Saturday, 23 November 2019

(৭) তামান



কিন্তু ৰণৰ কথা আছিল সুকীয়া।
ৰণক জয়িতাই ভাল পাইছিল । এই কথা ৰণৰ পৰা আঁতৰি আহোঁতেহে তাই অনুভৱ কৰিছে। ৰণৰ চকুত সেই পোহৰ আছিল, যি পোহৰ তাইৰ কাপোৰৰ তলেৰে সৰকি নাভিলৈ নামি গৈছিল। ৰণৰ ধোবাংবাং এপাৰ্টমেণ্টেৰে দেখা ফাগুনত বিধ্বস্ত ঘৰবোৰলৈ সিহঁতে একেলগে চাই আছিল আৰু এজনে আনজনৰ চকুত আন এটা ঋতু বিচাৰি ফুৰিছিল। বোধকৰোঁ হেমন্ত নহ'লেবা শীত । একেলগে জানো দুটা ঋতু মানুহে কঢ়িয়াব নোৱাৰে? পাৰে । নহ'লেতো জয়িতাই সকলো কাপোৰ খুলি ৰণৰ মাজলৈ সোমাই নগ'লহেঁতেন । শীতৰ আবেলিবোৰক সিহঁতে গাৰ উত্তাপেৰে উষ্ণ কৰোঁতেও জয়িতাই ৰণৰ চকুত দেখিছিল সেই পোহৰ। ৰণৰ ওঁঠত তাইৰ ওঁঠ গুজি সেই পোহৰ তাই নিজৰ শৰীৰলৈ আনিছিল ।


প্ৰেম জানো কেৱল চাৱনিতে থাকে? প্ৰেম থাকে একাত্ম হৈ পৰা শৰীৰত। এই কথা জয়িতাই ৰণৰ বুকুৰ শব্দ শুনোতে বুজিছিল। তাইৰ এনে লাগিছিল শব্দৰ বাহিৰে এই পৃথিৱী তেনেই মিছা । মানুহে নিঃশব্দতা বিচাৰি ফুৰে কিয়? বুকুৰ শব্দ শুনিবলৈকেতো । মনে কি বিচাৰে তাকেই জানিবলৈকেতো। সেই ৰাতি জয়িতাই বুজিছিল তাইৰ পাঁচ অনুভূতিলৈ কোনোবা সোমাই আহিছে আৰু নাম লৈছে ভালপোৱাৰ।

সেই শাৰীৰিক সম্পৰ্ক মধ্যবিত্তীয় আছিল নে আন কিবা তাক লৈ জয়িতাই মূৰ ঘমোৱা নাছিল। চুটি ছবিৰ কামত অৰঙে দৰঙে ঘূৰি ৰণ তাইৰ কাষলৈকে আহিছিল। তাইৰ বুকুত মূৰ গুজি কৈছিল

 - মানুহে ভয় কৰে মৃত্যুক, কিন্তু মৃত্যুতকৈও মানুহক অধিক শাস্তি দিয়ে যন্ত্ৰণাই । অথচ যন্ত্ৰণা মানুহে কঢ়িয়াই ফুৰিব পাৰে গোটেই জীৱন।

জয়িতাই সোধা নাছিল এই যন্ত্ৰণা কিহৰ । বিচ্ছেদৰ নে বিফলতাৰ? উভৈনদীৰ নে শূণ্যতাৰ? সেই শীতল ৰাতি ইটোৱে সিটোক নাঙঠ কৰোঁতেও অনুভৱ কৰা নাছিল কোনো শীত, কোনো লাজ। ইমান সৰল আছিল সেই ৰাতি, ইমান সহজ আছিল সেই আলিংগন।

সেই স্মৃতিক জয়িতাই সহজভাৱেই ৰাখিব খোজে। অথচ এখন ফটোৱে সকলো ওলট-পালট কৰি দিলে । সেই বৰষুণত তিতি থকাৰ ফটো আৰু তাৰ সৈতে এটা কেপচন। সেইটোৰ বাবেই কাবেৰী ওলাইছিলহি তাইৰ ৰূম । কিন্তু জয়িতাই বোধকৰোঁ তাইক ইমান টানকৈ ক'ব নালাগিছিল। এই দুনিয়াত চখৰ কাম এটাৰে জীৱন চলোৱা মানুহবোৰ জীৱনৰ দৌৰত পিছ পৰি ৰয় । দৌৰত পিছ নপৰিবলৈকে মানুহে আন এটা কাম কৰে। কাবেৰীয়ে তাকেই কৰিছে আৰু চখৰ নামত থকা সময়কণো তাতেই ব্যয় কৰিছে। সেই ব্যয়কে তাই গাড়ী বুলি কৈছে, এপাৰ্টমেণ্ট বুলি নাম দিছে, বিয়াৰ বাবে গহনা বাচিবলৈ জয়িতাকে টানি-আঁজুৰি লৈ গৈছে।

- তোৰ ৰঙৰ চিলেকচন ভাল, সেই বাবেহে ।

ডিঙিত গহনা আঁৰি কাবেৰীয়ে জয়িতাৰ মাধ্যমত নিজকে প্ৰবোধো দিছে। তাৰ মাজতো মৰি থকা কাবেৰীক দেখি জয়িতাই মনত পেলাই নিদিব নেকি ভাল লগা কাম এটা বহুদিন যে তাই কৰা নাই।

এই ভিৰত এনেকৈয়ে মানুহবোৰে খন্তেকলৈ এজনে আনজনক পঢ়ে । বাছৰ ছীটত চিন্তাক্লিষ্ট চকু, শ্বপিং মলত ৰং চাব নজনা চকু, পিকনক খাবলৈ বন্ধা জুমত পূৰ্বৰ প্ৰেয়সীক বিচাৰি ফুৰা চকু, উজাগৰী নিশা মেগীৰ ধোঁৱাৰে নিজকে ঘূৰি চোৱাৰ চকু - এই আটাইবোৰ চকুৱে নিজকে ফাঁকি দিয়ে।

এই সত্যটো উপলব্ধিৰ পাছত আৰু কোনোবাই এৰি যোৱাৰ ৰিক্ততাত মানুহ ৰৈ নাযায় । মানুহে নিজলৈ ঘূৰি চায় । ঘূৰি চায় সেই বাটবোৰক যিবোৰে ঋতুৰ পিছত ঋতু কথা দিয়ে নিজকে একেটা ভুল নকৰে বুলি। অথচ মানুহে একেবোৰ ভুলেইচোন কৰে। নিজকে বেলি বুলি নাভাবে, কেৱল ডাৱৰৰ পিছফালে লুকায়। নিজকে জোন বুলিও নাভাবে, জ্বলিবলৈ বাদ দিয়ে।

ইমানৰ পিছতো জয়িতাৰ মনত পৰে কঈফি আজমিৰ কবিতাটোলৈ -
'অভী ইস্ক নে হাৰ নহী মানি, অভী ইস্ক কৌ আজমানা নহী চৌৰনা।'

মানুহে খুব সহজে একেবোৰ ভুল কৰে । কাৰণ উজাগৰী ৰাতিৰ পহৰাদাৰ মানুহবোৰ আন একোতে নহ'লেও নিজৰ ভুলবোৰত অতি মাহীৰ ।

©জুৰি বৰুৱা
(আগলৈ)




Friday, 22 November 2019

তামান (৬)

মানুহে একেবোৰ ভুল বাৰে বাৰে কৰে

- প্ৰথমটোৰ লগত ব্ৰেক আপ ঠিকেই আছিল। তাৰ পাছত আকৌ? কাম নাই তোৰ?

