Friday, 10 October 2025

উঠা জাগা আৰু জগোৱা

 নাজিৰা। ৰঙালী কেছেট হাউচ। থাক থাক কৈ সজাই থোৱা কেছেটবোৰ কিছুপৰলৈ ৰ লাগি চাই থাকো। কেছেট চোৱাৰ অজুহাতত আমি আচলতে নতুন সুৰ, কথা, সংগীতৰ কলিবোৰত মজো। গানৰ সমানে আমাৰ মনবোৰতো যেন পাখি গজে। জাকি মাৰি গৈ কৌতূহলৰ সকলো খিৰিকী খুলিব খোজে। নাজিৰা নামৰ সৰু টাউনখনৰ ঋতুবোৰক জাৰি-জোকাৰি গতিময় কৰে কেছেটত বাজি ৰোৱা কণ্ঠই। নাম যাৰ জুবিন গাৰ্গ। 


জুবিন গাৰ্গক অৱশ‍্যে তাৰ আগতেই আমি শুনিছো। ঘৰৰ কেছেট প্লেয়াৰত। অনামিকা, মুক্তি, শিশু, যন্ত্ৰৰ A side , B side উৰাই ঘূৰাই শুনিছো। এটা নীলা চ‍্যুটকেছৰ ভিতৰত সৰু খুড়াই বেছ সজতনে ৰখা কেছেটবোৰ তেওঁৰ বাবে এক অমূল‍্য সম্পদ। খুড়া ঘৰত নাথাকিলে সেয়ে কেছেট প্লেয়াৰত ফঁচি কোনো কেছেটৰে যাতে বিজুতি নঘটে তাৰ প্ৰতি ল’ব লগা হয় বিশেষ সাৱধনতা। ইমানৰ পাছতো ৰীল ফঁচে। তাৰ পাছতেই আৰম্ভ হয় ৰীল ঠিক কৰাৰ ধৈৰ্য‍্য পৰীক্ষা।  



নব্বৈ দশকৰ গ্ৰাম‍্য নিম্ন মধ‍্যবিত্ত পৰিয়লবোৰৰ বাবে এই ধৈৰ্য‍্য পৰীক্ষা কেৱল কেছেটৰ ৰীল ঠিক কৰোৱাতে সীমাৱদ্ধ নাছিল। এনে পৰিয়ালবোৰৰ কামিহাড় ভাঙি তেতিয়ালৈ বহুতো ধুমুহা ৰু ৰুৱাই পাৰ হৈ গৈছিল। নব্বৈ দশকৰ অপাৰেচন ৰাইনো, বজৰংগে গ্ৰাম‍্য সমাজ, প্ৰান্তীয় সৰু সৰু টাউনবোৰৰ উখল-মাখল, সৰল ব‍্যস্ততাকে শুহি লৈ গৈছিল। মানুহৰ মনত আছিল অহেতুক এক ভয়- ইয়াৰ পাছত কি ? ইয়াৰ পাছত হেৰুৱাবলৈ অথবা পাবলৈনো কি আছে? হেৰুৱাবলৈ অথবা উভতাই পাবলৈ সপোনৰ বাহিৰে মানুহৰ জীৱনত আৰু একো নাথাকে । সপোন একধৰণৰ বিমূৰ্ত ধাৰণা । প্ৰতিটো জাতিৰ বাবে বিমূৰ্ত ধাৰণাক পাৰ্থিৱ কৰিবলৈ প্ৰয়োজন হয় মাতৰ। শব্দৰ। ঝংকাৰৰ। তাতোকৈও সহজকৈ ক’বলৈ গ’লে আশাৰ। 


বোধকৰো খুড়াৰ নীলা সৰু সেই বাকচটোৰ কেছেটবোৰত, কেছেট প্লেয়াৰত বাজি উঠা সেই কণ্ঠত আছে এক আশা - 

“আশা মোৰ আশা

এখনি সৰৱ নৈ

সেই আশা মোৰ আশা

আহিছে ৰাঙলি হৈ

মোৰ গানৰ

বহু যুগৰ সুখ দুখৰ চিনাকি লৈ” 

 জুবিন গাৰ্গৰ কণ্ঠই, কথাই, সুৰে আমাক একোটা কাৰণ দিলে । জীৱনৰ প্ৰেমত পৰিবলৈ। মানুহৰ মাজত মানুহৰ হৈ থাকিবলৈ। গুপ্তহত‍্যা, ছালফা, অসম বন্ধ এই শব্দবোৰ পাহৰি আমি গুণগুণালো অন‍্য কিছু শব্দ- মোৰ গানত আছে অনামিকা মায়া’, 'মেঘৰ বৰণ/ৰ’দৰ বৰণ/তুনি কোন/দূৰ’, ‘বেদনা বেদনা মোৰ ভালপোৱা/তোমাক হেৰুৱাই পাথৰ হোৱা’,  'তুমি চুলেই যে বসন্ত, ধুমুহাও যে প্ৰশান্ত', 'বহুদিন হ'ল সৰু বোপাৰ মুখ দেখা নাই/চেনেহীৰ আকাশত আজি জোন-তৰা নাই', ‘তোমাক দেখা পালে সপোন জাগি উঠে/ বুকুখনি হয় তাজমহল’ ।




দোবাল পিতা বৰষুণত পানী পতাৰ পৰা বাগৰি অহা পানী টুকুতে, কলৰ পাৰত ইউনিফৰ্ম ঠুকুচোতে, ধুমুহাত ট্ৰেন্সফৰ্মাৰ বেয়া হৈ সপ্তাহৰ পাছত সপ্তাহ কাৰেণ্ট নাহোতে আমি গুণগুণাই থাকিলো সেই কলিবোৰ। গাঁৱৰ ডেকাই এ পি এচ চিৰ মেইনচ লিখি, মোটা অংকৰ টকা যোগাৰ কৰিব নোৱাৰি, টিউচন চেণ্টাৰ খুলিলে । খুলিলে বয়লাৰ ফ্ৰাম। তাত জুবিন গাৰ্গৰ গান বাজিল। খুলিলে গেলামালৰ দোকান । তাতো জুবিন গাৰ্গৰ গানেই বাজিল। জুবিন গাৰ্গৰ গান গাই গাই চলালে অটো। ভেন্চাৰ স্কুলতো খাটি ভাগৰি নপৰিল কাৰণ ৰাতি বিচনাত পৰি কেছেট প্লেয়াৰত ‘মায়াবিনী’ শুনিলে। কিন্তু আলফালৈ নগ’ল। হতাশ নহ’ল। বিশ্বাস নেহেৰুৱালে। জীৱনক জীৱন বুলি যুঁজিলে। গানৰ কথাৰেই নিজেই নিজক ক’লে- ‘উঠা জাগা আৰু জগোৱা।’ 


অসমৰ পৰা দূৰৈত দিল্লী বিশ্ববিদ‍্যালয়ত পঢ়িবলৈ গৈ নতুনকৈ সেই গানবোৰ শুনি এনে লাগিল এইবোৰ কেৱল গান নহয়। এই গানৰ কলি আৰু সুৰবোৰে আমাৰ কৈশোৰ যৌৱনক এনেকৈ সী পেলাইছে য’ত আৱেগ আৰু অনুৰণনৰ মাজৰ সীমাৰেখাডাল ক্ৰমশঃ ধুঁৱলী কুঁৱলী হৈ পৰিছে। জুবিন গাৰ্গৰ একাংশ গানৰ গভীৰত প্ৰত‍্যাশাৰ সমানে আছে একধৰণৰ শূণ‍্যতা। ফ্ৰিডৰিখ নিৎসে কোৱাৰ দৰে  একধৰণৰ nothingness । পৰম্পৰাগত ব‍্যৱস্থা, মূল‍্যবোধ, দমনৰ বিৰুদ্ধে একধৰণৰ প্ৰতিবাদ আৰু প্ৰতিৰোধ। কিন্তু এই প্ৰতিবাদ আৰু প্ৰতিৰোধ আস্ফালনৰ দৰে নহয়, ইয়াৰ এক সুৰীয়া আৱেদন আছে। এনে কাৰণতে জীৱনৰ শেষ ইণ্টাৰভিউত জুবিন গাৰ্গে ৰীতা চৌধুৰীক নিৎসেৰ nothingness পঢ়িছেনে সোধোতে বৰ আচৰিত লগা নাছিল।  শূণ‍্যতাক তেওঁ নস‍্যাৎ নাই কৰা  বৰঞ্চ বিশ্বাস কৰিছে । মানুহৰ সত্তা আৰু চেতনাত সকলো পোৱাৰ পাছতো একধৰণৰ nothingness থাকে। কিন্তু জুবিন গাৰ্গে এই কথা কোন কাহানিবাই বুজি উঠিছে যে সৃষ্টিশীলতাৰ বাবে শূণ‍্যতা যিমান জৰুৰী আত্ম-অতিক্ৰমৰ বাবেও নিজকে ভাঙি গঢ়ি মুক্ত হোৱাটো জৰুৰী। সেয়ে তেওঁ ক’লে বিশ্বাস কৰিব পাৰি -“মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। ময়ে কাঞ্চনজংঘা।” 


জুবিন গাৰ্গৰ সৃষ্টিয়ে এক দৰ্শন দিলে বুলি তেওঁৰ মৃৰ্ত‍্যুত প্ৰমাণিত হ’ল। এক সৃষ্টিশীল গণমুখী দৰ্শন। জাত, ধৰ্ম, ভাষা, শ্ৰেণী, লিংগ নিৰ্বিশেষে মানুহ হিচাপে মানুহৰ প্ৰতি আস্থাৱান হৈ থকাৰ দৰ্শন। সকলো ৰাজনীতি, বিতৰ্কৰ ঊৰ্ধত গায়ক জুবিন গাৰ্গ শিল্পীলৈ পৰিণত হ’ল, মানুহৰ শিল্পী মানুহৰ বাবে । তেওঁৰ অকাল মৃৰ্ত‍্যুয়ে  সেয়ে শিকাই গ’ল সমাজত ন ন আদৰ্শ আহিব, যাব। কিন্তু যি জাতিৰ জীৱনক লৈ, সৃষ্টিক লৈ কোনো দৰ্শন নাই তেনে জাতিৰ বাবে শিল্প পাপৰৰ দৰে সেমেকি যায়। তেনে জাতিৰ ঘৰে বাহিৰে ভয় আৰু নিৰাশাই ঘনাই অহা যোৱা কৰে। তাৰপৰা বাচিবলৈকে মানুহক মাত  লাগে। লাগে ভয়হীনতা । শূণ‍্যৰ পৰা উঠি আহিব পৰা আশা। ‘এই মায়াৰ ধৰাত’ আশাৰ বাহৰিনো আছে কি ! সপোনৰ বাহিৰেনো সাৰে থাকে কি ! জুবিন গাৰ্গৰ গানৰ কথাৰে - 


“তোমাৰো যি সপোন


আমাৰো সপোন


সপোনেৰে চিলোৱা উদৰ


দুখন হাতৰ মুঠিত


একেই সমান মাটি


সাজিবলে একেই কবৰ" 


Friday, 4 April 2025

মাৰফৎ ফাগুন




তাই যিমান পাৰে চেষ্টা কৰিলে জালনাৰ সৰু সৰু বিন্ধাবোৰেৰে সিপাৰত ৰৈ থকা আগন্তুকক চিনাৰ। ওহো ভালকৈ মনিব নোৱাৰি। তেখেতৰ মুখত মাস্ক।  

আগন্তুকেও জালনাৰ ইপাৰৰ পৰা তাইৰ মুখখন স্পষ্টকৈ দেখা নাপালে। তেওঁ মাস্কখন খুলিলে আৰু ক'লে-


তুমি হয়তো মোক নিচিনিবা। কলেজৰ পৰা দায়িত্ব দিয়া হৈছে মোক। কৰ্টে তোমাক পৰীক্ষাত বহাৰ অনুমতি দিছে। কিন্তু ইয়াৰ পৰাই। 


তাৰপাছত খন্তেক নিৰৱতা। এনে নিৰৱতাৰ সৈতে  মোকাবিলা কৰিব পাৰিব বুলিয়েই তাকেই ইয়ালৈ পঠোৱা হৈছে। 


-  মই কিতাপবোৰ আনিছো। তোমাৰ নোটছো আছে। পৰীক্ষা থকাকেইদিন নিদিষ্ট সময়ত ইয়ালৈ আহিম।  তুমি মাত্ৰ এইকেইদিন পঢ়া। 


শেষৰ কথাষাৰ কওঁতে তাৰ মাতষাৰ সৰু হৈ গ'ল। সি ধৰিব পাৰিছে এই ঠাইত এনে কথা পতাৰ পৰিৱেশ নাই। কিন্তু এজনী বিশ বছৰীয়া ছাত্ৰীৰ সৈতে জেলৰ পৰিৱেশত হোৱা মুখামুখিত কেনে কথা পাতিব সেই সম্পৰ্কীয় আগতীয়া স্ক্ৰিপ্ট তাৰ ওচৰত নাই। এইবাৰ সি জালনাৰ আৰু অলপ কাষ চাপি আহিল। সিপাৰে তাইও । 




- এই যে জালনাখন, এইখন মনত উপজিবলৈ নিদিবা।


সি উচ্ছাসেৰে ক'লে। বিনিময়ত তাই একো কোৱাৰ সুযোগ নাপালে। 'টাইম শেষ হৈছে' -কনষ্টেবলৰ গলগলীয়া কণ্ঠই জালনাখন কঁপাই যাওঁতে প্ৰতীকে ধৰিব পাৰিলে তাই আচলতে তালৈ ঘূৰি চালে। এবাৰ? অ' এবাৰেই। কিন্তু অচিনাকিৰ দৰে নহয়। উদ্দেশ্যবিহীন ভাৱে নহয়। সিহঁতৰ মাজৰ এই বেৰা অস্পষ্ট হোৱাৰ বাবে নহয়। বৰঞ্চ কিবা এক আশ্বাসতহে তাই ঘূৰি চালে তালৈ। চহৰখনৰ মূল কেন্দ্ৰত থকা পুৰণি, একমাত্ৰ কলেজখনত নতুনকৈ যোগদান কৰা ইতিহাসৰ প্ৰবক্তা প্ৰতীক বৰুৱালৈ। 


সৌ সিদিনালৈকে এই ছোৱালীজনীক প্ৰতীকে চিনি নাপায়। চিনি নাপায় চাগৈ তাইক কলেজৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে। চিনি নাপায় হয়তো তাইৰ নিজৰে বিভাগৰ বহুতো শিক্ষাৰ্থীয়ে।  তাইৰ বিভাগৰ বাহিৰে আন বিভাগৰ অধ্যাপক অধ্যাপিকাই তাইক চিনাৰ প্ৰশ্নই নুঠে। বৰ চকুত পৰাকৈ তাইক কোনেও চিনাই নাই তেতিয়ালৈকে। কোনো কোনোৱে ক'লে বৰ নিমাখিত ছোৱালী। এই বয়সৰ ল'ৰা-ছোৱালীৰ মনত থৌকি-বাথৌ কৰা আনন্দ তাইৰ মুখত চিনা টান। ক্লাছৰ পৰা লেব, লেবৰ পৰা লাইব্ৰেৰী - ইয়াৰ মাজতেই থাকে। ঘৰ চহৰখনৰ নাতিদূৰৈত থকা নদীৰ সুঁতিটোৰ সিপাৰে। সেয়ে প্ৰাইভেট হোষ্টেলেই অস্থায়ী ঠিকনা। 


তাৰপৰাও এতিয়া উলিয়াই দিয়া হৈছে। বাহিৰ কৰি দিয়া হৈছে তাইৰ কাপোৰ আৰু কিতাপ থকা বেগ দুটা। দুয়োটা বেগেই আৰক্ষীয়ে নিৰীক্ষণ কৰিছে থানাত তন্ন তন্নকৈ। আৰক্ষীৰ ভাষ্য কাপোৰবোৰ অলাগতিয়াল। কিন্তু কিতাপবোৰ হেনো সন্দেহজনক। 


কি আছে কিতাপৰ বেগটোত? সব কবিতাৰ কিতাপ। কবিতাৰ? অ' কবিতা। কাৰ কবিতা? হীৰু দাৰ কবিতা, নীলমণি ফুকনৰ কবিতা, সমীৰ তাঁতীৰ কবিতা, নীলিম কুমাৰৰ কবিতা। আৰু?


আৰু কি? 

এইবোৰ পঢ়ি পঢ়ি মগজু নষ্ট। কবিতা পঢ়াৰ বাবেই আৰু কোনোবা গ্ৰেপ্তাৰ হয় নেকি?


আৰে ভাই, কবিতা পঢ়াৰ বাবে গ্ৰেপ্তাৰ হোৱা নাই। লিখাৰ বাবেহে হৈছে। এই ফুলকুমলীয়া ছোৱালীয়ে আকৌ হেনো দেশপ্ৰেমৰ কবিতা লিখে ! লিখে হেনো বিদ্ৰোহ কৰাৰ কথাও ! 


ক'ত লিখে?


আৰুনো ক'ত লিখিব। সামাজিক মাধ্যমত লিখিছে।  হাতে হাতে ম'বাইল, ইণ্টাৰনেট। সব ৰসাতলে গৈছে। 


জেলৰ পৰা ওলাই আহি যিজোপা গছৰ ছাঁত ৰৈ প্ৰতীকে জ্বলাব খুজিছিল এটা চিগাৰেট,  তাৰেই তলত দুই কনষ্টেবলৰ কথোপকথন শুনি সি ৰৈ গ'ল। 


যিদৰে বহু বছৰৰ আগতে সি ৰৈ গৈছিল বিশ্ববিদ্যালয়ৰ মূল গেটত। ৰুদ্ৰক দেখি। অ' সেই ৰুদ্ৰই। সকলো নিয়ম ভাঙিবলৈ সদায়ে উদ্বাউল হৈ থকা ৰুদ্ৰ। 


 হাতত হাত কেৰিয়া, আউল বাউল চুলি, জধলা চোলা, কোটৰত সোমোৱা চকু লৈ সি পৰীক্ষাত বহিবলৈ আহিল। পুলিচ ভানত উঠি। ভাগ্য ভাল বিশ্ববিদ্যালয়ৰ কেম্পাছতে পৰীক্ষাত বহাৰ অনুমতি পালে। 


ওহো ৰুদ্ৰই কবিতা লিখা নাছিল। পঢ়িছিল  যদিও লিখা যে নাছিল সেয়া খাটাঙ । দেশপ্ৰেমিক বুলিও নিজক জহোৱা নাছিল। কোনোবো ছোৱালীক সি প্ৰেম নিবেদন কৰিছিল জানো? মনত নাই । তথাপিও সি আছিল প্ৰেমিক। এই দুনিয়াৰ সকলো বান্ধোনৰ পৰা মুকলি প্ৰেমিক।  


সেই ৰাতি বিশ্ববিদ্যালয় মেট্ৰ ষ্টেচনৰ গেটৰ পৰা অহা ফোনটো পায়ে প্ৰতীক হাজিৰ হ'লগৈ থানাত। লক আপত ৰুদ্ৰ। দেখাত খঙাল । লক আপৰ ভিতৰৰ পৰাও সি গালি পাৰি আছে - পুলিচক। মাজে মাজে ষ্টেতক। ইণ্ডিয়ান ষ্টেতক।


-পৰিস্থিতি ইমানলৈ নগ'লহেঁতেন যদিহে ৰাস্তাত পুলিচে ধৰোতেই চ'ৰি ক'লহেঁতেন। আৰু এতিয়া এইবোৰ কি বকি আছ? 


-কিয় ক'ম মই চ'ৰি ? গোটেই নৰ্থ ইষ্ট জংগলী বুলি গালি দি আছিল পুলিচে আৰু কোবাই আছিল ল'ৰা দুটাক।


-আৰে তোকতো গালি দিয়া নাছিল,  দিছিল চাগৈ কাৰোবাক।  তই মাজত গৈ কিয় সোমাব লাগে? 


-গাত নালাগিব? 


-তোৰ সব কথাই কিয় গাত লাগে ? এইবোৰ কৰিবলৈ ঘৰৰ মানুহে ইয়ালৈ পঠোৱা নাছিল তোক। 


ৰুদ্ৰইও জানে এইবোৰ কৰিবলৈ সি ইয়ালৈ অহা নাই। কিন্তু ইয়াত সি বিভ্ৰান্ত। কথাবোৰ তাৰ গাত লাগে। 

বহুত কথা । কিতাপৰ কথাতকৈ দিন দুনিয়াৰ কথা বেছিকৈ তাৰ গাত লাগে। সকলো মানুহক সমান কৰিবলৈ তাৰ মন যায়। 'এই প্ৰভু আৰু শিষ্য নহয়, মানুহ মানুহ হিচাপে সমান হোৱাটো মই বিচাৰো।' 


'তই পাগল হৈছ। তোক ট্ৰিটমেন্টৰ দৰকাৰ।' 


ৰুদ্ৰৰ এই পাগলামিবোৰ তাক সেই ৰাতি লক আপতে এৰি আহোতে বৰকৈ মনত পৰিল প্ৰতীকৰ । ৰুদ্ৰই কল্পনা কৰা কথাবোৰ জানো কেৱল পাগলামি? নে হতাশা? নে দায়িত্বৰ পৰা পলায়ন? নে এনেকুৱা এখন দুনিয়া সকলোৱে বিচাৰে, সকলোৰে বাবে সমান এখন দুনিয়া? মাত্ৰ মুখ খুলি ৰুদ্ৰৰ দৰে নকয়? কোনেও ঠিৰাঙ কৰিব নোৱাৰা এক দূৰত্বত ৰুদ্ৰ ৰৈ যায়। 


ফাইনেল পৰীক্ষা দিবলৈ আহোতে ৰুদ্ৰৰ হাত কেৰিয়া খুলি দিয়াৰ সেই দৃশ্য দেখি প্ৰতীক বহু সময় ৰৈ আছিল। সেই হাতেৰে ৰুদ্ৰই মাউথগেন বজাইছিল।  সেই হাতেৰেই প্ৰতীকৰ বেগ ডাঙি ট্ৰেইনত উঠাইছিল।  সেই হাতেৰে জ্বৰত ভ্ৰম বকা প্ৰতীকৰ কপালত ঠাণ্ডা কাপোৰৰ পতি দিছিল। 


সেই দুখন হাতত হাত কেৰিয়া সহাটো প্ৰতীকৰ বাবে অসহ্যকৰ আছিল। তাতকৈ ৰুদ্ৰই কবিতা পঢ়া বা লিখা হ'লেই ভাল আছিল ! দেশপ্ৰেমিক বুলি জহাই ছাত্ৰ নেতা হোৱা হ'লেনো কি লোকচান আছিল! কোনোবা ছোৱালীৰ প্ৰেমত পৰি জংগী প্ৰেমিক হোৱা হ'লেতো কথাই নাছিল! কিন্তু ৰুদ্ৰই এইবোৰ একো কৰা নাছিল।  মাত্ৰ পুলিচে কোবোৱা দুটা অচিনাকি মণিপুৰী ল'ৰাক গৈ বচাইছিল।  সেই বাবেই সেই ৰাতি লক আপত বন্দী সি। তাৰপাছত কোনোবা বিধায়কৰ পুতেকৰ আগত বাপেকৰ কেলেংকাৰীৰ লিষ্ট এখন গাই শুনাইছিল। অলপ মাৰামাৰিত অংশ লৈ আকৌ পুলিচ থানাত।  থানালৈ যোৱা এই কাৰবাৰ চলি থকাৰ বাবেই তাৰ সংগ বাদ দিছিল বহুতেই। এসময়ত প্ৰতীকেও। 


এনেকৈয়ে পাৰ হৈ যায় কতনা ৰাতি। আৰু হঠাত পঢ়া এৰি নিৰুদ্দেশ সি । কোনোবাই কয় ঘৰলৈ উভতিল।  কোনোবাই কয় তিহাৰত। কাৰোবাৰ মতে পগলা ফাটেকত। 


