মানুহে
বেছি ওচৰৰ বস্তু ধুঁৱলী কুঁৱলী দেখে। তাতকৈ অলপ দূৰলৈ গ'লে বেছি স্পষ্টকৈ
দেখে। আৰু বহুত বেছি দূৰলৈ গ'লে একেবাৰে দেখা নাপায়।
- তাইক চুই পোৱা নাছিলা?
ভাঙৰ পুৰিয়া বনাই সি ডেভিদক সোধে।
- ওহো।
- মনে মনে উত্তৰ দিয়া নহ'লে এই প্ৰকৃতিৰ ৰহস্যৰ সৈতে জীৱনৰ ৰহস্য একাকাৰ কৰিব নোৱাৰা।
- মানে?
ডেভিদে এইবাৰ কম ভলিউমত সোধে।
জঁটাধাৰী ল'ৰাটোৱে ভাঙৰ পুৰিয়াটো ফুকি দিয়ে আৰু কয়- প্ৰেম জীৱন আৰু মৃত্যুৰ মাজৰ ৰহস্য। ই আত্মা আৰু শৰীৰৰ মাজত থাকে।
ডেভিদে আচৰিত হৈ তালৈ চায় আৰু পি আগবঢ়াই দিয়া পুৰিয়াটো ওঁঠলৈ নিয়ে।
- কেতিয়াবা কাৰোবালৈ অপেক্ষা কৰি পাইছা?
- না...!
- কালৈকো পোৱা নাই?
- তেনেকুৱা মানুহ মোৰ জীৱনত নাই।
-
এইটো আমাৰ প্ৰজন্মৰ বিফলতা। ৰাতিৰ ফ্ৰেইণ্ড ৰিকুৱেষ্ট খুলি ৰাতিপুৱা তাইক
চালা। প্ৰফাইল খুঁচৰিলা । দুই-এটা কথা পাতিলা। ভেজ বা ননভেজ। নিজৰ মনো
উদঙাই নিদিলা। অপেক্ষাৰ তাড়না য'ত নাই, তাত কিবা এটা পাবলৈ আকুলতাও নাই।
কোনো ৰহস্যই নাই। ৰহস্য নথকা কিবা এটা প্ৰেম কেনেকৈ হ'ব পাৰে !
ডেভিদে
ধৰিব নোৱাৰে নিচা আচলতে কাৰ হৈছে? তাৰ নিজৰ নে জঁটাধাৰী ল'ৰাটোৰ ? নে
সমস্ত পৰিৱেশৰ ? য'ত চৰাইৰ মাত, জলপ্ৰপাতৰ শব্দ, ঘাঁহনিৰ কুহুমীয়া স্পৰ্শ,
গছৰ পাত এখিলা সৰি পৰা নিনাদৰ বাহিৰে আন কোনো ৰহস্য নাই । যেন প্ৰকৃতি
নিজেই এখন আৰ্চী আৰু সিহঁত সেই আৰ্চীত ধৰা পৰা একো একোজন বিফল বনৰীয়া।
(আগলৈ)
No comments:
Post a Comment