কাবেৰীৰ কথাৰ প্ৰতি জয়িতাৰ কোনো মনোযোগ নাই। যেন ভীষণ ব্যস্ত তাই, এনেকুৱা এক ভংগিমাত তাই নিজৰ ফোনটোৱে ধৰি ৰখা পৃথিৱীত সোমাই আছে।

- আৰু তোৰেই লগত কিয় বাৰে বাৰে হয় এইবোৰ?


এইবাৰ কাবেৰীয়ে চিঞৰি দিয়ে ।
জয়িতাৰ খং উঠে। তাইতো কাবেৰীৰ সমুখত ট্ৰেজেডি ফলা নাই । কিয় মোক সি এৰি গ'ল বুলি অনুতাপ কৰা নাই । তেন্তে কাবেৰীয়ে ইমান অ'ভাৰ ৰিয়েক্ট কৰিছে কিয় ?

- মানুহে একেবোৰ ভুল বাৰে বাৰে কৰে ।

জয়িতাৰ মুখত এই কথা শুনি কাবেৰী খন্তেকলৈ গহীন হয় । তাৰ পাছত তাই হাঁহিবলৈ ধৰে ।

- হাঁহিছ  কিয় পাগলী?
- নিজকে বচাবলৈ তোৰ যে কি নিৰীহ যুক্তি !
- যুক্তি নহয়, সত্য । যি বেংকৰ চাকৰি কৰি সুখীনে? তোৰ মন নাযায় আনবোৰে ঘূৰি ফুৰাৰ দৰে হাবিয়ে-জংঘলে কেমেৰা এটা লৈ ঘূৰি ফুৰিবলৈ? কিন্তু তয়োচোন ভুলকে কৰি আছ। নিজে নিজকে শাস্তি দিয়াৰ ভুল ।

এইবাৰ কাবেৰীৰ খং উঠে ।

- হ'ব, তোৰ এই কাউন্সিলিং শুনিবলৈ মই অহা নাছিলোঁ । কেমেৰা এটাৰে চখ পূৰ কৰিব পাৰি, পেট নহয় । আৰু মোৰ কথা ভবাতকৈ নিজৰ কথা ভাব । মধ্যবিত্তীয় প্ৰেম প্ৰপ'জেলত আৰম্ভ হয় আৰু ছেক্সত শেষ হয়।

কাবেৰী খঙতে ৰুমৰ পৰা ওলাই যায় । এই দুনিয়া এনেকৈয়ে চলি আছে । চখ আৰু চখহীনতাৰ মাজত । তাৰ মাজতে প্ৰেম অতিৰিক্ত আৱেগ হৈ পৰিছে নেকি? এনে আৱেগক নাম দিবলৈ নিদিষ্ট ডে'বোৰ আছে আৰু আছে চেল । কিন্তু এই দুনিয়াত নিজৰ বাবে ৰৈ থকাজনক বিচাৰি উলিয়াব নোৱাৰা যন্ত্ৰণাত দগ্ধ হ'লে ষ্টেটাছ লিখাৰ বাহিৰে আন কোনো বিকল্প নাই । কাবেৰীৰ খং স্বাভাৱিক । জয়িতাৰ আত্মসমালোচনাবিহীন স্থিতিও তেনেই স্বাভাৱিক । অমলৰ লগত কলেজৰ এক বছৰীয়া প্ৰেম কলেজ শেষ হোৱাৰ লগে লগে শেষ । তাৰ পাছত জয়িতাই ট্ৰেজেডী ফালিছিল জানো? ওহো, নাই ফলা তাই ছেণ্টি । এই অহা-যোৱাক তাই স্বাভাৱিক ভাৱে মানি লৈছিল । এই অহা-যোৱা কলেজৰ কাপ'ল, সৰস্বতী পূজাৰ ফটো, কলেজ উইকৰ ফাংচনৰ ৰাতি হাতত ধৰা-ধৰিকৈ ফুটপাথেৰে দিয়া খোজ তাতেই সীমাবদ্ধ হৈ আছিল।

কিন্তু ৰণৰ কথা আছিল সু-কী-য়া ।



(আগলৈ)

Friday, 8 November 2019

তামান (৫)

বিফল বনৰীয়া

আশা, ভয়, গ্ৰহণযোগ্যতা- আটাইবোৰে মানুহক ক'লৈ লৈ যায়, সেয়া ডেভিদে দেখিছে। সেয়ে সি বৰ বেছি জীৱনটোৰ পৰা আশা নকৰে । তাৰ সৈতে কোনোবাই নিজৰ মতৰ সাদৃশ্য বিচাৰক বা নিবিচাৰক, তাক লৈও মূৰ নঘমায়। এই পাহাৰে সিহঁতৰ জন্ম দেখিছে । সিহঁতৰ কপালত বাঢ়ি অহা আঁচবোৰো দেখিছে। এই পাহাৰ সিহঁতৰ বাবে প্ৰাৰ্থনা। কিন্তু সিহঁতক দৰ্জা বন্ধ কৰিবলৈ শিকোৱা মানুহবোৰ? সেইবোৰ কোন?

- সেইবোৰেই এই পাহাৰৰ শত্ৰু। তাৰ বাবেও চাগে এই পাহাৰ নিজেই জগৰীয়া। ইয়াৰ সম্পদেই ইয়াৰ গোপনীয়তাৰ একমাত্ৰ শত্ৰু।

এই বুলি কৈ ডেভিদে জলপ্ৰপাতৰ পৰা নামি অহা পানীবোৰলৈ চায় । পানীবোৰ নামি অহা নাই, যেন উৰিছেহে । এই পানীয়ে প্ৰতিশোধ ল'ব নাজানে। ঠগিব নাজানে। এই পানী বনৰীয়া হৈও ইমান আশাৰ উৎস । ডেভিদে চকু মুদি শব্দবোৰ শুনে । সি দেখা পায় চেগুন গছবোৰৰ কটা মুঢ়াবোৰৰ ওপৰত আকৌ একোজোপা গছ। সেই গছৰ তলত স্কুলৰ ইউনিফৰ্ম পিন্ধা এজাক ল'ৰা-ছোৱালীৰ কিৰিলি । সিহঁত দৌৰিছে আৰু দৌৰিছে । দৌৰি দৌৰি য'ত সিহঁত ৰৈছে তাত এটা দমকল । দমকল মাৰি সিহঁতে হেঁপাহ পলুৱাই পানী খাইছে । সিহঁতে চিমেণ্ট ফেক্টৰীৰ চাইৰেণৰ শব্দত চঁক খাই উঠা নাই । ঘৰমুখী বাটত সিহঁতে দেখা নাই মুখবন্ধা মানুহৰ হাতত ক'লা ক'লা পিষ্টল। সিহঁতে কয়লাখনিৰ পৰা কেঁকো-জেঁকো হৈ উভতা মাক বা পেহীয়েকক দেখা নাই, যাৰ হাত ক'লা, চকুৰ গুৰি ক'লা, ওঁঠ ক'লা । সিহঁতে দৌৰি যাওঁতে গোটেই বাটটো হৈ পৰিছে কুঁহিপাত বৰণীয়া।