তাৰপাছৰ পৰা ৰুদ্ৰ হেৰাল। 

হেৰাল মানে হেৰালেই। প্ৰতীকে নিবিচাৰে এই ছোৱালীজনী তেনেকৈ হেৰাই যাৱক। তাইৰ যৌৱন এই অন্ধকাৰৰ বাবে নহয়। মুকলি আকাশৰ বাবে। নিৰৱতাৰ বাবে নহয়। শব্দৰ বাবে। হেৰাই যোৱা মানুহলৈহে প্ৰতীকৰ ভয় লাগে, পাগল মানুহলৈ নহয়। এই ছোৱালীজনীৰ ওচৰলৈ অহাৰ কাৰণো সেয়াই। 


সামাজিক মাধ্যমত মানুহৰ ছোৱালীজনীক লৈ উৎসুকতা আৰু আলোচনা আৰম্ভ হ'ল সেই ৰাতিৰ পৰা। বহু বছৰৰ মূৰত ৰুদ্ৰলৈ তাৰ মনত পৰা ৰাতিৰ পৰাই। এনেকৈ এটা কবিতা লিখাৰ বাবেই এজনী কলেজত পঢ়ি থকা ছোৱালীক ৰাষ্ট্ৰদ্ৰোহত গ্ৰেপ্তাৰ কৰা কাৰ্যত গৰিহনা দিলে মানুহে । 


ছোৱালীজনীৰ সেই মুখখন, জালনাৰ মাজেৰে অস্পষ্ট সেই মুখখন, প্ৰতীকক ৰাতি ৰাতি শুবলৈ নিদিয়া সেই অনুজ্জ্বল মুখখন । সেই অন্ধকাৰ ৰাতিবোৰে তাইৰ চকুৰ টোপনিবোৰৰ দৰে কুটি কুটি খাইছে নেকি তাইৰ 

উশাহবোৰ? অতদিনে মন গহনত জাপি জাপি ৰখা স্বপ্নবোৰ? বয়সে অনা সৰল অভিমানবোৰ? যিবোৰ নহ'লে যৌৱনৰ কোনো নাম দিব নোৱাৰি। 


কেইবা ৰাতিও চক খাই টোপনিৰ পৰা উঠি বেলকনিত চিগাৰেট হুপোতে প্ৰতীকে পাহৰিব খুজিছে এই সৰু চহৰখনত ঘটা ঘটনাবোৰ। নতুন বন্ধুবোৰৰ লগত ঘূৰিছে। টেক্স আৰু ইনক্ৰিমেন্টৰ কথা পাতিছে। নতুন চিনেমাৰ কথা উলিয়াইছে। ফ্লেটৰ দৰ দামৰ কথাও আলোচনা হৈছে। চেচনেল, ফাইনেল পৰীক্ষাৰ বহী চাইছে। বিভাগৰ ল'ৰা-ছোৱালীক লৈ পিকনিক গৈছে। ফেচবুকত নতুনকৈ চিনাকি হোৱা ছোৱালীজনীৰ প্ৰফাইল খুলি চাইছে। তাইও তাৰ কলেজৰ অধ্যাপকৰ চাকৰি দেখি লগাতকৈ অলপ বেছিয়ে তাৰ খবৰ ৰাখিছে। 


এইবোৰৰ মাজত ৰুদ্ৰ অথবা জালনাৰ সিপাৰৰ সেই ছোৱালীজনীৰ মুখখন সি পাহৰিয়ে গৈছে। 

সেই ছোৱালীজনী চাগৈ তেতিয়ালৈ কলেজৰ পৰা ওলাল। তাইৰ বিষয়ে কলেজত আৰু বিশেষ কোনো আলোচনা নহ'ল।

এনেকুৱা এটা বতাহত নাচি থকা ফাগুনৰ দুপৰীয়া  প্ৰতীক সুঁতিটোৰ সিপাৰলে গ'ল। উদ্দেশ্য হাবিখন চোৱা । কেমেৰাত ফটো তোলা। হাবিলৈ গৈ থকা লুঙলুঙীয়া ফাগুনীয়া বাট। বাটে বাটে শুকান ওখ বনবোৰ। মানুহৰ খোজে বনবোৰ মাৰি আঁচ এডালৰ দৰে বাট এটা আঁকি থৈছে। 

শুকান বনবোৰৰ শেষত শাৰী শাৰী শিমলু। তাৰেই ৰঙত জ্বলো জ্বলো আকাশ।  বতাহত পকা বগৰীৰ লুভীয়া গোন্ধ।  বাটত তাৰ সোৱাদ লৈ প্ৰতীক আৰু তাৰ দুজন বন্ধু আগুৱাইছে। 

বগৰীৰ গছবোৰ য'ত শেষ হৈছে তাতেই আৰম্ভ গাওঁ। চোতালত কোনোৱে মাহৰ মৰণা মাৰিছে। কোনোৱে উড়ালত খুন্দিছে শুকান বগৰী। কাৰোবাৰ চোতালত সৰি পৰা শিমলুৰ ফুলবোৰ চাদৰৰ বুটা যেন লাগিছে।

ডাৰত ওলমি আছে শালৰ পৰা অলপ আগতে কটা পেনক। চাঙত শুই আছে নতুনকৈ জগা কুকুৰ পোৱালী। 


মাজে মাজে সিহঁত পিছ পৰিছে। মাজে মাজে পিছপৰাৰ  ভাও লৈ একান্ত মনে গাওঁখন চাইছে।


গাওঁ শেষ হোৱাৰ পাছত আৰম্ভ ঝাওবন। খহি পৰা গৰাটোৰ কাষতে সাজি থকা নাওখনৰ ওচৰত সিহঁত ৰ'ল। নাৱত উঠি পালেও নাও সজাৰ দৃশ্য স্বচক্ষে দেখা নাই। সিহঁতে প্ৰকাণ্ড হাত নাওখন চুই চালে। ফটো ল'লে।  


- আৰু বহু দূৰ বাট আছে ডেকা ল'ৰাহঁত। সোনকালে যোৱা। বেলি ডুবাৰ আগে আগে ঘূৰিবা। হাতী ওলাই নহ'লে মাজে সময়ে। 


নাৱৰ বাঢ়ৈৰ কথাত সিহঁতৰ খোজ এইবাৰ খৰ হ'ল। বাকী ৰোৱা বাটত আৰু বা কতনা বন মৰিছে। কতনা শিমলু ফুলিছে। কতনা নতুন খোজে নতুন বাটৰ আঁচ আঁকি থৈছে। ফাগুনৰ বতৰতে হেনো এই আঁচবোৰৰ জন্ম হয়। কোনোৱে কয় নিজে নিজে হয়। ওহো বিশ্বাস নহয়। বনবোৰত কোনোবাই প্ৰথম খোজ নিদিলে এই আঁচবোৰৰ জন্ম নহয় ।


এনেকুৱা বাটবোৰক অনুসৰণ কৰিয়ে হাবিখনলৈ মানুহ আহে এনে বতৰত। নৈ পাৰ হৈ খোজ কঢ়াৰ বাহিৰে হাবিলৈ যোৱাৰ আন কোনো বাট নাই। খোজ কাঢ়ি এনে বাটেৰে আগুৱালে মানুহে অকল খোজেই কাঢ়েনে? মনৰ ভিতৰখনতোচোন ভুমুকিয়াবলৈ আৰম্ভ কৰে। 


প্ৰতি বছৰে হেনো এই বাটটো সলনি হয়। নদীৰ ঘাটটো সলনি হোৱাৰ দৰে। ইয়াৰ মানুহে ভাবে ফাগুনেই বাট দেখুৱাই সুঁতিটোক, এই গাওঁখনক, সিহঁতৰ দৰে বাটৰুৱাক।


- শিমলুবোৰ শেষ হোৱা তিনি আলিটোতে ৰৈ থাকিব ছোৱালীজনী। তায়ে আপোনালোকক আগৰ বাটটো দেখুৱাব। গাঁৱৰে ছোৱালী । অলপ পঢ়া শুনা জনা। 


- এই বুলিয়ে কৈছিল কালি ফোনত হাবিখনৰ দ্বায়িত্ব লোৱা ল'ৰাজনে । 


ছোৱালীজনীক সিহঁতে দূৰৈৰ পৰাই দেখা পালে। কিন্তু তাইৰ ওচৰ চপাত প্ৰতীকৰ এনে লাগিল এই ছোৱালীজনীক সি আগতে কৰবাত দেখিছে। কিছু বছৰৰ আগতে। কলেজত? ক্লাছত? বাছ ষ্টপেজত? ফেচবুকত? ক'ত সঠিককৈ সি মনত পেলাব পৰা নাই। 


ছোৱালীজনী এইবাৰ সিহঁততকৈ আগত। সিহঁত তাইৰ পাছত। 


-আৰু কিমান দূৰ আছে? 


কিছু দূৰ যোৱাৰ পাছত প্ৰতীকে পাছৰ পৰাই ছোৱালীজনীক সুধিলে। 


তাইৰ খোজ এইবাৰ আগতকৈ ধীৰ হ'ল। অলপমান আগুৱাই তাই ৰৈ গ'ল । আৰু সিহঁতৰ ফালে ঘূৰি চালে। 


- ছাৰ, আপুনিও কিয় শুনিব বিচাৰিছে সেই কথা ?


- মানে? কোনটো কথা?


- আৰু বেছি দূৰ নাই, পামেই আৰু ...এই জাতীয় কথা ?

ছাৰ, এই বাটত কোনো জালনা নাই, গোটেইখন স্পষ্ট -





ৰৈ থকাৰ পাছতো প্ৰতীকৰ এনে লাগিছে সি গৈ আছে। হাবিৰ ভিতৰলৈ নহয়, নিজৰ মনৰ গভীৰলৈ। ইমান গভীৰলৈ কিমান দূৰ সি নাজানে। ওহো একেবাৰে নাজানে। মাত্ৰ সি জানে তাৰ স্বাধীন মানুহলৈ ভয় নালাগে, ভয় লাগে হেৰাই যোৱা মানুহলৈ। 


 


 

Sunday, 19 January 2025

জামনগৰৰ বিলাস আৰু গজৰাজৰ বিদায়


উপনিৱেশকতাবাদৰ এক চৰিত্ৰ হৈছে ইয়াৰ জৰিয়তে প্ৰাকৃতিক সম্পদবোৰো এক মুষ্টিমেয় শ্ৰেণীৰ হাতত সীমাৱদ্ধ হৈ পৰে। শেহতীয়াকৈ আমাৰ দেশতো এনে এক আৰৱপতি শ্ৰেণীৰ আধিপত্য তুংগত উঠিছে যে দেশৰ ২২৮ মিলিয়ন দৰিদ্ৰ লোকৰ সমুখত তেওঁলোক চূড়ান্ত শক্তিশালী। তেওঁলোকৰ নামেই 'দ্যা আম্বানি' । ইচ্ছা কৰিলেই তেওঁলোকৰ বাবে জামনগৰৰ সামৰিক এয়াৰপৰ্টকো এটা পৰ্যায়ৰ বাবে ঘোষণা কৰা হয় আন্তঃৰাষ্ট্ৰীয় হিচাবে। মিনিটে মিনিটে সামাজিক মাধ্যমত অনন্ত আম্বানীৰ বিয়াৰ পূৰ্ব আয়োজনৰ সকলো তথ্যই ৰাইজে পাই থাকে। দেশৰ প্ৰায় সকলোবোৰ নিউজ চেনেলতে অনন্ত আম্বানীৰ ইণ্টাৰভিউ বাজে । হাতী উদ্ধাৰ চেণ্টাৰৰ পৰা দিয়া তেনে এটা ইণ্টাৰভিউত অনন্ত আম্বানীয়ে বিৱৰণ দিয়ে কিয়, কেনেকৈ দাঁতবিহীন হাতীবোৰৰ বাবে প্ৰস্তুত কৰা হৈছে খিচিৰি। দেখাত অতি মানৱদৰদী কাৰবাৰ। গ্ৰেণ্ড চেলিব্ৰেচন। আৰ্তজনৰ সমুখত পৰিৱেশন কৰে 'অন্ন সেৱা'। ইমানবোৰ আয়োজনৰ প্ৰয়োজন কিয় ? কাৰণ আৰৱপতি,  প্ৰভাৱশালী শ্ৰেণীটোৰ বাবে কেৱল ক্ষমতাত থকাটোৱে, বিলাসী হোৱাটোৱে শেষ কথা নহয়।  সেই ক্ষমতাক জনতাই মান্যতা প্ৰদান কৰিব পৰাকৈ এক ৰাজকীয়, সম্ভ্ৰান্ত, ঐতিহ্যৰ বুনিয়াদ ৰচনা কৰাটোৱো দৰকাৰ; যাতে তেনে শ্ৰেণীৰ আধিপত্যবাদী স্থান দীৰ্ঘম্যাদী হয়। ইয়াৰ অন্তৰালত একধৰণৰ ৰাজনীতি আছে। আধিপত্যবাদীৰ ঐতিহ্য দীঘলীয়া হ'লেহে তেওঁলোকে পৰিৱেশন কৰাবোৰক জনতাই বিশ্বাস কৰিবলৈ লয় আৰু সমাজৰ অন্য সত্যবোৰ তাৰ সমুখত হৈ পৰে একেবাৰে সাধাৰণ। এখন গণতান্ত্ৰিক দেশত এই ছবি জনতাৰ বাবে অনাগত অনিশ্চিত ভৱিষ্যতৰ এক ইংগিত।  





সংলাপেৰে ৰাজনীতি চলিলেও, অৰ্থনীতি নচলে


উপনিৱেশিক ইংৰাজ শাসনৰ বিদায়ৰ পিছত দেশৰ অৰ্থনৈতিক ধাৰাক সমাজবাদী চিন্তাৰে আৰম্ভ কৰা হৈছিল। ইয়াৰ গুৰি ধৰিছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে । ১৯২৯ চনৰ পৰা বিশ্বব্যাপী আৰম্ভ হোৱা মন্দাৱস্থা , ঔপনিৱেশিকতাৰ ফলত জনম হোৱা দৰিদ্ৰতা, ঔদ্যোগীকৰণৰ অভাৱ আৰু দুৰ্ভিক্ষ - এই আটাইবোৰ প্ৰত্যাহ্বানৰ সমুখত সমাজবাদী ধাৰণাই আছিল সেই সময়ছোৱাৰ একমাত্ৰ সম্বল । উক্ত সময়ছোৱাত উদ্যোগপতিসকলৰ মাজতো সমাজবাদী চিন্তাধাৰা জনপ্ৰিয় আছিল । ১৯৮০ চনত সোঁপন্থী ভাৰতীয় জনতা পাৰ্টি প্ৰতিষ্ঠা হোৱাৰ সময়তো ইয়াৰ সংবিধানে উল্লেখ কৰিছিল  “সমাজবাদৰ নীতি” ৰ কথা। তাৰোপৰি বলিউডৰ চিনেমাতো খলনায়ক হিচাপে চিনাক্ত কৰা হৈছিল পুঁজিবাদীক আৰু হিৰো হিচাপে পৰিচিত হৈছিল শ্ৰমিক শ্ৰেণীৰ প্ৰতিনিধি। 'নমক হাৰাম', 'দীৱাৰ', 'কালা পত্থৰ' আদিত অমিতাভ বচ্চন, শশী কাপুৰৰ সেই সংলাপবোৰ কোনে পাহৰিব পাৰে ! 


কিন্তু সংলাপেৰে ৰাজনীতি চলিলেও, অৰ্থনীতি নচলে।   

১৯৭০ চনৰ শেষৰ ফালে ৰাজহুৱা বিনিয়োগ হ্ৰাস পোৱাৰ লগে লগে সমাজবাদী ধাৰণাৰ জনপ্ৰিয়তা শিথিল হ'বলৈ ধৰে। তাৰ বিপৰীতে আশী আৰু নব্বৈৰ দশকত ভাৰতে “ব্যক্তিগত খণ্ডৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণ”ৰ ওপৰত কঠোৰ মনোনিৱেশ কৰে।ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে 'নতুন পুঁজিপতি' শীৰ্ষক নতুন একোটা উদ্যোগিক শ্ৰেণীৰ জন্ম হয় যি নিৰ্বাচিত ৰাজনীতিবিদসকলৰ সৈতে ঘনিষ্ঠতাৰে কাম কৰিবলৈ ধৰে। এয়াই ক্ৰ’নি পুঁজিবাদৰ আত্মপ্ৰকাশ।  


 ২০১৪ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তেতিয়াৰ গৱৰ্ণৰ ৰঘুৰাম ৰাজনে এই প্ৰসংগত এক উল্লেখযোগ্য মন্তব্য কৰিছিল- 


" দৰিদ্ৰ জনতাৰ পৃষ্ঠপোষকতা কৰিবলৈ এজন ধূৰ্ত ৰাজনীতিবিদক প্ৰয়োজন হয় উদ্যোগপতিৰ ধনৰ। দুৰ্নীতিগ্ৰস্ত উদ্যোগপতিক সস্তাতে ৰাজহুৱা সম্পদ আৰু ঠিকা লাভ কৰিবলৈ আকৌ সেই ধূৰ্ত ৰাজনীতিবিদজনৰ সমৰ্থনৰ প্ৰয়োজন। সেইদৰে ৰাজনীতিবিদজনক দৰিদ্ৰ আৰু অভাৱগ্ৰস্তৰ ভোটৰ প্ৰয়োজন। এই নিৰ্ভৰশীলতাৰ অংক একধৰণৰ চক্ৰত এনেকৈ বান্ধ খাই থাকে যে ইয়াৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হয় সাধাৰণ জনতা আৰু ক্ষমতা  তথা পুঁজিৰে লাভান্বিত হয় ৰাজনীতিবিদ আৰু উদ্যোগপতি।"


এই প্ৰক্ৰিয়া ইমান ঊৰ্ধগামী হ'বলৈ ধৰে যে আজিৰ তাৰিখত দেশৰ এটা মুষ্টিমেয় শ্ৰেণীৰ আধিপত্যত দেশৰ মুঠ সম্পদৰ আধাতকৈও অধিক সম্পদৰ ক্ষমতা কেন্দ্ৰীভূত হৈ আছে। তাৰেই বহিঃপ্ৰকাশ জামনগৰলৈ অসমৰ পৰা এম্বুলেন্সত লৈ যোৱা হাতীৰ সেই হৃদয়বিদাৰক ফটো। উন্নত চিকিৎসাৰ নামত নিজৰ ঘৰ, পৰিস্থিতিতন্ত্ৰৰ পৰা গুজৰাটলৈ সৰবৰাহ হোৱা হাতীয়ে আমাৰ সমুখত বন্যপ্ৰাণী সংৰক্ষণৰ এক জটিল ছবি পোহৰলৈ আনিছে। 


হাতীৰ সৰবৰাহ, ব্যক্তিগত চিৰিয়াখানা, ব্যক্তিগত সম্পদ


গুজৰাটৰ জামনগৰ শোধনাগাৰ কমপ্লেক্সৰ সেউজ বেল্টৰ ভিতৰত ৩,০০০ একৰ ভূমিক সামৰি আম্বানী গ্ৰূপে নাম দিয়ে বনতাৰা আৰু ইয়াতে আৰম্ভ কৰে হাতী উদ্ধাৰ চেণ্টাৰ। ই পৰিচালিত হয় ৰাধা কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাস নামৰ এটা ট্ৰাষ্টৰ দ্বাৰা। মিডিয়াই অৱশ্যেই বনতাৰাক প্ৰক্ষেপ কৰে আম্বানীৰ নুমলীয়া পুত্ৰ অনন্ত আম্বানীৰ জীৱ জন্তুৰ প্ৰতি থকা সহানুভূতিৰ কেন্দ্ৰ হিচাপে। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত অনন্ত আম্বানীয়ে দাবী কৰিছিল যে ৰাধা কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাসত এতিয়া ২০০ৰো অধিক হাতীক উদ্ধাৰ কৰি সুৰক্ষিত কৰা হৈছে। উল্লেখযোগ্য যে এই হাতীবোৰৰ অধিকাংশই অৰুণাচল প্ৰদেশ, অসম আৰু ত্ৰিপুৰাৰ পৰা উক্ত ট্ৰাষ্টৰ অধীনলৈ নিয়া হৈছে বুলি সংবাদ মাধ্যমত ইতিমধ্যে প্ৰকাশ পাইছে। 


অতি পৰিতাপৰ বিষয় যে, ২০২১ চনত বন্যপ্ৰাণী (সুৰক্ষা) আইন সংশোধনে এনেধৰণৰ ব্যক্তিগত চিৰিয়াখানা সৃষ্টিৰ অনুমতি সুলভ কৰাৰ লগতে হাতীৰ দৰে বিলুপ্তপ্ৰায় বন্য প্ৰজাতি ধৰা আৰু পৰিৱহণ কৰাৰ বাট মুকলি কৰে। লেখক আৰু পৰিৱেশ সংৰক্ষণবিদ প্ৰেৰণা সিং বিন্দ্ৰাই এই ক্ষেত্ৰত কয় যে উক্ত আইনখনে পূৰ্বে সংৰক্ষিত প্ৰজাতিৰ বাণিজ্যিক লেনদেনৰ অনুমতি স্পষ্টভাৱে অস্বীকাৰ কৰিছিল। কিন্তু এতিয়া সংশোধনীৰ জৰিয়তে “জীৱিত বন্দী হাতীক নিষেধাজ্ঞাৰ পৰা বাদ দিয়া হৈছে, যাৰ ফলত হাতীৰ বাণিজ্যিক বিক্ৰী আৰু ক্ৰয়ৰ ন ন সুৰুঙাৰ জন্ম হৈছে।। আনকি হাতী ব্যৱসায়িক সামগ্ৰী হিচাপেহে পৰিগণিত হৈছে ।" 


এতিয়া প্ৰশ্ন হয়, উত্তৰ পূৰ্বাঞ্চলৰ দৰে উপযুক্ত পৰিস্থিতি তন্ত্ৰৰ পৰা এই হাতীবোৰক পশ্চিম গুজৰাটৰ দৰে শুকান, ঔদ্যোগিক বেল্টলৈ নি উদ্ধাৰ কৰা বুলি উত্থাপন কৰা দাবী কিমান দূৰলৈ যুক্তিসংগত? ইতিহাসবিদ ৰামচন্দ্ৰ গুহাই এইক্ষেত্ৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে । তেওঁ সুধিছে, হাতী সংৰক্ষণৰ বাবে এই সমান্তৰাল নিয়ন্ত্ৰণ ব্যৱস্থা কিয় সৃষ্টি কৰা হ'ল? নিজে বিচৰা ধৰণৰ প্ৰাকৃতিক বাসস্থানত বসবাস কৰিবলৈ সুবিধা কৰি দিয়াৰ বিপৰীতে আৰু ৰাজ্যৰ বন বিভাগৰ সৈতে সমিলমিলেৰে কাম কৰাৰ পৰিৱৰ্তে ব্যক্তিগত চিৰিয়াখানা নিৰ্মাণ কিমান প্ৰাসংগিক? নে ই অৰ্থনৈতিক ভাৱে চূড়ান্ত শক্তিশালী শ্ৰেণীটোৰ এক মাত্ৰ বিলাস ? নে সঁচাকৈয়ে উত্তৰ পূৰ্বাঞ্চলত, অসমত পশু চিকিৎসা সেৱাৰ অৱস্থা অনুন্নত? গজৰাজৰ বিদায় মূহুৰ্তৰ ছবিয়ে এনে বহু প্ৰশ্ন মনলৈ আনিছে , যিবোৰ দিনে দিনে আগতকৈও প্ৰাসংগিক হ'বলৈ ধৰিছে ।


