰ কথা মনত পেলাই প্ৰতিটো উৎসৱৰ নিশা পাৰমিতাৰ মাক উচুপিছিল। কিন্তু আত্মসমৰ্পন কৰাৰ খবৰ পোৱাৰ দিনা মাকৰ মুখ আছিল গহীন । ভাতৰ পাতত বহিও অন্যমনস্ক হৈ থকা মাকক জোকাৰি দিওঁতে তেওঁ কৈছিল - বুইছ মিতা, তোৰ মোমায়েৰ শ্বহীদ হোৱা হ'লে আজি মই মূৰ তুলি থাকিব পাৰিলোহেঁতেন !

মানুহক মূৰ তুলি থাকিবলৈও লাগে আন মানুহৰ স্বাভিমান। আন মানুহৰ চৰম ত্যাগ। এই কথা বুজি পাবলৈ পাৰমিতাৰ বহু বছৰ লাগিল। এই নদীয়ে এনেকুৱা কত বছৰ বোৱাই লৈ গৈ বালিত পুতি পেলালে । বোধকৰোঁ সেই বাবেই মানুহে যুঁজৰ কাৰণ এটা বিচাৰি ফুৰে । বিচাৰি ফুৰে মানুহৰ পৰা মানুহৰ মাজলৈকে গৈ থকাৰ নিৰৱিচ্ছিন্ন বাট এটা । এই ঘাট পাওঁতেই তাই ফেচবুকত খবৰ পাইছিল গুলছনৰ অপহৰণৰ। সেয়াই তাৰ সৈতে শেষ সাক্ষাৎ বুলি জনা হ'লে পাৰমিতাই কিছু কথা খুলাখুলিকৈ ক'লেহেঁতেন। কিছু নিজৰ কথা । দুজন বন্ধুৱে ভগাই ল'ব পৰা কিছু অমিল হৈও মিলি যোৱা কথা । সেই সুযোগ দুনাই নাহিব । অলপ আগতে প্ৰিয়ংকাইও মেচেজ দিছে- 'তোক ফোনত পোৱা নাই। শংকৰক কোনোবাই বৰ বেয়াকৈ ৰাস্তাতে কোবালে। বহুত তেজ গৈছে। মই হস্পিটেল আনিছো ।' পাৰমিতাই ৰিপ্লাইত প্ৰিয়ংকাক মানৱতাবাদী বুলি জোকাব পৰা নাই। তাই মাত্ৰ ম'বাইলত টাইপ কৰিলে- 'ঘৰ পাই ফোন কৰিম।'

 বতাহ লাগি পাৰমিতাৰ চুটি চুলিবোৰ আউল বাউল হৈ পৰে । চান গ্লাছযোৰ পিন্ধি লয় তাই আৰু ড্ৰাইভাৰক কয়- ব'লক মই কাষৰ চিটতে বহিম । 

ধূলিয়ৰি বাটটোত তাই দেখা পোৱা দূৰত্বলৈ এটাই ৰং বিয়পি পৰে - ছাইবৰণীয়া । 

No comments:

Post a Comment