ডেভিদে চকু মেলিব নোখোজে। সি যদিও জানে আশা, ভয় আৰু গ্ৰহণযোগ্যতাই মানুহক যন্ত্ৰণাৰো বাট দেখুৱাই বুলি। এনে যন্ত্ৰণাৰ কথা কোনো ভূগোলত লিখা নহয়। এনে যন্ত্ৰণাৰ বিৱৰণ কোনো ইতিহাসে সংৰক্ষণ নকৰে। এনে যন্ত্ৰণাৰ পৰা প্ৰতিজন পিতৃ-মাতৃয়ে নিজৰ সন্তানক দিব খোজে নিৰাপত্তা। এই কথা ডেভিদে খুব ভালকৈ বুজে । সেয়ে সি জানে, চকু মুদি যি দেখা পোৱা যায়, চকু মেলিলে তাকেই পোৱা নাযায়।

- কি কৰিবা এই জলপ্ৰপাতৰ শব্দৰে ?
- শব্দৰে সকলো কৰিব পাৰি।
- মানে?
- শব্দ মানেইটো জীয়াই থকাৰ বাবে কিবা এক প্ৰেৰণা ।

জঁটাধাৰী ল'ৰাটোৱে নিচাতে এইবোৰ বলকিছে নে সঁচাকৈয়ে সি ইমান অভিজ্ঞ? ডেভিদৰ মনত এই প্ৰশ্নটোৱে দোলা দি থাকে ।

-কিবা এটা নাই বুলি ভাবি থাকিলে, কিবা এটা বিচাৰি ফুৰা বুজায় জানো?

সি ডেভিদক সোধে। ডেভিদৰ ওচৰত এই প্ৰশ্নৰ উত্তৰ নাই। আজি কিছু বছৰ আগলৈকে সি এইবোৰ কথাত ভাবুক হোৱা নাছিল । তাৰ মনলৈ এই প্ৰশ্নবোৰো অহা নাছিল । সকলোৱে ধুনীয়া কিবা এটা দেখাৰ দৰে সিও ভাল দেখিছিল এই পাহাৰক, এই জলপ্ৰপাতক আৰু ক'ৰবাত জয়িতাকো । সকলোবোৰ ৰাতিৰ ভিতৰতে সলাই দিয়াৰ ৰোমাণ্টিকতাত সি ভোগা নাছিল । প্ৰেমত হাবু-ডুবু খাই এন্ধাৰক কাকো খামুছি ধৰা নাছিল। এতিয়া পিছলৈ ঘূৰি চালে এনে লাগে সি একোৱে বিচৰা নাছিল। তাৰ ওচৰত ইমানবোৰ শব্দ থকাৰ পিছতো সি কোনোটো শব্দই শুনা নাছিল।

Monday, 4 November 2019

তামান (৪)



মানুহে বেছি ওচৰৰ বস্তু ধুঁৱলী কুঁৱলী দেখে। তাতকৈ অলপ দূৰলৈ গ'লে বেছি স্পষ্টকৈ দেখে। আৰু বহুত বেছি দূৰলৈ গ'লে একেবাৰে দেখা নাপায়। 

- তাইক চুই পোৱা নাছিলা?
 ভাঙৰ পুৰিয়া বনাই সি ডেভিদক সোধে।
 - ওহো।
 - মনে মনে উত্তৰ দিয়া নহ'লে এই প্ৰকৃতিৰ ৰহস্যৰ সৈতে জীৱনৰ ৰহস্য একাকাৰ কৰিব নোৱাৰা। 
 - মানে?

 ডেভিদে এইবাৰ কম ভলিউমত সোধে। 
 
 জঁটাধাৰী ল'ৰাটোৱে ভাঙৰ পুৰিয়াটো ফুকি দিয়ে আৰু কয়- প্ৰেম জীৱন আৰু মৃত্যুৰ মাজৰ ৰহস্য। ই আত্মা আৰু শৰীৰৰ মাজত থাকে।
 
ডেভিদে আচৰিত হৈ তালৈ চায় আৰু পি আগবঢ়াই দিয়া পুৰিয়াটো ওঁঠলৈ নিয়ে। 
- কেতিয়াবা কাৰোবালৈ অপেক্ষা কৰি পাইছা?
- না...!
- কালৈকো পোৱা নাই?
- তেনেকুৱা মানুহ মোৰ জীৱনত নাই।
- এইটো আমাৰ প্ৰজন্মৰ বিফলতা। ৰাতিৰ ফ্ৰেইণ্ড ৰিকুৱেষ্ট খুলি ৰাতিপুৱা তাইক চালা। প্ৰফাইল খুঁচৰিলা । দুই-এটা কথা পাতিলা। ভেজ বা ননভেজ। নিজৰ মনো উদঙাই নিদিলা। অপেক্ষাৰ তাড়না য'ত নাই, তাত কিবা এটা পাবলৈ আকুলতাও নাই। কোনো ৰহস্যই নাই। ৰহস্য নথকা কিবা এটা প্ৰেম কেনেকৈ হ'ব পাৰে !

ডেভিদে ধৰিব নোৱাৰে নিচা আচলতে কাৰ হৈছে? তাৰ নিজৰ নে জঁটাধাৰী ল'ৰাটোৰ ? নে সমস্ত পৰিৱেশৰ ? য'ত চৰাইৰ মাত, জলপ্ৰপাতৰ শব্দ, ঘাঁহনিৰ কুহুমীয়া স্পৰ্শ, গছৰ পাত এখিলা সৰি পৰা নিনাদৰ বাহিৰে আন কোনো ৰহস্য নাই । যেন প্ৰকৃতি নিজেই এখন আৰ্চী আৰু সিহঁত সেই আৰ্চীত ধৰা পৰা একো একোজন বিফল বনৰীয়া। 




(আগলৈ)

তামান (৩)


উজাগৰী কয়দী


উজাগৰী কয়দীবোৰে নিজকে স্বাধীন বুলি চিনাকি দিব বিচাৰে প্ৰফাইল পিকচাৰত। কিন্তু সিহঁতৰ অগোচৰে ৰাতি এটাৰ বোবোচাত সিহঁত হৈ পৰে আৱদ্ধ। সিহঁতক বন্দী কৰে ভাৱনাই , দুৰ্ভাৱনাই, দিনটোত ঘটি যোৱা ঘটনাৰ ধাৰাবাহিকতাই, নহ'লেবা সংযোগবিহীনভাৱে এজনে আনজনক পাব বিচৰা আকুলতাই । এনেকৈ ডেভিদে ভাবে । সি নাজানে জয়িতাই তাৰ দৰে ভাবে নে নাই। বোধকৰোঁ নাভাবে। তাইৰ দৰে টেলেণ্টেড, প্ৰেকটিকেল মানুহ ভাবৰ নিচাত নিচাখোৰ হৈ নাযায়, মাত্ৰ সেই নিচাৰ আমোদহে লয়। এই যে আমোদ, এই আমোদক তাৰ মাক, দেউতাকে, আজিৰ জেষ্ঠ সমাজে সন্মান নিদিয়ে, দিব নোৱাৰে। কিন্তু এই আমোদৰ অৰ্থ ডেভিদে জানে। বাছৰ শেষৰটো চিটত কুচিমুচি বহি সি সন্মুখৰ দৃশ্যটো চাই থাকে।