Thursday, 2 January 2025

সাবিত্ৰী বাই ফুলে

 ঘৰৰ পৰা বিদ্যালয়লৈ যোৱাৰ বাটত সাবিত্ৰীবায়ে শুনিব লগা হয় হাজাৰ গালি। তেওঁৰ গাত গোবৰ চটিয়াই দিয়া হয় । দলিয়াই মৰা হয় শিল। তাৰপাছতো সাবিত্ৰীবায়ে প্ৰতিদিনে সেই একেই বাটেৰে মূৰ তুলি যায়। লগত লৈ যায় এখন অতিৰিক্ত পৰিস্কাৰ শাৰী। শ্ৰেণীকোঠাত ছোৱালীবোৰক যাতে পৰিস্কাৰ পোছাকেৰে শিক্ষাদান কৰিব পাৰে। সাবিত্ৰীবাই ফুলেৰ প্ৰতিদিনৰ এই প্ৰতিৰোধ ইমান সহজ নহয়। কিন্তু কিছুমান কাহিনী এনেকৈয়ে আৰম্ভ হয়- যিসকলে সমাজ জীৱনৰ কথা ভাবে , নিজৰ লগতে আনকো পোহৰ কৰাৰ সাহ কৰে, আনৰ বাবেও স্বপ্ন দেখে । অৱশ্যেই এই কাম সাবিত্ৰীবাই ফুলেই অকলে কৰা নাছিল। তেওঁক সাহ দিছিল তেওঁৰ স্বামী জ্যোতিবা ফুলেই। 


জ্যোতিবা ফুলেৰ লিখনিয়ে ব্ৰাহ্মণীয় পিতৃতান্ত্ৰিকতাক সমালোচনা কৰে মুকলিকৈ। উল্লেখযোগ্য যে সকলো মহিলাই পুৰুষতান্ত্ৰিক সমাজৰ দমনৰ বলি হয়। কিন্তু নিম্ন বৰ্ণৰ মহিলাসকলৰ ক্ষেত্ৰত এই গাঁথনিগত হিংসা চৰম পৰ্যায়ৰ।  নিম্ন বৰ্ণৰ নাৰী কেৱল তেওঁলোকৰ নিজৰ জাতিৰ পুৰুষৰ শোষণ, দমনৰ বলি নহয়। বৰঞ্চ উচ্চ বৰ্ণৰ পুৰুষ আৰু নাৰী উভয়ৰে দমনৰে বলি হয়। শ্যাম বেনাগলৰ ছবি 'অংকুৰ' তেনে এক দমনৰে সাহসী প্ৰতিফলন। 



সামাজিকভাৱে পিছপৰা মালি সম্প্ৰদায়ৰ জী  সাবিত্ৰীবাই । নিম্ন জাতৰ জী। ন বছৰ বয়সতে জ্যোতিবাৰ সৈতে বৈবাহিক সম্বন্ধত বান্ধ খায়। সেই সময়ছোৱাত সাবিত্ৰীবাইৰ দৰেই নিৰক্ষৰ বহুতো কিশোৰী কম বয়সতে কাৰোবাৰ পত্নী হয়। কিছু বছৰ নহওঁতেই বিধৱাও হয়। সৌভাগ্যক্ৰমে, জ্যোতিবাইৰ মনত সামাজিক অসমতা দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰতি আছিল গভীৰ বিশ্বাস । সেয়ে পত্নীক পঢ়িবলৈ আৰু লিখিবলৈ শিকোৱাত তেওঁ অলপো কুণ্ঠাবোধ কৰা নাছিল।  প্ৰথমে এই কাম আৰম্ভ হয় ঘৰতে। কিন্তু তাতো পৰিয়ালৰ মানুহৰ ঘোৰ আপত্তি। তাৰপাছত পথাৰেই হৈ পৰে পঢ়াশালি।  পথাৰত কৰ্মৰত জ্যোতিবাৰ বাবে দুপৰীয়াৰ আহাৰ দিবলৈ গৈ সাবিত্ৰীবাই প্ৰথম শিকে আখৰ । দেশ স্বাধীন হোৱাৰ বহু বছৰৰ আগতে এই আলোড়ন আৰম্ভ হয় পথাৰতে। 


হিন্দু ধৰ্মত হোৱা মহিলাৰ শোষণ, উৎপীড়নৰ বিৰুদ্ধে সৰৱ হয় জ্যোতিবা ফুলে। শিক্ষা নাই, সন্মান নাই, নিজৰ জীৱনৰ সিদ্ধান্ত লোৱাৰ কোনো অধিকাৰ নাই- এনে বহুতো নাৰীক চকুৰ সমুখতে দেখি তেওঁৰ মনত অলেখ প্ৰশ্নই ভীৰ কৰিবলৈ ধৰে। এই কথাবোৰ আলোচনা কৰাৰ একমাত্ৰ সংগী তেওঁৰ পত্নী 

সাবিত্ৰীবাই। 


 লাহে লাহে স্বামী জ্যোতিবাৰ কথাবোৰে সাবিত্ৰীবাইৰ অন্তৰতো এক নতুন স্বপ্নৰ জন্ম দিয়ে। তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰে যে জাতপাতৰ চাৰিসীমা মোহাৰিবলৈ মহিলাই শিক্ষাৰ সুযোগ পাবই লাগিব।  সাবিত্ৰীবাইৰ আগ্ৰহ দেখি জ্যোতিবাই তেওঁক পুনেৰ এটা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ভৰ্তি কৰে। ১৯৪৮ চন। প্ৰশিক্ষণ লৈ সাবিত্ৰীবাই পুনেৰ মহাৰৱাড়াত ছোৱালী শিক্ষাৰ আৰম্ভণি কৰে।  উল্লেখযোগ্য যে সাবিত্ৰীবাইক আনুষ্ঠানিকভাৱে ভাৰতৰ প্ৰথম মহিলা শিক্ষয়িত্ৰী হিচাপে স্বীকৃতি দিয়া হয়। 


 কিন্তু এই যাত্ৰা ইমানো সহজ নাছিল। পৰিয়ালৰ সকলো বান্ধোন ছিঙি এহাল দম্পতীয়ে নাৰীক শিক্ষিত কৰিবলৈ যি জোৱাৰ আৰম্ভ কৰে সেই বাটত অজস্ৰ প্ৰত্যাহ্বান।  ভিডে ৱাডাত এনেকৈয়ে আৰম্ভ হয় ১৮৪৮ চনত প্ৰথমখন নাৰী শিক্ষাৰ বিদ্যালয়। মাত্ৰ ন জনী ছাত্ৰীৰ পৰা আৰম্ভ হোৱা এই বিদ্যালয়ে নিম্ন বৰ্ণৰ ছোৱালীৰ বাবে জন্ম দিয়ে অন্য এক বাট। 


এই বিদ্যালয়সমূহত অস্পৃশ্য সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলৰ নামভৰ্তিৰ ফলত গোঁড়া উচ্চ বৰ্ণৰ হিন্দুসকল ক্ষুব্ধ হয়।  তেওঁলোকে এই বিদ্যালয়বোৰ বন্ধ কৰিবলৈ প্ৰথমতে সাবিত্ৰীবাইৰ বিষয়ে উৰাবাতৰি বিয়পায় । যেনে- শিক্ষিত নাৰীৰ স্বামীৰ অকালতে মৃত্যু হয়, শিক্ষিত নাৰীয়ে অজ্ঞাত পুৰুষলৈ চিঠি লিখিবলৈ আৰম্ভ কৰে ইত্যাদি ইত্যাদি। 


সকলো ৰাজহুৱা ভণ্ডামিৰ বিৰুদ্ধে যুঁজি সাবিত্ৰীবাই ফুলে ৰক্ষণশীল সমাজ ব্যৱস্থাৰ সমুখত কিছু নতুন প্ৰশ্ন মুকলি কৰে। পৰিয়ালৰ দ্বাৰা অপমানিত হোৱাৰ পাছত এই দম্পতীহালক ঠাই দিয়ে এজন ঘনিষ্ঠ বন্ধু উছমান শ্বেখ আৰু তেওঁৰ পৰিয়ালে । পাছলৈ তেওঁৰ ভগ্নী ফাতিমা বেগম শ্বেখো সাবিত্ৰীবাইৰ আন্দোলনৰ অংশ হৈ পৰে। ইতিহাসত ফাতিমা ভাৰতৰ প্ৰথম মুছলমান মহিলা শিক্ষক হিচাপে পৰিচিত হয়। 


সামাজিক অসমতা দূৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰা, নাৰী শিক্ষাক এক জাগৰণলৈ পৰিণত কৰা, বাল্য বিবাহৰ বিৰুদ্ধে জোৰদাৰ আৱাজ তোলা সাবিত্ৰীবাইৰ প্ৰতি সন্মান জনাই ৩ জানুৱাৰী দিনটোক নাৰী শিক্ষকৰ দিন হিচাপে উদযাপন কৰা হয়। এই কাহিনীবোৰ কৈ থকাটো জৰুৰী, পাতি থকাটো জৰুৰী। যাতে যদি কাহানিবা পাঠ্যপুথি অথবা ইতিহাসৰ পাতৰ পৰা নোহোৱা কৰি পেলোৱা হয়, এইবোৰ যাতে আমাৰ মন গহনত ৰৈ যায়। এইবোৰে যাতে আমাক সোঁৱৰাই যায় নাৰী শিক্ষাৰ আলোড়ন এদিনতে সম্ভৱ হোৱা নাছিল।  তাৰ আঁৰত আছিল বহু সাধাৰণ মানুহ, যি অসাধাৰণ কাম কৰিছিল।  

 


 

Wednesday, 1 January 2025

প্ৰেমময় হৈ জী থাকিবলৈকে...


(মোৰ সকলো ছাত্ৰীৰ হাতত নতুন বছৰৰ ওলগ আৰু মৰমেৰে)

সমাজ, ব্যক্তিগত, ৰাজনৈতিক - বিগত বছৰটোত এই তিনিওটা দিশৰ পৰাই আঁতৰি অহা প্ৰত্যাহ্বানমূলক হৈ পৰিল। ২০২৪ চনত অভিলেখ সংখ্যক দেশে নতুন চৰকাৰ নিৰ্বাচনৰ বাবে ভোটদান কৰিলে । আৰম্ভ হ'ল একনায়কত্ববাদৰ এক নতুন চৰিত্ৰৰ শাসকশ্ৰেণীৰ দপদপনি। আমেৰিকাত ড’নাল্ড ট্ৰাম্পৰ বিজয়ৰ পৰিসৰ আৰু গ্ৰেইট ব্ৰিটেইনত কেইৰ ষ্টাৰমাৰৰ বিজয়ে বিশ্ব ৰাজনীতিৰ গতি সলালে। এফালে ছিৰিয়াৰ বাছাৰ আল আছাদ আৰু আনফালে বাংলাদেশৰ শ্বেইখ হাছিনাৰ দৰে দীৰ্ঘদিনীয়া শাসন ব্যৱস্থাৰ তীব্ৰ পতনেও সামগ্ৰিকভাৱে ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ শাসকৰ অন্য মুখ খুলিলে। ইয়াৰ ভিতৰত আটাইতকৈ ভয়াৱহ হৈ পৰিল ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধ। গাজাত এ আইৰ সহায়ত ইজৰাইলে আৰম্ভ কৰা যুদ্ধই প্ৰযুক্তিৰ চৰম ব্যৱহাৰ যে এটা পক্ষৰ বাবে কিমান শক্তিশালী আৰু আন এটা পক্ষৰ বাবে কিমান ভয়ংকৰ - তাৰ এখন অস্থিৰ ছবি মুকলি কৰিলে। তাৰেই বহিঃপ্ৰকাশ পোৱা যায় 'যুদ্ধভূমিৰ কবিতা'ত এনেকৈ- 


                     ফটোৰ উৎস-  ইণ্টাৰনেট 

"আৰফত, ৱাচিংটনৰ মানুহেও বিচাৰে-এই এটাই মাথোঁ নাম আৰু এটাই মাথোঁ শব্দ/ মস্কোৰ মানুহেও বিচাৰে-এই এটাই মাথোঁ নাম আৰু এটাই মাথোঁ শব্দ/ বেইজিঙৰ মানুহেও বিচাৰে-এই এটাই মাথোঁ নাম আৰু এটাই মাথোঁ শব্দ/শুনা বেইৰুটেও ভালপায়-শান্তিপ্রিয় মানুহ আৰু মানুহৰ মহত্তম সৃষ্টি/ বেইৰুটেও ভালপায়-আপোচহীন কবি আৰু কবিতাৰ বলিষ্ঠ শাৰী/ বেইৰুটেও ভালপায় - চিৰমুক্ত পখী আৰু বৃক্ষৰ মিলাপ্ৰীতি।"


স্বাধীনতাৰ নামতে কতনা গৃহহীন মানুহ, স্বাধীনতাৰ নামতে কতনা অনাথ শিশু, স্বাধীনতাৰ নামতে গৃহহীন, দেশহীন মানুহৰ দীঘল তালিকা, স্বাধীনতাৰ নামতে 

মৃত শিশুৰ কবৰৰ লানি লানি শাৰী । 


মণিপুৰ জ্বলিল। ৰিলিফ কেম্প বাঢ়িল, স্কুল কমিল, কমিল স্বাস্থ্যসেৱা, বাঢ়িল মানুহৰ মানুহৰ প্ৰতি সন্দেহ, ঘৃণা আৰু প্ৰতিশোধৰ দাবানল। এইবোৰৰ মাজত লালনটপত ৰিলিফ কেম্পৰ এটি শিশুৰ প্ৰিয় খেল কি বুলি সোধা প্ৰশ্নৰ উত্তৰ শুনি কিছু সময়লৈ ৰৈ গ'লো - "পাবজি, পাবজিৰ পৰাই ভঙা ভঙা হিন্দী শিকিছো, অলপ হিন্দী জানো বাবেই মাহঁতে ইফালে সিফালে যাবলৈ দিবলৈ ভয় নকৰে।"


ভাষাৰ আধিপত্যত দেশৰ সীমান্তৰ এটি শিশুৰ মনস্তত্বৰ এই ফিল্টাৰবিহীন স্বীকাৰোক্তিৰ গাঢ় সত্যটো স্বীকাৰ কৰা বেছ কঠিন কাৰবাৰ। কিন্তু ভাষাৰ ভৱিষ্যতক লৈ মনত বহুতো প্ৰশ্নৰ ভঙা পতা চলি থাকিল। অসমীয়া পৰীক্ষাত বহি থকা এগৰাকী শিক্ষাৰ্থীয়ে ক'লে- "অসমীয়া লিখিব নোৱাৰি, তাতকৈ হিন্দী লোৱা হ'লেই ভাল আছিল।" বিগত কিছু বছৰত পৰীক্ষাৰ বহী চাওঁতে ভুল উত্তৰৰ বাবে শিক্ষাৰ্থীজনৰ প্ৰতি চিন্তিত হোৱা নাই, হুমুনিয়াহ কাঢ়িছো অজস্ৰ ভুল বানান আৰু বাক্যৰ অপৰিমিত গঠনত। নিজৰ ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব নজনা এটা প্ৰজন্ম যাৰ ছদ্মনাম 'জেন জি'ৰ এই বাস্তৱক ধ্ৰুপদী ভাষাৰ সন্মানেও কিমান বচাব পাৰিব তাক লৈ অজস্ৰ সন্দেহ। ভাষাৰ অবিহনে কেৱল ৰাজনৈতিক চৰিত্ৰৰে কোনো জাতি জী থাকিব নোৱাৰে । এনে পীড়া বহন কৰি কোনো সাহিত্যও মানুহৰ গভীৰলৈ যাব নোৱাৰে। 

এই সত্যবোৰ পাৰ কৰি মানুহ হিচাপে মানুহৰ মুখামুখি হোৱাৰ সাহস গোটাব পাৰে সৃষ্টিশীল মানুহেহে। যি প্ৰকৃতিৰ বুকুত জিৰাবলৈ শিকে । যি ভয় নকৰাকৈ গান, কবিতা, কাহিনী, ছবিৰ সৌন্দৰ্য্যক বহন কৰে। যি ভয় নোখোৱাকৈ প্ৰেমময় হৈ জী থকাৰ কলা আয়ত্ব কৰে। নীলমণি ফুকনৰ কবিতাৰ ভাষাৰে - "ভয় খালে চাবা, মিছা হৈ যাব/এতিয়াও নিশা আছে/সূর্যই কথা ক'ব/সূর্যই এটা/আমাক উত্তৰ দিব।" (সূর্য হেনো নামি আহে এই নদীয়েদি) 





Sunday, 22 December 2024

এক্টিভিষ্ট, গণতন্ত্ৰ আৰু নাৰী - অৰুণা ৰয়ৰ কথাৰে

 ১৯৭৫ চন। ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰা অব্যাহতি লয় #অৰুণাৰয়ে আৰু দিল্লীৰ পৰা ৰাওনা হয় ৰাজস্থানৰ তিলনীয়া গাঁৱলৈ। উদ্দেশ্য SWARC অৰ্থাত Social Work and Research Centre ত যোগদান কৰা। অৰুণা ৰয়ৰ পৰিচয় তাৰ আগলৈকে আছিল আই এছ অফিচাৰ। ১৯৬৮ চনৰ কেডাৰ। প্ৰথম পোষ্টিং তামিলনাডুত। তাৰ পাছত পণ্ডিচেৰী আৰু দিল্লীত । দিল্লীৰ পৰা তিলোনীয়ালৈ দূৰত্ব ৩৬০ কিঃমিঃ। এই দূৰত্বতে সলনি হৈছিল অৰুণা ৰয়ৰ জীৱন।


 স্বাচ্ছন্দ্যপূৰ্ণ জীৱনক বাদ নিদিবলৈ বহুতেই কোৱাৰ পাছতো ৰয়ে নিজৰ বেগ বান্ধে। ৰিজাৰ্ভেচন নোহোৱাকৈ ভিৰ ভৰ্তি এটা ৰেলৰ ডবাত কোনোমতে বহিবলৈ ঠাই উলিয়ায়।  তেওঁ জানে আজমিৰ জিলাৰ কিশানগঞ্জ তহচিলৰ ভিতৰুৱা গাওঁ তিলোনীয়াত নাই পাইপত অহা পানী। নাই ইলেকট্ৰিচিটিৰ সুবিধা। থাকিবলৈ শীত তাপ নিয়ন্ত্ৰিত কোঠা। শুবলৈ আৰামী বিচনা। এটা অব্যৱহৃত টিবি চেন'টেৰিয়ামৰ কেম্পাছ আছে। তাতেই আৰম্ভ হ'ব SWARC ৰ কাম। ৰেলৰ উকি আৰু পেচেঞ্জাৰৰ কোলাহলৰ মাজত অৰুণা ৰয়ৰ নিজৰ সৈতে এটা কমিটমেণ্ট হয় । এটা চিৰিয়াচ কমিটমেণ্ট। 


প্ৰশ্ন হয়, কেৰিয়াৰ গ্ৰাফ ওপৰলৈ গৈ থকা সময়ত এনে কি ঘটনাই তেওঁক বাধ্য কৰিছিল দেশৰ আটাইতকৈ প্ৰভাৱশালী প্ৰফেচনটো বাদ দিবলৈ ? ক্ষমতাৰ সৰ্বোচ্চ পৰ্যায়ৰ পৰা নামি তৃণমূল পৰ্যায়ৰ কৰ্মীৰ সৈতে কাম কৰিবলৈ?এই প্ৰশ্নৰ উত্তৰ পাবলৈ তেওঁৰ আত্মজীৱনী The Personal is Political ৰ  ভিতৰলৈ সোমাবই লাগিব। আজিৰ তাৰিখত অৰুনা ৰয় ৰ চিনাকি আৰ টি আই এক্টিভিষ্ট, ট্ৰেড ইউনিয়ন কৰ্মী, মেগেচেচে পুৰস্কাৰ দ্বাৰা সন্মানিত, নেচনেল ফেডাৰেচন অৱ ইণ্ডিয়ান উইমেনৰ সভানেত্ৰী, মজদুৰ কিষাণ শক্তি সংগঠনৰ প্ৰতিষ্ঠাপক । এই পৰিচয়বোৰৰ আঁৰৰ ঘটনাবোৰহে গুৰুত্বপূৰ্ণ।  যিবোৰে অকল তেওঁৰ জীৱনক নহয় বৰঞ্চ ভাৰতীয় সমাজৰ এছোৱা জলন্ত সময়ক বুজি পোৱাৰ সুযোগ দিয়ে। 


উক্ত আত্মজীৱনীখন নতুন প্ৰজন্মৰ সেইসকল সংগঠক, ৰাজনৈতিক নেতা, কৰ্মীৰ বাবে এক পথ প্ৰদৰ্শক স্বৰূপ যি স্থায়ী ব্যৱস্থা একোটাৰ বৈষম্যক বুজিবলৈ আগ্ৰহী। তেনে বৈষম্যৰ পৰিৱৰ্তনৰ বাবে প্ৰত্যাহ্বান ল'ব পৰাকৈ সাহসী। সমাজ এখনত নেতৃত্বৰ সমান্তৰালকৈ কিয় সামাজিক বিপ্লৱৰ প্ৰয়োজন তাক বুজিবলৈ অৰুণা ৰয়ৰ কাষ চপাটো জৰুৰী। এজন প্ৰভাৱিত নেতাতকৈও বেছি প্ৰয়োজন এজন সংবেদনশীল,  দায়বদ্ধ সমাজ কৰ্মীৰ। তেনে কৰ্মীয়েহে সমাজত সংগঠিত প্ৰতিৰোধৰ প্ৰয়োজ


নীয়তা উপলব্ধি কৰিব পাৰে। সামাজিক ন্যায় সম্পৰ্কে গভীৰ অন্তৰ্দৃষ্টি নাথাকিলেও এজন নেতা হ'ব পাৰি, কিন্তু এজন এক্টিভিষ্ট হ'বলৈ তাতকৈও ঊৰ্ধত গৈ মানুহৰ মাজত কাম কৰিব লাগিব। 


'দ্যা পাৰচনেল ইজ পলিটিকেল' শ্ল'গানটো ১৯৬০ চনত আৰম্ভ হোৱা নাৰীবাদী আন্দোলনৰ দ্বিতীয় ঢৌৰ জনপ্ৰিয় শ্ল'গান। ব্যক্তিগত জীৱনৰ পৰিধিৰ ভিতৰত আমি মুখামুখি হোৱা সত্যবোৰ সামাজিক স্তৰৰ বৃহত্তৰ ধাৰাৰ সৈতে সাঙোৰ খোৱা। তাকেই বুজাবলৈ উক্ত শ্ল'গানৰ নামেৰেই আত্মজীৱনীখন।  সত্য কি এই কথা বুজি পোৱাটো যিমানেই জৰুৰী সিমানেই জটিল তাক আনক বুজোৱাটো। সেয়ে সত্যক সমুখলৈ অনাজনৰ এক গভীৰ দায়িত্ব থাকে। প্ৰান্তীয়, ক্ষমতাহীন মানুহৰ বহুতো সত্য ইতিহাসেও বহুসময়ত ধৰি ৰাখিব নোৱাৰে। ধৰি ৰাখিব নোখোজে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেনে সত্যবোৰ নোহোৱা হৈ যায়। কৰ্পূৰৰ দৰে উৰি যায়। গীত, কবিতা, লোককথা, মৌখিক ইতিহাসে সেইবোৰক সামৰি ৰাখে। প্ৰজন্মৰ পাছত প্ৰজন্মলৈ বহন কৰে। তেনে সত্যৰে পুনৰ কথন  "দ্যা পাৰচনেল ইজ পলিটিকেল"।  


বেউৰা গাওঁ। দৰিদ্ৰতা অভ্যাস হৈ গৈছে গাওঁবাসীৰ বাবে। দলিত সম্প্ৰদায়ৰ লোকৰ বসতি। সৰু এটুকুৰা মাটিতে একোটা বৃহত পৰিয়াল । তেওঁলোকৰ মাজতে ৰয়ৰ প্ৰথম কাম আৰম্ভ।  মাটিৰ যে প্ৰয়োজন পৰিয়ালবোৰক সেয়া নিশ্চিত।  নতুন আঁচনিৰ অধীনত পৰিয়ালবোৰক এটুকুৰা নতুন প্লট দিয়াৰ বাবে অনুমোদন জনাবলৈ গাওঁবাসীক জাগ্ৰত কৰে ৰয়ে। ডিচিৰ লগতো আলোচনা আৰম্ভ হয়। ডিচিয়ে অনুমতি দিয়ে নতুন মাটিৰ পট্টাৰ বাবে। এশ পৰিয়ালে তাৰ বাবে এশ টকাকৈ জমা দিয়াৰ সিদ্ধান্ত লোৱা হয় পট্টাৰ বাবে।  তাৰ পাছতেই আৰম্ভ আচল সংঘাত।  সকলো সুকলমে হৈ যোৱাৰ পাছতো পট্টাৰ বাবে দিয়া টকা ঘূৰাই বিচাৰিলে পৰিয়ালবোৰে। ইয়াৰ কাৰণ আছিল উচ্চ জাতৰ দলিত পৰিয়ালবোৰৰ ওপৰত থকা প্ৰেচাৰ। এই অভিজ্ঞতা নতুন নাছিল অৰুণা ৰয়ৰ বাবে। আই এচ বিষয়া হিচাপে কৰ্মৰত অৱস্থাত জাত বৈষম্যৰ স্বৰূপ তেওঁ ওচৰৰ পৰাই দেখিছিল।  মাত্ৰ পাৰ্থক্য আছিল তেতিয়া মানুহৰ মাজৰ পৰা সমস্যাবোৰৰ মুখামুখি হোৱা নাছিল,  হৈছিল ওপৰৰ পৰা। কাগজ, ফাইলৰ পৰা বাহিৰ ওলাই ৰয়ে অনুভৱ কৰে জীৱন আৰু সংগ্ৰামৰ মাজত ব্যৱধান নাই। সংগ্ৰামেই জীৱন,  জীৱনেই কাম। কিন্তু আই এচ বিষয়া হোৱাৰ ট্ৰেইনিঙত তাৰ বিপৰীত ছবি এখনৰ প্ৰতিহে আকৰ্ষিত কৰা হয়। অৰুণা ৰয়ে উল্লেখ কৰিছে এক পুৰুষতান্ত্রিক আৰু উপনিৱেশিক ব্যৱস্থাৰে চলে এই গোটেই প্ৰক্ৰিয়াটো। যাৰ ফলত এগৰাকী উচ্চ পদবীধাৰী প্ৰশাসনিক বিষয়া আৰু সাধাৰণ জনগণৰ মাজত বৰ বিশেষ সুদূৰপ্ৰসাৰী সম্পৰ্ক গঢ় লৈ নুঠে। কিয়? কাৰণ ব্যুৰক্ৰেছীৰ কাম ক্ষমতাত অধিষ্ঠিত সকলৰ ক্ষমতা বজাই ৰখা, বিশ্বাসৰ সম্পৰ্ক ৰচনা কৰা নহয়। যিমানেই  বিশ্বাসৰ পৰিৱৰ্তে সন্দেহ আৰু সংঘাত থাকিব, সিমানেই লাভান্বিত হ'ব নেতা। 


 তেন্তে এক্টিভিষ্টৰ সংজ্ঞা কি ? 