বহি থকা যুৱতীয়ে স-সন্মানে মাকৰ দৰে থিয় হৈ থকা আৰোহীক ছীটটো এৰি দিছে। তেওঁ যুৱতীক থেংক ইউ কোৱাটো দূৰৰ কথা, তাইৰ ফালে এবাৰো ভালকৈ চোৱাই নাই । অথচ ভদ্ৰ মহিলাৰ সাজোন-কাচোন সম্পূৰ্ণ অসমীয়া । ইস্ত্ৰি কৰা পাটৰ কাপোৰত যাতে ভাঁজ নালাগে তাৰ প্ৰতি ইমান সচেতন যে ছীটত বহোতেও তেওঁ চাদৰখন ভালকৈ সমুখলৈ টানি লৈছে। থিয় হৈ যোৱা ছোৱালীজনীক খন্তেক পিছতে তিনি নম্বৰ ছীটৰ জঁটাধাৰী ল'ৰাটোৱে বহিবলৈ নিজৰ ছীটটো এৰি দিছে। ছোৱালীজনীৰ মুখত আশ্চৰ্য । ইমান পৰে এই হাতত টেটু কৰা ল'ৰাটোক তাই বেলেগ দৃষ্টিৰে যে চাই আছিল, সেই কথা তাই থেংক ইউ বুলি কোৱা আচৰণতো ফুটি উঠিছে। ল'ৰাটোৰ কাণত তেতিয়াও হেডফোন। সি ছোৱালীজনীৰ ছীটৰ পৰা সামান্য আগবাঢ়ি ম'বাইলত কিবা চেক কৰিছে। তাৰ জঁট বন্ধা চুলি আৰু চকুৰ নম্ৰতাক অলপ পৰৰ আগলৈকে চাগৈ ছোৱালীজনীয়ে নিচাখোৰ বুলিয়ে ভাবি আছিল। ভাবি আছিল এইবোৰে সিহঁতৰ প্ৰজন্মটোক বিপথে পৰিচালিত কৰাৰ কথাও। কিন্তু এই জঁটাধাৰী, কাণত হেডফোন, আধা ইংৰাজী আধা অসমীয়া কোৱা, আঙুলিৰে ছোৱালীৰ দেহৰ সলনি ম'বাইলৰ শৰীৰ চোৱা প্ৰজন্মইও ভোক কি জানে, স্বপ্নৰ পিছত দৌৰিবলৈকে স্বপ্ন বিচাৰি ফুৰে, প্ৰেমৰ তাড়নাত মৰিবলৈ ৰাজী হোৱাৰ পিছতো প্ৰেমহীনতাত ভোগে । আৰু ডেভিদে জয়িতাক অন্যমনস্কভাৱে কোৱাৰ দৰে কৈ উঠে 'তুমি উজাগৰী কয়দীহে' ।

- জীৱনত ইয়াতকৈ ডাঙৰ সত্য আৰু কি আছে!
- কি সত্য?
- এই যে আমি আটায়ে কিবা এটা বিচাৰি ফুৰিছো আৰু বিচাৰি নাপাই ইয়াকে জীৱনৰ ৰহস্য বুলিছো, এই ৰহস্যকে মানি লোৱাৰ বাহিৰে আন কি সত্য আছে !

জঁটাধাৰী ল'ৰাটোৱে হাঁহে আৰু জলপ্ৰপাতৰ পৰা বৈ অহা পানীৰ শব্দ ৰেকৰ্ড কৰাৰ বাবে পাহাৰৰ গৰা বগাই টিঙলৈ উঠে। ডেভিদে বাছত তাক দেখিও নাজানিছিল যে এইজনেই সেই ল'ৰাজন, যাক সহায় কৰিবলৈকে ৰাণাদাই তাক গুৱাহাটীৰ পৰা ফোন কৰিছিল। মাত্ৰ কৈছিল -'সি গৈ পাই তোক ফোন কৰিব।' ৰাণাদাই কোৱা নাছিল তাৰ নাম, ধৰ্ম, চুলি কিমান দীঘল, উশাহ কিমান চুটি। ডেভিদে এতিয়া ভাবিছে চুলি দীঘল ল'ৰাটোৰ ঠাইত এজনী ছোৱালী হোৱা হ'লে সি নাচালেহেঁতেন নে তাইৰ নম্বৰ ছেভ কৰি হোৱাটচ আপত তাইৰ প্ৰফাইল পিকচাৰ? তাইৰ নাম ৰাণা দাক নুসুধিলেহেঁতেন নে ? বোধকৰোঁ সুধিলহেঁতেন যদিও সি জয়িতাক পাহৰিব পৰা নাই । অথচ পাৰ হৈ যোৱা সময়বোৰত তাইক ভালপায় নে ভাল লাগে তাকো বুজাব পৰা নাই নিজকে। তাৰ ফোনত এতিয়াও কেইখনমান গ্ৰুপ ফটো আছে কলেজৰ । সেইকেইখনকে জুম কৰি সি জয়িতাক চাই মনে মনে । একেবাৰে অসহায় লাগিলে। জুডিমাৰ নিচাইও তাক কাবো কৰিব নোৱাৰিলে। ইমানৰ পিছতো সি কনফিউজড- এয়া প্ৰেম নে আন কিবা খন্তেকীয়া নিচা ।



(আগলৈ)

তামান (২)



কাষৰ টিনৰ ঘৰটোত বৰষুণৰ টোপালবোৰে কিবা এক শব্দৰ সৃষ্টি কৰিছে। এই শব্দ পুৰণি। কোনো আকাৰ আকৃতি নোহোৱা স্মৃতিৰ দৰেই পুৰণি। কিন্তু এই পুৰণিবোৰক খেদি লাভ কি? জয়িতাই এনেদৰে ভাবে। তাই গেছটো অন কৰি চচপেনত পানী ঢালে। পানীত লাহে লাহে বুৰবুৰণি উঠে। উতলা বুৰবুৰণিবোৰলৈ জয়িতাই অন্যমনস্ক হৈ চাই থাকে। তাৰ পাছত তাই মেগীৰ পেকেট খোলে। জয়িতাৰ মুখেৰে খীন হাঁহি এটা বাহিৰ হয়। অলপ আগলৈকে উতলি থকা বুৰবুৰণিবোৰক তাইৰ কল্পনা কৰিবৰ মন যায় তাইৰ কল্পনা কৰিবৰ মন যায় জীৱনৰ সৈতে। আৰু দুই মিনিট নহ'লেও পাঁচ মিনিটত ফিজি উঠা মেগী যেন এই জীৱনৰ খৰখেদাত মুখামুখি হোৱা দুই মাহৰ বাবে থকা এটা বয়ফ্ৰেইণ্ডহে। তাইৰ দৰে পাগলেহে মেগীক বয়ফ্ৰেইণ্ডৰ লগত তুলনা কৰিব পাৰে। কথাষাৰ টিনত পৰা বৰষুণৰ শব্দৰ খাজে খাজে বহি যায়। ধোঁৱাই থকা মেগীৰ বাউলটো লৈ জয়িতাই পাকঘৰৰ সৰু খিৰিকীখন খুলি দিয়ে। বৰষুণ, মেগীৰ ধোঁৱা, টিনত টোপালৰ নাচোন, আনকি তাই নিজেও বহুদিনৰ মূৰত ৰহস্যময়ী হৈ উঠে। খন্তেকলৈ হ'লেও তাই পাহৰি পেলাই এয়া যে তাইৰ তিনি নম্বৰ ব্ৰেক আপ। 