অৰুণা ৰয়ৰ মতে যি ব্যক্তি মতাদৰ্শগত দৃষ্টিভংগীৰে পৰিচালিত আৰু সামাজিক ভাৱে জাগ্ৰত তেওঁক আমি এক্টিভিষ্ট বুলি ক'ব পাৰো। এক্টিভিজিম অথবা সক্ৰিয়তা হৈছে একধৰণৰ প্ৰতিৰোধ ক্ষমতা। ৰাজনৈতিক ভাৱে সক্ৰিয় আৰু সজাগ হোৱা মানে এইটো নহয় যে তেওঁ কোনো দলীয় কৰ্মী হ'ব লাগিব।  ৰাজনৈতিক ভাৱে সক্ৰিয় হোৱাৰ অৰ্থ হৈছে ব্যক্তিগত নেৰেটিভবোৰৰ সামাজিক অৰ্থ বিচাৰি পোৱাটো। ৰয়ে উল্লেখ কৰিছে যে এজন এক্টিভিষ্টৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে চিনিক হোৱাৰ পৰিৱৰ্তে বেয়াতকৈও বেয়া সময়ত আশাবাদী হৈ থাকিব পৰাটো, মানুহৰ ওপৰত বিশ্বাস ৰাখিব পৰাটো আৰু তাতোকৈও ডাঙৰ কথা নিজে সংবেদনশীল হৈ থাকিব পৰাটো। এই কথাকে তেওঁ সহজকৈ বুজাবলৈ আওৰাইছে ব্ৰেখটৰ সেই কবিতা- In the dark times/will there also be singing?/ yes, there will also be singing/about the dark times.


বহুতো বুদ্ধিজীৱিয়ে কোৱাৰ দৰে ৰয়ে আশাবাদী হৈ থাকিব পৰাটোক ইউটোপীয়াৰ দৃষ্টিভংগীৰে চোৱা নাই। এডুৱাৰ্ডু গেলেনিওৰ কথাকে আওৰাই ৰয়ে কৈছে-" ইউটোপীয়া আকাশৰ সীমাত। মই দুখোজ আগুৱাই গ'লে ইউটোপীয়াও দুখোজ আগবাঢ়ি যায়। মই যিমানেই  খোজ কাঢ়িলেও কাহানিও ইউটোপীয়াৰ ওচৰ চাপিব নোৱাৰিম। গতিকে  ইউটোপীয়াতকৈও ডাঙৰ কথা হৈছে খোজ কাঢ়ি থকাটো।"  বহু সময়ত সমতাৰ পক্ষে, গণতন্ত্ৰৰ পক্ষে মাত মতাসকলকে  আক্ৰমণাত্মক বুলি প্ৰতিপন্ন কৰাৰ ষড়যন্ত্ৰ চলে। ৰয়ৰ মত অনুসৰি প্ৰত্যাহ্বানৰ বিৰুদ্ধে খোজ কাঢ়িবলৈ প্ৰয়োজন হয় দীঘলীয়া ধৈৰ্য্য আৰু সাহসৰ। ইয়াৰ এটা ব্লু প্ৰিণ্ট থকাটো বাঞ্চনীয়। 


এই ক্ষেত্ৰত নাৰী কৰ্মীসকল মনৰ ভাৱ প্ৰকাশ কৰিব পৰাকৈ আৰু যুক্তিসহ নিজৰ মত উপস্থাপন কৰিব পৰাকৈ সবল আৰু স্বাধীন হোৱাটো জৰুৰী।

এগৰাকী নাৰীৰ সমুখলৈ সতকাই অহা প্ৰশ্নটো হৈছে তেওঁ কেনেকৈ পৰিয়াল আৰু আন সংগ্ৰামবোৰৰ মাজত ভাৰসাম্য স্থাপন কৰে।  ৰয়ৰ আত্মজীৱনীত পৰিয়াল আৰু এক্টিভিজিমৰ সৈতে নাৰীৰ এখন স্পষ্ট ছবি দেখা পোৱা যায়। ধৰ্ণাত বহি থকা অৱস্থাতো এগৰাকী নাৰী কৰ্মীৰ মনত পৰে নিজৰ ঘৰলৈ, সন্তানলৈ। নাৰীৰ বাবে পৰিয়াল, ৰাজনৈতিক সক্ৰিয়তা, সমাজৰ মাজত ভাৰসাম্য ৰাখি আগবঢ়া ইমান সহজ নহয়। এগৰাকী নাৰীৰো বিভিন্ন পৰিচয় থাকে। তেওঁ দলিত, আদিবাসী, দৰিদ্ৰ,  কম শিক্ষিত হ'ব পাৰে। এই আটাইবোৰ পৰিচয় নাৰী গৰাকীৰ ৰাজনৈতিক পৰিচয় । 


নাটুকি, ভূৰিয়াৰ দৰে প্ৰান্তীয় অঞ্চলবোৰত ঘূৰি ফুৰোতে অৰুণা ৰয়ে উপলব্ধি কৰে যে গ্ৰাম্য আৰু শ্ৰমজীৱি মহিলাৰ বাবে অসমতাৰ সৈতে জড়িত প্ৰথম আৰু শেষ বিষয়টো হৈছে ভোক আৰু শ্ৰম। তেওঁলোকৰ মাজলৈ সোমাই ৰয়ে মৰ্মে মৰ্মে অনুভৱ কৰে যে লিংগ অসমতা এক গুৰুত্বপূৰ্ণ দিশ। কিন্তু তাতোকৈও ভয়াবহ হৈছে শ্ৰেণী আৰু জাত বৈষম্য। জাত, লিংগ আৰু শ্ৰেণী এই তিনিটা গ্ৰামাঞ্চলৰ অপ্ৰতিৰোধ্য হেঙাৰ হিচাপে দেখা দিয়ে ৰয়ৰ সমুখত। এই তিনিটাক বুজাটো সমাজত চলি থকা ক্ষমতাৰ শ্ৰেণীবিভাজনক বুজাৰ দৰে। বৈষম্য কি, দমনৰ চৰিত্ৰ কেনে সেয়া প্ৰান্তীয়ত্বৰ বলি হোৱা মহিলাই সকলোতকৈ ভালকৈ বুজে। ফলস্বৰূপে এইসকল মহিলাৰ পৰাই আৰম্ভ হয় প্ৰতিৰোধৰ প্ৰথম সংগ্ৰাম।  ৰয়ে উল্লেখ কৰিছে #MGNREGA  আৰু #RTI বিল পাছ হোৱাৰ ক্ষেত্ৰত গ্ৰাম্য মহিলাৰে আছিল অভূতপূৰ্ব অৱদান। যাক কেতিয়াও স্বীকৃতি দিয়া নাই দেশৰ ইতিহাসে। 


১৯৭০ চন। তিলোনীয়া আৰু হাড়মৰাৰ মাজত খোজকাঢ়ি ৰয় উপস্থিত হৈছিল ৰেগাৰ সম্প্ৰদায়ৰ মাজত।  ৰেগাৰসকল হাড়মৰাৰ শিল্পী যি পৰম্পৰাগত ভাৱে চামৰা শুকোৱা, তাৰ পৰা বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি জীৱন নিৰ্বাহ কৰে। সমাজত তেওঁলোকৰ পৰিচয় নিম্ন জাতি যাৰ ঘৰত পানী, অন্ন গ্ৰহণ কৰা উচ্চ জাতৰ বাবে নিষিদ্ধ।  জাতিগত সীমা থকাৰ পাছতো তেওঁলোকৰ লগত খাদ্য আৰু পানী খোৱাৰ সীমা মনা নাই ৰয়ে। ব্ৰাহ্মণ আৰু ৰাজপুতৰ ঘৰত অৱশ্যেই ৰয়ৰ প্ৰৱেশ একেবাৰে সীমিত।  আনকি ব্ৰাহ্মণৰ ঘৰত পানী খাওঁতে ৰয়ৰ কাপটোত আঠ ইঞ্চি ওপৰৰ পৰা বাকী দিয়া হৈছে পানী। 


এই মৰুভূমিত পানী, তাকো  আঠ ইঞ্চি ওপৰৰ পৰা ! 

মৰুভূমিৰ এক সৌন্দৰ্য্য থাকিলেও ইয়াত জীৱন নিৰ্বাহ কৰা মানুহৰ সংগ্ৰাম কল্পনাৰো অগোচৰো। মজুৰিৰ বাবে দাবী মৰুভূমিৰ আশে পাশে জীৱন নিৰ্বাহ কৰা মানুহৰ বাবে জীৱন আৰু মৃত্যুৰ সমকক্ষ। ১৯৮৭ চনৰ কথা। অৰুণা ৰয় আৰু তেওঁলোকৰ কৰ্মী দেৱদুংগীলৈ আহে। তাতেই জন্ম মজদুৰ কিষাণ শক্তি সংঘৰ। উল্লেখযোগ্য যে উক্ত অঞ্চলটোত কোনো শাক পাচলিৰ খেতি কৰা সম্ভৱ নহয়। গোটেই গাওঁখনে আধাপেটিৰে টোপনি যায়।  দুই সাঁজ সাধাৰণ খাদ্যৰে দৈনন্দিন জীৱন-  এসাঁজ ৰাতিপুৱা আৰু গধূলি এসাঁজ।


এনেকুৱা দিনৰে কথা । মেডিচিন বিচাৰি পাপায়া নামৰ গাঁৱৰে ছোৱালীজনী আহি পায় মজদুৰ কিষাণ শক্তি সংঘৰ অফিচ । ৰয়ৰ ওচৰত সাধাৰণ ফ্ৰাষ্ট এইড আৰু হোমিওপেথিৰ কেইটামান ঔষধৰ বাহিৰে আন একো নাই।  তাৰেই কাম চলাব লাগিব।  তাৰপাছৰ পৰা পাপায়াৰ ঘনাই আগমণ। সাধাৰণতে সেই সময়ত যেতিয়া অফিচৰ সকলো খাবলৈ বহে। পানীৰ সৈতে ৰুটি আৰু জলকীয়াৰ চাটনিৰে দুসাঁজ কোনোমতে খাবলৈ পোৱা ছোৱালীজনীৰ বাবে দাইলৰ গোন্ধো হৈ পৰে ভোক নিবাৰণৰে ঔষধ।  কিন্তু পাপায়াক খাবলৈ জোৰ কৰিলেও কোনোদিনেই সন্মত নহয়। সদায় তাইৰ একেই উত্তৰ- মই অলপ আগতে খালো নহয় । 


পাপায়াৰ দৰে তেনে বহু পৰিয়ালৰে শেষ আশ্বাস মজদুৰ শক্তি অথবা মজদুৰ মণ্ডী। মণ্ডীৰ হৰ্তা কৰ্তাসকল আহে, স্বাস্থ্যৱান কেইজনমানক বাচি হাজিৰাৰ বাবে লৈ যায়। তেনে অৱস্থাত কোনোমতে জীয়াই থকা মানুহখিনিক লাগে নিয়োগৰ এক গেৰাণ্টি। সেই উদ্দেশ্যেই মজদুৰ কিষাণ শক্তি সংগঠনে আৰম্ভ কৰে অন্য এক যাত্ৰা, নাম যাৰ - Delivery Systems of Government Poverty Alleviation Programmes. 


ইয়াৰ মুখ্য উদ্দেশ্য আছিল কেনেধৰণৰ অৰ্থনৈতিক প্ৰয়োজন লাগে তাক বাচি উলিওৱা আৰু শ্ৰমৰ এক নিৰ্দিষ্ট মজুৰি নিৰ্ধাৰণ কৰা। এয়াতো আমাৰ সাংবিধানিক অধিকাৰ। এইখিনি সময়তে ১৯৯১ চনত Times of India Group য়ে ৰয়ক প্ৰদান কৰে এক লাখ টকাৰ ফেলশ্বিপ।  যাৰ সহায়ত Living With Dignity and Social Justice শীর্ষক কাম আৰম্ভ কৰে ৰয়ে। এম জি এন ৰেগাও এনেকৈয়ে আৰম্ভ হয় । কোনো সন্দেহ নাই যে এম জি এন ৰেগায়ে এক বৃহৎ জনসংখ্যাক ভোকাতুৰ আৰু নিয়োগহীনতাৰ পৰা বচালে। ৰাজস্থানতে ২০২০-২১ চনৰ ভিতৰত ৭৪.৩  পৰিয়াল আৰু ১.৪ কোটি মানুহে কাম পালে ইয়াৰ অধীনত। অথচ তাৰ ক্ৰেডিট ল'বলৈ গৈ মোডীয়ে ক'লে ২০১৫ চনত পাৰ্লিয়ামেণ্টত "#MGNREGA চলি থাকিব, ই কংগ্ৰেছৰ বিফলতাৰ উদাহৰণ।" ৰাজস্থানৰ গাঁৱে গাঁৱে আৰম্ভ হোৱা দুটা দাবী- আৰ টি আই আৰু 

#MGNREGA য়ে এটা কাম কৰিবলৈ সক্ষম হয়।  ই জাত, ধৰ্ম,  লিংগৰ দৰে পৰিচয়ৰ ঊৰ্ধত গণতন্ত্ৰত অধিকাৰ সাব্যস্ত কৰাৰ বাট মুকলি কৰে। কিন্তু আছিল জানো এনে বাট মুকলি কৰাৰ বাবে লোৱা বাট ইমান সহজে পাৰ কৰা ? 


এইবোৰৰ মাজতে ৰয়ৰ মুখামুখি ভাৰতীয় একাংশ উচ্চ পদস্থ বিষয়াৰ সৈতে, দিল্লীৰ এক সংগীতানুষ্ঠানত। 

উক্ত অনুষ্ঠানতে সেই সময়ৰ ইলেকচন কমিচনাৰে ৰয়ক সুধিছিল "তুমি ইয়াত কিয়?" ৰয়ে কয় "যেতিয়া মই ধৰ্ণা আৰু প্ৰতিবাদত নবহো, তেতিয়া মই আপোনালোকৰ দৰে গান শুনো ।" এই প্ৰসংগত ৰয়ে এজন এক্টিভিষ্টৰ সংজ্ঞা দিছে এনেকৈ - "এজন প্ৰকৃত এক্টিভিষ্টে গণতান্ত্ৰাতিক আৰু মানৱীয় অধিকাৰৰ পক্ষে মানুহৰ কণ্ঠ হৈ থিয় দিয়ে। তেওঁলোকে ঘটনা, পৰিস্থিতিবোৰক দৈনন্দিন জীৱন ধাৰাৰ সমুখলৈ আনে, যিবোৰ জনপ্ৰিয় মাধ্যম যেনে সংবাদ মাধ্যমতো বহু সময়ত অৱহেলিত হৈ ৰয়।" 


কিন্তু এক্টিভিষ্ট সম্পৰ্কে ৰয়ে কোৱা বহুতো কথা আজিৰ তাৰিখত কিমান দূৰ প্ৰযোজ্য তাক লৈও বিতৰ্কৰ থল আছে। কাৰণ আমাৰ চকুৰ সন্মুখত বহুতো এক্টিভিষ্ট নেতালৈ পৰিণত হ'ল।  ভোটৰ অংকই তেওঁলোকৰ শেষ পৰিচয় আৰু ই ভি এমৰ বুটামেই শেষ ভৱিষ্যত । ইয়াৰ বাবে দুৰ্ভগীয়া আমি নে তেওঁলোক নিজেই সেই কথা ঠিৰাঙ কৰা জটিল। ৰয়ে 

কৈছে এজন এক্টিভিষ্টৰ কণ্ঠৰ গুৰুত্ব এই কাৰণেই বেছি কাৰণ তেওঁলোকে নিজৰ সামাজিক আৰ্থিক স্থান গঢ়াতকৈও বেছি জনমত গঠন কৰাতহে মন দিয়ে। আছে নে তেনে এক্টিভিষ্ট আমাৰ চৌপাশে আজি ? ৰয়ৰ মতে তেওঁলোক ৰাষ্ট্ৰ আৰু ব্যক্তিৰ মাজৰ সম্পৰ্ক অৱদমিত হোৱাৰ প্ৰতি চিন্তিত হয়। সঁচাকৈ আমাৰ বাবে নে নিজৰ চকীখনৰ বাবে চিন্তিত আজিৰ একাংশ চিউড' এক্টিভিষ্ট? ৰয়ে লিখিছে এক্টিভিষ্টে ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰৰ অপব্যৱহাৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰে। এৰা কৰিছে বহুতে আমাৰ সমুখতে, কিন্তু তেওঁলোকো চোন পাকচক্ৰত বিভ্ৰান্ত,  সেই বাবেই জনগণৰ পৰা ক্ৰমাগত  বিচ্ছিন্ন ! ৰয়ৰ মতে এক্টিভিষ্টৰ কাম হেনো প্ৰশ্ন কৰা, বিশ্লেষণ কৰা। প্ৰশ্ন কৰাজনৰ নাম কমি আহিছে, বাঢ়ি আহিছে বুজাবুজি ! অৰুণা ৰয়ৰ ভাষাত শক্তি হেৰুৱাৰ ভয়ত থকাজন এক্টিভিষ্ট নহয়, নেতাহে। আমাৰ চৌপাশে কত যে নেতা, কিমাননো এনে মানুহৰ নাম জানো আমি যি বাস্তৱত নামৰ ঊৰ্ধত গৈ মানুহৰ কথা কয় প্ৰভাৱশালী  পক্ষৰ আগত । 


তেন্তে শাসক সলালেই জানো গণতন্ত্ৰ ৰক্ষা পৰিব? সত্য এয়াই যে সত্যৰ অবিহনে ভৱিষ্যতৰ ডিজাইন সম্ভৱ নহয়। তাতোকৈও ডাঙৰ সত্য post truth,  post ideology ৰ দুনিয়াত ভাল এক্টিভিষ্টৰ আশা কৰিব পাৰিনে ? বেয়াতকৈও বেয়া সময় নাহিলে ভাল সময়ৰ স্বপ্ন অৰ্থহীন । নতুন প্ৰজন্মই ৰীলৰ বাহিৰৰ ৰিয়েল দুনিয়াখনত সোমালে বুজি পাব সেইবোৰ কথা যিবোৰক চিলেবাচত অন্তৰ্ভুক্ত কৰা নহয়, কোনো প্ৰশ্ন কাকতত সোধাও নহয়, অথচ যিবোৰে সমাজৰ অভ্যন্তৰত এক ভেকুৱাম সৃষ্টি কৰিছে যাৰ বলি হৈছে সাধাৰণ মানুহ। যিবোৰ দেখাত কোনো পৰিয়ালৰ ব্যক্তিগত সমস্যা, অথচ একে সময়তে ৰাজনৈতিক কথা। সেই বাবেইতো দ্যা পাৰচনেল ইজ পলিটিকেল। 


সেই বাবেই লাউ তুজোৰ কথাকে অৰুণা ৰয়ে আকৌ আওৰাইছে - ভাল এক্টিভিষ্ট হ'ব খুজিছা যদি 


"মানুহৰ ওচৰলৈ যোৱা। তেওঁলোকৰ সৈতে থাকা। তেওঁলোকৰ পৰা শিকা। তেওঁলোকৰ প্ৰেমত পৰা। তেওঁলোকে কি জানে তাকেই বুজিবলৈ যত্ন কৰা। তেওঁলোকৰ যি আছে তাকেই মজবুত কৰা। কিন্তু এই কাম শেষ হ'লে, নিজকে শ্ৰেষ্ঠ নেতা বুলি জাহিৰ কৰাৰ পৰিৱৰ্তে, তেওঁলোকৰ কণ্ঠৰ সৈতে এই কথা আওৰোৱা- আমি আমাৰ বাবে এই কাম সম্ভৱ কৰিলো।"


আছে নে এনে এক্টিভিষ্ট আমাৰ চৌপাশে ? যি এজন নিস্বাৰ্থ প্ৰেমিক অথবা প্ৰেয়সীৰ দৰে আমাৰ কথা ভাবে ? আমাৰ কথাৰে আঁকে সেই ভৱিষ্য য'ত তেওঁলোকৰ খোজ আছে, নাই মাথো নাম? অথচ সেই কথাৰ বাবে কোনো ভ্ৰুক্ষেপ নাই, যদি কিবা আছে সেয়া নিজৰ আৰু সমাজৰ বাবে কিছু উমৈহতীয়া স্বপ্ন... 


***



Tuesday, 1 October 2024

মহাত্মা গান্ধী আজিও প্ৰাসংগিক নে ?

 েহম বৰুৱাই লিখিছিল গান্ধীজী, আইনষ্টাইন আৰু আনৱিক শক্তি - এই তিনিটা হৈছে বিংশ শতাব্দীৰ আটাইতকৈ উল্লেখযোগ্য ঘটনা প্ৰৱাহ। এখন যুদ্ধ ক্ৰমাগত ভাৱে বিয়পি আহি আছে। গাজাৰ পৰা লেবানন পাইছেহি। airstrikes, bombardment ৰ ফলত প্ৰায় ২ মিলিয়নতকৈ অধিক মানুহ গৃহহীন হৈছে, কিমান যে শিশুৰ মৃতদেহৰ ওপৰেদি পাৰ হৈ যাযাবৰ হৈছে প্ৰাণ বচা মানুহবোৰ।  ফটোবোৰ চাব নোৱাৰি। দেশ বেলেগ,  ধৰ্ম বেলেগ, ভাষা বেলেগ বুলি ভাবি আমিও পাহৰিবলৈ চেষ্টা কৰিছো যুদ্ধৰ বিভীষিকা। কিন্তু এই যুদ্ধ মহামাৰীৰ দৰে বিয়পি আহি আছে। অনুপ্ৰৱেশকাৰীৰ বাবে দেশবোৰত আগতকৈও নিয়ম কঠোৰ হৈছে। অথচ দেশবিহীন মানুহৰ সংখ্যা কি  অদ্ভুত হাৰত বাঢ়িছে। গণতন্ত্ৰ আৰু নেতৃত্ব, যুদ্ধ, সামাজিক সমতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত আমাৰ মাত কমি অহাৰ সময়ত মনলৈ প্ৰশ্ন আহিছে মহাত্মা গান্ধী আজিও প্ৰাসংগিক নে ? আধুনিক বিশ্বত, স্বাধীন ভাৰতত এনে প্ৰশ্ন কৰাৰ সময়ো আহিব পাৰে কোনেও হয়তো কল্পনাই কৰা নাছিল। পাৰ্ক, অফিচ, সংগ্ৰহালয়, নোটত গান্ধীৰ প্ৰতিমূৰ্তি ভৰপূৰ হৈ থকাৰ পাছতো দেশত গান্ধীৰ ভাবাদর্শৰ কথা পাতিবলৈ শূণ্যতা অনুভৱ কৰাটো চৰম বিপৰ্যয়ৰ নিদৰ্শন।



গান্ধী আছিল একেসময়তে দেশপ্ৰেমিক আৰু আন্তঃৰাষ্ট্ৰীয়তাবাদী । তেওঁ ভাৰতীয় সভ্যতাৰ সমৃদ্ধি আৰু ঐতিহ্যৰ শলাগ লৈছিল যদিও ভালদৰে জানিছিল যে বিংশ শতিকাত নাদৰ ভেকুলী হৈ দেশ ৰক্ষা কৰিব নোৱাৰি। ইয়াৰ বাবে ৰাজনৈতিক আৰু অৰ্থনৈতিক বিচক্ষণতাৰো প্ৰয়োজন। ইতিহাসবিদ সুনীল খিলনানীয়ে কৰা মন্তব্য অনুসৰি, গান্ধীয়ে কেৱল ইংৰাজৰ লগতে যুঁজ দিয়া নাছিল, তেওঁ ভাৰতীয় সমাজত প্ৰচলিত ব্যাপক বৈষম্যৰ বিৰুদ্ধেও যুঁজিছিল । ভাৰতীয়সকলক প্ৰকৃত স্বাধীনতাৰ বাবে অধিক উপযুক্ত কৰি তোলাৰ উদ্দেশ্যতে অস্পৃশ্যতাৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিছিল। গণতন্ত্ৰ আৰু নেতৃত্ব, সাংস্কৃতিক বহুত্ববাদ, সামাজিক সমতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত গান্ধীৰ অভিমত আছিল স্পষ্ট। গান্ধীৰ কেৱল বৌদ্ধিক বা ৰাজনৈতিক মতানৈক্য আছিল কিন্তু তাৰ বাবে তেওঁ হিংসাক প্ৰশয় দিয়া নাছিল। আনৰ মত শুনা আৰু আলোচনা কৰা গান্ধীৰ বাবে গণতন্ত্ৰৰ প্ৰথম চৰ্ত আছিল। তেওঁ বিশ্বাস কৰিছিল অহিংস নহ'লে সত্যৰ পথেৰে চলিব নোৱাৰি। তেওঁৰ বাবে সত্য আৰু অহিংসা একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি। গান্ধীয়ে অহিংসাক তিনিটা পৰ্যায়ত আলোচনা কৰিছে। প্ৰথমটো সাহসীৰ অহিংসা, দ্বিতীয়তে দুৰ্বলৰ অহিংসা আৰু তৃতীয়তে কাপুৰুষৰ অহিংসা। প্ৰতিপক্ষ হিংসুক বুলি জানিও অবিৰত ভাৱে চলাই যোৱা অহিংসাই হৈছে সাহসীৰ অহিংসা। কোনো সন্দেহ নাই ইয়াৰ বাবে প্ৰচুৰ সাহস আৰু ধৈৰ্য্যৰ প্ৰয়োজন। দুৰ্বলৰ অহিংসা পৰিস্থিতিৰ বাধ্যবাধকতাত পৰি লোৱা হয় য'ত অহিংসাৰ সৰ্বাত্মক বিশ্বাস নাথাকে। বৰঞ্চ ই কোনো বিষম পৰিস্থিতিত হিংসালৈহে পৰিণত হ'ব পাৰে। কাপুৰুষৰ অহিংসা ভয় আৰু উপায়হীনতাত লোৱা অহিংসা। দমন আৰু নিৰ্যাতনত থকা মানুহে সক্ৰিয় প্ৰতিৰোধ কৰিবলৈ অপাৰগ। তেনে মানুহৰ আত্মসমৰ্পণৰ আচৰণহে থাকে। সাম্প্ৰতিক সময়ত এইধৰণৰ অহিংসাৰ বাবেই সমাজৰ মুষ্টিমেয় শ্ৰেণীৰ মাজত একধৰণৰ নিৰৱতা পৰিলক্ষিত হয়। এই নিৰৱতা একধৰণৰ ৰাজনৈতিক নিৰৱতা । এনে নিৰৱতাক প্ৰতিৰোধলৈ ৰূপান্তৰিত কৰা কঠিন কিন্তু ক্ৰোধ অথবা হিংসালৈ পৰিণত কৰাটো যে জটিল নহয়, সেয়া শেহতীয়া বহু ঘটনাই প্ৰমাণ কৰিছে। 

ইতিহাসে কয় ১৯০৬ চনৰ ১১ ছেপ্টেম্বৰত জোহান্সবাৰ্গৰ এম্পায়াৰ থিয়েটাৰত অনুষ্ঠিত হোৱা এখন সভাত গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহৰ ধাৰণাটোৰ জন্ম হৈছিল । বৰ্ণ বৈষম্যৰ বিৰুদ্ধে, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদৰ এক মাধ্যম হিচাপে সত্যাগ্ৰহতকৈ সূদুৰপ্ৰসাৰী বিকল্প নাছিল। দক্ষিণ আফ্ৰিকা আৰু ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ইয়াৰ সম্প্ৰসাৰণৰ পাছত আমেৰিকাৰ নাগৰিক অধিকাৰ সংগ্ৰামতো সত্যাগ্ৰহৰ প্ৰভাৱ আছিল বৈপ্লৱিক।  

 গান্ধীৰ এই ভাবাদৰ্শগত স্থিতিয়ে ভাৰতক যে কেৱল একক দলীয় সৰ্বাত্মক ৰাষ্ট্ৰ হিচাপেই নহয়, বহুদলীয় গণতন্ত্ৰ হিচাপে আত্মপ্ৰকাশ কৰাত সহায় কৰিছিল তাত কোনো সন্দেহ নাই। গান্ধী আৰু বি আৰ আম্বেদকাৰৰ লিংগ আৰু জাতি সমতাৰ ওপৰত হোৱা আলোচনাৰ প্ৰেক্ষাপটতে এই সম্পৰ্কীয় বিভিন্ন নীতি আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। যিহেতু গান্ধী আৰু জৱাহৰলাল নেহৰুৰ দৰে লোকে ধৰ্মীয় আৰু ভাষিক স্বাধীনতাক গুৰুত্ব দিছিল, সেয়েহে ভাৰতে — আন বহু দেশৰ বিপৰীতে ধৰ্ম আৰু ভাষাৰ ভিত্তিত নাগৰিকত্বৰ সংজ্ঞা নিৰূপণ কৰা নাছিল। কিন্তু সাম্প্ৰতিক সময়ত 'কা'ৰ মাধ্যমত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানক লৈ ক্ষমতাত অধিষ্ঠিত দলে গান্ধীৰ ভাবাদৰ্শগত স্থিতিকো প্ৰত্যাহ্বান জনাইছে । গান্ধী কেৱল এক ব্যক্তিসত্বা নহয়, গান্ধীৰ আদৰ্শ আৰু জীৱন দৰ্শন ঐতিহাসিক ভাৱে ভাৰতীয় ৰাজনীতি আৰু সমাজ ব্যৱস্থাৰ অন্তৰ্নিহিত অৰ্থ আছিল; যাক মোহাৰি পেলোৱাৰ এক জোৰদাৰ প্ৰচেষ্টা এতিয়াও অব্যাহত আছে। হাস্যকৰ বিষয় যে সেই গান্ধীৰে স্বচ্ছতা আৰু গ্ৰাম্য স্বৰাজৰ ভেঁটি ব্যৱহাৰ কৰি একাংশ ক্ষমতাশালী নেতাই নিজৰ ভাৱমূৰ্তি উজলাই ৰখাৰ প্ৰয়াস কৰিছে। 



ধনী আৰু দৰিদ্ৰৰ মাজৰ ব্যৱধান প্ৰসংগত গান্ধীজীৰ স্পষ্টতা সাম্প্ৰতিক সময়তো প্ৰাসংগিক। তেওঁ
কৈছিল যি অর্থনীতিত কোটি কোটি দেশবাসীক দৰিদ্ৰ কৰি দেশৰ সম্পদ কেন্দ্রীভূত হয়গৈ কেইটামান উদ্যোগপতি গোষ্ঠীৰ হাতত, তেনে অর্থনীতি কল্যাণকামী হ'ব নোৱাৰে। গান্ধীজীয়ে সেয়ে উৎপাদনৰ লগত বিতৰণৰ প্ৰসংগ উত্থাপন কৰিছিল। তেওঁ কৈছিল -"Not mass production but production by masses," অর্থাৎ এমুঠিমান পুঁজিপতিৰ হাতত উৎপাদনৰ উৎস কেন্দ্রীভূত হোৱাতকৈ জনতা উৎপাদনৰ সিদ্ধান্তৰ সৈতে জড়িত হ'ব লাগে। তাৰ বাবে প্ৰয়োজন ৰাজনৈতিক আৰু অর্থনৈতিক বিকেন্দ্রীকৰণৰ। গান্ধীজীয়ে সেয়ে কৈছিল যে দেশৰ চৰকাৰে ক্ষমতাৰ বিকেন্দ্রীকৰণক গুৰুত্ব দিব লাগিব। গান্ধীজীয়ে প্রত্যেকখন গাঁৱক স্বাধীন কৰাৰ সপক্ষে আঁচনি দিছিল। গান্ধীজীৰ মতে 'that government is best which governs least', অর্থাৎ সেইখন চৰকাৰেই উত্তম যি আটাইতকৈ কম শাসন কৰে। সাম্প্ৰতিক সময়ত সমগ্ৰ দেশৰ নহ'লেও অসমৰ গাঁওবোৰলৈ এবাৰ চকু ফুৰাই চাৱক। গ্ৰাম্য অৰ্থনীতি দুৰ্বল হৈ পৰিছে । অন্ধবিশ্বাস, জাত বৈষম্য গাওঁবোৰৰ চুকে কোণে বিয়পি পৰিছে। ৰাজনৈতিক সৱলীকৰণৰ পৰিৱৰ্তে ৰাজনৈতিক ভাৱে শোষণ, দমনৰহে বলি হৈছে গ্ৰাম্য জনগণ আৰু পৰিণত হৈছে একো একোজন হিতাধিকাৰীত। 

গান্ধীজীয়ে কৈছিল, "মই ভাৰতৰ স্বাধীনতা বিচাৰিছো কেৱল ভাৰতীয়ৰ কাৰণে নহয়, বিশ্বৰ সকলো দলিতজনৰ কাৰণে।" চন্দ্ৰপ্ৰসাদ শইকীয়াই সম্পাদনা কৰা "গান্ধীজীৰ সোঁৱৰণত" (১৯৬৯) শীর্ষক সংকলনত সন্নিৱিষ্ট লীলাধৰ বৰুৱাৰ লেখাত পোৱা তথ্য অনুসৰি বৰপেটা সত্ৰত হৰিজনসকলৰ প্রৱেশ নিষেধ এই কথা জানি গান্ধীজীয়ে সত্ৰলৈ যাবলৈ অমান্তি হৈছিল আৰু তেওঁলোকে আগবঢ়োৱা এশ টকাৰ দানো ল'বলৈ অস্বীকাৰ কৰিছিল (পৃষ্ঠা ২৭১)। নখন্দা নদীৰ পাৰত হোৱা এক ৰাজহুৱা সভাত গান্ধীজীয়ে বক্তৃতা দি কৈছিল, " মই গোটেই ভাৰতবৰ্ষ ভ্রমণৰ উদ্দেশ্য হ'ল অস্পৃশ্যতাক বৰ্জন কৰা।... হিন্দুধর্মত অস্পৃশ্যতা থকা পাপ আৰু ই সমাজৰ এটা কলঙ্ক স্বৰূপ। এই কলঙ্ক গুচাব নোৱাৰিলে হিন্দুধর্ম অচিৰে নাশ হ'ব। পৃথিৱীত এনে শাস্ত্র নাই য'ত ভেদাভেদ আছে। মানুহৰ মাজত অস্পৃশ্য থকা ধাৰণাটো ভুল। মোৰ মানত সকলো সমান। ময়ো মানুহৰ লগৰে এজন। এই কাৰণে মই কওঁ যে আমাৰ মূলমন্ত্র হৈছে সকলো জাতি সমান। কাকো ঘিণ নকৰি নিজে নিজে সকলো ধৰণৰ ভেদাভেদ দূৰ কৰক। দৰাচলতে যাৰ অন্তৰ মলিন তেওঁহে অস্পৃশ্য" (পৃষ্ঠা ২৭২)।

যোৰহাটৰ কুলধৰ চলিহাই গান্ধীজীক সুধিছিল, "খিলাফত আন্দোলনৰ ফলত হিন্দু-মুছলমানৰ মাজত বিৰোধ ভাৱ যেনেকৈ বেছি হৈছিল, ঠিক তেনেকৈ হৰিজন আন্দোলনৰপৰাও এনে হোৱাৰ সম্ভাৱনা আছে নেকি?” তাৰ উত্তৰত গান্ধীজীয়ে কৈছিল যে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ বাবেহে তেওঁ খিলাফত আন্দোলনত আন্তৰিকতাৰে সহযোগ কৰিছিল। তেওঁ আশা কৰিছিল যাতে হৰিজন ভাইসকলে আমাৰ অন্যায় অত্যাচাৰৰ বিৰুদ্ধে থিয় হ'ব। 
নিজকে নাৰীবাদী বুলি প্ৰকাশ নকৰিলেও গান্ধীয়ে নাৰীক ৰাজহুৱা জীৱনলৈ অনাৰ বাবে কৰা পৃষ্ঠপোষকতা ওলাই কৰিব নোৱাৰি। গান্ধীজীয়ে মহিলাসকলক সমাজত উচ্চ স্থান দিছিল আৰু অসহযোগ আন্দোলনত নাৰীৰ ভূমিকাক আগস্থান দিছিল। অসম ভ্ৰমণত যোৰহাটলৈ আহি কেইবাখনো মহিলা সমিতিত বক্তৃতা দিছিল। যোৰহাটৰ মহিলা সমিতিৰ অভিনন্দন-পত্ৰৰ উত্তৰত গান্ধীজীয়ে লিখিছিল যে অসমত পর্দা প্রথা নথকাটো ঈশ্বৰৰে এক কৃপা। তেওঁ মহিলাসকলক অসমৰপৰা কানি বৰবিহৰ লগতে অন্যান্য মাদক দ্রব্য দূৰ কৰিবলৈ সংঘবদ্ধ হোৱাৰ আহ্বান জনাইছিল। লগতে উল্লেখ কৰিছিল যে নামঘৰত কেৱল ভগৱানৰ নাম ল'লেই নহয়, ভাটৌৱেও ঈশ্বৰৰ নাম লয়, অন্তৰ পৱিত্র হ'লেহে মানুহ প্ৰকৃতাৰ্থত মানুহ হ'ব পাৰে। 
 
গান্ধী এজন পৰিৱেশবিদো আছিল যি আগতেই অনুমান কৰিছিল যে ভোগবাদে দেশৰ প্ৰকৃতি আৰু সমাজৰ মাজত ভাৰসাম্যতাহীনতাৰ সৃষ্টি কৰিব। ১৯২৮ চনৰ ডিচেম্বৰ মাহত তেওঁ লিখা এটা টোকাত এনেদৰে পোৱা যায়- “ভগৱানে নকৰক যে ভাৰতে কেতিয়াও পশ্চিমীয়া দেশৰ পদ্ধতি অনুকৰণ কৰি উদ্যোগীকৰণৰ দিশত আগবাঢ়ক। ইংলেণ্ডৰ অৰ্থনৈতিক সাম্ৰাজ্যবাদে আজি বিশ্বক শিকলিৰে বান্ধি ৰাখিছে। ৩০ কোটিৰ এটা সম্পূৰ্ণ জাতিয়ে যদি একেধৰণৰ অৰ্থনৈতিক শোষণত লিপ্ত হয়, তেন্তে ই দেশখনক উদং কৰি পেলাব।” গান্ধীৰ এই পূৰ্ব অনুমানৰ প্ৰসংগ আজিৰ তাৰিখত মনকৰিবলগীয়া। পশ্চিমে আৰম্ভ কৰা ঔদ্যোগীকৰণৰ বাটেই আজি চীন আৰু ভাৰতীয় পুঁজিবাদৰ চৰিত্ৰ।

গান্ধীৰ আছিল ভৱিষ্যতৰ নেতাক চিনাক্ত কৰা আৰু বাট দেখুৱাৰ প্ৰতিভা। স্বাধীন ভাৰতৰ তিনিজন আটাইতকৈ প্ৰভাৱশালী প্ৰধানমন্ত্ৰীৰ চৰিত্ৰত সেই প্ৰতিভাৰ বিপৰীতে ব্যক্তিগত ক্ষমতা প্ৰতিপন্ন কৰাৰ যুঁজহে দেখা যায় । ইতিহাসবিদ ৰামচন্দ্ৰ গুহাই লিখিছে যে জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু নৰেন্দ্ৰ মোডীৰ মাজত চৰিত্ৰ আৰু ৰাজনৈতিক মতাদৰ্শৰ ক্ষেত্ৰত যথেষ্ট ভিন্নতা আছে। কিন্তু এটা দিশত তেওঁলোকৰ মিল আছে — দল, চৰকাৰ, ৰাষ্ট্ৰক নিজৰ সৈতে চিনাক্ত কৰাৰ প্ৰৱণতাৰ সাদৃশ্য। ক্ষমতাৰ এই ব্যক্তিগতকৰণক ইন্দিৰা গান্ধীয়ে নেহৰুৰ তুলনাত বহু আগুৱাই লৈ গৈছিল আৰু মোদীয়ে ইয়াক ইন্দিৰা গান্ধীতকৈও বেছি উপভোগ্য কৰি তুলিছে। তেওঁলোকে সকলোৱে নিজকে অপৰিহাৰ্য আৰু অপূৰণীয় বুলি প্ৰতিপন্ন কৰাত দিয়া অত্যাধিক গুৰুত্বৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ নেতাক বাট দেখুৱাত বিফল । 

গান্ধী আৰু মোডীৰ মাজত ডাঙৰ পাৰ্থক্য হৈছে দুয়োজনাই গুজৰাটী হ'লেও মহাত্মা গান্ধী সংকীৰ্ণ মনোভাৱৰ আঞ্চলিকতাবাদী নাছিল। নিজৰ ধৰ্মৰ বাহিৰে আন ধৰ্মৰ প্ৰতিও তেওঁৰ আছিল উদাৰ স্থান আৰু বৈষম্যহীন প্ৰেম । ভাৰতৰ ধৰ্মীয় আৰু ভাষিক বৈচিত্ৰ্যতাৰ প্ৰতি সন্মান আৰু প্ৰেমে গান্ধীৰ আদৰ্শক আক্ৰমণাত্মক ধৰ্মীয় সংখ্যাগৰিষ্ঠতাবাদৰ বিৰুদ্ধে এক প্ৰবল জনমত গঠন কৰাত ডাঙৰ ভূমিকা গ্ৰহণ কৰিছিল।  

 গান্ধীজীয়ে কৈছিল যে সকলো জাতিৰে 'জাতীয় চেতনা' একধৰণৰ জাতীয় বিবেক যাৰ মূল আধাৰ হৈছে নৈতিকতা। এটা জাতি সামগ্ৰিকভাৱে নৈতিক হৈ থাকিব পাৰে নে ? অসমীয়াই এই প্ৰশ্নই বোধকৰো বিগত সময়চোৱাত এৰাই চলিছে। জাতীয়তাবাদৰ নাম চিঞৰি থাকিলেও, গান্ধীৰ ফটোত মালা পিন্ধালেও জাতীয় বিবেকৰ প্ৰসংগক কোনো দল সংগঠন, ছাত্ৰ সংগঠন, নাগৰিক সমাজে কোনোদিনে আলোচনা কৰা নাই। 

গান্ধীৰ জীৱনৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে তেওঁৰ ৰাজনৈতিক জীৱনৰ স্বচ্ছতা। যিকোনো ব্যক্তিয়ে খোজ কাঢ়ি তেওঁৰ আশ্ৰমত সোমাব পাৰিছিল; যিকোনো ব্যক্তিয়ে তেওঁৰ সৈতে বিতৰ্ক কৰিব পাৰিছিল; আনকি, শেষত তেওঁৰ জীৱনৰ লগত যি ঘটিছিল, যিকোনো ব্যক্তিয়েই তেওঁৰ ওচৰলৈ গৈ তেওঁক হত্যা কৰিবও পাৰিছিল। তেওঁৰ সময়তে হওঁক অথবা সাম্প্ৰতিক সময়ৰে হওঁক, আন ৰাজনৈতিক নেতাৰ নিৰাপত্তাৰ প্ৰতি আকৰ্ষিত জীৱনৰ সৈতে গান্ধীৰ জীৱনৰ এয়াই চাগৈ বৃহৎ বৈপৰীত্য। এই বৈপৰীত্যৰ বাবে, বাঢ়ি যোৱা ঘৃণা আৰু হিংসাৰ দাবানলৰ মাজত, কপটতা আৰু অমানৱীয়তাৰ মাজত যদি কিবা প্ৰাসংগিক হৈ পৰিছে সেয়া গান্ধীৰ আদৰ্শ, গান্ধীৰ দৰ্শন, একাষাৰে ক'বলৈ গ'লে গান্ধীবাদ ...