জয়িতাই পুৱা খুব কমেইহে দেখা পায় । তাই আচলতে উজাগৰী কয়দীহে । এই কথা দুবছৰমান আগতে ডেভিদে কৈছিল। এতিয়া তাৰ সৈতে কোনো যোগাযোগ নাই জয়িতাৰ । কলেজৰ পৰা ওলায়ে ডেভিদ নিখোজ। নিখোজ মানে আছে চাগে ক'ৰবাত। কিন্তু তাক আগৰ দৰে আৰু এতিয়া পোৱা নাযায়। ফেচবুকতো নাই সি। এই চহৰলৈ কেতিয়াবা আহে বুলি গম পায় জয়িতাই। কিন্তু তাইক লগ দিব নোখোজে। পিছলৈ জয়িতাইও তাক বিচাৰি ফুৰা কাম বাদ দিছে। 

'মোক যদি পাট্টাই নিদিয়া তোমাক আৰু মই কিয় বিচাৰি যাম?' এবাৰ আই এচ বি টিত ঘটনাক্ৰমে ডেভিদক লগ পাই জয়িতাই তাক এনেকৈ কৈছিল। তাইৰ আচলতে ডেভিদক সুধিবৰ মন আছিল কেইবা বছৰ আগতে জয়িতাক সি কিয় 'উজাগৰী কয়দী' বুলি কৈছিল। কিন্তু সেই কথা ডেভিদে চাগৈ পাহৰি পেলাইছে। সি মাত্ৰ জয়িতাৰ ভাল বেয়া সুধিলে আৰু বিশেষ কথাৰ পাতনি নেমেলাকৈ কাউণ্টাৰৰ ফালে আগবাঢ়িল। সি এবাৰো জয়িতালৈ ঘূৰি নাচালে। কাউণ্টাৰৰ পৰা তাইৰ ফালে উভতিও নাহিল। জয়িতাই দূৰৰ পৰাই ডেভিদক চাই আছিল। ডেভিদৰ সৈতে দীঘলীয়া সময় ধৰি তাই ঘনিষ্ঠ নাছিল। কিন্তু তাৰ পাছতো ডেভিদ নামটো তাইৰ মনত বাজি ৰৈছিল । ডেভিদৰ হাতৰ প্ৰকাণ্ড বেগ দুটালৈ চাই জয়িতাই ভাবিছিল - মানুহৰ অৱহেলা কেনেকৈ যে আৱেগ গধুৰ হৈ বোজাৰ আকাৰ লয়! আৰু কেতিয়াবা এনেকৈ যে কিছুমান মানুহৰ পৰা আঁতৰি আহিলেও তেনে অৱহেলাৰ বোজা কঢ়িয়াই লৈ ফুৰিব লাগে । 

কিন্তু আজি বহুদিনৰ মূৰত ৰাতিপুৱাটো দেখি জয়িতাৰ এইবোৰ কথা কিয় মনত পৰিছে? ডেভিদৰ প্ৰতি তাইৰ কোনো আকৰ্ষণ নাছিল। ডেভিদৰ আছিল নেকি? বোধকৰোঁ নাছিল। তেন্তে কিয় পি তাইক কয়দী বুলি কৈছিল? নদীৰ পাৰৰ বনভোজ শেষ কৰি সিহঁতে পাহাৰ বগাইছিল। পাহাৰ মানে ওখ, থিয় গৰা। তাৰপৰা নদীখন চাই থাকোঁতেই হঠাতে অহা এজাক বৰষুণ আৰু তেতিয়াই সকলোকে আচৰিত কৰি জয়িতাৰ হুংকাৰ। 'আজি ইয়াতে থাকি দিওঁ আহ ।' ৰূপমে তেতিয়া জয়িতাৰ হাতখন ধৰি আছিল। কাবেৰীয়ে ছেলফি লৈ আছিল। ৰাণাদাই চিগাৰেট হুপিছিল। নদীৰ ফালে মুখ কৰি জয়িতাই তেতিয়াই কৈছিল - 'জয়িতা যি উজাগৰী কয়দীহে' । অথচ ডেভিদ কবি নাছিল। সি কোনো সাহিত্যও কৰা নাছিল । সাংঘাটিক স্মাৰ্ট নাছিল। কলেজৰ লেখটল'বলগীয়া হট, টেলেণ্টেড লিষ্টত শ্বৰ্টলিষ্টেডো হোৱা নাছিল। তেন্তে পি কেনেকৈ পঢ়িলে মানুহৰ চকু। জয়িতাই তেতিয়াই ৰূপমৰ হাতখন এৰি দিছিল।


(আগলৈ)

তামান

ব্ৰেক আপৰ পিছত শীত

কিছুমান কাহিনীৰ কোনো আৰম্ভণি নাথাকে। সেইবোৰত সিঁচৰত চৰিত্ৰই আমাক মাথোঁ যেনিতেনি লৈ ফুৰে। কিছুমান কাহিনী সেয়ে বাৰিষাৰ ইংগিত দিয়া, অলপ শীত কঢ়িয়াই লৈ ফুৰা বৰষুণজাকৰ দৰে গতি কৰে । তেনে গতিশীলতাৰ কোনো ঈৰ্ষণীয় বৈশিষ্ট্য নাই ।‌ কোনো বিলাসো নাই । সেইবোৰকে কঢ়িয়াই আমি প্ৰত্যেকেই জীৱনটোৰ আকাৰ এটা বিচাৰি ফুৰো। বিচাৰি ফুৰাটোতে মজা । পাই গ'লেই আকৌ সেই আধৰুৱা আধৰুৱা। 

জয়িতাই শ্লপটো উঠি লাহে লাহে তললৈ নামি যায়। ঠাইখিনি আন্ধাৰ। মাজে মাজে শেলাই । বৰষুণত তিতাৰ বাবেই চাগৈ কাষৰ ৱালখনৰ পৰা বাহিৰ হয় অকটা অকটা গোন্ধ। জয়িতাৰ পাতল, কটন কুৰ্টাটো তিয়াই বৰষুণৰ টোপালবোৰে তাইৰ শৰীৰত বিয়পাই দিয়ে কিবা এক সিৰসিৰণি । আন্ধাৰ বাটছোৱা পাৰ হৈয়ে গলিটো বাঁওফালে ঘূৰিছে । গলিটোৰ মূৰৰ পৰা আৰম্ভ হোৱা বগা ৰঙৰ ঘৰবোৰ বৰষুণত তিতা পানী ৰঙৰ ছবিৰ দৰে হৈ পৰিছে । এই ছবিত যেন কিবা এটা ৰং নাই । যেন কিবা এটা খালী হৈ পৰি আছে ।

খালী মানে? খালী মানে কাকো সাংঘাটিক মিছ নকৰাকৈ ভোগা স্মৃতিহীনতা। খালী হুইস্কিৰ বটল। খালী মানে হাতত গীটাৰ এখন লৈও কথা নোহোৱা, সুৰ বিচাৰি নোপোৱা এটা উচপিচনি। খালী মানে কাৰোবাৰ সৈতে অনলাইন থাকিও ফ্ৰেইণ্ড ৰিকুৱেষ্টৰ প্ৰফাইল খুচৰি ফুৰা আঙুলি । খালী মানে সব পলাই দিবলৈ মন গৈও নিচাখোৰ হৈ পৰি থকা ৰাতি। খালী মানে কিবা এটা নাই । কিন্তু কি নাই সেয়া বুজাব নোৱাৰা বোবা বোবা গেঙনি। 