Monday, 13 November 2023

সমতাৰ সমীকৰণ 

  

 বহনক্ষম উন্নয়ন লক্ষ্য (এছডিজি)ৰ লক্ষ্য ৫.৫ৰ উদ্দেশ্য হৈছে ৰাজনৈতিক, অৰ্থনৈতিক আৰু ৰাজহুৱা জীৱনৰ সিদ্ধান্ত গ্ৰহণৰ সকলো স্তৰতে মহিলাসকলৰ সম্পূৰ্ণ আৰু ফলপ্ৰসূ অংশগ্ৰহণ তথা নেতৃত্বৰ সমান সুযোগ নিশ্চিত কৰা। এই লক্ষ্যৰ অন্যতম সূচক হ’ল ৰাষ্ট্ৰীয় সংসদ আৰু স্থানীয় চৰকাৰত মহিলাৰ আসনৰ অনুপাত সুস্থিৰ কৰা। এই ক্ষেত্ৰত মহিলাৰ ৰাজনৈতিক সবলীকৰণক আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। কিন্তু ভাৰতৰ দৰে জাত, ধৰ্ম, শ্ৰেণীৰ সংমিশ্ৰিত এখন জনবহুল দেশত লিংগ সমতাৰ বিষয়টো বিজ্ঞাপনত শুনিবলৈ যিদৰে ভাল লগা, বাস্তৱ ক্ষেত্ৰত ইয়াৰ কাৰ্য্যকৰী প্ৰয়োগ সিমানেই জটিল আৰু প্ৰত্যাহ্বানমূলক।  

উল্লেখযোগ্য যে নতুন সংসদ ভৱনত অনুষ্ঠিত বিশেষ অধিৱেশনত উত্থাপণ কৰা হ’ল মহিলা সংৰক্ষণ বিধেয়ক , ২০২৩। অৱশ্যে এই বিধেয়কৰ ইতিহাস পুৰণি। ১৯৯৬ চনত সেই সময়ৰ এইচ ডি দেৱগৌড়া চৰকাৰে সংসদলৈ আনিছিল মহিলা সংৰক্ষণ বিধেয়ক যদিওবা গৃহীত হোৱা নাছিল। 


 ১৯৯৮ চনত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত পুনৰ সংসদত উত্থাপন কৰা হয় মহিলা সংৰক্ষণ বিধেয়ক ৷ সহযোগী দলসমূহৰ বিৰোধিতা স্বত্বেও অটল বিহাৰী বাজপেয়ী চৰকাৰে ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈকে বহুবাৰ এই বিধেয়ক সদনত উত্থাপণ কৰে। কিন্তু গৃহীত কৰোৱাত বিফল হয় ৷ ২০০৪ চনত শাসনলৈ হা ইউ পি এ চৰকাৰৰ নেতৃত্বত সেই সময়ৰ প্ৰধানমন্ত্ৰী ড: মনমোহন সিঙে ২০০৮ চনত  সদনত পুনৰ উত্থাপন কৰে মহিলা সংৰক্ষণ বিধেয়ক ৷ উল্লেখযোগ্য যে ২০১০ চনত ৰাজ্যসভাত ব্যাপক সংখ্যাগৰিষ্ঠতাৰে এই বিধেয়কখন গৃহীত হয় । কিন্তু কেবাটাও দলৰ বিৰোধিতাৰ বাবে লোকসভাত গৃহীত হোৱাৰ পৰা বিৰত থাকে। তাৰপাছত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ আহে মোদী চৰকাৰ ৷ মোদী চৰকাৰক কংগ্ৰেছ দলে বাৰম্বাৰ সোঁৱৰাই দিয়াৰ পাছতো মহিলা সংৰক্ষণ বিধেয়কৰ প্ৰসংগক লৈ নিমাত থাকে শাসক পক্ষ। 

তথ্যই কি কয়?

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ২০২৩ চনৰ ১ জানুৱাৰীলৈকে মহিলা ৩১খন ৰাষ্ট্ৰত কাৰ্যবাহী পদত অধিষ্ঠিত, আৰু ৩৪খন ৰাষ্ট্ৰত মহিলাই ৰাষ্ট্ৰপতি বা চৰকাৰৰ মুৰব্বী শীৰ্ষ স্থান দখল কৰিছে। সংৰক্ষণ কোটা ব্যৱহাৰ কৰা দেশসমূহৰ ভিতৰত ৰুৱাণ্ডাই ৰাষ্ট্ৰীয় বিধানসভাৰ সদনত সৰ্বাধিক শতাংশ মহিলাৰে আগবাঢ়ি আছে, য’ত মহিলাৰ হাতত ৬১.৩ শতাংশ আসন আছে। কিউবা আৰু নিকাৰাগুয়াত ইয়াৰ পৰিমাণ ক্ৰমে ৫৫.৭ শতাংশ আৰু ৫১.৭ শতাংশ । এই তিনিওখন দেশ অৰ্থনৈতিক ক্ষেত্ৰত ভাৰততকৈ যথেষ্ট পিছপৰা বুলি চিনাক্ত হোৱাৰ পাছতো তথ্যই দিয়া ইংগিত অনুসৰি নাৰীৰ ৰাজনৈতিক সবলীকৰণৰ দিশত যথেষ্ট আগবঢ়া। ইয়াৰ বিপৰীতে ভাৰতে ৰাজনৈতিক সবলীকৰণ উপ-সূচকত ২৫.৩ শতাংশ সমতা লাভ কৰিছে, য’ত মহিলাসকলে মাত্ৰ ১৫.১ শতাংশ সংসদ সদস্যক প্ৰতিনিধিত্ব কৰিছে। 

উল্লেখযোগ্য যে গ্ল’বেল জেণ্ডাৰ গেপ ৰিপ’ৰ্ট ২০২৩ অনুসৰি ‘অৰ্থনৈতিক অংশগ্ৰহণ আৰু সুযোগ’ৰ সৈতে জড়িত লিংগ সমতাৰ ক্ষেত্ৰত ৩৬.৭ শতাংশৰে ভাৰতৰ স্থান নিম্ন স্তৰত। তথ্যই লগতে কয় স্বাস্থ্য আৰু জীয়াই থকাৰ উপ-সূচাংকত ১৪৬খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১৪২। ৰাজনৈতিক সৱলীকৰণ উপ-সূচকাংকতো ভাৰতৰ প্ৰদৰ্শন নিম্নগামী । তাৎপৰ্যপূৰ্ণ যে দেশৰ সত্তৰ বছৰীয়া নিৰ্বাচনী ইতিহাসত মহিলা সংসদ সদস্যৰ অংশগ্ৰহণ ১৫ শতাংশতকৈ ঊৰ্ধত নহয়। এই প্ৰেক্ষাপটত লিংগ সমতা আৰু মহিলা সবলীকৰণৰ প্ৰসাৰৰ বাবে মহিলা সংৰক্ষণ বিধেয়কখনে নতুন ইংগিত বহন কৰিছে নেকি ? এই প্ৰশ্নৰ উত্তৰ পিতৃতান্ত্ৰিকতাৰ চক্ৰবেহুৰ মাজত ৰৈ দিয়াটো খুবেই জটিল।  

সংৰক্ষণৰ সম্ভাৱ্য সমস্যা

মহিলাৰ অধিকাৰৰ হকে দীৰ্ঘদিন ধৰি যুঁজি অহা বহুতো নাৰী সংগঠকৰ মতে সংৰক্ষণৰ ৰাজনীতিকৰণে প্ৰান্তীয়, সংখ্যালঘূ তথা নিম্ন শ্ৰেণীৰ মহিলাসকলক মূলসুঁতিৰ পৰা বঞ্চিতহে কৰিব। এই মতামতৰ বিশ্লেষণৰ বাবে মহিলা সংৰক্ষণ বিধেয়কখনক দুই ধৰণে আলোকপাত কৰাটো জৰুৰী। 


অনুভূমিক সংৰক্ষণে সংসদত মহিলাসকলৰ বাবে আসন সংৰক্ষণ কৰে, লিংগ সমতা আৰু লিংগ সচেতন নীতি নিৰ্ধাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কিন্তু বিৰোধী দলসমূহে এই ক্ষেত্ৰত OBC কোটাৰ মহিলাক লৈ উদ্বেগ প্ৰকাশ কৰিছে আৰু উলম্ব সংৰক্ষণৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। বিৰোধী পক্ষৰ যুক্তি অনুসৰি দেশৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশ অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোক , তাৰপাছতো SC তথা ST ৰ দৰে লোকসভা আৰু বিধানসভাত OBC ৰ বাবে কোনো সংৰক্ষণ নাই। বিৰোধী পক্ষই ইয়াৰ সমাধানৰ বাবে সংৰক্ষণৰ কোটাৰ ভিতৰতে OBC ৰ মহিলাৰ বাবে এটা উপ কোটাৰ দাবী উত্থাপন কৰিছে। এই যুক্তিৰ প্ৰমাণ হিচাপে অৱশ্যে দেশৰ সৰ্ববৃহৎ ৰাজ্যিক বিধানসভা উত্তৰ প্ৰদেশৰ ৰাজনীতিলৈ চাব পাৰি; য'ত সংখ্যাগতভাৱে অধিক প্ৰভাৱশালী হোৱাৰ পাছতো অ’বিচিৰ তুলনাত উচ্চ জাতিৰ প্ৰতিনিধিত্ব কৰা মহিলা বিধায়ক আৰু সাংসদৰ নিৰ্বাচনৰ হাৰ বেছি। 

এই প্ৰশ্নৰ অৱতাৰণা হোৱাটো নিতান্তই স্বাভাৱিক যে মহিলা সংৰক্ষণ বিধেয়কখনে জাতিগতভাৱে জটিল ভাৰতীয় সমাজত একাংশ উচ্চবৰ্ণৰ, নগৰীয়া, আৰ্থিক ভাৱে সবল মহিলাৰ বাবেহে কেৱল সুযোগ নিশ্চিত কৰিব নেকি? ইয়াৰ ফলত মহিলাৰ মাজতে আকৌ এক শোষিত আৰু উপেক্ষিত শ্ৰেণীৰ সৃষ্টি হ'ব নেকি? ফলত প্ৰান্তীয়, খিলঞ্জীয়া, সংখ্যালঘু, দুৰ্যোগপিড়ীত মহিলাসকল সামাজিক অন্তৰ্ভুক্তিৰ পৰা বাদ পৰিব নেকি? কেৱল ৰাজনৈতিক সংৰক্ষণ মহিলাৰ সৰ্বাঙ্গীন সবলীকৰণৰ বাবে যথেষ্ট নেকি? কাৰণ শিক্ষা, লিংগ সমতা, পৰিয়ালৰ আৰ্থিক সুৰক্ষা, আনকি ৰাজনৈতিক প্ৰতিনিধিত্বত নাৰী কিছু পৰিমাণে আগুৱাই যোৱাৰ পাছতো অৰ্থনৈতিক, প্ৰতিৰক্ষা, ন্যায়, গৃহ পৰিক্ৰমা আদি জটিল নীতিগত ক্ষেত্ৰসমূহ আজিৰ তাৰিখতো পুৰুষৰ আধিপত্যৰ আবেষ্টনীতে আছে । তেনেস্থলত মহিলা সংৰক্ষণ আইন ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ পৰিৱৰ্তে ক্ষমতা বাহাল ৰখাৰ বিজ্ঞাপনতে সীমাৱদ্ধ হৈ ৰ'ব নেকি? 


বিগত ন বছৰে কিয় মনত নপৰিল উক্ত বিধেয়কখনলৈ?


পাৰ হৈ যোৱা শাসনকালত মহিলাক লৈ বহুতো শ্ল'গান আহিল আৰু গ'ল। কিন্তু এবাৰলৈও শাসক পক্ষই মহিলা সংৰক্ষণ বিধেয়কৰ নাম নল'লে। নিৰৱতাত অতবছৰ থকাৰ পাছত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত উক্ত বিধেয়কক লৈ সৃষ্টি কৰা ব্যস্ততা সেয়ে বিতৰ্কৰে আৱৰা ৷ প্ৰশ্ন হয় এই বিধেয়ক আইন হিচাপে গৃহীত হ’লেই দেশৰ মহিলাই প্ৰকৃত সংৰক্ষণ লাভ কৰিবনে? উল্লেখযোগ্য যে পৰৱৰ্তী লোকপিয়ল আৰু সমষ্টি পুনৰ গঠনৰ পাছতহে কাৰ্যকৰী হ’ব মহিলা সংৰক্ষন আইন ৷ ২০২৭ চনতহে দেশৰ লোকপিয়ল হোৱাৰ সম্ভাৱনা আছে। অৰ্থাত ২০২৯ চনৰ পূৰ্বে মহিলাই ৩৩ শতাংশ সংৰক্ষণ লাভ কৰাটো সম্ভৱপৰ যে নহ'ব, সেয়া প্ৰায় স্পষ্ট।  তেনেস্থলত ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ আগতে মহিলা ভোটাৰক আকৰ্ষিত কৰিবৰ বাবেহে যে এই চমক নেকি - এই কথাও ভাবিবলগীয়া। 


 

Sunday, 5 November 2023

উচ্ছেদ কাৰ বাবে আৰু কিয় ?

অসমৰ বিভিন্ন ঠাইত শেহতীয়াকৈ হোৱা উচ্ছেদবোৰৰ ক্ৰণল'জি মনকৰিবলগীয়া। নাগৰিক  সমাজৰ এটা অংশ উচ্ছেদৰ বিৰুদ্ধে যিমানে সৰৱ হৈছে, সিমানে উচ্ছেদৰ প্ৰয়োজনীয়তাৰ তালিকাখন দীঘল কৰি গৈ থকা হৈছে। উচ্ছেদৰ সৈতে দুটা বিষয়বস্তুক সংলগ্ন কৰি থকাৰ ৰাজনীতি চলি আছে। এক, বেদখল। দুই, সংৰক্ষণ। বেদখলক সংৰক্ষণৰ শত্ৰু হিচাপে পৰিচিত কৰাৰ এই অবিৰত প্ৰচেষ্টাৰ বলি হৈছে কোন এবাৰ মন কৰক । সামগ্ৰিকভাৱে উচ্ছেদৰ বলি হোৱাসকল মূলতঃ জনজাতীয় সমাজৰ লোক যি বানপানী অথবা গৰাখহনীয়াৰ বাবে ইতিমধ্যে স্থানীয় ভূমিৰ পৰা বিতাড়িত।  সেই একেই কাৰণৰ বলি নামনি অসমৰ ভূমিহীন মিঞা সম্প্ৰদায়। ব্ৰক্ষ্মপুত্ৰ উপত্যকাত বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰা এই দুয়োটা সম্প্ৰদায় বাধ্য জীৱিকাৰ সন্ধানত চহৰলৈ প্ৰব্ৰজন কৰিবলৈ । গুৱাহাটী অভিজাত নগৰ হিচাপে পৰিচিত হোৱাৰ ক্ষেত্ৰত এই দুয়োটা সম্প্ৰদায়ৰ অৱদান কিমান এবাৰ ভাবক। কিন্তু ইয়াৰ মাজত এটা অন্য সম্প্ৰদায়ো আছে, যি জনজাতি হোৱাৰ পাছতো, ঐতিহাসিক ভাৱে গুৱাহাটী মহানগৰীৰ ট্ৰাইবেল ব্লেট আৰু ব্লকৰ পৰা কোন কাহানিবাই বঞ্চিত। জীৱন জীৱিকাৰ খাতিৰত এইসকল লোকো এতিয়া পূৰ্বে উল্লেখ কৰা দুটা সম্প্ৰদায়ৰ সমান্তৰালভাৱে গুৱাহাটীৰ বাসিন্দা। কিন্তু অভিজাত গুৱাহাটীয়ে তেওঁলোকক আজিলৈকে নিজৰ অংশ বুলি সামৰি লৈছে নে ? এই প্ৰশ্ন কৰাৰ সময় কাহানিবাই উকলি গৈছে। তথাপিও ইয়াক পুনৰাই দোহাৰিবলৈ বাধ্য হোৱাৰ মুখ্য কাৰণ হৈছে এই আটাইকেইটা সম্প্ৰদায়ক উচ্ছেদৰ প্ৰেক্ষাপটত এটা শ্ৰেণী হিচাপে চোৱাৰ প্ৰাসংগিকতা। আজিৰ তাৰিখত আটকধুনীয়া গুৱাহাটীৰ চাৰিসীমাত অৰ্থাৎ বিলৰ পাৰত, পাহাৰত, অথবা বনাঞ্চলৰ কাষত থকা সেই সকল লোকেই উচ্ছেদৰ বলি যি অৰ্থনৈতিকভাৱে দুৰ্বল, ৰাজনৈতিক ভাৱে সংঘবদ্ধ হোৱা পৰা বঞ্চিত।  দেখাত মিঞা অথবা জনজাতিৰ উচ্ছেদ হৈছে বুলি চালেও দৰাচলতে এই দুয়োটা সম্প্ৰদায়ৰ সেইসকল পৰিয়াল উচ্ছেদৰ ভোক্তভোগী যি ভূমিহীন।  সেই বাবেই ভয় আৰু চাতুকাৰ বলি। নাম তেওঁলোকৰ বেদখলকাৰী ।  



এখন চহৰত কাৰ অধিকাৰ থাকে ?


এখন চহৰ যিমান প্ৰয়োজনীয়, চহৰখনক ধৰি থাকিবলৈ তাৰ চৌপাশে প্ৰাকৃতিক জলাশয় তথা বনাঞ্চলৰো সিমানেই প্ৰয়োজন।  কিন্তু দেশৰ বেছিভাগ চহৰৰ দৰে গুৱাহাটীও প্ৰাথমিক ভাৱে এখন অপৰিকল্পিত চহৰ। গুৱাহাটী আজিৰ তাৰিখত চহৰ পৰিকল্পনাৰ নামত অভাৰব্ৰীজ আৰু ট্ৰেফিক জামৰহে উদাহৰণ। অৰ্থনৈতিক ভাৱে উচ্চ ক্ষমতাসম্পন্ন শ্ৰেণীটোৰ বাহিৰে ইয়াত মাটি অথবা ফ্লেট ক্ৰয় কৰাটো সাধাৰণ শ্ৰেণীৰ বাবে কল্পনাৰো অগোচৰ।  এই ক্ষেত্ৰত প্ৰশ্ন হয়, এখন চহৰত কেৱল মাত্ৰ এটা শ্ৰেণীৰে অধিকাৰ থাকে নেকি যি অৰ্থনৈতিক ভাৱে সবল হোৱাৰ লগতে ৰাজনৈতিক ভাৱেও ক্ষমতাসম্পন্ন? এই প্ৰশ্নৰ উত্তৰ হিচাপে বহুকেইটা উচ্ছেদৰ উদাহৰণক জুকিয়াই চাব পাৰি। ২০১৭ চনৰ আমচাঙৰ উচ্ছেদৰ পৰা সৌ সিদিনালৈকে চলাই থকা শিলসাঁকোৰ উচ্ছেদলৈকে গুৱাহাটী মহানগৰীত ভূমি অধিকাৰক কিদৰে ৰাজনীতিকৰণ কৰি থকা হৈছে, সেয়া চিন্তনীয়। কেৱল গুৱাহাটী নহয় অসমৰ বেছিভাগ সৰু ডাঙৰ চহৰ, টাউনৰ আটাইতকৈ মূল্যৱান মাটি এতিয়া অজনজাতিয় শ্ৰেণীৰ হাতত। চহৰবোৰত ক্ৰমান্বয়ে এই নিৰ্দিষ্ট শ্ৰেণীটোৱে অগ্ৰাধিকাৰ কৰি থকা মাটিৰ বাবে নগৰীয়া এলেকাবোৰৰ চাৰিসীমাত বসতি কৰিবলৈ বাধ্য হৈছে তুলনামূলক ভাৱে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীটোৱে। গুৱাহাটীৰ দৰে আন চহৰবোৰৰ পৰিসৰ যিমানেই বাঢ়িছে উক্ত শ্ৰেণীটোৰ মাটিৰ সংকটো সিমানেই বাঢ়িবলৈ ধৰিছে। এই গোটেই প্ৰক্ৰিয়াটোৰ স্বাভাৱিকীকৰণ এনেকৈ কৰা হৈছে যেন এইসকল লোকৰ বাবেই গুৱাহাটীৰ পৰিৱেশ বিনষ্ট হৈছে, চহৰখনৰ বানপানী নিয়ন্ত্ৰণৰ অধীনত নাই, বিল অথবা বনাঞ্চল বেদখলৰ কবলত পৰিছে। 

এই কথা সঁচা যে এখন চহৰৰ আয়ুসৰ বাবে, চহৰখনৰ বহনক্ষমতাৰ বাবে প্ৰকৃতি সংৰক্ষণ প্ৰয়োজনীয়। কিন্তু প্ৰকৃতি সংৰক্ষণ কেৱল এটা মুষ্টিমেয় শ্ৰেণীৰ সুৰক্ষাৰ বাবে নহয়, সকলো নাগৰিকৰ বাবেই দৰকাৰী। তেনেস্থলত কিদৰে এটা শ্ৰেণী ঐতিহাসিক ভাৱে ভূমিহীনতাৰ চিকাৰ, অথচ সেই একেই শ্ৰেণীৰ লোকসকল বেদখলকাৰী বুলি উচ্ছেদৰ বলি ভাবিবলগীয়া। তেন্তে কল্যাণকামী ব্যৱস্থা এটাত এই ভূমিহীন শ্ৰেণীটোৰ সুৰক্ষাৰ বাবে ফলপ্ৰসূ আঁচনি আজি পৰ্যন্ত কিয় নহ'ল ? এখন চহৰৰ পৰিকল্পনাৰ পৰিকাঠামোত এইসকল লোকৰ বসতিক অগ্ৰাধিকাৰ কিয় দিয়া নহ'ল ? প্ৰাকৃতিক সম্পদবোৰৰ সংৰক্ষণৰ প্ৰসংগ সমুখলৈ আনোতে উচ্ছেদিতসকলৰ বাবে কোনো বিকল্প ব্যৱস্থাক কিয় গুৰুত্ব দিয়া নহ'ল ? সংৰক্ষণক আইনী ব্যৱস্থাৰ আওতালৈ আনোতে এটা শ্ৰেণীক প্ৰকৃতিৰ পৰা সম্পূৰ্ণ আঁতৰাই পেলোৱা হোৱা নাই নে ? 