এই খালী খালী বুলি ভাবি থকা ইম'চনক হোৱাটছ আপৰ ষ্টেটাছ, ইনষ্টাগামৰ বুমেৰিং, ফেচবুকৰ লাইকত পৰিণত কৰাৰ বাহিৰে জয়িতাৰ দৰে যুৱতীৰ আন কোনো অপচন নাই । বৰষুণৰ মাজতে ফোনটো উলিয়াই তাই গলিটোৰ এটা স্নেপ লয়। এই প্ৰজন্মৰ ভাল লগা, বেয়া পোৱা, খং , যন্ত্ৰণা, ডেটিং, কিবা এটা ভাঙি পেলোৱাৰ উত্তেজনা, বন্ধুত্ব, দেশপ্ৰেম, প্ৰতিবাদ ম'বাইলৰ এটা মাত্ৰ ক্লিক, ষ্টেটাছৰে আকৃতি লয় । ইয়াত কোনো সৰলতা নাই।  নহ'লে বা বোধকৰোঁ এয়াই এই প্ৰজন্মৰ সৰলতা। এই প্ৰজন্মই যন্ত্ৰণাৰ গোপনীয়তাতকৈ সকলো দেখদেখকৈ কৰা কামৰ পোষকতা কৰে। জয়িতাৰ প্ৰজন্মই সেয়ে সময়ৰ সৈতে উঠা নমা কৰে, মনৰ সৈতে নহয়। সময়ে দাবী কৰা ধৰণৰ ফটো, ফেয়াৰ ষ্টাইল, আইড'লজি, ৰিলেচনশ্বিপ ষ্টেটাছ। সময় বেগাই যায় তাতোকৈ বেগাই যায় মন। এই কথাটোত জয়িতাহঁতৰ প্ৰজন্ম ভাবুক হৈ ৰৈ নাযায়। 

ৰুমত সোমায়ে কাপোৰ খুলি জয়িতাই হোৱাটছ আপত ফটো আপলোড কৰে। তলত লিখে -' ব্ৰেক আপৰ পিছত শীত আজি মোৰ গলিত' । 

(আগলৈ)

Saturday, 29 June 2019

পাৰ্কুপাইন পাৰ্কুপাইন, কণা হাঁহক পতান ধান


নদী সভ্যতাৰ আয়ুসৰেখা। জনজীৱনৰ চেতনাৰ উৎস। উৎসৱ আৰু আৱেগৰ গতিশীল স্বৰূপ। নদীয়ে মানুহক যুগ যুগ ধৰি সমাজ গাঁথনিৰ ন ন কৌশল শিকাই আহিছে। শিকাই আহিছে ভূগোল আৰু ইতিহাসৰ অপৰিসীম বিস্তৃতিৰ কথাও। অসমৰ নদ-নদীসমূহৰ ভৌগোলিক জালিকাখন দেখিলে একে আষাৰতে বিশ্বাস নহয় যে এই জালিকাবোৰেই অসমীয়া সংস্কৃতি আৰু সমাজ জীৱনৰ প্ৰৱাহিত ধমনী। অথচ প্ৰতিখন নদী দেখাৰ পাছতো আমি ক'ব পাৰোনে যে আমি দেখা নদীখনৰ স্থান আৰু কালেই (space & place) একমাত্ৰ সত্য ? ব্ৰহ্মপুত্ৰক গুৱাহাটীত দেখিলে যেনে লাগে মাজুলীত তাৰ স্বৰূপ আৰু চেতনা নিশ্চয় বেলেগ। সেই একেই ব্ৰহ্মপুত্ৰকে মাহমৰা, লাহৰিঘাট অথবা দক্ষিণ শালমৰাত দেখি বুজি উঠো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অৱবাহিকা (river basin) সম্পৰ্কে আমাৰ জ্ঞান তেনেই নগণ্য।
সেই বাবেই মাজুলীলৈ ঢপলিয়াই আহো। মনতে লৈ ফুৰো শালমৰাৰ মৃৎ শিল্পীৰ সেই ভাষ্য 'সত্ৰীয়া সংস্কৃতিৰ লগতে আমাৰ হাতৰ কৰ্মটোৱো জানো জীয়াই ৰাখিব নালাগে ?'  তাৰপাছতো মাজুলী কেনে আছে তাৰ খবৰ আমাক গুগুল মেপে দিব নোৱাৰে। চেটেলাইট ইমেজিৰিয়ে মাজুলীৰ আৱেগ জুখিব নোৱাৰে। মাজুলী 'টুৰিজিম'ৰ বাবে জিলিকে, মাজুলীত দলঙৰ বাবে দাবী উঠে। অথচ সেই একেই মাজুলীত স্বাস্থ্য সেৱাৰ উন্নতিৰ কথা আলোচনাৰ শীৰ্ষলৈ নাহে। মাজুলীত 'ফাইভ ষ্টাৰ' হোটেল নিৰ্মাণৰ কথা মুখে মুখে বাগৰে, কথা চলে বিশ্ববিদ্যালয় স্থাপনৰ । কিন্তু মাজুলীৰ পৰিৱৰ্তিত 'কনজিউমাৰ কালচাৰ'ক লৈ ভয়ত কোনো কঁপি নুঠে।
তেতিয়াই এনে লাগে মাজুলীৰ গান শুনোতে, ছবিত 'মৌকন'ক চাওঁতে আমি ব্ৰহ্মপুত্ৰক কেৱল এখন নদী হিচাপে চাই ‌দায়িত্ব সামৰো। কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকা, অসমীয়াৰ সংজ্ঞা, জাতীয় আৱেগ আটাইবোৰ যে ব্ৰহ্মপুত্ৰৰ অবিহনে অস্তিত্বহীন, একেবাৰে শূণ্য সেই কথা আমাৰ মাজৰ কেইজনে বুজিব পাৰে ? আমি যে আটাইবোৰ 'Prism of Development' ৰ একেবাৰে কোণটোত উপনীত হৈ নিজকে জুখি থাকো সকলোতকৈ আগত বুলি, সেই কথাত অনুতাপ কৰিবলৈ আজৰিনো কিমানৰ হয় !
অসমৰ প্ৰতিখন ঠাইৰ লগতে যে ব্ৰহ্মপুত্ৰৰ শাখা প্ৰশাখাবোৰৰ নিৰন্তৰ আত্মীয়তা, তাকেই বুজি উঠাতো আজিৰ প্ৰজন্মৰ গুৰুতৰ দায়িত্ব হৈ পৰিছে। চকুৰ সমুখতে ভৰলু গেলিছে, টুনী মৰিছে, কলং যন্ত্ৰণাকাতৰ হৈ পৰি আছে। অথচ প্ৰতিখন নদী এসময়ত আছিল একোটা জীৱিত ধাৰা আৰু প্ৰতিটো ধাৰাই যে আমাৰ সমাজ জীৱন, সাহিত্য, গান, কথাৰ লগত সম্পৃক্ত হৈ আছিল, সেই কথাত কাৰো দ্বিমত থাকিব নোৱাৰে। নদী অৱবাহিকা একোটা অঞ্চলৰ ভৌগোলিক চেতনা আৰু এই চেতনাতে অঞ্চলটোৰ ইতিহাস মজ্জাগত । কিন্তু উন্নয়ন, পৰিৱৰ্তন এইবোৰত দৌৰোতে দৌৰোতে আমি নদীকেন্দ্ৰিক চেতনাৰ পৰা বিচ্ছিন্ন হৈ পৰিছো। Model of Development ৰ নামত আমি য'ত থিয় হৈ আছোঁ, তাৰপৰা আমাৰ সুৰ, আমাৰ উচ্চাৰণ ভংগী, আমাৰ মাত কথা নুশুনি। আমাৰ ভূগোল নেদেখি। আমাৰ নদীবোৰৰ সাংস্কৃতিক গাঁথনি বুজিব নোৱাৰি। যদিওবা আমি নিলাজৰ দৰে কৈ আছোঁ জাতি, মাটি, ভেঁটি বচোৱাৰ কথা। ব্ৰহ্মপুত্ৰৰ অবিহনে অসমীয়া জাতি জী থকা সম্ভৱ নে? এই প্ৰশ্নৰ পম খেদাৰ গুৰু ভাৰ নতুন প্ৰজন্মই কেতিয়া ল'ব ?

Wednesday, 19 June 2019

টেটু কৰি পেলোৱা স্বপ্ন আৰু বিষাদবোৰ

জঁটাধাৰী ল'ৰাটোৰ চুলিবোৰ পিঠিলৈকে চুঁচৰি আহিছিল। সি শুৱাৰ পৰা উঠি ৰেকৰ্ডাৰটো ঠিকে আছে নে নাই পৰীক্ষা কৰিবলৈ জলপ্ৰপাতৰ কাষলৈকে নামি গৈছিল । খুলি লোৱা টি চাৰ্টৰ বাবেই ডেভিদে  তাৰ হাতৰ স্ফিনিক্সৰ টেটুটো প্ৰথমবাৰলৈ সম্পূৰ্ণকৈ দেখিছিল।

স্ফিনিক্সে যুগ যুগ ধৰি জুইৰ পাছত হোৱা ছাই আৰু ছাইৰ পৰা আৰম্ভ হোৱা পাখিৰ ধপধপনিক দুৰ্বলজনৰ সাহস কৰি আহিছে । দগমগীয়া জুইত জঁটাধাৰী ল'ৰাটোৰ বাউসি জ্বলি থকাৰ পৰাই অনুমান কৰিব পাৰি ডেউকা মেলি উৰি থকা পখীটো কেৱল এজনৰ অনুভূতিৰ প্ৰকাশেই নহয়। ইয়াৰ পৰাই পঢ়িব পাৰি স্বপ্ন আৰু যাতনাৰ ইপাৰ সিপাৰ ।

টেটুৱে কেৱল কাৰোবাৰ প্ৰতি আকৰ্ষিতই নকৰে । টেটুৱে কাহিনী কয়। মুখেৰে ক'ব নোৱাৰা কাহিনী গায় খোছবোৰে কয়। টেটুৰ দুনিয়া মানুহৰ দুনিয়াৰ পৰা পৃথক নহয়। বৰঞ্চ মানুহৰ দুনিয়াই সজাই পৰাই ক'ব নোৱাৰা কথাবোৰ শৰীৰৰ টেটুবোৰে কঢ়িয়াই ফুৰে।

- এখন হাতত স্ফিনিক্স , আনখনত আকৌ লাওখোলা কিয়?

- কিয় লাওখোলা বেয়া পোৱা নেকি ?

কথাষাৰ কৈয়ে জঁটাধাৰী ল'ৰাটোৱে জোৰকৈ হাঁহে। তাৰ হাঁহি পাহাৰত ঠেকা খাই, বতাহৰ সৈতে পাকঘূৰণিত মিলি জলপ্ৰপাতৰ বুকুৱেদি তললৈ নামি যায়। ক'লা আৰু ছাই ৰঙৰ মেক্সিকান লাওখোলাৰ টেটুটো শৰীৰত আঁকোতে সি অলপো খোচ অনুভৱ কৰা নাছিল । তাৰপাছতো তাৰ চকু জলজলীয়া হৈছিল। সি উধাই মুধাই ল'ৰি ফুৰিছিল মনৰ ভিতৰতে। টেটুৰ ফালে পি সেইদিনা এনেকৈ চাইছিল,  যেনেকৈ চাইছিল মাৰিয়াক ।

'শৰীৰত লাওখোলাৰ টেটু কৰোৱাৰ অৰ্থ কোনোবা তোমাৰ জীৱনৰ পৰা হেৰাই গৈছে ।' এই বাস্তৱ পৃথিৱীৰ সৈতে তেওঁৰ শৰীৰৰ কোনো সম্পৰ্ক নাই। যিমানেই ৰঙীন লাওখোলাৰ টেটু, সিমানেই ৰঙীন আছিল মৃতজন জী থাকোঁতে একেলগে দেখা সাগৰৰ ঢৌ । জুঠা কৰি খোৱা বীয়েৰৰ বটল। ষ্টুডিঅ'ত এটা এটাকৈ কৰা সুৰ ।

মাৰিয়াৰ অকণি অকণি চকুতে ইমান স্ফিনিক্স আছিল, এবাৰ মৰাৰ পাছতো সিহঁত এনেকৈ জী উঠিছিল যেনেকৈ জী উঠে বতাহত এটা সুহুৰি , জলপ্ৰপাতৰ পানীয়ে শিলত পৰি লোৱা এটা এচ আকৃতিৰ ভাঁজ , পোহৰৰ ফালে মুখ কৰি থকা এখিলা চিৰসৰিৎ পাত ।

মাৰিয়াৰ সৈতে কত ৰাতি সেই সাগৰৰ পাৰত জঁটাবিহীন ভাৱে কটালে সি । প্ৰতিটো ৰাতিয়ে তাক জীৱনৰ বাবে জগালে । মাৰিয়াৰ শৰীৰত হাত থৈ সি বুজিলে হেৰাবলৈ কোনো অজুহাতৰ প্ৰয়োজন নাই। হেৰাবলৈ এটা মাত্ৰ ক্ষণ, এজন সংগী আৰু ঢৌৰ দৰে উঠা নমা কৰা এই ভালপোৱাই বহুত । এটা জীৱনেই বহুত ।

Friday, 11 January 2019

দিল্লীৰ ফেণ্টাছী আৰু কিমান দিনলৈ ?

ৰাজনৈতিক ভাৱে এই সময় অস্বস্তিকৰ । যি সময়ক আমি হতাশাৰ নাম দি ফালৰি কাটি আহিব নোৱাৰোঁ । শূণ্যতাৰ নাম দি হাত সাৱটি বহি থাকিব নোৱাৰোঁ । এনে সময়ত প্ৰতিজন জ্যেষ্ঠ মানুহৰ মুখবোৰে পাৰ হৈ অহা দিনবোৰৰ সমাধি লৈ ফুৰা যেন লাগে । দেউতাই কৈছিল এটা প্ৰজন্মই অসম আন্দোলন কৰা বাবে আজি তহঁতে নিজৰ পৰিচয় বুলি কিবা এটা হ'লেও পাইছ । অথচ সেই একেজন মানুহেই মোহভংগ হৈ  ফোনত হুমনিয়াহ কাঢ়ে । এই কেইদিন স্কুলৰ পৰা উভতি অহা উজানবজাৰ গাৰ্লছৰ ছোৱালীবোৰ দেখি মনলৈ বাৰে বাৰে একেটা প্ৰশ্নই আহে আজিকালি চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ত অৰ্থনৈতিক ভাৱে পিছপৰা পৰিয়ালৰ ল'ৰা ছোৱালীৰ বাহিৰে আন কোননো পঢ়ে ! বাইদেউৰ হ'বলগীয়া সন্তানৰ খবৰ পাই তাইক দিবলৈ কেঁচুৱাৰ ফটো কিনোতে এনে কিয় লাগে এই দিনবোৰ, কঙাল মনবোৰে এটা কথা বাৰে বাৰে চিঞৰি আছে নেতৃত্বই প্ৰজন্মৰ আত্ম বিশ্বাস দৃঢ় কৰিব পৰা নাই । নতুনৰ স্বপ্ন কঢ়িয়াব পৰা নাই । জেষ্ঠজনৰ আশ্বাসক সন্মান দিব পৰা নাই । অথচ সিহঁতক লৈ প্ৰতিটো পৰিয়ালে ঘৰৰ আটাইতকৈ মেধাৱী সন্তানটোৰ পৰা কৰা আশাৰ দৰে কতবোৰ আশা সাৱটি আৰ্শীবাদ কৰিছিল ! 