 উচ্ছেদ, স্মাৰ্ট চিটি, আৰু খিলঞ্জীয়াৰ অস্তিত্ব 


স্মাৰ্ট চিটি নিৰ্মাণৰ বাবে উচ্ছেদক প্ৰাথমিক চৰ্ত হিচাপে প্ৰক্ষেপণ কৰাৰ আয়োজন অসমত নতুন হ'ব পাৰে। তৃতীয় বিশ্বত এয়া কোনো নতুন ঘটনা নহয়। লেটিন আমেৰিকা, আফ্ৰিকাৰ নতুন নতুন চহৰবোৰত থলুৱাৰ অধিকাৰ খৰ্ব আৰু ভূমিৰ পৰা উচ্ছেদে  খিলঞ্জীয়াৰ অধিকাৰৰ স্বাৰ্থত তথা কৃষকৰ ভূমি অধিকাৰৰ খাতিৰত বহুতো আন্দোলনৰ জন্ম দিছে। অসমত আৰ্থিকভাৱে দুৰ্বল জনজাতীয় শ্ৰেণীটোৰ পৰা অজনজাতিয় শ্ৰেণীটোৰ হাতলৈ ভূমিৰ হস্তান্তৰে দুটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ স্পষ্ট কৰিছে। এক, চহৰবোৰৰ অস্তিত্ব আৰু অধিকাৰ ক্ৰমান্বয়ে অজনজাতিয় শ্ৰেণীৰ হাতলৈ গৈ আছে । অৰ্থাত উৎপাদন,  বিতৰণ তথা বিনিয়োগৰ মূল কেন্দ্ৰবোৰৰ ওপৰত খিলঞ্জীয়াৰ অধিকাৰ সংকুচিত হ'বলৈ আৰম্ভ কৰিছে। 

দুই, আটাইতকৈ মূল্যৱান কৃষিভূমিৰ হস্তান্তৰে কৃষিৰ পৰিৱৰ্তে উদ্যোগ তথা অন্য ব্যৱসায়ৰ ওপৰতহে নিৰ্ভৰশীলতা বঢ়াইছে। ই এফালে কৃষকৰ দৰিদ্ৰতা বঢ়াইছে । আনফালে, শস্যৰ বাবে আন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হ'বলৈও বাধ্য কৰিছে। এই দুয়োটা দিশে আটাইতকৈ বেছি শংকা আনিছে খিলঞ্জীয়ালৈ। যাৰ সুস্পষ্ট সংজ্ঞা নিৰূপন কৰাত ইতিমধ্যে ব্যৱস্থা বিফল। অথচ যি দিনে প্ৰতিদিনে ভূমিহীন আৰু উচ্ছেদৰ ৰাজনীতিৰে ভাৰাক্ৰান্ত। সামগ্ৰিকভাৱে স্মাৰ্ট চিটিৰ নাম লৈ বাঢ়ি অহা চহৰবোৰত খিলঞ্জীয়া, জনজাতীয় শ্ৰেণীটোৰে অস্তিত্ব বিপন্ন। লেটিন আমেৰিকাত যিদৰে এই সমস্যাটোক শ্বেতাংগ আৰু কৃষ্ণাংগৰ বিভাজনৰে চোৱা হয়, অসমতো ইয়াক ঘনাই মেৰুকৰণ কৰিবলৈ চেষ্টা চলোৱা হয় খিলঞ্জীয়া আৰু মিঞাৰ নামত। কিন্তু পাৰ হৈ যোৱা উচ্ছেদবোৰে প্ৰমাণ কৰিছে উচ্ছেদ দুয়োটা সম্প্ৰদায়ৰৃ আৰ্থিকভাৱে দুৰ্বল, ভূমিহীন শ্ৰেণীটোৰে হৈছে। গুৱাহাটীৰ উচ্ছেদিত পৰিয়ালবোৰলৈ চালে এই কথা সহজেই ধৰিব পাৰি কিদৰে আধুনিক পুঁজিবাদে অৰ্থনৈতিক অসুৰক্ষা, অসমতা আৰু পাৰিৱেশিক দমন হৈ এই শ্ৰেণীটোক কেৱল ভূমিহীন কৰাই নহয়, সামাজিক ন্যায়ৰ পৰাই বঞ্চিত কৰিছে। চহৰ এখন কেৱল সংগ্ৰামত জীয়াই নাথাকে। চহৰ একোখন থন ধৰি উঠে আশাত। আদৰত। আত্মীয়তাত। গুৱাহাটীৰ ভাঙি পৰা চালিবোৰে, অৰ্ধ নগ্ন প্ৰতিবাদী নাৰীয়ে, শিশুৰ কান্দোনে, সিঁচৰিত পাঠ্যপুথিয়ে সেই আশাবাদ কঢ়িয়াই আনিব পাৰিছেনে? এবাৰ ভাবো আহক ।

Sunday, 10 September 2023

শিক্ষক নে ছাত্ৰ- কোন বেছি অসুৰক্ষিত? 

 

শিক্ষক নে ছাত্ৰ- কোন বেছি অসুৰক্ষিত? 

সমাজ দিনে দিনে খহিবলৈ আৰম্ভ কৰিছে আৰ্থিক সংকটত, সামাজিক অসুৰক্ষাত, মানসিক অস্থিৰতাত; তেনে এখন সমাজৰ এখন উচ্চ শিক্ষাৰ অনুষ্ঠানত এচাম তৰুণে শিক্ষয়িত্ৰীক মৰেল পলিচিং কৰিলে। চুৰিদাৰ পিন্ধি অহাৰ বাবে। আমাৰ সকলোৰে খংবোৰ উজাই আহিল। অতদিনে জমা কৰি থোৱা খং। সমাজ, চিষ্টেম, ক্ষমতাৰ শীৰ্ষত থকাসকলৰ বিপক্ষে জাৰিব নোৱাৰা খঙবোৰ আমি জোৰেৰে জোকাৰিলো কেইজনমান ছাত্ৰ নেতাৰ ওপৰত। দেখাত সাংঘাটিক ৰেডিকেল ঘটনা। কিন্তু খন্তেক ৰৈ পাছলৈ ঘূৰি চালে দেখিব এই পৰিস্থিতিলৈ সমাজ পিছুৱাই যোৱাৰ বাবে জগৰীয়া কোন ? কেইজনমান ছাত্ৰ নেতাৰ ওপৰতে সমস্ত দোষ জাপি দিলেই সমাজ ব্যৱস্থাৰ হাড়ে হিমজুৱে শিপাই থকা পুৰুষতান্ত্ৰিক ধাৰণা নোহোৱা হৈ যাব নে ? এনে উচ্চ শিক্ষাৰ অৰ্থইবা কি যি অতদিনে ছাত্ৰ সমাজৰ চিন্তন আৰু মননক চুই যাব পৰা নাই। অলপ জুম কৰি চালে দেখা পাব ইয়াৰ বাবে আমি, সমাজ, শিক্ষা ব্যৱস্থা, নীতি আৰু নীতিৰ জন্ম দিয়া সকলোবোৰেই দায়ী। 


বিগত কিছুদিন ধৰি মহিলাৰ বিশেষকৈ চাকৰিয়াল মহিলাৰ পোছাকক লৈ যথেষ্ট বিতৰ্ক চলিল। বিদ্যালয় পৰ্য্যায়ত শিক্ষয়ত্ৰীয়ে চুৰিদাৰ পিন্ধি যাব পৰাৰ চৰকাৰী অনুমোদন পৰ্যন্ত জাৰী হ'ল । কিন্তু এবাৰ চকু ফুৰাই চাৱক চৌপাশে কিমান তেনে শিক্ষয়িত্ৰীয়ে এই সুবিধা উপভোগ কৰি আছে। যিখন ঘৰৰ পৰা এগৰাকী শিক্ষয়িত্ৰী ওলাই যায়, সেই ঘৰখনে অথবা তেওঁৰ সমাজখনে বিচাৰে মহিলাই কাম কৰাটো, কিন্তু নিবিচাৰে ড্ৰেছ ক'ড সলনি হোৱাটো। আনকি এই ক্ষেত্ৰত মহিলায়ে মহিলাৰ বিপক্ষে মন্তব্য কৰিলে। এই ঘটনাৰ বিৱৰণী যেনেকৈ চলিল মিডিয়াত, তাৰ বিশ্লেষণ আমি নিজে নকৰিলো। পৰিৱৰ্তন বিচৰা একোটা চাম ওলাই অহা সময়ত তাৰ বিপৰীতে সদায় থিয় হয় যি তেনে পৰিৱৰ্তন নিজৰ বয়সত উপভোগ কৰিবলৈ নাপালে। আৰু তেওঁলোকেই নতুন চামক পদে পদে শাসন তথা দমনৰ চিকাৰ কৰিব খোজে। এতিয়া প্ৰশ্ন হয়, এনে দমন প্ৰতিৰোধ কৰা সম্ভৱনে ? 




এই প্ৰশ্নৰ উত্তৰ পাবলৈ কেৱল এখন কলেজ নহয়, আমি প্ৰতিটো উচ্চ শিক্ষা অনুষ্ঠানৰ বন্ধ খিৰিকীবোৰ খুলি চাব লাগিব। য'ত অতদিনে শ্বাসৰুদ্ধ অৱস্থাত পৰি আছে কৰ্মচাৰীৰ নিজৰ স্বাধীনতা। চিলেবাছত জেণ্ডাৰ, নাৰীবাদ সোমোৱাৰ পাছতো কোনো এক আন্ধাৰ ক্লাছৰুমৰ চুকত নিজৰে ভিতৰৰ দেধাৰ খং মকৰাজালৰ দৰে ওলমি আছে। যাক পৰিস্কাৰ কৰাৰ দায়িত্ব শিক্ষক আৰু ছাত্ৰ সমাজে উমৈহতীয়াকৈ পালন কৰাত ব্যৰ্থ হৈছে। কিন্তু ইয়াৰ বাবে কেৱল শিক্ষকেই দায়ী নেকি ? 


দায়ী এই শিক্ষা ব্যৱস্থাও । যি ক্ৰমান্বয়ে চিন্তা কৰিব পৰা সুযোগবোৰ চিলেবাছ, চেচনেল, চি জি পি এ, এম চি ক্যুত সীমিত কৰি আনিছে। ইয়াৰ মাজত শিক্ষাৰ্থীৰ মাৰ্কচৰ বাহিৰে একোৰে উন্নয়নৰ বাট নাই। আনকি মুকলিকৈ চিন্তা কৰাৰ অথবা ভাবিবলৈ শিকোৱাৰ কোনো কৌশল এই শিক্ষা ব্যৱস্থাত নাই। এখন শিক্ষানুষ্ঠান কেৱল মাত্ৰ ক্লাছ কৰিবলৈ, পৰীক্ষা অনুষ্ঠিত কৰিবলৈ, অথবা নাকৰ পৰিদৰ্শনৰ যা যোগাৰ কৰিবলৈ নহয়। এখন কলেজ এখন সমাজৰ প্ৰতিবিম্ব। তাত যদি ভাবৰ আদান প্ৰদানৰ কোনো থল নাই, যুক্তি আৰু তৰ্কৰ কোনো উন্মেষ নাই, বাদ আৰু আদৰ্শৰ কোনো অনুশীলন নাই, তাক কেৱল অনুশাসনে পৰিচালনা কৰিব নোৱাৰে। আজিৰ শিক্ষা ব্যৱস্থা অনুশাসনত আৰম্ভ কৰি আৰু অনুশাসনতে সীমিত কৰি এনে এক পৰ্যায়লৈ লৈ যোৱা হৈছে, য'ৰ পৰা সমাজৰ সৈতে ইয়াৰ কোনো যোগসূত্ৰ নাই। দৰ্শন আৰু জীৱনবোধৰ কোনো পৰিৱেশ নাই। এনে এক পৰিৱেশত শিক্ষাৰ্থীও ঠেক পৰিসৰৰ ৰাজনীতিৰ চিকাৰ হৈছে নেকি ? যি ৰাজনীতিয়ে সাধাৰণতে গ্ৰাস কৰে একোটা সৰু অনুষ্ঠানৰ কেন্দ্ৰত ? 

এই প্ৰশ্নৰ উত্তৰ সকলোৰে ওচৰত নিশ্চয় বেলেগ বেলেগ পৰিসৰত মজুত আছে। তালৈ যোৱাটো আমাৰ এই লেখাৰ উদ্দেশ্য নহয়। কিন্তু তাৰ পাছতো অলপ গভীৰলৈ গ'লে ধৰিব পাৰি 'শিক্ষক সমাজে'ই এতিয়া শিক্ষানুষ্ঠানৰ বাহিৰৰ বৃহত্তৰ সমাজখনৰ পৰা বহু দূৰৈত। আটাইতকৈ ডাঙৰ উপভোক্তা শ্ৰেণী হিচাপে পৰিচিত হোৱাৰ পাছত শিক্ষক সমাজ ক্ৰমান্বয়ে বিচ্ছিন্ন হৈ পৰিছে সামাজিক কাঠামোৰ পৰা। শিক্ষাদান, পদোন্নতিৰ বাবে নিজৰ শৈক্ষিক কেৰিয়াৰ উন্নত কৰা, তথা ব্যক্তিগত জীৱন এই চক্ৰটোৰ পৰা ওলাই বৃহত্তৰ সমাজৰ কথা ভাবিবলৈ শিক্ষকৰ সময় ক'ত ! 




নে এনে এক পৰ্যায়লৈ শিক্ষকক লৈ যোৱা হৈছে? য'ত ৰৈ সমাজ বীক্ষণ , আলোচনা, সমালোচনাৰ বাটেৰে এক নিৰাপদ দূৰত্বৰ পৰা আগবাঢ়িব নোৱাৰি? এই প্ৰশ্ন আজিৰ শিক্ষক সমাজে নিজকে কৰা উচিত। আজিৰ উঠি অহা প্ৰজন্মইও ভাবি চোৱা উচিত তেওঁলোকৰ কান্ধত বন্দুক থৈ আচলতে ট্ৰীগাৰ কোনে দবাইছে। এই জটিল প্ৰশ্নৰ সহজ উত্তৰ কেইবাটাও অপচনত নাই। বৰঞ্চ ইয়াৰ ব্যাখ্যাহে আছে। সমাজ নামৰ এই ধূসৰিত পৰিস্থিতিত এজনে আনজনক নিয়ন্ত্ৰণ কৰাকে ক্ষমতাৰ সমাৰ্থক বুলি ভবাৰ কুটিল ৰাজনীতি তৰুণৰ চকুৱে মুখে শোভা নাপায়। নাৰীক নিয়ন্ত্ৰণ কৰিব পাৰিলেই পৃথিৱী জয় কৰা বুলি বুকু উফন্দি উঠা যৌৱনক লৈ কবিতা লিখা নাযায়। এখন শিক্ষানুষ্ঠানৰ কলেজ ইউনিয়নৰ প্ৰতিনিধিত্ব কৰাসকলে এই কথা পাহৰি যোৱা অনুচিত যে তেওঁলোকে এখন সমাজকো নেতৃত্ব দিয়ে। তেওঁলোকৰ পৰাই আৰম্ভ হ'ব পাৰে নতুন বিপ্লৱ- চিন্তা আৰু চেতনাৰ বিপ্লৱ যি সমাজৰ অন্যায় আৰু অসমতাৰ বিপক্ষে নিজৰ মাত মাতিব পাৰে। যি পৰিয়াল, শিক্ষানুষ্ঠানত বৰ্তি থকা লিংগ বৈষম্য দূৰ কৰিব পাৰে। তৰুণসকলে বুজা উচিত সমাজৰ হাজাৰ খহনীয়াৰ সময়ত নতুন স্বপ্ন দেখিবৰ বাবে, নতুন বাট ৰচিবৰ বাবে, নতুনকৈ থিয় হ'বৰ বাবে স্বাধীন, গণতান্ত্ৰিক, আধুনিক আৰু সমঅধিকাৰৰ বাৰ্তা তেওঁলোকেই কঢ়িয়াব লাগিব। কিন্তু এই বাটত তেওঁলোক অকলশৰীয়া নহয়। এই বাটত আজিৰ প্ৰজন্মই আটাইতকৈ ওচৰত পাব এদল শিক্ষকক যি দীঘল দৌৰৰ বাবেই সাজু হৈ আহিছে। তৰুণসকলে মনত ৰখা ভাল, শিক্ষক আৰু ছাত্ৰৰ লক্ষ্য একেই - সমাজত আধুনিক আৰু ধনাত্মক চেতনাৰ সঞ্চাৰ কৰা। ম'ৰেল পলিচিং কৰি আনক শোষণ, দমন কৰা নহয়। ব্যৱস্থাই সকলোকে ভাগ ভাগ কৰাৰ সময়ত; মানুহক হতাশা আৰু দৰিদ্ৰতাই কোঙা কৰা এই জটিল সময়ত; ধৰ্ম, জাতি, ভাষা, লিংগক লৈ সমাজ টুকুৰা টুকুৰ হোৱা এই কুটিল সময়ত শিক্ষক আৰু ছাত্ৰ সমাজেই যদি এক হৈ নাথাকে, সমাজ নামৰ সত্বাটো কাৰ ভৰষাত জী থাকিব? এবাৰ ভাবো আহক । 





Sunday, 21 May 2023

আপুনি পৰ্ণগ্ৰাফি চাইনেকি ?

যদি আপুনি এইখিনি পঢ়ি আছে, আৰু ভয় খাইছে যে আপুনিও পৰ্ণ চায়, তেন্তে তাত আচৰিত হ'ব লগা একো নাই। আপুনি যদি আপোনাৰ বন্ধুসকলৰ সৈতে পৰ্ণৰ বিষয়ে দীঘলীয়া আৰু বিশদ কথা-বতৰা পাতিছে, তাতো ভয় খাবলগীয়া একো নাই । শংকিত হ'ব লগা বিষয়টো হৈছে, পৰ্ণৰ বৰ্ধিত প্ৰৱেশে সমাজখনক  কেনেকৈ গঢ় দিছে আৰু আমি ইয়াৰ সমাধান নিৰূপণ কৰাটো দূৰৈৰ কথা, এই বিষয়টোৰ আলোচনা কৰিবই খোজা নাই।  

বেছিভাগ যুৱক যুৱতীৰ পৰ্ণগ্ৰাফীৰ সৈতে আকস্মিকভাৱে বা বন্ধুৰ জৰিয়তে পৰিচয় হয়। বিভিন্ন অনলাইন সমীক্ষাত এই কথা প্ৰকাশ  পাইছে যে পৰ্ণগ্ৰাফী সম্পৰ্কে কৌতূহল আৰম্ভ হয় ১২-১৩ বয়সতে। এই সময়ছোৱাত হোৱা শাৰীৰিক পৰিবৰ্ত্তন আৰু যৌন শিক্ষাৰ মুকলি আলোচনাৰ অভাৱত পৰ্ণগ্ৰাফিয়ে হৈ পৰে একাংশৰ বাবে যৌনতা কি তাক জনাৰ একমাত্ৰ উৎস। এই প্ৰজন্মই তেওঁলোকৰ স্মাৰ্টফোন বা ব্যক্তিগত কম্পিউটাৰত পৰ্ণগ্ৰাফীৰ জৰিয়তে যৌন সম্পৰ্কৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ পৰে আৰু নিজৰে অজ্ঞাতে ই পৰিণত হয় একধৰণৰ নিচাত। 


পৰ্ণগ্ৰাফি আৰু আজিৰ যুৱসমাজ


এজনী ছোৱালীৰ নাম পৰ্ণ ভিডিঅ'ৰ মাধ্যমত পোহৰলৈ আহিল । তাৰেই সুযোগতে গোটেই ছোৱালীবোৰৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হ'ল। জগৰীয়া কৰা হ'ল ছোৱালীৰ অবাধ স্বাধীনতাক। হাতে হাতে সুলভ হৈ পৰা মোবাইল ফোনক। ইণ্টাৰনেটৰ ব্যৱহাৰক। 


আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু গ্ৰেইট ব্ৰিটেইনৰ পিছত বিশ্বৰ তৃতীয় বৃহত্তম পৰ্ণ চোৱা দেশখনেই হৈছে ভাৰত। পৰ্ণগ্ৰাফি মুকলিকৈ চোৱা নিষিদ্ধ হ'লেও ভিপিএন, ডিএনএছ চাৰ্ভাৰ চেঞ্জ, প্ৰক্সি ব্যৱহাৰ কৰি পৰ্ণ চাইটৰ জুগাড় অথবা শ্বৰ্ট-কাট ইয়াত সহজলভ্য। অৰ্থাৎ সহজ প্ৰযুক্তিগত হেকবোৰৰ মাধ্যমত  নিষিদ্ধ পৰ্ণ ৱেবছাইটতো প্ৰৱেশ কৰাৰ জুগাড় চলি থাকে। কিন্তু ইয়াৰ ফলত শাস্তি হ'ব পাৰেনে? 


এই প্ৰশ্নৰ দুটা উত্তৰ আছে। আপোনাৰ শাস্তি হ'ব পাৰে যদিহে আপুনি শিশু পৰ্ণ প্ৰদৰ্শন কৰা ৱেবছাইট ব্যৱহাৰ কৰিছে। কাৰণ শিশু পৰ্ণগ্ৰাফী চোৱা বা প্ৰচাৰ কৰাটো ভাৰতত এক গুৰুতৰ অপৰাধ। কিন্তু যদি আপুনি এনে এটা প্ৰাপ্তবয়স্ক ৱেবছাইট ব্যৱহাৰ কৰি আছে, য’ত আইনগতভাৱে অনুমোদিত পৰ্ণ কন্টেন্ট থাকে, যাক আপুনি ঘৰতে চাই আছে, তেন্তে সেয়া বেআইনী নহয়। এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দিশটো হ'ল নিষেধাজ্ঞা কাৰ্যকৰী কৰাৰ দায়িত্ব হৈছে ইণ্টাৰনেট সেৱা প্ৰদানকাৰী সংস্থাটোৰ। যাৰ ফলত যিকোনো মোবাইল সেৱা প্ৰদানকাৰী সংস্থাই নিজৰ অনুজ্ঞাপত্ৰ হেৰুৱাব পাৰে।

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে লকডাউনৰ প্ৰাৰম্ভিক মাহকেইটাত ভাৰতত পৰ্ণ চোৱাৰ গড় বৃদ্ধি ৩৩%, যিটো বিশ্বজুৰি গড় বৃদ্ধিৰ তিনিগুণ ।  ই এটা কথা স্পষ্ট কৰে যে পৰ্ণ নিষেধাজ্ঞাই ভাৰতীয়সকলক পৰ্ণ চোৱাৰ পৰা বাধা দিবলৈ সক্ষম হোৱা নাই। পাহৰি যোৱা অনুচিত সকলো বজাৰৰ দৰে পৰ্ণগ্ৰাফিও এক বজাৰ। নৈতিকতাৰ অবিহনেই পৰ্ণগ্ৰাফিও ভিতৰুৱা অঞ্চলৰ চুকে কোণে বিয়পি পৰিল ইণ্টাৰনেটৰ সহজলভ্যতাৰ মাধ্যমত।  


এইক্ষেত্ৰত লকডাউনৰ তথ্য আৰু ভয়ংকৰ।  এই সময়ছোৱাত ৯৫ শতাংশ ইণ্টাৰনেট ট্ৰেফিক দেখিবলৈ পোৱা গ'ল কেৱল পৰ্ণ চাইটবোৰত। বেডবিবল ৱেবচাইটৰ এক সমীক্ষাত প্ৰকাশ পাইছে যে বিশ্বৰ আটাইতকৈ বৃহৎ মনোৰঞ্জন উদ্যোগত পৰিণত পৰ্ণ ছৱি উদ্যোগৰ উপাৰ্জন ১০০ বিলিয়ন ডলাৰ, ইণ্টাৰনেটৰ জড়িয়তে পৰ্ণ উদ্যোগলৈ আহে ৮৫ ডলাৰ, পৰ্ণ মেগাজিনৰ পৰা উপাৰ্জন ১০ বিলিয়ন ডলাৰ, পৰ্ণ ডি ভি ডিৰ পৰা উপাৰ্জন ৫ বিলিয়ন ডলাৰ । কিন্তু তাৰবাবে কেৱল মানুহক দোষাৰোপ কৰি দায় হাৰিলে নহ'ব। এবাৰ মন কৰক,  স্মাৰ্টফোনৰ বজাৰখনলৈ। যিমান ক্ষীপ্ৰতাৰে মোবাইল ফোনৰ বজাৰ বিয়পিল, সিমানে খৰকৈ ফেক নিউজ আৰু পৰ্ণগ্ৰাফিক কণ্টেণ্টো মানুহৰ ঘৰ সোমালগৈ। এলকহল,  ড্ৰাগছৰ বিপক্ষে যিমানে অসন্তুষ্টি বাঢ়িল, পৰ্ণগ্ৰাফিক লৈ কোনেও মুকলিকৈ একো জাহিৰ নকৰিলে। কাৰণ ছেক্সুৱেল কন্টেন্টৰ কথা সামাজিকভাৱে জাৰি কৰাত এতিয়াও আমাৰ চৌপাশে বহুত টেবু। অৱশ্যে তলে তলে ই এক বিষাক্ত ৰাগিত পৰিণত হ'ল । ইয়াত অৰিহণা যোগালে OTT প্লেটফৰ্মৰ মুকলি কণ্টেণ্টবোৰে। 




পৰ্ণ উদ্যোগ কিয় ভয়ংকৰ?

ইণ্টাৰনেটৰ সহজলভ্যতাই গ্ৰামাঞ্চলত কেৱল তথ্য আৰু খবৰেই যোগান ধৰা নাই। তাৰ সমান্তৰাল ভাৱে নৈতিক সীমাবোৰো দুৰ্বল কৰি আনিছে। এফালে ভোগবাদৰ প্ৰলোভন আৰু আনফালে দৰিদ্ৰতাৰ বোজা, ইয়াৰ সীমাত ৰৈ মূল্যবোধক সমৰ্থন কৰাতে আজিৰ প্ৰজন্ম ৰৈ নাযায়। কাৰণ সকলো স্তৰতে মূল্যবোধৰ অৱক্ষয়ত জড়িতসকলেই আকৌ সমাজৰ দৃষ্টিত গুৰুত্বপূৰ্ণ, জনপ্ৰিয় বুলি চৰ্চিতও হৈছে। সেয়ে পৰ্ণ উদ্যোগৰ পৰা সহজে হোৱা উপাৰ্জন আঁৰতো আছে কিছু সামাজিক কাৰণ। কিন্ত এই উদ্যোগে নিৰ্মাণ কৰা বজাৰে সমাজকে শোষণ কৰিবলৈ আৰম্ভ কৰিছে। যুৱক যুৱতীসকলে নিৰ্মাণ কৰা পৰ্ণ ছৱিৰ আপলোডৰ পৰা অধিকাংশ লাভ হয় বিভিন্ন পৰ্ণ ৱেবচাইটসমূহৰ। এবাৰ এই চক্ৰত সোমোৱাৰ পাছত তাৰপৰা বাহিৰলৈ ওলোৱাৰ অথবা অন্য উপাৰ্জন কৰাৰ বাটবোৰো বন্ধ হৈ যায়। তাৰোপৰি এই ৱেবচাইটসমূহত প্ৰকাশ পায় বিভিন্ন যৌনগন্ধী বিজ্ঞাপন যিবোৰৰ পৰা এই ৱেবচাইটসমূহে কৰে বৃহৎ উপাৰ্জ ৷ 


উল্লেখযোগ্য যে বিশ্বৰ আটাইতকৈ বৃহৎ মনোৰঞ্জন উদ্যোগত পৰিণত পৰ্ণ ছৱি উদ্যোগৰ বছৰি উপাৰ্জন ১০০ বিলিয়ন ডলাৰ । ইণ্টাৰনেটৰ মাধ্যমত পৰ্ণ উদ্যোগে মুনাফা লয় ৮৫ ডলাৰ । তাৰোপৰি পৰ্ণ মেগাজিন আৰু অন্যান্য পৰ্ণ কন্টেন্টবোৰ আছেই।  এইবোৰৰ মূল চিকাৰ হয় কলেজত শিক্ষাৰত ছাত্ৰ ছাত্ৰী। যাৰ থাকে অসীমলৈ যোৱাৰ বাসনা আৰু অলীক কল্পনাৰ মনোজগত। যাৰ ব্ৰেইন ৱাছ কৰা তেনেই সহজ।  চ'চিয়েল মিডিয়াত দেখা চেলিব্ৰেটি, বিলাসী জীৱন, অভাৱহীনতাৰ স্বপ্ন- এইবোৰৰ মাজত কোন এই পাকচক্ৰত সোমায়, তাক নিৰূপণ কৰা খুবেই কঠিন।  কিন্তু এই কথা সহজেই অনুমান কৰিব পাৰি যে অসমৰ গাঁৱে নগৰে এতিয়া পৰ্ণগ্ৰাফিৰ জালিকাখন বিয়পি পৰিছে। যাক নিয়ন্ত্ৰণ কৰাত সমাজ কাহানিবাই বিফল। বিফল সামাজিক অনুষ্ঠানবোৰো। জাত-পাত, এঘৰীয়া, ব্ৰইলাৰ বিক্ৰীত সংঘৰ বাধাপ্ৰদান, যৌতুকৰ দাবী, প্ৰতিবাদী কবিতা লিখাৰ বাবেই ছাত্ৰীৰ গ্ৰেপ্তাৰ- এইবোৰৰ মাজত সংগোপনে অসমৰ এটা প্ৰজন্মক লৈ এখন জুৱাখেল চলি আছে। ই কোনো এটা পৰিয়ালৰ বিষাদ নহয়, ই এখন সমাজৰ সামগ্ৰিক ব্যৱস্থাটোৰ বিফলতা।


ইণ্টাৰনেট আৰু স্মাৰ্টফোনৰ আগমনৰ লগে লগে এতিয়া পৰ্ণৰ ভিউজ পূৰ্বতকৈ অধিক সহজে উপলব্ধ আৰু কম কঠোৰভাৱে নিয়ন্ত্ৰিত। কোনে পৰ্ণ চায় সেয়া আজিৰ তাৰিখত ডাঙৰ বিষয় হৈ থকা নাই। বৰঞ্চ তাতোকৈ চিন্তনীয় পৰ্ণগ্ৰাফিক কণ্টেক্ট বনোৱাৰ বাবে অপৰাধবোধ নথকাতো আৰু খুব সহজেই উপাৰ্জন কৰিব পৰা ৰাস্তাটো। যিটো আজিৰ তাৰিখত উঠি অহা প্ৰজন্মৰ চিন্তা আৰু চেতনাক অকামিলা কৰিবৰ বাবে যথেষ্ট । এই সহজ বাটটোৰ প্ৰলোভনে ইতিমধ্যে চহৰ গ্ৰামাঞ্চলৰ বহুতো উঠি অহা ল'ৰা-ছোৱালীক বিভ্ৰান্ত কৰিছে। আৰু এটা সময়ত মূল্যবোধৰ শিক্ষাৰ পৰিৱৰ্তে ব্যক্তিগত দীঘল তালিকাখনেই জয়ী হৈছে। 


কিন্তু এই কথাও আমি মানি ল'ব লাগিব যে শেহতীয়াকৈ অপৰাধৰ প্ৰকৃতি, আৰু অপৰাধৰ প্ৰসংগও সলনি হৈছে। বিশেষকৈ ক'ভিডৰ পাছৰ দুনিয়াখনত অপৰাধৰ অবাধ বিচৰণে সামগ্ৰিকভাৱে 'সমাজ" নামৰ ধাৰণাটোক আগতকৈ পৰিস্কাৰভাৱে পোষ্টমৰ্টেম কৰাৰ সুযোগ দিছে। সামাজিক, ৰাজনৈতিক প্ৰতিৰোধ আৰু বিৰোধৰ মাজত, ভোগবাদৰ দৌৰ আৰু অৰ্থনৈতিক সংকটৰ মাজত পৰ্ণগ্ৰাফিও এক অস্ত্ৰ হিচাপে ব্যৱহাৰ হৈছে নেকি ? সমাজৰ সামূহিক হতাশাই এচামক বিপথে নিছে নেকি? পৰিয়াল, নাগৰিক সমাজ, অথবা অন্যান্য সামাজিক অনুষ্ঠানবোৰ কিয় বিফল হৈছে ? এবাৰ জুম কৰি চাওঁ আহক - ডাঙৰ ছবিৰ সৰু সৰু নেদেখা কাৰণবোৰ।

Friday, 27 January 2023

Smell (Gondh)

Original story by Juri Baruah

Translated by Ranjita Biswas

 

 

 

The whiff of beef curry was floating in the air. Those who were familiar  with the smell could easily imagine the rich colour of the thick curry. The smell travelled erratically along the railway track. Even the Inter City train’s speed could not erase it. It didn’t wait, like people on either side of the track, to let the train pass. It went travelling on its own steam, uncaring. Some people waiting there tried to ignore the smell. Rudreswar the Brahmin from the Padumoni village, looked rather grotesque  as his nose contracted. Manohar Lal, compounder at the Hanuman tea estate, seemed unconcerned as if nothing was amiss.  The girl working in the new beauty parlour at the tri-junction- the one with the Shilpi bindi on her forehead- I have forgotten her name, fiddled with the dupatta of her salwar suit trying to arrange it carefully. Near the parlour, under a shed, old dressmaker Hafiz-kai (we shortened kakai, elder brother, to kai) always seen bent over the sewing machine, paused a bit. Whether he too could smell the curry was difficult to make out from here. He looked as though he was counting the compartments of the train passing by. Only when Padmeswar, the ploughman, tinkled the cycle bell he seemed to wake up to consciousness.

 

Consciousness?  What does it mean?

Is it like the sense of smell? 

Nobody can see it. Yet even if invisible, it continues to work.  It remains, alive and elusive, refusing to be caught hold of.

 

Like consciousness, nobody can block the smell in the air. No rule, no policeman, no fear of jail, no temple, no masjid, can outlaw it. It goes on its way independently. So the whiff of the beef curry did not bother that it could be recognised by the people. When it glided from the window of the Muslim house on the other side of the track and travelled to the backyards of houses in the Ahom colony on this side, politics did not enter its realm.   

 

In fact, so many different smells travelled around- stark, unhindered,  in the air- in the whistle of the trains running on the broad gauge line recently promoted from meter gauge, in the window of the shop that opened only in the evening. From the latter, Hasina and Pubali surreptitiously bought packets of fried green peas. They were greedy for the savoury, the packets bought for five rupees each but that seemed to be worth ten rupees. When she tried to peep through the window of the shop to look beyond, Hasina could get the whiff of pork curry and home churned rice beer. But they found the smell of the fried green peas much more enticing. Hasina’s hungry eyes and Pubali’s impatient fingers attacked the paper packets voraciously.

 

At that moment- yes exactly at that moment, did Pubali smell the beef curry in Hasina’s frilled frock? They had even pulled each other’s hair during a kabadi match if one tried to cheatBut that was soon forgotten and they raced to the hillock near the bridge- running parallel to the train, their hair flying,   their trilling laughter carried by the air.  The hillock resonated with the sound of their laughter and the bridge ricocheted with a sound of jhan..jhan...jhan as the train passed by.  

 

Their childhood was full of so many moments like these. Even much later, it was still uncomplicated and rich with unquestioning friendship and laughter.

 

If the stall of Bapukon-daiti,  they called  him daiti-uncle, did not open for  three to four days Hasina became worried. She could not concentrate and so lost in the game of kabadi. Not that Pubali escaped from the worry. The smell of the fried green peas beckoned her. True, they could also buy fried green peas at Putul-da’s shop at the corner of the road in their village. As  other things too.  Wooden spoons with tamarind. Bubble Gum. But the green peas here did not have the same aroma. Instead, they could get the smell of petrol. Putul-da used to sell the oil filled in plastic bottles. The young men who rode their bikes to Borsil bought petrol from him and on their way teased the girls of the village. Putul-da did not mind; he was too much of a businessman.

 

On Sundays, the Naga women from the hills came down, their cane baskets full of  bamboo shoot, Naga pulses, dry bamboo shoot pickle, wild yam,  chilli powder. They did not stop by Putul-da’s shop, they went to Bapukon-daiti’s . He did not sell anything at daytime but on these days he sold salt and soap to the Naga women. They would open the packets of Lux soap and smell it. After they left, the front yard of the old man’s shop smelt of Lux soap.

 

Even if Hasina tried to force her, Pubali balked at the idea of visiting Putul-da’s shop. One reason was that on the bench at its front, a group of unrecognised geniuses of the village congregated. If they saw her they called her and asked: Tell us why the earth is round. Who first discovered the steam engine? What is meant by the Leap Year? If she failed to answer they would tut-tut – what do the school teachers do these days? Nothing!

 

So she restrained Hasina, telling her, ‘Forget about the tamarind chutney and Hajmola. Wait a bit, those things will be available at Bapukon-daiti’s shop soon’.

 

As Pubali predicted,  these  tempting things soon appeared at Bapukon-daiti’s   shop. But he hardly bothered to display them. He gave away a packet of Sargam free with green pea packets. Hasina still tried to peep into the compound beyond the window. But daiti would  shoo them off , scolding, ‘Go, go home! Your mothers must be waiting with their bamboo sticks ready.”

 

When he spoke they sniffed the smell of cigarette. Mixed with it was also an inner distress, a regret, which he tried hard not to show.

 

“The old man won’t die for a while, his voice tells me.”

When Pubali said that, Hasina stopped midway. Pubali too slowed down. Their innocent exuberance  and naughtiness suddenly got shadowed by the fear of a loss. Pubali then craned her neck up and poured the contents of the Saragam packet in her throat. The throat tingled with the sour taste. She finished off the packet at one go and forgot that her tuition teacher was coming to her house.

 

In the afternoon when she returned home after roaming around the whole day, her mother dashed out. Instead of the bamboo stick in her hand she held the pointed bamboo shola used at her loom. 

 

Pubali did not have a chance.

‘You despicable girl, so you want to go around like a cow without a leash the whole day? How dare you? I have been looking for a teacher for so long and got one at last. But look at her, she is not at home when he comes. You’ll bring shame to the family, I tell you. You are getting worse by the day. Don’t forget you are a girl!”

 

Pubali was often reminded that she was a girl. It did not bother her any more. But how could she go to meet her friends when her calves bore the signature of her mother’s bamboo shola?  So she put the empty packet of Sargam inside the pocket without a chain in her school bag and stayed home. 

 

Rahmat Sir, liked by everybody, came again the next day. Pubali forgot  the pain on her calves as she saw him. She removed the magazines, Prantik and Mukuta from the only table in the portico to make space and brought her maths book. She could smell the nice aatar coming out from Sir’s body.

 

At that moment Pubali remembered about the sanchi trees in their backyard.  Sometimes when he was short of money, her father sold off one of them. Hasina had told her that from the tree one could even make aatar. For two days in a week, Rahmat Sir left behind the remnants of  the perfume in the portico of Pubali’s  house. Once its whiff disappeared, Pubali arranged the magazines on the table again. 

 

Even afterwards, did Pubali, her parents, grandmother and the naughty brother smell the beef curry? Perhaps they did but found no reason to object. Or perhaps they could not recognize where it came from. Or, even if they did, they did not mind. In all likelihood, that smell was accepted as just a simple, day-to-day affair.

 

When Pubali attained puberty, for the ritual ‘wedding’- shanti biya- according to the local custom, ‘Ammi’, Hasina’s mother, presented her with a long, frilled frock. Hasina was yet to cross the door into puberty. So she was free from the restrictions now put on Pubali.

 

Those days- when they munched on the fried green peas and roamed around or played kabadi, had now disappeared from Pubali’s adolescent life. She now braided her curly, unmanageable hair. When she went to school, she went a little earlier deliberately so that the gate at the level crossing of the railway track would  be shut and she could check on Bapukon daiti’s shop.

 

The shop was there at the same spot all right.  The hut careened a bit to the side due to disrepair. The amlokhi   tree next to it lent it a welcome shade. Like grandchildren to old couples. 

 

But many things had changed, unlike Bapukon-daiti’s shop. Pubali and Hasina witnessed many of these changes- names and characteristics, the inability to differentiate between the normal way and yelling while trying to make a point. One Sunday, when Pubali’s family were having a sumptuous lunch with pork curry cooked with bamboo shoot bought from the Naga bazar, ploughman Padmeswar came running to inform them that  Bapukon-daiti’s only son Ananta was found murdered. Pubali’s mother left the lunch plate unfinished. The pork curry cooked in the iron wok had lost its taste instantly. The news travelled quickly like a forest fire.

 

Bapukon-daiti’s father was a well-known personality in this area. He was one of those fighting for India’s freedom.  A soldier who did not dream of a land divided between Hindus and Muslims. All these things Pubali and the children heard from the discussions among the elders.  The man did not ask for anything after Independence. Disillusioned, he kept on living in the same bamboo cottage. Bapukon-daiti’s anger at his father doubled at the sight of the withered house. One day, he was compelled to question his father- what idealism you are talking about, what’s this country you fought for where one family takes the name of  king and reigns over the subjects?

 

After his father died, Bapukon-daiti built this shed near the railway track and opened his shop. Well, it was apology of a shop selling nothing much- the home brewed rice beer prepared by his mother and pork curry. At first, the villagers passed sarcastic comments at this downfall of the son of a freedom fighter; they criticised him and even abused him verbally.  But Bapukon-daiti stuck to his stand. He had sold all the paddy fields they had owned to meet the expenses of treatment of his ailing father.  He had to earn some money to keep the home fire burning; his old mother was with him too; did they advise him to starve? 

It was his self-defense but underneath was also a simmering resentment. This was his way of defiance against the country- the society- the system. Bapukon-daiti  could not take up the gun- could not  go shouting slogan on the highway- he did not want to visit office after office in the town to buy a job. So he used to say, ‘Let it be; I’ll stay in the village and protest in my own way’. The children learnt all this when their mothers talked about Bapukon-daiti.

 

After that incident of the murder, Rahmat Sir stopped coming to teach Pubali. A suppressed nervousness seemed to suck in everything around. Except for the trains that passed by, everything else seemed to stop moving. Pubali could not meet Hasina as before. There was a time when she fought with others wanting to include Hasina in their group while  going dancing for Jeng-Bihu. Pubali’s aunt was yet to get married. She took out her box of multicoloured powder and  put on their foreheads  bright red spots. Below the big red spot she also had put a small black one. Hasina’s bun was rather big with her smooth silky hair. She looked beautiful but Pubali did not feel jealous. Rather she was proud to show off her friend when they went visiting the households in the village - dancing as per custom of Rongali Bihu.  

 

Pubali paused, lost in the long narrative of memory. Memories- so rich and luxurious, but one does not have to pay for them; they come by themselves. They come in a file to wait in the wings and then like a whirlwind, churn with reminiscences in a mind disturbed by the present. These lazy political times cannot stop them from coming.

 

When Pubali wanted to go to Hasina’s place for celebrating Eid, her mother did not say no. She did not scold her when she took out from the only almirah in the house her ‘Bihu’ frock, still new. As she parted her hair in the middle, Pubali peeped into the hollow of the bamboo pole in the verandah where she had cut a hole and made it  her saving bank. Should she take out some money? Her father could read her mind and gave her a ten rupee note. Pubali’s solemn face had brightened instantly. She ran to Bapukon- daiti’s shop with the note in her hand. 

If today, just once, she could smell the fried green peas and  halwa with cashewnut, she would return to her  innocent childhood , something long gone by.

 

The forecourt of Hasina’s house with their Bougenvillia plants had now Hasnahana flowers blooming. They filled her adolescence with their perfume. Under the starry sky she had returned home walking by the road skirting the railway track after enjoying the Eid feast. But she and Hasina in their ignorance never thought that this it would be the last time they were together thus. 

 

The government had changed- the contour of the people’s groups was changing- their problems, their argument, even the tests of tolerance and patience were changing rapidly. 

 

There was no way to know whether the window to Bapukon-daiti’s shop opened or not.  Pubali’s brother Rontu was not a customer of that shop like Pubali and Hasina. For their group, new kinds of  packets were arriving. Things that  were available in the globalised world. Packets of potato Chips, Kur-kuri,  pouches of jam and jelly brightened Putul-da’s shop. The petrol bottles had by now disappeared from there. In their place  hung colourful posters offering recharge facilities of mobile phones.  

 

But even then the sound of the afternoon kettle drum had emanated  from the village temple, namghar.  During exams, Pubali and friends got up at the call of the azan at dawn and at the sound of the evening azan, sat at their study table. 

 

For Pubali, the end of her friendship with Hasina was rooted at Bapukon-daiti’s son’s death. At least, she blamed it for this loss. People were slowly forgetting about the incident. But they did not cross over to the other side of the railway track as before. The path near the railway track stood as a dividing line between Hasina and Pubali. An undefined line  that teaches both sides  to accept ‘we are different from each other.’ The more that line extended, the more Bapukon-daiti’s shop bent sideways.

 

At the bend of the road leading to the namghar, a liquor  shop came up where people gathered to drink even at daytime. That bright young man who sometimes asked them questions like why the earth was round sitting on a bench in front of Putul-da’s shop, even he had opened a dhaba selling liquor. The only difference was, instead of fried chana, he sold chilli chicken and tandoori roti. Oh, not to forget, on the huge TV screen you could always see figures in vulgar dance movements.

 

These things were discussed by the women who gathered in their  courtyards in the afternoon, helping each other to pick grey hair or nits from their hair. Pubali eavesdropped while cleaning the chimney of the table lamp. From their gossip, she seemed to get the unsavoury smell of roasted  legs of ducks.

‘After doing so well in studies, this is what he has brought to the  village?” they discussed. 

’Didn’t you see that day the youngest son of Pitamabar and that  uncouth man, what’s his name—actually we shouldn’t take his name- he  ogles at the girls all the time- both of them stood against the headlight of a car and  standing there, peed...’

 

Aunt Geeta did not bother about Pubali’s presence while divulging to her mother all the gossip of the next village. You could call it gossiping about others, or criticism. Nattering about others kept the women happy in the afternoon, enough to keep them away from the TV. But it was also a kind of warning about the future.   

 

The warning was sounded to Pubali too. As to  every young girl in the village.  Even in the caution, there was a certain smell. That  of the body. The odour of the monthly menstruation, and at other times the aroma of Himani cream and perfume. Pubali or Hasina in their days of wild freedom could never imagine that even smell can signal a certain age. 

 

Even then you could see, through the gaps in the compartments of the running train, all those familiar faces-  Rudreswar the Brahmin from the Padumoni village looking rather ugly with his contracted nose,  compounder Manohar Lal’s expressionless face, the impatient girl with Shilpi bindi on her forehead from the beauty parlour , the tired eyes of old dressmaker  Hafiz-kai ,  the mud covered legs of ploughman Ratneswar and in the middle,  there was Ananta, Bapukon-daiti’s son- and his wife Arfeen.

 

Ananta and Arfeen did not go by the rules. They did not believe in set boundaries. They did not object to any kind of smell. Was this refusal was Ananta’s way of protesting at the prevailing time? A time when mistakes and crime blurred the lines. The namghar  that was built following Guru Sankardev’s  philosophy of no discrimination among people  was now a place where people were talking about castes and religious divides. Together, the people seemed to suddenly get the smell of the beef curry. From the masjid from where the pure call of azan cleansed people’s minds, came out people with  their eyes  reflecting unsaid words like kafir.

 

And like this, the days were merging into a blanket of oblivion. In that state of forgetfulness, the bloated dead body of Ananta floating on the Nafuk stream became a symbol of useless protest. That evening, even the train booming across the railway track had not been able to suppress the heart-rending cries.  Namghar, masjid, the pundits and maulavis- nobody expected to solve the problem of those screams. Yet they had set the rules -  went by them – kept the rules alive. 

 

Eventually as time accepted these rules, one day Hasina and Pubali again faced each other, standing on both sides of the railway track. In their childhood, together, they had learnt to count the number of compartments of the passing trains. But their adolescence taught them to count the rings in the boundary line of resentment and revenge.

 

When the gate at the level crossing lifted, both Hasina and Pubali tried to move from their designated places. They again wanted to smell each other. And question the arrogant rules. They understood why, when the sound of the evening azan drifted out from the masjid, a recorded reading of the Gita-paath was played with a loud volume in the namghar. 

 

Yet, nobody could hide the smell of the beef curry. They could not forget either the taste of the pork curry at Bapukon-daiti’s shop. And thus, Pubali and Hasina were approaching a debate on ‘it was not there before.’ 

 

They advanced towards each other and met again across the railway line- where there were explanations galore about the minority, the cow thieves was a daily  topic,  the story of Deendayal Upadhyaya like Gayatri mantra, and the increasing divide among people was  the TRP of the media. The scene on the other side seen through the gaps in the train compartments seemed to be same, the dupatta on the girl’s shoulders slipped again and  again, but people had humps on their backs  burdened with intolerance.

 

Pubali and Hasina had taken deep breaths. The smell of beef or pork was not there in their breathing. That smell had lost its individual identity forcibly layered with a tinge of saffron. That breath was on sale, the price measured on the scale of conscience and idealism. That smell was pierced, again and again, by shards of glass made of differences and dividing lines. We had forgotten what our names were– farmer, labourer, opposition leader, lover, common man, aam admi, but we knew that the smell clung to our bodies nonetheless.

 

We could not return to ‘before’ from its clutch.