এই হতাশাৰ দিনবোৰতো ভাল খবৰ অসমৰ উঠি অহা প্ৰজন্মই বুজি উঠিছে জাতীয়তাবাদৰ প্ৰয়োজনীয়তা । ৰাজ্যখনৰ মূল শিক্ষানুষ্ঠানসমূহত শিপাবলৈ ধৰা হিন্দুত্ববাদৰ ৰঙত ছাত্ৰ সমাজ ইতিমধ্যে অসন্তুষ্ট । উল্লেখযোগ্য যে কোনো এখন দেশৰ ৰাজনীতি ছাত্ৰ সমাজক অসন্তুষ্ট কৰি চলিব নোৱাৰে । হিন্দুত্ববাদৰ নামত চলা ফেচীবাদৰ ৰাজনীতিৰ স্বাভাৱিকৰণ মানেই ভাষিক আঞ্চলিক জাতীয়তাবাদ সংকটত পৰা । এই কথা নতুন প্ৰজন্মই হাড়ে হিমজুৱে উপলব্ধি নকৰা হ'লে এবিভিপিৰ নেতৃত্বত জয়ী হোৱা কলেজৰ ছাত্ৰ একতা সভাইও নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰাজনৈতিক বিৰোধিতা নকৰিলে হয় । ধৰ্মীয় মেৰুকৰণক জোৰ জবৰদস্তি ব্যৱহাৰ কৰাৰ ফলত ইতিমধ্যে জিন্নাই ভূগি থৈছে । মোদী, অমিত শ্বাহেও জিন্নাৰ ফৰ্মূলাহে প্ৰয়োগ কৰিছে আৰু তাৰ প্ৰাৰম্ভিক পৰীক্ষা অসমত কৰিব খুজিছে । 

কোনো সন্দেহ নাই যে অসমীয়াকে ধৰি অন্যান্য জনজাতীয় ভাষাসমূহৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব নোৱাৰাটো ভাৰত ৰাষ্ট্ৰৰ বিফলতা । কাৰণ অসমীয়া জাতীয়তাবাদো তামিল জাতীয়তাবাদৰ দৰে ধৰ্মৰ পৰিৱৰ্তে ভাষাৰ সৈতে জড়িত । যেতিয়া লৈকে ভাৰত ৰাষ্ট্ৰৰ দমন নীতি উত্তৰ পূৰ্বাঞ্চলত চলি থাকিব তেতিয়া লৈকে এইবোৰ কথা অসমৰ লগতে আনবোৰ ৰাজ্যৰ প্ৰজন্মৰ পাছত প্ৰজন্মই উত্থাপন কৰিয়ে থাকিব । উল্লেখযোগ্য যে এইবোৰ প্ৰশ্ন কেৱল গেৰিলা যুঁজত বিশ্বাসী সংগঠনবোৰৰে প্ৰশ্ন নহয় । গতিকে মুকলি আকাশৰ তলত স্বাধীন অসমৰ প্ৰশ্ন উঠিলেই আলফাক সমৰ্থন কৰা নুবুজায় । সমগ্ৰ দক্ষিণ পূব এছিয়াৰ ইতিহাস ঔপনিৱেশিক শাসনৰ ইতিহাস । ব্ৰিটিছে নিৰ্ধাৰণ কৰি যোৱা সীমাতে ই শেষ হৈ যোৱা নাই আৰু নহয়ো । কাৰণ এই সমগ্ৰ অঞ্চলৰ ৰাজনৈতিক আৰু ভৌগোলিক ইতিহাসৰ jigsaw puzzle টো এতিয়াও অমিলকৈ ইটো সিটোৰ লগত লাগি আছে । 

আজিৰ প্ৰজন্মৰ প্ৰতিবাদ সেয়ে এক অন্যতম উল্লেখযোগ্য প্ৰতিবাদ । ( মধ্যবিত্তীয় অসমীয়াই আকৌ এটা আন্দোলনৰ বোজা ল'বলৈ অপাৰগ বাবেই বাৰে বাৰে শ্ৰেণী বৰ্জনৰ সিদ্ধান্ত উঠাই ল'বলৈ আহ্বান যিমানেই নজনাৱক কিয় । ) যি প্ৰজন্ম অসম আন্দোলনৰ স্মৃতি বিভ্ৰম আৰু সামৰিক অত্যাচাৰৰ আশংকাত জন্ম হৈছে , মধ্যবিত্তীয় সপোন কঢ়িয়াই চাকৰিৰ শাৰীত থিয় হৈছে, চিষ্টেমত বিৰক্ত হৈ আন্দোলনত বহিছে, ৰাস্তালৈ ওলাই আহিছে, প্ৰশ্ন কৰিছে, আকৌ তাৰ মাজৰ পৰাই যদি কোনোবা সশস্ত্ৰ সংগ্ৰামৰ দিশে বাট বুলিছে, তেন্তে সেয়া কাৰ বিফলতা? ৰাষ্ট্ৰৰে নহয় জানো ?

অসমীয়া জাতিক সেয়ে কেৱল আৱেগিক জাতি বুলি ক'লেই সমস্যা সমাধান হৈ নাযায় । অথবা আন্দোলনত লাগি থকাতকৈ অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিলেই মূল প্ৰশ্নবোৰ তল নপৰে । মনত ৰখা ভাল যে ৰাজনৈতিক সিদ্ধান্তইহে অৰ্থনৈতিক এজেণ্ডা নিৰ্মাণ কৰে । এনে কাৰণতে দিল্লীৰ প্ৰভূত্বৰ প্ৰত্যাহ্বান জনাবলৈ অসমৰ আজিৰ প্ৰজন্মই কিছুমান নতুন ষ্ট্ৰেটেজি নিৰ্মাণৰ এয়াই উপযুক্ত সময় । 

অসমীয়া জাতীয়তাবাদ সময়ে সময়ে আগলৈও নতুন প্ৰত্যাহ্বানৰ মুখামুখি হ'ব । যদিও জাতীয় প্ৰশ্নবোৰ একেই থাকিব আৰু সেইবোৰ উঠি অহা প্ৰজন্মই উত্থাপন কৰিব লাগিব । তেনেদৰে দিল্লীৰ সমুখত এটা উত্তৰো কিন্তু একেই থাকিব - '' খাবলৈ নাপাই মৰিলেও আমি অন্ততঃ ধৰ্মৰ কানি নাখাওঁ ।"